24.01.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোক এজন পিতাৰ নিৰ্দেশনা অনুসৰি চলি থাকা তেতিয়া তোমালোকৰ কাৰণে পিতা দায়বদ্ধ, পিতাৰ নিৰ্দেশনা হৈছে চলোঁতে-ফুৰোঁতে মোক স্মৰণ কৰা"

প্ৰশ্ন:
যিসকল ভাল গুণৱান সন্তান তেওঁলোকৰ মুখ্য লক্ষণসমূহ কি হ’ব?

উত্তৰ:
তেওঁলোকে কাঁইটক ফুল কৰি তোলাৰ ভাল সেৱা কৰিব। কাকো কাঁইট হৈ নিবিন্ধিব, কেতিয়াও পৰস্পৰ কাজিয়া-পেচাল নকৰিব। কাকোৱে দুখ নিদিব। দুখ দিয়াটোও কাঁইট হৈ বিন্ধাৰ দৰে।

গীত:
য়হ ৱক্ত যা ৰহা হে.... (এই সময় অতিবাহিত হৈ গৈ আছে.....)

ওঁম্শান্তি।
অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা আত্মিক সন্তানসকলে পুৰুষাৰ্থৰ ক্ৰমানুসৰি এই গীতটিৰ অৰ্থ বুজিলে। ক্ৰমানুসৰি বুলি এই বাবেই কোৱা হয় কিয়নো কিছুমানেতো সম্পূৰ্ণকৈ বুজি পায়, কিছুমানে অলপ কম, কিছুমানে অতি কমকৈ বুজি পায়। বোধ শক্তিও প্ৰত্যেকৰে নিজা নিজা। নিশ্চয় বুদ্ধিও প্ৰত্যেকৰে নিজা নিজা। পিতাইতো বুজাই থাকে, এনেকৈয়ে সদায় বুজি লোৱা যে শিৱবাবাই এওঁৰ দ্বাৰা নিৰ্দেশনা দিয়ে। তোমালোকে আধাকল্প আসুৰি নিৰ্দেশনাত চলি আহিলা, এতিয়া এনেকৈ নিশ্চয় কৰা যে আমি ঈশ্বৰীয় নিৰ্দেশনা মতে চলিলে নাও পাৰ হ’ব পাৰে। যদি ঈশ্বৰীয় নিৰ্দেশনা বুলি নুবুজি মনুষ্যৰ নিৰ্দেশনা বুলি বুজি লোৱা তেন্তে বিভ্ৰান্ত হৈ যাবা। পিতাই কয় - মোৰ নিৰ্দেশনা মতে চলিলে তেতিয়া তাৰ বাবে মই দ্বায়বদ্ধ হ’ম। এওঁৰ দ্বাৰা যি কৰ্মকাণ্ড হয়, তেওঁৰ কৰ্মকাণ্ডৰ বাবে ময়েই দায়বদ্ধ হওঁ, সেয়া মই শুদ্ধ কৰি ল’ম। তোমালোকে কেৱল মোৰ নিৰ্দেশনা মতে চলা। যিয়ে যথা ৰীতি স্মৰণ কৰিব তেৱেঁই নিৰ্দেশনা মতে চলিব। প্ৰতিটো খোজতে ঈশ্বৰীয় নিৰ্দেশনা বুলি বুজি চলিলে কেতিয়াও লোকচান নহ’ব। নিশ্চয়তা থাকিলেহে বিজয় হয়। বহুত সন্তানে এই কথাবোৰ বুজি নাপায়। কিছু জ্ঞান পোৱাৰ লগে লগে দেহ-অভিমান আহি যায়। যোগ বহুত কম। জ্ঞানতো হৈছে ইতিহাস-ভূগোলক জনা, এয়াতো সহজ। ইয়াতো মনুষ্যই কিমান বিজ্ঞান আদি পঢ়ে। এই পঢ়াতো সহজ, বাকী যোগতহে যত্ন কৰিবলগীয়া হয়।

