23.07.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোক পিতাৰ সমান সঁচা পয়গম্বৰ বা বাৰ্তাবাহক হ'ব লাগে, সকলোকে ঘৰলৈ যোৱাৰ বাৰ্তা
দিব লাগে”
প্ৰশ্ন:
আজিকালি
মনুষ্যৰ বুদ্ধি গোটেই দিন কোনফালে দিগভ্ৰান্ত হৈ ঘূৰি ফুৰে?
উত্তৰ:
ধুন-পেচৰ ফালে। মনুষ্যক আকৰ্ষিত কৰিবৰ কাৰণে অনেক প্ৰকাৰৰ ধুন-পেচ কৰে। এই ধুন-পেচ
চিত্ৰবিলাকৰ পৰাই শিকিছে। তেওঁলোকে এনেকৈ ভাবে যে পাৰ্বতীয়েও এনেকৈ ধুন-পেচ কৰিছিল,
চুলি আদি সজাইছিল। বাবাই কয় - তোমালোক সন্তানসকলে এই পতিত সৃষ্টিত ধুন-পেচ কৰিব
নালাগে। তোমালোককতো মই এনেকুৱা সৃষ্টিলৈ লৈ যাওঁ য'ত স্বাভাৱিক সৌন্দৰ্য থাকে।
ধুন-পেচৰ দৰকাৰ নাই।
গীত:
তুম্হী হো
মাতা পিতা… (তুমিয়েই মাতা-পিতা…)
ওঁম্শান্তি।
সন্তানসকলে
গীতটি শুনিলে। যেতিয়া মহিমা গায়ন কৰে তেতিয়া বুদ্ধি ওপৰলৈ গুচি যায়। আত্মাইহে পিতাক
কয়, তেৱেঁই নাৱৰীয়া, পতিত-পাৱন অথবা সঁচা বাৰ্তাবাহক। পিতা আহি আত্মাসকলক বাৰ্তা
দিয়ে, বাকী যিসকলক বাৰ্তাবাহক বা পয়গম্বৰ বুলি কয় তেওঁলোক কোনোবা সৰু বা ডাঙৰ হয়।
বাস্তৱত তেওঁলোকে বাৰ্তা নিদিয়ে। এয়াতো মিছা মহিমা কৰি দিছে। সন্তানসকলে বুজি পায়
একমাত্ৰ এজনৰ বাহিৰে এই মনুষ্য সৃষ্টিত আৰু কাৰো মহিমা নাই। সকলোতকৈ বেছি মহিমা এই
লক্ষ্মী-নাৰায়ণৰ কিয়নো এওঁলোক হৈছে নতুন সৃষ্টিৰ মালিক। সেয়াও ভাৰতবাসীয়ে জানে।
জগতবাসীয়ে কেৱল ইমানেই জানে যে ভাৰত প্ৰাচীন দেশ। ভাৰততেই ভগৱান-ভগৱতীৰ ৰাজ্য আছিল।
শ্ৰীকৃষ্ণকো ভগৱান বুলি কৈ দিয়ে। ভাৰতবাসীয়ে এওঁলোকক ভগৱান-ভগৱতী বুলি কয়। কিন্তু
এইটো কোনেও নাজানে যে এওঁলোক ভগৱান-ভগৱতীয়ে সত্যযুগত ৰাজ্য কৰিছিল। ভগৱানে
ভগৱান-ভগৱতীৰ ৰাজ্য স্থাপন কৰিলে। বুদ্ধিয়েও কয় আমি ভগৱানৰ সন্তান তেন্তে আমিও
ভগৱান-ভগৱতী হ'ব লাগে। সকলো এজনৰে সন্তান হয় নহয়। কিন্তু ভগৱান-ভগৱতী বুলি ক'ব
নোৱাৰে। তেওঁলোকক কোৱা হয় দেৱী-দেৱতা। এই সকলোবোৰ কথা পিতাই বহি বুজায়। ভাৰতবাসীয়ে
ক'ব যে আমি ভাৰতবাসী প্ৰথমে নতুন সৃষ্টিত আছিলোঁ। নতুন সৃষ্টিকতো সকলোৱে বিচাৰে।
বাপুজীয়েও নতুন সৃষ্টি, নতুন ৰামৰাজ্য বিচাৰিছিল। কিন্তু ৰামৰাজ্যৰ অৰ্থ একেবাৰে
বুজি নাপায়। আজিকালি মনুষ্যৰ নিজৰ কিমান অহংকাৰ আছে। কলিযুগত হৈছে পাথৰবুদ্ধি,
সত্যযুগত হৈছে পাৰসবুদ্ধি। কিন্তু এইটো কোনেও বুজি নাপায়। ভাৰতেই সত্যযুগত
পাৰসবুদ্ধিৰ আছিল। এতিয়া ভাৰত কলিযুগত পাথৰবুদ্ধিৰ। মনুষ্যইতো ইয়াকেই স্বৰ্গ বুলি
ভাবে। ক'ব স্বৰ্গত বিমান আছিল, ডাঙৰ ডাঙৰ মহল আছিল, সেয়াতো সকলোবোৰ এতিয়া আছে।
বিজ্ঞানে কিমান উন্নতি সাধন কৰিছে, কিমান সুখ। ধুন-পেচ আদি কিমান আছে। বুদ্ধি গোটেই
দিন ধুন-পেচতেই লাগি থাকে। কৃত্ৰিমভাৱে সুন্দৰ হ'বৰ কাৰণে চুলি আদি কেনেকৈ সজায়!
কিমান খৰচ কৰে। এই সকলোবোৰ ধুন-পেচ চিত্ৰসমূহৰ পৰা ওলাইছে। এনেকৈ বুজি লয় -
পাৰ্বতীৰ দৰে আমি চুলি আদি সজাওঁ। এই সকলোবোৰ আকৰ্ষিত কৰিবৰ কাৰণেই কৰে। আগতে পাৰ্চী
লোকসকলৰ স্ত্ৰীসকলে মুখ ঢাকি ক'লা ওৰণি পিন্ধিছিল যাতে কোনোবাই দেখি প্ৰেমিক হৈ
নাযায়। ইয়াক কোৱা হয় পতিত সৃষ্টি।
গায়ন কৰে - তুমিয়েই
মাতা-পিতা, তুমিয়েই বন্ধু-সখা.... কিন্তু এনেকৈ কাক ক'ব লাগে? মাতা-পিতা কোন -
এইটোও নাজানে। মাতা-পিতাই নিশ্চয় উত্তৰাধিকাৰ দিছিল। পিতাই তোমালোক সন্তানসকলক সুখৰ
উত্তৰাধিকাৰ দিছিল। এনেকৈ কয়ো যে বাবা আমিতো আপোনাৰ বাহিৰে আন কাৰো পৰা নুশুনোঁ।
এতিয়া তোমালোকে জানা শিৱবাবাৰ মহিমা গায়ন কৰা হয়। ব্ৰহ্মাৰ আত্মায়ো নিজেই কয় - ময়েই
পাৱন আছিলোঁ, এতিয়া পতিত হ’লোঁ। ব্ৰহ্মাৰ সন্তানসকলেও এনেকৈ ক'ব, আমি
ব্ৰহ্মাকুমাৰ-কুমাৰীসকলেই দেৱী-দেৱতা আছিলোঁ পুনৰ 84 জন্মৰ অন্তত পতিত হৈ গৈছোঁ।
যিসকল এক নম্বৰৰ পাৱন আছিল, তেওঁলোকেই এক নম্বৰৰ পতিত। যেনেকুৱা পিতা তেনেকুৱা
সন্তান। এওঁ নিজেও কয়, শিৱবাবায়ো কয় মই আহোঁ - এওঁৰ বহুত জন্মৰ অন্তত। যি প্ৰথম
নম্বৰত পূজ্য লক্ষ্মী-নাৰায়ণৰ ৰাজবংশত আছিল। এতিয়া হৈছে সংগম, তোমালোক কলিযুগত আছিলা,
