23.09.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল - তোমালোকে আত্মিক পিতাৰ পৰা নতুন নতুন আধ্যাত্মিক কথা শুনি আছা, তোমালোকে জানা যেনেকৈ আমি আত্মাসকল নিজৰ ৰূপ সলনি কৰি আহিছোঁ, তেনেকৈ পিতাও আহিছে”

প্ৰশ্ন:
সৰু সৰু ল'ৰা-ছোৱালীয়ে পিতাৰ বুজনিৰ প্ৰতি ভালদৰে ধ্যান দিলে, তেতিয়া কোনটো উপাধি ল’ব পাৰে?

উত্তৰ:
‘আধ্যাত্মিক নেতা/নেত্ৰী’ৰ। সৰু ল'ৰা-ছোৱালীয়ে যদি কোনো সাহসৰ কাম কৰি দেখুৱায়, পিতাৰ পৰা যি শুনে তাৰ প্ৰতি ধ্যান দিয়ে আৰু আনকো বুজায় তেতিয়া তেওঁলোকক সকলোৱে বহুত মৰম কৰিব। পিতাৰ নামো প্ৰসিদ্ধ হৈ যাব।

গীত:
চোড় ভী দে আকাশ চিংহাচন...... (আকাশ সিংহাসন এৰি দিয়া……)

ওঁম্শান্তি।
সন্তানসকলে আহ্বান কৰিলে, পিতাই সঁহাৰি জনালে - বাস্তৱত সন্তানসকলে কি কয় যে বাবা আপুনি পুনৰ ৰাৱণ ৰাজ্যত আহি যাওঁক। অভিব্যক্তিও আছে নহয় জানো - পুনৰ মায়াৰ প্ৰচ্ছায়া পৰিছে। মায়া বুলি ৰাৱণক কোৱা হয়। গতিকে আহ্বান কৰে - ৰাৱণ ৰাজ্য আহি গ'ল সেইবাবে এতিয়া আকৌ আহি যাওঁক। ৰাৱণৰ ৰাজ্যত ইয়াত বহুত দুখ। আমি বহুত দুখী, পাপ আত্মা হৈ গৈছোঁ। এতিয়া পিতা বাস্তৱত আছে। সন্তানসকলে জানে আকৌ সেয়াই মহাভাৰতৰ যুদ্ধও থিয় হৈ আছে। পিতাই জ্ঞান আৰু ৰাজযোগ শিকাই আছে। আহ্বানো কৰে - হে নিৰাকাৰ পৰমপিতা পৰমাত্মা, নিৰাকাৰৰ পৰা আকাৰ সাকাৰী ৰূপ লওঁক, ৰূপ সলনি কৰক। পিতাই বুজায় - তোমালোকো তাৰেই নিবাসী - ব্ৰহ্ম মহাতত্ত্ব বা নিৰাকাৰী সৃষ্টিৰ। তোমালোকেও ৰূপ সলনি কৰিছা। এয়া কোনেও নাজানে। আত্মা যি নিৰাকাৰ, তেওঁলোকেই আহি সাকাৰ শৰীৰ ধাৰণ কৰে। সেইখন হৈছে নিৰাকাৰী সৃষ্টি। এইখন হৈছে সাকাৰী সৃষ্টি আৰু সেয়া হ'ল আকাৰী সৃষ্টি। সেইখন বেলেগ। তোমালোকৰ বুদ্ধিত আছে আমি শান্তিধাম বা নিৰ্বাণধামৰ পৰা আহোঁ। পিতাই যেতিয়া প্ৰথমতে নতুন ৰচনা ৰচিবলগীয়া হয় তেতিয়া সূক্ষ্মবতনকে ৰচিব। সূক্ষ্মবতনলৈ এতিয়া তোমালোক যাব পাৰা পাছত কেতিয়াও যাবলগীয়া নহয়। প্ৰথমতে তোমালোক সূক্ষ্মবতন হৈ নাহা। চিধা আহা। এতিয়া তোমালোকে সূক্ষ্মবতনলৈ অহা-যোৱা কৰিব পাৰা। খোজকাঢ়ি যোৱাৰ কথা নহয়। এয়া তোমালোক সন্তানসকলৰ সাক্ষাৎকাৰ হয়। মূলবতনৰো সাক্ষাৎকাৰ হ'ব পাৰে, কিন্তু যাব নোৱাৰে। বৈকুণ্ঠৰো সাক্ষাৎকাৰ হ'ব পাৰে, যাব নোৱাৰে। যেতিয়ালৈকে সম্পূৰ্ণ পৱিত্ৰ নহয়। তোমালোকে এনেকৈ ক’ব নোৱাৰা যে আমি সূক্ষ্মবতনলৈ যাব পাৰোঁ। তোমালোকে সাক্ষাৎকাৰ কৰিব পাৰা। শিৱবাবা আৰু দাদা আৰু তোমালোক সন্তানসকল আছা। তোমালোক সন্তানসকলে কেনেকুৱা নতুন নতুন আত্মিক কথা শুনা। এই কথাবোৰ জগতত কোনেও নাজানে। যদিও নিৰাকাৰী সৃষ্টি বুলি কয় কিন্তু এইটো নাজানে যে সেয়া কেনেকুৱা হয়। প্ৰথম কথা আত্মাকে নাজানে তেন্তে নিৰাকাৰী সৃষ্টিক আকৌ কি জানিব! পিতাই আহি প্ৰথমতে আত্মাৰ উপলব্ধি কৰায়। তোমালোক হৈছা আত্মা আকৌ ৰূপ সলনি কৰিছা অৰ্থাৎ নিৰাকাৰৰ পৰা সাকাৰত আহিছা।

তোমালোকে এতিয়া বুজিছা আমি আত্মাই 84 জন্ম কেনেকৈ ভোগ কৰোঁ। সেই সকলো ভূমিকা আত্মাত বাণীবদ্ধ হৈ আছে। প্ৰথমে এই কথাবোৰ শুনাইছিল। পিতাই কয় - এতিয়া তোমালোকক গূঢ় ৰমণীয় কথা শুনাওঁ। যিবোৰ তোমালোকে আগতে জনা নাছিলা, সেয়া এতিয়া জানা। নতুন নতুন সাৰ কথা বুদ্ধিত উদয় হৈ থাকে সেইবাবে আনকো তাৎক্ষণাৎ বুজাব পাৰা। দিনে-প্ৰতিদিনে এই ব্ৰাহ্মণৰ বৃক্ষ বাঢ়ি গৈ থাকে। এয়াই আকৌ দৈৱী বৃক্ষ হ’ব, ব্ৰাহ্মণেই বৃদ্ধি হৈ থাকিব। দেখিবলৈ কিমান সৰু। যেনেকৈ বিশ্বৰ মানচিত্ৰত ভাৰতখন চোৱা যায় তেতিয়া কিমান সৰু দেখিবলৈ পোৱা যায়। বাস্তৱত ভাৰত কিমান ডাঙৰ। তেনেদৰে জ্ঞানৰ বাবে কোৱা হয় - মনমনাভৱ অৰ্থাৎ ‘অল্‌ফ’ক (পৰমাত্মাক) স্মৰণ কৰা। বীজ কিমান সৰু হয়। বৃক্ষ কিমান ডাঙৰ হয়। গতিকে এই ব্ৰাহ্মণ কুলো সৰু, বৃদ্ধি হৈ গৈ থাকে। তোমালোকৰ বুদ্ধিত আছে যে আমি এই সময়ত ব্ৰাহ্মণ আকৌ দেৱতা হ’মগৈ। 