23.10.24 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোকৰ যাত্ৰা হৈছে বুদ্ধিৰ, ইয়াকে আত্মিক যাত্রা বুলি কোৱা হয়, তোমালোকে নিজক
আত্মা বুলি বুজা, শৰীৰ নহয়, শৰীৰ বুলি বুজা অৰ্থাৎ ওলোটাকৈ ওলমি থকা"
প্ৰশ্ন:
মায়াৰ পাম্পত
(বাহ্যিক জামজমকতাৰ জগতত) মনুষ্যই কেনে ধৰণৰ সন্মান প্ৰাপ্ত কৰে?
উত্তৰ:
আসুৰি সন্মান। মনুষ্যই কাৰোবাক আজি অলপ সন্মান দিয়ে, কালিলৈ তেওঁক অপমানিত কৰে, গালি
দিয়ে। মায়াই সকলোৰে অপমান কৰাইছে, পতিত কৰি দিছে। পিতা তোমালোকক দৈৱী সন্মানধাৰী কৰি
তুলিবলৈ আহিছে।
ওঁম্শান্তি।
আত্মিক পিতাই
আত্মাসকলক সোধে - ক'ত বহি আছা? তোমালোকে ক'বা বিশ্বৰ আত্মিক বিশ্ব বিদ্যালয়ত।
আত্মিক শব্দটি তেওঁলোকে নাজানে। বিশ্ব বিদ্যালয়তো সৃষ্টিত অনেক আছে। এয়া হৈছে গোটেই
বিশ্বত এখনেই আত্মিক বিশ্ব বিদ্যালয়। এজনেই পঢ়াওঁতা। কি পঢ়ায়? আত্মিক জ্ঞান। গতিকে
এয়া হৈছে আধ্যাত্মিক বিদ্যালয় অৰ্থাৎ আত্মিক পাঠশালা। আধ্যাত্মিক অৰ্থাৎ আত্মিক
জ্ঞান পঢ়াওঁতাজন কোন? এয়াও তোমালোক সন্তানসকলে এতিয়াহে জানা। আত্মিক পিতাইহে আত্মিক
জ্ঞান পঢ়ায়, সেয়েহে তেওঁক শিক্ষক বুলিও কোৱা হয়, আত্মিক পিতাই পঢ়ায়। বাৰু, পাছত কি
হ'ব? তোমালোক সন্তানসকলে জানা যে এই আত্মিক জ্ঞানেৰে আমি নিজৰ আদি সনাতন দেৱী-দেৱতা
ধৰ্ম প্ৰতিষ্ঠা কৰোঁ। এটা ধৰ্মৰ প্ৰতিষ্ঠা বাকী যি ইমানবোৰ ধৰ্ম আছে, তাৰ বিনাশ হৈ
যাব। এই আধ্যাত্মিক শিক্ষাৰ সকলো ধৰ্মৰ লগত সম্পৰ্ক আছে - এয়াও তোমালোকে এতিয়া জানা।
এটা ধৰ্মৰ প্ৰতিষ্ঠা এই আত্মিক জ্ঞানৰ দ্বাৰা হয়। এই লক্ষ্মী-নাৰায়ণ বিশ্বৰ মালিক
আছিল নহয়! তাক কোৱা হয় আত্মিক সৃষ্টি (আধ্যাত্মিক বিশ্ব)। এই আধ্যাত্মিক জ্ঞানৰ
দ্বাৰা তোমালোকে ৰাজযোগ শিকা। ৰাজ্য স্থাপনা হয়। বাৰু, আকৌ অন্য ধৰ্মৰ লগত সম্পৰ্ক
কি? অন্য সকলো ধৰ্ম বিনাশ হৈ যাব কিয়নো তোমালোক পাৱন হৈ যোৱা গতিকে তোমালোকক নতুন
সৃষ্টি লাগে। ইমান অনেক ধৰ্ম নাশ হৈ যায়, এটা ধৰ্ম থাকিব। তাক কোৱা হয় বিশ্বত
শান্তিৰ ৰাজ্য। এতিয়া হৈছে পতিত অশান্তিৰ ৰাজ্য পুনৰ পাৱন শান্তিৰ ৰাজ্য হ'ব।
এতিয়াতো অনেক ধৰ্ম আছে। কিমান অশান্তি। সকলো কেৱল পতিত। ৰাৱণৰ ৰাজ্য নহয় জানো। এতিয়া
সন্তানসকলে জানে যে 5 বিকাৰ নিশ্চয় এৰিব লাগে। ইয়াক লগত লৈ যাব নালাগে। আত্মাই ভাল
বা বেয়া সংস্কাৰ লৈ যায়। এতিয়া পিতাই তোমালোক সন্তানসকলক পৱিত্র হোৱাৰ কথা কৈছে।
সেই পাৱন সৃষ্টিত কোনোধৰণৰ দুখ নাথাকে। এই আধ্যাত্মিক জ্ঞান পঢ়াওঁতাজন কোন?
