23.07.24 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোক সময়ত নিজৰ ঘৰলৈ উভতি যাব লাগে সেইকাৰণে স্মৃতিত থকাৰ গতি বঢ়োৱা, এই
দুখধামক পাহৰি শান্তিধাম আৰু সুখধামক স্মৰণ কৰা”
প্ৰশ্ন:
কোনটো গূঢ়
ৰহস্য তোমালোকে মনুষ্যক শুনালে তেওঁলোকৰ বুদ্ধিত আলোড়নৰ সৃষ্টি হ’ব?
উত্তৰ:
তেওঁলোকক এইটো গূঢ় ৰহস্য শুনোৱা যে আত্মা অতি সূক্ষ্ম বিন্দু, সেই আত্মাত চিৰকালৰ
ভূমিকা ভৰি আছে, যি ভূমিকা পালন কৰিয়েই থাকে। কেতিয়াও ভাগৰি নপৰে। মোক্ষ কোনেও পাব
নোৱাৰে। মনুষ্যই বহুত দুখ দেখি কয় - মোক্ষ পালেই ভাল, কিন্তু অবিনাশী আত্মাই ভূমিকা
পালন নকৰাকৈ থাকিবই নোৱাৰে। এই কথা শুনিলে তেওঁলোকৰ ভিতৰত আলোড়নৰ সৃষ্টি হ’ব।
ওঁম্শান্তি।
মৰমৰ আত্মিক
সন্তানসকলক পিতাই বুজায়, ইয়াততো হৈছে আত্মিক সন্তান। পিতাই নিতৌ বুজায়, যথাযথ এইখন
জগতত গৰিবৰ কিমান দুখ, এই বানপানী আদি আহিলে তেতিয়া গৰিবৰ দুখ হয়, তেওঁলোকৰ বয়বস্তু
আদিৰ কি অৱস্থা হয়। দুখতো হয় নহয়! অপাৰ দুখ আছে। চহকীসকলৰ সুখ আছে কিন্তু সেয়াও অলপ
সময়ৰ বাবে। চহকীসকলৰো বেমাৰ হয়, মৃত্যুও বহুত হয় - আজি অমুক মৰিল, আজি এইটো হ’ল। আজি
ৰাষ্ট্ৰপতি, কাইলৈ আসন এৰিবলগীয়া হয়। সকলোৱে আগুৰি লৈ তেওঁক পদচ্যুত কৰে। এয়াও দুখ।
পিতাই কৈছে - দুখৰো তালিকা উলিওৱা, এই দুখধামত কি কি প্ৰকাৰৰ দুখ আছে। তোমালোক
সন্তানসকলে সুখধামকো জানা, জগতৰ লোকসকলে একোৱে নাজানে। দুখধাম আৰু সুখধামৰ তুলনা
তেওঁলোকে কৰিব নোৱাৰে। পিতাই কয় - তোমালোকে সকলো জানা, এইটো মানি ল’ব যে যথাযথ সঁচা
কথাই কয়। ইয়াত যিসকলৰ ডাঙৰ ডাঙৰ ভৱন আছে, উৰাজাহাজ আদি আছে, তেওঁলোকে ভাবে কলিযুগৰ
এতিয়াও 40 হাজাৰ বছৰ বাকী আছে। তাৰপাছত সত্যযুগ আহিব। ঘোৰ অন্ধকাৰত আছে নহয়। এতিয়া
তেওঁলোকক সমীপত আনিব লাগে। অলপ সময়হে বাকী আছে। ক’ত লাখ লাখ বছৰ বুলি কয়, ক’ত
তোমালোকে পাঁচ হাজাৰ বছৰ বুলি সিদ্ধ কৰি শুনোৱা। এই 5 হাজাৰ বছৰৰ পাছত চক্ৰ
পুনৰাবৃত্তি হয়। ড্ৰামা জানো লাখ লাখ বছৰৰ হ’ব। তোমালোকে বুজি গৈছা যে যি হয় সেয়া 5
হাজাৰ বছৰতে হয়। গতিকে ইয়াত এই দুখধামত বেমাৰ আদি সকলো হয়। তোমালোকে মুখ্য কিছু কথা
