23.08.26    Avyakt Bapdada     Assame Murli     31.03.2011     Om Shanti     Madhuban


“*“দৃঢ় সংকল্পৰ দ্বাৰা দুশ্চিন্তা মুক্ত হৈ থকাৰ উদাহৰণ হৈ সকলোৰে আধাৰমূৰ্ত হোৱা, মনৰ শক্তিৰে দুখী আত্মাসকলক আনন্দৰ বৰদান দিয়া”*”


আজি গ্ৰেট্‌ গ্ৰেট্‌ গ্ৰেণ্ড্‌ ফাদাৰে নিজৰ কোটিৰ মাজত কোনোবা, কোনোবাৰ মাজতো কোনোবা সন্তানসকলৰ ভাগ্যৰ ৰেখা চাই আছেহঁক। প্ৰত্যেকৰে মস্তকত চিকমিকাই থকা, উজ্বল তৰাৰ জেউতি দেখিবলৈ পাইছে। নয়নত স্নেহৰ ৰেখা দেখিবলৈ পাইছে। মুখত জ্ঞানৰ ৰেখা দেখিবলৈ পাইছে। অন্তৰত ‘দিলাৰাম’ৰ প্ৰেমত লীন হোৱাৰ ৰেখা দেখিবলৈ পাইছে। হাতত জ্ঞানৰ সম্পদৰ ৰেখা দেখিবলৈ পাইছে। ভৰিত প্ৰতিটো খোজত পদমৰ ৰেখা দেখিবলৈ পাইছে। প্ৰতিগৰাকী সন্তান এই ৰেখাবোৰত ক্ৰমানুসৰি সম্পন্ন হৈছে। এনে ভাগ্য তোমালোকৰ বাহিৰে আন কাৰো নাই। তোমালোকৰ ইমান শ্ৰেষ্ঠ ভাগ্য প্ৰতিগৰাকী সন্তানৰ মাজত জিলিকি থকা দেখা গৈছে। আৰু এই ভাগ্য অবিনাশী হৈ যায়, কিয়? কাৰণ দিওঁতা অবিনাশী পিতা। এই সঙ্গমযুগতেই এনে শ্ৰেষ্ঠ ভাগ্য প্ৰাপ্ত হয়, যি ভৱিষ্যতেও চলি থাকে। এই সঙ্গমযুগ সৰ্ব প্ৰাপ্তিৰ যুগ, যিয়ে যিমানেই নিজৰ ভাগ্য জমা কৰে, সিমানেই অনেক জন্ম ভাগ্যৰ ফল প্ৰাপ্ত হৈ থাকে। এই সঙ্গমযুগৰ মহিমা তোমালোক সন্তানসকলেহে জানা। সঙ্গমযুগৰ প্ৰাপ্তিসমূহ গোটেই কল্পৰ ভিতৰতে শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ।

