23.03.25 Avyakt Bapdada
Assame
Murli
02.11.2004 Om Shanti Madhuban
“*“স্ব-উপকাৰী হৈ
অপকাৰীৰো উপকাৰ কৰা, সৰ্ব শক্তি, সৰ্ব গুণ সম্পন্ন সন্মান দাতা হোৱা”*”
আজি স্নেহৰ সাগৰে
নিজৰ চাৰিওফালৰ সন্তানসকলক দেখি হৰ্ষিত হৈ আছেহঁক। সাকাৰ ৰূপত সন্মুখত আছে বা স্থূল
ৰূপত দূৰৈত বহি আছে কিন্তু স্নেহে সকলোকে “পিতাৰ ওচৰত বহি আছোঁ” - এইটো অনুভৱ কৰাই
আছে। প্ৰত্যেক সন্তানৰ স্নেহে পিতাক সমীপত অনুভৱ কৰাই আছে। তোমালোক সকলো সন্তানেও
পিতাৰ স্নেহত সন্মুখত আহি উপস্থিত হৈছাহি। বাপদাদাই দেখিছে যে প্ৰতিগৰাকী সন্তানৰ
অন্তৰত বাপদাদাৰ স্নেহ সমাহিত হৈ আছে। প্ৰত্যেকৰে অন্তৰত “মোৰ বাবা” এইটো স্নেহৰ
গীত বাজি আছে। স্নেহেই এই দেহ আৰু শৰীৰৰ সম্বন্ধৰ পৰা অনাসক্ত কৰি আছে। স্নেহেই
মায়াজিৎ কৰি আছে। য’ত অন্তৰৰ স্নেহ আছে ত’ত মায়া দূৰৈৰ পৰাই আঁতৰি যায়। স্নেহৰ
বিষয়টিত সকলো সন্তান উত্তীৰ্ণ। এটা হ’ল স্নেহ, দ্বিতীয়তে সৰ্বশক্তিমান পিতাৰ দ্বাৰা
সৰ্ব শক্তিৰ সম্পদ।
গতিকে আজি বাপদাদাই
এফালে স্নেহ চাই আছে, আনফালে শক্তি সেনাৰ শক্তিসমূহ চাই আছে। যিমান স্নেহ সমাহিত হৈ
আছে সিমানেই সৰ্ব শক্তিও সমাহিত হৈ আছেনে? বাপদাদাই সকলো সন্তানক একেদৰেই সৰ্ব শক্তি
দিছে, মাষ্টৰ সৰ্ব শক্তিমান কৰি তুলিছে। কাৰোবাক সৰ্ব শক্তিমান, কাৰোবাক শক্তিমান
কৰা নাই। তোমালোক সকলোৱে নিজৰ স্বমান “মাষ্টৰ সৰ্ব শক্তিমান” বুলি কোৱা। বাপদাদাই
চাৰিওফালৰ সন্তানসকলক সুধিছে, যে প্ৰত্যেকে নিজৰ মাজত সৰ্ব শক্তি অনুভৱ কৰানে? সদায়
সৰ্ব শক্তিৰ ওপৰত অধিকাৰ আছেনে? সৰ্ব শক্তি হৈছে বাপদাদাৰ উত্তৰাধিকাৰ, তেন্তে নিজৰ
উত্তৰাধিকাৰৰ ওপৰত অধিকাৰ আছেনে? আছেনে অধিকাৰ? শিক্ষকসকল কোৱা, অধিকাৰ আছেনে?
ভাবি-গুণি ক’বা। পাণ্ডৱ অধিকাৰ আছেনে? সদায় আছে নে কেতিয়াবা কেতিয়াবা আছে? যি সময়ত
যিটো শক্তিৰ প্ৰয়োজন হয় তেতিয়া তোমালোক শক্তিসেনাৰ আদেশত সেইটো হাজিৰ হৈ যায়নে?
