23.06.24    Avyakt Bapdada    Assame Murli    19.03.2000     Om Shanti     Madhuban


“*“নিৰ্মাণ আৰু নম্ৰতাৰ সন্তুলনৰ দ্বাৰা আশীৰ্বাদৰ পুঁজি জমা কৰা”*”


আজি বাপদাদাই নিজৰ পৱিত্ৰ সুখী হংসসকলৰ সভালৈ আহিছেহঁক। চাৰিওফালে পৱিত্ৰ হংস দেখিবলৈ পোৱা গৈছে। পৱিত্ৰ হংসৰ বিশেষত্ব সকলোৱে ভালদৰে জানা। সৰ্বদা পৱিত্ৰ সুখী হংস অৰ্থাৎ স্বচ্ছ আৰু নিকা অন্তৰ। এনেকুৱা পৱিত্ৰ হংসৰ স্বচ্ছ আৰু নিকা অন্তৰ হোৱাৰ কাৰণে প্ৰতিটো শুভ আশা সহজে পূৰ্ণ হয়। সদায় তৃপ্ত আত্মা হৈ থাকে। শ্ৰেষ্ঠ সংকল্প কৰিলে আৰু পূৰ্ণ হ’ল। পৰিশ্ৰম কৰিবলগীয়া নহয়। কিয়? বাপদাদাৰ সকলোতকৈ প্ৰিয়, সকলোতকৈ সমীপৰ নিকা অন্তৰ প্ৰিয় হয়। নিকা অন্তৰ সদায় বাপদাদাৰ অন্তৰাসনাধিকাৰী, সৰ্বশ্ৰেষ্ঠ সংকল্প পূৰ্ণ হোৱাৰ কাৰণে বৃত্তিত, দৃষ্টিত, বাণীত, সম্বন্ধ-সম্পৰ্কত সৰল আৰু স্পষ্ট একে সমান দেখিবলৈ পোৱা যায়। সৰলতাৰ চিন হ’ল – অন্তৰ, মগজ, বাণী একে সমান। অন্তৰত এটা, বাণীত আন এটা – এয়া সৰলতাৰ চিন নহয়। সৰল স্বভাৱৰ লোক সদায় নম্ৰ, নিৰহংকাৰী, স্বাৰ্থৰহিত হয়। পৱিত্ৰ হংসৰ বিশেষত্ব হৈছে – সৰল চিত্ত, সৰল বাণী, সৰল বৃত্তি, সৰল দৃষ্টি।

বাপদাদাই এইটো বছৰত সকলো সন্তানৰ দুটা বিশেষত্ব চলন আৰু চেহেৰাত চাবলৈ বিচাৰে। সকলোৱে সোধে নহয় – আগলৈ কি কৰিব লাগিব? এইটো ‘চিজন’ৰ বিশেষ সমাপ্তিৰ পাছত কি কৰিব লাগিব? সকলোৱে ভাবা নহয় – আগলৈ কি হ’ব! আগলৈ কি কৰিব লাগিব! সেৱাৰ ক্ষেত্ৰততো যথাশক্তি গৰিষ্ঠসংখ্যকে বহুত ভাল প্ৰগতি কৰিছে, আগবাঢ়ি গৈছে। বাপদাদাই এই উন্নতিৰ বাবে অভিনন্দনো জনায় – বৰ ভাল, বৰ ভাল, বৰ ভাল। লগতে ফলাফলত এটা কথা দেখা পোৱা গ’ল, সেইটো কি শুনাওঁনে? শিক্ষকসকল শুনাওঁনে, ডবল বিদেশীসকল শুনাওঁনে, পাণ্ডৱ শুনাওঁনে? হাত উঠোৱা তেতিয়া শুনাম, নহ’লে নুশুনাওঁ। (সকলোৱে হাত উঠালে) বৰ ভাল। এটা কথা কি দেখিলোঁ? কিয়নো আজি সূক্ষ্মলোকত বাপদাদাৰ পৰস্পৰ বাৰ্তালাপ হৈছিল, কেনেকৈ বাৰ্তালাপ কৰিব? দুয়ো কেনেকৈ ইজনে সিজনে বাৰ্তালাপ কৰিব? যেনেকৈ ইয়াত এইখন জগতত তোমালোকে একক অভিনয় কৰা নহয়! বহুত ভালকৈ কৰা। গতিকে তোমালোকৰ সাকাৰ জগতততো এটা আত্মাই দ্বৈত অভিনয় কৰে আৰু বাপদাদা দুটা আত্মা এটা শৰীৰত আছে। পাৰ্থক্য হ’ল নহয়! সেয়েহে বহুত মজাৰ কথা হয়।

