24.01.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – পিতাই তোমালোকক যি পাঠ পঢ়ায় সেয়া বুদ্ধিত ৰাখি সকলোকে পঢ়াব লাগে, প্ৰত্যেককে পিতাৰ আৰু সৃষ্টি চক্ৰৰ পৰিচয় দিব লাগে”

প্ৰশ্ন:
আত্মাই সত্যযুগতো ভূমিকা পালন কৰে আৰু কলিযুগতো কৰে কিন্তু পাৰ্থক্য কি?

উত্তৰ:
সত্যযুগত যেতিয়া ভূমিকা পালন কৰে তেতিয়া তাত কোনো পাপ কৰ্ম নহয়, প্ৰতিটো কৰ্ম তাত অকৰ্ম হৈ যায় কিয়নো ৰাৱণ নাই। আকৌ কলিযুগত যেতিয়া ভূমিকা পালন কৰে তেতিয়া প্ৰতিটো কৰ্ম বিকৰ্ম বা পাপ হৈ যায় কিয়নো ইয়াত বিকাৰ আছে। এতিয়া তোমালোক সংগমত আছা। তোমালোকৰ গোটেই জ্ঞান আছে।

ওঁম্শান্তি।
এতিয়া এয়াতো সন্তানসকলে জানে যে আমি বাবাৰ সন্মুখত বহি আছোঁ। বাবায়ো জানে - সন্তানসকল মোৰ সন্মুখত বহি আছে। এয়াও তোমালোকে জানা - পিতাই আমাক শিক্ষা দিয়ে, যি আকৌ আনকো দিব লাগে। পোন-প্ৰথমেতো পিতাৰহে পৰিচয় দিব লাগে কিয়নো সকলোৱে পিতাক আৰু পিতাৰ শিক্ষাক পাহৰি গৈছে। এতিয়া পিতাই যি পঢ়ায়, এই পঢ়া পুনৰ 5 হাজাৰ বছৰ পাছত পোৱা যাব। এই জ্ঞান আৰু অন্য কাৰো নাই। মুখ্য হ'ল পিতাৰ পৰিচয়। তাৰপাছত এইটোও বুজাব লাগে যে আমি সকলো ভাই ভাই হওঁ। গোটেই সৃষ্টিৰ যিমানবোৰ আত্মা আছে, সকলো পৰস্পৰ ভাই ভাই। সকলোৱে নিজৰ প্ৰাপ্ত ভূমিকা এই শৰীৰৰ দ্বাৰা পালন কৰে। এতিয়াতো পিতা আহিছে নতুন সৃষ্টিলৈ লৈ যাবৰ বাবে, যাক স্বৰ্গ বুলি কোৱা হয়। কিন্তু আমি সকলো ভাই পতিত, এগৰাকীও পাৱন নহয়। সকলো পতিতক পাৱন কৰি তোলোঁতা হয়েই এজন পিতা। এইখন হয়েই পতিত, বিকাৰী, ভ্ৰষ্টাচাৰী ৰাৱণৰ সৃষ্টি। ৰাৱণৰ অৰ্থই হৈছে 5 বিকাৰ স্ত্ৰীৰ মাজত, 5 বিকাৰ পুৰুষৰ মাজত। বাবাই বহুত সৰল ৰীতিৰে বুজায়। তোমালোকেও এনেদৰে বুজাব পাৰা। গতিকে প্ৰথমে এইটো বুজোৱা যে আমাৰ অৰ্থাৎ আত্মাসকলৰ তেওঁ পিতা হয়। আমি সকলো ভাই ভাই। সোধা যে এইটো ঠিক হয়নে? লিখা - আমি সকলো ভাই ভাই। আমাৰ পিতাও এজন, আমাৰ সকলো আত্মাৰ তেওঁ হ'ল পৰম আত্মা, তেওঁক পিতা বুলি কোৱা হয়। এইটো দৃঢ়ভাৱে বুদ্ধিত ধাৰণ কৰা তেতিয়া সৰ্বব্যাপী আদি ভুল ধাৰণা