সময়ত হয় হজুৰ হাজিৰ বুলি কয়নে? ভাবা, চোৱা, অধিকাৰীয়ে আদেশ দিয়ক আৰু শক্তিয়ে হয়
হজুৰ হাজিৰ বুলি কওঁক, যিটো শক্তিৰে আহ্বান জনোৱা, যেনেকুৱা সময়, যেনেকুৱা পৰিস্থিতি
তেনেকৈয়ে যাতে শক্তি কাৰ্যত লগাব পাৰা। এনেকুৱা অধিকাৰী আত্মা হৈছানে? কিয়নো পিতাই
উত্তৰাধিকাৰ দিলে আৰু তোমালোকে উত্তৰাধিকাৰ নিজৰ কৰি ল’লা, নিজৰ কৰি লৈছা নহয়!
তেন্তে নিজৰ ওপৰত অধিকাৰ থাকে। যি সময়ত যিটো বিধিৰে আৱশ্যকতা হয়, সেই সময় কাৰ্যত
ব্যৱহাৰ হৈ যাওঁক। ধৰি লোৱা তোমালোকৰ সমাহিত কৰাৰ শক্তিৰ প্ৰয়োজন হৈছে আৰু সমাহিত
কৰাৰ শক্তিক আদেশ কৰিলে তোমালোকৰ আদেশ মানি “হয় হাজিৰ” হৈ যায়নে? যদি হৈ যায় তেন্তে
কান্ধ লৰোৱা, কান্ধ লৰোৱা। কেতিয়াবা কেতিয়াবা হয় নে সদায় হয়? সমাহিত কৰাৰ শক্তি
হাজিৰ হয় কিন্তু 10 বাৰ সমাহিত কৰিলা আৰু 11নম্বৰ বাৰত অলপ তল ওপৰ হয় নেকি? সদায় আৰু
সহজে হাজিৰ হৈ যাওক, সময় পাৰ হৈ যোৱাৰ পাছত যাতে নাহে, কৰিবতো এয়া বিচাৰিছিলোঁ
কিন্তু হৈ গ’ল, এয়া এনেকুৱা যাতে নহয়। ইয়াক সৰ্ব শক্তিৰ অধিকাৰী বুলি কোৱা হয়। এই
অধিকাৰ বাপদাদাইতো সকলোকে দিছে, কিন্তু দেখিবলৈ পোৱা যায় যে সদায় অধিকাৰী হোৱাত
ক্ৰমানুসৰি হৈ যায়। সদায় আৰু সহজে হওঁক, স্বাভাৱিক হওঁক, স্বভাৱসিদ্ধ হওঁক, তাৰ বিধি
হ’ল, যেনেকৈ পিতাক ‘হজুৰ’ বুলিও কোৱা হয়, “হজুৰ হাজিৰ” বুলি কোৱা হয়। “হাজিৰ হজুৰ”
বুলি কয়। তেন্তে যিসকল সন্তানে হজুৰৰ প্ৰতিটো শ্ৰীমতত “হাজিৰ হজুৰ” কৰি চলে
তেওঁলোকৰ আগত সৰ্বশক্তিয়েও “হজুৰ হাজিৰ” কৰে। প্ৰতিটো আজ্ঞাত “হয় হাজিৰ”, প্ৰতিটো
খোজত “হয় হাজিৰ”। যদি প্ৰতিটো শ্ৰীমতত “হয় হাজিৰ” নহয় তেন্তে প্ৰতিটো শক্তিয়েও সকলো
সময়ত “হাজিৰ হজুৰ” কৰিব নোৱাৰে। যদি কেতিয়াবা কেতিয়াবা পিতাৰ শ্ৰীমত বা আজ্ঞা পালন
কৰে তেন্তে শক্তিসমূহেও তোমালোকৰ কেতিয়াবা কেতিয়াবা হাজিৰ হোৱাৰ আদেশ পালন কৰে। সেই
সময়ত অধিকাৰৰ পৰিৱৰ্তে অধীন হৈ যায়। সেয়েহে বাপদাদাই এই ফলাফল পৰীক্ষা কৰিলে, তেন্তে
কি দেখিলে? ক্ৰমানুসৰি হয়। সকলো এক নম্বৰ নহয়, ক্ৰমানুসৰি হয় আৰু সদায় সহজ নহয়।
কেতিয়াবা কেতিয়াবা সহজ হৈ যায়, কেতিয়াবা কাচিৎহে শক্তি জাগ্ৰত হয়।
বাপদাদাই প্ৰতিগৰাকী
সন্তানক পিতাৰ সমান ৰূপত চাব খোজে। ক্ৰম অনুসৰি চাব নোখোজে আৰু তোমালোক সকলোৰে
লক্ষ্যও হৈছে পিতাৰ সমান হোৱা। সমান হোৱাৰ লক্ষ্য নে ক্ৰম অনুসৰি হোৱাৰ লক্ষ্য? যদি
সোধা হয় তেতিয়া সকলোৱে ক’ব সমান হ’ব লাগে। তেন্তে পৰীক্ষা কৰা- সৰ্ব শক্তি আছেনে?