গতিকে আজি সূক্ষ্মলোকত বাপদাদাৰ বাৰ্তালাপ চলিল – কোনটো কথাৰ ওপৰত? তোমালোক সকলোৱে জানা যে পিতা ব্ৰহ্মা কোনটো কথাত উৎসাহিত হয়? জানা নহয় ভালদৰে? পিতা ব্ৰহ্মাৰ উৎসাহ আছিল – অতি সোনকালে হওঁক। সেয়েহে শিৱপিতাই পিতা ব্ৰহ্মাক ক’লে – বিনাশ বা পৰিৱৰ্তন কৰাতো এটা চাপৰিও কথা নহয়, টিলিকি বজোৱাৰহে কথা। কিন্তু প্ৰথমে তুমি 108 নহয়, আধা মালা তৈয়াৰ কৰি দিয়া। তেতিয়া পিতা ব্ৰহ্মাই কি উত্তৰ দিলে? কোৱা। (তৈয়াৰ হৈ আছে) বাৰু – আধা মালাও তৈয়াৰ হোৱা নাই নেকি? পূৰা মালাৰ কথা বাদ দিয়া, আধা মালা তৈয়াৰ হৈছেনে? (সকলোৱে হাঁহি আছে) হঁহা মানে কিবা আছে! যিসকলে কোৱা যে আধা মালা তৈয়াৰ হৈছে, তেওঁলোকে এখন হাত উঠোৱা। তৈয়াৰ হৈছেনে? বহুত কমসংখ্যক আছে। যিসকলে ভাবা যে হৈ আছে, তেওঁলোকে হাত উঠোৱা। গৰিষ্ঠসংখ্যকে কয় যে হৈ আছে আৰু কমসংখ্যকে কয় যে হৈ গৈছে। যিসকলে হাত উঠাইছা যে তৈয়াৰ হৈছে, তেওঁলোকক বাপদাদাই কয় - তোমালোকে নাম লিখি দিবা। ভাল কথা নহয় জানো! বাপদাদাইহে চাব আন কোনেও নাচায়, বন্ধ কৰি থোৱা হ’ব। বাপদাদাই চাব যে এনেকুৱা ভাল আশাৰ মণি কোন কোন আছে। বাপদাদায়ো ভাবে হ’ব লাগে। গতিকে এওঁৰ পৰা নাম ল’বা, এওঁলোকৰ ফটো ল’বা।