আগতেই আঁতৰি যাব। ‘অল্ফ’ৰ (পিতাৰ) বিষয়ে প্ৰথমে পঢ়িব লাগে। কোৱা, এয়া ভালদৰে বহি লিখক। আগতে সৰ্বব্যাপী বুলি কৈছিলো, এতিয়া বুজিছোঁ যে সৰ্বব্যাপী নহয়। আমি সকলো ভাই ভাই, সকলো আত্মাই কয় – গড্ ফাদাৰ, পৰমপিতা। প্ৰথমেতো এইটো নিশ্চয়তা জন্মাব লাগে যে আমি আত্মা, পৰমাত্মা নহয়। আমাৰ মাজত পৰমাত্মা ব্যাপক হৈ থকা নাই। সকলোতে আত্মা ব্যাপক হৈ আছে। আত্মাই শৰীৰৰ আধাৰত ভূমিকা পালন কৰে, এইটো দৃঢ় কৰোৱা। বাৰু, আকৌ সেই পিতাই সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞানো শুনায়, অন্যতো কোনেও নাজানে যে এই সৃষ্টি চক্ৰৰ বয়স কিমান। পিতাইহে শিক্ষকৰ ৰূপত বহি বুজায়। লাখ লাখ বছৰৰতো কথাই নাই। এই চক্ৰ অনাদি, সঠিক পূৰ্ব নিৰ্ধাৰিত, এইটো জানিব লাগে। সত্যযুগ-ত্ৰেতা অতীত হ'ল, টুকি ৰাখা। তাক যথাক্ৰমে কোৱা হয় স্বৰ্গ আৰু অৰ্দ্ধ স্বৰ্গ। য'ত দেৱী-দেৱতাসকলৰ ৰাজত্ব চলে, তেওঁলোকৰ 16 কলা, তেওঁলোকৰ 14 কলা। লাহে লাহে কলা কমি যায়। সৃষ্টি পুৰণিতো নিশ্চয় হ'ব নহয়। সত্যযুগৰ প্ৰভাৱ বহুত বেছি। নামেই হৈছে স্বৰ্গ, হেভেন, নতুন সৃষ্টি.... তাৰেই মহিমা কৰিব লাগে। নতুন সৃষ্টিত হয়েই এক আদি সনাতন দেৱী-দেৱতা ধৰ্ম। প্ৰথমে পিতাৰ পৰিচয় তাৰপাছত চক্ৰৰ পৰিচয় দিয়া হয়। চিত্ৰও তোমালোকৰ লগত আছে – নিশ্চয়তা জন্মাবলৈ। এই সৃষ্টিৰ চক্ৰ ঘূৰি থাকে। সত্যযুগত লক্ষ্মী-নাৰায়ণৰ ৰাজত্ব আছিল, ত্ৰেতাত ৰাম-সীতাৰ। এয়া হ'ল আধাকল্প, দুটা যুগ অতীত হ'ল তাৰপাছত আহে দ্বাপৰ-কলিযুগ। দ্বাপৰত ৰাৱণৰাজ্য। দেৱতাসকল বাম (বিকাৰী) মাৰ্গত গুচি যায় তেতিয়া বিকাৰৰ শৃংখলা আৰম্ভ হৈ যায়। সত্যযুগ-ত্ৰেতাত সকলো নিৰ্বিকাৰী হৈ থাকে। এক আদি সনাতন দেৱী-দেৱতা ধৰ্ম থাকে। চিত্ৰও দেখুৱাব লাগে, মৌখিকভাৱেও বুজাব লাগে। পিতাই আমাক শিক্ষক হৈ এনেকৈ পঢ়ায়। পিতাই নিজৰ পৰিচয় স্বয়ং আহি দিয়ে। নিজেই কয় - মই আহোঁ পতিতক পাৱন কৰি তুলিবলৈ সেয়েহে মোক শৰীৰ নিশ্চয় লাগে। নহ'লে কথা কেনেকৈ পাতিম। মই চৈতন্য, সত্য আৰু অমৰ। আত্মা সতো, ৰজো, তমোত আহে। আত্মাহে পাৱন আৰু পতিত হয় সেইবাবে