‘সৰ্ব’ শব্দটিৰ ওপৰত বিশেষভাৱে মনোযোগ দিয়া। সৰ্ব গুণ আছেনে? স্থিতি পিতাৰ সমান হয়নে?
কেতিয়াবা নিজৰ স্থিতি, কেতিয়াবা পৰ-স্থিতিয়ে বিজয় প্ৰাপ্ততো কৰি নলয়? পৰ স্থিতিয়ে
যদি বিজয় প্ৰাপ্ত কৰি লয় তেন্তে তাৰ কাৰণ জানানে? স্থিতি দুৰ্বল সেইবাবে পৰিস্থিতিয়ে
প্ৰহাৰ কৰিব পাৰে। সদায় যাতে স্ব-স্থিতি বিজয়ী হৈ থাকে, তাৰ সাধন হ’ল - সদায় স্বমান
আৰু সন্মানৰ সন্তুলন। স্বমানধাৰী আত্মা স্বতঃ সন্মান দিওঁতা দাতা হয়। বাস্তৱত
কাৰোবাক সন্মান দিয়া, দিয়া নহয়, সন্মান দিয়া মানে লোৱা। সন্মান দিওঁতা স্বতঃ সকলোৰে
অন্তৰত মাননীয় হৈ যায়। পিতা ব্ৰহ্মাক দেখিলা - আদি দেৱ হৈও, ড্ৰামাৰ প্ৰথম আত্মা
হৈও সদায় সন্তানসকলক সন্মান দিলে। সন্তানসকল আত্মাসকলৰ দ্বাৰা নিজতকৈ বেছি মান
দিয়ালে সেয়েহে প্ৰতিগৰাকী সন্তানৰ অন্তৰত পিতা ব্ৰহ্মা মাননীয় হ’ল। তেন্তে মান দিলে
নে মান ল’লে? সন্মান দিয়া অৰ্থাৎ আনৰ অন্তৰত আন্তৰিক স্নেহৰ বীজ সিঁচা। বিশ্বৰ আগতো
বিশ্ব কল্যাণকাৰী আত্মা হয়, এয়া তেতিয়া অনুভৱ কৰা যেতিয়া আত্মাসকলক স্নেহেৰে সন্মান
দিয়া।
গতিকে বাপদাদাই
বৰ্তমান সময়ত ইজনে সিজনক সন্মান দিয়াৰ আৱশ্যকতা দেখিলে। সন্মান দিওঁতাজনেই বিধাতা
আত্মা ৰূপত দেখা যায়। সন্মান দিওঁতাজনেই বাপদাদাৰ শ্ৰীমত (শুভ ভাৱনা, শুভ কামনা)
পালন কৰোঁতা আজ্ঞাকাৰী সন্তান। সন্মান দিয়াটোৱেই ঈশ্বৰীয় পৰিয়ালৰ আন্তৰিক স্নেহ।
সন্মান দিওঁতাই সহজে স্বমানত স্থিৰ হ’ব পাৰে। কিয়? যিসকল আত্মাক সন্মান দিয়ে সেই