84 জন্মৰ ছিৰিৰ চিত্ৰতো বহুত ভাল। সন্তানসকলে বুজাব পাৰে যিসকলে 84 জন্ম লয় তেওঁলোকেই আহি বুজে আকৌ কোনোৱে 84, কোনোৱে নিশ্চয় 80 জন্মও লয়। এয়াতো বুজি পায় যে আমি এই দৈৱী কুলৰ। আমি সূৰ্যবংশী কুলৰ হ’মগৈ। যদিহে অনুত্তীৰ্ণ হোৱা তেন্তে পলমকৈ আহিবা। সকলোৱেতো একেলগে নাহিব। যদিও বহুত জ্ঞান লৈ থাকে কিন্তু একেলগেতো নাহিব নহয় জানো। যাব একেলগে, আহিব অলপ অলপকৈ এয়াতো বোধশক্তিৰ কথা নহয় জানো। সকলোৱে কেনেকৈ একেলগে 84 জন্ম ল’ব। পিতাক আহ্বানেই কৰে, বাবা আকৌ আহি গীতাৰ জ্ঞান শুনাওঁক। গতিকে সিদ্ধ হয়, যেতিয়া মহাভাৰতৰ যুদ্ধ হয়, সেই সময়তে আহি গীতাৰ জ্ঞান শুনায়। তাকেই ৰাজযোগ বুলি কোৱা হয়। তোমালোকে এতিয়া ৰাজযোগ শিকি আছা। কল্পই কল্পই 5 হাজাৰ বছৰৰ পাছত বাবাই আহি আমাক জ্ঞান দিয়ে। সত্য-নাৰায়ণৰ কথা শুনায় নহয় জানো। এওঁ ক’ৰ পৰা আহিল, আকৌ ক’লৈ গ’ল! নাজানে! পিতাই বুজায় সন্তানসকল এয়া যি ৰাৱণৰ প্ৰচ্ছায়া পৰিছে, এতিয়া নাটক অনুসৰি ৰাৱণ ৰাজ্য সমাপ্ত হ'ব। সত্যযুগত হৈছে ৰামৰাজ্য আৰু এই সময়ত হৈছে ৰাৱণ ৰাজ্য। তোমালোকে এতিয়া বুজি পোৱা আমাৰ যি জ্ঞান উদয় হৈছে সেয়া এই সৃষ্টিত কাৰো নাই। আমাৰ এয়া নতুন পঢ়া, নতুন সৃষ্টিৰ কাৰণে। গীতাত কৃষ্ণৰ নাম লিখি দিছে, সেয়াতো পুৰণি কথা হ’ল নহয় জানো। তোমালোকে এতিয়া নতুন কথা শুনি আছা। ক’ব এয়াতো কেতিয়াও শুনা নাই, শিৱ ভগৱানুবাচ (ভগৱানে কয়) আমিতো কৃষ্ণ ভগৱানুবাচ বুলি শুনি আহিছোঁ। তোমালোকে নতুন সৃষ্টিৰ কাৰণে সকলোবোৰ নতুন কথা শুনা। এয়া সকলোৱে জানে যে ভাৰত প্ৰাচীন। কিন্তু কেতিয়া আছিল, এই লক্ষ্মী-নাৰায়ণৰ ৰাজ্য কেনেকৈ চলিছিল, এওঁলোকে কেনেকৈ ৰাজ্য পালে আকৌ ক'লৈ গুচি গ'ল, এয়া কাৰো বুদ্ধিত উদয় নহয়। কি হ’ল যে এওঁলোকৰ ৰাজ্য শেষ হৈ গ'ল। কোনে জয় কৰিলে, একোৱে বুজি নাপায়, তেওঁলোকেতো সত্যযুগৰ লাখ লাখ বছৰ বুলি কৈ দিয়ে, এয়া হ'ব নোৱাৰে যে লক্ষ্মী-নাৰায়ণে লাখ লাখ বছৰ ৰাজত্ব কৰিছিল। তেনেহ’লেতো সূৰ্যবংশী ৰজা অনেক হ'ব। কাৰোৱে নাম নাই। 1250 বছৰৰ কথাই কোনেও নাজানে, লক্ষ্মী-নাৰায়ণৰ ৰাজ্য কেতিয়ালৈকে চলিল, এয়াও কোনেও নাজানে তেন্তে লাখ লাখ বছৰৰ কথা কোনোবাই কেনেকৈ গম পাব পাৰে। কাৰো বুদ্ধিয়ে কাম নকৰে। তোমালোক সৰু সৰুসকলে এতিয়া তৎক্ষণাৎ বুজাব পাৰা। এয়া হৈছে বহুত সহজ। ভাৰতৰ কাহিনী, সকলোবোৰ হৈছে কাহিনী (ষ্ট’ৰি)। সত্যযুগ ত্ৰেতাতো ভাৰতবাসী ৰজা আছিল। ভিন্ন ভিন্ন চিত্ৰও আছে। ইয়াততো হাজাৰ হাজাৰ বছৰ বুলি কৈ দিয়ে, পিতাই কয় - এয়া হয়েই 5 হাজাৰ বছৰৰ কাহিনী। আজিৰ পৰা 5 হাজাৰ বছৰ পূৰ্বে লক্ষ্মী-নাৰায়ণৰ ৰাজত্ব আছিল, ৰাজবংশ আছিল আকৌ পুনৰ্জন্ম ল’বলগীয়া হয়। সৰু সৰু ল'ৰা-ছোৱালীয়ে ইমানখিনিও যদি বহি বুজায় তেন্তে ভাবিব এওঁলোকেতো বহুত ভাল জ্ঞান আহৰণ কৰিছে। এই আধ্যাত্মিক জ্ঞান আধ্যাত্মিক (আত্মিক) পিতাৰ বাহিৰে আন কাৰো নাই। তোমালোকে ক’বা আমাকো আধ্যাত্মিক পিতাই আহি শুনাইছে। আত্মাই শৰীৰৰ দ্বাৰা শুনে। আত্মাইহে ক’ব মই অমুক হওঁ। মনুষ্যই নিজক উপলব্ধি নকৰে। আমাক পিতাই উপলব্ধি কৰাইছে। আমি আত্মাই পূৰা 84 জন্ম লওঁ। এনেকুৱা কথাবোৰ বহি বুজালে তেতিয়া ক’ব এওঁলোকৰতো বহুত ভাল জ্ঞান আছে। ঈশ্বৰ (গড্‌) জ্ঞানপূৰ্ণ নহয় জানো। গায়নো কৰে – ঈশ্বৰ জ্ঞানপূৰ্ণ, আনন্দময়ী, মুক্তিদাতা, মাৰ্গ-দৰ্শক কিন্তু ক'লৈ যাওঁতা হয়, এয়া কোনেও নাজানে। এয়া সন্তানসকলে বুজাব পাৰে। আধ্যাত্মিক পিতা জ্ঞানপূৰ্ণ হয়, এওঁক আনন্দময়ী বুলি কোৱা হয়। উদ্ধাৰ তেতিয়া আহি কৰে যেতিয়া মনুষ্য বহুত দুখী হয়। এখন ৰাৱণৰ ৰাজ্য থাকে। স্বৰ্গীয় ঈশ্বৰ পিতা (হেভেনলী গড্‌ ফাদাৰ) বুলি কোৱা হয়। নৰকক ৰাৱণ ৰাজ্য বুলি কোৱা হয়। এই জ্ঞান কাৰোবাক বহি শুনোৱা তেতিয়া তৎক্ষণাৎ ক’ব এয়া সকলোকে গৈ শুনোৱা। কিন্তু ধাৰণা বহুত ভাল হোৱা উচিত। প্ৰদৰ্শনীৰ চিত্ৰৰ পত্ৰিকাও আছে এয়া ভালকৈ বুজিলে ইয়াৰ ওপৰত বহুত সেৱা কৰিব পাৰে।

এইগৰাকী কন্যায়ো (জয়ন্তী বেহেন) লণ্ডনত নিজৰ শিক্ষকক বুজাব পাৰে। তাত লণ্ডনত এই সেৱা কৰিব পাৰে। জগতত প্ৰবঞ্চনাতো বহুত নহয় জানো। ৰাৱণে একেবাৰে সকলোকে প্ৰবঞ্চক কৰি দিছে। সন্তানসকলে গোটেই বিশ্বৰ ইতিহাস-ভূগোল বুজাব পাৰে। লক্ষ্মী-নাৰায়ণৰ ৰাজ্য কিমান সময় চলিল আকৌ অমুক চনৰ পৰা ইছলাম, বৌদ্ধ, খ্ৰীষ্টীয়ান ধৰ্মীসকল আহে। বৃদ্ধি হৈ হৈ বিভিন্ন ধৰ্মৰ বৃক্ষ কিমান ডাঙৰ হৈ যায়। আধাকল্পৰ পাছত অন্য ধৰ্মবোৰ আহে। এনেকুৱা