যদি কোনোবাই কয় - বাবা মই যোগত বহুত মতলীয়া হৈ থাকোঁ তেন্তে সেয়া বাবাই মানি নল’ব। বাবাই প্ৰত্যেকৰে চাল-চলন লক্ষ্য কৰে। বাবাক স্মৰণ কৰা সকলতো অতি মৰমলগা হ’ব। স্মৰণ নকৰে সেয়েহে ওলট-পালট কৰ্ম হৈ যায়। বহুত ৰাতি-দিনৰ পাৰ্থক্য আছে। এতিয়া তোমালোকে এই ছিড়িৰ চিত্ৰৰ ওপৰতো যথা ৰীতি বুজাব পাৰা। এই সময়ত হৈছে কাঁইটৰ জংঘল। এইখন বাগিচা নহয়। এয়াতো স্পষ্টকৈ বুজাব লাগে যে ভাৰত ফুলৰ বাগিচা আছিল। বাগিচাত বনৰীয়া জীৱ জন্তু থাকে জানো? তাততো দেৱী-দেৱতাসকল থাকে। পিতাতো হয়েই সৰ্বোচ্চ হৰ্তা-কৰ্তা আকৌ এই প্ৰজাপিতা ব্ৰহ্মাও সৰ্বোচ্চ হৰ্তা-কৰ্তা হৈ গ’ল। এই দাদা হৈছে সৰ্বোচ্চ হৰ্তা-কৰ্তা। শিৱ আৰু প্ৰজাপিতা ব্ৰহ্মা। আত্মাসকল হৈছে শিৱবাবাৰ সন্তান আৰু সাকাৰত আমি ভাই-ভনী সকলো প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান। এওঁ হৈছে সকলোৰে গ্ৰেট গ্ৰেট গ্ৰেণ্ড ফাদাৰ। এনেকুৱা সৰ্বোচ্চ হৰ্তা-কৰ্তাৰ বাবে আমাক ঘৰৰ প্ৰয়োজন। এনেকৈ তোমালোকে লিখা তেতিয়া দেখিবা বুদ্ধিত কিবা উদয় হৈছে।