আত্মাসকলৰ দ্বাৰা যি অন্তৰৰ আশীৰ্বাদ নিগৰে, সেই আশীৰ্বাদৰ ভঁৰালে সহজে আৰু স্বতঃ
স্বমানৰ স্মৃতি আনি দিয়ে সেয়েহে বাপদাদাই চাৰিওফালৰ সন্তানসকলক বিশেষভাৱে মনোযোগ
আকৰ্ষণ কৰাই আছে যে সন্মান দাতা হোৱা।
বাপদাদাৰ ওচৰলৈ
যেনেকুৱাই সন্তান আহিল, দুৰ্বল আহিল, সংস্কাৰৰ বশৱৰ্তী হৈ আহিল, পাপৰ বোজা লৈ আহিল,
কাঢ়া সংস্কাৰ লৈ আহিল, বাপদাদাই প্ৰতিগৰাকী সন্তানক কি দৃষ্টিৰে চালে! মোৰ অতিকৈ
মৰমৰ আলাসৰ লাড়ু সন্তান, ঈশ্বৰীয় পৰিয়ালৰ সন্তান। গতিকে সন্মান দিলে আৰু নিজে
স্বমানধাৰী হৈ গ’ল। গতিকে পিতাক অনুসৰণ কৰা। যদি সহজে সৰ্ব গুণ সম্পন্ন হ’বলৈ বিচৰা
তেন্তে সন্মান দাতা হোৱা। বুজিলা! সহজ হয় নহয়? সহজ নে কঠিন? শিক্ষকসকলে কি ভাবা,
সহজ হয়নে? কাৰোবাক দিবলৈ সহজ, কাৰোবাক দিবলৈ কঠিন হয় নে সকলোকে দিবলৈ সহজ? তোমালোকৰ
উপাধি হৈছে - সৰ্ব উপকাৰী। অপকাৰ কৰোঁতাজনৰো উপকাৰ কৰোঁতা। তেন্তে পৰীক্ষা কৰা যে
সকলোৰে প্ৰতি উপকাৰী দৃষ্টি, বৃত্তি, স্মৃতি থাকেনে? আনৰ উপকাৰ কৰা মানে নিজৰে
উপকাৰ কৰা। তেন্তে কি কৰিব লাগে? সন্মান দিব লাগে নহয়! বেলেগ বেলেগ কথাত ধাৰণা
কৰিবৰ বাবে যি পৰিশ্ৰম কৰা, তাৰ পৰা হাত সাৰি যাবা কিয়নো বাপদাদাই দেখিলৈ পাইছে যে
সময়ৰ গতি তীব্ৰ হৈ গৈ আছে। সময়ে অপেক্ষা কৰি আছে, গতিকে তোমালোক সকলোৱে প্ৰস্তুতি
চলাব লাগে। সময়ৰ অপেক্ষা সমাপ্ত কৰিব লাগে। নিজৰ সম্পূৰ্ণতা আৰু সমানতাৰ গতি তীব্ৰ
কৰিব লাগে। কৰি আছোঁ নহয়, তীব্ৰ গতি পৰীক্ষা কৰা - তীব্ৰ গতি হয়নে?
