24.02.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোকে নিজৰ জীৱনৰ যোগসূত্ৰ এজন পিতাৰ সৈতে গঢ়িছা, তোমালোকৰ সম্পৰ্ক এজনৰ সৈতে,
এজনৰ প্ৰতিহে দায়িত্ব পালন কৰিব লাগে”
প্ৰশ্ন:
সংগমযুগত
আত্মাই নিজৰ যোগসুত্ৰ পৰমাত্মাৰ সৈতে গঢ়ি তোলে, তাৰ প্ৰথা অজ্ঞান কালত কোনটো ৰীতিৰে
চলি আহিছে?
উত্তৰ:
বিয়াৰ সময়ত স্ত্ৰীৰ আঁচল পতিৰ সৈতে বান্ধে। স্ত্ৰীয়ে বুজে গোটেই জীৱন তেওঁৰে সংগী
হৈ থাকিব লাগিব। তোমালোকেতো এতিয়া নিজৰ আঁচল পিতাৰ সৈতে বান্ধিলা। তোমালোকে জানা
আমাৰ প্ৰতিপালন আধাকল্পৰ বাবে পিতাৰ দ্বাৰা হ'ব।
গীত:
জীৱন ডোৰ
তুম্হী সংগ বান্ধী….. (জীৱনৰ যোগসূত্ৰ তোমাৰ সৈতে গঢ়িলোঁ….)
ওঁম্শান্তি।
চোৱা, গীতত কয়
জীৱনৰ যোগসূত্ৰ তোমাৰ সৈতে গঢ়িলোঁ। যেনেকৈ কন্যাই নিজৰ জীৱনৰ যোগসূত্ৰ পতিৰ সৈতে গঢ়ে।
এনেকৈ বুজি লয় যে গোটেই জীৱন তেওঁৰেই সঙ্গী হৈ থাকিব লাগিব। তেওঁকহে প্ৰতিপালন কৰিব
লাগিব। এনেকুৱা নহয় যে কন্যাক তেওঁ প্ৰতিপালন কৰিব লাগে। নহয়, গোটেই জীৱন তেওঁৰ
প্ৰতিপালন কৰিব লাগে। তোমালোক সন্তানসকলেও জীৱনৰ যোগসূত্ৰ গঢ়িলা। বেহদৰ পিতা বুলি
কোৱা, শিক্ষক বুলি কোৱা, গুৰু বুলি কোৱা যি বুলিয়েই কোৱা…….. এয়া আত্মাসকলৰ জীৱনৰ
যোগসূত্ৰ পৰমাত্মাৰ সৈতে গঢ়ি তোলাৰ কথা। সেয়া হৈছে হদৰ স্থূল কথা, এয়া হৈছে সূক্ষ্ম
কথা। কন্যাৰ জীৱনৰ যোগসূত্ৰ পতিৰ সৈতে গঢ়ি তোলা হয়। তেওঁ (কন্যা) তেওঁৰ (পতিৰ) ঘৰলৈ
যায়। চোৱা, প্ৰতিটো কথা বুজিবলৈ বুদ্ধি লাগে। কলিযুগত হৈছে সকলো আসুৰিক মতৰ কথা।
তোমালোকে জানা আমি জীৱনৰ যোগসূত্ৰ এজনৰ সৈতে গঢ়িলোঁ। তোমালোকৰ সম্পৰ্ক এজনৰ লগত।
এজনৰ প্ৰতিয়ে দায়িত্ব পালন কৰিব লাগে কিয়নো তেওঁৰ পৰা আমি বহুত ভাল সুখ পাওঁ। তেওঁতো
আমাক স্বৰ্গৰ মালিক কৰি তোলে। সেয়েহে এনেহেন পিতাৰ শ্ৰীমতত চলিব লাগে। এয়া হৈছে
আত্মিক যোগসূত্ৰ । আত্মাইহে শ্ৰীমত লয়। আসুৰিক মত লোৱা বাবেতো অধঃপতিত হ’ল। এতিয়া
