23.06.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোকৰ প্ৰথম পাঠ হৈছে - মই আত্মা, শৰীৰ নহয়, আত্ম-অভিমানী হৈ থাকিলে পিতাৰ স্মৃতি
থাকিব”
প্ৰশ্ন:
তোমালোক
সন্তানসকলৰ কোনটো গুপ্ত সম্পদ আছে, যিটো মনুষ্যৰ নাই?
উত্তৰ:
তোমালোকক ভগৱান পিতাই পঢ়ায়, সেই পঢ়াৰ আনন্দৰ গুপ্ত সম্পদ তোমালোকৰ আছে। তোমালোকে
জানা যে আমি যি পঢ়ি আছোঁ সেয়া ভৱিষ্যত অমৰলোকৰ বাবে, এই মৃত্যুলোকৰ বাবে নহয়। পিতাই
কয় - পুৱাতে উঠি ফুৰা-চকা কৰা, কেৱল প্ৰথম পাঠটি স্মৃতিত ৰাখা তেতিয়া আনন্দৰ সম্পদ
জমা হৈ গৈ থাকিব।
ওঁম্শান্তি।
পিতাই
সন্তানসকলক সোধে – সন্তানসকল, আত্ম-অভিমানী হৈ বহিছানে? নিজক আত্মা বুলি বুজি
বহিছানে? আমাক অৰ্থাৎ আত্মাসকলক পৰমাত্মা পিতাই পঢ়াই আছে, সন্তানসকলৰ এইটো স্মৃতি
উদয় হৈছে যে আমি দেহ নহয়, আত্মা। সন্তানসকলক আত্ম-অভিমানী কৰি তুলিবৰ কাৰণেই
পৰিশ্ৰম কৰিবলগীয়া হয়। সন্তানসকল আত্ম-অভিমানী হৈ থাকিব নোৱাৰে। বাৰে বাৰে
দেহ-অভিমানত আহি যায়, সেইবাবে বাবাই সোধে - আত্ম-অভিমানী হৈ থাকানে? আত্ম-অভিমানী
হ'লে তেতিয়া পিতাৰ স্মৃতি আহিব, যদি দেহ-অভিমানী হোৱা তেন্তে লৌকিক সম্বন্ধীয়সকল
স্মৃতিলৈ আহিব। প্ৰথমতে এইটো স্মৃতিত ৰাখিবলগীয়া হয়, আমি আত্মা। মোৰ অৰ্থাৎ
আত্মাতেই 84 জন্মৰ ভূমিকা নিহিত হৈ আছে। এইটো দৃঢ় কৰিব লাগে যে মই আত্মা। আধাকল্প
তোমালোক দেহ-অভিমানী হৈ আছা। এতিয়া কেৱল সংগমযুগতহে সন্তানসকলক আত্ম-অভিমানী কৰি
তোলা হয়। নিজক দেহ বুলি ভাবিলে পিতা স্মৃতিলৈ নাহিব, সেইবাবে পোন প্ৰথমে এইটো পাঠ
দৃঢ় কৰি লোৱা যে মই আত্মা বেহদৰ পিতাৰ সন্তান। দেহৰ পিতাক স্মৰণ কৰিবলৈ কেতিয়াও
শিকোৱা নহয়। এতিয়া পিতাই কয় – মোক অৰ্থাৎ পাৰলৌকিক পিতাক স্মৰণ কৰা, আত্ম-অভিমানী
হোৱা। দেহ-অভিমানী হ'লে দেহৰ সম্বন্ধ স্মৃতিলৈ আহিব, নিজক আত্মা বুলি বুজা আৰু
পিতাক স্মৰণ কৰা, এয়াই হৈছে পৰিশ্ৰম। এয়া কোনে বুজাই আছে, আমাৰ অৰ্থাৎ আত্মাসকলৰ
পিতাই, যাক সকলোৱে স্মৰণ কৰে যে বাবা আহক, আহি এই দুখৰ পৰা মুক্ত কৰক। সন্তানসকলে
জানে যে এই পঢ়াৰ দ্বাৰা আমি ভৱিষ্যতে উচ্চ পদ লাভ কৰোঁ।
এতিয়া তোমালোক
পুৰুষোত্তম সংগমযুগত আছা। এই মৃত্যুলোকত এতিয়া একেবাৰে থাকিব নালাগে। আমাৰ এই পঢ়া
হৈছেই ভৱিষ্যত 21 জন্মৰ বাবে। আমি সত্যযুগ অমৰলোকৰ বাবে পঢ়ি আছোঁ। অমৰ বাবাই আমাক
জ্ঞান শুনাই আছে গতিকে ইয়াত যেতিয়া বহা তেতিয়া নিজক আত্মা বুলি বুজি পিতাৰ স্মৃতিত
থাকিব লাগে তেতিয়াহে বিকৰ্ম বিনাশ হ'ব। আমি এতিয়া সংগমযুগত আছোঁ। বাবাই আমাক
পুৰুষোত্তম কৰি আছে। বাবাই কয় - মোক স্মৰণ কৰিলে তোমালোক পুৰুষোত্তম হৈ যাবাগৈ। মই
মনুষ্যৰ পৰা দেৱতা কৰি তুলিবলৈ আহিছোঁ। সত্যযুগত তোমালোক দেৱতা আছিলা, এতিয়া জানা
যে কেনেকৈ তোমালোক ছিৰি নামি আহিলা। আমাৰ আত্মাত 84 জন্মৰ ভূমিকা নিহিত হৈ আছে।
জগতত কোনেও নাজানে, সেই ভক্তিমাৰ্গ বেলেগ, এই জ্ঞানমাৰ্গ বেলেগ। যিসকল আত্মাক পিতাই
পঢ়ায় তেওঁলোকে জানে, আন কোনেও নাজানে। এয়া হৈছে গুপ্ত সম্পদ ভৱিষ্যতৰ বাবে। তোমালোকে
পঢ়াই অমৰলোকৰ বাবে, এই মৃত্যুলোকৰ বাবে নহয়। এতিয়া পিতাই কয় - ৰাতিপুৱা উঠি ফুৰা-চকা
কৰা। প্ৰথম পাঠ এইটো স্মৃতিলৈ আনা যে মই আত্মা, শৰীৰ নহয়। আমাৰ আত্মিক পিতাই আমাক
পঢ়ায়। এই দুখৰ সৃষ্টি এতিয়া পৰিৱৰ্তন হ'ব। সত্যযুগ হৈছে সুখৰ সৃষ্টি, বুদ্ধিত গোটেই
জ্ঞান আছে। এয়া হৈছে আধ্যাত্মিক জ্ঞান। পিতা জ্ঞানৰ সাগৰ আধ্যাত্মিক পিতা। তেওঁ হৈছে
আত্মাৰ পিতা। বাকীতো সকলো দেহৰে সম্বন্ধীয় হয়। এতিয়া দেহৰ সম্বন্ধ ত্যাগ কৰি এজনৰ
সৈতে সম্বন্ধ গঢ়িব লাগে। গায়নো কৰে যে মোৰতো এজনেই দ্বিতীয় কোনো নাই। আমি এজন
পিতাকেই স্মৰণ কৰোঁ। দেহকো স্মৰণ নকৰোঁ। এই পুৰণি দেহতো ত্যাগ কৰিব লাগে। এইটোও
তোমালোকে জ্ঞান পাইছা। এই শৰীৰ কেনেকৈ এৰিব লাগে। স্মৰণ কৰি কৰি শৰীৰ এৰি দিব লাগে,
সেইবাবে বাবাই কয় - আত্ম-অভিমানী হোৱা। নিজৰ ভিতৰত মন্থন কৰি থাকা - পিতা, বীজ আৰু