আধ্যাত্মিক পিতা। সকলো আত্মাৰেই পিতা। আধ্যাত্মিক পিতাই কি পঢ়াব? আধ্যাত্মিক জ্ঞান,
ইয়াত কোনোধৰণৰ কিতাপ আদিৰ দৰকাৰ নাই। কেৱল নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰিব
লাগে। পাৱন হ'ব লাগে। পিতাক স্মৰণ কৰোঁতে কৰোঁতে অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হৈ
যাব। এয়া হৈছে স্মৃতিৰ যাত্ৰা। যাত্ৰা শব্দটি ভাল। সেয়া হৈছে শাৰিৰীক যাত্ৰা, এয়া
হৈছে আত্মিক। তাত খোজকাঢ়ি যাবলগীয়া হয়, হাত-ভৰি চলায়, ইয়াত একো নাই। কেৱল স্মৰণ
কৰিব লাগে। য'তেই ঘূৰা-ফুৰা, উঠা-বহা নকৰা নিজক আত্মা বুজি পিতাক স্মৰণ কৰা। কঠিন
কথা নহয়, কেৱল স্মৰণ কৰিব লাগে। এয়াতো বাস্তৱিকতা নহয় জানো। আগতে তোমালোক ওলোটাকৈ
গৈ আছিলা। নিজক আত্মাৰ সলনি শৰীৰ বুলি বুজা, ইয়াক কোৱা হয় ওলোটাকৈ ওলমি থকা। নিজক
আত্মা বুলি বুজা - এয়া হৈছে চিধা। আল্লা যেতিয়া আহে তেতিয়া আহি পাৱন কৰি তোলে।
আল্লাৰ হৈছে পাৱন সৃষ্টি, ৰাৱণৰ হৈছে পতিত সৃষ্টি। দেহ-অভিমানত সকলো ওলোটা হৈ গ'ল।
এতিয়া এবাৰেই দেহী-অভিমানী হ'ব লাগে। গতিকে তোমালোক হৈছা আল্লাৰ সন্তান। আল্লা হওঁ,
এনেকৈ নকয়। আঙুলিৰে সদায় ওপৰৰ ফালে ইংগিত কৰে, গতিকে সিদ্ধ হয় আল্লা হৈছে সেইজন।
তেন্তে ইয়াত নিশ্চয় অন্য বস্তু আছে। আমি সেই আল্লা পিতাৰ সন্তান। আমি ভাই ভাই। আল্লা
হওঁ, এনেকৈ ক'লে আকৌ ওলোটা হৈ যাব যে আমি সকলো পিতা। কিন্তু নহয়, পিতা এজনে। তেওঁক
স্মৰণ কৰিব লাগে। আল্লা সৰ্বদা পৱিত্ৰ। আল্লাই নিজে বহি পঢ়ায়। অলপ কথাতে মনুষ্য
কিমান বিভ্ৰান্ত হয়। শিৱ জয়ন্তীও পালন কৰে নহয়।
শ্ৰীকৃষ্ণ হৈছে
স্বৰ্গৰ প্ৰথম ৰাজকুমাৰ। এওঁ বেহদৰ পিতাই তেওঁক ৰাজ্য-ভাগ্য দিয়ে। পিতাই যি নতুন
সৃষ্টি স্বৰ্গ স্থাপনা কৰে তাত শ্ৰীকৃষ্ণ হৈছে প্ৰথম নম্বৰৰ ৰাজকুমাৰ। পিতাই বহি
সন্তানসকলক পাৱন হোৱাৰ যুক্তি (উপায়) শুনায়। সন্তানসকলে জানে যে স্বৰ্গ যাক বৈকুণ্ঠ,
বিষ্ণুপুৰী বুলি কয়, সেয়া অতীত হৈ গ'ল পুনৰ ভৱিষ্যতলৈ হ'ব। চক্ৰ ঘূৰিয়েই থাকে। এই