আত্মিক পিতাৰ শ্ৰীমতত চলিব লাগে।
তোমালোকে জানা আমি
নিজ আত্মাৰ যোগসূত্ৰ পৰমাত্মাৰ সৈতে গঢ়িলোঁ, গতিকে আমি তেওঁৰ পৰা 21 জন্ম সৰ্বদা
সুখৰ উত্তৰাধিকাৰ পাওঁ। সেই অল্পকালৰ জীৱনৰ যোগসূত্ৰৰেতো অধঃপতিত হৈ আহিছা। এয়া 21
জন্মৰ বাবে নিশ্চয়তা আছে। তোমালোকৰ উপাৰ্জন কিমান শ্ৰেষ্ঠ, এই ক্ষেত্ৰত গাফিলতি
কৰিব নালাগে। মায়াই বহুত গাফিলতি কৰায়। এই লক্ষ্মী-নাৰায়ণে নিশ্চয় কাৰোবাৰ সৈতে
জীৱনৰ যোগসূত্ৰ গঢ়িলে যাৰ ফলত 21 জন্মৰ বাবে উত্তৰাধিকাৰ পালে। তোমালোক আত্মাসকলৰ
কল্পই কল্পই পৰমাত্মাৰ সৈতে জীৱনৰ যোগসূত্ৰ গঢ়ি তোলা হয়। ইয়াৰতো কোনো হিচাপ নাই।
বুদ্ধিত ধাৰণ হয় - আমি শিৱবাবাৰ হৈছোঁ, তেওঁৰ সৈতে জীৱনৰ যোগসূত্ৰ গঢ়িলোঁ। প্ৰতিটো
কথা পিতাই বহি বুজায়। তোমালোকে জানা কল্প পূৰ্বেও গঢ়িছিল। এতিয়া শিৱ জয়ন্তী পালন কৰে
কিন্তু কাৰ পালন কৰে, এইটো নাজানে। শিৱবাবা যি পতিত-পাৱন হয় তেওঁ নিশ্চয় সংগমতহে
আহিব। এয়া তোমালোকে জানা, জগতে নাজানে সেইকাৰণে গায়ন আছে কোটিৰ ভিতৰত কোনোবা। আদি
সনাতন দেৱী-দেৱতা ধৰ্ম প্ৰায় লোপ হৈ গ'ল বাকী সকলো শাস্ত্ৰ কাহিনী আদি আছে। এইটো
ধৰ্ম নায়েই গতিকে জানিব কেনেকৈ। এতিয়া তোমালোকে জীৱনৰ যোগসূত্ৰ গঢ়ি আছা। আত্মাসকলৰ
পৰমাত্মাৰ সৈতে যোগসূত্ৰ গঢ়ি উঠিছে, এই ক্ষেত্ৰত শৰীৰৰ কোনো কথা নাই। লাগিলে ঘৰতে
বহি থাকা, বুদ্ধিৰে স্মৰণ কৰিব লাগে। তোমালোক আত্মাসকলৰ জীৱনৰ যোগসূত্ৰ গঢ়া হৈছে।
আঁচল বান্ধে নহয়। সেয়া হৈছে স্থূল আঁচল, এয়া হৈছে আত্মাসকলৰ পৰমাত্মাৰ লগত যোগ।
ভাৰতত শিৱ জয়ন্তীও পালন কৰে কিন্তু তেওঁ কেতিয়া আহিছিল, এইটো কোনেও গম নাপায়।
শ্ৰীকৃষ্ণৰ জয়ন্তী কেতিয়া, ৰামৰ জয়ন্তী কেতিয়া, এইটো নাজানে। সন্তানসকল তোমালোকে
“ত্ৰিমূৰ্তি শিৱ জয়ন্তী” বুলি লিখা কিন্তু এই সময়ত তিনিটা মূৰ্তিতো নাই। তোমালোকে