বৃক্ষক স্মৰণ কৰিব লাগে। শাস্ত্ৰবোৰত এই কল্প বৃক্ষৰ বৃত্তান্ত আছে।
এইটোও সন্তানসকলে জানে
যে আমাক জ্ঞান সাগৰ পিতাই পঢ়ায়। কোনো মনুষ্যই নপঢ়ায়। এইটো দৃঢ় কৰি ল'ব লাগে। পঢ়িবতো
লাগে নহয়। সত্যযুগতো দেহধাৰীয়ে পঢ়ায়, এওঁ (শিৱবাবা) দেহধাৰী নহয়। এওঁ কয় - মই পুৰণি
দেহৰ আধাৰ লৈ তোমালোকক পঢ়াওঁ। কল্পই কল্পই মই তোমালোকক এনেকৈ পঢ়াওঁ। আকৌ কল্পৰ পাছতো
এনেকৈ পঢ়াম। এতিয়া মোক স্মৰণ কৰিলে তোমালোকৰ বিকৰ্ম বিনাশ হ'ব, মইহে পতিত-পাৱন হওঁ।
মোকেই সৰ্ব শক্তিমান বুলি কয়। কিন্তু মায়াও কম নহয়, মায়াও শক্তিমান হয়, ক’ৰ পৰা
বগৰাই দিলে। এতিয়া স্মৃতিলৈ আহে নহয়। 84 চক্ৰৰো গায়ন আছে। এয়া মনুষ্যৰে কথা। অনেকে
সোধে, জীৱ-জন্তুবোৰৰ কি হ’ব। হেৰ’, ইয়াত জীৱ-জন্তুৰ কথা নাই। পিতায়ো সন্তানসকলৰ সৈতে
কথা পাতে, বাহিৰৰ সকলেতো পিতাক নাজানেই, তেন্তে তেওঁলোকে কি কথা পাতিব। কোনোবাই ক’ব
- আমি পিতাক সাক্ষাৎ কৰিব বিচাৰো, এতিয়া একোৱেই নাজানে, বহি অপ্ৰয়োজনীয় প্ৰশ্ন
সুধিব। 7 দিনৰ পাঠ্যক্ৰম কৰাৰ পাছতো সম্পূৰ্ণকৈ একো বুজি নাপায় যে এওঁ আমাৰ বেহদৰ
পিতা। যিসকল পুৰণা ভক্ত আছে, যিসকলে বহুত ভক্তি কৰিছে তেওঁলোকৰ বুদ্ধিততো জ্ঞানৰ
সকলো কথা ধাৰণ হৈ যায়। যদি ভক্তি কমকৈ কৰিছে তেন্তে বুদ্ধিত কমকৈ ধাৰণ হ’ব। তোমালোক
হৈছা সকলোতকৈ বেছি পুৰণা ভক্ত। গায়নো কৰা হয় যে ভগৱান ভক্তিৰ ফল দিবলৈ আহে। কিন্তু
কোনোবাই এইটো জানে জানো। জ্ঞানমাৰ্গ আৰু ভক্তিমাৰ্গ একেবাৰেই পৃথক। গোটেই জগত আছে
ভক্তিমাৰ্গত। কোটিৰ মাজত কোনোবা আহি এয়া পঢ়ে। বুজনিতো অতি মিঠা। 84 জন্মৰ চক্ৰও
মনুষ্যইহে জানিব নহয়। তোমালোকে আগতে একো জনা নাছিলা, শিৱকো জনা নাছিলা। শিৱৰ মন্দিৰ
কিমান অনেক আছে। শিৱৰ পূজা কৰে, জল অৰ্পণ কৰে, শিৱায়ে নমঃ কৰে, কিয় পূজা কৰে,
একোৱেই নাজানে। লক্ষ্মী-নাৰায়ণৰ পূজা কিয় কৰে, তেওঁলোক ক’লৈ গ’ল, একোৱেই নাজানে।