তেন্তে পিতা ব্ৰহ্মাই কি উত্তৰ দিলে? তোমালোক সকলোৱেতো ভাল ভাল উত্তৰ দিলা। পিতা ব্ৰহ্মাই ক’লে - তেন্তে বচ্‌ কেৱল ইমানেই বাকী যে আপুনি টিলিকি বজাব, তেওঁলোক তৈয়াৰ হৈ যাব। তেন্তে ভাল কথা হ’ল নহয়! তেতিয়া শিৱ পিতাই ক’লে - বাৰু গোটেই মালা তৈয়াৰ হৈছেনে? আধা মালাৰতো উত্তৰ পালোঁ, গোটেই মালাৰ কথা সুধিছোঁ। এই ক্ষেত্ৰত ক’লে অলপ সময় লাগিব। এই বিষয়ে বাৰ্তালাপ চলিল। কিয় অলপ সময় লাগে? বাৰ্তালাপততো প্ৰশ্ন-উত্তৰেই চলে নহয়। কিয় অলপ সময় লাগে? কোনটো বিশেষ দুৰ্বলতা আছে যাৰ কাৰণে আধা মালাও তৈয়াৰ হোৱা নাই? তেতিয়া প্ৰতিটো অঞ্চলৰ সকলো সন্তানক প্ৰকট কৰি গ’ল, যেনেকৈ তোমালোকৰ নিজৰ মণ্ডল আছে নহয়, তেনেকুৱা এটা এটা মণ্ডল নহয়, কাৰণ মণ্ডলবোৰ বহুত ডাঙৰ সেয়েহে এখন এখন বিশেষ চহৰ প্ৰকট কৰি গ’ল আৰু প্ৰত্যেকৰে চেহেৰা চাই গৈ থাকিল, চাই চাই পিতা ব্ৰহ্মাই ক’লে যে এটা বিশেষত্ব এতিয়া অতি সোনকালে সকলো সন্তানে ধাৰণ কৰি ল’লে তেতিয়া মালা তৈয়াৰ হৈ যাব। কোনটো বিশেষত্ব? তেতিয়া এয়াই ক’লে যে যিমান সেৱাত উন্নতি কৰিছে, সেৱা কৰি আগবাঢ়ি গৈছে। ভালকৈ আগবাঢ়ি গৈছে কিন্তু এটা কথাৰ সন্তুলন কম আছে। সেইটো কথা এয়াই যে নিৰ্মাণ কৰাততো ভালদৰে আগবাঢ়ি গৈছে কিন্তু নিৰ্মাণৰ লগতে নম্ৰতা – এটা হ’ল নিৰ্মাণ আৰু আনটো হ’ল নম্ৰতা। মাত্ৰাৰ পাৰ্থক্য আছে। কিন্তু নিৰ্মাণ আৰু নম্ৰতা দুয়োটাৰে সন্তুলনত অন্তৰ আছে। সেৱাৰ উন্নতিত নম্ৰতাৰ পৰিৱৰ্তে ক’ৰবাত ক’ৰবাত, কেতিয়াবা কেতিয়াবা স্ব-অভিমানো মিহলি হৈ যায়। যিমান সেৱাত আগবাঢ়া, সিমানেই বৃত্তিত, দৃষ্টিত, বাণীত, চলনত নম্ৰতা দেখা দিয়ক, এইটো সন্তুলনৰ এতিয়া বহুত আৱশ্যকতা আছে। এতিয়ালৈকে সম্বন্ধ-সম্পৰ্কত থকাসকলৰ পৰা যি আশীৰ্বাদ পাব লাগে সেই আশীৰ্বাদ পোৱা নাই। আৰু পুৰুষাৰ্থ কোনোবাই যিমানেই কৰে, ভাল কথা কিন্তু পুৰুষাৰ্থৰ লগতে যদি আশীৰ্বাদৰ পুঁজি জমা কৰা নাই তেন্তে দাতাবোধৰ স্থিতি, দয়াশীল হোৱাৰ স্থিতিৰ অনুভূতি নহয়। স্ব-পুৰুষাৰ্থ আৰু লগতে বাপদাদা আৰু পৰিয়ালৰ কনিষ্ঠ-জ্যেষ্ঠ সকলোৰে আশীৰ্বাদৰ আৱশ্যকতা আছে। এয়া যি আশীৰ্বাদ – এই পুণ্যৰ পুঁজি জমা কৰিব লাগে। এয়া নম্বৰত যোগ হয়। যিমানেই সেৱা কৰা, নিজৰ সেৱাৰ নিচাত আগবাঢ়ি গৈ থাকা, কিন্তু বাপদাদাই সকলো সন্তানৰ মাজত এইটো বিশেষত্ব চাব বিচাৰে যে সেৱাৰ লগতে নম্ৰতা, সমন্বয়তা – এই পুণ্যৰ পুঁজি জমা হোৱাটো অতি আৱশ্যক। পাছত নক’বা যে মইতো বহুত সেৱা কৰিলোঁ, মইতো এয়া এয়া কৰিলোঁ, কিন্তু নম্বৰ পিছত কিয়? সেইবাবে বাপদাদাই প্ৰথমৰ পৰাই ইঙ্গিত দিছে যে বৰ্তমান সময়ত এই পুণ্যৰ পুঁজি বহুত জমা কৰা। এনেকৈ নাভাবিবা যে এওঁতো হয়েই এনেকুৱা, এওঁতো পৰিৱৰ্তন নহয়। প্ৰকৃতিকো যেতিয়া পৰিৱৰ্তন কৰিব পাৰা, প্ৰকৃতিৰ সৈতে সহৱস্থান কৰিবা নহয়? তেন্তে ব্ৰাহ্মণ আত্মাৰ সৈতে সহৱস্থান কৰিব নোৱাৰা জানো? বিৰোধীৰ সৈতে সহৱস্থান কৰা – এয়া হ’ল নিৰ্মাণ আৰু নম্ৰতাৰ সন্তুলন। শুনিলা!

