24.03.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল – এই
জ্ঞানে তোমালোকক শীতল কৰি তোলে, এই জ্ঞানেৰে কাম-ক্ৰোধৰ অগ্নি সমাপ্ত হৈ যায়,
ভক্তিৰে সেই অগ্নি সমাপ্ত নহয়”
প্ৰশ্ন:
স্মৃতিত থকাৰ
ক্ষেত্ৰত মুখ্য পৰিশ্ৰম কোনটো?
উত্তৰ:
পিতাৰ স্মৃতিত বহাৰ সময়ত দেহো যাতে স্মৃতিত নাহে। আত্ম-অভিমানী হৈ পিতাক স্মৰণ কৰা,
এইটোৱে পৰিশ্ৰম, ইয়াতেই বিঘিনি আহে কিয়নো আধাকল্প ধৰি দেহ-অভিমানী হৈ আছা। ভক্তি
মানেই দেহৰ স্মৃতি।
ওঁম্শান্তি।
তোমালোক
সন্তানসকলে জানা যে স্মৰণ কৰিবৰ কাৰণে একান্ত অৱস্থাৰ অতি আৱশ্যক। তোমালোক একান্ত
বা শান্ত অৱস্থাত যিমান পিতাৰ স্মৃতিত থাকিব পাৰা জনসমাগমত সিমান থাকিব নোৱাৰা।
স্কুলতো সন্তানসকলে যেতিয়া পঢ়ে তেতিয়া একান্তত গৈ অধ্যয়ন কৰে। ইয়াতো একান্ত অৱস্থাৰ
প্ৰয়োজন। ফুৰিবলৈ গ’লেও তাতো স্মৃতিৰ যাত্ৰা হৈছে মুখ্য। পঢ়াতো একেবাৰে সহজ কিয়নো
আধাকল্প মায়াৰ ৰাজ্য আৰম্ভ হোৱাৰ পৰাই তোমালোক দেহ-অভিমানী হৈ যোৱা। প্ৰথম শত্ৰু
হৈছে দেহ-অভিমান। পিতাক স্মৰণ কৰাৰ সলনি দেহক স্মৰণ কৰে। ইয়াক দেহৰ অহংকাৰ বুলি কোৱা
হয়। ইয়াত তোমালোক সন্তানসকলক কোৱা হয় যে আত্ম-অভিমানী হোৱা, ইয়াতেই পৰিশ্ৰম
কৰিবলগীয়া হয়। এতিয়া ভক্তিতো আঁতৰিল। ভক্তি হয়েই শৰীৰৰ লগত। তীৰ্থ আদিলৈ শৰীৰটো লৈ
যাবলগীয়া হয়। দৰ্শন কৰিব লাগে, ইটো-সিটো কৰিব লাগে। শৰীৰ যাবলগীয়া হয়। ইয়াত তোমালোকে
এইটোৱে চিন্তন কৰিব লাগে যে মই আত্মা, মই পৰমপিতা পৰমাত্মা পিতাক স্মৰণ কৰিব লাগে।
বচ্ যিমান স্মৰণ কৰিবা তেতিয়া পাপ খণ্ডন হৈ যাব। ভক্তিমাৰ্গততো কেতিয়াও পাপ খণ্ডন
নহয়। কোনোবা বৃদ্ধ আদি থাকিলে মনত ভ্ৰান্ত ধাৰণা হয় - মই ভক্তি নকৰিলে লোকচান হ’ব,
নাস্তিক হৈ যাম। ভক্তিৰ যেন জুই লাগি আছে আৰু জ্ঞানত হৈছে শীতলতা। ইয়াত কাম ক্ৰোধৰ
অগ্নি সমাপ্ত হৈ যায়। ভক্তিমাৰ্গত মনুষ্যই কিমান ভাৱনা ৰাখে, পৰিশ্ৰম কৰে। ধৰি লোৱা