ভাৰতবাসীয়েই আছে যিয়ে নিজৰ পূজ্যসকলক একেবাৰে নাজানে। খ্ৰীষ্টানসকলে জানে,
যীশুখ্ৰীষ্ট অমুক চনত আহিছিল, আহি প্ৰতিষ্ঠা কৰিলে। শিৱবাবাক কোনেও নাজানে।
পতিত-পাৱন বুলিও শিৱকেই কয়। তেৱেঁই উচ্চতকৈও উচ্চ হয় নহয়। তেওঁৰ সকলোতকৈ বেছি সেৱা
কৰে। সকলোৰে সৎগতি দাতা। তোমালোকক চোৱা কেনেকৈ পঢ়ায়। পিতাক আহ্বানো জনায় যে আহি
পাৱন কৰি তোলক। মন্দিৰত কিমান পূজা কৰে, কিমান ধুমধামেৰে, কিমান খৰচ কৰে। শ্ৰীনাথৰ
মন্দিৰত, জগন্নাথৰ মন্দিৰত গৈ চোৱা। হওঁতে এজনেই। জগন্নাথনাথৰ ওচৰত চাউলৰ চৰু
আগবঢ়ায়। শ্ৰীনাথততো বহুত সামগ্ৰী তৈয়াৰ কৰে। পাৰ্থক্য কিয় হয়? কাৰণ থাকিব লাগে নহয়।
শ্ৰীনাথকো ক’লা বৰণীয়া, জগন্নাথকো ক’লা বৰণীয়া কৰি দিয়ে। কাৰণতো একোৱেই নুবুজে।
জগত-নাথ বুলি লক্ষ্মী-নাৰায়ণকহে কয় নে ৰাধা-কৃষ্ণক কোৱা হ’ব? ৰাধা-কৃষ্ণ,
লক্ষ্মী-নাৰায়ণৰ সম্বন্ধ কি, এইটোও কোনেও নাজানে। এতিয়া তোমালোক সন্তানসকলে গম পাইছা
যে আমি পূজ্য দেৱতা আছিলোঁ আকৌ পূজাৰী হলোঁ। চক্ৰ পৰিক্ৰমা লগালোঁ। এতিয়া পুনৰ দেৱতা
হ’বৰ কাৰণে আমি পঢ়োঁ। এয়া কোনো মনুষ্যই নপঢ়ায়। ভগৱানুবাচ (ভগৱানে কয়)। জ্ঞান সাগৰ
বুলিও ভগৱানক কোৱা হয়। ইয়াততো ভক্তিৰ সাগৰ বহুত আছে যিয়ে পতিত-পাৱন জ্ঞান সাগৰ
পিতাক স্মৰণ কৰে। তোমালোক পতিত হৈ গ’লা আকৌ পাৱন নিশ্চয় হ’ব লাগে। এয়া হয়েই পতিত
সৃষ্টি। এয়া স্বৰ্গ নহয়। বৈকুণ্ঠ ক’ত আছে, এইটো কোনেও গম নাপায়। এনেকৈ কয় যে
বৈকুণ্ঠলৈ গ’ল। তেন্তে আকৌ নৰকৰ ভোজন আদি তোমালোকে তেওঁক (মৃতকৰ আত্মাক) কিয় খাবলৈ
দিয়া। সত্যযুগততো অনেক ফল-ফুল আদি থাকে। ইয়াত কি আছে? এয়া হৈছে নৰক। এতিয়া তোমালোকে
জানা যে বাবাৰ দ্বাৰা আমি স্বৰ্গবাসী হোৱাৰ পুৰুষাৰ্থ কৰি আছোঁ। পতিতৰ পৰা পাৱন হ’ব
লাগে। পিতাই যুক্তিতো শুনাইছে – কল্পই কল্পই পিতায়ো যুক্তি শুনায়। মোক স্মৰণ কৰিলে
বিকৰ্ম বিনাশ হ’ব। এতিয়া তোমালোকে জানা যে আমি পুৰুষোত্তম সংগমযুগত আছোঁ। তোমালোকেই