শিৱবাবা আৰু প্ৰজাপিতা ব্ৰহ্মা, আত্মাসকলৰ পিতা আৰু সকলো মনুষ্য মাত্ৰৰ পিতা। বুজাবৰ বাবে এই কথাষাৰ বহুত ভাল। কিন্তু সন্তানসকলে যথা ৰীতিৰে নুবুজে, পাহৰি যায়, জ্ঞানৰ অহংকাৰ আহি যায়। যেন বাপদাদাকো জয় কৰি লয়। এই দাদাই কয়, লাগিলে মোৰ কথা নুশুনিবা কিন্তু সদায় এনেকৈ বুজিবা যে শিৱবাবাই বুজায়, তেওঁৰ মতত চলা। পোনপটীয়াকৈ ঈশ্বৰে মত দিয়ে যে এইটো এইটো কৰা, তাৰ বাবে মই দায়বদ্ধ হ’ম। ঈশ্বৰীয় মতত চলা। এওঁ জানো ঈশ্বৰ, তোমালোকে ঈশ্বৰৰ পৰা পঢ়িব লাগে। সদায় বুজিবা যে এয়া ঈশ্বৰে নিৰ্দেশনা দিয়ে। এই লক্ষ্মী-নাৰায়ণো ভাৰতৰে মনুষ্য আছিল। এওঁলোকো সকলো মনুষ্যই হয়। কিন্তু এওঁলোক শিৱালয়ৰ নিবাসী সেয়েহে সকলোৱে নমস্কাৰ জনায়। কিন্তু সন্তানসকলে পূৰা নুবুজায়, নিজৰ নিচা বাঢ়ি যায়। ক্ৰুটি বহুতৰে আছে। যেতিয়া পূৰা যোগযুক্ত হৈ থাকিব তেতিয়াহে বিকৰ্ম বিনাশ হ’ব। বিশ্বৰ মালিক হোৱাতো কোনো মাহীৰ ঘৰ (ইমান উজু) নহয়। বাবাই লক্ষ্য কৰে, মায়াই একেবাৰে নাকত ধৰি গাঁতত পেলাই দিয়ে। পিতাৰ স্মৃতিত বহুত আনন্দত প্ৰফুল্লিত হৈ থাকিব লাগে। লক্ষ্য-উদ্দেশ্য সন্মুখত আছে, আমি এই লক্ষ্মী-নাৰায়ণৰ দৰে হৈ আছোঁ। পাহৰি গ’লে আনন্দৰ তীব্ৰতা নাবাঢ়ে। কয় আমাক সন্মুখত বহি যোগাভ্যাস কৰাওঁক, বাহিৰত আমি স্মৰণ কৰিব নোৱাৰো। স্মৃতিত নাথাকে সেইবাবে বাবাই কেতিয়াবা কেতিয়াবা কাৰ্যসূচী পঠিয়াই দিয়ে কিন্তু স্মৃতিত বহে জানো, বুদ্ধি ইফালে-সিফালে ভ্ৰমি ফুৰে। বাবাই নিজৰ উদাহৰণ দিয়ে - নাৰায়ণৰ কিমান দৃঢ় ভক্ত আছিলোঁ, য’তে-ত’তে লগত নাৰায়ণৰ চিত্ৰ ৰাখিছিলোঁ। তথাপিও পূজাৰ সময়ত বুদ্ধি ইফালে-সিফালে গৈছিল। ইয়াতো তেনেকুৱা হয়। পিতাই কয় - চলোঁত-ফুৰোঁতে পিতাক স্মৰণ কৰা কিন্তু কিছুমানে কয় - সন্মুখত বহি যোগাভ্যাস কৰাওঁক। সন্মুখত বহি যোগাভ্যাস কৰোৱাৰতো কোনো অৰ্থই নাই। বাবাই সদায় কয় - স্মৃতিত থাকা, সন্মুখত বহি যোগাভ্যাস কৰাওঁতে কিছুমান সন্তান বহি বহি ধ্যানত গুচি যায়। জ্ঞানো নাথাকে, স্মৃতিও নাথাকে। নতুবা আকৌ কলমটিয়াবলৈ ধৰে, বহুতৰে অভ্যাস হৈ গৈছে। এয়াতো অল্পকালৰ শান্তি হৈ গ’ল। বাকী গোটেই দিন অশান্তিত থাকে। চলোঁতে-ফুৰোঁতে পিতাক স্মৰণ নকৰিলে পাপৰ বোজা কেনেকৈ আঁতৰিব? আধাকল্পৰ বোজা আছে। এই ক্ষেত্ৰতে বহুত যত্ন কৰিবলগীয়া হয়। নিজকে আত্মা বুলি বুজা আৰু পিতাক স্মৰণ কৰা। যদিও বাবালৈ বহুত সন্তানে পত্ৰ লিখি পঠায় - ইমান সময় স্মৃতিত থাকিলোঁ কিন্তু স্মৃতিত নাথাকে। স্মৃতিৰ খতিয়ান বুজিয়েই নাপায়। বাবা হৈছে বেহদৰ পিতা। পতিত-পাৱন সেয়েহে আনন্দিত হৈ থাকিব লাগে। এনেকুৱা নহয় যে মইতো শিৱবাবাৰ হয়েই। এনেকুৱাও বহুত আছে, ভাবি লয় মইতো বাবাৰ হয়েই কিন্তু স্মৰণ একেবাৰেই নকৰে। যদি স্মৰণ কৰে তেতিয়াতো প্ৰথম স্থানত যাব লাগে। কাৰোবাক বুজাবলৈও বহুত উত্তম বুদ্ধিৰ প্ৰয়োজন। আমিতো ভাৰতৰ মহিমা কৰোঁ। নতুন সৃষ্টিত আদি সনাতন দেৱী-দেৱতাসকলৰ ৰাজ্য আছিল। এতিয়া হৈছে পুৰণি সৃষ্টি, লৌহযুগ। সেয়া সুখধাম, এয়া দুখধাম। ভাৰত স্বৰ্ণিম যুগত থাকোঁতে এই দেৱতাসকলৰ ৰাজ্য আছিল। এনেকৈ কয় যে আমি কেনেকৈ বুজিম যে এওঁলোকৰ ৰাজ্য আছিল? এই জ্ঞান বৰ অপূৰ্ব। যাৰ ভাগ্যত যি আছে, যিয়ে যিমান পুৰুষাৰ্থ কৰে সেয়াতো দৃষ্টিগোচৰ হয়। তোমালোকে কৰ্মকাণ্ডৰ পৰা জানিব পাৰা, হওঁতে কলিযুগীসকলো মনুষ্য, সত্যযুগীসকলো মনুষ্য। আকৌ তেওঁলোকৰ আগত গৈ কিয় নতশিৰ হোৱা? তেওঁলোকক স্বৰ্গৰ মালিক বুলি নকয় জানো। কোনোবা মৰিলে কয় - অমুক স্বৰ্গবাসী হ’ল, এইটোও বুজি নাপায়। এই সময়ততো সকলো নৰকবাসী। নিশ্চয় পুনৰ্জন্মও ইয়াতেই ল’ব। বাবাই প্ৰত্যেকৰে চলন লক্ষ্য কৰি থাকে। বাবাইতো কিমান সাধাৰণ ৰীতিৰে কাৰ কাৰ লগত কথা পাতিবলগীয়া হয়। চম্ভালিবলগীয়া হয়। পিতাই কিমান স্পষ্টকৈ বুজায়। বুজিও পায় যে কথাবোৰ একেবাৰে সঠিক। তথাপিও কিয় ডাঙৰ কাঁইট হৈ যায়। ইজনে সিজনক দুখ দিলে কাঁইট হৈ যায়। অভ্যাস ত্যাগ নকৰে। এতিয়া বাগিচাৰ মালিক পিতাই ফুলৰ বাগিচা তৈয়াৰ কৰে। কাঁইটক ফুল কৰি গঢ়ি থাকে। তেওঁৰ এইটোৱেই কাম। যি নিজেই কাঁইট হ’ব তেন্তে তেওঁ ফুল কেনেকৈ কৰি তুলিব? প্ৰদৰ্শনীতো বহুত সাৱধানে কাৰোবাক পঠিয়াব লাগে।

