23.11.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – দেহী-অভিমানী হৈ সেৱা কৰা তেতিয়া প্ৰতিটো খোজতে সফলতা প্ৰাপ্ত কৰি থাকিবা"

প্ৰশ্ন:
কোনটো স্মৃতিত থাকিলে দেহ-অভিমান নাহিব?

উত্তৰ:
সদায় স্মৃতি থাকিব লাগে যে মই ঈশ্বৰীয় সেৱক। সেৱকৰ কেতিয়াও দেহ-অভিমান আহিব নোৱাৰে। যিমানে যোগযুক্ত হৈ থাকিবা সিমানে দেহ-অভিমান আঁতৰি গৈ থাকিব।

প্ৰশ্ন:
দেহ-অভিমানীসকলে ড্ৰামা অনুসৰি কেনেকুৱা দণ্ড পায়?

উত্তৰ:
তেওঁলোকৰ বুদ্ধিত এই জ্ঞান ধাৰণেই নহয়। চহকী লোকসকলৰ ধনৰ কাৰণে দেহ-অভিমান থাকে সেয়েহে তেওঁলোকে এই জ্ঞান বুজিব নোৱাৰে, এয়াও দণ্ড পায়। গৰিবে সহজে বুজি লয়।

ওঁম্শান্তি।
আত্মিক পিতাই ব্ৰহ্মাৰ দ্বাৰা ৰায় দি আছে। যদি স্মৰণ কৰা তেন্তে এনেকুৱা হ'বা। সতোপ্ৰধান হৈ নিজৰ স্বৰ্ণিম ৰাজ্যত প্ৰৱেশ কৰিবা। এনেকৈ কেৱল তোমালোকক নকয় কিন্তু এই আৱাজতো গোটেই ভাৰত আনকি বিদেশলৈও সকলোৰে ওচৰলৈ যাব। বহুতৰে সাক্ষাৎকাৰো হ'ব। কাৰ সাক্ষাৎকাৰ হোৱা উচিত? সেয়াও বুদ্ধিৰে বুজিব লাগে। পিতাই ব্ৰহ্মা বাবাৰ দ্বাৰাই সাক্ষাৎকাৰ কৰাই কয় - ৰাজকুমাৰ হ'ব খোজা যদি ব্ৰহ্মা বা ব্ৰাহ্মণৰ ওচৰলৈ যোৱা। ইউৰোপবাসীয়েও এওঁক বুজিবলৈ বিচাৰে। ভাৰত স্বৰ্গ আছিল তেতিয়া কাৰ ৰাজ্য আছিল? এইটো সম্পূৰ্ণকৈ কোনেও নাজানে। ভাৰতেই স্বৰ্গ আছিল। এতিয়া তোমালোকে সকলোকে বুজাই আছা। এয়া হৈছে সহজ ৰাজযোগ, যাৰ দ্বাৰা ভাৰত স্বৰ্গ অথবা ‘হেভেন’ হয়। বিদেশীসকলৰ তথাপিও বুদ্ধি অলপ ভালেই। তেওঁলোকে তৎক্ষণাৎ বুজি পাব। গতিকে এতিয়া সেৱাধাৰী সন্তানসকলে কি কৰা উচিত? তেওঁলোককে নিৰ্দেশনা দিবলগীয়া হয়। সন্তানসকলে প্ৰাচীন ৰাজযোগ শিকাব লাগে। তোমালোকৰ ওচৰত সংগ্ৰাহালয়, প্ৰদৰ্শনী আদিলৈ বহুত আহে। মতামত লিখে এওঁলোকে বহুত ভাল কাৰ্য কৰি আছে। কিন্তু নিজে বুজি নলয়। অলপমান উপলব্ধি হ’লে তেতিয়া আহে তথাপিও গৰিবে নিজৰ ভাগ্য ভালকৈ গঢ়িব আৰু বুজিবলৈ পুৰুষাৰ্থ কৰিব। চহকীসকলেতো পুৰুষাৰ্থ কৰিব নালাগে। দেহ-অভিমান বহুত আছে। গতিকে ড্ৰামা অনুসৰি যেন বাবাই দণ্ড দি দিলে। তথাপিও তেওঁলোকৰ দ্বাৰা আৱাজ কৰাবলগীয়া হয়। বিদেশীসকলেতো এই জ্ঞান বিচাৰে। শুনি বহুত আনন্দিত হৈ যায়। চৰকাৰী বিষয়াসকলৰ বাবে কিমান কষ্ট কৰে, কিন্তু তেওঁলোকৰ সময়েই নাই। তেওঁলোকৰ লাগিলে ঘৰত বহি সাক্ষাৎকাৰো হৈ যাওঁক তথাপিও বুদ্ধিত উদয় নহ’ব। গতিকে সন্তানসকলক পিতাই ৰায় দিয়ে, ভাল ভাল মতামতবোৰ একত্ৰিত কৰি তাৰ এখন ভাল কিতাপ প্ৰকাশ কৰিব লাগে। ৰায় দিব পাৰে - চোৱা, এয়া সকলোৰে কিমান ভাল লাগে। বিদেশীসকলে বা ভাৰতবাসীয়েও সহজ ৰাজযোগৰ বিষয়ে জানিব বিচাৰে। স্বৰ্গৰ দেৱী-দেৱতাৰ বাদশ্বাহী যি সহজ ৰাজযোগৰ দ্বাৰা ভাৰতে প্ৰাপ্ত কৰে তেন্তে কিয়নো বাৰু এই সংগ্ৰাহালয় চৰকাৰী ঘৰৰ ভিতৰত লগাই দিয়া নহয়। য'ত সন্মিলন আদি হৈ থাকে। এইটো খেয়াল সন্তানসকলৰ চলিব লাগে। এতিয়া সময় লাগিব। ইমান সোনকালে বুদ্ধি কোমল নহ'ব। গ'ডৰেজৰ তলা বুদ্ধিত লাগি আছে। এতিয়া আৱাজ ওলালে আন্দোলন হৈ যাব। হয়, নিশ্চয় হ'ব। কোৱা, চৰকাৰী আবাসতো সংগ্ৰাহালয় হ’লে তেতিয়া বহুত বিদেশীয়েও আহি চাব। বিজয়তো সন্তানসকলৰ নিশ্চয় হ'ব। গতিকে খেয়াল চলিব লাগে। দেহী-অভিমানীসকলৰহে এনেকুৱা এনেকুৱা খেয়াল চলিব যে কি কৰিব লাগে। বেচেৰহঁতে গম পাওঁক আৰু পিতাৰ পৰা আশীৰ্বাদ লওঁক। আমি লিখোঁও যে কোনো খৰচ নকৰাকৈয়ে...... গতিকে যিসকল ভাল ভাল সন্তান আহে, ৰায় দিয়ে। উপ-প্ৰধানমন্ত্ৰী শুভাৰম্ভ কৰিবলৈ আহে আকৌ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিও আহিব কিয়নো তেওঁলোককো গৈ ক’ব এয়াতো বিস্ময়কৰ জ্ঞান। সঁচা শান্তিতো এনেকৈ প্ৰতিষ্ঠা হ'ব। প্ৰতীত হয়। বুজনিও প্ৰতীত হোৱাৰে। আজি প্ৰতীত নহ’লে কালিলৈ প্ৰতীত হ’ব। বাবাই কৈ থাকে ডাঙৰ ডাঙৰ ব্যক্তিৰ ওচৰলৈ যোৱা। আগলৈ গৈ তেওঁলোকেও বুজিব। মনুষ্যৰ বুদ্ধি তমোপ্ৰধান সেয়েহে ওলোটা কাম কৰি থাকে। দিনে-প্ৰতিদিনে আৰুহে তমোপ্ৰধান হৈ গৈ থাকে।

তোমালোকে বুজাবলৈ চেষ্টা কৰা যে এই বিকাৰী ধান্দা বন্ধ কৰা, নিজৰ উন্নতি কৰা। পিতা পৱিত্র দেৱতা কৰি তুলিবলৈ আহিছে। অৱশেষত সেই দিনটিও আহিব যেতিয়া চৰকাৰী আবাসতো সংগ্ৰাহালয় হ'ব। কোৱা, খৰচতো আমি নিজৰে কৰোঁ। চৰকাৰেতো কেতিয়াও পইচা নিদিব। তোমালোক সন্তানসকলে ক'বা আমি নিজৰ খৰচত প্ৰত্যেক চৰকাৰী আবাসত এই সংগ্ৰাহালয় খুলিব পাৰোঁ। এটা ডাঙৰ চৰকাৰী আবাসত হৈ গ’লে তেতিয়া আকৌ সকলোতে হৈ যাব। বুজাওঁতাও নিশ্চয় লাগে। তেওঁক ক'ব সময় নিৰ্ধাৰিত কৰক যাতে কোনোবা আহি ৰাস্তা দেখুৱাব পাৰে। এটি কড়িও খৰচ নকৰাকৈ জীৱন গঢ়াৰ ৰাস্তা দেখুৱাম। এয়া আগলৈ গৈ হ'ব। কিন্তু পিতাই সন্তানসকলৰ দ্বাৰাহে শুনায়। ভাল ভাল সন্তান যিসকলে নিজক মহাবীৰ বুলি ভাবে তেওঁলোককহে মায়াই ধৰে। অতি উচ্চ লক্ষ্য। বহুত সাৱধান হ’ব লাগে। মুষ্টিযুদ্ধ কম নহয়। অতি প্ৰবল মুষ্টিযুদ্ধ। ৰাৱণক জয় কৰাৰ যুদ্ধক্ষেত্ৰ। অলপো যাতে দেহৰ অভিমান নাহে যে "মই এনেকুৱা সেৱা কৰোঁ, এইটো কৰোঁ......"। আমিতো ঈশ্বৰীয় সেৱক। আমি বাৰ্তা দিবই লাগে, এই ক্ষেত্ৰত গুপ্ত পৰিশ্ৰম বহুত আছে। তোমালোকে জ্ঞান আৰু যোগবলেৰে নিজক বুজোৱা। এই ক্ষেত্ৰত গুপ্ত হৈ থাকি বিচাৰ সাগৰ মন্থন কৰিলে তেতিয়া নিচা বাঢ়িব। এনেকৈ স্নেহেৰে বুজাবা, বেহদৰ পিতাৰ উত্তৰাধিকাৰ প্ৰত্যেক কল্পত ভাৰতবাসীয়েহে প্ৰাপ্ত কৰে। 5 হাজাৰ বছৰ পূৰ্বে এই লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছিল। এতিয়াতো বেশ্যালয় বুলি কোৱা হয়। সত্যযুগ হৈছে শিৱালয়। সেয়া হৈছে শিৱবাবাৰ স্থাপনা, এয়া হৈছে ৰাৱণৰ স্থাপনা। ৰাতি-দিনৰ পাৰ্থক্য আছে। সন্তানসকলে অনুভৱ কৰে যথাযথ আমি কি হৈ গৈছিলোঁ। বাবাই নিজৰ সমান কৰি তোলে। মূল কথা হৈছে দেহী-অভিমানী হ’ব লাগে। দেহী-অভিমানী হৈ বিচাৰ কৰিব লাগে যে আজি আমি অমুক প্ৰধানমন্ত্ৰীক গৈ বুজাব লাগিব। তেওঁক দৃষ্টি দিয়া তেতিয়া সাক্ষাৎকাৰ হ'ব পাৰে। তোমালোকে দৃষ্টি দিব পাৰা। যদি দেহী-অভিমানী হৈ থাকা তেতিয়া তোমালোকৰ বেটেৰি শক্তিৰে ভৰি গৈ থাকিব। দেহী-অভিমানী হৈ বহা, নিজক আত্মা বুলি বুজি পিতাৰ সৈতে যোগযুক্ত হ’লে তেতিয়া বেটেৰি শক্তিৰে ভৰপূৰ হ’ব পাৰে। গৰিবে ততালিকে নিজৰ বেটেৰি শক্তিৰে ভৰপূৰ কৰিব পাৰে কিয়নো পিতাক বহুত স্মৰণ কৰে। জ্ঞান ভাল লাগিলেও যদি যোগ কম হ’লে তেন্তে বেটেৰী ভৰপূৰ হ’ব নোৱাৰে কিয়নো দেহৰ অহংকাৰ বহুত থাকে। যোগ একোৱেই নাই, সেয়েহে জ্ঞান ৰূপী বাণত শক্তি ৰূপী ধাৰ নাহে। তৰোৱালতো ধাৰ থাকে। সেই তৰোৱালেই কোনোবাখন 10 টকা মূল্যৰ, কোনোবাখন 50 টকা মূল্যৰ। গুৰু গোবিন্দসিঙৰ তৰোৱালৰ গায়ন আছে, ইয়াত হিংসাৰ কথা নাই। দেৱতাসকল হৈছে দ্বৈত অহিংসক। আজি ভাৰত এনেকুৱা, কালিলৈ ভাৰত এনেকুৱা হ'ব। গতিকে সন্তানসকল কিমান আনন্দিত হ'ব লাগে। কালি আমি ৰাৱণৰাজ্যত আছিলোঁ গতিকে বহুত অশান্তি আছিল। আজি আমি পৰমপিতা পৰমাত্মাৰ লগত আছোঁ।