লিখি দিয়া। স্বৰ্গত দুখৰ নামেই নাই। এতিয়া পিতাই বুজায় - মৃত্যু সন্মুখত থিয় হৈ আছে,
এয়া সেই গীতাৰ আখ্যানেই চলি আছে। নিশ্চয় সংগমযুগতে সত্যযুগৰ স্থাপনা হ’ব। পিতাই কয়
যে মই ৰজাৰো ৰজা কৰি তোলোঁ তেন্তে নিশ্চয় সত্যযুগৰে কৰি তুলিব নহয় জানো। পিতাই
ভালদৰে বুজায়।
এতিয়া আমি সুখধামলৈ যাওঁ। পিতাই লৈ যাব লাগে। যিয়ে নিৰন্তৰ স্মৰণ কৰে তেৱেঁই উচ্চ
পদ পাব, তাৰ বাবে পিতাই যুক্তি (উপায়) শুনাই থাকে। স্মৃতিত থকাৰ গতি বঢ়োৱা। কুম্ভৰ
মেলাতো সময়ত যাবলগীয়া হয়। তোমালোকো সময়ত যাব লাগে। এনেকুৱা নহয় যে খৰখেদাকৈ গৈ
উপস্থিত হ’বা। নহয়, এই খৰখেদা কৰাটো নিজৰ হাতত নাই। এয়াতো ড্ৰামাত নিৰ্ধাৰিত হৈ আছে।
মহিমা সকলো ড্ৰামাৰে। ইয়াত দুখ দিয়া কিমান জীৱ জন্তু আছে। সত্যযুগত এইবোৰ নাথাকে।
ভিতৰি খেয়াল কৰিব লাগে - তাত এইটো এইটো থাকিব। সত্যযুগতো স্মৃতিলৈ আহে নহয়।
সত্যযুগৰ স্থাপনা পিতাই কৰে। অন্তিমত সংক্ষেপে গোটেই জ্ঞান বুদ্ধিত আহি যাব। যেনেকৈ
বীজ কিমান সূক্ষ্ম আৰু বৃক্ষ কিমান ডাঙৰ। সেয়াতো হৈছে জড় বস্তু, এয়া হৈছে চৈতন্য।
ইয়াৰ বিষয়ে কোনেও নাজানে, কল্পৰ আয়ুস বহুত দীঘলীয়া কৰি দিছে। ভাৰতেই বহুত সুখ পায়
তেন্তে দুখো ভাৰতেই পায়। ৰোগ আদিও ভাৰততে অধিক। ইয়াত মহৰ দৰে মনুষ্য মৰে, কিয়নো
আয়ুস চুটি। ইয়াত চাফাই কৰোঁতা আৰু বিলাতৰ চাফাই কৰোঁতাসকলৰ মাজত কিমান পাৰ্থক্য আছে।
বিলাতৰ পৰা সকলো আৱিষ্কাৰ ইয়ালৈ আহে। সত্যযুগৰ নামেই হৈছে স্বৰ্গ। তাত সকলো
সতোপ্ৰধান। তোমালোকৰ সকলো সাক্ষাৎকাৰ হ’ব। এতিয়া এয়া হৈছে সংগমযুগ য’ত পিতাই বহি
আমাক বুজায়, বুজাই থাকিব, নতুন নতুন কথা শুনাই থাকিব। পিতাই কয় - দিনে-প্ৰতিদিনে
গূঢ় গূঢ় কথা শুনাওঁ। আগতে জানো জানিছিলা যে বাবা ইমান সূক্ষ্ম বিন্দু, সেই সূক্ষ্ম
বিন্দুতেই চিৰকালৰ গোটেই ভূমিকা ভৰি আছে। তোমালোকে ভূমিকা পালন কৰি আহিছা, তোমালোকে
যিকোনো লোককে শুনালে তেওঁলোকৰ বুদ্ধিত আলোড়নৰ সৃষ্টি হ’ব যে এওঁলোকে কি কয়, ইমান
সূক্ষ্ম বিন্দুত গোটেই ভূমিকা ভৰি আছে, যি পালন কৰিয়েই থাকে, কেতিয়াও ভাগৰি নপৰে!।