ভাল গুণৱান সন্তান সেইজনেই যিয়ে কাঁইটৰ পৰা ফুল কৰি তোলাৰ সেৱা ভালকৈ কৰে। কাকোৱেই কাঁইট হৈ নিবিন্ধে অৰ্থাৎ কাকো দুখ নিদিয়ে। কেতিয়াও পৰস্পৰ কাজিয়া-পেচাল নকৰে। তোমালোক সন্তানসকলে একেবাৰে সঠিককৈ বুজোৱা। এই ক্ষেত্ৰত কাকো অপমান কৰাৰ কথা নাই। এতিয়া শিৱজয়ন্তীও আহি আছে। তোমালোকে বহুত প্ৰদৰ্শনী অনুষ্ঠিত কৰি থাকা। সৰু সৰু প্ৰদৰ্শনীতো বুজাব পাৰা। এক চেকেণ্ডত স্বৰ্গবাসী হোৱা অথবা পতিত ভ্ৰষ্টাচাৰীৰ পৰা পাৱন শ্ৰেষ্ঠাচাৰী হোৱা। এক চেকেণ্ডত জীৱনমুক্তি প্ৰাপ্ত কৰা। জীৱনমুক্তিৰো অৰ্থ বুজি নাপায়। তোমালোকেও এতিয়া বুজি পোৱা। পিতাৰ দ্বাৰা সকলোৱে মুক্তি, জীৱনমুক্তি লাভ কৰে। কিন্তু ড্ৰামাকো জানিব লাগে। সকলো ধৰ্মাৱলম্বী স্বৰ্গলৈ নাহে। তেওঁলোক নিজৰ নিজৰ শাখাত গুচি যাব। আকৌ নিজৰ নিজৰ সময়ত আহি স্থাপনা কৰিব। বৃক্ষৰ চিত্ৰত কিমান স্পষ্টকৈ আছে। এজন সৎগুৰুৰ বাহিৰে সৎগতি দাতা অন্য কোনো হ’ব নোৱাৰে। বাকী ভক্তি শিকাওঁতা অনেক গুৰু আছে। সৎগতিৰ বাবে মনুষ্য গুৰু হ’ব নোৱাৰে। কিন্তু বুজাবলৈও বুদ্ধি থাকিব লাগে, এয়া বুদ্ধিৰে বুজিব লাগে। ড্ৰামাৰ কিমান আশ্চৰ্য্যজনক খেল। তোমালোকৰ মাজতো বহুত কম সংখ্যকেহে এইটো নিচাত থাকে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ৰাত্ৰিৰ ক্লাচ - 18-03-68

