23.09.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – ভিতৰি দিনে ৰাতিয়ে ‘বাবা বাবা’ কৰি থাকিলে অপাৰ আনন্দিত হৈ থাকিবা, বুদ্ধিত থাকিব যে বাবাই আমাক কুবেৰৰ সম্পদ দিবলৈ আহিছে”

প্ৰশ্ন:
বাবাই কোনসকল সন্তানক সৎ ফুল বুলি কয়? তেওঁলোকৰ লক্ষণবোৰ শুনোৱা?

উত্তৰ:
সৎ ফুল সেইসকল যিসকল কেতিয়াও মায়াৰ বশীভূত নহয়। মায়াৰ সংঘাতত নাহে। এনেকুৱা সৎ ফুল শেষত আহিও প্ৰথম হ’বলৈ পুৰুষাৰ্থ কৰে। তেওঁলোকে পুৰণাসকলতকৈও আগত যোৱাৰ লক্ষ্য ৰাখে। নিজৰ অৱগুণ আঁতৰোৱাৰ পুৰুষাৰ্থত ব্ৰতী হৈ থাকে। আনৰ অৱগুণ নাচায়।

ওঁম্শান্তি।
শিৱ ভগৱানুবাচ। তেওঁ হৈ গ’ল আত্মিক পিতা কিয়নো শিৱতো পৰম আত্মা নহয় জানো, আত্মা হয় নহয়। পিতাইতো নিতৌ নতুন নতুন কথা বুজাই থাকে। ‘গীতা’ শুনাওঁতা সন্ন্যাসী আদি বহুত আছে। তেওঁলোকে পিতাক স্মৰণ কৰিব নোৱাৰে। তেওঁলোকৰ মুখেৰে কেতিয়াও ‘বাবা’ শব্দটি উচ্চাৰিত হ’ব নোৱাৰে। এই শব্দটি হয়েই গৃহস্থী মাৰ্গৰ লোকসকলৰ বাবে। তেওঁলোকতো হৈছে নিবৃত্তি মাৰ্গৰ। তেওঁলোকে ব্ৰহ্মকেই স্মৰণ কৰে। মুখেৰে কেতিয়াও ‘শিৱবাবা’ বুলি নকয়। লাগিলে তোমালোকে বিচাৰ কৰা। ধৰি লোৱা, চিন্মিয়ানন্দ আদিৰ দৰে ডাঙৰ ডাঙৰ বিদ্বান সন্ন্যাসীয়ে ‘গীতা’ শুনায়, এনেকুৱা নহয় যে তেওঁলোকে শ্ৰীকৃষ্ণক ‘গীতা’ৰ ভগৱান বুলি বুজি তেওঁৰ সৈতে যোগসূত্ৰ গঢ়িব পাৰে। নোৱাৰে। তেওঁলোকতো তথাপি ব্ৰহ্মৰ সৈতে যোগসূত্ৰ গঢ়োঁতা ব্ৰহ্ম জ্ঞানী বা তত্ব জ্ঞানী। শ্ৰীকৃষ্ণক কেতিয়াবা কোনোবাই বাবা বুলি ক’ব, এয়া হ’ব নোৱাৰে। তেন্তে শ্ৰীকৃষ্ণ ‘গীতা’ শুনাওঁতা বাবাতো নহ’ল নহয়। শিৱক সকলোৱে বাবা বুলি কয় কাৰণ তেওঁ সকলো আত্মাৰ পিতা। সকলো আত্মাই তেওঁক পৰমপিতা পৰমাত্মা বুলি মাতে। তেওঁ হ’ল ‘চুপ্ৰীম’, পৰম কিয়নো তেওঁ হৈছে পৰমধাম নিবাসী। তোমালোকো সকলো পৰমধামত থাকা কিন্তু তেওঁক পৰম আত্মা বুলি কয়। তেওঁ কেতিয়াও পুনৰ্জন্মত নাহে। নিজেই কয় - মোৰ জন্ম দিব্য আৰু অলৌকিক। এনেকৈ কোনোবাই ৰথত প্ৰৱেশ কৰি তোমালোকক বিশ্বৰ মালিক