23.05.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – ৰাৱণে তোমালোকক বহুত পীড়িত কৰিছে, এতিয়া তোমালোক ভক্তসকলৰ ৰক্ষক ভগৱান তোমালোকৰ পীড়া দূৰ কৰিবৰ কাৰণে আহিছে”

প্ৰশ্ন:
সুসন্তানসকলৰ দুটা মুখ্য লক্ষণ শুনোৱা?

উত্তৰ:
1) সুসন্তানে সদায় পিতা-মাতাক অনুসৰণ কৰি সিংহাসনত অধিষ্ঠিত হ’ব। খুব পুৰুষাৰ্থ কৰি থাকিব। 2) তেওঁৰ পিতাৰ প্ৰতি আন্তৰিক সততা থাকিব। আন্তৰিক সততা থকাসকল সদায় শ্ৰীমতত চলিব। যদি আন্তৰিক সততা নাই তেন্তে স্মৃতিত থাকিব নোৱাৰে।

গীত:
ভোলেনাথ চে নিৰালা….. (ভোলানাথতকৈ অনন্য.........)

ওঁম্শান্তি।
মৰমৰ সন্তানসকলে এই ভক্তিমাৰ্গৰ গীতটি শুনিলে। ভক্তই এই গীতটিৰ অৰ্থ নাজানে। তোমালোক ভগৱানৰ সন্তান হৈছা। ভগৱান ভক্তসকলৰ ৰক্ষক। তোমালোকো ভক্তসকলৰ ৰক্ষক হোৱা। ভক্তসকলক ৰক্ষা কৰা। কোনটো বিপত্তি হয় যাৰ বাবে ভক্তসকলে ৰক্ষা কৰিবৰ বাবে ভগৱানক আহ্বান জনায়? ভক্তসকলৰ ৰাৱণৰ পৰা বহুত দুখ হয়। ৰাৱণ সম্প্ৰদায় দুখত পীড়িত। সেয়েহে ভোলানাথক স্মৰণ কৰে। সেয়া হৈছে ৰাৱণ সম্প্ৰদায়, এয়া হৈছে ৰাম সম্প্ৰদায়। ভক্তসকলে এইটো নাজানেই যে আমাৰ ৰক্ষক কোন? যদিও গায়ন কৰে যে ভোলানাথ ৰক্ষক, কিন্তু কি ৰক্ষা কৰে, এইটো নাজানে। তোমালোক সন্তানসকলে এতিয়া বুজি পোৱা যে ভোলানাথ শিৱবাবাহে বিপথগামীসকলক গঢ়ি তোলোঁতা হয়। জগতৰ লোকেতো নাজানে যে ভগৱান বুলি কাক কোৱা হয়। ভগৱানৰ বিষয়ে জানিলে তেতিয়াহে ভগৱানৰ ৰচনাৰ আদি-মধ্য-অন্তৰ বিষয়ে জানিব। ভগৱানকো নাজানে, ৰচনাৰ বিষয়েও নাজানে সেইবাবে এনেকুৱা মনুষ্য সম্প্ৰদায়ক অন্ধ বুলিও কোৱা হয়। অন্যহাতে তোমালোক আছা যিসকলে দিব্য দৃষ্টি লাভ কৰিছা। এতিয়া তোমালোকৰ নামেই হৈছে ব্ৰহ্মাকুমাৰ-কুমাৰী। ফলকতো নাম লিখি থোৱা আছে - ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়। কেৱল ব্ৰহ্মাকুমাৰীসকলেই হ’ব নোৱাৰে। প্ৰজাপিতা ব্ৰহ্মা আছে নহয়। পিতাৰ ওচৰত পুত্ৰ আৰু কন্যা উভয়ে থাকে। প্ৰজাপিতা ব্ৰহ্মাৰহে ইমান অনেক সন্তান থাকিব পাৰে। গতিকে বুজিব লাগে যে তেওঁ বেহদৰ পিতা। এইটোও জানা যে ব্ৰহ্মা-বিষ্ণু-শংকৰক ৰচনা কৰোঁতা পিতাই হয়, যাক নিৰাকাৰ বুলি কোৱা হয়। এওঁ (শিৱবাবা) হৈ গ’ল বেহদৰ পিতা। এইটোও জানা যে পৰমপিতা পৰমাত্মাই ব্ৰহ্মাৰ দ্বাৰা ৰচনা ৰচে। তেওঁৰেই গোটেই ৰচনা – সকলো মনুষ্য মাত্ৰেই বাস্তৱত শিৱবংশী। এতিয়া তোমালোক আহি প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান হৈছা। এইখন হৈছে নতুন