এতিয়া সংগমযুগী হৈছা। পিতা সংগমতহে আহে, ড্ৰামা অনুসৰি সন্তানসকলো বৃদ্ধি হৈ গৈ থাকে।
এতিয়া সন্তানসকলে জ্ঞানতো পাইছে। আমিয়েই দেৱতা আছিলোঁ আকৌ ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ
হ'লোঁ। গোটেই চক্ৰক ভালদৰে তোমালোকে জানা। এইটোতো বহুত সহজ, আমি 84 জন্ম ল’লোঁ।
বহুতৰে বুদ্ধিত এইটোও ধাৰণ নহয়। বিদ্যাৰ্থীসকলৰ মাজত ক্ৰমানুসৰিতো হয়েই। সোঁফালৰ পৰা
আৰম্ভ কৰে প্ৰথম শ্ৰেণী, দ্বিতীয় শ্ৰেণী, তৃতীয় শ্ৰেণী, কন্যাসকলে নিজেও কয় আমাৰ
বুদ্ধি তৃতীয় শ্ৰেণীৰ। আমি কাকো বুজাব নোৱাৰোঁ। অন্তৰেতো বহুত বিচাৰে কিন্তু ক'ব
নোৱাৰে, বাবা কি কৰোঁ? এয়া হৈছে নিজৰ কৰ্মৰ হিচাপ-নিকাচ। এতিয়া পিতাই কয় – মই
তোমালোকক কৰ্ম-অকৰ্ম বিকৰ্মৰ গতিৰ জ্ঞান শুনাওঁ। কৰ্ম কৰিব লাগে, এয়াতো তোমালোক
সন্তানসকলে জানা। তৃতীয় শ্ৰেণীৰ বুদ্ধিধাৰীয়ে এই কথাবোৰ বুজিব নোৱাৰে। এয়া হয়েই
ৰাৱণৰাজ্য, কিন্তু এইটো কোনেও গম নাপায়। ৰাৱণৰাজ্যত মনুষ্যইতো বিকৰ্মহে কৰিব সেয়েহে
তললৈয়ে নামিব (অৱনমিত হ’ব)। গুৰুৰ শৰণাপন্ন হোৱা যায় দুখৰ সৃষ্টিত। সৎগতিৰ বাবেই
গুৰুৰ শৰণ লয় যাতে মুক্তিত লৈ যায়। সেয়া হৈছে নিৰ্বাণধাম - বাণীৰ সিপাৰৰ স্থান,
মনুষ্যই নিজক বানপ্ৰস্থী বুলি কয়। সেয়াতো কোৱাতে সীমিত। বানপ্ৰস্থীসকলৰো সভা হয়।
সকলো সম্পত্তি আদি সন্তানসকলক দি গুৰুৰ ওচৰত গৈ বহে। খোৱা-বোৱা আদিতো নিশ্চয়
সন্তানসকলেই দিব। কিন্তু বানপ্ৰস্থৰ অৰ্থ কোনেও নুবুজে। কাৰো বুদ্ধিত এইটো উদয় নহয়
যে আমি নিৰ্বাণধামলৈ যাব লাগে। নিজৰ ঘৰলৈ যাব লাগে। তেওঁলোকে সেইখনক ঘৰ বুলি নাভাবে।
তেওঁলোকেতো ভাবে যে জ্যোতি জ্যোতিত সমাহিত যাব। নিৰ্বাণধামতো হৈছে নিবাস কৰা স্থান।
আগতে 60 বছৰৰ পাছত বানপ্ৰস্থ লৈছিল, এইটো যেন এটা নিয়ম আছিল। এতিয়াও এনেকুৱা কৰে।
এতিয়া তোমালোকে বুজাব পাৰা যে বাণীৰ সিপাৰেতো কোনেও যাব নোৱাৰে। ইয়াৰ বাবেতো