এতিয়া তোমালোক ঈশ্বৰীয় পৰিয়ালৰ। সত্যযুগত তোমালোক দৈৱী পৰিয়ালৰ। এতিয়া স্বয়ং ভগৱানে আমাক পঢ়াই আছে, আমি ভগৱানৰ কিমান স্নেহ পাওঁ। আধাকল্প ৰাৱণৰ স্নেহ পোৱা বাবে বান্দৰ হৈ গৈছে। এতিয়া বেহদৰ পিতাৰ স্নেহ পালে তোমালোক দেৱতা হৈ যোৱা। 5 হাজাৰ বছৰৰ কথা। তেওঁলোকে লাখ লাখ বছৰ লগাই দিছে। এৱোঁ তোমালোকৰ দৰে পূজাৰী আছিল। সকলোতকৈ শেষত বৃক্ষৰ অন্তিমত ঠিয় হৈ আছে। সত্যযুগত তোমালোকৰ কিমান অজস্ৰ ধন আছিল। পাছত আকৌ যি মন্দিৰ নিৰ্মাণ কৰিলে তাতো ইমান অজস্ৰ ধন আছিল, যিবোৰ আহি লুটি নিলে। মন্দিৰতো আৰু থাকিব। প্ৰজাও মন্দিৰ থাকিব। প্ৰজাতো আৰুহে চহকী হয়। প্ৰজাৰ পৰা ৰজাসকলে ঋণ লয়। এইখন বহুত লেতেৰা সৃষ্টি। সকলোতকৈ লেতেৰা ঠাই হৈছে কলিকতা (এতিয়া কোলকাতা)। ইয়াক পৰিৱৰ্তন কৰিবলৈ তোমালোকে পৰিশ্ৰম কৰিব লাগে। যিয়ে কৰিব তেওঁ পাব। দেহ-অভিমান আহিল আৰু অৱনমিত হ’ল। মনমনাভৱৰ অৰ্থ বুজি নাপায়। কেৱল শ্লোক কণ্ঠস্থ কৰি লয়। কেৱল তোমালোক ব্ৰাহ্মণৰ বাহিৰে জ্ঞানতো তেওঁলোকৰ থাকিব নোৱাৰে। কোনো মঠ-পন্থৰ লোক দেৱতা হ'ব নোৱাৰে। প্ৰজাপিতা ব্ৰহ্মাকুমাৰ-কুমাৰী ব্ৰাহ্মণ নোহোৱাকৈ দেৱতা কেনেকৈ হ'ব পাৰে। যিসকল কল্প পূৰ্বে হৈছে তেওঁলোকেই হ'ব। সময় লাগে। বৃক্ষ ডাঙৰ হৈ গ’ল গতিকে বৃদ্ধি হৈ গৈ থাকিব। পৰুৱা মাৰ্গৰ পৰা বৃহংগ মাৰ্গ হৈ হ’ব। পিতাই বুজায় - মৰমৰ সন্তানসকল, পিতাক স্মৰণ কৰা, স্বদৰ্শন চক্ৰ ঘূৰোৱা। তোমালোকৰ বুদ্ধিত গোটেই 84ৰ চক্ৰ আছে। তোমালোক ব্ৰাহ্মণেই আকৌ দেৱতা আৰু ক্ষত্ৰিয় কুলৰ হোৱা। সূৰ্যবংশী-চন্দ্ৰবংশীৰো অৰ্থ কোনেও নাজানে। পৰিশ্ৰম কৰি বুজোৱা হয়। তথাপিও নুবুজে গতিকে বুজি পোৱা যায় এতিয়া সময় হোৱা নাই। তথাপিও আহে। ভাবে ব্ৰহ্মাকুমাৰীসকলৰ বাহিৰত নাম এনেকুৱা। ভিতৰত আহি দেখিলে কয় যে এওঁলোকে বহুত ভাল কাম কৰি আছে। এওঁলোকেতো মনুষ্য মাত্ৰৰ চৰিত্র শুধৰায়। দেৱতাসকলৰ চৰিত্ৰ চোৱা কেনেকুৱা। সম্পূৰ্ণ নিৰ্বিকাৰী..... পিতাই কয় - কাম মহাশত্ৰু। এই ভূতৰ কাৰণেই তোমালোকৰ চৰিত্র নষ্ট হৈ গৈছে। যি সময়ত বুজায় সেই সময়ত ভাল হৈ যায়। বাহিৰলৈ গ’লে সকলো পাহৰি যায়। তেতিয়া কয় – শত শতবাৰ অলংকৃত কৰোঁ....। এয়া