ৰচনা। পৰমপিতা পৰমাত্মাই ব্ৰহ্মাৰ দ্বাৰা ৰচনা ৰচে সেইবাবে তোমালোকক ব্ৰহ্মাকুমাৰ-কুমাৰী বুলি কোৱা হয়। ইমান বেহদৰ সন্তান আছে নিশ্চয় বেহদৰ উত্তৰাধিকাৰ লয়। সন্তানসকলে জানে যে আমাক অৰ্থাৎ ব্ৰহ্মাকুমাৰ-কুমাৰীসকলক শিৱবাবাই তুলি লৈছে। শিৱবাবাই কয়- তোমালোক মোৰ সন্তান। তোমালোক আত্মাসকলো নিৰাকাৰ আছিলা। কিন্তু জ্ঞানতো সাকাৰত লাগে। তোমালোকে জানা যে আমি আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ আছিলোঁ, ব্ৰহ্মাৰ দ্বাৰা ৰচনা ইয়াত হয়। শিৱ জয়ন্তীও ইয়াত পালন কৰা হয়। ইয়াত মগধ (অপৱিত্ৰ) দেশতেই জন্ম লৈছে। পিতাই কয় - এইখন দেশ বহুত পৱিত্ৰ স্বৰ্গ আছিল। এতিয়া এইখনক নৰক, মগধ দেশ বুলি কোৱা হয়। পুনৰ স্বৰ্গ হ’ব। তোমালোক সন্তানসকলৰ বুদ্ধিত আছে যে শিৱবাবাই আমাক পুনৰ ৰাজযোগ শিকাই পৱিত্ৰ কৰি তোলে। গায়নো কৰে - পতিত-পাৱন ভক্তসকলৰ ৰক্ষক ভগৱান। ভক্তইহে আহ্বান জনায়। পতিত হোৱা সত্ত্বেও নিজক পতিত বুলি নাভাবে। পিতাই বুজায় - তোমালোক সকলো পতিত। পাৱন সৃষ্টি সত্যযুগক আৰু পতিত সৃষ্টি কলিযুগক কোৱা হয়। পিতাই তোমালোকক সকলো শুদ্ধ কথা কয়। লাখ লাখ বছৰৰতো কোনো বস্তু নাথাকে। মনুষ্য ঘোৰ অন্ধকাৰত আছে, এনেকৈ ভাবে - কলিযুগতো এতিয়া কেঁচুৱা। আৰু তোমালোকে জানা যে মৃত্যু সন্মুখত থিয় হৈ আছে। অন্ধকাৰ আৰু প্ৰকাশৰ বৰ্ণনা সংগমতে কৰা হয়। এতিয়া তোমালোক অতি প্ৰকাশত আহিছা। সত্যযুগত তোমালোকে এয়া বৰ্ণনা কৰিব নোৱাৰিবা। তাত এই জ্ঞানেই নাথাকে। এই সময়ত পিতাই বহি সন্তানসকলক বুজায় যে তোমালোক সত্যযুগত সূৰ্যবংশী ফৈদৰ আছিলা আকৌ অন্তত আহি শূদ্ৰবংশী ফৈদৰ হ’লাহি। এতিয়া পুনৰ ব্ৰাহ্মণ বংশী হৈছা। এতিয়া তোমালোক হৈছা সৰ্বোত্তম ব্ৰাহ্মণ কুলৰ, তোমালোক হৈছা উচ্চতকৈও উচ্চ। এয়া ঈশ্বৰীয় কুল হয় নহয়। পিতাৰ ওচৰলৈ আহিলে বাবাই সোধে - কাৰ ওচৰলৈ আহিছা? তেতিয়া কয় - পিতাৰ ওচৰলৈ। পিতা দুজন - এজন হৈছে লৌকিক, আনজন হৈছে পাৰলৌকিক। সকলো শালগ্ৰামৰ এজনেই পিতা শিৱ। তোমালোকৰ বুদ্ধিত এয়া প্ৰবাহিত হৈ থাকে। আমি এজন পিতাৰ সন্তান, যাৰ পৰা উত্তৰাধিকাৰ লওঁ। নিৰাকাৰ উত্তৰাধিকাৰ সাকাৰৰ দ্বাৰাইতো দিব নহয়। পিতাই নিজেই কয় - মই সাধাৰণ শৰীৰত আহি প্ৰৱেশ কৰোঁ। এতিয়া পিতাই সন্তানসকলক কয় – সন্তানসকল, তোমালোক দেহী-অভিমানী হোৱা। নিজক আত্মা বুলি বুজা। এই দেহ বিনাশী, আত্মা অৱিনাশী। আত্মাইহে 84 জন্ম ল’বলগীয়া হয়, দেহে নহয়। দেহতো সলনি হৈ থাকে, আকৌ বেলেগ মিত্ৰ-সম্বন্ধীয় পায়।