ক'বা শিৱবাবাই ব্ৰহ্মাৰ দ্বাৰা সৃষ্টি ৰচনা কৰে তেন্তে ব্ৰহ্মাক সাকাৰত নিশ্চয় লাগে
নহয়। বাকী বিষ্ণু আৰু শংকৰ এই সময়ত ক'ত আছে, যাক তোমালোকে ত্ৰিমূৰ্তি বুলি কোৱা। এয়া
অতিকৈ বুজিবলগীয়া কথা। ত্ৰিমূৰ্তিৰ অৰ্থই হৈছে ব্ৰহ্মা-বিষ্ণু-শংকৰ। ব্ৰহ্মাৰ দ্বাৰা
স্থাপনা সেয়াতো এই সময়ত হয়। বিষ্ণুৰ দ্বাৰা সত্যযুগত প্ৰতিপালন হ'ব। বিনাশৰ কাৰ্য
অন্তিমত হ’ব। ভাৰতৰ এই আদি সনাতন দেৱী-দেৱতা ধৰ্ম এটাই। তেওঁলোকতো সকলো আহে ধৰ্ম
প্ৰতিষ্ঠা কৰিবলৈ। প্ৰত্যেকেই জানে এইটো ধৰ্ম প্ৰতিষ্ঠা কৰিলে আৰু ইয়াৰ চন এইটো।
অমুক সময়ত অমুক ধৰ্ম প্ৰতিষ্ঠা কৰিলে। ভাৰতৰ বিষয়ে কোনেও নাজানে। গীতা জয়ন্তী, শিৱ
জয়ন্তী কেতিয়া হ'ল, কোনেও নাজানে। শ্ৰীকৃষ্ণ আৰু ৰাধাৰ বয়সৰো 3-4 বছৰৰ পাৰ্থক্য
থাকিব। সত্যযুগত নিশ্চয় প্ৰথমে শ্ৰীকৃষ্ণই জন্ম লৈছিল পাছত ৰাধাই। কিন্তু সত্যযুগ
কেতিয়া আছিল, এইটো কোনেও নাজানে। তোমালোকৰো বুজিবলৈ বহুত বছৰ লাগিল, গতিকে দুদিনত
কোনোবাই কিমানলৈকে বুজিব। পিতাইতো বহুত সহজকৈ শুনায়, তেওঁ হৈছে বেহদৰ পিতা নিশ্চয়
তেওঁৰ পৰা সকলোৱে উত্তৰাধিকাৰ পাব লাগে নহয়। “হে ঈশ্বৰ পিতা” বুলি কৈ স্মৰণ কৰে।
লক্ষ্মী-নাৰায়ণৰ মন্দিৰ আছে। এওঁলোকে স্বৰ্গত ৰাজত্ব কৰিছিল কিন্তু এওঁলোকক এই
উত্তৰাধিকাৰ কোনে দিলে? নিশ্চয় স্বৰ্গৰ ৰচয়িতাই দিছিল। কিন্তু কেতিয়া কেনেকৈ দিলে,
সেয়া কোনেও নাজানে। তোমালোক সন্তানসকলে জানা যেতিয়া সত্যযুগ আছিল অন্য কোনো ধৰ্ম
নাছিল। সত্যযুগত আমি পৱিত্ৰ আছিলোঁ, কলিযুগত আমি পতিত। গতিকে নিশ্চয় সংগমত জ্ঞান
দিছিল, সত্যযুগত দিয়া নাছিল। তাততো হৈছে প্ৰালব্ধ। নিশ্চয় পূৰ্বৰ জন্মত জ্ঞান লৈছিল।
তোমালোকেও এতিয়া লৈ আছা। তোমালোকে জানা আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ প্ৰতিষ্ঠা
পিতাইহে কৰিব। শ্ৰীকৃষ্ণতো সত্যযুগত আছিল, তেওঁ এই প্ৰালব্ধ ক'ৰ পৰা পালে?