কথাবোৰ ইয়াত বহি শুনালে তেতিয়া শুনোঁতাসকলে তেওঁক (জয়ন্তী বেহেনক) ক’ব এওঁতো আধ্যাত্মিক নেত্ৰী হয়, এওঁৰ আধ্যাত্মিক জ্ঞান আছে। এওঁ আকৌ ক’ব - এই জ্ঞানতো ভাৰতত দি থকা হৈছে। আধ্যাত্মিক ঈশ্বৰ পিতাই দি আছে। তেওঁ হৈছে বীজৰূপ। এয়া ওলোটা বৃক্ষ। বীজ হৈছে জ্ঞানপূৰ্ণ। বীজৰ বৃক্ষৰ জ্ঞান থাকিব নহয় জানো। এয়া হৈছে বিভিন্ন ধৰ্মৰ বৃক্ষ। ভাৰতৰ দৈৱী ধৰ্ম ইয়াকে কোৱা হয়। প্ৰথমে লক্ষ্মী-নাৰায়ণৰ ৰাজ্য, তাৰপাছত ৰাম-সীতাৰ ৰাজ্য হয়। আধাকল্প এয়া চলে পাছত আহে ইছলাম, বৌদ্ধ, খ্ৰীষ্টীয়ান ধৰ্মীসকল। বৃক্ষ বৃদ্ধি হৈ গৈ থাকে। এনেকৈ গৈ এই কন্যাগৰাকীয়ে ভাষণ দিয়ক আৰু বুজাওঁক যে এই বৃক্ষ কেনেকৈ প্ৰকট হয়। এই সৃষ্টি চক্ৰ কেনেকৈ ঘূৰে, আমি বুজাব পাৰোঁ। বিদেশতো আৰু অন্য কোনো নাই। এই কন্যাগৰাকীয়ে গৈ বুজাওঁক যে এতিয়া লৌহ যুগৰ অন্ত, সোণালী যুগ অহাৰ পথত তেতিয়া তেওঁলোক বহুত আনন্দিত হ'ব। বাবাই যুক্তি (উপায়) শুনাই থাকে, ইয়াৰ প্ৰতি ধ্যান দিয়া উচিত। সৰু ল'ৰা-ছোৱালীয়ে মান বহুত পাব। সৰু ল'ৰা-ছোৱালীয়ে সাহসৰ কাম কৰিলে তেতিয়া সিহঁতক বহুত মৰম কৰে। পিতাই ভাবে যদি সন্তানসকলে এনেদৰে এই কথাবোৰৰ প্ৰতি মনোযোগ দিয়ে তেন্তে আধ্যাত্মিক নেতা/নেত্ৰী হৈ যাব পাৰে। আধ্যাত্মিক ঈশ্বৰ পিতাইহে বহি জ্ঞান দিয়ে। কৃষ্ণক ঈশ্বৰ পিতা বুলি কোৱাতো ভুল। ঈশ্বৰতো হৈছে নিৰাকাৰ। আমি সকলো আত্মা ভাই ভাই হওঁ, তেওঁ হৈছে পিতা। যেতিয়া সকলো লৌহ যুগত দুখী হয় তেতিয়া পিতা আহে। যেতিয়া আকৌ লৌহ যুগ হয় তেতিয়া পিতা সোণালী যুগ স্থাপনা কৰিবলৈ আহিবলগীয়া হয়। ভাৰত প্ৰাচীন সুখধাম আছিল, স্বর্গ আছিল। বহুত কমসংখ্যক মনুষ্য আছিল। বাকী ইমানবোৰ মনুষ্য আত্মা ক'ত আছিল। শান্তিধামত আছিল নহয় জানো। গতিকে এনেকৈ বুজাব লাগে। এই ক্ষেত্ৰত ভয় কৰিবলগীয়া কথা নাই, এয়াতো হৈছে কাহিনী। কাহিনী আনন্দেৰে শুনোৱা হয়। বিশ্বৰ ইতিহাস-ভূগোল কেনেকৈ পুনৰাবৃত্তি হয়, ইয়াক কাহানী বুলিও ক’ব পাৰি। জ্ঞান বুলিও ক’ব পাৰি। তোমালোকৰতো এইটো দৃঢ়ভাৱে স্মৃতিত থকা