বদ্ৰীনাথলৈ গ’ল, মূৰ্তিৰ সাক্ষাৎকাৰ হ’ল তাৰ পাছত কি! তৎক্ষণাৎ ভাৱনা জাগি উঠে,
তেতিয়া বুদ্ধিত বদ্ৰীনাথৰ বাহিৰে বেলেগ কাৰো স্মৃতি নাথাকে। আগতেতো খোজকাঢ়ি গৈছিল।
পিতাই কয় - মই অলপ সময়ৰ কাৰণে মনৰ কামনা পূৰ্ণ কৰি দিওঁ, সাক্ষাৎকাৰ কৰাওঁ। বাকী মই
এওঁলোকক সাক্ষাৎ নকৰোঁ। মোৰ অবিহনে উত্তৰাধিকাৰ পাব জানো। উত্তৰাধিকাৰতো তোমালোকে
মোৰ পৰাহে পাবা নহয়। এয়াতো সকলো দেহধাৰী। উত্তৰাধিকাৰ একমাত্ৰ পিতা ৰচয়িতাৰ পৰাহে
পোৱা যায়, বাকী যি জড় বা চৈতন্য আছে সেয়া সকলো হৈছে ৰচনা। ৰচনাৰ পৰা কেতিয়াও
উত্তৰাধিকাৰ পাব নোৱাৰে। পতিত-পাৱন এজনেই পিতা। কুমাৰীসকলতো সংগদোষৰ পৰা বহুত
সাৱধানে থাকিব লাগে। পিতাই কয় - এই পতিত বৃত্তিৰ কাৰণে তোমালোকে আদি-মধ্য-অন্ত দুখ
পোৱা। এতিয়া সকলো পতিত। তোমালোক এতিয়া পাৱন হ’ব লাগে। নিৰাকাৰ পিতাহে আহি তোমালোকক
পঢ়ায়। এনেকৈ কেতিয়াও নাভাবিবা যে ব্ৰহ্মাই পঢ়ায়। সকলোৰে বুদ্ধি শিৱবাবাৰ ফালে
থাকিব লাগে। শিৱবাবাই এওঁৰ দ্বাৰা পঢ়ায়। তোমালোক দাদীসকলকো পঢ়াওঁতাজন হৈছে শিৱবাবা।
তেওঁৰ কি খাতিৰ কৰিবা! তোমালোকে শিৱবাবাৰ কাৰণে আঙুৰ, আম লৈ আহা, শিৱবাবাই কয় - মইতো
অভোক্তা। তোমালোক সন্তানসকলৰ কাৰণেই সকলো। ভক্তসকলে ভোগ আগবঢ়ায় আৰু ভগাই খায়। মই
জানো খাওঁ। পিতাই কয় - মইতো আহোঁৱেই তোমালোক সন্তানসকলক পঢ়াই পাৱন কৰি তুলিবলৈ।
পাৱন হৈ তোমালোকে ইমান উচ্চ পদ পাবাগৈ। মোৰ কাম এইটো। এনেকৈ কয়েই যে শিৱ ভগৱানুবাচ।
ব্ৰহ্মা ভগৱানুবাচ বুলিতো নকয়। ‘ব্ৰহ্মা বাচ’ বুলিও নকয়। যদিও এৱোঁ মুৰুলী শুনায়
কিন্তু সদায় এনেকৈ বুজিবা যে শিৱবাবাই শুনায়। কোনোবা সন্তানক ভালকৈ শৰবিদ্ধ কৰিবলৈ
নিজেই প্ৰৱেশ কৰি ল’ব। জ্ঞানৰ বাণ তীক্ষ্ণ বুলি গায়ন কৰা হয়। বিজ্ঞানৰো কিমান শক্তি
আছে। বোমা আদিৰ কিমান ভীষণ শব্দ হয়। তোমালোক কিমান শান্তিত থাকা। বিজ্ঞানৰ ওপৰত
শান্তি বিজয়ী হয়।
তোমালোকে এই সৃষ্টিক
পাৱন কৰি তোলা। প্ৰথমেতো নিজক পাৱন কৰি তুলিব লাগে। ড্ৰামা অনুসৰি পাৱনো হ’বই লাগে,