জ্ঞান এতিয়া তোমালোক সন্তানসকলে প্ৰাপ্ত কৰা। এয়া ধাৰণ কৰি আকৌ আনকো কৰাব লাগে।
প্ৰত্যেকেই শিক্ষক হ'ব লাগে। এনেকুৱাও নহয় যে শিক্ষক হ’লেই লক্ষ্মী-নাৰায়ণ হৈ যাবা।
নহয়। শিক্ষক হ'লে তোমালোকে প্ৰজা তৈয়াৰ কৰিবা, যিমানে বহুতৰে কল্যাণ কৰিবা সিমানে
উচ্চ পদ প্ৰাপ্ত কৰিবা। স্মৃতিত থাকিবা। পিতাই কয় ট্ৰেইনত যেতিয়া আহা তেতিয়াও বেজৰ
ওপৰত বুজোৱা। পিতা হৈছে পতিত-পাৱন, মুক্তিদাতা। পাৱন কৰি তোলোঁতা। ভক্তিত বহুতকে
স্মৰণ কৰিবলগীয়া হয়। জন্তু, হাতী, ঘোঁৰা, কাছ, মাছ আদিকো অৱতাৰ বুলি কৈ দিয়ে।
সেইবোৰক পূজা কৰি থাকে। এনেকৈ ভাবে যে ভগৱান সৰ্বব্যাপি অৰ্থাৎ সকলোতে আছে। সকলোকে
খুউৱা। ভাল বাৰু, এতিয়া কণ কণত ভগৱান আছে বুলি কৈ দিয়ে তেন্তে তেওঁক কেনেকৈ খুৱাবা।
বোধ শক্তি যেন একেবাৰেই নাই। লক্ষ্মী-নাৰায়ণ আদি দেৱী-দেৱতাসকলে জানো এইবোৰ কাম
কৰিব। পৰুৱাক অন্ন দিব, অমুকক দিব। গতিকে পিতাই বুজায় - তোমালোক হৈছা
ধৰ্মীয়-ৰাজনৈতিক। তোমালোকে জানা আমি ধৰ্ম প্ৰতিষ্ঠা কৰি আছোঁ। ৰাজ্য স্থাপনা কৰিবৰ
কাৰণে মিলিটেৰী থাকে। কিন্তু তোমালোক হৈছা গুপ্ত। তোমালোকৰ হৈছে আধ্যাত্মিক বিশ্ব
বিদ্যালয়। গোটেই সৃষ্টিৰ যি মনুষ্য মাত্ৰ আছে সকলোৱে এই ধৰ্মবোৰৰ পৰা ওলাই, নিজৰ
ঘৰলৈ যাব। আত্মাসকল গুচি যাব। সেয়া হৈছে আত্মাসকলৰ থকা ঘৰ। এতিয়া তোমালোকে সংগমযুগত
পঢ়ি আছা আকৌ সত্যযুগত আহি ৰাজ্য কৰিবা অন্য কোনো ধৰ্ম নাথাকিব। গীতো আছে নহয় - বাবা
আপুনি যি দিয়ে সেয়া অন্য কোনেও দিব নোৱাৰে। গোটেই আকাশ, গোটেই ধৰণী তোমালোকৰ হৈ থাকে।
গোটেই বিশ্বৰ মালিক তোমালোক হৈ যোৱা। এয়াও এতিয়া তোমালোকে বুজি পাইছা, নতুন সৃষ্টিত
এই সকলো কথা পাহৰি যাবা। ইয়াক কোৱা হয় – আত্মিক (আত্মা সম্বন্ধীয়) আধ্যাত্মিক জ্ঞান।
তোমালোক সন্তানসকলৰ বুদ্ধিত আছে যে আমি প্ৰত্যেক 5 হাজাৰ বছৰৰ পাছত ৰাজ্য লওঁ আকৌ
হেৰুৱাওঁ। এই 84ৰ চক্ৰ ঘূৰিয়েই থাকে। গতিকে পঢ়া পঢ়িব লাগে তেতিয়াহে যাব পাৰিবা নহয়