বাপদাদাই চাই আছে প্ৰতিজন সন্তান এই সঙ্গমযুগৰ প্ৰাপ্তিসমূহেৰে কিমান সম্পন্ন হৈছে। তোমালোক সকলোৱেও সৰ্ব প্ৰাপ্তিৰ অনুভৱত সদায় থাকানে নে কেতিয়াবা কেতিয়াবা থাকা? অবিনাশী পিতা, সেয়েহে প্ৰাপ্তিসমূহো অবিনাশী। বাপদাদাই প্ৰতিগৰাকী সন্তানক কি ৰূপত চাব বিচাৰে, জানা নহয়! বাপদাদাই এটাই বিচাৰে যে প্ৰতিজন সন্তান স্বৰাজ্য অধিকাৰী ৰজা হওক। নিজৰ ওপৰত অৰ্থাৎ কৰ্মেন্দ্ৰিয়সমূহৰ ওপৰত, মন-বুদ্ধি-সংস্কাৰৰ ওপৰত ৰজা হৈ ৰাজত্ব কৰক। ভৱিষ্যতেতো ৰাজ্য অধিকাৰী হ'ব, কিন্তু এতিয়া স্বৰাজ্য অধিকাৰী ৰজা হওক। যিকোনো কৰ্মেন্দ্ৰিয় নিজৰ নিয়ন্ত্ৰণত থাকক, কাৰণ পিতাৰ পৰা সকলো শক্তিৰ সম্পদ প্ৰাপ্ত হৈছে। গতিকে বাপদাদাই প্ৰতিগৰাকী সন্তানকে স্বৰাজ্য অধিকাৰী ৰজা ৰূপত চাব বিচাৰে। গতিকে তোমালোক সকলো স্বৰাজ্য অধিকাৰী হৈছানে? মন-বুদ্ধিৰ ওপৰত শাসন কৰাৰ শক্তি, নিয়ন্ত্ৰণ শক্তি আহিছেনে? অধীনতাতো নাই? অধিকাৰী হৈছা। যেতিয়া বাপদাদক লগতে ৰাখা, অকলশৰীয়া নোহোৱা, পিতাক সদায় সংগী কৰি ৰাখা, তেন্তে এই মন-বুদ্ধি-সংস্কাৰ কাৰো শক্তি নাই যি নিয়ন্ত্ৰণত নাথাকিব। সেইবাবেই বাপদাদাই শক্তিসকলক সদায় কয় যে নিজৰ কোনটো স্বৰূপ স্মৃতিত ৰাখিবা যাতে কেতিয়াও পিতাৰ সংগ পাহৰি নোযোৱা? সেয়া হৈছে আমি শিৱশক্তি। শিৱ আৰু শক্তি একেলগে আছে। এইটো স্মৃতিয়ে মায়াজিৎ, প্ৰকৃতিজিৎ স্বতঃ কৰি দিয়ে, কিয়নো বাপদাদাই শুনাই দিছে যে বৰ্তমান সময়ত প্ৰকৃতিয়ে নিজৰ কাম কৰি থাকে, কাৰণ প্ৰকৃতিকো মনুষ্য আত্মাসকলে অতিষ্ঠ কৰে, গতিকে প্ৰকৃতিয়েও অতিষ্ঠ কৰে। আজিকালি দেখিছা যে প্ৰকৃতিয়ে ক'ৰবাত নহয় ক'ৰবাত নিজৰ কাম কৰি থাকে, কিন্তু তোমালোক প্ৰকৃতিজিৎ হৈ প্ৰকৃতিকো সতোপ্ৰধান কৰি আছা। জগতৰ লোকে প্ৰকৃতিৰ অস্থিৰতা দেখি ভয় কৰে যে কালিলৈ কি হ'ব! কিন্তু তোমালোকে জানা যে ভালতকৈও ভাল হ'ব, কাৰণ এতিয়া এই সঙ্গমযুগ সৃষ্টি চক্ৰৰ অমৃতবেলা চলি আছে। গতিকে অমৃতবেলাৰ পাছত কি হয়? ৰাতিপুৱা। আন্ধাৰ শেষ হৈ পোহৰ আহে, গতিকে তোমালোকৰ আনন্দ আছে যে এতিয়া আমাৰ ৰাজ্য সুখময় সংসাৰ, য'ত প্ৰকৃতিও সুখময়, সেই ৰাজ্য আগমনৰ পথত। আনন্দ আছে নহয়! যি ৰাজ্যত দুখ-অশান্তিৰ নাম-চিহ্নও নাথাকিব, কাৰণ এতিয়া সঙ্গমত তোমালোক প্ৰকৃতিজিৎ হৈ আছা। গতিকে সকলোৰে আনন্দ আছে নহয়, কিহৰ? কোৱা, আমাৰ ৰাজ্য আগমনৰ পথত। এইটো আনন্দ আছেনে? যিসকল এইটো আনন্দত থাকা, তেওঁলোকে হাত দাঙা। বৰ ভাল কথা। তোমালোকতো আনন্দিত হৈ থাকা, ইয়াৰ বাবে অভিনন্দন, কিন্তু এনে আনন্দ, নিজৰ আনন্দ তোমালোকৰ ভাই-ভনী যিসকল দুখী আৰু অশান্ত, তেওঁলোকক নিজৰ পিতাৰ পৰা প্ৰাপ্ত কিৰণেৰে আনন্দৰ কিৰণ পঠিওৱানে? বাপদাদাই কৈছিল যে মনৰ এনে সেৱা কৰাৰ সময় প্ৰত্যেকেই নিজৰ দিনচৰ্যাত নিৰ্ধাৰণ কৰিব লাগে। যেনেকৈ অন্য কামৰ বাবে সময় নিৰ্ধাৰণ কৰা হৈছে, তেনেকৈ নিজৰ আনন্দৰ খোৰাকৰ দ্বাৰা দুখী আত্মাসকলক মনৰ শক্তিৰে কম বেছি পৰিমাণে বৰদান দি তেওঁলোককো আনন্দিত কৰা, গতিকে যিসকলে মনৰ সেৱাৰ বাবে নিজৰ সময় নিৰ্ধাৰণ কৰিছা, তেওঁলোকে হাত দাঙা। বাৰু, যিসকলে কৰা নাই, অলপ আছে, কিন্তু প্ৰত্যেকেই ইয়াৰ সময় নিৰ্ধাৰণ কৰিব লাগে কাৰণ নিজৰেই ভাই-ভনী নহয় জানো। গতিকে দয়া ওপজে নহয়! নে দয়া নোপজে? ওপজে নহয়! আৰু বাপদাদাই সকলোকে চাব বিচাৰে যে সঙ্গমৰ যি বিশেষ দুটা কথা যি অমূল্য — এটা সংকল্প শক্তি আৰু দ্বিতীয়টো সঙ্গমৰ সময়, কাৰণ সঙ্গমৰ সময়ত এটা জন্মত অনেক জন্মৰ প্ৰাৰব্ধ গঢ়িব লাগে। গতিকে আজিকালি বাপদাদাই দেখিছে যে বহুতৰ অশুভ সংকল্প কম চলে, কিন্তু ব্যৰ্থ সংকল্প আহিয়েই থাকে। সেয়েহে এই এটা জন্মৰ মূল্য অনুসৰি ব্যৰ্থ সংকল্প এতিয়া শেষ হ'ব লাগে, কাৰণ সঙ্গমযুগৰ মহত্বৰ হিচাপত এক ছেকেণ্ডে বহু মূল্যৱান সময়ৰ অধিকাৰ দিয়ে। গতিকে প্ৰত্যেকেই এই দুয়োটা কথাৰ — ‘সময়’ আৰু ‘সংকল্প’ দুয়োটাৰে মূল্য বুজি সময় আৰু সংকল্প দুয়োটা সফল কৰা। যেনেকৈ স্থূল সম্পদ সফল কৰা, জানা যে এটা জন্মত সফল কৰিলে অনেক জন্ম তাৰ প্ৰাপ্তি জমা হয়। তেনেকৈ এই দুয়োটা কথাত মনোযোগ দি সফল কৰি সফলতাৰ মূৰ্ত হোৱা।