কোৱা হয় পতিত আত্মা, পাৱন আত্মা। আত্মাতেই সকলো সংস্কাৰ আছে। অতীতৰ কৰ্ম বা বিকৰ্মৰ সংস্কাৰ আত্মাই লৈ আহে। সত্যযুগত বিকৰ্ম নহয়েই। কৰ্ম কৰে, ভূমিকা পালন কৰে কিন্তু সেই কৰ্ম অকৰ্ম হৈ যায়। গীতাতো সেয়া লিখা আছে, এতিয়া তোমালোকে বাস্তৱত বুজি আছা। জানা যে বাবা আহিছে পুৰণি সৃষ্টিৰ পৰিৱৰ্তন কৰিবলৈ, নতুন সৃষ্টি গঢ়িবলৈ। য'ত কৰ্ম অকৰ্ম হৈ যায় তাকেই সত্যযুগ বুলি কোৱা হয় আকৌ য'ত সকলো কৰ্ম, বিকৰ্ম হয় তাক কলিযুগ বুলি কোৱা হয়। তোমালোক এতিয়া সংগমত আছা। বাবাই দুয়োফালৰ কথা বুজায়। সত্যযুগ-ত্ৰেতাতো হৈছে পৱিত্ৰ সৃষ্টি, তাত কোনো পাপ নহয়। যেতিয়া ৰাৱণৰাজ্য আৰম্ভ হয় তেতিয়াহে পাপ হয়। তাত বিকাৰৰ নাম নাথাকে। চিত্ৰতো সন্মুখত আছে ৰামৰাজ্য আৰু ৰাৱণৰাজ্য। পিতাই বুজায় - এয়া হৈছে পঢ়া। পিতাৰ বাহিৰে অন্য কোনেও নাজানে। এই পঢ়াতো তোমালোকৰ বুদ্ধিত থাকিব লাগে, পিতাও স্মৃতিলৈ আহে, চক্ৰও বুদ্ধিত আহি যায়। চেকেণ্ডত সকলো স্মৃতিলৈ আহি যায়। বৰ্ণনা কৰিবলৈ সময় লাগে। ইয়াৰ তিনিটা আধাৰ আছে। বৃক্ষ এনেকুৱা হয়, বীজ আৰু বৃক্ষ চেকেণ্ডত স্মৃতিলৈ আহি যাব। এইটো বীজ অমুক বৃক্ষৰ, ইয়াৰ পৰা এনেকুৱা ফল ওলায়। এয়া বেহদৰ মনুষ্য সৃষ্টিৰূপী বৃক্ষ কেনেকুৱা, ইয়াৰ ৰহস্য তোমালোকে বুজোৱা। সন্তানসকলক সকলোখিনি বুজোৱা হৈছে - আধাকল্প ৰাজবংশ কেনেকৈ চলে আকৌ ৰাৱণৰাজ্য হয় গতিকে যিসকল সত্যযুগ-ত্ৰেতাবাসী, তেওঁলোকেই দ্বাপৰবাসী হয়গৈ। বৃক্ষৰ বৃদ্ধি হৈ গৈ থাকে। আধাকল্পৰ পাছত ৰাৱণৰাজ্য হয়, বিকাৰী হৈ যায়। পিতাৰ পৰা যি উত্তৰাধিকাৰ পালে সেয়া আধাকল্প চলিল। জ্ঞান শুনাই উত্তৰাধিকাৰ দিলে, সেই প্ৰালব্ধ ভোগ কৰিলে অৰ্থাৎ সত্যযুগ-ত্ৰেতাত সুখ পালে। তাক সুখধাম, সত্যযুগ বুলি কোৱা হয়। তাত দুখ নহয়েই। কিমান সৰলকৈ বুজায়। এজনক বুজোৱা নে বহুতক বুজোৱা - তেন্তে এনেকৈ মনোযোগ দিব লাগে, বুজি পায়, ‘হয় হয়’ বুলি কয়নে? কোৱা টুকি গৈ থাকা। কোনো শংকা থাকিলে সুধিবা। যি কথা কোনেও নাজানে সেয়া আমি বুজাওঁ। আপোনালোকে একোৱেই নাজানে, তেন্তে কি সুধিব?