জানো! যদি নপঢ়া তেন্তে নতুন সৃষ্টিলৈ যাব নোৱাৰিবা। তাততো সংখ্যা সীমিত। পুৰুষাৰ্থৰ
ক্ৰম অনুসৰি তালৈ গৈ পদ পাব। ইমানবিলাকেতো নপঢ়িব। যদি সকলোৱে পঢ়ে তেন্তে পৰৱৰ্তী
জন্মত ৰাজ্যও পাব। পঢ়োঁতাসকলৰ সংখ্যা সীমিত। সত্যযুগ-ত্ৰেতাত আহোঁতাসকলেহে পঢ়িব।
তোমালোকৰ প্ৰজা বহুত হৈ গৈ থাকে। দেৰিকৈ অহাসকলে পাপতো ভস্ম কৰিব নোৱাৰে। পাপ
আত্মায়ে হ’ব তেতিয়া আকৌ শাস্তি ভোগ কৰি বহুত কম পদ প্ৰাপ্ত কৰিব। অপমানিত হ'ব।
যিসকল এতিয়া মায়াৰ অতি সন্মানৰ পাত্ৰ, তেওঁলোক অপমানিত হ’ব। এয়া হৈছে ঈশ্বৰীয়
সন্মান। সেয়া হৈছে আসুৰি সন্মান। ঈশ্বৰীয় অথবা দৈৱী সন্মান আৰু আসুৰি সন্মানৰ মাজত
ৰাতি-দিনৰ পাৰ্থক্য আছে। আমি আসুৰি সন্মানধাৰী আছিলোঁ এতিয়া পুনৰ দৈৱী সন্মানধাৰী
হৈ যাওঁ। আসুৰি সন্মানৰ কাৰণে একেবাৰে ভিকহু হৈ যোৱা। এয়া হৈছে কাঁইটৰ সৃষ্টি গতিকে
অপমান নহ'ল জানো। আকৌ কিমান সন্মানীয় হৈ যোৱা। যেনেকুৱা ৰজা ৰাণী তেনেকুৱা প্ৰজা।
বেহদৰ পিতাই তোমালোকৰ সন্মান বহুত উচ্চ কৰি তোলে গতিকে সিমানখিনি পুৰুষাৰ্থও কৰিব
লাগে। সকলোৱে কয় - আমি নিজৰ সন্মান ইমান উচ্চ কৰি তোলোঁ অৰ্থাৎ নৰৰ পৰা নাৰায়ণ,
নাৰীৰ পৰা লক্ষ্মী হৈ যাওঁ। তেওঁলোকতকৈ উচ্চ সন্মান আন কাৰো নাই। কথাও নৰৰ পৰা
নাৰায়ণ হোৱাৰহে শুনে। অমৰকথা, তৃতীয় নেত্ৰৰ কথা সেয়া একেই। সেই কথা এতিয়াহে তোমালোকে
শুনা।
তোমালোক সন্তানসকল
বিশ্বৰ মালিক আছিলা আকৌ 84 জন্ম লৈ অৱনমিত হৈ আহিলা। পুনৰ প্ৰথম নম্বৰৰ জন্ম হ'ব।
প্ৰথম নম্বৰৰ জন্মত তোমালোকে বহুত উচ্চ পদ প্ৰাপ্ত কৰা। ৰামে সন্মানীয় কৰি তোলে,
ৰাৱণে অপমানিত কৰি দিয়ে। এই জ্ঞানৰ দ্বাৰাহে তোমালোকে মুক্তি-জীৱনমুক্তি প্ৰাপ্ত কৰা।
আধাকল্প ৰাৱণৰ নাম নাথাকে। এই কথাবোৰ এতিয়া তোমালোক সন্তানসকলৰ বুদ্ধিত উদয় হয়
সেয়াও ক্ৰমানুসৰি। কল্পই কল্পই এনেকৈয়ে তোমালোক পুৰুষাৰ্থৰ ক্ৰম অনুসৰি বুদ্ধিমান
হৈ যোৱা। মায়াই ভুল কৰাই থাকে। বেহদৰ পিতাক স্মৰণ কৰিবলৈকে পাহৰি যায়। ভগৱানে পঢ়ায়,
তেওঁ আমাৰ শিক্ষক হৈ আহিছে। তথাপিও অনুপস্থিত থাকে, নপঢ়ে। দুৱাৰে-দুৱাৰে হাবাথুৰি