বাকী স্নেহেৰে নতুন
নতুন সন্তানো আহি উপস্থিত হৈছে। বাপদাদা নতুন নতুন সন্তানসকলক দেখি আনন্দিত হয়।
যিসকল প্ৰথমবাৰ আহিছে, তেওঁলোকে হাত দাঙা। বহুত আছে। ভাল কৰিলা পিতাৰ ঘৰলৈ, নিজৰ
ঘৰলৈ আহিলা, অভিনন্দন। বাৰু।
সেৱাৰ পাল কৰ্ণাটকৰ:-
কৰ্ণাটকবাসী উঠা।
সেৱাৰ সোণালী সুযোগৰ বাবে অভিনন্দন। চোৱা প্ৰথম নম্বৰ লৈছা সেয়েহে প্ৰথম নম্বৰতে
থাকিব লাগে নহয়! পুৰুষাৰ্থত, বিজয়ী হোৱাত সকলোতকৈ প্ৰথম নম্বৰ লওঁতা। দ্বিতীয় নম্বৰ
নল’বা, প্ৰথম নম্বৰ। সাহস আছেনে? আছেনে সাহস? তেন্তে তোমালোকৰ সাহস আৰু পিতাৰ হাজাৰ
গুণ সহায় । ভাল সুযোগ লৈছা। নিজৰ পুণ্যৰ পুঁজি বহুত জমা কৰি ল’লা। বাৰু কৰ্ণাটকে
ডাঙৰ অনুষ্ঠান কৰিছানে? নাই কৰা, কিয়? কিয় কৰা নাই? কৰ্ণাটকে সকলোতকৈ প্ৰথম নম্বৰ
লোৱা উচিত। [বাংগালোৰত (এতিয়া বেংগালুৰু) কৰিবা] বাৰু, যিয়ে ডাঙৰ অনুষ্ঠান কৰিছে
তেওঁলোক উঠা। কিমান অনুষ্ঠান হৈ গ’ল? (8-10 হৈ গ’ল) বাপদাদাই ডাঙৰ অনুষ্ঠান কৰা বাবে
অভিনন্দন জনাই আছে। মণ্ডল কিমান আছে! প্ৰতিটো মণ্ডলে বিশাল অনুষ্ঠান কৰিব লাগে কিয়নো
তোমালোকৰ চহৰত আপত্তি কৰাসকলে তেতিয়া আপত্তি নকৰিব। বিশাল অনুষ্ঠান কৰিলে বিজ্ঞাপনো
তোমালোকে ডাঙৰকৈ দিয়া নহয়, জনসংযোগৰ মাধ্যমেৰেই হওঁক, পোষ্টাৰ, হ’ৰ্ডিং আদি বিভিন্ন
সাধন ব্যৱহাৰ কৰা, তেতিয়া আপত্তি কম হৈ যাব। বাপদাদাই এইটো সেৱা পচন্দ কৰে কিন্তু….
কিন্তু আছে। অনুষ্ঠানতো ডাঙৰকৈ কৰিলা তাৰ বাবে অভিনন্দন আছেই কিন্তু প্ৰতিটো
অনুষ্ঠানৰ পৰা অতি কমেও 108ৰ মালা তৈয়াৰ হ’ব লাগে। সেয়া ক’ত হৈছে? অতি কমেও 108, অতি
বেছি 16 হাজাৰ। কিন্তু ইমান যি শক্তি লগালা, ইমান সম্পত্তি লগালা, তাৰ ফলাফলত অতি
কমেও 108 তৈয়াৰ হওঁক। সকলোৰে ঠিকনাতো তোমালোকৰ লগত থাকিব লাগে। বিশাল অনুষ্ঠানলৈ
যিয়ে আনিব তেওঁলোকৰ ওচৰত তেওঁলোকৰ পৰিচয়তো থাকেই গতিকে তেওঁলোকক আকৌ সমীপত আনিব লাগে।
এনেকুৱা নহয় যে আমি কৰিলোঁ, কিন্তু যি কাৰ্যই কৰা হয় তাৰ ফলতো ওলাব লাগে নহয়। গতিকে
ডাঙৰ অনুষ্ঠান আয়োজন কৰাসকলৰ প্ৰত্যেকে বাপদাদাক এইটো ফলাফল দিব লাগে। লাগিলে ভিন্ন
ভিন্ন সেৱাকেন্দ্ৰলৈ যাওঁক, যিকোনো চহৰৰে হওঁক তালৈ যাওঁক কিন্তু ফলাফল ওলাব লাগে।