বাবাইতো এই বেহদৰ বৃক্ষৰ ৰহস্য বুজায়। এই জ্ঞান এতিয়া তোমালোকে বুজি পোৱা। পিতাই বুজাইছে তোমালোক 84ৰ চক্ৰত কেনেকৈ আহা। এয়া ভালদৰে টুকি ৰাখা পাছত ইয়াৰ ওপৰত বিচাৰ কৰিব লাগে। যেনেকৈ শিক্ষকে ৰচনা দিয়ে পাছত ঘৰলৈ গৈ পুনৰীক্ষণ কৰি আহে নহয়। তোমালোকেও এই জ্ঞান দিয়া পাছত চোৱা কি হয়। খবৰ লৈ থাকা। প্ৰতিটো কথা ভালদৰে বুজোৱা। পিতা-শিক্ষকৰ কৰ্তব্যৰ বিষয়ে বুজাই তাৰপাছত গুৰুৰ বিষয়ে বুজোৱা। তেওঁক আহ্বানেই জনাইছা যে আহি আমাক পতিতসকলক পাৱন কৰি তোলক। আত্মা পাৱন হ’লে তেতিয়া শৰীৰো পাৱন পায়। যেনেকুৱা সোণ তেনেকুৰা অলংকাৰ হয়। 24 কেৰেটৰ সোণ ল'লে, খাদ (অন্য ধাতু) মিহলি নকৰিলে তেতিয়া অলংকাৰো তেনেকুৱা সতোপ্ৰধান হ'ব। খাদ মিহলি কৰা বাবে তমোপ্ৰধান হৈ হৈছে। প্ৰথমে ভাৰত 24 কেৰেট বিশুদ্ধ সোণৰ চৰাই আছিল অৰ্থাৎ সতোপ্ৰধান নতুন সৃষ্টি আছিল পাছত তমোপ্ৰধান হ'ল। এয়া পিতাইহে বুজায়, অন্য কোনো মনুষ্য গুৰুসকলে নাজানে। আহ্বান জনায় যে আহি পাৱন কৰি তোলক। সেয়াতো গুৰুৰ কাম। বানপ্ৰস্থ অৱস্থাত মনুষ্যই গুৰুৰ শৰণ লয়। বাণীৰ উৰ্দ্ধৰ স্থানতো হ'ল নিৰাকাৰ সৃষ্টি, য'ত আত্মাসকল থাকে। এয়া হ'ল সাকাৰ সৃষ্টি। এয়া হৈছে দুয়োৰে মিলন। তাততো শৰীৰ নাথাকে। তাত কোনো কৰ্ম নহয়। পিতাৰতো গোটেই জ্ঞান আছে। ড্ৰামাৰ পৰিকল্পনা অনুসৰি তেওঁক কোৱাই হয় জ্ঞানৱান। তেওঁ চৈতন্য সত্য-চৈতন্য-আনন্দ স্বৰূপ হোৱাৰ বাবে তেওঁক জ্ঞানৱান বুলি কোৱা হয়। আহ্বানো জনায় হে পতিত-পাৱন, জ্ঞানৱান শিৱবাবা, তেওঁৰ নাম সদায় ‘শিৱ’ই হয়। বাকী আত্মাসকল সকলো আহে ভূমিকা পালন কৰিবলৈ। সেয়েহে ভিন্ন ভিন্ন নাম ধাৰণ কৰে। পিতাক আহ্বান জনায় কিন্তু তেওঁলোকৰ একো বোধ নাথাকে। নিশ্চয় ভাগ্যশালী ৰথো থাকিব, য'ত পিতাই প্ৰৱেশ কৰি তোমালোকক পৱিত্ৰ সৃষ্টিলৈ লৈ যাব। সেয়েহে পিতাই বুজায় - মৰমৰ সন্তানসকল, মই তেওঁৰ শৰীৰত আহোঁ যি বহুত জন্মৰ অন্তত আছে, সম্পূৰ্ণ 84 জন্ম লয়। ভাগ্যশালী ৰথত আহিবলগীয়া হয়। প্ৰথম নম্বৰততো হৈছে শ্ৰীকৃষ্ণ। তেওঁ হৈছে নতুন সৃষ্টিৰ মালিক। আকৌ তেৱেঁই অৱনমিত হয়। সোণালীৰ পৰা ৰূপালী, তাম্ৰ, লৌহযুগত আহি উপনীত হয়। এতিয়া আকৌ তোমালোক লৌহৰ পৰা সোণালী হৈ আছা। পিতাই কয় - কেৱল মোক নিজৰ পিতাক স্মৰণ কৰা। যাৰ শৰীৰত প্ৰৱেশ কৰিলোঁ তেওঁৰ (ব্ৰহ্মাৰ) আত্মাততো অলপমানো জ্ঞান