পিতাকেই আহ্বান কৰে যে হে পতিত-পাৱন বাবা আহা, আমাক পাৱন কৰি ঘৰলৈ লৈ ব’লা।
মুক্তিধামত আত্মাসকলৰ ঘৰ আছে। তোমালোক সন্তানসকলক সত্যযুগৰ কাৰণেও বুজাইছে – তাত
কোন থাকে! কেনেকৈ বৃদ্ধি হয়! জনসংখ্যাৰ বিষয়েও কোনেও নাজানে। ৰামৰাজ্যত জনসংখ্যা
কিমান হ’ব! সন্তান আদিয়ে কেনেকৈ জন্ম ল’ব! একোৱেই বুজি নাপায়। কোনো বিদ্বান,
আচাৰ্য্য, পণ্ডিত নাই, যিয়ে এই ড্ৰামাৰ চক্ৰক বুজাব পাৰে। 84 লাখৰ চক্ৰ কেনেকৈ হ’ব
পাৰে! কিমান ভুল কথা। একেবাৰে সুতাত আউল লাগি আছে। পিতাই বুজায় - এতিয়া তোমালোকে
জানা যে পিতাই কৰ্ম-অকৰ্ম-বিকৰ্মৰ গোটেই ৰহস্য বুজাইছে। সত্যযুগত তোমালোকৰ কৰ্ম,
অকৰ্ম হৈ যায়। তাত কোনো বেয়া কৰ্ম নহয়েই, সেইকাৰণে কৰ্ম, অকৰ্ম হৈ যায়। ইয়াত
মনুষ্যই যি কৰ্মই কৰে সেয়া বিকৰ্ম হৈ যায়।
তোমালোক সন্তানসকলে
জানা যে এতিয়া আমাৰ সৰু-ডাঙৰ সকলোৰে, গোটেই সৃষ্টিৰ বানপ্ৰস্থ অৱস্থা। সকলোৱে এতিয়া
বাণীৰ সিপাৰে যাব। এনেকৈ কয় - হে পতিত-পাৱন আহা, আমাক আহি পতিতৰ পৰা পাৱন কৰি তোলা।
কিন্তু যেতিয়ালৈকে পাৱন নতুন সৃষ্টি বিদ্যমান নহয়, ইয়াত পতিত সৃষ্টিত পাৱনতো কোনো
থাকিব নোৱাৰে। এয়া যি পতিত সৃষ্টি আছে সকলোবোৰ নাশ হৈ যাব। তোমালোকে জানা আমি আকৌ
নতুন সৃষ্টিলৈ যাব লাগে। কেনেকৈ যাম? এই গোটেই জ্ঞান আছে। এয়া হৈছে নতুন জ্ঞান,
নতুন সৃষ্টি, অমৰলোক বা পাৱন সৃষ্টিৰ কাৰণে। এতিয়া তোমালোক সংগমত বহি আছা। এয়াও জানা
যে অন্য যি মনুষ্য আছে, ব্ৰাহ্মণ নহয়, তেওঁলোক কলিযুগত আছে। আমি সকলো সংগমত আছোঁ।
সত্যযুগলৈ গৈ আছোঁ, যথাযথ এয়া হৈছে সংগমযুগ। সেইখনতো হয়েই স্বৰ্গ। সেইখনক সংগম বুলি
কোৱা নহয়। সংগম হৈছে এতিয়া। এই সংগমযুগ সকলোতকৈ সৰু। ইয়াক লীপ যুগ বুলি কোৱা হয়,
যেতিয়া মনুষ্য পাপ আত্মাৰ পৰা ধৰ্ম আত্মা হয় সেইকাৰণে ইয়াক ধাৰ্মিক (সত্যনিষ্ঠ) যুগ
বুলি কোৱা হয়। কলিযুগত সকলো মনুষ্য অধৰ্মী। তাততো সকলো ধৰ্মাত্মা থাকে। ভক্তিমাৰ্গৰ
