23.06.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোক মহান সৌভাগ্যশালী কিয়নো তোমালোকক ভগৱানে সেই পাঠ পঢ়ায় যি এতিয়ালৈকে কোনো
ঋষি-মুনিয়েও পঢ়া নাই”
প্ৰশ্ন:
ড্ৰামাৰ কোনটো
নিয়তি তোমালোক সন্তানসকলে জানা, জগতৰ মনুষ্যই নাজানে?
উত্তৰ:
তোমালোকে জানা যে এই ৰুদ্ৰ জ্ঞান যজ্ঞৰ পৰা বিনাশ জ্বালা প্ৰজ্বলিত হৈছে। এতিয়া
গোটেই পুৰণি সৃষ্টি ইয়াত স্বাহা (আহুতি) হৈ যাব। এইটো নিয়তি কোনেও বাধা দি ৰাখিব
নোৱাৰে। এয়া এনেকুৱা অশ্বমেধ অবিনাশী ৰুদ্ৰ যজ্ঞ য'ত সকলো সামগ্ৰী স্বাহা হ’ব
তাৰপাছত আমি এই পতিত সৃষ্টিলৈ নাহোঁ। ইয়াক ঈশ্বৰৰ নিয়তি নহয়, ড্ৰামাৰ নিয়তি বুলি
কোৱা হ’ব।
গীত:
মুখড়া দেখ লে
প্ৰাণী…….. (চেহেৰা চাই লোৱা প্ৰাণী.......)
ওঁম্শান্তি।
তোমালোক
সন্তানসকলো মনুষ্য। এয়া মনুষ্যৰ সৃষ্টি। এই সময়ত তোমালোক ব্ৰাহ্মণ ধৰ্মৰ মনুষ্য হৈছা।
পিতাই আত্মসকলক শিক্ষা দিয়ে। আত্মসকলে এতিয়া নিজৰ স্বধৰ্মৰ বিষয়ে জ্ঞাত যে আমি আত্মা
এই শৰীৰৰ পৰিচালক। এয়া (শৰীৰ) আত্মাৰ ৰথ। যিদৰে পিতা এই ৰথত আহি আৰোহন কৰিছে,
তোমালোক আত্মাসকলেও এই ৰথত আৰোহন কৰি আছা। মাথোন আত্মাই এইটো জ্ঞান পাহৰি গৈছে যে
মই আত্মা শান্ত স্বৰূপ হওঁ। মোৰ থকা স্থানেই হৈছে মুললোক। এই শৰীৰ মই ইয়াত লাভ কৰোঁ।
এইদৰে নিজৰ সৈতে কথা পাতিব লাগে। পিতাই কয় - তোমালোক আত্মসকল শান্ত স্বৰূপ হোৱা। যদি
তোমালোকে বিচৰা যে শান্তিত বহোঁ তেন্তে নিজক আত্মা বুলি বুজি শান্তিধামৰ নিবাসী বুলি
ভাবা। কিছুসময় শান্তিত বহিব পাৰিবা। মনুষ্যই শান্তিহে বিচাৰে। মনক শান্তি লাগে - এয়া
আত্মাই ক’লে, কিন্তু মনুষ্যই এইটো নাজানে যে মই আত্মা। এইটো পাহৰি গৈছে। এটা
কাহিনীও আছে নহয় - ৰাণীৰ ডিঙিত হাৰডাল আছিল আৰু বাহিৰত বিচাৰি আছিল। গতিকে পিতায়ো
বুজায় যে শান্তিতো তোমালোকৰ স্বধৰ্ম। সন্তানসকলে বুজিছে যে আমি আত্মসকল শান্ত
স্বৰূপ হওঁ। ইয়াত আহিছোঁ ভূমিকা পালন কৰিবলৈ। এই ইন্দ্ৰিয়সমূহৰ পৰা উৰ্দ্ধত গুচি
গ’লে তেতিয়া আত্মা শান্ত। আত্মাই নিজৰ স্বধৰ্ম শান্তিত যিমান সময় বিচাৰে স্থিত হৈ
থাকিব পাৰে। যদি বিচৰা যে মই এই শৰীৰেৰে কাম নকৰোঁ তেন্তে শান্তিত বহি যোৱা। এয়া