নাছিল। তেওঁৰ শৰীৰত প্ৰৱেশ কৰোঁ সেয়েহে তেওঁক ভাগ্যশালী ৰথ বুলি কোৱা হয়। নহ'লেতো সকলোতকৈ উচ্চতো এই লক্ষ্মী-নাৰায়ণ হয়, এওঁলোকৰ শৰীৰত প্ৰৱেশ কৰিব লাগে। কিন্তু তেওঁলোকৰ শৰীৰত পৰমাত্মা প্ৰৱেশ নকৰে সেইবাবে তেওঁলোকক ভাগ্যশালী ৰথ বুলি কোৱা নহয়। ৰথত আহি পতিতসকলক পাৱন কৰি তুলিব লাগে, তেন্তে নিশ্চয় কলিযুগী তমোপ্ৰধান হ’ব নহয়। নিজেই কয় - মই বহুত জন্মৰ অন্তত আহোঁ। গীতাতো সঠিক শব্দ আছে। গীতাকেই সৰ্বশাস্ত্ৰৰ শিৰোমণি বুলি কোৱা হয়। এই সংগমযুগতেই পিতা আহি ব্ৰাহ্মণ কুল আৰু দেৱতা কুল প্ৰতিষ্ঠা কৰে। বহুত জন্মৰ অন্তত অৰ্থাৎ সংগমযুগতহে পিতা আহে। পিতাই কয় - মই বীজৰূপ হওঁ। শ্ৰীকৃষ্ণতো হৈছে সত্যযুগ নিবাসী। তেওঁক অন্য স্থানততো (যুগততো) কোনেও দেখা পাব নোৱাৰে। পুনৰ্জন্মততো নাম, ৰূপ, দেশ, কাল সকলো সলনি হৈ যায়। চাৰিত্ৰিক বৈশিষ্ট্যই সলনি হৈ যায়। প্ৰথমতে কনমানি শিশু সুন্দৰ হয় তাৰপাছত ডাঙৰ হয় তেওঁ আকৌ শৰীৰ ত্যাগ কৰি অন্য সৰু শৰীৰ লয় (শিশু হয়)। এই ৰচি থোৱা খেলখন ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। অন্য শৰীৰ ল'লে তেতিয়া তেওঁক শ্ৰীকৃষ্ণ বুলি নক’ব। সেই অন্য শৰীৰৰ নাম আদি বেলেগ হ'ব। সময়, চাৰিত্ৰিক বৈশিষ্ট্য, তিথি-তাৰিখ আদি সকলো সলনি হৈ যায়। বিশ্বৰ ইতিহাস-ভূগোল হুবহু পুনৰাবৃত্তি হয় বুলি কোৱা হয়। গতিকে এই ড্ৰামাখন পুনৰাবৃত্তি হৈ থাকে। সতো, ৰজো, তমোত আহিবই লাগে। সৃষ্টিৰ নাম, যুগৰ নাম সকলো সলনি হৈ থাকে। এতিয়া এয়া হৈছে সংগমযুগ। মই আহোঁৱেই সংগমত। মই তোমালোকক গোটেই বিশ্বৰ সত্য ইতিহাস-ভূগোল শুনাওঁ। আদিৰ পৰা অন্তলৈকে অন্য কোনেও নাজানেই। সত্যযুগৰ আয়ুস কিমান আছিল, এয়া নজনাৰ বাবে লাখ লাখ বছৰ বুলি কৈ দিয়ে। এতিয়া তোমালোকৰ বুদ্ধিত সকলো কথা আছে। তোমালোকে ভিতৰি এইটো দৃঢ় কৰিব লাগে যে পিতা, পিতা-শিক্ষক-সৎগুৰু হয়, যিজনে পুনৰাই সতোপ্ৰধান হ'বলৈ বহুত ভাল যুক্তি (উপায়) শুনায়। গীতাতো আছে দেহ সহিত দেহৰ সকলো ধৰ্ম এৰি নিজক আত্মা বুলি বুজা। নিজৰ ঘৰলৈ নিশ্চয় উভতি যাব লাগে। ভক্তিমাৰ্গত ভগৱানৰ ওচৰলৈ যাবৰ কাৰণে কিমান পৰিশ্ৰম কৰে। সেয়া হৈছে মুক্তিধাম, কৰ্মৰ পৰা মুক্ত। আমি নিৰাকাৰ লোকত গৈ বহোঁ। ভাৱৰীয়া ঘৰলৈ গ'ল তেন্তে ভূমিকা পালন কৰাৰ পৰা মুক্ত হ'ল। সকলোৱে বিচাৰে আমি যেন মুক্তি