কোনেও নাজানে। এতিয়া তোমালোক সন্তানসকলে বুজি গৈ থাকা যে আধাকল্প হৈছে সুখ, আধাকল্প
হৈছে দুখ। বহুত দুখ দেখা বাবেই মনুষ্যই কয় - ইয়াতকৈতো মোক্ষ পোৱাই ভাল। যেতিয়া
তোমালোক সুখত, শান্তিত থাকিবা তাত এনেকৈ ক'বা জানো? এই গোটেই জ্ঞান এতিয়া তোমালোকৰ
বুদ্ধিত আছে। যিদৰে পিতা বীজ হোৱাৰ কাৰণে তেওঁৰ গোটেই বৃক্ষৰ জ্ঞান আছে। বৃক্ষ আৰ্হি
ৰূপত দেখুৱাইছে। ডাঙৰকৈ জানো দেখুৱাব পাৰিব! বুদ্ধিত গোটেই জ্ঞান আহি যায়। গতিকে
তোমালোক সন্তানসকলৰ কিমান বিশাল বুদ্ধি হ’ব লাগে। কিমান বুজাবলগীয়া হয় – অমুক অমুক
ইমান সময়ৰ পাছত আকৌ ভূমিকা পালন কৰিবলৈ আহে, এইখন কিমান বিশাল ড্ৰামা। এই গোটেই
ড্ৰামাখন কেতিয়াও কোনেও চাবও নোৱাৰে। অসম্ভৱ। দিব্য দৃষ্টিৰেতো ভাল বস্তু চোৱা যায়।
গণেশ, হনুমান এই সকলোবোৰ হৈছে ভক্তিমাৰ্গৰ। কিন্তু মনুষ্যৰ সেইবোৰৰ প্ৰতি ভাৱনা জাগি
উঠিছে, গতিকে এৰিব নোৱাৰে। এতিয়া তোমাোলোক সন্তানসকলে পুৰুষাৰ্থ কৰিব লাগে, কল্প
পূৰ্বৰ দৰে পদ পাবৰ বাবে পঢ়িব লাগে। তোমালোকে জানা যে প্ৰত্যেকেই পুনৰ্জন্মতো ল’বই
লাগে। কেনেকৈ ছিৰি তললৈ নামি আহিলা এয়াতো সন্তানসকলে জানে। যিয়ে নিজে জানে তেওঁ আনকো
বুজাবলৈ লাগি যাব। কল্প পূৰ্বেও এয়াই কৰিছিল। এনেকৈ যাদুঘৰ সাজি কল্প পূৰ্বেও
সন্তানসকলক বুজাইছিল। পুৰুষাৰ্থ কৰি থাকে আৰু কৰিয়ে থাকিব। ড্ৰামাত নিৰ্ধাৰিত হৈ আছে।
এনেকৈতো বহুত হৈ যাব। অলিয়ে-গলিয়ে, ঘৰে ঘৰে এই স্কুল হ’ব। মাত্ৰ ধাৰণা কৰাৰ কথা।
এনেকৈ কোৱা যে আপোনালোকৰ দুজন পিতা আছে, জ্যেষ্ঠ কোনজন হ’ল? তেওঁকেই মিনতি কৰে - দয়া
কৰক, কৃপা কৰক। পিতাই কয় – খুজিলে একো নাপাবা। মইতো মাৰ্গ দেখুৱাই দিছোঁ। মই
আহোঁৱেই মাৰ্গ-দৰ্শন কৰাবলৈ। গোটেই বৃক্ষৰ জ্ঞান তোমালোকৰ বুদ্ধিত আছে।
পিতাই কিমান পৰিশ্ৰম কৰি থাকে। বাকী অলপ সময় আছে। মোক সেৱাধাৰী সন্তান লাগে। ঘৰে ঘৰে
গীতা পাঠশালা হ’ব লাগে। বাকী চিত্ৰ আদি ৰাখিব নালাগে, কেৱল বাহিৰত লিখি দিয়া। এই
বেজেই হৈছে চিত্ৰ। অন্তিমৰ ফালে এই বেজেই তোমালোকৰ কামত আহিব। ইঙ্গিতৰ কথা। বুজিব