বাপদাদাই প্ৰত্যেক সন্তানকে আজি বিশেষ এটা বৰদান দিছে, প্ৰত্যেক সন্তানে আজিৰ পৰা নিজক দুশ্চিন্তা মুক্ত কৰিব পাৰিবানে? দৃঢ় সংকল্প কৰা যে আজিৰ পৰা মনোযোগ, কোনো দুশ্চিন্তা নাই। বাপদাদাই সন্তানসকলক যেতিয়া দুশ্চিন্তাগ্ৰস্ত দেখে, তেতিয়া ভাবে যে এতিয়াই এই সন্তানটিৰ ফটো তুলি পঠিয়াই দিওঁ। তেতিয়া নিজেই বুজি পাব যে মই কি হৈ গ'লো! বাপদাদাই মনজিৎ, জগতজিৎ কৰি তুলিব বিচাৰে। দুশ্চিন্তা ক'ত আহে, মনতেইতো আহে নহয়! তোমালোকতো ৰজা হোৱা নহয়, স্বৰাজ্য অধিকাৰী হোৱা নহয়! মন তোমালোকৰ নে মন মালিক? তোমালোকে কি কোৱা? গোটেই দিনটো 'মোৰ মন' বুলি কোৱা নহয়! মালিকতো নহয় নহয়! কোনে সাহস কৰে, পিতাৰ বৰদান সহজে পাব, কিন্তু কেৱল অলপ মনোযোগ দিব লাগিব। পিতাৰ বৰদানৰ সহায়ৰ অনুভৱ কৰি চোৱা। সকলোৰে চেহেৰা যেতিয়াই চোৱা, কেনেকুৱা দেখা দিব লাগে? দুশ্চিন্তা মুক্ত, পদুম ফুলৰ দৰে বা ফুলি থকা গোলাপ ফুলৰ দৰে।