হোৱাৰ যুক্তি শুনাব, এয়া আন কোনো হ’ব নোৱাৰে। সেইবাবে পিতাই কয় - মই যি হওঁ, যেনেকুৱা হওঁ, মোক কোনেও নাজানে। মই যেতিয়া নিজৰ পৰিচয় দিওঁ তেতিয়াহে জানিব পাৰে। ব্ৰহ্মক বা তত্ত্বক মান্যতা দিয়াসকলে আকৌ শ্ৰীকৃষ্ণক নিজৰ পিতা বুলি কেনেকৈ মানিব। আত্মাসকল সকলো সন্তান নহ’ল জানো। শ্ৰীকৃষ্ণক সকলোৱে পিতা বুলি কেনেকৈ ক’ব। এনেকৈ ক’ব জানো যে শ্ৰীকৃষ্ণ সকলোৰে পিতা। আমি সকলো ভাই ভাই। এনেকুৱাও নহয় যে শ্ৰীকৃষ্ণ সৰ্বব্যাপি আছে। সকলো জানো শ্ৰীকৃষ্ণ হ’ব পাৰে। যদি সকলো শ্ৰীকৃষ্ণই হয় তেন্তে তেওঁলোকৰ পিতাও লাগিব। মনুষ্যই সকলো পাহৰি গৈছে। নাজানে, সেইবাবেতো কয় - মোক কোটিৰ মাজত কোনোবাইহে জানে। শ্ৰীকৃষ্ণকতো যিকোনো লোকে জানি ল’ব। বিদেশীসকলেও তেওঁক জানে। “লৰ্ড কৃষ্ণ” বুলি কয়। চিত্ৰও আছে, আচল চিত্ৰতো নাই। ভাৰতবাসীৰ পৰা শুনিছে, তেওঁৰ পূজা বহুত হয় সেয়েহে আকৌ ‘গীতা’ত শ্ৰীকৃষ্ণ ভগৱান বুলি লিখি দিছে। এতিয়া ভগৱানক জানো ‘লৰ্ড’ বুলি কোৱা হয়! “লৰ্ড কৃষ্ণ” বুলি কয় নহয়। ‘লৰ্ড’ উপাধি আচলতে ডাঙৰ ব্যক্তিয়ে পায়। তেওঁলোকেতো সকলোকে দি থাকে, ইয়াক কোৱা হয় অন্ধকাৰ নগৰী…। যিকোনো পতিত মনুষ্যক ‘লৰ্ড’ বুলি কৈ দিয়ে। ক’ত আজিৰ এই পতিত মনুষ্য, ক’ত শিৱ বা শ্ৰীকৃষ্ণ! পিতাই কয় - তোমালোকক যি জ্ঞান দিওঁ সেয়া আকৌ লোপ হৈ যায়। মইহে আহি নতুন সৃষ্টি স্থাপনা কৰোঁ। জ্ঞানো মই এতিয়াহে দিওঁ। মই যেতিয়া জ্ঞান দিওঁ তেতিয়াহে সন্তানসকলে শুনে। মোৰ বাহিৰে আন কোনেও শুনাব নোৱাৰে। নাজানেই।

সন্ন্যাসীয়ে শিৱবাবাক জানো স্মৰণ কৰিব পাৰে? তেওঁলোকে নিৰাকাৰ ভগৱানক স্মৰণ কৰিবলৈ ক’বও নোৱাৰে। কেতিয়াবা শুনিছানে? বহুত লিখা-পঢ়া কৰা ব্যক্তিয়েও বুজি নাপায়। এতিয়া পিতাই বুজায় - শ্ৰীকৃষ্ণ ভগৱান নহয়। মনুষ্যইতো তেওঁকেই ভগৱান বুলি কৈ থাকে। কিমান পাৰ্থক্য হৈ গ’ল। পিতাইতো বহি সন্তানসকলক পঢ়ায়। তেওঁ পিতা, শিক্ষক, গুৰুও হয়। শিৱবাবাই সকলোকে বহি বুজায়। বুজি নোপোৱাৰ কাৰণে ত্ৰিমূৰ্ত্তিৰ চিত্ৰত শিৱক