সেইকাৰণে বিনাশো নিৰ্ধাৰিত হৈ আছে। ড্ৰামাক বুজি বহুত হৰ্ষিত হৈ থকা উচিত। আমি এতিয়া
শান্তিধামলৈ যাম। পিতাই কয় - সেইখন তোমালোকৰ ঘৰ। ঘৰলৈতো আনন্দেৰে যোৱা উচিত নহয় জানো।
এই ক্ষেত্ৰত দেহী-অভিমানী হ’বলৈ বহুত পৰিশ্ৰম কৰিব লাগে। এই স্মৃতিৰ যাত্ৰাৰ ওপৰতেই
বাবাই বহুত জোৰ দিয়ে, ইয়াতেই পৰিশ্ৰম কৰিবলগীয়া হয়। পিতাই সোধে – চলোঁতে-ফুৰোঁতে
স্মৰণ কৰা সহজ নে এঠাইত বহি স্মৰণ কৰা সহজ? ভক্তিমাৰ্গতো কিমান মালা ঘূৰাই থাকে,
ৰাম ৰাম জপি থাকে। লাভতো একোৱেই নাই। পিতাইতো তোমালোক সন্তানসকলক একেবাৰে সহজ যুক্তি
(উপায়) শুনায় - ভোজন ৰান্ধা, যিয়েই নকৰা, পিতাক স্মৰণ কৰিবা। ভক্তিমাৰ্গত শ্ৰীনাথ
দ্বাৰত ভোগ ৰান্ধে, মুখত কাপোৰ বান্ধি লয়। অলপো যাতে শব্দ নহয়। সেয়া হৈছে
ভক্তিমাৰ্গ। তোমালোকেতো পিতাক স্মৰণ কৰিব লাগে। তেওঁলোকে ইমান ভোগ আগবঢ়ায় কিন্তু
কোনোবাই সেয়া খায় জানো। পাণ্ডাসকলৰ কুটুম্ব থাকে তেওঁলোকে খায়। তোমালোকে ইয়াত জানা
যে আমাক শিৱবাবাই পঢ়ায়। ভক্তিত জানো এইটো বুজি পায় যে আমাক শিৱবাবাই পঢ়ায়। যদিও
শিৱ পুৰাণ ৰচিছে কিন্তু তাত শিৱ-পাৰ্ৱতী, শিৱ-শংকৰ সকলো একাকাৰ কৰি দিছে, সেইবোৰ
পঢ়িলে একো লাভ নহয়। প্ৰত্যেকে নিজৰ শাস্ত্ৰ পঢ়া উচিত। ভাৰতবাসীৰ হৈছে একমাত্ৰ
‘গীতা’। খ্ৰীষ্টাসকলৰ ‘বাইবেল’ এখনেই। দেৱী-দেৱতা ধৰ্মৰ শাস্ত্ৰ হৈছে ‘গীতা’। তাতহে
জ্ঞান আছে। জ্ঞানেই পঢ়া হয়। তোমালোকে জ্ঞান পঢ়িব লাগে। যুদ্ধ আদিৰ কথা যিবোৰ
কিতাপত আছে সেইবোৰৰ সৈতে তোমালোকৰ কোনো কামেই নাই। আমি হৈছোঁ যোগবলধাৰী তেন্তে আকৌ
বাহুবলীসকলৰ কাহিনী কিয় শুনিম! তোমালোকৰ বাস্তৱত যুদ্ধ নহয়। তোমালোকে যোগবলৰ দ্বাৰা
5 বিকাৰৰ ওপৰত বিজয়ী হোৱা। তোমালোকৰ যুদ্ধ হৈছে 5 বিকাৰৰ সৈতে। সেয়াতো মনুষ্যই
মনুষ্যৰ লগত যুদ্ধ কৰে। তোমালোকে নিজৰ বিকাৰৰ লগত যুদ্ধ কৰা। এই কথাবোৰ সন্ন্যাসী
আদিয়ে বুজাব নোৱাৰে। তোমালোকক কোনো ব্যায়াম আদিও শিকোৱা নহয়। তোমালোকৰ ব্যায়াম এটাই।