পাওঁ। মোক্ষতো কোনেও পাব নোৱাৰে। এই ড্ৰামাখন অনাদি-অবিনাশী। কোনোৱে কয় এই অহা-যোৱাৰ ভূমিকা আমাৰ পচন্দ নহয়, কিন্তু এইক্ষেত্ৰত একো কৰিব নোৱাৰে। এইখন অনাদি ড্ৰামা ৰচি থোৱা আছে। কোনেও মোক্ষ পাব নোৱাৰে। সেই সকলোবিলাক হ'ল অনেক প্ৰকাৰৰ মনুষ্য মত। এয়া হৈছে শ্ৰীমত, শ্ৰেষ্ঠ কৰি তোলাৰ। মনুষ্যক শ্ৰেষ্ঠ বুলি কোৱা নহয়। দেৱতাসকলক শ্ৰেষ্ঠ বুলি কোৱা হয়। তেওঁলোকৰ আগত সকলো নতশিৰ হয়। তেন্তে তেওঁলোক শ্ৰেষ্ঠ নহ'ল জানো। শ্ৰীকৃষ্ণ হৈছে দেৱতা বৈকুণ্ঠৰ ৰাজকুমাৰ। তেওঁ ইয়ালৈ কেনেকৈ আহিব। তেওঁ গীতাও শুনোৱা নাই। শিৱৰ আগত গৈ কয় - আমাক মুক্তি দিয়া। তেওঁতো কেতিয়াও জীৱনমুক্তি, জীৱনবন্ধনত নাহেই সেইবাবে তেওঁক আহ্বান জনায় যে মুক্তি দিয়ক। জীৱনমুক্তিও তেওঁ দিয়ে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) আমি সকলো আত্মাৰূপত ভাই ভাই হওঁ, এইটো পাঠ দৃঢ় কৰিব আৰু কৰাব লাগে। নিজৰ সংস্কাৰ স্মৃতিৰ দ্বাৰা সম্পূৰ্ণ পাৱন কৰি তুলিব লাগে।

(2) 24 কেৰেট বিশুদ্ধ সোণ (সতোপ্ৰধান) হ'বৰ বাবে কৰ্ম-অকৰ্ম-বিকৰ্মৰ গূঢ় গতি বুদ্ধিত ৰাখি এতিয়া কোনো বিকৰ্ম কৰিব নালাগে।

বৰদান:
ভীতিগ্ৰস্ত হোৱাৰ নৃত্য এৰি সদায় আনন্দৰ নৃত্য কৰোঁতা, মাষ্টৰ জ্ঞানৱান হোৱা

যিসকল সন্তান মাষ্টৰ জ্ঞানৱান তেওঁলোকে কেতিয়াও ভীতিগ্ৰস্ত হোৱাৰ নৃত্য নকৰে। ছেকেণ্ডত ছিৰি তললৈ, ছেকেণ্ডত ওপৰলৈ — এতিয়া এইটো সংস্কাৰ পৰিৱৰ্তন কৰা তেতিয়া বহুত বেগেৰে আগবাঢ়ি যাবা। কেৱল প্ৰাপ্ত ক্ষমতা, জ্ঞান আৰু পৰিয়ালৰ সহযোগিতা ব্যৱহাৰ কৰা, পিতাৰ হাতত হাত দি আগবাঢ়ি গৈ থাকিলে তেতিয়া সদায় আনন্দৰ নৃত্য কৰি থাকিবা, ভীতিগ্ৰস্ত হোৱাৰ নৃত্য হ’ব নোৱাৰে। কিন্তু যেতিয়া মায়াৰ হাত ধৰি লোৱা তেতিয়া সেই নৃত্য হয়।

স্লোগান:
যাৰ সংকল্প আৰু কৰ্ম মহান, তেৱেঁই মাষ্টৰ সৰ্বশক্তিমান।


অব্যক্ত ইংগিত: এই অব্যক্ত মাহত বন্ধনমুক্ত হৈ থাকি জীৱনমুক্ত স্থিতিৰ অনুভৱ কৰা

মাষ্টৰ ত্ৰিকালদৰ্শী হৈ প্ৰতিটো কৰ্ম, প্ৰতিটো সংকল্প কৰা বা বাক্য উচ্চাৰণ কৰা তেতিয়া কোনো কৰ্ম ব্যর্থ বা অনর্থ হ’ব নোৱাৰে। ত্ৰিকালদৰ্শী অৰ্থাৎ সাক্ষীবোধৰ স্থিতিত স্থিৰ হৈ থাকি এই কৰ্মেন্দ্ৰিয়সমূহৰ দ্বাৰা কৰ্ম কৰিলে তেতিয়া কৰ্মৰ বশীভূত নোহোৱা। সদায় কৰ্ম আৰু কৰ্মৰ বন্ধনৰ পৰা মুক্ত হৈ, নিজৰ উচ্চ স্থান প্ৰাপ্ত কৰি ল’বা।