এতিয়া আত্মাই বেহদৰ পিতাৰ পৰা উত্তৰাধিকাৰ ল’ব লাগে - পৰমপিতা পৰমাত্মাৰ দ্বাৰা। তোমালোকেহে শুনি আকৌ ধাৰণা কৰা। সংস্কাৰ তোমালোক আত্মাত আছে। আত্মাতেই সংস্কাৰ থাকে। এনেকুৱা নহয় যে শৰীৰৰ সংস্কাৰ বুলি ক’বা। নহয়, তোমালোক আত্মাৰ সংস্কাৰ তমোপ্ৰধান। সেয়া এতিয়া পৰিৱৰ্তন কৰিব লাগে। ‘কায়া কল্পতৰু’ বুলি কোৱা হয়। কায়া কল্প বৃক্ষৰ সমান হয়। আয়ুসো দীঘলীয়া হয়। তোমালোকে জানা – ইয়াততো আয়ুস বহুত চুটি। চুটি আয়ুসতে বহি থাকোঁতেই অকাল মৃত্যু হৈ যায়। এতিয়া তোমালোকে কালৰ ওপৰত বিজয় প্ৰাপ্ত কৰা। তাত কালে কেতিয়াও নাখায়। অকালতে কেতিয়াও শৰীৰ ত্যাগ নকৰে। তোমালোকে জানা– এতিয়া এই শৰীৰ বৃদ্ধ হৈছে, ইয়াক ত্যাগ কৰি নতুন ল’ব লাগে। শৰীৰ ত্যাগ কৰাৰ সময়তো বাদ্য বাজে, জন্ম লোৱাৰ সময়তো বাজে। তাত কন্দাৰ কোনো কথা নাথাকে। তোমালোকক ভোমোৰাৰ দৃষ্টান্তও বুজোৱা হৈছে। তোমালোক হৈছা ব্ৰাহ্মণ-ব্ৰাহ্মণী। ব্ৰাহ্মণী আৰু ভোমোৰাৰ ৰাশি মিলে। যি কাম ভোমোৰাই কৰে, সেয়াই তোমালোকেও কৰা। আচৰিত হয় নহয়। ভোমোৰাৰ দৃষ্টান্ত, কাছৰ দৃষ্টান্ত, সৰ্পৰ এই সকলোবোৰ শাস্ত্ৰত আছে। সন্ন্যাসী আদিয়েও এই দৃষ্টান্ত দিয়ে। এতিয়া তোমালোক সন্তানসকলে পিতাৰ দ্বাৰা এই সকলোবোৰ বুজি আছা। সেয়াতো হ’ল ভক্তিমাৰ্গ। অতীতৰ গায়ন কৰা, ইয়াৰ আকৌ পাছত গায়ন হ’ব। এই সময়তেই পিতা এইটো শৰীৰত আহে, এওঁক (ব্ৰহ্মাক) ভগৱান বুলি কোৱা নহয়। তেনেকৈ ক’লেতো আকৌ অন্ধশ্ৰদ্ধা হৈ যায়। এনেকুৱাও মনুষ্য আছে যিয়ে ৰামক, কৃষ্ণক ভগৱান বুলি ভাবে। কৃষ্ণৰ কাৰণে, ৰামৰ কাৰণেও কৈ দিয়ে - তেওঁলোকতো সৰ্বব্যাপী। কোনোবা কৃষ্ণপন্থী, কোনোবা ৰাধাপন্থী হয়। ৰাধাপন্থীসকলে ক’ব, সৰ্বত্ৰ ৰাধাই ৰাধা। কৃষ্ণপন্থীসকলে ক’ব, যিফালে চাওঁ কৃষ্ণই কৃষ্ণ। ৰামপন্থীসকলে সৰ্বত্ৰ ৰামেই ৰাম বুলি ক’ব। এনেকৈ ভাবে যে ৰাম, কৃষ্ণতকৈ জ্যেষ্ঠ কিয়নো ৰামক ত্ৰেতাত আৰু কৃষ্ণক দ্বাপৰত লৈ গ’ল। কিমান অজ্ঞান। এতিয়া পিতাই তোমালোক সন্তানসকলক বুজাই আছে, কিমান অনেক ব্ৰহ্মাকুমাৰ-কুমাৰী আছে, নিশ্চয় বেহদৰ পিতা থাকিব। তোমালোকে যিকোনো লোককে সুধিব পাৰা, কেতিয়াবা প্ৰজাপিতা ব্ৰহ্মাৰ নাম শুনিছেনে? পিতাই স্বৰ্গৰ নতুন ৰচনা