উচিত। পিতাই কয় - মোৰ আত্মাত গোটেই বৃক্ষৰ জ্ঞান আছে যিবোৰ মই পুনৰাবৃত্তি কৰোঁ। জ্ঞানপূৰ্ণ পিতাই সন্তানসকলক জ্ঞান দি আছে। এই জ্ঞান গৈ দিলে ক’ব আপোনালোকে আনকো মাতক। কোৱা হয় মাতিব পাৰোঁ কিয়নো তেওঁলোকে জানিব বিচাৰে যে ভাৰতৰ প্ৰাচীন ৰাজযোগ কি আছিল! যাৰ দ্বাৰা ভাৰত স্বর্গ হ’ল - সেয়া কোনোবাই বুজাওঁক। এতিয়া সন্ন্যাসীয়ে কি শুনাব? আধ্যাত্মিক জ্ঞান কেৱল গীতাত আছে। গতিকে তেওঁলোকে গৈ গীতাহে শুনায়। গীতা কিমান পঢ়ে, কণ্ঠস্থ কৰি থাকে। কি এয়া জানো আধ্যাত্মিক জ্ঞান? এয়াতো মনুষ্যৰ নামত ৰচিছে। আধ্যাত্মিক জ্ঞানতো মনুষ্যই দিব নোৱাৰে। তোমালোকে এতিয়া পার্থক্য বুজি পোৱা - সেই গীতাত আৰু যি বাবাই শুনায় তাৰ মাজত ৰাতি-দিনৰ পাৰ্থক্য আছে। (জ্ঞান) দিলে পিতাই আৰু নাম দি দিলে কৃষ্ণৰ। সত্যযুগত কৃষ্ণৰ এই জ্ঞান নাথাকে। জ্ঞানপূৰ্ণ হয়েই পিতা। কিমান বিচিত্ৰ কথা। কৃষ্ণৰ আত্মা যেতিয়া সত্যযুগত আছিল তেতিয়াতো জ্ঞান নাথাকে। কিমান সূতাত আউল লাগি আছে। তোমালোক সকলোৱে বিদেশত গৈ নাম প্ৰসিদ্ধ কৰিব পাৰা। ভাষণ দিব পাৰা। কোৱা, বিশ্বৰ ইতিহাস-ভূগোলৰ জ্ঞান আমি আপোনালোকক দিব পাৰোঁ। ঈশ্বৰে স্বর্গ কেনেকৈ স্থাপনা কৰে, সেই স্বর্গৰ পৰা আকৌ নৰক কেনেকৈ হয়, সেয়া আমি আপোনালোকক বুজাওঁ। এয়া বহি লিখা আকৌ চোৱা কোনো সাৰ কথা পাহৰাতো নাই। আকৌ স্মৰণ কৰি লিখা। এনেকৈ অভ্যাস কৰিলে বহুত ভালকৈ লিখিবা, বহুত ভালকৈ বুজাবা তেতিয়া নাম প্ৰসিদ্ধ হৈ যাব। ইয়াৰ পৰাও বাবাই কাৰোবাক বাহিৰলৈ পঠিয়াব পাৰে। এওঁ গৈ বুজালে তেতিয়াও বহুত ভাল। 7 দিনতো বহুত বুদ্ধিমান হৈ যাব পাৰে। বুদ্ধিত ধাৰণ কৰিব লাগে, বীজ আৰু বৃক্ষ, বিতংভাৱে বুজাব লাগে। চিত্ৰসমূহৰ ওপৰত বহুত ভালকৈ বুজাব পাৰা। সেৱাৰ চখ থাকিব লাগে। বহুত উচ্চ পদমৰ্যাদা হৈ যাব। জ্ঞান অতি সহজ। এইখন হৈছে পুৰণি ছিঃ ছিঃ সৃষ্টি। স্বৰ্গৰ তুলনাত এইখন পুৰণি সৃষ্টি যেন গোবৰ সদৃশ্য, ইয়াৰ পৰা দুৰ্গন্ধ আহে। সেইখন হৈছে সোণৰ সৃষ্টি, এইখন হৈছে গোবৰৰ সৃষ্টি। তোমালোক সন্তানসকলে জানা যে এতিয়া আমি