বাবাই গালি নিদিয়ে, বুজায়। চলন দৈৱী কৰা, ক্ৰোধত আহি ভুকা কিয়! স্বৰ্গত ক্ৰোধ নাথাকে। পিতাই যিয়েই সন্মুখত বুজায়, কেতিয়াও খং নুঠিছিল। বাবাই সকলো পৰিশোধিত কৰি বুজায়। ড্ৰামা নিয়ম অনুসৰি চলি থাকে। ড্ৰামাত একো ভুল নাই। অনাদি-অবিনাশী ৰচি থোৱা আছে। যি কৰ্মকাণ্ড ভালদৰে চলে পুনৰ 5 হাজাৰ বছৰ পাছত চলিব। বহুতে কয় এই পাহাৰ ভাঙিল পুনৰ কেনেকৈ হ'ব। নাটক চোৱা, মহল খহিল পুনৰ নাটক পুনৰাবৃত্তি হ’লে সেই সাজি থোৱা মহলে দেখিবা। এয়া হুবহু পুনৰাবৃত্তি হৈ থাকে। বুজিবলৈও মগজ লাগে। কাৰোবাৰ বুদ্ধিত ধাৰণ হোৱাটো বহুত কঠিন হয়। বিশ্বৰ ইতিহাস-ভূগোল আছে নহয়। ৰামৰাজ্যত এই দেৱী-দেৱতাসকলৰ ৰাজ্য আছিল, তেওঁলোকৰ পূজা হয়। পিতাই বুজাইছে - তোমালোকেই পূজ্য আৰু তোমালোকেই পূজাৰী হোৱা। “আমিয়েই সেয়া”ৰ অৰ্থও সন্তানসকলক বুজোৱা হৈছে। আমিয়েই দেৱতা, আমিয়েই ক্ষত্ৰিয়.... লুটিবাগৰ মৰা খেল নহয় জানো। ইয়াক ভালদৰে বুজিব লাগে আৰু বুজাবলৈ চেষ্টা কৰিব লাগে। বাবাই এনেকৈ নকয় যে ধান্দা এৰা। নকয়। কেৱল সতোপ্ৰধান হ'ব লাগে, ইতিহাস-ভূগোলৰ ৰহস্য বুজি বুজোৱা। মূল কথা হৈছে - মনমনাভৱ। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা তেতিয়া সতোপ্ৰধান হ'বা। স্মৃতিৰ যাত্ৰা হৈছে এক নম্বৰ। পিতাই কয় - মই সকলো সন্তানক লগত লৈ যাম। সত্যযুগত কিমান কম মনুষ্য থাকে। কলিযুগত ইমান অনেক মনুষ্য আছে। কোনে সকলোকে উভতাই লৈ যাব। ইমানবোৰ জংঘল কোনে চাফা কৰিলে? বাগিচাৰ মালিক, নাৱৰীয়া বুলি পিতাকহে কয়। তেৱেঁই দুখৰ পৰা মুক্ত কৰি সিপাৰলৈ লৈ যায়। পঢ়া কিমান মিঠা লাগে কিয়নো জ্ঞান হৈছে উপাৰ্জনৰ উৎস। তোমালোকে সীমাহীন সম্পদৰ খনি প্ৰাপ্ত কৰা। ভক্তিত একোৱেই প্ৰাপ্ত নহয়। ইয়াত চৰণত পৰাৰ কথা নাই। তেওঁলোকতো গুৰুৰ আগত গৈ সাষ্টাঙ্গ প্ৰণাম জনায়, ইয়াৰ পৰা পিতাই মুক্ত কৰে। এনেহেন পিতাক স্মৰণ কৰিব লাগে। তেওঁ আমাৰ পিতা, এইটো বুজি পালা নহয়। বাবাৰ পৰা উত্তৰাধিকাৰ নিশ্চয় প্ৰাপ্ত হয়। সেইটো আনন্দ থাকে। লিখে মই ধনৱানৰ ওচৰলৈ গ’লে লাজ লাগে, মই গৰিব। বাবাই কয় - গৰিব হ’লে আৰুহে ভাল। চহকী হোৱা হ'লে ইয়ালৈ নাহিলাহেঁতেন। ভাল বাৰু।