ৰচিছে। গায়নো কৰা হয় - ব্ৰহ্মাৰ দ্বাৰা ব্ৰাহ্মণ। যেতিয়ালৈকে তোমালোক সকলো ব্ৰাহ্মণ ব্ৰহ্মা মুখ বংশাৱলী নোহোৱা তেতিয়ালৈকে ককাৰ পৰা উত্তৰাধিকাৰ ল’ব নোৱাৰা। বেহদৰ সন্তানে বেহদৰ পিতাৰ পৰাহে উত্তৰাধিকাৰ লয়। যথাযথ লৈছিল। যথাযথ স্বৰ্গবাসী আছিল। এতিয়া নৰকবাসী হৈ গ’ল, এতিয়া পুনৰ প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা পৰমপিতা পৰমাত্মাই বিষ্ণুপুৰী স্বৰ্গ ৰচি আছে। কিমান সহজ। শিৱবাবাই সোধে – আগতে তোমালোকৰ এই জ্ঞান আছিল জানো? এওঁ আত্মাই কয় – মোৰ এই জ্ঞান নাছিল। ময়ো বিষ্ণুৰ পূজাৰী আছিলোঁ, আমিয়েই যিসকল পূজ্য আছিলোঁ আকৌ পূজাৰী হ’লোঁ। এতিয়া পুনৰ বাবা আহি পূজাৰীৰ পৰা পূজ্য দেৱতা কৰি গঢ়ি আছে। তোমালোক সন্তানসকলৰ আন্তৰিক আনন্দ থকা উচিত। পৰমপিতা পৰমাত্মাই আহি আমাক তুলি লৈছে। মনুষ্যই মনুষ্যক তুলি লয় নহয়। বহুত মনুষ্য আছে, যিসকলৰ নিজৰ সন্তান নহয় তেতিয়া তুলি লয়। এতিয়া পিতাই জানে – মোৰ সকলো সন্তান ৰাৱণৰ হৈ গ’ল, সেইকাৰণে মই আহি পুনৰাই তুলি ল’বলগীয়া হয়। ব্ৰহ্মাৰ দ্বাৰা নিজৰ সন্তানসকলক তুলি লয়। এই তুলি লোৱাতো কিমান বিস্ময়কৰ। তোমালোকেহে জানা শিৱবাবাই আমাক ব্ৰহ্মাৰ দ্বাৰা তুলি লৈছে। শিৱবাবাই কয় – মই তোমালোক সন্তানসকলক তুলি লৈছোঁ, তোমালোকক বেহদৰ সুখৰ উত্তৰাধিকাৰ দিবলৈ। এই ব্ৰহ্মাইতো দিব নোৱাৰে। এৱোঁ মনুষ্য হয় নহয় প্ৰজাপিতা ব্ৰহ্মা। মনুষ্যই এই জ্ঞান নিদিয়ে। জ্ঞানৰ সাগৰ নিৰাকাৰ পৰমপিতা পৰমাত্মাইহে বহি এই জ্ঞান দিয়ে। ব্ৰহ্মাক অথবা বিষ্ণুক জ্ঞানৰ সাগৰ বুলি কোৱা নহয়। এই তিনিওগৰাকীৰ মহিমা বেলেগ। জ্ঞান সাগৰ, পতিত-পাৱন হৈছে এজন পিতা। গোটেই সৃষ্টিৰ মনুষ্য মাত্ৰই তেওঁক আহ্বান কৰে। ইংৰাজীতো কয় – তেওঁ ‘লিবাৰেটৰ’ (মুক্তিদাতা)। যাৰ পৰা দুখ পোৱা যায়, তাৰ পৰা মুক্ত কৰা হয়। পিতাও ইয়ালৈ আহি ৰাৱণৰ পৰা মুক্ত কৰে। ৰাৱণৰাজ্যও ইয়াতেই হ’ল নহয়। ইয়াতেই ৰাৱণক জ্বলায়। জ্বলাই আকৌ কয়, সোণৰ লংকা লুটিবলৈ যায়। তেওঁলোকেতো একোৱেই নাজানে। ৰাৱণ কি বস্তু, কেতিয়াৰ শত্ৰু। এনেকৈ ভাবে যে ৰামৰ সীতা চুৰি হৈ গ’ল। এইটো বুজি নাপায় যে আমি সকলো সীতা। আমি ৰাৱণৰ কাৰাগাৰত আবদ্ধ হৈ আছোঁ এই জ্ঞান