তোমালোকৰ হৈছেই যোগবল। স্মৃতিৰ বলৰ দ্বাৰা তোমালোকে 5 বিকাৰৰ ওপৰত জয়ী হোৱা। এই 5
বিকাৰ হৈছে শত্ৰু। তাৰ ভিতৰতো এক নম্বৰ হৈছে দেহ-অভিমান। পিতাই কয় - তোমালোকতো আত্মা
হোৱা নহয়। তোমালোক আত্মাসকল আহা, আহি গৰ্ভত প্ৰৱেশ কৰা। মইতো এই শৰীৰত বিৰাজমান হৈছোঁ।
মই জানো কাৰোবাৰ গৰ্ভত প্ৰৱেশ কৰোঁ! সত্যযুগত তোমালোক গৰ্ভ মহলত থাকা। আকৌ
ৰাৱণৰাজ্যত গৰ্ভ কাৰাগাৰত যোৱা। মইতো প্ৰৱেশ কৰোঁ। ইয়াক দিব্য জন্ম বুলি কোৱা হয়।
ড্ৰামা অনুসৰি মই এওঁৰ (ব্ৰহ্মাৰ) শৰীৰত আহিবলগীয়া হয়। এওঁৰ নাম ব্ৰহ্মা ৰাখোঁ কিয়নো
মোৰ হৈ গ’ল নহয়। তোলনীয়া হ’লে কিমান সুন্দৰ সুন্দৰ নাম ৰাখে। তোমালোকৰো বহুত ভাল
ভাল নাম ৰাখিলোঁ। সন্দেশী দাদীৰ দ্বাৰা বহুত সুন্দৰ নামৰ তালিকা আহিছিল। বাবাৰ জানো
সকলো নাম স্মৃতিত আছে। নামেৰেতো একো কাম নহয়। শৰীৰৰ ওপৰতে নাম ৰখা হয় নহয়। এতিয়াতো
পিতাই কয় - নিজক আত্মা বুলি বুজা, পিতাক স্মৰণ কৰা। বচ্। তোমালোকে জানা যে আমি
পূজ্য দেৱী-দেৱতা হওঁগৈ পুনৰ ৰাজত্ব কৰিম। আকৌ ভক্তিমাৰ্গত আমাৰে চিত্ৰ অংকন কৰিব।
দেৱীসকলৰ বহুত চিত্ৰ আঁকে। আত্মাসকলৰো পূজা হয়। মাটিৰ শালগ্ৰাম সাজে আকৌ ৰাতিৰ
ভিতৰতে ভাঙি পেলায়। দেৱীসকলকো সজাই পূজা কৰি আকৌ সমুদ্ৰত ডুবাই দিয়ে। পিতাই কয় -
মোৰো ৰূপ সাজি, খুৱাই-বুৱাই আকৌ মোক পাথৰ শিলগুটি সকলোতে আছে বুলি কৈ দিয়ে। আটাইতকৈ
বেছি দুৰ্দশাতো মোৰ কৰে। তোমালোক কিমান গৰিব হৈ গ’লা। গৰিবসকলেই আকৌ উচ্চ পদ পায়।
চহকীসকলে কাচিৎহে এই জ্ঞান লয়। বাবায়ো চহকীসকলৰ পৰা ইমান লৈ কি কৰিব! ইয়াততো
সন্তানসকলৰ এটি এটি টোপালেৰে এই ঘৰ আদি নিৰ্মাণ কৰা হয়। এনেকৈ কয় - বাবা মোৰ এটা ইটা
লগাই দিব। এইটো বুজি পায় যে প্ৰতিদানত আমি সোণ-ৰূপৰ মহল পাম। তাততো বহুত সোণ থাকে।
সোণৰ ইটা থাকিব সেইবাবেতো সোণৰ মহল নিৰ্মাণ কৰিব। গতিকে পিতাই বহুত মৰমেৰে কয় -
মৰমৰ সন্তানসকল, এতিয়া মোক স্মৰণ কৰা, এতিয়া নাটক পূৰা হয়।