কিমান ডাঙৰ প্ৰভাৱ আছে। এনেকুৱা পাথৰৰ মূৰ্তি সৃষ্টি কৰে, যাক দেখিলেই অন্তৰ
আনন্দিত হৈ যায়। সেয়া হৈছে পাথৰৰ পূজা। শিৱৰ মন্দিৰত কিমান দূৰ-দূৰণিৰ পৰা যায়,
পূজাৰ বাবে। শিৱৰ চিত্ৰতো ঘৰতো ৰাখিব পাৰে। তেন্তে ইমান দূৰ-দূৰণিলৈ গৈ কিয় হাবাথুৰি
খাব লাগে। এই জ্ঞান এতিয়া বুদ্ধিত উদয় হৈছে। এতিয়া তোমালোকৰ চকু মুকলি হৈছে,
বুদ্ধিৰ দুৱাৰ মুকলি হৈছে। পিতাই জ্ঞান দিছে। পৰমপিতা পৰমাত্মা এই মনুষ্য সৃষ্টিৰ
বীজৰূপ, জ্ঞানৰ সাগৰ, জ্ঞানপূৰ্ণ হয়। আত্মায়ো সেই জ্ঞান ধাৰণ কৰে। আত্মাহে
ৰাষ্ট্ৰপতি আদি হয়। মনুষ্যইতো দেহ-অভিমানী হোৱাৰ কাৰণে দেহৰেই মহিমা কৰি থাকে। এতিয়া
তোমালোকে বুজি পোৱা আত্মাইহে সকলো কৰে। তোমালোক আত্মাই 84 জন্মৰ চক্ৰ পৰিক্ৰমা লগাই
একেবাৰে দুৰ্গতি পালা। এতিয়া আমি আত্মাই পিতাক চিনি পালোঁ। পিতাৰ পৰা উত্তৰাধিকাৰ
লৈ আছোঁ। আত্মাই শৰীৰতো নিশ্চয় ধাৰণ কৰিব লাগে। শৰীৰ অবিহনে আত্মাই কেনেকৈ ক’ব!
শুনিব! পিতাই কয় - মই নিৰাকাৰ। ময়ো শৰীৰৰ আধাৰ লওঁ। তোমালোকে জানা শিৱবাবাই এই
ব্ৰহ্মা তনৰ দ্বাৰা আমাক শুনায়। এই কথাবোৰ তোমালোক ব্ৰহ্মাকুমাৰ-কুমাৰীসকলেহে বুজোৱা।
তোমালোকে এতিয়া জ্ঞান পাইছা। ব্ৰহ্মাৰ দ্বাৰা আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ প্ৰতিষ্ঠা
হয়। সেইজন পিতায়ে ৰাজযোগ শিকাই আছে, এই ক্ষেত্ৰত বিবুদ্ধিত পৰাৰ কথাই নাই। শিৱবাবাই
আমাক বুজায় পুনৰ আমি অন্যক বুজাওঁ। আমাকো শুনাওঁতা শিৱবাবাই হয়। এতিয়া তোমালোকে ক’বা
আমি পতিতৰ পৰা পাৱন হৈ আছোঁ। পিতাই বুজায় - এয়া হয়েই পতিত সৃষ্টি, ৰাৱণৰ ৰাজ্য হয়
নহয়। ৰাৱণে পাপ আত্মা কৰি তোলে। এয়া অন্য কোনেও নাজানে। যদিও ৰাৱণৰ প্ৰতিকৃতি
জ্বলায় কিন্তু একোৱেই বুজি নাপায়। সীতাক ৰাৱণে লৈ গ’ল, এইটো কৰিলে…. কিমান কাহিনী
বহি লিখিছে। যেতিয়া বহি শুনে তেতিয়া কান্দে। সেয়া হৈছে সকলোবোৰ মনেসজা কাহিনী।
বাবাই আমাক বিকৰ্মাজিৎ কৰি তুলিবলৈ বুজায়। কয়, মামেকম্ (কেৱল মোক; পৰমপিতাক) স্মৰণ