অন্তত ঘৰত কৰিবলৈ দিয়া কাম কৰি দেখুৱাবা নহয়! কিবাতো ঘৰত কৰিবলৈ কাম পাবা নহয়! গতিকে বাপদাদা আগন্তুক ‘চিজন’ত আহিব কিন্তু… চৰ্ত দিব। চোৱা সাকাৰৰ ভূমিকাও পালন কৰিলে, অব্যক্তৰ ভূমিকাও পালন কৰিলে, ইমান সময় অব্যক্ত ভূমিকা চলিব বুলি সপোনতো ভবা নাছিলা। গতিকে দুয়োটা ভূমিকা ড্ৰামা অনুসৰি চলিল। এতিয়া কিবাতো চৰ্ত ৰাখিব লাগিব নে নালাগে! কি ৰায় দিবা? এনেকৈয়ে চলি থাকিব জানো? কিয়? আজি সূক্ষ্মলোকত কাৰ্যসূচীৰ বিষয়েও সুধিলে। গতিকে বাপদাদাৰ বাৰ্তালাপত এয়াও ওলাইছিল যে এই ড্ৰমাৰ ভূমিকা কেতিয়ালৈকে চলিব? কিবা তাৰিখ আছেনে? (দেৰাডুনৰ প্ৰেম ভগ্নীৰ সৈতে) জন্মপত্ৰিকা শুনোৱা, কেতিয়ালৈকে এনেকৈ চলি থাকিব? এতিয়া এইটো প্ৰশ্ন উঠিছে, কেতিয়ালৈকে? 6 মাহতো আছেই নহয়! 6 মাহৰ পাছতহে নতুন ‘চিজন’ আৰম্ভ হয়। গতিকে বাপদাদাই ফলাফল চাব বিচাৰে। অন্তৰ নিকা, কোনো পুৰণা সংস্কাৰৰ, অভিমান-অপমান উপলদ্ধিৰ দাগ যাতে নাথাকে।

বাপদাদাৰ ওচৰতো অন্তৰৰ ছবি লোৱা যন্ত্ৰ আছে। ইয়াত ‘এক্সৰে’ত স্থূল অন্তৰ দেখা পোৱা যায় নহয়। গতিকে সূক্ষ্মলোকত অন্তৰৰ চিত্ৰ বহুত স্পষ্টকৈ দেখা পোৱা যায়। যিকোনো প্ৰকাৰৰ সৰু-ডাঙৰ দাগ কিছুমান অস্পষ্ট কিছুমান স্পষ্টকৈ দেখা পোৱা যায়।