কোৱা যে বাবা আমি 5 হাজাৰ বছৰ পূৰ্বে এয়া (দেৱী-দেৱতা) হৈছিলোঁ। তোমালোকেহে জানা যে
কল্পই কল্পই এই অমৰকথা বাবাৰ পৰা শুনোঁ। শিৱবাবাহে অমৰনাথ হয়। বাকী এনেকুৱা নহয় যে
পাৰ্ৱতীক বহি কথা শুনায়। সেয়া হৈছে ভক্তি। জ্ঞান আৰু ভক্তিক তোমালোকে বুজিছা।
ব্ৰাহ্মণৰ দিন আকৌ ব্ৰাহ্মণৰ ৰাতি। পিতাই বুজায় - তোমালোক ব্ৰাহ্মণ নোহোৱা জানো। আদি
দেৱো ব্ৰাহ্মণেই আছিল, দেৱতা বুলি কোৱা নহ’ব। আদি দেৱৰ ওচৰলৈও যায়, দেৱীসকলৰো কিমান
নাম আছে। তোমালোকে সেৱা কৰিছা সেইকাৰণে তোমালোকৰ গায়ন আছে, ভাৰত যি নিৰ্বিকাৰী আছিল
সেয়া আকৌ বিকাৰী হৈ গ’ল। এতিয়া ৰাৱণৰাজ্য নহয় জানো।
সংগমযুগত তোমালোক
সন্তানসকল এতিয়া পুৰুষোত্তম হৈ যোৱা, তোমালোকৰ ওপৰত বৃহস্পতিৰ অবিনাশী দশা চলে
সেয়েহে তোমালোক অমৰপুৰীৰ মালিক হৈ যোৱা। পিতাই তোমালোকক পঢ়াই আছে, মনুষ্যৰ পৰা দেৱতা
কৰি তুলিবলৈ। স্বৰ্গৰ মালিক হোৱাটোক বৃহস্পতিৰ দশা বুলি কোৱা হয়। তোমালোক স্বৰ্গ
অমৰপুৰীলৈতো নিশ্চয় যাবা। বাকী পঢ়াত দশা তল-ওপৰ হৈ থাকে। স্মৃতিয়েই পাহৰি যায়।
পিতাই কৈছে - মোক স্মৰণ কৰা। গীতাতো আছে ভগৱানুবাচ - কাম মহাশত্ৰু। পঢ়েও কিন্তু
বিকাৰক জয় কৰে জানো। ভগৱানে কেতিয়া ক’লে? 5 হাজাৰ বছৰ হ’ল। এতিয়া পুনৰ ভগৱানে কয় -
কাম মহাশত্ৰু, ইয়াৰ ওপৰত জয়ী হ’ব লাগে। কাম বিকাৰ আদি–মধ্য–অন্ত দুখ দিওঁতা হয়।
মুখ্য হৈছে কাম বিকাৰৰ কথা, ইয়াৰ ক্ষেত্ৰতেই পতিত বুলি কোৱা হয়। এতিয়া জ্ঞাত হৈছা,
এই চক্ৰ ঘূৰি থাকে। আমি পতিত হৈ যাওঁ, পুনৰ পিতা আহি ড্ৰামা অনুসৰি পাৱন কৰি তোলে।
বাবাই বাৰে বাৰে কয়, প্ৰথমতে ‘অল্ফ’ৰ (পিতাৰ) কথা স্মৰণ কৰা, শ্ৰীমতত চলিলেহে
তোমালোক শ্ৰেষ্ঠ হ’বা। তোমালোকে এইটোও জানা যে আমি প্ৰথমে শ্ৰেষ্ঠ আছিলোঁ আকৌ
ভ্ৰষ্ট হৈ গ’লোঁ। এতিয়া পুনৰ শ্ৰেষ্ঠ হোৱাৰ পুৰুষাৰ্থ কৰি আছোঁ। দৈৱীগুণ ধাৰণ কৰিব
লাগে। কাকো দুখ দিব নালাগে। সকলোকে মাৰ্গ-দৰ্শন কৰি গৈ থাকা, পিতাই কয় - মোক স্মৰণ