খাই ফুৰাৰ অভ্যাস হৈ গৈছে। পঢ়াৰ প্ৰতি যাৰ ধ্যান নাথাকে তেওঁক পাছত চাকৰিত লগাই
দিবলগীয়া হয়। ধোবা আদিৰ কাম কৰে। তাত পঢ়াৰ কি দৰকাৰ। বেপাৰত মনুষ্য অনেক কোটিপতি হৈ
যায়। চাকৰিত ইমান নহয়। তাততো নিদিষ্ট দৰমহা পাব। এতিয়া তোমালোকৰ পঢ়া হৈছে বিশ্বৰ
বাদশ্বাহীৰ কাৰণে। ইয়াত এনেকৈ কয় নহয় যে আমি ভাৰতবাসী। পাছলৈ আকৌ তোমালোকক বিশ্বৰ
মালিক বুলি ক'ব। তাত দেৱী-দেৱতা ধৰ্মৰ বাহিৰে অন্য কোনো ধৰ্ম নাথাকে। পিতাই
তোমালোকক বিশ্বৰ মালিক কৰি তোলে গতিকে তেওঁৰ মতত চলিব লাগে। কোনোধৰণৰ বিকাৰৰ ভূত
থাকিব নালাগে। এই ভূত বহুত বেয়া। কামীসকলৰ স্বাস্থ্য বেয়া হৈ থাকে। শক্তি কম হৈ যায়।
এই কাম বিকাৰে তোমালোকৰ শক্তি একেবাৰে শেষ কৰি দিলে। ফলাফল এয়া হ'ল আয়ুস কম হৈ গ’ল।
ভোগী হৈ গ’লা। কামী, ভোগী, ৰোগী সকলো হৈ পৰে। তাত বিকাৰ নাথাকে। গতিকে যোগী হৈছে
সৰ্বদা স্বাস্থ্যৱান আৰু আয়ুসো 150 বছৰ হয়। তাত কালে নাখায়। ইয়াৰ ওপৰত এটা কাহিনীও
শুনায় - কাৰোবাক সোধা হ'ল প্ৰথমে সুখ লাগে নে প্ৰথমে দুখ লাগে? তেতিয়া তেওঁক
কোনোবাই ইংগিত দিলে যে কোৱা প্ৰথমে সুখ লাগে কিয়নো সুখত গুচি গ’লে তেতিয়া তাত কাল
নাহিবই। ভিতৰত সোমাব নোৱাৰে। এটা কাহিনী ৰচি দিলে। পিতাই বুজায় - তোমালোক সুখধামত
থাকা তেতিয়া তাত কাল নাথাকে। ৰাৱণৰাজ্যই নাথাকে। পাছত যেতিয়া বিকাৰী হৈ যোৱা তেতিয়া
কাল আহে। কিমান কাহিনী ৰচি দিছে, কালে লৈ গ'ল আকৌ এয়া হ'ল। কালকো দেখা পোৱা যায় আৰু
আত্মাকো দেখা পোৱা যায়, এইবোৰক কল্প-কাহিনী বুলি কোৱা হয়। কাণেৰে শুনি ৰস পোৱা বহুত
কাহিনী আছে। এতিয়া পিতাই বুজায় - তাত অকাল মৃত্যু কেতিয়াও নহয়। আয়ুস দীঘলীয়া হয় আৰু
পৱিত্ৰ হৈ থাকে। 16 কলা পাছত কলা কম হৈ হৈ একদম কলাহীন হৈ যায়। মোৰ ৰ্নিগুণীৰ কোনো
গুণ নাই। সন্তানসকলৰ এটা ৰ্নিগুণ সংস্থাও আছে। এনেকৈ কয় যে আমাৰ কোনো গুণ নাই। আমাক
গুণৱান কৰি তোলক। সৰ্বগুণ সম্পন্ন কৰি তোলক। এতিয়া পিতাই কয় - পৱিত্ৰ হ'ব লাগে।