পিতাই দৰিদ্ৰ
সন্তানসকলক চহকী হোৱাৰ যুক্তি (উপায়) শুনায় - মৰমৰ সন্তানসকল, তোমালোকৰ ওচৰত যি কিছু
আছে স্থানান্তৰ কৰি দিয়া। ইয়াততো একোৱে নাথাকিব। ইয়াত যি স্থানান্তৰ কৰিবা সেয়া
নতুন সৃষ্টিত এশগুণৰ হিচাপত পাবা। বাবাই একো নিবিচাৰে। তেওঁতো দাতা হয়, এইটো যুক্তি
শুনোৱা হয়। ইয়াততো সকলো মাটিত মিলি যাব। কিছু স্থানান্তৰ কৰি দিলে তোমালোকে নতুন
সৃষ্টিত পাবা। এতিয়া এই পুৰণি সৃষ্টিৰ বিনাশৰ সময়। এয়া একোৱে কামত নাহিব সেইবাবে
বাবাই কয় - ঘৰে ঘৰে বিশ্ব বিদ্যালয় তথা চিকিৎসালয় খোলা যাৰ দ্বাৰা স্বাস্থ্য আৰু
সম্পত্তি পাবা। এয়াই হৈছে মুখ্য। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।
ৰাতিৰ ক্লাছ 12-03-68
বৰ্তমান সময়ত তোমালোক
গৰিব সাধাৰণ মাতাসকলে পুৰুষাৰ্থ কৰি উচ্চ পদ পাই যোৱা। এই যজ্ঞত সহায় আদিও মাতাসকলে
বহুত কৰে, পুৰুষ বহুত কম আছে যি সহায়কাৰী হয়। মাতাসকলৰ উত্তৰাধিকাৰৰ নিচা নাথাকে।
তেওঁলোকে বীজ সিঁচি থাকে, নিজৰ জীৱন গঢ়ি থাকে। তোমালোকৰ জ্ঞান হৈছে যথাৰ্থ, বাকী
হৈছে ভক্তি। আত্মিক পিতাহে আহি জ্ঞান দিয়ে। পিতাক বুজিলে পিতাৰ পৰা উত্তৰাধিকাৰ
নিশ্চয় ল’ব। তোমালোকক পিতাই পুৰুষাৰ্থ কৰাই থাকে, বুজাই থাকে। সময় নষ্ট নকৰিবা।
পিতাই জানে কোনোবা ভাল পুৰুষাৰ্থী, কোনোবা মধ্যম শ্ৰেণীৰ, কোনোবা তৃতীয় শ্ৰেণীৰ।
বাবাক সুধিলে ততালিকে কৈ দিব – তুমি প্ৰথম হোৱা নে দ্বিতীয় হোৱা নে তৃতীয় হোৱা। কাকো
যদি জ্ঞান নুশুনায় তেন্তে তৃতীয় শ্ৰেণীৰ হৈ গ’ল। প্ৰমাণ নিদিলেতো পিতাই নিশ্চয় ক’ব
নহয়। ভগৱানে আহি যি জ্ঞান শিকায় সেয়া আকৌ প্ৰায় লুপ্ত হৈ যায়। এয়া কোনেও নাজানে।
ড্ৰামাৰ পৰিকল্পনা অনুসৰি এয়া হৈছে ভক্তিমাৰ্গ, ইয়াৰ দ্বাৰা কোনেও মোক পাব নোৱাৰে।
সত্যযুগলৈ কোনো যাব নোৱাৰে। এতিয়া তোমালোক সন্তানসকলে পুৰুষাৰ্থ কৰি আছা। কল্প
পূৰ্বে যিয়ে যিমান পুৰুষাৰ্থ কৰিছিল, সিমানে কৰি থাকে। পিতাই বুজিব পাৰে কোনে নিজৰ