পৰা যায় যে বেহদৰ পিতাই নিশ্চয় স্বৰ্গহে ৰচিব। গতিকে পিতাক স্মৰণ কৰিলে তেতিয়াহে
স্বৰ্গলৈ যাবা নহয়। এইটোতো বুজি পোৱা যে আমি পতিত, স্মৃতিৰেহে পাৱন হ’ম অন্য কোনো
উপায় নাই। স্বৰ্গ হৈছে পাৱন সৃষ্টি, স্বৰ্গৰ মালিক হ’বলৈ নিশ্চয় পাৱন হ’ব লাগে।
স্বৰ্গলৈ যাবলগীয়াসকলে আকৌ নৰকত কেনেকৈ ডুবিব সেইকাৰণে কোৱা হয় ‘মনমনাভৱ’। বেহদৰ
পিতাক স্মৰণ কৰিলে অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হৈ যাব। স্বৰ্গলৈ যাওঁতাসকল জানো
বিকাৰগ্ৰস্থ হ’ব। ভক্ত লোকসকল বৰ বেছি বিকাৰত নাযায়। সন্ন্যাসীয়েও এনেকৈ নকয় যে
পৱিত্ৰ হোৱা কিয়নো নিজেই বিবাহ আদি সমাপন কৰি দিয়ে। তেওঁলোকে গৃহস্থীসকলক কয় - মাহত
এবাৰ বিকাৰত যোৱা। ব্ৰহ্মচাৰীসকলক এনেকৈ নকয় যে তোমালোকে বিয়া কৰাব নালাগে।
তোমালোকৰ মাজতো গন্ধৰ্ব বিবাহ কৰে আকৌ দ্বিতীয় দিনাই খেলা শেষ কৰি দিয়ে। মায়াই বহুত
আকৰ্ষিত কৰে। তথাপি পৱিত্ৰ হ’বৰ বাবে পুৰুষাৰ্থ এই সময়তে কৰা হয়, তাৰপাছত হৈছে
প্ৰালব্ধ। তাততো ৰাৱণৰাজ্যই নাই। আসুৰিক খেয়ালেই নাথাকে। ৰাৱণে আসুৰিক কৰি দিয়ে।
শিৱবাবাই সভ্য কৰি তোলে। এয়াও স্মৃতিত ৰাখিব লাগে। ঘৰে ঘৰে পাঠদান হ’ব তেতিয়া সকলো
বুজাওঁতা হৈ যাব। ঘৰে ঘৰে গীতা পাঠশালা স্থাপনা কৰি ঘৰৰ লোকসকলকো শুধৰাব লাগে। এনেকৈ
বৃদ্ধি হৈ থাকিব। সাধাৰণ আৰু গৰিব, তেওঁলোক যেন সমগোত্ৰীয় হৈ গ’ল। ডাঙৰ ডাঙৰ
ব্যক্তিসকলৰ সৰু সৰু লোকৰ সৎসংগলৈ আহিবলৈ লাজ লাগিব কিয়নো এনেকৈ শুনিছে নহয় যে তাত
যাদু আছে, ভাই-ভনী কৰি দিয়ে। হেৰ’ এয়াতো ভাল কথা নহয় জানো। গৃহস্থালিত কিমান জঞ্জাল
আছে। আকৌ কিমান দুখী হয়। এয়া হয়েই দুখৰ জগত। অপাৰ দুখ আছে আকৌ তাত সুখো অপাৰ হ'ব।
তোমালোকে তালিকা তৈয়াৰ কৰাৰ চেষ্টা কৰা। 25-30 মুখ্য মুখ্য দুখৰ কথা লিখি উলিওৱা।
বেহদৰ পিতাৰ পৰা উত্তৰাধিকাৰ পাবলৈ বহুত পুৰুষাৰ্থ কৰিব লাগে। পিতাই এই ৰথৰ দ্বাৰা
আমাক বুজায়, এওঁ দাদাও হৈছে বিদ্যাৰ্থী। দেহধাৰী সকলোৱে বিদ্যাৰ্থী। পঢ়াওঁতা
শিক্ষক হৈছে বিদেহী। তোমালোককো বিদেহী কৰি তোলে সেইকাৰণে পিতাই কয় – দেহৰ বোধ ত্যাগ
কৰা। এই ভৱন আদি একো নাথাকিব। তাত সকলোবোৰ নতুন পাবা, অন্তিমত তোমালোকৰ বহুত