সকলো মৰিবও লাগিব। ইমান অনেক মনুষ্য সত্যযুগত নাথাকে। এতিয়াতো কিমান অনেক আছে। তাত
সন্তানো যোগবলৰ দ্বাৰা হয়। ইয়াত চোৱা কিমান সন্তান জন্ম দি থাকে। পিতাই তথাপিও কয় -
পিতাক স্মৰণ কৰা। সেই পিতাইহে পঢ়ায়, শিক্ষক পঢ়াওঁতাজন স্মৃতিলৈ আহে। তোমালোকে জানা
যে শিৱবাবাই আমাক পঢ়াই আছে। কি পঢ়ায়, সেয়াও তোমালোকে জানা। গতিকে পিতা অথবা শিক্ষকৰ
সৈতে যোগযুক্ত হ’ব লাগে। জ্ঞান বহুত উচ্চ। এতিয়া তোমালোক সকলোৰে হৈছে বিদ্যাৰ্থী
জীৱন। এনেকুৱা বিশ্ব বিদ্যালয় কেতিয়াবা দেখিছানে, য'ত শিশু, বৃদ্ধ, যুৱক সকলোৱে
একেলগে পঢ়ে। এখনেই স্কুল, এজনে পঢ়াওঁতা শিক্ষক আৰু য'ত ব্ৰহ্মাই নিজেই পঢ়ে।
আশ্চৰ্যকৰ নহয় জানো। শিৱবাবাই তোমালোকক পঢ়ায়। এওঁ ব্ৰহ্মায়ো শুনে। শিশু অথবা বৃদ্ধ,
যি কোনো লোকে পঢ়িব পাৰে। তোমালোকেও এই জ্ঞান নপঢ়া জানো। এতিয়া পঢ়োৱা আৰম্ভ কৰি দিছে।
দিনে-প্ৰতিদিনে সময় কম হৈ গৈ থাকে। এতিয়া তোমালোক বেহদত গুচি গ'লা। এইটো জানা যে এই
5 হাজাৰ বছৰৰ চক্ৰ কেনেকৈ পাৰ হ'ল। প্ৰথমে এটা ধৰ্ম আছিল। এতিয়া কিমান অনেক ধৰ্ম আছে।
এতিয়া স্বতন্ত্ৰ বুলি কোৱা নহয়। ইয়াক কোৱা হয় প্ৰজাৰ ওপৰত প্ৰজাৰ ৰাজ্য। পোন-প্ৰথমে
বহুত শক্তিশালী ধৰ্ম আছিল। গোটেই বিশ্বৰ মালিক আছিল। এতিয়া অধৰ্মী হৈ গ’ল। কোনো
ধৰ্ম নাই। সকলোৰে 5 বিকাৰ আছে। বেহদৰ পিতাই কয় – সন্তানসকল, এতিয়া ধৈৰ্য্য ধৰা, বাকী
অলপ সময় তোমালোক এই ৰাৱণৰাজ্যত আছা। যদি ভালকৈ পঢ়া তেন্তে পুনৰ সুখধামলৈ গুচি যাবা।
এয়া হৈছে দুখধাম। তোমালোকে নিজৰ শান্তিধাম আৰু সুখধামক স্মৰণ কৰা, এই দুখধামক পাহৰি
গৈ থাকা। আত্মাসকলক পিতাই নিৰ্দেশনা দিয়ে - হে আত্মিক সন্তানসকল! আত্মিক সন্তানসকলে
এই শৰীৰৰ ইন্দ্ৰিয়ৰ দ্বাৰা শুনিলে। তোমালোক আত্মাসকল যেতিয়া সত্যযুগত সতোপ্ৰধান
আছিলা তেতিয়া তোমালোকৰ শৰীৰো অতি সতোপ্ৰধান আছিল। তোমালোক বহুত ধনৱান আছিলা আকৌ
পুনৰ্জন্ম লৈ লৈ কি হৈ গ’লা! ৰাতি-দিনৰ পাৰ্থক্য। দিনত আমি স্বৰ্গত আছিলোঁ, ৰাতি আমি