আজি ‘হোলী’ (ফাকুৱা) উদ্‌যাপন কৰিব আহিছা নহয়! অন্তিম পাল হোৱাৰ কাৰণে প্ৰথমে ঘৰত কৰিবলৈ কাম দিলোঁ কিন্তু ‘হোলী’ৰ অৰ্থ আনকো শুনোৱা যে ‘হোলী’ উদ্‌যাপন কৰা অৰ্থাৎ হৈ যোৱা কথা পাহৰি যোৱা। ‘হোলী’ উদ্‌যাপন কৰা অৰ্থাৎ অন্তৰত কোনো সৰু-ডাঙৰ দাগ থাকিব নালাগে, একেবাৰে নিকা অন্তৰ, সৰ্ব প্ৰাপ্তি সম্পন্ন। বাপদাদাই আগতেও শুনাইছে যে বাপদাদাৰ সন্তানসকলৰ প্ৰতি স্নেহ থকাৰ কাৰণে এটা কথা ভাল নালাগে। সেইটো হ’ল – পৰিশ্ৰম বহুত কৰে। যদি অন্তৰ নিকা হৈ যায় তেন্তে পৰিশ্ৰম নহয়, ‘দিলাৰাম’ (অন্তৰ জিনোঁতা) অন্তৰত সমাহিত হৈ থাকিব আৰু তোমালোক ‘দিলাৰাম’ৰ অন্তৰত সমাহিত হৈ থাকিবা। অন্তৰত পিতা সমাহিত হৈ আছে। কোনো ৰূপতে মায়া, সূক্ষ্ম ৰূপতে হওঁক, মাৰ্জিত ৰূপতে হওঁক বা স্থূল ৰূপতে হওঁক কোনো ৰূপতে মায়া আহিব নোৱৰে। সপোনতো, সংকল্পতো মায়া আহিব নোৱাৰে। তেতিয়া পৰিশ্ৰম মুক্ত হৈ যাবা নহয়! বাপদাদাই মনেৰেও পৰিশ্ৰম মুক্ত হোৱা চাব বিচাৰে। পৰিশ্ৰম মুক্তই জীৱনমুক্তৰ অনুভৱ কৰিব পাৰে। ‘হোলী’ উদ্‌যাপন কৰা মানে পৰিশ্ৰম মুক্ত, জীৱনমুক্ত অনুভূতিত থকা। এতিয়া বাপদাদাই মনৰ শক্তিৰে সেৱাক শক্তিশালী কৰিব বিচাৰে। বাণীৰ দ্বাৰা সেৱা চলি আছে, চলি থাকিব, কিন্তু ইয়াত সময় লাগে। সময় কম, সেৱা এতিয়াও বহুত আছে। ফলাফল তোমালোক সকলোৱে শুনালা। এতিয়ালৈকে 108ৰ মালাও তৈয়াৰ কৰিব পৰা নাই। 16 হাজাৰ, 9 লাখ – এয়াতো বহুত দূৰ হৈ গ’ল। ইয়াৰ বাবে খৰতকীয়া বিধি লাগে। প্ৰথমে নিজৰ মনক শ্ৰেষ্ঠ, স্বচ্ছ কৰি তোলা, এটা চেকেণ্ডো যাতে ব্যৰ্থত নাযায়। এতিয়ালৈকে গৰিষ্ঠসংখ্যকৰ ব্যৰ্থ সংকল্প শতাংশৰ হিচাপত আছে। অশুদ্ধ নহয় কিন্তু ব্যৰ্থ সেইবাবে মনৰ সেৱা তীব্ৰ গতিৰে হ’ব নোৱাৰে। এতিয়া ‘হোলী’ উদ্‌যাপন কৰা অৰ্থাৎ মনক ব্যৰ্থৰ পৰাও পৱিত্ৰ কৰি তোলা।

‘হোলী’ উদ্‌যাপন কৰিলানে? উদ্‌যাপন কৰা অৰ্থাৎ তেনেকুৱা হৈ যোৱা। জগতৰ লোকেতো ভিন্ন ভিন্ন ৰঙেৰে ফাকুৱা উদ্‌যাপন কৰে কিন্তু বাপদাদাই সকলো সন্তানৰ ওপৰত দিব্য গুণৰ, দিব্য শক্তিৰ, জ্ঞান গোলাপৰ ৰং ঢালি আছে।