কৰিলে পাপ খণ্ডন হ’ব। পতিত-পাৱন বুলি তোমালোকে মোকেই কোৱা নহয়। এইটো কোনেও নাজানে
যে পতিত-পাৱন কেনেকৈ আহি পাৱন কৰি তোলে। কল্প পূৰ্বেও পিতাই কৈছিল – মামেকম্ (কেৱল
মোক) স্মৰণ কৰা। এয়া যোগ অগ্নি, যাৰ দ্বাৰা পাপ দগ্ধ হয়। খাদ (বিকাৰৰ লেপ) আঁতৰি
গ’লে আত্মা পৱিত্ৰ হৈ যায়। খাদ সোণতহে মিহলায়। তেতিয়া অলংকাৰো তেনেকুৱাই হয়। এতিয়া
তোমালোক সন্তানসকলক পিতাই বুজাইছে যে আত্মাত কেনেকৈ খাদ মিহলি হয়, সেয়া আঁতৰাব লাগে।
পিতাৰো ড্ৰামাত ভূমিকা আছে যে আহি তোমালোক সন্তানসকলক আত্ম-অভিমানী কৰি তোলে।
পৱিত্ৰও হ’ব লাগে। তোমালোকে জানা সত্যযুগত আমি বৈষ্ণৱ আছিলোঁ। পৱিত্ৰ গৃহস্থ আশ্ৰম
আছিল। এতিয়া আমি পৱিত্ৰ হওঁ আৰু বিষ্ণুপুৰীৰ মালিক হওঁগৈ। তোমালোক দ্বৈত বৈষ্ণৱ।
সঁচা বৈষ্ণৱ হৈছা তোমালোক। তেওঁলোক হৈছে বিকাৰী বৈষ্ণৱ ধৰ্মৰ। তোমালোক হৈছা
নিৰ্বিকাৰী বৈষ্ণৱ ধৰ্মৰ। এতিয়া তোমালোকে এফালেতো পিতাক স্মৰণ কৰা আৰু পিতাৰ যি
জ্ঞান আছে সেয়া তোমালোকে ধাৰণ কৰা। তোমালোক ৰজাৰো ৰজা হোৱাগৈ। সেইসকল ৰজা অল্পকালৰ
কাৰণে হয়, এটা জন্মৰ কাৰণে। তোমালোকৰ ৰাজত্ব 21 প্ৰজন্মৰ অৰ্থাৎ সম্পূৰ্ণ কালৰ বাবে
কৃতকাৰ্য হোৱা। তাত কেতিয়াও অকাল মৃত্যু নহ’ব। তোমালোকে কালৰ ওপৰত জয়ী হোৱা। যেতিয়া
সময় হয় তেতিয়া বুজি পোৱা যে এই পুৰণা শৰীৰ এৰি নতুন ল’ব লাগে। তোমালোকৰ সাক্ষাৎকাৰ
হ’ব। সুখৰ বাদ্য বাজি থাকে। তমোপ্ৰধান শৰীৰ ত্যাগ কৰি সতোপ্ৰধান শৰীৰ ধাৰণ কৰা এয়াতো
আনন্দৰ কথা। তাত গড় আয়ুস 150 বছৰ হয়। ইয়াততো অকাল মৃত্যু হৈ থাকে, কিয়নো ভোগী হয়।
যিসকল সন্তানৰ যোগ যথাৰ্থ, তেওঁলোকৰ সকলো কৰ্মেন্দ্ৰিয় যোগবলৰ দ্বাৰা বশ হৈ থাকিব।
সম্পূৰ্ণ যোগযুক্ত হৈ থাকিলে কৰ্মেন্দ্ৰিয় শীতল হৈ যায়। সত্যযুগত তোমালোকক কোনো
কৰ্মেন্দ্ৰিয়ই প্ৰবঞ্চনা নকৰে, কেতিয়াও এনেদৰে নক’বা যে কৰ্মেন্দ্ৰিয় বশত নাই।
তোমালোকে বহুত উচ্চতকৈও উচ্চ পদ পোৱা। ইয়াক কোৱা হয় বৃহস্পতিৰ অবিনাশী দশা। বৃক্ষপতি