হৈছে সঁচা শান্তি, ইয়াক তোমালোকে বিচাৰি নুফুৰা। তোমালোকৰ স্বধৰ্ম হৈছে শান্তি।
এতিয়া ইয়াত ভূমিকা পালন কৰি আছা। পিতাৰ দ্বাৰা গম পাইছা যে আমি 84 জন্মৰ ভূমিকা
পালন কৰিলোঁ। এই 84 জন্মৰ চক্ৰৰ কথা কোনেও গম নাপায়। মাথোন তোমালোক সন্তানসকলে জানা।
প্ৰথমে আমি সূৰ্যবংশী ৰজা বা প্ৰজা আছিলোঁ তাৰপাছত আমিয়েই চন্দ্ৰবংশী, তাৰপাছত
বৈশ্যবংশী আৰু তাৰপাছত শূদ্ৰবংশী হ’লোঁ। এতিয়া পুনৰ আমি সূৰ্যবংশী হ’ব লাগে।
তোমালোক সন্তানসকলে সৃষ্টিৰ আদি-মধ্য-অন্তৰ বিষয়ে জানি গৈছা, তোমালোক কিমান
সৌভাগ্যশালী। পিতাইতো যথাৰ্থ কথা বুজায়। এয়া হয়েই সৎগতিৰ মাৰ্গ। এইটো বুজাব লাগে যে
সকলোৰে সৎগতিদাতা এজন। এতিয়া জানি গৈছা যে আমাক বাবা আহি 21 জন্মৰ বাবে সৎগতি
প্ৰাপ্ত কৰাই আছে। বাহিৰৰ মনুষ্যসকলে এই কথাবোৰ নাজানেই। তোমালোক
ব্ৰহ্মাকুমাৰ-কুমাৰীসকলে জানা। কোনোৱে সোধে - তোমালোক বি.কে.সকলে কি জানা? পৰীক্ষাতো
হ’বই লাগে যে ব্ৰাহ্মণ বা ব্ৰাহ্মণী হয় নে নহয়। যদি তোমালোক ব্ৰহ্মাৰ সন্তান হোৱা
তেন্তে সৃষ্টি চক্ৰক নিশ্চয় জানা চাগৈ। পিতা ৰচয়িতাক জানানে? ঋষি-মুনি আদিয়েতো ৰচনা
আৰু ৰচয়িতাক নাজানেই। তেন্তে তেওঁলোক নাস্তিকেই হ’ল। তোমালোকো নাস্তিক আছিলা।
তোমালোকেও ৰচয়িতা পিতা আৰু ৰচনাৰ আদি-মধ্য-অন্তক নাজানিছিলা। স্কুলত প্ৰথমে
নিৰক্ষৰেই আহে। পাছত ক’ব যে স্কুলত এয়া এয়া পঢ়িলোঁ। এতিয়া তোমালোক ঈশ্বৰীয় পঢ়াত
ব্ৰতী হৈ আছা। পৰমপিতা পৰমাত্মাই তোমালোকক পঢ়াই আছে। এইটো বুদ্ধিৰে বুজিব লাগে।
ৰচয়িতাতো একমাত্ৰ শিৱবাবাই হয়। ৰুদ্ৰই জ্ঞান যজ্ঞ ৰচিলে - এয়া শাস্ত্ৰবোৰতো আছে।
এতিয়া ৰুদ্ৰ আৰু শিৱ পৰমাত্মাৰ মাজত পাৰ্থক্যতো একো নাই। এইটোও হয় যে ৰুদ্ৰ জ্ঞান
যজ্ঞৰ পৰা বিনাশ জ্বালা প্ৰজ্বলিত হ’ল। কেৱল ৰুদ্ৰ শিৱৰ ঠাইত শ্ৰীকৃষ্ণৰ নাম দি দিছে।
হওঁতে সেইখনেই গীতা। এনেকৈ কয় যে এই জ্ঞান যজ্ঞৰ পৰা বিনাশ জ্বালা প্ৰজ্বলিত হ’ল।
গতিকে স্বৰাজ্যৰ বাবে এই জ্ঞান যজ্ঞ। ইয়াত পুৰণি সৃষ্টি স্বাহা হ’ব। যজ্ঞত সকলো
আহুতি দিয়ে অৰ্থাৎ সকলো সামগ্ৰী দি দিয়ে। সকলো স্বাহা কৰি দিয়ে। গতিকে এই ৰুদ্ৰ
জ্ঞান যজ্ঞত গোটেই পুৰণি সৃষ্টি স্বাহা হৈ যাব। এতিয়া তোমালোকে ৰাজযোগ শিকি আছা। এই