লক্ষ্মী-নাৰায়ণেই ৰাধা-কৃষ্ণ আছিল, এইটো কোনেও নাজানে। পিতাই কয় - যিসকলে কল্প
পূৰ্বে বুজিছিল তেওঁলোকেই বুজিব। এয়া পুলি ৰোপণ কৰা হয়। আটাইতকৈ মিঠা গছৰ পুলি ৰোপণ
কৰা হয়। তোমালোকে জানা আজিৰ পৰা 5 হাজাৰ বছৰ পূৰ্বেও পিতা আহি মনুষ্যৰ পৰা দেৱতা কৰি
তুলিছিল। এতিয়া তোমালোক স্থানান্তৰ হৈ আছা। প্ৰথমে ব্ৰাহ্মণ হ'ব লাগে । লুটিবাগৰ মৰা
খেলে তেন্তে টিকনি (উচ্চতম অৱস্থা) নিশ্চয় আহিব। যথাযথ আমি এতিয়া ব্ৰাহ্মণ হৈছোঁ।
যজ্ঞততো নিশ্চয় ব্ৰাহ্মণ লাগে। এয়া হৈছে শিৱ বা ৰুদ্ৰৰ যজ্ঞ। “ৰুদ্ৰ জ্ঞান যজ্ঞ”
বুলিয়ে কোৱা হয়। শ্ৰীকৃষ্ণই যজ্ঞ ৰচা নাই। এই ৰুদ্ৰ জ্ঞান যজ্ঞৰ পৰা বিনাশ জ্বালা
প্ৰজ্জ্বলিত হয়। এয়া শিৱবাবাৰ যজ্ঞ পতিতক পাৱন কৰি তুলিবৰ কাৰণে। ৰুদ্ৰ শিৱবাবা হৈছে
নিৰাকাৰ, তেওঁ যজ্ঞ কেনেকৈ ৰচে। যেতিয়ালৈকে মনুষ্যৰ শৰীৰত প্ৰৱেশ নকৰে। মনুষ্যইহে
যজ্ঞ ৰচনা কৰে। সূক্ষ্ম বা মূললোকত এই কথাবোৰ হ'ব নোৱাৰে। পিতাই বুজায় এয়া হৈছে
সংগমযুগ। যেতিয়া লক্ষ্মী-নাৰায়ণৰ ৰাজত্ব আছিল তেতিয়া সত্যযুগ আছিল। এতিয়া পুনৰ
তোমালোক এয়া হৈ আছা। আত্মাসকলৰ এই জীৱনৰ যোগসূত্ৰ পৰমাত্মাৰ সৈতে। এই যোগসূত্ৰ কিয়
গঢ়িছা? সদায় সুখৰ উত্তৰাধিকাৰ পাবৰ কাৰণে। তোমালোকে জানা বেহদৰ পিতাৰ দ্বাৰা আমি এই
লক্ষ্মী-নাৰায়ণ হওঁ। পিতাই বুজাইছে - তোমালোকো সেই দেৱী-দেৱতা ধৰ্মৰ আছিলা।
তোমালোকৰ ৰাজত্ব আছিল। পাছত তোমালোকে পুনৰ্জন্ম লৈ লৈ ক্ষত্ৰিয় ধৰ্মত আহিলা।
সূৰ্যবংশীৰ ৰাজত্ব শেষ হৈ আকৌ চন্দ্ৰবংশী আহিল। তোমালোকে গম পোৱা আমি এই চক্ৰ কেনেকৈ
পৰিক্ৰমা লগাওঁ। ইমান ইমান জন্ম ল’লা। ভগৱানুবাচ - হে সন্তানসকল, তোমালোকে নিজৰ