আজি সূক্ষ্মলোকৰ আৰু খবৰ আছে। এটাতো শুনালোঁ – বাৰ্তালাপৰ। আনটো এইটো আছিল যে যিসকল তোমালোকৰ ভাল ভাল সেৱাৰ সঙ্গী আগতীয়া দলত গৈছে, তেওঁলোকৰ আজি সূক্ষ্মলোকত ‘হোলী’ উদ্‌যাপন কৰাৰ দিন আছিল। তোমালোকৰো যেতিয়া কিবা সুযোগ আহে তেতিয়া স্মৃতিতো আহে নহয়। নিজৰ দাদীসকলৰ, সখীসকলৰ, পাণ্ডৱসকলৰ স্মৃতিতো আহে নহয়! আগতীয়া দল বহুত ডাঙৰ হৈ গ’ল। যদি নাম লোৱা হয় তেতিয়া বহুত হ’ব। সেয়েহে সূক্ষ্মলোকত আজি সকলো প্ৰকাৰৰ আত্মা ‘হোলী’ উদ্‌যাপন কৰিবলৈ আহিছিল। সকলোৱে নিজৰ নিজৰ পুৰুষাৰ্থৰ প্ৰালব্ধ অনুসৰি ভিন্ন ভিন্ন ভূমিকা পালন কৰি আছে। আগতীয়া দলৰ ভূমিকা এতিয়ালৈকে গুপ্ত হৈ আছে। তোমালোকে ভাবা নহয় – কি কৰি আছে? তেওঁলোকে তোমালোকক আহ্বান জনাই আছে যে সম্পূৰ্ণ হৈ দিব্য জন্মৰ দ্বাৰা নতুন সৃষ্টিৰ নিমিত্ত হোৱা। সকলো নিজৰ ভূমিকাত আনন্দিত। এইটো স্মৃতি নাই যে আমি সঙ্গমযুগৰ পৰা আহিছোঁ। দিব্যতা আছে, পৱিত্ৰতা আছে, পৰমাত্ম প্ৰেম আছে, কিন্তু জ্ঞান স্পষ্টকৈ জাগ্ৰত হোৱা নাই। উপৰাম বোধ আছে, কিন্তু যদি জ্ঞান জাগ্ৰত হৈ যায় তেন্তে সকলো দৌৰি মধুবনলৈতো আহি যাব নহয়! কিন্তু এওঁলোকৰ ভূমিকা উপৰাম, জ্ঞানৰ শক্তি আছে। শক্তি কম হোৱা নাই। নিৰন্তৰ মৰ্যাদা পূৰ্বক ঘৰৰ বাতাৱৰণ, মাতা-পিতাৰ সন্তুষ্টতা আৰু স্থূল সাধনো সকলো পাইছে। মৰ্যাদাত বহুত দৃঢ়। ক্ৰমানুসৰিতো আছে কিন্তু বিশেষ আত্মাসকল দৃঢ়। উপলব্ধি কৰে যে আমাৰ পূৰ্বজন্ম আৰু পুনৰ্জন্ম মহান আৰু মহান হৈ থাকিব। চেহেৰাৰ ফালৰ পৰাও গৰিষ্ঠসংখ্যককে অভিজাত পৰিয়ালৰ তৃপ্ত আত্মা, ভৰপূৰ আত্মা, হৰ্ষিত আত্মা আৰু দিব্য গুণ সম্পন্ন আত্মাৰ ৰূপত দেখা যায়। এয়াতো হ’ল তেওঁলোকৰ ইতিহাস, কিন্তু সূক্ষ্মলোকত কি হ’ল? ‘হোলী’ কেনেকৈ উদ্‌যাপন কৰিলে? তোমালোকে দেখিছা চাগৈ যে ‘হোলী’ত বিভিন্ন ৰঙৰ, শুকান ৰং, থালিত ভৰপূৰ কৰি ৰাখে। গতিকে সূক্ষ্মলোকতো যেনেকৈ শুকান ৰং থাকে নহয় – এনেকুৱা বহুত মিহি জিলিকি থকা হীৰা আছিল কিন্তু গধুৰ নহয়, যেনেকৈ ৰং হাতত তুলি ল’লে তেতিয়া পাতল হয় নহয়! তেনেকৈ বিভিন্ন ৰঙৰ হীৰাৰ থালি ভৰপূৰ হৈ আছিল। গতিকে যেতিয়া সকলো আহি গ’ল, তেতিয়া সূক্ষ্মলোকৰ স্বৰূপ কেনেকুৱা হয়, জানানে? আলোকৰে হয় নহয়! দেখিছা নহয়! গতিকে আলোকৰ প্ৰকাশময় কায়াতো প্ৰথমৰ পৰাই জলিকি থাকে। সেয়েহে বাপদাদাই সকলোকে নিজৰ সঙ্গমযুগী শৰীৰত প্ৰকট কৰিলে। যেতিয়া সঙ্গমযুগী শৰীৰত প্ৰকট হ’ল তেতিয়া পৰস্পৰ মিলন উদ্‌যাপন কৰিবলৈ ধৰিলে। আগতীয়া দলৰ জন্মৰ কথা পাহৰি গ’ল আৰু সঙ্গমৰ কথা জাগ্ৰত হৈ গ’ল। গতিকে তোমালোকে বুজি পোৱা যে যেতিয়া ইজনে সিজনে সঙ্গমযুগৰ কথাবোৰ ৰোমন্থন কৰে তেতিয়া