সাক্ষাৎকাৰ হ’ব। এইটো জানা যে সেইফালে বিনাশ বহুত হ’ব, আণৱিক বোমাৰ দ্বাৰা। ইয়াত
ৰক্তৰ নদী ব'ব, ইয়াৰ বাবে সময় লাগে। ইয়াৰ মৃত্যু বৰ ভয়ানক হয়। এয়া হৈছে অবিনাশী
খণ্ড, মানচিত্ৰত দেখা পোৱা যায় যে হিন্দুস্তানতো যেন এটা কোণাহে। ড্ৰামা অনুসৰি
ইয়াত সেইবোৰৰ প্ৰভাৱ নপৰেই। ইয়াত তেজৰ নদী ব'ব। এতিয়া প্ৰস্তুতি চলাই আছে। হ’ব পাৰে
অন্তিমত তেওঁলোকে বোমাও ঋণত দিব। বাকী সেইবোৰ বোমা যিবোৰ দলিয়াই দিলেই গোটেই সৃষ্টি
নাশ হৈ যাব সেয়া জানো তেওঁলোকে ঋণত দিব! কম গুণবিশিষ্ট বোমা দিব। কামত অহা বস্তু
জানো আনক দিয়া হয়! বিনাশতো কল্প পূৰ্বৰ দৰে হৈয়েই যাব। নতুন কথা নহয়। অনেক ধৰ্মৰ
বিনাশ, এক ধৰ্মৰ প্ৰতিষ্ঠা। ভাৰত খণ্ড কেতিয়াও বিনাশ নহয়। কিবা অলপতো ৰক্ষা পৰিবই।
সকলো মৰি গ’লে তেতিয়াতো প্ৰলয় হৈ যাব। দিনে-প্ৰতিদিনে তোমালোকৰ বুদ্ধি বিশাল হৈ গৈ
থাকিব। তোমালোকৰ (পিতা আৰু পঢ়াৰ প্ৰতি) বহুত সন্মান থাকিব। এতিয়া জানো ইমান সন্মান
আছে সেইবাবেতো কম সংখ্যক উত্তীৰ্ণ হয়। বুদ্ধিত উদয়ে নহয় যে কিমান শাস্তি খাব লাগিব
আকৌ আহিবও লাগিব দেৰিকৈ। অধঃপতিত হ’লে তেতিয়া কৰা উপাৰ্জন সকলো শেষ হৈ যায়। একেবাৰে
ক’লা হৈ যায়। তেতিয়া আৰু উন্নতি কৰিব নোৱাৰে। কিমান আঁতৰি গুচি যায়, কিমান
যাবলগীয়াও আছে। নিজেও বুজিব পাৰে এইটো অৱস্থাত যদি শৰীৰ এৰিবলগীয়া হয় তেন্তে আমাৰ
কি গতি হ’ব। বুজিবলগীয়া কথা নহয় জানো। পিতাই কয় - তোমালোক সন্তানসকল হৈছা শান্তি
স্থাপনা কৰোঁতা, তোমালোকৰ মাজতে অশান্তি থাকিলে পদ ভ্ৰষ্ট হৈ যাব। কাকো দুখ দিয়াৰ
প্ৰয়োজন নাই। পিতাই কিমান মৰমেৰে সকলোকে “সন্তান সন্তান” বুলি কৈ বাৰ্তালাপ কৰে।
বেহদৰ পিতা নহয় জানো। তেওঁৰ গোটেই সৃষ্টিৰ জ্ঞান আছে সেইবাবেতো বুজায়। এইখন জগতত
কিমান প্ৰকাৰৰ দুখ আছে। বহুত দুখৰ কথা তোমালোকে লিখিব পাৰা। যেতিয়া তোমালোকে এয়া
সিদ্ধ কৰি শুনাবা তেতিয়া তেওঁলোকে বুজিব যে এয়াতো একেবাৰে সঠিক কথা। এই অপাৰ দুখ
পিতাৰ বাহিৰে আন কোনেও দূৰ কৰিব নোৱাৰে। দুখৰ তালিকা উলিয়ালে কিবা নহয় কিবা বুদ্ধিত