পতিত সৃষ্টিলৈ আৰু আহিব নালাগে। এইখন সৃষ্টি আকৌ নাশ হৈ যাব। তোমালোকে জানা যে
প্ৰাকৃতিক দুৰ্যোগ আদি সকলো হ’ব। এই গোটেই জ্ঞান তোমালোকৰ বুদ্ধিত ধাৰণ হ’ব লাগে।
শিৱবাবাই কয় - মোৰ বুদ্ধিতহে গোটেই জ্ঞান আছে। পিতা সত্য, চৈতন্য, জ্ঞানৰ সাগৰ হয়।
সৃষ্টিৰ আদি-মধ্য-অন্তক জানে। ঋষি-মুনীয়েতো কয় - আমি ৰচয়িতা আৰু ৰচনাক নাজানো।
তোমালোকক যদি কোনোবাই সোধে যে তোমালোকৰ কি প্ৰাপ্তি হয়? ক’বা – ডাঙৰ ডাঙৰ ঋষি-মুনী
আদিয়ে যি কৈছিল যে আমি ৰচয়িতা আৰু ৰচনাৰ আদি-মধ্য-অন্তক নাজানো সেয়া আমি জানো।
ৰচয়িতা পিতাৰ বাহিৰে ৰচনাৰ আদি-মধ্য-অন্তৰ ৰহস্য কোনেও বুজাব নোৱাৰে। ৰচয়িতাইহে
বুজাব। তোমালোকে গম পোৱা যে মাখিৰো ৰাণী থাকে। ৰাণীৰ লগত পিছে পিছে সকলো মাখি যায়।
ৰাণী অৰ্থাৎ মাকৰ লগত সিহঁতৰ কিমান সম্বন্ধ আছে। বেহদৰ পিতাও যেতিয়া আহে তেতিয়া সকলো
সন্তানক লগত লৈ যায়। তোমালোকে জানা – বাবা আহিছে, আমাক অৰ্থাৎ আত্মাসকলক শান্তিধামলৈ
লগত লৈ যাব। পুনৰ আমাৰ সত্যযুগৰ ভূমিকা আৰম্ভ হ’ব। যি ভূমিকা পালন কৰিবৰ বাবে
তোমালোকে এই দেৱী-দেৱতাৰ পদ প্ৰাপ্ত কৰি আছা। ইয়ালৈ তোমালোক আহাই মনুষ্যৰ পৰা
দেৱতাৰ পদ পাবৰ বাবে। সকলো গুণ ইয়াত ধাৰণ কৰিব লাগে। এই লক্ষ্মী-নাৰায়ণৰ দৰে হ’ব
লাগে। তেওঁলোকক দিব্যদৃষ্টি অবিহনে কোনেও চাব নোৱাৰে। এতিয়া তোমালোকে জানা যে আমি
সূৰ্যবংশী দেৱতা হ’মগৈ। তোমালোকৰ বুদ্ধিত আছে যে স্বৰ্গৰ ৰাজধানী কেনেকৈ স্থাপন হয়।
সত্যযুগত আছিলেই দেৱতাসকলৰ ৰাজ্য কিন্তু দেৱতাসকলৰ ৰাজ্যতো আকৌ ৰাক্ষস আদি দেখুৱাইছে।
এয়া কোনেও নাজানেই। ভাৰত কিমান পৱিত্ৰ আছিল, মহিমাও গায়ন কৰে - সৰ্বগুণ সম্পন্ন….।
তেওঁলোকৰ আগত নতশিৰো হয়। মন্দিৰো বহুত নিৰ্মাণ কৰা আছে। কিন্তু এইটো গম নাপায় যে
সত্যযুগৰ আদি সনাতন দেৱী-দেৱতা ধৰ্ম কেতিয়া আৰু কেনেকৈ প্ৰতিষ্ঠা হ’ল? ভাৰত যি ইমান
উচ্চ আছিল, সেই ভাৰত নীচ কেনেকৈ হ’ল? এইটো কোনেও গম নাপায়। এনেকৈ কয় যে এয়া নিয়তি
পূৰ্ব নিৰ্ধাৰিত। কাৰ নিয়তি? সেইটোও বুজি নাপায়। ড্ৰামাৰ নিয়তি বুলি বুজিলে তেতিয়া
বুজি পাব। ড্ৰামাৰ ৰচয়িতা স্ৰষ্টা, নিৰ্দেশক কোন? কেৱল কৈ দিয়ে ঈশ্বৰৰ নিয়তি। ড্ৰামা