বাপদাদাই দেখিলে যে পূৰ্বে যিটো কাম দিছিল, শতাংশ লিখাৰ। সকলো স্থানৰ পৰা অলপ অলপ খবৰ আহিছে। ইয়াতো ফলাফল উলিয়াইছে। মনোযোগ দিলা তাৰ বাবে বাপদাদাই অভিনন্দন জনাই আছে, কিন্তু এতিয়া বাপদাদাই এইটোৱে বিচাৰে যে সময় অনুসৰি এতিয়া বাণীৰ দ্বাৰা শুনাৰ সময়ো কম পাব, সেইবাবে মনেৰে আৰু নিজৰ চেহেৰা আৰু চাল-চলনৰ দ্বাৰা সেৱা কৰা। এতিয়াৰ অভ্যাস আগন্তুক সময়ত কামত আহিব। গতিকে আজিৰ পৰা দুশ্চিন্তা মুক্তৰ সংকল্প কৰিব পাৰানে? কৰিব পাৰা, হাত দাঙা। দুশ্চিন্তা মুক্ত। বাৰু, সকলোৰে ফটো তোলা। বৰ ভাল। গতিকে যিসকল আত্মা পৰিস্থিতি অনুসৰি বহুত দুশ্চিন্তাত থাকে, আজিকালি জগতত দুশ্চিন্তা বহুত বাঢ়ি গৈ আছে, গতিকে তোমালোকৰ দুশ্চিন্তা মুক্তৰ অনুভৱ আৰু দুশ্চিন্তা মুক্ত চলন আৰু চেহেৰা তেওঁলোকৰ বাবে এক আধাৰমূৰ্ত হ'ব। যদি আজি জগতত পৰিক্ৰমা লগোৱা বা বাতৰি শুনা, তেন্তে কি দেখিবলৈ পাবা? সাময়িকভাৱে নিজক আনন্দিত কৰাৰ সাধন তৈয়াৰ কৰি থাকে। গতিকে দুশ্চিন্তাত থকাসকলক দুশ্চিন্তা মুক্তৰ উদাহৰণ দেখুওৱা যাতে তেওঁলোকেও আলম্বন পায়। গতিকে সংকল্প কৰিলা, নিজৰ মনত সংকল্প কৰিলানে যে দুশ্চিন্তা মুক্ত থাকিম? কৰিলানে? দৃঢ় কৰিলা নে সাধাৰণ কৰিলা? য'ত দৃঢ়তা থাকে, ত’ত সফলতা হৈয়েই থাকে। কৰিম বুলি নহয়, কৰিবই লাগে। পচন্দ হৈছেনে? ইয়াৰ বাবে হাত দাঙা।