কৰা। ক’তো বুদ্ধি নলগাবা। শিৱবাবাই আমাক নিজৰ পৰিচয় দিছে। পতিত-পাৱন পিতা আহি নিজৰ
পৰিচয় দিয়ে। তোমালোকে এতিয়া বুজি পোৱা যে বাবা কিমান মিঠা যিয়ে আমাক স্বৰ্গৰ মালিক
কৰি আছে। ভালবাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1)
কর্ম-অকর্ম আৰু বিকৰ্মৰ গতিক জানি শ্ৰেষ্ঠ কর্ম কৰিব লাগে। জ্ঞান দান কৰি ধৰ্মাত্মা
হ'ব লাগে।
(2) এয়া বানপ্ৰস্থ
অৱস্থা - এই অন্তিম ক্ষণত পাৱন হৈ পাৱন সৃষ্টিলৈ যাব লাগে। পাৱন হোৱাৰ বাৰ্তা সকলোকে
দিব লাগে।
বৰদান:
সন্মান সহকাৰে
উত্তীৰ্ণ হ’বলৈ সকলোৰে পৰা সন্তুষ্টতাৰ পাৰপত্ৰ (পাছপৰ্ট) প্ৰাপ্ত কৰোঁতা
সন্তুষ্টমণি হোৱা
যিসকল সন্তান নিজে
নিজৰ প্ৰতি, নিজৰ পুৰুষাৰ্থ বা সেৱাৰ প্ৰতি আৰু ব্ৰাহ্মণ পৰিয়ালৰ সম্পৰ্কৰ প্ৰতি
সদায় সন্তুষ্ট হৈ থাকে, তেওঁলোককে ‘সন্তুষ্টমণি’ বুলি কোৱা হয়। সকলো আত্মাৰ
সম্পৰ্কত নিজক সন্তুষ্ট কৰি ৰখা বা সকলোকে সন্তুষ্ট কৰা— ইয়াত যিসকল বিজয়ী হয়,
তেওঁলোকেই বিজয়মালাত স্থান পায়। সন্মান সহকাৰে উত্তীৰ্ণ হ’বলৈ সকলোৰে পৰা
সন্তুষ্টতাৰ পাৰপত্ৰ লাভ কৰা উচিত। এই পাৰপত্ৰ ল’বলৈ কেৱল সহন কৰাৰ আৰু সমাহিত কৰাৰ
শক্তি ধাৰণ কৰা।
স্লোগান:
দয়াশীল হৈ সেৱাৰ দ্বাৰা নিৰাশ আৰু ক্লান্ত আত্মাসকলক আলম্বন দিয়া।
অব্যক্ত ইংগিত:
জ্বালাস্বৰূপ স্থিতিত থাকি শক্তিশালী স্মৃতিৰ অনুভৱ কৰা
শক্তিশালী স্মৃতিৰ
বাবে সঁচা অন্তৰৰ মৰমৰ প্ৰয়োজন। সঁচা অন্তৰধাৰীসকলে ছেকেণ্ডত বিন্দু হৈ বিন্দু
স্বৰূপ পিতাক স্মৰণ কৰিব পাৰে। সঁচা অন্তৰধাৰীসকলে সঁচা চাহাবক সন্তুষ্ট কৰাৰ বাবে
পিতাৰ বিশেষ আশীৰ্বাদ প্ৰাপ্ত কৰে, যাৰ দ্বাৰা সহজে এটা সংকল্পত স্থিৰ হৈ জ্বালা
ৰূপৰ স্মৃতিৰ অনুভৱ কৰিব পাৰে আৰু শক্তিশালী প্ৰকম্পন বিয়পাই দিব পাৰে। সত্যৰ
শক্তিৰ বাবে মগজেও (বুদ্ধিয়েও) সময়ত যুক্তিযুক্ত আৰু যথাৰ্থ কাৰ্য কৰায়, কোনো ওলোটা
কাৰ্য কেতিয়াও হ’ব নোৱাৰে।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]