এই শৰীৰ এৰি ৰাজকুমাৰ-ৰাজকুমাৰী হ'মগৈ। এনেকুৱা স্কুলত পঢ়িবলৈ যাম। তাত এনেকুৱা বিমান থাকিব, পূৰ্ণ ৰূপে সুৰক্ষিত হ’ব। সন্তানসকলৰ অন্তৰত এইটো আনন্দ থাকিলে তেতিয়া কেতিয়াও কোনো কথাত কান্দিবলগীয়া নহ’ব। তোমালোকে বুজি পোৱা নহয় যে আমি ৰাজকুমাৰ-ৰাজকুমাৰী হ'মগৈ। গতিকে তোমালোকৰ কিয়নো আন্তৰিক আনন্দ থাকিব নালাগে। ভৱিষ্যতে এনেকুৱা স্কুললৈ যাম, এয়া এয়া কৰিম। গম নাপাওঁ সন্তানসকলে কিয় পাহৰি যায়। বহুত নিচা বাঢ়ি থকা উচিত। ভালবাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এই পুৰণি ছিঃ ছিঃ গোবৰ সদৃশ সৃষ্টিক বুদ্ধিৰে পাহৰি সত্যযুগী সৃষ্টিক স্মৰণ কৰি অপাৰ আনন্দ আৰু নিচাত থাকিব লাগে। কেতিয়াও কান্দিব নালাগে।

(2) পিতাই যি গূঢ় ৰমণীয় কথা শুনায় সেয়া ধাৰণ কৰি সকলোকে বুজাব লাগে। আধ্যাত্মিক নেতা/নেত্ৰীৰ উপাধি ল’ব লাগে।

বৰদান:
স্বমানত স্থিৰ হৈ থাকি দেহ-অভিমান সমাপ্ত কৰোঁতা সফলতামূৰ্ত হোৱা

যিসকল সন্তান স্বমানত স্থিৰ হৈ থাকে, তেওঁলোকে পিতাৰ প্ৰতিটো আদেশ অতি সহজে পালন কৰিব পাৰে। স্বমানে ভিন্ন ভিন্ন প্ৰকাৰৰ দেহ-অভিমান সমাপ্ত কৰি দিয়ে। কিন্তু যেতিয়া স্বমানৰ পৰা 'স্ব' শব্দটো পাহৰি মান-সভ্ৰমত আহি যায়, তেতিয়া এটা শব্দৰ ভুলৰ বাবেই অনেক ভুল হ'বলৈ ধৰে, সেয়েহে পৰিশ্ৰম বেছি আৰু প্ৰত্যক্ষফল কম পোৱা যায়। কিন্তু সদায় স্বমানত স্থিৰ হৈ থাকিলে তেতিয়া পুৰুষাৰ্থ বা সেৱাত অতি সহজে সফলতামূৰ্ত হৈ যাবা।

স্লোগান:
তপস্যা কৰিবলৈ হ’লে সময় ৰাহি কৰা, অজুহাত নেদেখুৱাবা।


অব্যক্ত ইংগিত: এতিয়া নিজৰ দাতা স্বৰূপ প্ৰত্যক্ষ কৰা

যিমানেই দাতা হ'বা, সিমানেই ভৰপূৰ হৈ যাবা। যিহেতু ভঁৰাল পূৰ হৈ আছে, তেন্তে কিয়নো দাতা নোহোৱা! ইয়াকে নিৰন্তৰ আত্মিক সেৱাধাৰী বুলি কোৱা হয়। বিশ্ব মহাৰজা হ'বলৈ কেৱল 'জ্ঞান দাতা' হ'লেই নহ'ব। ইয়াৰ বাবে স্নেহ আৰু সহযোগো আগবঢ়াব লাগে। যদি এই উচ্চ জাঁপ দি দিয়া, তেন্তে সকলো কথাতে অতি সহজে শ্ৰেষ্ঠ হৈ যাবা।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]