বাপদাদাই এটা কথা দেখিছে যে হাত দাঙি বহুত আনন্দিত কৰি দিয়ে। হাত দাঙি আনন্দিততো কৰিলা, কিন্তু এতিয়া কি কৰিবা? দৃঢ় সংকল্প আৰু সাধাৰণ সংকল্পৰ মাজত দিন আৰু ৰাতিৰ পাৰ্থক্য আছে। কৰিম আৰু কৰিবই লাগিব। গতিকে এই বছৰৰ এইটো ছিজনৰ আজি শেষ দিন, কিন্তু পৰৱৰ্তী ছিজনত বাপদাদাই প্ৰতিটো সৰু-বৰ সেৱাকেন্দ্ৰ, মাজত বহুত সময় আছে, আগন্তুক বছৰৰ ছিজনত ‘কাৰণ’ নহয় কিন্তু ‘নিবাৰণ’ স্বৰূপ চাব বিচাৰে। তেন্তে কিমান সাহস আৰু উৎসাহ আছে যে ব্ৰাহ্মণ পৰিয়ালত দুশ্চিন্তাৰ নাম-চিহ্ন নাথাকক। হ'ব পাৰেনে? প্ৰত্যেকেই নিজক সোধা, হ'ব পাৰেনে? এইটো শুব সংবাদ বাপদাদাই শুনিব বিচাৰে।

বাপদাদাই দেখিলে যে ইচ্ছা সকলোৱে ৰাখে, কৰিম বুলিও ভাবে, কিন্তু যেতিয়া সমস্যা আহে, তেতিয়া সমস্যাই নিজৰ কৰি লয়। তাৰ পাছত বহুত মিঠা কথা কয়, এইটো হৈ যায় নহয়, এইটোতো হ'বই নহয়! এইটোতো চলেই নহয়! বাপদাদক বহুত মিঠা মিঠা কথা শুনায়। সকলোৰে কাৰণ — ৰজা হৈ যোৱা, বচ্‌। স্বৰাজ্য অধিকাৰী হৈ যোৱা। গতিকে আজি বাপদাদাই সকলো সন্তানকে — সন্মুখতে বহি আছা বা দূৰৈত বহি আছা, অন্তৰত বহি আছা। তোমালোকতো চকুৰ সন্মুখত আছা, কিন্তু বাপদাদাই যিসকল দূৰৈত বহি আছে, তেওঁলোকক অন্তৰত প্ৰত্যক্ষ কৰি আছে।