তোমালোকে বাস্তৱত শাস্ত্ৰৰ ওপৰত বাদ-বিবাদ কৰাৰ প্ৰয়োজন নাই। মুখ্য কথা হৈছেই স্মৰণ কৰা, আৰু সৃষ্টিৰ আদি-মধ্য-অন্তক বুজি পোৱা। চক্ৰৱৰ্তী ৰজা হ’ব লাগে। এই চক্ৰকে কেৱল বুজিব লাগে, ইয়াৰেই গায়ন আছে চেকেণ্ডত জীৱনমুক্তি। তোমালোক সন্তানসকল আচৰিত হোৱা যে আধাকল্প ধৰি ভক্তি চলে। জ্ঞান লেখ মাত্ৰও নাই। জ্ঞানতো পিতাৰহে আছে। পিতাৰ দ্বাৰাহে জানিব লাগে। এই পিতা কিমান অসাধাৰণ সেয়েহে কোটিৰ মাজত কোনোবাহে ওলায়। সেই শিক্ষকে এনেকৈ ক’ব জানো! এওঁতো কয় - ময়েই পিতা, শিক্ষক, গুৰু। গতিকে মনুষ্যই শুনি আচম্বিত হৈ যাব। ভাৰতক মাতৃৰ দেশ বুলি কয় কিয়নো অম্বাৰ নাম অতি প্ৰসিদ্ধ। অম্বাৰ মেলাও বহুত হয়, অম্বা শব্দটি মিঠা। সৰু শিশুৱেও মাকক মৰম নকৰে জানো কাৰণ মাকেই খুৱায়, পিন্ধায়, চম্ভালে। এতিয়া অম্বাৰ পিতাও থাকিব নালাগিব জানো। এওঁতো তোলনীয়া জীয়ৰী। পতিতো নাই। এয়া হৈছে নতুন কথা। প্ৰজাপিতা ব্ৰহ্মাইতো নিশ্চয় তুলি ল’ব। এই সকলো কথা পিতাহে আহি তোমালোক সন্তানসকলক বুজায়। অম্বাৰ কিমান মেলা হয়, পূজা হয়, কিয়নো কন্যাটিয়ে বহুত সেৱা কৰিছে। মম্মাই যিমানক পঢ়ালে সিমানক আন কোনেও পঢ়াব নোৱাৰে। মম্মাৰ নাম প্ৰসিদ্ধ, মেলাও বহুত ডাঙৰকৈ আয়োজন কৰে। এতিয়া তোমালোক সন্তানসকলে জানা যে পিতাহে আহি ৰচনাৰ আদি-মধ্য-অন্তৰ গোটেই ৰহস্য তোমালোক সন্তানসকলক বুজাইছে। তোমালোকে পিতাৰ ঘৰৰ বিষয়েও জানিলা। পিতাৰ প্ৰতিও স্নেহ আছে গতিকে ঘৰৰ প্ৰতিও স্নেহ আছে। এই জ্ঞান তোমালোকে এতিয়া পাইছা। এই পঢ়াৰ দ্বাৰা কিমান উৰ্পাজন হয়। গতিকে আনন্দিত হোৱা উচিত নহয় জানো। আৰু তোমালোক হৈছা একেবাৰে সাধাৰণ। জগতৰ লোকে নাজানে, পিতা আহি এই জ্ঞান শুনায়। পিতাহে আহি সকলো নতুন নতুন কথা সন্তানসকলক শুনায়। নতুন সৃষ্টি বেহদৰ পঢ়াৰ দ্বাৰা স্থাপনা হয়। পুৰণি সৃষ্টিৰ প্ৰতি বৈৰাগ্য জন্মি যায়। তোমালোক সন্তানসকলৰ জ্ঞানৰ আন্তৰিক আনন্দ থাকে। পিতা আৰু ঘৰক স্মৰণ কৰিব লাগে। ঘৰলৈতো সকলো যাবই লাগিব। পিতাইতো সকলোকে ক’ব - সন্তানসকল, মই তোমালোকক মুক্তি, জীৱনমুক্তিৰ উত্তৰাধিকাৰ দিবলৈ আহিছোঁ। আকৌ পাহৰি যোৱা কিয়। মই তোমালোকৰ বেহদৰ পিতা হওঁ। ৰাজযোগ শিকাবলৈ আহিছোঁ। তেন্তে তোমালোক জানো শ্ৰীমতত নচলিবা! নহ’লেতো বহুত লোকচান হৈ যাব। এয়া হৈছে বেহদৰ লোকচান। পিতাৰ হাত এৰিলে উৰ্পাজনত লোকচান হৈ যাব। ভাল বাৰু শুভৰাত্ৰি। ওঁম্‌ শান্তি।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এজন পিতাৰ স্মৃতিৰে অতি মৰমিয়াল হ'ব লাগে। চলোঁতে-ফুৰোঁতে, কৰ্ম কৰোঁতে স্মৃতিত থকাৰ অভ্যাস কৰিব লাগে। পিতাৰ স্মৃতি আৰু আনন্দত প্ৰফুল্লিত হৈ থাকিব লাগে।