কিমান আনন্দিত হৈ যায়। বহুত আনন্দেৰে ইজনে সিজনৰ লগত লেনদেন কৰি আছিল। বাপদাদায়ো দেখিলে – এওঁলোক বৰ আনন্দ-উল্লাসত আহি গ’ল গতিকে এওঁলোকক মিলন উদ্‌যাপন কৰিবলৈ দিয়া। পৰস্পৰ নিজৰ জীৱনৰ বহুত কাহিনী ইজনে সিজনক শুনাই আছিল, বাবাই এনেকৈ ক’লে, বাবাই এনেকৈ মোক মৰম কৰিলে, শিক্ষা দিলে। বাবাই এনেকৈ কয়, বাবা বাবা, বাবা বাবাই আছিল। কিছু সময়ৰ পাছত কি হ’ল? সকলোৰে সংস্কাৰতো তোমালোকে গম পোৱা। তেন্তে দলত সকলোতকৈ ৰমণীয় কোন আছিল? (দীদী আৰু চন্দ্ৰমণী দাদী) তেতিয়া দাদী প্ৰথমে উঠিল। চন্দ্ৰমণী দাদীৰ হাতত ধৰিলে আৰু ৰাস আৰম্ভ কৰি দিলে। আৰু দীদী যেনেকৈ ইয়াত নিচাত গুচি গৈছিল নহয়, তেনেকৈ নিচাত খুব ৰাস কৰিলে। মামাক মাজত ল’লে আৰু চক্ৰ লগালে, লুকা-ভাকু খেলিলে আৰু বাপদাদায়ো চাই চাই বহুত মিচিকিয়াই আছিল। ‘হোলী’ উদ্‌যাপন কৰিবলৈ আহিছে গতিকে খেলিলেও। কিছু সময়ৰ পাছত সকলো বাপদাদাৰ বাহুত সমাহিত হৈ গ’ল আৰু সকলো একেবাৰে স্নেহত লীন হৈ গ’ল আৰু তাৰপাছত আকৌ বাপদাদাই সকলোৰে ওপৰত বিভিন্ন ৰঙৰ যি হীৰা আছিল, বহুত মিহি আছিল, যেনেকৈ কোনো বস্তুৰ গুৰি থাকে নহয়, এনেকুৱা আছিল। কিন্তু জিলিকনি বহুত আছিল সেয়া বাপদাদাই সকলোৰে ওপৰত চটিয়াই দিলে। গতিকে জিলিকি থকা শৰীৰ আছিল নহয় সেয়েহে তাৰ ওপৰত বিভিন্ন ৰঙৰ হীৰা চটিয়াই দিয়া বাবে সকলো যেন সজ্জিত হৈ গ’ল। ৰঙা, হালধীয়া, সেউজীয়া… যাক সাত ৰং বুলি কয় নহয়। তাত সাতোটা ৰঙেই আছিল। গতিকে সকলো এনেকৈ চিকমিকাই গ’ল যে সত্যযুগতো এনেকুৱা সাজপাৰ নাথাকিব। সকলো আনন্দ-উল্লাসততো আছিলেই। আকৌ ইজনে সিজনকো চটিয়াবলৈ ধৰিলে। ৰমণীয় ভগ্নীওতো বহুত আছিল নহয়। বহুত আনন্দ-উল্লাস কৰিলে। আনন্দ-উল্লাসৰ পাছত কি হয়? বাপদাদাই আগতীয়াকৈ সকলোকে ভোগ খুৱালে, তোমালোকেতো কালিলৈ ভোগ আগবঢ়াবা নহয় কিন্তু বাপদাদাই মধুবনৰ, সঙ্গমযুগৰ ভিন্ন ভিন্ন ভোগ সকলোকে খুৱালে আৰু তাৰ ভিতৰতো বিশেষ ‘হোলী’ৰ ভোগ কি? (ঘেবৰ-জিলেপি) তোমালোকে গোলাপৰ ফুলো দিয়া নহয়। গতিকে সঙ্গমযুগৰেই বিভিন্ন ভোগ খুৱালে। তোমালোকতকৈ আগতে ভোগ তেওঁলোকে লৈ ল’লে, তোমালোকে কালিলৈ পাবা। বাৰু। মুঠতে বহুত উদ্‌যাপন কৰিলে, নাচিলে, গালে। সকলোৱে মিলি ‘বাঃ বাবা’, ‘মোৰ বাবা’, ‘মিঠা বাবা’ৰ গীত গালে। তেন্তে নাচিলে, গালে, খালে আৰু অন্তত কি হয়? শুভেচ্ছা জনাই বিদায় লয়। তেন্তে তোমালোকেও উদ্‌যাপন কৰিলা নে কেৱল শুনিলা? কিন্তু প্ৰথমে এতিয়া ফৰিস্তা হৈ প্ৰকাশময় শৰীৰধাৰী হৈ যোৱা। হ’ব পাৰা নে নোৱাৰা? শৰীৰ শকত নেকি? নহয়। চেকেণ্ডত জিলিকি থকা ‘ডবল লাইট’ স্বৰূপ হৈ যোৱা। হ’ব পাৰানে? একেবাৰে ফৰিস্তা। (বাপদাদাই সকলোকে ড্ৰিল কৰালে)