বাপদাদাই গম পায় যে আজি মধুবনতো সৰু সৰু গীতা পাঠশালা বহি গৈছে। সন্তানসকল আহিছে, বাপদাদাই বহুত বহুত বহুত তলত বহাসকলক, অ'ত ত'ত বহাসকলক সকলোতকৈ প্ৰথমে অন্তৰৰ আদৰ আৰু মৰম-স্নেহ যাচি আছে। (আজি শান্তিবনত 28 হাজাৰতকৈও অধিক ভাতৃ-ভগ্নী আহি উপস্থিত হৈছে) বাপদাদাই দেখিলে যে সন্তানসকলে অলপ কষ্টতো কৰিবলগীয়া হৈছে, কিন্তু আনন্দৰ বাবে এই কষ্ট অনুভৱ নকৰে। তথাপিও আৰামেৰে শোৱাৰ বাবে তিনিপদ মাটিতো পাইছা নহয়। যিসকল পাটৰাণী হৈছে, সেইসকল সন্তানক বাপদাদাই বিশেষ মৰম-স্নেহ দিছে। বাৰু, যিসকল আজি প্ৰথমবাৰৰ বাবে মধুবনলৈ আহিছা, বা বাপদাদক সাক্ষাৎ কৰিবলৈ আহিছা, তেওঁলোক উঠা। আজি প্ৰথমবাৰৰ বাবে অহা সন্তানসকলক বাপদাদাই নতুন ব্ৰাহ্মণ পৰিয়াললৈ অহাৰ বাবে নিজৰ ফালৰ পৰা আৰু ব্ৰাহ্মণ পৰিয়ালৰ ফালৰ পৰা বহুত বহুত অভিনন্দন জনাইছে, কিয়নো অতি পলমকৈ আহিছা কিন্তু আহিতো গ’লা। বাপদাদা আৰু পৰিয়ালক দেখাতো পালা। বাপদাদাই ভাবে যে তোমালোকে যদি বিচৰা, তেন্তে আজি অহাসকলৰ বাবে বিশেষ বৰদান আছে যে যদি অন্তৰেৰে বিচৰা, তেন্তে শেষত আহিও তীব্ৰগতিৰে আগবাঢ়ি আগত যাব পাৰা। বাপদাদা আৰু পৰিয়ালৰ তোমালোক সকলো আত্মাৰ প্ৰতি মৰম আছে, সহযোগী হ'ব, স্নেহ দিব আৰু তোমালোকক আগুৱাই লৈ যাব। সুযোগ দিব, সেইবাবে আজি অহাসকলে ড্ৰামাত আগবাঢ়ি যোৱাৰ ভাল সুযোগ পাব পাৰে। সমগ্ৰ পৰিয়াল যি স্থানৰ পৰাই আহিছা, সেই পৰিয়াল তোমালোকৰ সহযোগী হ'ব, তোমালোক সহজ যোগী হ'বা। বাৰু।

সেৱাৰ পাল ৰাজস্থান আৰু ভূপাল মণ্ডলৰ:- ৰাজস্থানৰ ধৰণী পিতা ব্ৰহ্মাৰ বহুত পচন্দ হ’ল, যিয়ে ৰাজস্থানতেই মধুবন তৈয়াৰ কৰিছে। ৰাজস্থানৰ সেৱা বাপদাদাই দেখিলে যে প্ৰতিটো স্থানতেই এতিয়া বৃদ্ধি ভাল হৈ আছে। নতুন নতুন আত্মাসকলক পিতাৰ বাৰ্তা দিয়াৰ কাৰ্যসূচীসমূহো ভাল হৈ আছে। কিন্তু বাপদাদাই সকলোকে এইটোৱে কয় — প্ৰতিটো সেৱাকেন্দ্ৰ যজ্ঞ-স্নেহী উত্তৰাধিকাৰী, এনেকুৱা দল গঠন কৰিব লাগে, যিসকলে নিজেও আগবাঢ়ি যায় আৰু আনকো যজ্ঞ-স্নেহী কৰি তোলে। যোৱাবাৰো বাপদাদাই এইটোৱেই কৈছিল — যজ্ঞ-স্নেহী, সেৱা-স্নেহী আৰু সফল কৰাত সদায় সকলোতকৈ আগত আগবাঢ়ি যাওঁতা, বৃদ্ধি হৈ আছে, ভাল কথা, বাৰ্তা দিয়াৰ কামত প্ৰত্যেকৰে উৎসাহ-উদ্দীপনা আছে। এতিয়া বাপদাদাই এইটোৱে চাব বিচাৰে যে স্ব আৰু সেৱা দুয়োটাৰে সন্তুলন ৰাখোঁতা, প্ৰতিটো সেৱাকেন্দ্ৰৰ পৰা সৰ্বাধিক আগত আহিব লাগে। কেৱল সেৱা নহয়, স্ব আৰু সেৱা কাৰণ এতিয়া স্ব-পৰিৱৰ্তনৰ সময় সিমান বেছি নাই, সেয়েহে প্ৰথমে স্ব, তাৰ লগত সেৱা। প্ৰতিটো সেৱাকেন্দ্ৰ নিৰ্বিঘ্ন, সকলো সংগী নিৰ্বিঘ্ন, কেৱল শিক্ষক নহয়, গোটেই ক্লাছ নিৰ্বিঘ্ন আৰু স্ব-পৰিৱৰ্তনৰ প্ৰতি মনোযোগ দিওঁতা হোৱা। গতিকে এইটো বৃদ্ধি কৰা। প্ৰত্যেকৰে কথা শুনা আৰু তেওঁলোকক উৎসাহ-উদ্দীপনাৰ ডেউকা লগাই দিয়া, যাতে বাপদাদক নিৰ্বিঘ্ন সেৱাকেন্দ্ৰৰ খবৰ দিব পাৰা। বাকী বাপদাদাই দেখিলে যে ৰাজস্থানো আগবাঢ়িছে, আগবাঢ়ি থাকিব। বাপদাদাই প্ৰতিগৰাকী সন্তানক আগবাঢ়ি যোৱাৰ বাবে অভিনন্দন জনাই আছে। বাৰু।