বুলি ক’লে ড্ৰামাৰ আদি-মধ্য-অন্তক জানিব লাগে। কেৱল কিতাপ পঢ়িলেই ড্ৰামাৰ বিষয়ে গম
পাব নোৱাৰে। যেতিয়ালৈকে কোনোবাই গৈ ড্ৰামাখন নাচায়গৈ। যেনেকৈ বাতৰিকাকততো প্ৰকাশ
পাইছিল - এখন শ্ৰীকৃষ্ণৰ চৰিত্ৰৰ ড্ৰামা ৰচা হৈছে। কিন্তু নোচোৱাকৈ কোনোবাই জানো
বুজিব পাৰিব। চালে তেতিয়া বুজিব যে ড্ৰামাত এই সকলোবোৰ হ’বলগীয়া আছে। তোমালোক
সন্তানসকলেও ড্ৰামাখনক এতিয়া বুজি পোৱা। মনুষ্যই কয় – বিশ্বৰ বুৰঞ্জী-ভূগোলৰ এই
চক্ৰ ঘূৰি থাকে। কিন্তু কেনেকৈ ঘূৰে, এইটো কোনেও গম নাপায়। নামো লিখা আছে - সত্যযুগ,
ত্ৰেতা, দ্বাপৰ, কলিযুগ আকৌ সংগমযুগ। কিন্তু মনুষ্যই বুজি ল’লে যে যুগে যুগে আহে।
সত্যযুগ ত্ৰেতাৰো সংগম হয়। কিন্তু সেই সংগমৰ কোনো মহত্ত্ব নাই। তাততো একো নহয়। এই
কথাবোৰ তোমালোকে জানা - সত্যযুগী সূৰ্যবংশীসকলে পুনৰ চন্দ্ৰবংশীসকলক ৰাজ্য কেনেকৈ
দিলে? এনেকুৱা নহয় যে চন্দ্ৰবংশীসকলে সূৰ্যবংশীসকলৰ ওপৰত বিজয় প্ৰাপ্ত কৰিলে। নহয়,
চন্দ্ৰবংশীৰ যিসকল ৰজা হয় তেওঁলোকক সূৰ্যবংশী ৰজা-ৰাণীয়ে ৰাজ্য-ভাগ্যৰ তিলক লগাই
সিংহাসনত বহুৱায়। ‘ৰজা ৰাম’, ‘ৰাণী সীতা’ৰ উপাধি লাভ কৰে। কোনে দিলে? ক’ব যে
সূৰ্যবংশীসকলে হস্তান্তৰ কৰিলে, এতিয়া তোমালোকে ৰাজ্য কৰা। যিটো দৃশ্য তোমালোক
সন্তানসকলে সাক্ষাৎকাৰত দেখিছা। বাকী কোনো যুদ্ধ আদি নালাগে। যেনেকৈ কাৰোবাক
সাম্ৰাজ্য দিয়া হয় তেনেকৈ দিয়ে। তেওঁলোকৰ ভৰি আদি ধুৱাই তেওঁলোকক ৰাজ্য তিলক লগাই
দিয়ে। তাত কোনো গুৰু-গোঁসাইতো নাথাকে। এতিয়া তোমালোক সন্তানসকলৰ বুদ্ধিত আছে যে আমি
দৈৱী স্বভাৱৰ হওঁগৈ। সূৰ্যবংশী, চন্দ্ৰবংশী ৰাজ্যত আমি কিমান সুখী হ’ম। বাবাই আমাক
দুখৰ পৰা উলিয়াই সুখত লৈ যায় আন কোনেও সুখী কৰিব নোৱাৰে। সাধুলোকসকলে নিজেও বিচাৰে
– আমি শান্তিধামলৈ যাওঁ। পিতাই কয় - মই এই সাধু আদিৰো উদ্ধাৰ কৰি সকলোকে শান্তিধামলৈ
লৈ যাওঁ। সন্ন্য্যসীসকলতো আহেই দ্বাপৰত। স্বৰ্গত আমি দেৱতাসকলহে থাকোঁ। তাতো শাখা
বেলেগ বেলেগ থাকে। সূৰ্যবংশীসকলৰ বেলেগ, চন্দ্ৰবংশীসকলৰ বেলেগ আকৌ পাছলৈ ইছলামী,
বৌদ্ধি, সন্ন্যাসী আদি যিসকল আহে সকলোৰে শাখা বেলেগ বেলেগকৈ তৈয়াৰ কৰি থোৱা আছে।