ধাৰণ হ’ব। বাকীসকলেতো শুনিও নুশুনাৰ দৰে কৰিব। তেওঁলোকৰ বাবে গায়ন কৰা হয় - ভেৰাই
স্বৰ্গৰ সংগীতৰ মূল্য কি বুজিব.... পিতাই বুজায় - তোমালোক সন্তানসকল এনেকুৱা ফুলৰ
দৰে হ'ব লাগে। কোনো ধৰণৰ অশান্তি, মলিনতা থাকিব নালাগে। অশান্তি বিয়পোৱাসকল হৈছে
দেহ-অভিমানী, তেওঁলোকৰ পৰা আঁতৰি থাকিব লাগে। স্পৰ্শও কৰিব নালাগে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ
স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) যেনেকৈ পঢ়াওঁতা শিক্ষকজন বিদেহী, তেওঁৰ দেহৰ বোধ নাথাকে, তেনেকুৱা বিদেহী হ’ব
লাগে। দেহৰ বোধ ত্যাগ কৰি গৈ থাকিব লাগে। আসুৰি দৃষ্টি পৰিৱৰ্তন কৰি দৃষ্টি সভ্য কৰি
তুলিব লাগে।
(2) নিজৰ বুদ্ধি
বিশাল কৰি তুলিব লাগে। শাস্তিৰ পৰা ৰেহাই পাবলৈ পিতাৰ বা পঢ়াৰ প্ৰতি সন্মান জনাব
লাগে। কেতিয়াও দুখ দিব নালাগে। অশান্তি বিয়পাব নালাগে।
বৰদান:
ব্ৰাহ্মণ
জীৱনৰ প্ৰকৃতিস্থ স্বভাৱেৰে শিলকো পানী কৰি তোলোঁতা মাষ্টৰ প্ৰেমৰ সাগৰ হোৱা
যেনেকৈ মনুষ্যই কয় যে
প্ৰেমে পাথৰকো পানী কৰি দিয়ে, তেনেকৈ তোমালোক ব্ৰাহ্মণৰ প্ৰকৃতিস্থ স্বভাৱ হৈছে
মাষ্টৰ প্ৰেমৰ সাগৰ। তোমালোকৰ আত্মিক প্ৰেম, পৰমাত্ম প্ৰেমৰ এনেকুৱা শক্তি আছে, যাৰ
দ্বাৰা ভিন্ন ভিন্ন স্বভাৱ পৰিৱৰ্তন কৰিব পাৰা। যেনেকৈ প্ৰেমৰ সাগৰে নিজৰ প্ৰেম
স্বৰূপৰ অনাদি স্বভাৱেৰে তোমালোক সন্তানসকলক আপোন কৰি ল'লে তেনেকৈ তোমালোকেও মাষ্টৰ
প্ৰেমৰ সাগৰ হৈ বিশ্বৰ আত্মাসকলক সঁচা, নিঃস্বাৰ্থ আত্মিক স্নেহ দিয়া তেতিয়া
তেওঁলোকৰ স্বভাৱ পৰিৱৰ্তন হৈ যাব।
স্লোগান:
নিজৰ বিশেষত্বসমূহ স্মৃতিত ৰাখি সেয়া সেৱাত প্ৰয়োগ কৰা তেতিয়া উৰন্ত কলাত উৰি থাকিবা।
পৰোপকাৰৰ ভাৱনাৰে
সম্পন্ন হৈ অপকাৰীৰো উপকাৰ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
যদি তোমালোকৰ কোনোবা
সহযোগী ভাই-ভনীয়ে, পৰিয়ালৰ আত্মাসকলে, অবোধ হোৱা বাবে খন্তেকীয়া বস্তুক সদাকালৰ
প্ৰাপ্তি বুলি বুজি, খন্তেকীয়া মান-সম্ভ্ৰম-নাম বা খন্তেকৰ প্ৰাপ্তিৰ ইচ্ছা ৰাখে
তেন্তে আনক মান দি নিজে নম্ৰ হৈ থকা – এয়াই পৰোপকাৰ। এই দিয়াটোৱে সদাকালৰ বাবে লোৱা।