নাৰাখেই। ব্ৰহ্মাক ৰাখে, যাক প্ৰজাপিতা ব্ৰহ্মা বুলি কয়, প্ৰজা ৰচনা কৰোঁতা। কিন্তু তেওঁক ভগৱান বুলি কোৱা নহয়। ভগৱানে প্ৰজা ৰচনা নকৰে। ভগৱানৰ কাৰণেতো সকলো আত্মাই সন্তান। আকৌ কাৰোবাৰ দ্বাৰা প্ৰজা ৰচনা কৰে। তোমালোকক কোনে তুলি ল’লে? ব্ৰহ্মাৰ দ্বাৰা পিতাই তুলি ল’লে। ব্ৰাহ্মণ যেতিয়া হ’বা তেতিয়াহে দেৱতা হ’বাগৈ। এই কথাবোৰতো তোমালোকে কেতিয়াও শুনা নাছিলা। প্ৰজাপিতাৰো নিশ্চয় ভূমিকা আছে। কৰ্মকাণ্ড থাকিব লাগে নহয়। ইমান প্ৰজা ক’ৰ পৰা আহিব। কোষ বংশাৱলীওতো হ’ব নোৱাৰে। সেই কোষ বংশাৱলী ব্ৰাহ্মণে ক’ব – আমাৰ বংশৰ নাম হৈছে ব্ৰাহ্মণ। নামতো সকলোৰে বেলেগ বেলেগ। প্ৰজাপিতা ব্ৰহ্মা বুলি তেতিয়াহে কোৱা হয় যেতিয়া শিৱবাবা এওঁৰ শৰীৰত প্ৰৱেশ কৰে। এয়া হৈছে নতুন কথা। পিতাই নিজেই কয় - মোক কোনেও নাজানে, সৃষ্টি চক্ৰকো নাজানে। সেইকাৰণেতো ঋষি-মুনি সকলোৱে “নাজানো নাজানো” বুলি কৈ গ’ল। পৰমাত্মাকো নাজানে, পৰমাত্মাৰ ৰচনাকো নাজানে। পিতাই কয় - যেতিয়া মই আহি নিজৰ পৰিচয় দিওঁ তেতিয়াহে জানে। এই দেৱতাসকলে তাত এইটো জানো জানে যে আমি এই ৰাজ্য কেনেকৈ পালোঁ? দেৱতাসকলৰ এই জ্ঞানেই নাথাকে। পদ প্ৰাপ্ত হৈ যোৱাৰ পাছত জ্ঞানৰ দৰকাৰ নাথাকে। জ্ঞান লাগে সৎগতিৰ কাৰণে। এওঁলোকেতো সৎগতি প্ৰাপ্ত কৰিলে। এয়া হৈছে ভালকৈ বুজিবলগীয়া গূঢ় কথা। বিচাৰ বুদ্ধি সম্পন্নসকলেহে বুজে। বাকী যিসকল বুঢ়ী মাতা আছে, তেওঁলোকৰ ইমান বুদ্ধিতো নাই, এয়াও ড্ৰামাৰ পৰিকল্পনা অনুসৰি প্ৰত্যেকৰে নিজৰ ভূমিকা আছে। এনেকৈতো নক’ব - হে ঈশ্বৰ বুদ্ধি দিয়া। সকলোকে যদি মই সমানে বুদ্ধি দিওঁ তেতিয়া সকলোৱেই নাৰায়ণ হৈ যাব। সকলোৱে ইজন-সিজনৰ ওপৰত গাদীত বহিব জানো! অৱশ্যে হয়, লক্ষ্মী-নাৰায়ণ হোৱাটোৱেই সকলোৰে লক্ষ্য-উদ্দেশ্য। সকলোৱে নৰৰ পৰা নাৰায়ণ হ’বলৈ পুৰুষাৰ্থ কৰি আছে। পুৰুষাৰ্থ অনুসৰিহে হ’ব নহয়। যদি সকলোৱে হাত দাঙে - মই নাৰায়ণ হ’ম, তেন্তে পিতাৰ ভিতৰি হাঁহি নুঠিব জানো। সকলো একে সমান কেনেকৈ হ’ব পাৰে! ক্ৰমানুসৰিতো