কল্যাণ কৰি আছে। পিতাইতো ক’ব - নিতৌ এই লক্ষ্মী-নাৰায়ণৰ চিত্ৰৰ সন্মুখত আহি বহিবা।
বাবা আপোনাৰ শ্ৰীমতত আমি এই উত্তৰাধিকাৰ নিশ্চয় ল’ম। নিজৰ সমানকৈ গঢ়ি তোলাৰ সেৱাৰ
চখ নিশ্চয় থকা উচিত। সেৱাকেন্দ্ৰত থকাসকললৈও লিখোঁ, ইমান বছৰ পঢ়িলা, যদি কাকো
পঢ়াব নোৱাৰা তেন্তে কি পঢ়িলা। সন্তানসকলৰ উন্নতিতো কৰা উচিত নহয় জানো। বুদ্ধিত
গোটেই দিন সেৱাৰ খেয়াল চলি থকা উচিত।
তোমালোক বানপ্ৰস্থী
নোহোৱা জানো। বানপ্ৰস্থীসকলৰো আশ্ৰম থাকে। বানপ্ৰস্থীসকলৰ ওচৰলৈ যাব লাগে, মৰাৰ আগতে
লক্ষ্যৰ বিষয়েতো শুনাই দিয়া। বাণীৰ সিপাৰে আপোনালোক আত্মা যাব কেনেকৈ! পতিত আত্মাতো
যাব নোৱাৰে। ভগৱানুবাচ – মামেকম্ (কেৱল মোক) স্মৰণ কৰা তেতিয়া তোমালোক বানপ্ৰস্থত
গুচি যাবা। বাৰানসীতো বহুত সেৱা আছে। বহুত সাধুলোক কাশীবাসী হ’বৰ কাৰণে তাতে থাকে,
গোটেই দিন কৈ থাকে - শিৱ কাশী বিশ্বনাথ গঙ্গা। তোমালোকৰ অন্তৰত সদায় আনন্দৰ চাপৰি
বাজি থাকিব লাগে। বিদ্যাৰ্থী নোহোৱা জানো! সেৱাও কৰা আৰু পঢ়াও। পিতাক স্মৰণ কৰিব
লাগে, উত্তৰাধিকাৰ ল’ব লাগে। আমি এতিয়া শিৱবাবাৰ ওচৰলৈ যাওঁ। এয়া হৈছে ‘মনমনাভৱ’।
কিন্তু বহুতৰে স্মৃতিত নাথাকে। পৰচিন্তন কৰি থাকে। মূল কথা হৈছে স্মৃতিত থকাৰ।
স্মৃতিয়েই আনন্দিত কৰি তুলিব। সকলোৱে বিচাৰে যে বিশ্বত শান্তি হওঁক। পিতায়ো কয় -
তেওঁলোকক বুজোৱা যে বিশ্বত শান্তি এতিয়া প্ৰতিষ্ঠা হৈ আছে, সেইকাৰণে বাবাই
লক্ষ্মী-নাৰায়ণৰ চিত্ৰক বেছি মহত্ব দিয়ে। কোৱা যে এয়া সৃষ্টি স্থাপনা হৈ আছে, য’ত
সুখ-শান্তি, পৱিত্ৰতা সকলো আছিল। সকলোৱে কয় বিশ্বত শান্তি হওঁক। পুৰস্কাৰো বহুতে
পাই থাকে। বিশ্বত শান্তি প্ৰতিষ্ঠা কৰোঁতাজনতো নিশ্চয় মালিক হ’ব নহয়। এওঁলোকৰ (লক্ষ্মী-নাৰায়ণৰ)
ৰাজ্যত বিশ্বত শান্তি আছিল। এটাই ভাষা, এখনেই ৰাজ্য, এটাই ধৰ্ম আছিল। বাকী সকলো
আত্মা নিৰাকাৰ লোকত আছিল। এনেকুৱা বিশ্ব কোনে স্থাপনা কৰিছিল। শান্তি কোনে প্ৰতিষ্ঠা