ঠিক আছে নহয়, হ’ব পাৰে নহয়! অলপ মনোযোগ দিলে ওলাই আহিব, 108তো একোৱেই নহয়। কিন্তু
ফলাফল বাপদাদাই চাব বিচাৰে, অতি কমেও বিদ্যাৰ্থীতো হওঁক, ঠিক আছে নহয়? পাণ্ডৱ ঠিক
আছেনে? তেন্তে চাম এক নম্বৰ কোন হয়? যিমানেই উলিওৱা, কিন্তু অৱশ্যে উলিওৱা। কি হয়,
অনুষ্ঠান হৈ যায় কিন্তু আগলৈ তেওঁলোকৰ সৈতে সম্পৰ্ক ৰখাৰ ক্ষেত্ৰত মনোযোগ অলপ কম হৈ
যায় আৰু উলিওৱাতো একো কঠিন নহয়। বাকী বাপদাদাই সন্তানসকলৰ সাহস দেখি হৰ্ষিত হৈছে।
বুজিলা। বাৰু।
বাৰু - এতিয়া সকলোৱে
এক চেকেণ্ডত, এক চেকেণ্ড এক মিনিট নহয়, এক চেকেণ্ডত “মই ফৰিস্তা তথা দেৱতা” - এই
মনৰ ব্যায়াম চেকেণ্ডত অনুভৱ কৰা। এনেকুৱা ব্যায়াম দিনটোত এক চেকেণ্ডত বাৰে বাৰে কৰা।
যেনেকৈ শাৰীৰিক ব্যায়ামে শৰীৰ শক্তিশালী কৰি তোলে, তেনেকৈ মনৰ এই অভ্যাসে মন
শক্তিশালী কৰি তোলে। মই ফৰিস্তা, এইখন পুৰণি সৃষ্টি, পুৰণা দেহ, পুৰণা দেহৰ
সংস্কাৰৰ পৰা উৰ্দ্ধত মই ফৰিস্তা আত্মা। বাৰু!
চাৰিওফালৰ অতি স্নেহী
সদায় স্নেহৰ সাগৰত লীন আত্মাসকলক, সদায় সৰ্বশক্তিৰ অধিকাৰী শ্ৰেষ্ঠ আত্মাসকলক, সদায়
পিতাৰ সমান হওঁতা পিতাৰ মৰমৰ আত্মাসকলক, সদায় স্বমানত থাকোঁতা প্ৰত্যেক আত্মাক
সন্মান দিওঁতা, সকলোৰে মাননীয় হওঁতা আত্মাসকলক, সদায় সকলোৰে উপকাৰী আত্মাসকলক
বাপদাদাৰ আন্তৰিক স্নেহ সহিত স্মৰণ আৰু অন্তৰৰ আশীৰ্বাদ স্বীকাৰ কৰিবা। আৰু লগতে
বিশ্বৰ মালিক আত্মাসকলক নমস্কাৰ।
দাদীজীৰ প্ৰতি:-
সন্মান দিয়াত এক
নম্বৰত উত্তীৰ্ণ হৈছা। ভাল কথা, সকলো দাদী মধুবনৰ শোভা। (সভাৰ প্ৰতি) এওঁলোক সকলোৰে
দাদীসকলৰ শোভা ভাল লাগে নহয়। যেনেকৈ দাদীসকলৰ শোভাৰে মধুবন শোভিত হৈ যায় তেনেকৈ
তোমালোক সকলো দাদী নহয় কিন্তু দীদি আৰু দাদাতো হোৱা, সেয়েহে সকলো দীদি আৰু সকলো দাদা,
সকলোৱে এইটো ভাবিব লাগে, কৰিব লাগে, য’তেই নাথাকা সেই স্থান শোভিত হৈ যাওঁক। যেনেকৈ
দাদীসকলৰ দ্বাৰা শোভিত হয় তেনেকৈ সকলো শোভিত হওঁক কিয় দাদীৰ পিছত দীদিতো হোৱা নহয়,
কম নোহোৱা। দাদাও আছে, দীদিও আছে। সেয়েহে কোনো সেৱাকেন্দ্ৰ নিৰস হ’ব নালাগে, শোভিত