হয়েই। নাৰয়ণ প্ৰথম, দ্বিতীয়, তৃতীয়। যেনেকৈ এডৱাৰ্ড প্ৰথম, দ্বিতীয়, তৃতীয়… থাকে নহয় জানো। যদিও লক্ষ্য-উদ্দেশ্য এইটোৱেই কিন্তু নিজেই বুজিব পাৰে নহয় – চলন এনেকুৱা তেন্তে কি পদ পাম? পুৰুষাৰ্থতো নিশ্চয় কৰিব লাগে। পিতাই ক্ৰমানুসৰি ফুল লৈ আহে, ক্ৰমানুসৰি ফুল দিবও পাৰে কিন্তু এনেকুৱা নকৰে। নিৰাশ হৈ যাব। পিতাই জানে, চাব কোনে বেছি সেৱা কৰি আছে, এওঁ ভাল ফুল। পাছলৈ ক্ৰমানুসৰিতো হয়েই। বহুত পুৰণিও বহি আছে, কিন্তু তেওঁলোকতকৈ নতুনসকল বৰ ভাল ফুল হয়। এনেকৈ ক’ব - এওঁ প্ৰথম নম্বৰৰ সৎ ফুল, এওঁৰ কোনো সংঘাত, ঈৰ্ষা আদি নাই। বহুতৰ কিবা নহয় কিবা দোষ-ক্ৰুটি নিশ্চয় আছে। সম্পূৰ্ণ বুলিতো কাকো ক’ব নোৱাৰি। ষোল্ল কলা সম্পূৰ্ণ হ’বলৈ বহুত যত্ন কৰিব লাগে। এতিয়া কোনো সম্পূৰ্ণ হ’ব নোৱাৰে। এতিয়াতো ভাল ভাল সন্তানসকলৰো ঈৰ্ষা বহুত আছে। দোষ-ক্ৰুটিতো আছে নহয়। পিতাই জানে সকলোৱে কেনেধৰণৰ পুৰুষাৰ্থ কৰি আছে। জগতৰ লোকে কি জানিব। তেওঁলোকেতো একো বুজি নাপায়। বহুত কমেহে বুজি পায়। গৰিবসকলে সোনকালে বুজি পায়। বেহদৰ পিতা পঢ়ুৱাবলৈ আহিছে। সেই পিতাক স্মৰণ কৰিলে আমাৰ পাপ খণ্ডন হ’ব। আমি পিতাৰ ওচৰলৈ আহিছোঁ, পিতাৰ পৰা নতুন সৃষ্টিৰ অধিকাৰ নিশ্চয় পাম। ক্ৰমানুসৰিতো হয়েই - 100ৰ পৰা ধৰি এক নম্বৰলৈকে। তথাপিও পিতাকতো জানিলে, অলপো যদি শুনে তেন্তে স্বৰ্গলৈ নিশ্চয় আহিব। 21 জন্মৰ কাৰণে স্বৰ্গলৈ অহা সেয়া কম কথা জানো! এনেকুৱাতো নহয় কোনোবা মৰিলে ক’ব 21 জন্মৰ কাৰণে স্বৰ্গলৈ গ’ল। স্বৰ্গনো আছে ক’ত। কিমান ভুল বুজাবুজিৰ সৃষ্টি কৰি দিয়ে। ডাঙৰ ডাঙৰ ভাল ব্যক্তিয়েও কয় - অমুক স্বৰ্গগামী হ’ল। স্বৰ্গ কাক কয়? অৰ্থ একোৱে নাজানে। এয়া কেৱল তোমালোকেহে জানা। তোমালোকো মনুষ্যই, কিন্তু তোমালোক ব্ৰাহ্মণ হৈছা। নিজক ব্ৰাহ্মণ বুলিয়ে কোৱা। তোমালোক ব্ৰাহ্মণসকলৰ এজন বাপদাদা আছে। সেয়েহে সন্ন্যাসীসকলকো তোমালোকে সুধিব পাৰা যে এয়া যি মহাবাক্য বা ভগৱানুবাচ আছে যে দেহ সহিত দেহৰ সকলো ধৰ্ম এৰি মামেকম্‌ (কেৱল মোক) স্মৰণ কৰা – এনেকৈ জানো শ্ৰীকৃষ্ণই কয় যে মামেকম্‌ স্মৰণ কৰা? আপোনালোকে শ্ৰীকৃষ্ণক স্মৰণ কৰে জানো? কেতিয়াও ‘কৰোঁ’ বুলি নক’ব। তাতেই প্ৰসিদ্ধ হৈ যায়। কিন্তু বেচেৰী অৱলাসকল তালৈ যায়, তেওঁলোকে কি জানে। তেওঁলোক নিজৰ অনুগামীসকলৰ আগত ক্ৰোধিত হৈ যায়। ‘দুৰ্বাষা’ নামো আছে নহয়। তেওঁলোকৰ বহুত অহংকাৰ থাকে। অনুগামী বহুত আছে। ভক্তিৰ ৰাজ্য নহয় জানো। তেওঁলোকক সোধাৰ কাৰো শক্তি নাথাকে। নহ’লেতো তেওঁলোকক ক’ব পাৰা যে আপোনালোকেতো শিৱবাবাৰ পূজা কৰে। এতিয়া ভগৱান বুলি কাক ক’ব? ভগৱান জানো শিল-পাথৰ সকলোতে আছে? আগলৈ গৈ এই সকলোবোৰ কথা বুজিব। এতিয়া নিচা কিমান আছে। সকলো পূজাৰী। পূজ্য বুলি কোৱা নহ’ব।

পিতাই কয় - মোক কোনোবা বিৰলজনেহে জানে। মই যি হওঁ, যেনেকুৱা হওঁ - তোমালোক সন্তানসকলৰ মাজতো কোনোবা বিৰলজনেহে সঠিককৈ জানে। তেওঁলোকৰ অন্তৰ বহুত আনন্দিত হৈ থাকে। এইটোতো জানা নহয় - বাবাইহে আমাক স্বৰ্গৰ বাদশ্বাহী দিয়ে। কুবেৰৰ সম্পদ পাওঁ। “আল্লাহ আবলদীন”ৰ খেলো দেখুৱায় নহয়। ঘঁহি দিয়াৰ লগে লগে সম্পদ ওলাই আহিল। বহুত খেল দেখুৱায় - খোদা দোস্ত বাদশ্বাহে কি কৰিছিল, তাৰ ওপৰতো কাহিনী আছে। দলংলৈ যি আহিছিল, এদিনৰ ৰাজ্য দি পঠিয়াই দিছিল। এই সকলোবোৰ হৈছে কাহিনী। এতিয়া পিতাই বুজায় - খোদা তোমালোক সন্তানসকলৰ মিত্ৰ, এওঁৰ শৰীৰত প্ৰৱেশ কৰি তোমালোকৰ সৈতে খোৱা-বোৱা কৰে, খেলেও। শিৱবাবা আৰু ব্ৰহ্মাবাবাৰ ৰথ এখনেই, তেন্তে নিশ্চয় শিৱবাবায়ো খেলিবতো পাৰে নহয়। পিতাক স্মৰণ কৰি খেলে গতিকে এওঁৰ মাজতে দুয়োগৰাকী আছে। দুয়োগৰাকীয়েই আছে নহয় - বাপ আৰু দাদা। কিন্তু কোনেও বুজি নাপায়, এনেকৈ কয় যে ৰথত আহিছে, সেয়েহে তেওঁলোকে আকৌ ঘোৰা গাড়ীৰ ৰথ সাজি দিছে। এনেকৈও কোৱা নহ’ব যে শ্ৰীকৃষ্ণৰ শৰীৰত বহি শিৱবাবাই জ্ঞান দিয়ে। তেওঁলোকে আকৌ কৈ দিয়ে - শ্ৰীকৃষ্ণ ভগৱানুবাচ। এনেকৈতো নকয় যে ব্ৰহ্মা ভগৱানুবাচ। নহয়। এওঁ হ’ল ৰথ। শিৱ ভগৱানুবাচ। পিতাই বহি তোমালোক সন্তানসকলক নিজৰ আৰু