মনুষ্য সৃষ্টিৰ বীজৰূপ হৈছে পিতা। বীজ ওপৰত আছে, তেওঁক স্মৰণো ওপৰত কৰে। আত্মাই
পিতাক স্মৰণ কৰে। তোমালোক সন্তানসকলে জানা বেহদৰ পিতাই আমাক পঢ়ায়, তেওঁ এবাৰেই আহে
অমৰকথা শুনাবলৈ। অমৰকথা বুলি কোৱা, সত্য নাৰায়ণৰ কথা বুলি কোৱা, সেইটো কথাৰো অৰ্থ
বুজি নাপায়। সত্য-নাৰায়ণৰ কথাৰে নৰৰ পৰা নাৰায়ণ হয়। অমৰকথাৰে তোমালোক অমৰ হোৱা।
বাবাই প্ৰতিটো কথা স্পষ্ট কৰি বুজায়। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) যোগবলৰ
দ্বাৰা নিজৰ সকলো কৰ্মেন্দ্ৰিয় বশ কৰিব লাগে। এক বৃক্ষপতি পিতাৰ স্মৃতিত থাকিব লাগে।
সঁচা বৈষ্ণৱ অৰ্থাৎ পৱিত্ৰ হ’ব লাগে।
(2) পুৱাতে উঠি প্ৰথম
পাঠটি দৃঢ় কৰিব লাগে যে মই আত্মা, শৰীৰ নহয়। আমাৰ আত্মিক পিতাই আমাক পঢ়ায়, এই দুখৰ
সৃষ্টি এতিয়া পৰিৱৰ্তন হ’ব… এনেকৈ যাতে বুদ্ধিত গোটেই জ্ঞানৰ মন্থন চলি থাকে।
বৰদান:
প্ৰতিটো সম্পদ
কাৰ্যত ব্যৱহাৰ কৰি পদমৰ উপাৰ্জন কৰোঁতা পদমাপদম ভাগ্যশালী হোৱা
প্ৰতিটো চেকেণ্ডত
পদমৰ উপাৰ্জন কৰাৰ বৰদান ড্ৰামাত সংগমৰ সময়ৰ প্ৰাপ্ত হৈছে। এনে বৰদান নিজৰ প্ৰতি জমা
কৰা আৰু আনৰ প্ৰতি দান কৰা, তেনেকৈয়ে সংকল্পৰ সম্পদ, জ্ঞানৰ সম্পদ, স্থূল ধন ৰূপী
সম্পদ কাৰ্যত ব্যৱহাৰ কৰি পদমৰ উপাৰ্জন কৰা কিয়নো এই সময়ত স্থূল ধনো ঈশ্বৰৰ অৰ্থে
সমৰ্পিত কৰিলে এটি নয়া পইচা এক ৰত্নৰ সমান মূল্যৰ হৈ যায় - সেয়েহে এই সৰ্ব সম্পদ
নিজৰ প্ৰতি বা সেৱাৰ প্ৰতি কাৰ্যত ব্যৱহাৰ কৰা তেতিয়া পদমাপদম ভাগ্যশালী হৈ যাবা।
স্লোগান:
য’ত অন্তৰৰ স্নেহ আছে ত’ত সকলোৰে সহযোগ সহজে প্ৰাপ্ত হয়।
অব্যক্ত সংকেত:
আত্মিক স্থিতিত থকাৰ অভ্যাস কৰা, অন্তৰ্মুখী হোৱা
এতিয়া এনেকুৱা স্বচ্ছ
হৈ যোৱা যাতে তোমালোকৰ শৰীৰৰ ভিতৰত আত্মা বিৰাজমান হৈ আছে, সেয়া স্পষ্টকৈ সকলোৱে
দেখা পায়। তোমালোকৰ আত্মিক স্বৰূপে যাতে তেওঁলোকক নিজৰ আত্মিক স্বৰূপৰ সাক্ষাৎকাৰ
কৰায়, ইয়াকে অব্যক্ত বা আত্মিক স্থিতিৰ অনুভৱ কৰোৱা বুলি কোৱা হয়।