কাৰো নাই, কাহিনী বহি শুনায়। শিৱবাবাই কয় – মই দূৰৈৰ দেশৰ নিবাসী এই পৰৰ দেশলৈ আহিছোঁ। এই পতিত সৃষ্টি পুৰণি হয় নহয়, এয়া হৈছে ৰাৱণৰ জগত। আহ্বানো জনায় হে বাবা আহক আমি পতিত হৈ গ’লোঁ। পিতাই কয় - মই পাৱন কৰি তুলিবলৈ এই পতিত সৃষ্টিলৈ আহিবলগীয়া হয়। আৰু মই আহিবও লাগে তেওঁৰ শৰীৰত যি প্ৰথম নম্বৰত পাৱন আছিল, যি সুন্দৰ আছিল সেইজনেই এতিয়া শ্যাম বৰণীয়া হ’ল। কিমান বিস্ময়কৰ কথা। শ্ৰীকৃষ্ণক শ্যাম-সুন্দৰ বুলি কিয় কয়, এয়া কোনেও নাজানে। এজন শ্ৰীকৃষ্ণকে জানো সৰ্পই দংশন কৰিলে? সত্যযুগত জানো সৰ্প আদি থাকে। পিতাই কয় - এই অন্তিম জন্ম মোৰ কাৰণে পৱিত্ৰ হোৱা তেতিয়া পৱিত্ৰ সৃষ্টিৰ মালিক হ’বা। কেৱল মোক স্মৰণ কৰা আৰু পৱিত্ৰ হোৱা। ‘অল্ফ’ক (পৰমপিতাক) স্মৰণ কৰা - তেতিয়া ‘বে’ (বাদশ্বাহী) তোমাৰ। এয়া হৈছে সহজ ৰাজযোগ, সহজ বাদশ্বাহী। শিশুৰ জন্ম হ’ল আৰু উত্তৰাধিকাৰৰ অধিকাৰী হ’ল। ইয়াতো সন্তানসকলে জানে যে আমি পিতাৰ হ’লোঁ গতিকে স্বৰ্গৰ বাদশ্বাহীৰ আমি অধিকাৰী হওঁ। এতিয়া পিতাই কয় - সতোপ্ৰধানৰ পৰা তোমালোক তমোপ্ৰধান হৈ গ’লা। পুনৰ সতোপ্ৰধান হ’ব লাগে। যোগ আৰু জ্ঞান শিকাবলৈ এক চেকেণ্ড লাগে। শিশুৰ জন্ম হ’ল আৰু উত্তৰাধিকাৰ নিশ্চিত হৈ গ’ল। তোমালোক পিতাৰ হৈছা গতিকে ৰাজধানীৰ উত্তৰাধিকাৰ তোমালোকৰ। কিন্তু ৰজা-ৰাণী সকলোতো নহয়। এয়া হৈছে ৰাজযোগ। ৰজা-ৰাণী, প্ৰজা, চহকী, গৰিব সকলো লাগে সেইকাৰণে ৰুদ্ৰ মালাও গঁথা আছে, যাক ভক্তিমাৰ্গত জপে। তোমালোকে জানা যে আমি ৰাজযোগ শিকিবলৈ আহিছোঁ। মাতা-পিতাক অনুসৰণ কৰি প্ৰথমতে সূৰ্যবংশী, চন্দ্ৰবংশী হ’মগৈ। সুসন্তান সেইসকল যিসকলে মাতা-পিতাক অনুসৰণ কৰি সিংহাসনত অধিষ্ঠিত হয়। খুব পুৰুষাৰ্থ কৰিব লাগে। পিতাই কয় – মোক স্মৰণ কৰা কিন্তু নকৰে, শ্ৰীমতত নচলে। আন্তৰিক সততা নাই। অন্তৰ শুদ্ধ হ’লে তেতিয়া শ্ৰীমতত চলিব, পিতাক স্মৰণ কৰি থাকিব। শ্ৰীমততহে তোমালোকে ককাৰ পৰা উত্তৰাধিকাৰ পোৱা। ব্ৰহ্মাই স্বৰ্গৰ উত্তৰাধিকাৰ দিব নোৱাৰে। ককাৰ উপাৰ্জনৰ ওপৰত নাতিৰ অধিকাৰ থাকে। পিতাৰ উপাৰ্জনৰ সন্তান ভাগীদাৰ হয় গতিকে অধিকাৰী হয়। ইয়াত তোমালোকে শিৱবাবাৰ পৰা উত্তৰাধিকাৰ পোৱা। জ্ঞান ৰত্ন পিতাৰ পৰাহে পায়।