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সদায় এইটো আনন্দ বা নিচাত থাকিব লাগে যে এতিয়া আমি ঈশ্বৰীয় পৰিয়ালৰ, স্বয়ং ভগৱানে আমাক পঢ়াই আছে, তেওঁ স্নেহ আমি পাই আছোঁ, যি স্নেহেৰে আমি দেৱতা হ'মগৈ।

(2) এই পূৰ্ব নিৰ্ধাৰিত ড্ৰামাখনক সঠিককৈ বুজিব লাগে, ইয়াত একো ভুল হ'ব নোৱাৰে। যি কৰ্মকাণ্ড হৈ গ'ল সেয়া আকৌ পুনৰাবৃত্তি হ'ব। এই কথাটি সুস্থ মগজৰে বুজি চলিলে তেতিয়া কেতিয়াও খং নুঠিব।

বৰদান:
ধুমুহাক উপহাৰ বুলি বুজি সহজে অতিক্ৰম কৰোঁতা সম্পূৰ্ণ আৰু সম্পন্ন হোৱা

যিহেতু সকলোৰে লক্ষ্য সম্পূৰ্ণ আৰু সম্পন্ন হোৱাৰ তেন্তে সৰু সৰু কথাত ভয় নাখাবা। মুৰ্তি হৈ আছা গতিকে কিছু হাতুৰীৰ কোবতো লাগিবই। যি যিমানেই আগত থাকে তেওঁ ধুমুহাও সকলোতকৈ অধিক অতিক্ৰম কৰিবলগীয়া হয় কিন্তু সেই ধুমুহা তেওঁলোকৰ ধুমুহা যেন নালাগে, উপহাৰ যেন লাগে। এই ধুমুহাও অনুভৱী হোৱাৰ উপহাৰ হৈ যায় সেই কাৰণে বিঘিনিক স্বাগত জনোৱা আৰু অনুভৱী হৈ আগবাঢ়ি গৈ থাকা।

স্লোগান:
অমনোযোগিতা সমাপ্ত কৰিবলৈ হ’লে স্বচিন্তনত থাকি নিজক পৰীক্ষা কৰা।


সফলতামূৰ্ত হ’বলৈ আজিৰ অব্যক্ত সংকেত:
তোমালোক মাষ্টৰ ৰচয়িতা, সম্পন্ন, সম্পূৰ্ণ হোৱা তেতিয়া প্ৰকৃতিয়ে তোমালোকক স্বাগতম্‌ জনাব। প্ৰকৃতি সফলতাৰ মালা লৈ স্বাগতম্‌ জনাবলৈ অপেক্ষা কৰি আছে। ইয়াৰ বাবে কেৱল এইটো স্মৃতি থাকিব লাগে যে বিজয়তো মোৰ জন্মসিদ্ধ অধিকাৰ। সপোনতো যাতে কেতিয়াও সংকল্প উদয় নহয় যে গম নাপাওঁ বিজয় হ’ব নে নহয়! মাষ্টৰ জ্ঞানপূৰ্ণৰ মুখেৰে “গম নাপাওঁ” শব্দ উচ্চাৰিত হোৱা উচিত নহয়।