নৰকত আছোঁ। ইয়াক কোৱা হয় ব্ৰহ্মাৰ তথা ব্ৰাহ্মণৰ দিন আৰু ৰাতি। 63 জন্ম হাবাথুৰি
খাই ফুৰা, অন্ধকাৰ ৰাতি নহয় জানো। দিগভ্ৰান্ত হৈ ঘূৰি ফুৰে। ভগৱানক কোনেও নাপায়।
ইয়াক কোৱা হয় বিভ্ৰান্তিৰ খেল। গতিকে পিতাই তোমালোক সন্তানসকলক গোটেই সৃষ্টিৰ
আদি-মধ্য-অন্তৰ বাতৰি শুনায়। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) দুৱাৰ দুৱাৰে হাবাথুৰি খাই ফুৰাৰ অভ্যাস এৰি ভগৱানৰ পঢ়া ধ্যান দি পঢ়িব লাগে।
কেতিয়াও অনুপস্থিত থাকিব নালাগে। পিতাৰ সমান শিক্ষকো নিশ্চয় হ'ব লাগে। পঢ়ি উঠি আকৌ
পঢ়াব লাগে।
(2) সত্য-নাৰায়ণৰ
সত্য কথা শুনি নৰৰ পৰা নাৰায়ণ হ'ব লাগে, নিজেই নিজক এনেকুৱা সন্মানধাৰী কৰি তুলিব
লাগে। কেতিয়াও ভূতৰ বশৱৰ্তী হৈ সন্মান হানি কৰিব নালাগে।
বৰদান:
সম্বন্ধ আৰু
প্ৰাপ্তিৰ স্মৃতিৰে সদায় আনন্দিত হৈ থাকোঁতা সহজযোগী হোৱা
সহজযোগৰ আধাৰ হৈছে -
সম্বন্ধ আৰু প্ৰাপ্তি। সম্বন্ধৰ আধাৰত স্নেহ উৎপন্ন হয় আৰু য’ত প্ৰাপ্তি হয় ত’লৈ
মন-বুদ্ধি সহজে যায়। গতিকে সম্বন্ধত ‘মোৰ’ বোধেৰে স্মৰণ কৰা, অন্তৰেৰে কোৱা ‘মোৰ
বাবা’ আৰু পিতাৰ দ্বাৰা যি শক্তি, জ্ঞান, গুণ, সুখ-শান্তি, আনন্দ, প্ৰেম ৰূপী সম্পদ
প্ৰাপ্ত হৈছে সেয়া স্মৃতিত জাগ্ৰত কৰা, ইয়াৰ দ্বাৰা অপাৰ আনন্দিত হৈ থাকিবা আৰু
সহজযোগীও হৈ যাবা।
স্লোগান:
দেহবোধৰ পৰা মুক্ত হোৱা তেতিয়া অন্য সকলো বন্ধন স্বতঃ সমাপ্ত হৈ যাব।
পুৰণা সংস্কাৰ
পৰিৱৰ্তন কৰি সংস্কাৰ মিলনৰ ৰাস কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
বাপদাৰ সৈতেতো মিলন
উদ্যাপন কৰা কিন্তু আটাইতকৈ শ্ৰেষ্ঠ মিলন হৈছে পৰস্পৰৰ সংস্কাৰ মিলন যেতিয়া এই
সংস্কাৰ মিলন হৈ যাব তেতিয়া জয়জয়কাৰ হ’ব, ইয়াৰ বাবে মধুৰতা গুণ ধাৰণ কৰা। কটাক্ষ কৰা
বচন বা কটু বচন নক’বা। যেনেকৈ মিলনত হাত মিলায় – এই মিলন হৈছে সংস্কাৰ মিলন – যদি
সকলোৰে সংস্কাৰ মিলি পিতাৰ সমান হৈ যায়, সকলোৰে সংস্কাৰ একেসমান হৈ যায় তেতিয়া এক
ৰাজ্য, এক ধৰ্মৰ সৃষ্টি আহি যাব।