কৰিছিল! বিদেশীসকলেও বুজিব এয়া স্বৰ্গ আছিল। এওঁলোকৰ ৰাজ্য আছিল। বিশ্বত শান্তিতো
এতিয়া প্ৰতিষ্ঠা হৈ আছে। বাবাই বুজাইছিল – ‘প্ৰভাত ফেৰী’তো এই লক্ষ্মী-নাৰায়ণৰ
চিত্ৰ উলিয়াবা। যাতে সকলোৰে কাণত এইটো আৱাজ গৈ পায় যে এই ৰাজ্য স্থাপনা হৈ আছে।
নৰকৰ বিনাশ সমাগত। এইটোতো জানে যে ড্ৰামা অনুসৰি সম্ভৱ দেৰি আছে। ডাঙৰ ডাঙৰ
ব্যক্তিসকলৰ ভাগ্যত এতিয়া নাই। তথাপি বাবাই পুৰুষাৰ্থ কৰাই থাকে। ড্ৰামা অনুসৰি সেৱা
চলি আছে। ভাল বাৰু। শুভ ৰাত্ৰি।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সংগদোষৰ
পৰা নিজক বহুত সাৱধানে ৰাখিব লাগে। কেতিয়াও পতিতৰ সংগত আহিব নালাগে। শান্তিৰ বলেৰে
এই সৃষ্টিক পাৱন কৰি তোলাৰ সেৱা কৰিব লাগে।
(2) ড্ৰামাক ভালদৰে
বুজি হৰ্ষিত হৈ থাকিব লাগে। নিজৰ সকলো নতুন সৃষ্টিৰ বাবে স্থানান্তৰ কৰিব লাগে।
বৰদান:
পিতাৰ দ্বাৰা
সফলতাৰ তিলক প্ৰাপ্ত কৰোঁতা সদায় আজ্ঞাকাৰী, অন্তৰ আসনধাৰী হোৱা
ভাগ্য বিধাতা পিতাই
নিতৌ অমৃতবেলা নিজৰ আজ্ঞাকাৰী সন্তানসকলক সফলতাৰ তিলক লগায়। আজ্ঞাকাৰী ব্ৰাহ্মণ
সন্তানে কেতিয়াও ‘পৰিশ্ৰম’ আৰু ‘কঠিন’ শব্দ মুখলৈতো দূৰৰ কথা সংকল্পলৈও আনিব নোৱাৰে।
তেওঁলোক সহজযোগী হৈ যায় সেয়েহে কেতিয়াও নিৰাশ নহ’বা, সদায় অন্তৰ আসনধাৰী হোৱা,
দয়াশীল হোৱা। অহং আৰু বিভ্ৰান্তিৰ ভাৱ সমাপ্ত কৰা।
স্লোগান:
বিশ্ব পৰিৱৰ্তনৰ তাৰিখৰ কথা নাভাবিবা, নিজৰ পৰিৱতৰ্নৰ সময় নিশ্চিত কৰা।
সত্যতা আৰু সভ্যতা
ৰূপী সংস্কৃতি ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
যিসকল পৱিত্ৰতাৰ
ব্যক্তিত্বৰে সম্পন্ন মাৰ্জিত আত্মা তেওঁলোকক সভ্যতাৰ দেৱী বুলি কোৱা হয়। তেওঁলোকৰ
ক্ৰোধ বিকাৰৰ অপৱিত্ৰতাও থাকিব নোৱাৰে। ক্ৰোধৰ সূক্ষ্ম ৰূপ ঈৰ্ষা, দ্বেষ, ঘৃণাও যদি
ভিতৰত আছে তেন্তে সেয়াও অগ্নি যিয়ে ভিতৰি জ্বলাই থাকে। বাহিৰত ৰঙা হালধীয়া নহয়
কিন্তু কদৰ্য হয়। গতিকে এতিয়া এই কদৰ্যতা সমাপ্ত কৰি সৎ আৰু স্বচ্ছ হোৱা।