এতিয়া নিজৰ ওপৰত ভিন্ন ভিন্ন ৰঙৰ চিকমিকাই থকা হীৰা সূক্ষ্ম শৰীৰত চটিয়াই দিয়া আৰু সদায় এনেকৈ দিব্য গুণৰ ৰং, শক্তিৰ ৰং জ্ঞানৰ ৰঙেৰে নিজক ৰঙীন কৰি ৰাখিবা। আৰু সকলোতকৈ শ্ৰেষ্ঠ ৰং বাপদাদাৰ সঙ্গৰ ৰঙত ৰঙীন হৈ থাকা। এনেকৈ অমৰ হোৱা। বাৰু।

এনেকুৱা দেশ-বিদেশৰ ফৰিস্তা স্বৰূপ সন্তানসকলক, সদায় নিকা অন্তৰ, প্ৰাপ্তি সম্পন্ন সন্তানসকলক, সঁচা ‘হোলী’ উদ্‌যাপন কৰা অৰ্থাৎ অৰ্থ সহিত চিত্ৰ প্ৰত্যক্ষ ৰূপত আনোঁতা সন্তানসকলক, সদায় নিৰ্মাণ আৰু নম্ৰতাৰ সন্তুলন ৰাখোঁতা সন্তানসকলক, সদায় আশীৰ্বাদৰ পুণ্যৰ পুঁজি জমা কৰোঁতা সন্তানসকলক বহুত বহুত পদমগুণ স্নেহ সহিত স্মৰণ আৰু নমস্কাৰ।

বৰদান:
মধুৰতাৰ দ্বাৰা পিতাৰ সমীপতাৰ সাক্ষাৎকাৰ কৰাওঁতা মহান আত্মা হোৱা

যিসকল সন্তানৰ সংকল্পতো মধুৰতা, বাণীতো মধুৰতা আৰু কৰ্মতো মধুৰতা আছে তেওঁলোকেই পিতাৰ সমীপৰ। সেইবাবে পিতায়ো তেওঁলোকক নিতৌ কয় - মৰমৰ সন্তান আৰু সন্তানেও সঁহাৰি জনায় – মৰমৰ বাবা। গতিকে এই নৈমিত্তিক মধুৰ বাণীয়ে মধুৰতা সম্পন্ন কৰি তোলে। এনেকৈ মধুৰতা প্ৰত্যক্ষ কৰোঁতা শ্ৰেষ্ঠ আত্মাসকলেই মহান হয়। মধুৰতাই মহানতা। মধুৰতা নাথাকিলে মহানতাৰ অনুভৱ নহয়।

স্লোগান:
যি কোনো কাৰ্য ‘ডবল লাইট’ হৈ কৰা তেতিয়া মনোৰঞ্জনৰ অনুভৱ কৰিবা।


কৰ্মযোগী হ’বলৈ আজিৰ অব্যক্ত সংকেত:

কৰ্মযোগী হৈ কৰ্মৰ ভূমিকা পালন কৰিবা কিন্তু যেতিয়া আজৰি পোৱা তেতিয়া সূক্ষ্মলোক বা মূললোকলৈ গুচি যোৱা। যেনেকৈ কামৰ পৰা আজৰি পালে ঘৰলৈ গুচি যোৱা নহয়। কাৰ্যালয়ৰ কাম পূৰা হ’ল, ঘৰলৈ গুচি গ’লা। তেনেকৈ স্মৃতি থাকিব লাগে যে মোৰ পৰমধাম ঘৰ এতিয়া সন্মুখত আছে। এতিয়াই ইয়াত, এতিয়াই তাত। সাকাৰী লোকৰ কোঠালিৰ পৰা ওলাই মূললোকৰ কোঠালিলৈ গুচি গ’লা।