জন্মৰ বিষয়ে নাজানা, মই জানোঁ। এতিয়া এই সময়ত এইটো শৰীৰত দুটা মূৰ্ত্তি আছে।
ব্ৰহ্মাৰ আত্মা আৰু শিৱ পৰম আত্মা। এই সময়ত দুটা মূৰ্ত্তি একেলগে আছে - ব্ৰহ্মা আৰু
শিৱ। শংকৰতো কেতিয়াও ভূমিকাত নাহে। বাকী বিষ্ণু সত্যযুগত থাকে। এতিয়া তোমালোক
ব্ৰাহ্মণৰ পৰা দেৱতা হ'বা। বাস্তৱত “আমিয়েই সেয়া”ৰ অৰ্থ হৈছে এইটো। তেওঁলোকে কৈ দিছে
- আত্মাই পৰমাত্মা। পৰমাত্মাই আত্মা। কিমান পাৰ্থক্য আছে। ৰাৱণ অহা বাবেই ৰাৱণৰ মত
প্ৰচলিত হৈ গ'ল। সত্যযুগততো এই জ্ঞানেই প্ৰায় লোপ হৈ যাব। এই হ'বলগীয়া সকলোবোৰ
ড্ৰামাত নিৰ্ধাৰিত হৈ আছে সেইবাবেতো পিতা আহি স্থাপন কৰে। এতিয়া হৈছে সংগম। পিতাই
কয় - মই কল্পই কল্পই, কল্পৰ সংগমযুগত আহি তোমালোকক মনুষ্যৰ পৰা দেৱতা কৰি তোলোঁ।
জ্ঞান যজ্ঞ ৰচনা কৰোঁ। বাকী যি আছে সেয়া এই যজ্ঞত স্বাহা হৈ যায়। এই বিনাশ জ্বালা
এই যজ্ঞৰ পৰাই প্ৰজ্জ্বলিত হ’ব। পতিত সৃষ্টিৰতো বিনাশ হ’ব। নহ’লে পাৱন সৃষ্টি কেনেকৈ
হ’ব। তোমালোকে কোৱাও যে হে পতিত-পাৱন আহক তেন্তে পতিত সৃষ্টি আৰু পাৱন সৃষ্টি একেলগে
থাকিব জানো? পতিত সৃষ্টিৰ বিনাশ হ’ব, এই ক্ষেত্ৰততো আনন্দিত হ’ব লাগে। মহাভাৰতৰ
যুদ্ধ লাগিছিল, যাৰ দ্বাৰা স্বৰ্গৰ দ্বাৰ মুকলি হ’ল। এনেকৈ কয় যে এয়া সেয়াই
মহাভাৰতৰ যুদ্ধ। এয়াতো ভাল, পতিত সৃষ্টি নাশ হৈ যাব। শান্তিৰ কাৰণে মগজ খটুওৱাৰ কি
দৰকাৰ। তোমালোকে এতিয়া যি তৃতীয় নেত্ৰ পাইছা সেয়া অন্য কাৰো নাই। তোমালোক সন্তানসকল
আনন্দিত হ’ব লাগে - আমি বেহদৰ পিতাৰ পৰা পুনৰ উত্তৰাধিকাৰ লৈ আছোঁ। বাবা আমি
অনেকবাৰ আপোনাৰ পৰা উত্তৰাধিকাৰ লৈছোঁ। ৰাৱণে আকৌ অভিশাপ দিলে। এই কথাবোৰ স্মৃতিলৈ
অনাতো সহজ। বাকী সকলো মিছা কথা। তোমালোকক ইমান চহকী কৰি তুলিলোঁ আকৌ গৰিব কিয় হ’লা?
এই সকলোবোৰ ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। গায়নো কৰা হয় - জ্ঞান, ভক্তি বৈৰাগ্য। ভক্তিৰ
প্ৰতি বৈৰাগ্য তেতিয়াহে জন্মিব যেতিয়া জ্ঞান পাব। তোমালোকে জ্ঞান পালা তেতিয়া
ভক্তিৰ প্ৰতি বৈৰাগ্য জন্মিল। গোটেই পুৰণি সৃষ্টিৰ প্ৰতি বৈৰাগ্য। এইখনতো কৱৰস্থান।
84 জন্মৰ চক্ৰ পৰিক্ৰমা লগালা। এতিয়া ঘৰলৈ যাব লাগে। মোক স্মৰণ কৰা তেতিয়া মোৰ ওচৰলৈ
গুচি আহিবা। বিকৰ্ম বিনাশ হৈ যাব আৰু কোনো উপায় নাই। যোগ অগ্নিৰ দ্বাৰা পাপ ভস্ম
হ’ব। গংগা স্নানেৰে নহয়।
বাবাই কয় - মায়াই
তোমালোকক মূৰ্খ কৰি দিলে, ‘এপ্ৰিল ফুল’ বুলি কয় নহয়। এতিয়া মই তোমালোকক
লক্ষ্মী-নাৰায়ণৰ দৰে গঢ়ি তুলিবলৈ আহিছোঁ। চিত্ৰতো বহুত ভাল আছে - আজি আমি কি, কালিলৈ
আমি কি হ’ম? কিন্তু মায়া কম নহয়। মায়াই যোগসূত্ৰ গঢ়িবলৈ নিদিয়ে। টনা-টনি হয়। আমি
বাবাক স্মৰণ কৰোঁ আকৌ গম নাপাওঁ কি হয়? পাহৰি যাওঁ। এই ক্ষেত্ৰত পৰিশ্ৰম আছে
সেইকাৰণে ভাৰতৰ প্ৰাচীন যোগ প্ৰসিদ্ধ। তেওঁলোকক উত্তৰাধিকাৰ কোনে দিলে, এইটো কোনেও
নুবুজে। পিতাই কয় – সন্তানসকল, মই তোমালোকক পুনৰাই উত্তৰাধিকাৰ দিবলৈ আহিছোঁ। এইটোতো
পিতাৰ কাম। এই সময়ত সকলো নৰকবাসী। তোমালোক আনন্দিত হৈ আছা। ইয়ালৈ কোনোবা আহিলে বুজি
পায় সেয়েহে আনন্দিত হয়, যথাযথ ঠিক কথা। 84 জন্মৰ হিচাপ। পিতাৰ পৰা উত্তৰাধিকাৰ ল’ব
লাগে। পিতাই জানে আধাকল্প ভক্তি কৰি তোমালোক ভাগৰি গৈছা। মৰমৰ সন্তানসকল - পিতাই
তোমালোকৰ সকলো ভাগৰ দূৰ কৰিব। এতিয়া ভক্তি অন্ধকাৰ মাৰ্গ পূৰা হয়। ক’ত এই দুখধাম,
ক’ত সেই সুখধাম। মই দুখধামক সুখধাম কৰি তুলিবলৈ কল্পৰ সংগমত আহোঁ। পিতাৰ পৰিচয় দিব
লাগে। পিতা বেহদৰ উত্তৰাধিকাৰ দিওঁতা হয়। এজনৰহে মহিমা আছে। শিৱবাবা নথকাহেঁতেন
তোমালোকক কোনে পাৱন কৰি তুলিলেহেঁতেন। ড্ৰামাত সকলো নিৰ্ধাৰিত হৈ আছে। কল্পই কল্পই
তোমালোকে মোক আহ্বান জনোৱা যে হে পতিত-পাৱন আহক। শিৱৰ জয়ন্তী। এনেকৈ কয় - ব্ৰহ্মাই
স্বৰ্গৰ স্থাপনা কৰিলে, আকৌ শিৱই কি কৰিলে যে শিৱজয়ন্তী পালন কৰে। একোৱে নুবুজে।
তোমালোকৰ বুদ্ধিত জ্ঞান একেবাৰে ধাৰণ হৈ যাব লাগে। যোগসূত্ৰ এজনৰ সৈতে গঢ়িব লাগে