হ’ব লাগে। তোমালোক এটি এটি বিশ্বক শোভিত কৰা আত্মা। গতিকে যি স্থানতে আছা সেয়া
সুশোভিত স্থান হিচাপে দেখা দিওঁক। ঠিক আছে নহয়? কিয়নো জগতত হদৰ শোভা আছে আৰু
তোমালোক প্ৰত্যেকৰে বেহদৰ শোভা। নিজে আনন্দ, শান্তি আৰু অতিন্দ্ৰীয় সুখৰ উজ্জ্বলতাত
থাকিলে স্থানো শোভিত হৈ যাব কিয়নো স্থিতিৰে স্থানত বায়ুমণ্ডল বিয়পে। সেয়েহে সকলোৱে
পৰীক্ষা কৰিবা যে য’ত আমি থাকোঁ তাত শোভা আছেনে? বিষাদতো নাই? সকলোৱে আনন্দত নাচি
আছানে? এনেকুৱা হয় নহয়! তোমালোকৰ দাদীসকলৰতো এয়াই কাম নহয়! দীদি আৰু দাদাসকলক
অনুসৰণ কৰা। বাৰু।
সকলোফালৰ যিসকল স্নেহী
সন্তানে বাপদাদাক অন্তৰেৰে স্মৰণ কৰি আছে আৰু পত্ৰ, ইমেলৰ দ্বাৰা স্মৃতি পঠিয়াইছে,
চাৰিওফালৰ সেই সন্তানসকলক বাপদাদাই দূৰৈত চাই থকা নাই কিন্তু অন্তৰ আসনত চাই আছে।
সকলোতকৈ সমীপৰ হৈছে অন্তৰ। গতিকে বাপদাদাই অন্তৰেৰে স্মৃতি প্ৰেৰণ কৰাসকলক আৰু
স্মৃতি প্ৰেৰণ কৰা নাই কিন্তু স্মৃতিত আছে, সেইসকলকো অন্তৰ আসনধাৰী ৰূপত চাই আছে।
সঁহাৰি জনাই আছে। দূৰৈত বহিও এক নম্বৰ তীব্ৰ পুৰুষাৰ্থী হোৱা।
বৰদান:
অমনোযোগিতাৰ
নিদ্ৰাক তালাক দিওঁতা নিদ্ৰাজিৎ, চক্ৰৱৰ্তী হোৱা
সাক্ষাৎকাৰ মূৰ্ত হৈ
ভক্তসকলক সাক্ষাৎকাৰ কৰাবৰ বাবে অথবা চক্ৰৱৰ্তী হ’বৰ বাবে নিদ্ৰাজিৎ হোৱা। যেতিয়া
বিনাশকালক পাহৰি যোৱা তেতিয়া অমনোযোগিতাৰ নিদ্ৰা আহে। ভক্তসকলৰ মিনতি শুনা, দুখী
আত্মাসকলৰ দুখৰ কাতৰোক্তি শুনা, তৃষ্ণাতুৰ আত্মাসকলৰ প্ৰাৰ্থনাৰ আৱাজ শুনা তেতিয়া
কেতিয়াও অমনোযোগিতাৰ নিদ্ৰা নাহিব। গতিকে এতিয়া সদায় জাগ্ৰত জ্যোতি হৈ অমনোযোগিতাৰ
নিদ্ৰাক তালাক দিয়া আৰু সাক্ষাৎকাৰ মূৰ্ত হোৱা।
স্লোগান:
তন-মন-ধন,
মন-বাণী-কৰ্ম - যিকোনো প্ৰকাৰে পিতাৰ কৰ্তব্যত সহযোগী হোৱা তেতিয়া সহজযোগী হৈ যাবা।
সত্যতা আৰু সভ্যতা
ৰূপী সংস্কৃতি ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
যেনেকৈ পিতাক “ঈশ্বৰ
সত্য” বুলি কয়, সত্যতাই পিতাৰ প্ৰিয়। সঁচা অন্তৰৰ হ’লে চাহেব ৰাজী হয়। গতিকে
অন্তৰাসনধাৰী, সেৱাধাৰী সন্তানসকলৰ সম্বন্ধ-সম্পৰ্কত, প্ৰতিটো সংকল্প আৰু বাণীত
সত্যতা আৰু স্বচ্ছতা দেখা যাব। তেওঁলোকৰ প্ৰতিটো সংকল্প, প্ৰতিষাৰ বচন সত্য হ’ব।