ৰচনাৰ আদি-মধ্য-অন্তৰ পৰিচয়, সময়সীমাৰ কথা শুনায়। যিবোৰ কথা কোনেও নাজানে। যিসকল বিচাৰ বুদ্ধি সম্পন্ন হ’ব তেওঁলোকৰ বুদ্ধিয়ে কাম কৰিব। সন্ন্যাসীসকলেতো সন্ন্যাস কৰিব। তোমালোকেও শৰীৰ সহিত সকলোৰে সন্ন্যাস কৰা, এইটো জানা যে এয়া হৈছে পুৰণা ছাল, আমিতো এতিয়া নতুন সৃষ্টিলৈ যাব লাগে। আমি আত্মাসকল ইয়াৰ নিবাসী নহয়। ইয়াত ভূমিকা পালন কৰিবলৈ আহিছোঁ। আমাৰ নিবাসস্থান হৈছে পৰমধাম। এয়াও তোমালোক সন্তানসকলে জানা যে তাত নিৰাকাৰী বৃক্ষ কেনেকুৱা হয়। সকলো আত্মা তাত থাকে, এয়া অনাদি ড্ৰামা ৰচি থোৱা আছে। কিমান কোটি কোটি জীৱ আত্মা আছে। ইমানবিলাক ক’ত থাকে? নিৰাকাৰী সৃষ্টিত। বাকী এই তৰাবোৰতো আত্মা নহয়। মনুষ্যইতো এই তৰাবোৰকো দেৱতা বুলি কৈ দিছে। কিন্তু সেইবোৰ কোনো দেৱতা নহয়। জ্ঞান সূৰ্য বুলিতো আমি শিৱবাবাক কওঁ। তেন্তে তেওঁক জানো আকৌ দেৱতা বুলি ক’ম। শাস্ত্ৰতো কি কি কথা লিখি দিছে। এই সকলোবোৰ হ’ল ভক্তিমাৰ্গৰ সামগ্ৰী। যাৰ দ্বাৰা তোমালোক অধঃপতিত হৈ আহিলা। 84 জন্ম ল’লে নিশ্চয় অধঃপতিতই নহ’ব জানো। এতিয়া এয়া হৈছে লৌহ যুগী সৃষ্টি। সত্যযুগক কোৱা হয় সোণালী যুগী সৃষ্টি। তাত কোন আছিল? দেৱতাসকল। সেইখন ক’লৈ গ’ল – এয়া কোনেও নাজানে। এইটো বুজিও পায় যে পুনৰ্জন্ম লয়। পিতাই বুজাইছে – পুনৰ্জন্ম লৈ লৈ দেৱতাৰ পৰা সলনি হৈ হিন্দু গ’ল। পতিত হৈ গ’ল। অন্য কাৰোৰে ধৰ্ম সলনি নহয়। এওঁলোকৰ ধৰ্ম কিয় সলনি হয় - কোনেও নাজানে। পিতাই কয় - ধৰ্ম ভ্ৰষ্ট, কৰ্ম ভ্ৰষ্ট হৈ গ’ল। দেৱী-দেৱতা হৈ থাকোঁতে পৱিত্ৰ যোৰা (যুগল) আছিল। আকৌ ৰাৱণৰাজ্যত তোমালোক অপৱিত্ৰ হৈ গ’লা। ফলত দেৱী-দেৱতা বুলি ক’ব নোৱাৰা হ’লা সেইকাৰণে নাম হৈ গ’ল হিন্দু। দেৱী-দেৱতা ধৰ্ম শ্ৰীকৃষ্ণ ভগৱানে প্ৰতিষ্ঠা কৰা নাই। নিশ্চয় শিৱবাবাহে আহি কৰিছিল। শিৱ জয়ন্তী, শিৱৰাত্ৰিও পালন কৰা হয় কিন্তু তেওঁ আহি কি কৰিলে, এয়া কোনেও নাজানে। এখন শিৱ পুৰাণো আছে। আচলতে শিৱৰ এখন ‘গীতা’ই আছে যিখন শিৱবাবাই শুনাইছে, আন কোনো শাস্ত্ৰ নাই। তোমালোকে কোনো ধৰণৰ হিংসা নকৰা। তোমালোকৰ কোনো শাস্ত্ৰতো ৰচা নহয়। তোমালোক নতুন সৃষ্টিলৈ গুচি যোৱা। সত্যযুগত কোনো শাস্ত্ৰ গীতা আদি নাথাকে। তাত কোনে পঢ়িব? তেওঁলোকেতো কৈ দিয়ে এই বেদ-শাস্ত্ৰ আদি পৰম্পৰাগতভাৱে চলি আহিছে। তেওঁলোকে একোৱে নাজানে। স্বৰ্গত কোনো শাস্ত্ৰ আদি নাথাকে। পিতাইতো দেৱতা কৰি তুলিলে, সকলোৰে সৎগতি হৈ গ’ল তেন্তে আকৌ শাস্ত্ৰ পঢ়াৰ কি দৰকাৰ। তাত শাস্ত্ৰ নাথাকে। এতিয়া পিতাই তোমালোকক জ্ঞানৰ চাবি দিছে, যাৰ দ্বাৰা বুদ্ধিৰ তলা খুলি গ’ল। প্ৰথমতে তলা একেবাৰে বন্ধ আছিল, একোৱে বুজি পোৱা নাছিলা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) কাকো ঈৰ্ষা আদি কৰিব নালাগে। দোষ-ক্ৰুটিসমুহ দূৰ কৰি সম্পূৰ্ণ হোৱাৰ পুৰুষাৰ্থ কৰিব লাগে। পঢ়াৰ দ্বাৰা উচ্চ পদ ল’ব লাগে।

(2) শৰীৰ সহিত সকলোৰে সন্ন্যাস কৰিব লাগে। কোনো প্ৰকাৰৰ হিংসা কৰিব নালাগে। অহংকাৰ কৰিব নালাগে।

বৰদান:
অবিনাশী আৰু বেহদৰ অধিকাৰৰ আনন্দ আৰু নিচাৰ দ্বাৰা সদায় নিশ্চিন্ত হোৱা

জগতত বহুত পৰিশ্ৰম কৰি অধিকাৰ লয়, তোমালোকে বিনা পৰিশ্ৰমত অধিকাৰ পাই গ’লা। সন্তান হোৱা অৰ্থাৎ অধিকাৰ লোৱা। "বাঃ মই শ্ৰেষ্ঠ অধিকাৰী আত্মা!", এই বেহদৰ অধিকাৰৰ নিচা আৰু আনন্দত থাকিলে সদায় নিশ্চিন্ত হৈ থাকিবা। এই অবিনাশী অধিকাৰ নিশ্চিত হয়েই। য'ত নিশ্চিত ত’ত নিশ্চিন্ত হৈ থাকে। নিজৰ সমস্ত দায়িত্ব পিতাক হস্তান্তৰ কৰি দিয়া তেতিয়া সকলো দুশ্চিন্তাৰ পৰা মুক্ত হৈ যাবা।

স্লোগান:
যিসকল উদাৰ অন্তৰৰ আৰু অন্তৰ বিশাল তেওঁলোকেই একতাৰ বুনিয়াদ।


“ইচ্ছা মাত্ৰম অবিদ্যা” স্থিতিৰ অনুভৱ কৰিবলৈ আৰু কৰাবলৈ আজিৰ অব্যক্ত সংকেত:

অনেক প্ৰকাৰৰ কামনাই সন্মুখীন হোৱাত বিঘিনি আনে। যেতিয়া এনেকুৱা কামনা ৰাখা যে মোৰ নাম হওঁক, মই এনেকুৱা, মোৰ পৰা ৰায় কিয় নল’লে, মোক মূল্য কিয় নিদিলে… তেতিয়া সেৱাত বিঘিনি আহে। সেইবাবে মান পোৱাৰ ইচ্ছা ত্যাগ কৰি স্বমানত তিষ্ঠি যোৱা তেতিয়া মান প্ৰচ্ছায়াৰ দৰে তোমালোকৰ পিছে পিছে আহিব।