যেতিয়া আমি ৰাজ্য কৰিছিলোঁ তেতিয়া আন কোনো নাছিল। মূললোকতো এনেকুৱা মালা ক্ৰমানুসৰি
তৈয়াৰ কৰি থোৱা আছে। আদি সনাতন দেৱী-দেৱতা ধৰ্মাৱলম্বীসকলৰ হৈছে প্ৰথম বংশাৱলী। আকৌ
অন্য বংশাৱলী ওলায়। এই বংশাৱলী হৈছে উচ্চতকৈও উচ্চ আৰু অন্য যিসকল ধৰ্ম প্ৰতিষ্ঠাপক
আহে - সকলো ইয়াৰ পৰা ওলোৱা। তোমালোকে ক’বা – ইছলাম ধৰ্মাৱলম্বীসকলৰ হৈছে দ্বিতীয়
নম্বৰৰ বংশাৱলী। আকৌ বৌদ্ধ ধৰ্মাৱলম্বীসকলৰ বংশাৱলী হৈছে তৃতীয় নম্বৰ। আমি হৈছোঁ
প্ৰথম, বাকী হদৰ অন্য সৰু সৰুতো লাখ লাখ হ’ব। ইয়াততো মুখ্য হৈছে চাৰিটা বংশাৱলী।
প্ৰথমে আমি আহোঁ, তাৰপাছত ইছলাম ধৰ্মাৱলম্বী, বৌদ্ধ ধৰ্মাৱলম্বী, খ্ৰীষ্টিয়ান
ধৰ্মাৱলম্বী আদি আহে। এতিয়া আমি অৱনমিত হৈ গৈছোঁ। আমিয়েই 84 জন্ম লৈ ভূমিকা পালন
কৰিবলগীয়া হয়। যিসকল এতিয়া শেষত আছে তেওঁলোকেই আকৌ প্ৰথমত হ’বগৈ। দেৱী-দেৱতাসকল
এতিয়া পতিত হোৱাৰ বাবে নিজক দেৱী-দেৱতা বুলি ক’ব নোৱাৰে। দেৱতাসকলকতো পূজা কৰে ইয়াৰ
পৰা সিদ্ধ হয় যে তেওঁলোকৰ বংশাৱলীৰ হয়। শিখসকলে গুৰুনানকক মানে, তেওঁৰ বংশাৱলীৰ হয়।
সত্যযুগত প্ৰথম নম্বৰত আমাৰ বংশাৱলী হয়। তাতকৈ উচ্চ বংশাৱলী কোনো নাথাকে। আমি
উচ্চতকৈও উচ্চ বংশাৱলীৰ হওঁ। আমি সকলোতকৈ বেছি সুখ ভোগ কৰোঁ আৰু আকৌ সেইসকলেই কঙাল
হয়। সকলোতকৈ বেছি দুখী এওঁলোকেই (আমিয়েই)। ধাৰো এওঁলোকেই লৈ থাকে। কিমান চহকী আছিল,
এতিয়া কিমান গৰিব। সকলো হেৰুৱাই পেলালে। এইখন হয়েই দুখধাম। এতিয়া পিতাই পুনৰ
তোমালোকক সুখধামৰ মালিক কৰি তোলে। বাকী সকলো শান্তিধামলৈ গুচি যাব। আধাকল্প তোমালোকে
সুখ ভোগ কৰা, বাকী সকলো শান্তিত থাকে। বিচাৰেও - আমি মুক্তিলৈ যাওঁ। সুখক কাউৰীৰ
বিষ্ঠা সম বুলি ভাবে। তেওঁলোকৰ সুখধামৰ অনুভৱেই নাই। তোমালোকৰ অনুভৱ আছে। মহিমাও
গায় কিন্তু পতিত হোৱাৰ কাৰণে পাহৰি গৈছে। এতিয়া পিতাই স্মৃতি সোঁৱৰাই দিয়ে - হে
ভাৰতবাসী, তোমালোক দেৱী-দেৱতা ধৰ্মৰ হোৱা। দ্বাপৰৰ পৰা নাম সলনি কৰি দিছে। দেৱতা
ধৰ্মৰসকলেই পতিত হৈ গ’ল। গায়নো কৰি থাকে - হে পতিত-পাৱন আহা। পিতাই কৈছে - তোমালোক
কিমান জন্ম পাৱন সৃষ্টিত আছিলা। কিমান জন্ম পতিত সৃষ্টিত আছা। এতিয়া পুনৰ পাৱন