ভূপাল জোন:- বাৰু, এইটো মণ্ডলে নিজৰ পৰিৱৰ্তন আৰু সেৱাৰ বৃদ্ধিত ভাল উন্নতি কৰি আছে। বাপদাদা আনন্দিত হৈছে যে প্ৰতিগৰাকী সন্তানে নিজৰ প্ৰতিও পৰিকল্পনা কৰি আছে আৰু বাস্তৱতো ৰূপায়িত কৰি আছে। আৰু বাবাৰ শুভ আশা আছে যে সদায় আগবাঢ়ি গৈ থাকিবা। প্ৰতিটো মণ্ডলতে দেখা যায় যে এতিয়া উৎসাহ-উদ্দীপনা আছে, সেয়েহে সেৱাত নিজৰ নিজৰ স্থানত বৃদ্ধি কৰি আছে। বাপদাদাই আগন্তুক দিনবোৰৰ বাবেও অভিনন্দন জনাই আছে, আগবাঢ়ি গৈ থাকা, উৰি গৈ থাকা, উৰুৱাই গৈ থাকা। বাৰু।

ডবল বিদেশী ভাতৃ-ভগ্নীসকলৰ সৈতে:- বিদেশীসকলৰ ওচৰত পৰীক্ষাতো আহে, কিন্তু এটা বৈশিষ্ট্য আছে যে তেওঁলোকে সঁচা অন্তৰেৰে কৈ দিয়ে। ভিতৰত নাৰাখে আৰু তাৰ সমাধান সঁচা অন্তৰেৰে কৰি থাকে। ইয়াৰ বাবে বাপদাদাৰ আনন্দিত হয় যে নিকা অন্তৰৰ হ’লে হুজুৰ হাজিৰ হৈ যায়। ভাল ফলাফল দেখি বাপদাদাই অভিনন্দনো জনাই আছে আৰু বৰদানো দি আছে যে সদায় আগবাঢ়ি গৈ থাকিবা। শিক্ষকসকলেও ভাল পৰিশ্ৰম কৰি আছে। বাপদাদা আনন্দিত হয় যে মধুবনৰ লাভ আটাইতকৈ বেছি বিদেশীসকলে লৈ আছে। গতিকে বাপদাদাই দেখিবলৈ পায় যে বিদেশৰ সৰু সৰু স্থানতো আৱাজ প্ৰভাৱশালী কৰাৰ সেৱা আৰম্ভ কৰি দিছে। গতিকে সেৱাৰ বাবে অভিনন্দন, স্ব-পৰিৱৰ্তনৰ বাবে অভিনন্দন। উৰি গৈ থাকা আৰু উৰুৱাই গৈ থাকা। বাৰু।