গতিকে অন্য কাৰো সৈতে নগঢ়িবা। নহ’লেতো বাগৰি পাৰিবা। পাৰলৌকিক পিতা আটাইতকৈ সাধাৰণ।
কোনো জাকজমকতা নাই। সেই পিতাতো মটৰত, উৰাজাহাজত ফুৰে। এই বেহদৰ পিতাই কয় - মই পতিত
সৃষ্টিত, পতিত শৰীৰত সন্তানসকলৰ সেৱাৰ অৰ্থে আহিছোঁ। তোমালোকে আহ্বান জনালা - হে
অবিনাশী ছাৰ্জন আহক, আহি আমাক বেজী দিয়ক। বেজী দি আছে। পিতাই কয় – যোগসূত্ৰ গঢ়ি তোলা
তেতিয়া তোমালোকৰ পাপ ভস্ম হ’ব। পিতা হয়েই 63 জন্মৰ দুখহৰ্তা। 21 জন্মৰ সুখ কৰ্তা।
ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) নিজৰ
বুদ্ধিৰ আত্মিক যোগসূত্ৰ এজন পিতাৰ সৈতে গঢ়িব লাগে। এজনৰহে শ্ৰীমতত চলিব লাগে।
(2) আমি অতিকৈ মিঠা
বৃক্ষৰ পুলি ৰোপণ কৰি আছোঁ সেইকাৰণে প্ৰথমে নিজক বহুত বহুত অমায়িক কৰি তুলিব লাগে।
স্মৃতিৰ যাত্ৰাত তৎপৰ হৈ থাকি বিকৰ্ম বিনাশ কৰিব লাগে।
বৰদান:
মনন শক্তিৰ
দ্বাৰা প্ৰতিটো কথাৰ অনুভৱী হওতা সদায় শক্তিশালী মায়া প্ৰতিৰোধী, বিঘিনি প্ৰতিৰোধী
হোৱা
যেনেকৈ শৰীৰৰ শক্তিৰ
বাবে পাচন শক্তি বা হজম কৰাৰ শক্তিৰ আৱশ্যক, তেনেকৈ আত্মাক শক্তিশালী কৰি তুলিবলৈ
মনন শক্তিৰ প্ৰয়োজন। মনন শক্তিৰ দ্বাৰা অনুভৱ স্বৰূপ হৈ যোৱা - এইটোৱে আটাইতকৈ
ডাঙৰ শক্তি। এনেকুৱা অনুভৱী কেতিয়াও প্ৰতাৰণাৰ বলি হ’ব নোৱাৰে আৰু অহুকাণে-পহুকাণে
শুনা কোনো কথাত বিচলিত হ’ব নোৱাৰে। কাৰণ অনুভৱী সদায় সম্পন্ন হৈ থাকে। তেওঁলোক
সদায় শক্তিশালী, মায়া প্ৰতিৰোধী, আৰু বিঘিনি প্ৰতিৰোধী হৈ যায়।
স্লোগান:
আনন্দ ৰূপী সম্পদ সদায় লগত থাকিলে বাকী সকলো সম্পদ স্বতঃ আহি যাব।
অব্যক্ত ইংগিত: একতা
আৰু বিশ্বাসৰ বিশেষত্বৰে সফলতা সম্পন্ন হোৱা
সফলতা সম্পন্ন হ’বলৈ
সাধাৰণ কাৰ্য কৰি থাকিও চাল-চলন আৰু স্থিতি ফৰিস্তাৰ দৰে হওক। এনেকৈ নক’বা যে কি কৰোঁ
কথাটোৱেই তেনেকুৱা আছিল, কামটোৱে তেনেকুৱা আছিল, পৰিস্থিতি তেনেকুৱা আছিল, সমস্যা
তেনেকুৱা আছিল সেইবাবে সাধাৰণতা আহি গ’ল। যিকোনো সময়ত বা যিকোনো অৱস্থাত তোমালোকৰ
অলৌকিক স্বৰূপ প্ৰত্যেকৰে অনুভৱ হওক। যেনেকুৱা কথা নিজৰ স্বৰূপ তেনেকুৱা নকৰিবা।
কথাবোৰে যাতে তোমালোকক সলাই নিদিয়ে তেতিয়াহে সকলোৰে সমীপত আহিবা আৰু একতাৰ সংগঠন
মজবুত হ’ব।