সৃষ্টিলৈ যাব লাগে। এইখন পাঠশালাৰো পাঠশালা, যজ্ঞৰো যজ্ঞ। গোটেই পুৰণি সৃষ্টি ইয়াত
নাশ হৈ যাব। ‘হোলিকা’ দাহ কৰে, এই সকলোবোৰ পৰ্ব এতিয়াৰ হয়। আত্মা গুচি যাব, বাকী
শৰীৰ নাশ হৈ যাব। এই জ্ঞান কোনো সন্ন্য্যসী আদিয়ে দিব নোৱাৰে। ‘গীতা’ত কিছু আছে
কিন্তু আটাত নিমখৰ সমান, জ্ঞান প্ৰায় লোপ হৈ যায়। শিৱবাবাই কয় - মই এই যজ্ঞ ৰচিছোঁ,
ইয়াত তন-মন-ধন সকলোবোৰ স্বাহা কৰা, জীৱন্তে মৰি যোৱা। এই জ্ঞান তোমালোকে এতিয়া
প্ৰাপ্ত কৰি আছা। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ
স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সুখধামলৈ
যাবৰ কাৰণে নিজৰ দৈৱী স্বভাৱ গঠন কৰিব লাগে। ড্ৰামাৰ আদি-মধ্য-অন্তৰ ৰহস্য বুদ্ধিত
ৰাখি হৰ্ষিত হৈ থাকিব লাগে। সকলোকে এইটোৱে ৰহস্য বুজাব লাগে।
(2) স্বৰাজ্য ল'বৰ
কাৰণে এই বেহদৰ যজ্ঞত জীৱন্তে নিজৰ তন-মন-ধন স্বাহা কৰিব লাগে। সকলো নতুন সৃষ্টিৰ
কাৰণে স্থানান্তৰিত কৰি দিব লাগে।
বৰদান:
নিজৰ মস্তকৰ
দ্বাৰা তৃতীয় নেত্ৰৰ সাক্ষাৎকাৰ কৰাওঁতা সঁচা যোগী হোৱা
স্মাৰক ৰূপত যোগীৰ
মস্তকত তৃতীয় নেত্ৰ দেখুৱায়। তোমালোক সঁচা যোগী সন্তানসকলেও নিজৰ মস্তকৰ দ্বাৰা
তৃতীয় নেত্ৰৰ সাক্ষাৎকাৰ কৰাবৰ বাবে সদায় বুদ্ধিৰ দ্বাৰা একমাত্ৰ পিতাৰ সংগত থাকিবা।
এক হৈছে পিতা দ্বিতীয়তে মই তৃতীয় কোনো নাই, যেতিয়া এনেকুৱা স্থিতি হ'ব তেতিয়া তৃতীয়
নেত্ৰৰ সাক্ষাৎকাৰ হ'ব। যদি বুদ্ধিত কোনোবা তৃতীয়জন আহি যায় তেন্তে তৃতীয় নেত্ৰ
বন্ধ হৈ যাব, সেইবাবে সদায় যাতে তৃতীয় নেত্ৰ খোলা থাকে - তাৰ বাবে স্মৃতিত ৰাখিবা
যে তৃতীয় কোনো নাই।
স্লোগান:
প্ৰশ্নচিত হোৱা অৰ্থাৎ অশান্ত হোৱা আৰু অশান্ত কৰা।
অব্যক্ত ইংগিত: সদায়
হৰ্ষিত হৈ থাকিবলৈ নিজৰ স্বভাৱ সৰল কৰি তোলা, সহনশীল হোৱা
যিয়ে যেনেকুৱা কৰ্ম
কৰে, তেওঁৰ নামো তেনেকুৱাই হয় । কৰ্ম যদি শ্ৰেষ্ঠ হয়, তেন্তে নাম হ’ব শ্ৰেষ্ঠমণি।
শ্ৰেষ্ঠমণি হ’বলৈ মন, বাণী আৰু কৰ্মত সৰলতা আৰু সহনশীলতা—এই দুয়োটা গুণৰে আৱশ্যক।
যদি সৰলতা আছে কিন্তু সহনশীলতা নাই, তেন্তে তেওঁ শ্ৰেষ্ঠ নহয়, সেইবাবে সৰলতা আৰু
সহনশীলতা দুয়োটা একেলগে থাকিব লাগে ।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]