(2) খোজে প্ৰতি ঈশ্বৰীয় নিৰ্দেশনা অনুসৰি চলি প্ৰতিটো কাৰ্য কৰিব লাগে। নিজৰ অহংকাৰ (দেহ অভিমানৰ নিচা) দেখুৱাব নালাগে। কোনোধৰণৰ ওলট-পালট কৰ্ম কৰিব নালাগে। বিভ্ৰান্ত হ'ব নালাগে।

বৰদান:
সাধাৰণ কৰ্ম কৰিও উচ্চ স্থিতিত স্থিৰ হৈ থাকোঁতা সদায় ‘ডবল লাইট’ হোৱা

যেনেকৈ পিতাই সাধাৰণ দেহ ধাৰণ কৰে, যেনেকৈ তোমালোকে কোৱা তেনেকৈয়ে কয়, তেনেকৈয়ে চলে গতিকে কৰ্ম যদিও সাধাৰণ, কিন্তু স্থিতি উচ্চ হৈ থাকে। তেনেকৈ তোমালোক সন্তানসকলৰো স্থিতি সদায় উচ্চ হওঁক। ‘ডবল লাইট’ হৈ উচ্চ স্থিতিত স্থিৰ হৈ যিকোনো সাধাৰণ কৰ্ম কৰা। সদায় যাতে এইটোৱে স্মৃতিত থাকে যে অৱতৰিত হৈ অৱতাৰ লৈ শ্ৰেষ্ঠ কৰ্ম কৰিবলৈ আহিছোঁ। তেতিয়া সাধাৰণ কৰ্ম অলৌকিক কৰ্মলৈ পৰিৱৰ্তন হৈ যাব।

স্লোগান:
আত্মিক দৃষ্টি-বৃত্তিৰ অভ্যাস কৰোঁতাজনে পৱিত্ৰতা সহজে ধাৰণ কৰিব পাৰে।


শক্তিশালী মনেৰে শক্তিৰ প্ৰকম্পন দিয়াৰ সেৱা কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

যিমানে নিজক মনৰ সেৱাত ব্যস্ত কৰি থাকিবা সিমানে সহজে মায়াজিৎ হৈ যাবা। কেৱল নিজৰ প্ৰতি ভাবুক নহ’বা লগতে আনকো শুভ-ভাৱনা আৰু শুভ-কামনাৰ দ্বাৰা পৰিৱৰ্তন কৰাৰ সেৱা কৰা। ভাৱনা আৰু জ্ঞান, স্নেহ আৰু যোগ দুয়োটাৰে যাতে সন্তুলন থাকে। কল্যাণকাৰীতো হৈছা এতিয়া বেহদ বিশ্বৰ কল্যাণকাৰী হোৱা।