চাৰিওফালৰ দেশ-বিদেশৰ সন্তানসকলক বাপদাদাই পুৰুষাৰ্থত সহজে আগবাঢ়ি যোৱাৰ বাবে আৰু অন্যকো আগবঢ়াই লৈ যোৱাৰ বাবে বিশেষ অভিনন্দন জনাই আছে। এতিয়া যি সময় আহিব, তাৰ বাবে বাপদাদাই নিৰ্দেশনা দি দিছে যে তীব্ৰ পুৰুষাৰ্থী হৈ ছেকেণ্ডত বিন্দু লগোৱা, পূৰ্ণ বিৰাম লগোৱাৰ অভ্যাসৰ অতি আৱশ্যক। এই কথাটি পাতলকৈ নল’বা। অকস্মাৎ কিবা নহয় কিবা হ'বই, সেয়েহে পিতাৰ শুভ আশা আছে যে প্ৰতিগৰাকী সন্তান লগত আছে, লগত যাব, পিতা ব্ৰহ্মা সৈতে লগত ৰাজ্য কৰিব, শিৱবাবা সাক্ষী হৈ যাব। সংগী হওঁতা হোৱা, সেয়েহে পিতাৰ সমান হ'বই লাগিব। বাৰু — প্ৰতিগৰাকী সন্তানক বাপদাদাৰ ফালৰ পৰা এই বছৰৰ বাবে অভিনন্দন আৰু আগন্তুক বছৰৰ বাবেও অভিনন্দন যে সদায় পিতাৰ সমান হ'বই লাগে। বাৰু।

বৰদান:
মনন শক্তিৰ দ্বাৰা শক্তিশালী হৈ বিঘ্নৰ শক্তি সমাপ্ত কৰোঁতা সৰ্ব আকৰ্ষণ মুক্ত হোৱা

বৰ্তমান সময়ত মনন শক্তিৰ দ্বাৰা আত্মাক সৰ্ব শক্তিৰে ভৰপূৰ কৰাৰ আৱশ্যক। ইয়াৰ বাবে অন্তৰ্মুখী হৈ প্ৰতিষাৰ সাৰ কথা মনন কৰা, তেতিয়া মাখন ওলাব আৰু শক্তিশালী হৈ যাবা। এনেকুৱা শক্তিশালী আত্মাসকলে অতীন্দ্ৰিয় সুখ প্ৰাপ্তিৰ অনুভৱ কৰে, তেওঁলোকক অল্পকালৰ কোনো বস্তুৱে নিজৰফালে আকৰ্ষিত কৰিব নোৱাৰে। তেওঁলোকৰ মগন অৱস্থাৰ দ্বাৰা যি আত্মিকতাৰ শক্তিশালী স্থিতি গঢ়ি উঠে, তাৰ দ্বাৰা বিঘ্নৰ শক্তি সমাপ্ত হৈ যায়।

স্লোগান:
ব্ৰাহ্মণ সংসাৰত সকলোৰে সন্মান প্ৰাপ্ত কৰোঁতাসকলেই সিংহাসনৰ অধিকাৰী হয়।

অব্যক্ত ইংগিত: অপৱিত্ৰতাৰ বীজো সমাপ্ত কৰি সম্পূৰ্ণ স্বচ্ছ (পৱিত্ৰ) হোৱা

পিতা ব্ৰহ্মা আৰু শিৱ পিতাৰ বিশেষ পছন্দই হৈছে পৱিত্ৰতা। কিন্তু পৱিত্ৰতাৰ পৰিভাষা বহুত শ্ৰেষ্ঠ আৰু গূঢ়। পৱিত্ৰতা য'ত থাকিব, ত’ত নিশ্চয়তা, সত্যতা-স্বচ্ছতা — এই সকলোবোৰ আহি যায়। সম্পূৰ্ণ পৱিত্ৰতাৰ অৰ্থই হৈছে — সপোনতো অপৱিত্ৰতাই মন আৰু বুদ্ধিক যাতে স্পৰ্শ নকৰে, ইয়াকে প্ৰকৃত বৈষ্ণৱ বুলি কোৱা হয়।