তোমালোকে জানা - আমি ব্ৰাহ্মণেই পুনৰ দেৱী-দেৱতা হ’মগৈ। জগত অম্বা কোন? পিতাই বুজায় – এওঁ ব্ৰাহ্মণী আছিল, জ্ঞান-জ্ঞানেশ্বৰী আছিল পুনৰ ৰাজ-ৰাজেশ্বৰী হয়। তোমালোকো এনকুৱা হোৱাগৈ। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ সৈতে মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) আত্মাত যি তমোপ্ৰধানতাৰ সংস্কাৰ আছে, সেয়া স্মৃতিৰ বলেৰে পৰিৱৰ্তন কৰিব লাগে। সতোপ্ৰধান হ’ব লাগে।

(2) পিতাৰ পৰা বাদশ্বাহীৰ উত্তৰাধিকাৰ ল’বলৈ সদায় সুসন্তান হৈ শ্ৰীমতত চলিব লাগে। সত্য পিতাৰ সৈতে সততাৰে চলিব লাগে। মাতা-পিতাক পূৰা অনুসৰণ কৰিব লাগে। জ্ঞান ৰত্ন দান কৰি থাকিব লাগে।

বৰদান:
নিজৰ পৰিৱৰ্তনৰ দ্বাৰা নিৰন্তৰ বিজয়ৰ অনুভূতি কৰোঁতা সঁচা সেৱাধাৰী হোৱা

যেনেকৈ নিৰন্তৰ যোগী হৈছা - তেনেকৈ নিৰন্তৰ বিজয়ী হোৱা তেতিয়া সঁচা সেৱাধাৰী হৈ যাবা কিয়নো বিজয়ী আত্মাই যেতিয়া প্ৰতিটো সংকল্প, প্ৰতিটো খোজত বিজয়ৰ অনুভৱ কৰে তেতিয়া তেওঁৰ এই পৰিৱৰ্তন দেখি অনেক আত্মাৰ সেৱা স্বতঃ হয়। তেওঁৰ নয়নে আত্মিকতাৰ অনুভৱ কৰায়, চলনে পিতাৰ চৰিত্ৰৰ সাক্ষাৎকাৰ কৰায়, মস্তকৰ দ্বাৰা মস্তকমণিৰ সাক্ষাৎকাৰ হয়। এনেকৈ নিজৰ অব্যক্ত চেহেৰাৰ দ্বাৰা সেৱা কৰোঁতা বিশেষ আত্মাসকলকে সঁচা সেৱাধাৰী বুলি কোৱা হয়।

স্লোগান:
বিশেষত্ব বা গুণ দাতাৰ দান, দাতাক চোৱা ব্যক্তিক নহয়।


অব্যক্ত ইংগিত: সদায় অচল, অটল আৰু একৰস স্থিতিৰ অনুভৱ কৰা

আত্মিক স্থিতিৰ অভ্যাসৰ দ্বাৰা বায়ুমণ্ডল আত্মিক কৰি তোলা, তেতিয়া আন সকলোবোৰ কথা স্বতঃ ঠিক হৈ যাব, সকলো একমত আৰু একৰস হৈ গ’লে তেতিয়া মায়া নাহিব কিয়নো বায়ুমণ্ডল শক্তিশালী হৈ যাব। বায়ুমণ্ডল শক্তিশালী কৰি তুলিবলৈ স্মৃতিত থকাৰ কাৰ্যসূচী হাতত লোৱা আৰু পৰস্পৰ উন্নতি কৰিবলৈ আন্তৰিক বাৰ্তালাপৰ ক্লাচ কৰা, স্নেহ মিলন কৰা। ধাৰণাৰ ক্লাচ কৰা তেতিয়া সফলতা প্ৰাপ্ত হৈ যাব।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]