24.05.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – অমৃতবেলা নিজৰ অন্য সকলো সংকল্প বন্ধ কৰি একমাত্ৰ পিতাক স্নেহেৰে স্মৰণ কৰা, পিতাৰ সৈতে মৰমেৰে আন্তৰিক বাৰ্তালাপ কৰা”

প্ৰশ্ন:
তোমালোক সন্তানসকলৰ প্ৰতিটো কথাৰ অৰ্থ আছে, অৰ্থ সহিত শব্দ কোনে ক’ব পাৰে?

উত্তৰ:
যিসকল দেহী-অভিমানী, তেওঁলোকেই প্ৰতিটো শব্দ অৰ্থ সহিত ক’ব পাৰে। পিতাই তোমালোকক সংগমত যিয়েই শিকায়, সেয়া অৰ্থ সহিত। দেহ-অভিমানত আহি মনুষ্যই যি কিছু কয় সেয়া সকলো অৰ্থ বিহীন অনৰ্থ। তাৰ পৰা কোনো ফল পোৱা নাযায়, লাভ নহয়।

গীত:
নৈন হীন কো ৰাহ দিখাও প্ৰভু... (নেত্ৰহীনক মাৰ্গ-দৰ্শন কৰা প্ৰভু...)

ওঁম্শান্তি।
এই সকলো গীত আদি হৈছে ভক্তিমাৰ্গৰ। তোমালোকৰ বাবে গীতৰ প্ৰয়োজন নাই। কোনো কষ্টৰ কথা নাই। ভক্তিমাৰ্গততো কষ্ট বহুত। কিমান ৰীতি-প্ৰথা চলে – ব্ৰাহ্মণক খুউৱা, ইটো-সিটো কৰা, তীৰ্থ আদিত বহুত কিবা কৰিবলগীয়া হয়। ইয়ালৈ অহাৰ পাছত সকলো কষ্টৰ পৰা মুক্ত কৰি দিয়ে। ইয়াত একো কৰিব নালাগে। মুখেৰে শিৱ শিৱ বুলি ক’ব নালাগে। এয়া নিয়মানুযায়ী নহয়, ইয়াৰ দ্বাৰা কোনো ফল পোৱা নাযায়। পিতাই কয় – এয়া অন্তৰেৰে বুজিব লাগে যে মই আত্মা। পিতাই কয় – মোক স্মৰণ কৰা, অন্তৰ্মুখী হৈ পিতাকহে স্মৰণ কৰিব লাগে, তেতিয়া পিতাই প্ৰতিজ্ঞা কৰে – তোমালোকৰ পাপ ভস্ম হৈ যাব। এয়া হ’ল যোগ অগ্নি, যাৰ দ্বাৰা তোমালোকৰ বিকৰ্ম বিনাশ হৈ যাব তেতিয়া তোমালোক উভতি গুচি যাবা। বুৰঞ্জী পুনৰাবৃত্তি হয়। এই সকলোবোৰ হৈছে নিজৰ সৈতে কথা পতাৰ যুক্তি। নিজৰ সৈতে কথা পাতি থাকিবা। পিতাই কয় – মই কল্পই কল্পই তোমালোকক এই যুক্তি শুনাওঁ। এইটোও জানা যে লাহে লাহে এই বৃক্ষ বৃদ্ধি হৈ গৈ থাকিব। মায়াৰ ধুমুহাও এই সময়তে আহে যেতিয়া মই আহি তোমালোক সন্তানসকলক মায়াৰ বন্ধনৰ পৰা মুক্ত কৰোঁ। সত্যযুগত কোনো বন্ধন নাথাকে। এই পুৰুষোত্তম যুগো এতিয়া তোমালোকৰ বুদ্ধিত অৰ্থ সহিত আছে। ইয়াত প্ৰতিটো কথা অৰ্থ সহিতেই হয়। দেহ-অভিমানীসকলে যিবোৰ কথা ক’ব সেয়া হৈছে অনৰ্থ (অৰ্থহীন)। দেহী-অভিমানীসকলে যিবোৰ কথা ক’ব সেয়া অৰ্থ সহিত হ’ব। তাৰ পৰা ফল পোৱা যাব। এতিয়া ভক্তিমাৰ্গত কিমান কঠিনতা হয়। এনেকৈ ভাবে যে তীৰ্থ যাত্ৰা কৰা, ইটো-সিটো কৰা এয়া সকলো ভগৱানৰ ওচৰলৈ যোৱাৰ ৰাস্তা। কিন্তু সন্তানসকলে এতিয়া বুজিছে যে উভতি কোনো এজনো যাব নোৱাৰে। লক্ষ্মী-নাৰায়ণ যি প্ৰথম নম্বৰত বিশ্বৰ মালিক আছিল তেওঁলোকৰেই 84 জন্ম বুলি কৈ দিয়ে। তেন্তে আকৌ অন্য কোনোবা কেনেকৈ মুক্ত হ’ব পাৰে। সকলো চক্ৰত আহে সেয়েহে কৃষ্ণৰ ক্ষেত্ৰত কেনেকৈ ক’ব যে তেওঁ সদায় হাজিৰ হৈয়ে আছে। অৱশ্যে হয়, কৃষ্ণৰ নাম-ৰূপতো গুচি গ’ল, বাকী আত্মাতো কিবা নহয় কিবা ৰূপত আছেই। এই সকলোবোৰ কথা সন্তানসকলক পিতা আহি বুজাইছে। এয়া হৈছে পঢ়া। বিদ্যাৰ্থী জীৱনত ধ্যান দিব লাগে। নিজৰ খটিয়ান লিখাৰ বাবে নিয়মিত সময় নিৰ্ধাৰণ কৰি লোৱা। বেপাৰী লোকসকলৰ বহুত বন্ধন থাকে। চাকৰি কৰাসকলৰ ওপৰত বন্ধন নাথাকে। তেওঁলোকেতো নিজৰ কাম সম্পূৰ্ণ কৰিলে আৰু আজৰি হৈ গ’ল। বেপাৰীসকলৰ ওচৰত কেতিয়াবা গ্ৰাহক আহিলে তেতিয়া যোগান ধৰিবলগীয়া হয়। বুদ্ধিযোগ বাহিৰলৈ গুচি যায়। সেয়েহে চেষ্টা কৰি সময় উলিওৱা উচিত। অমৃতবেলাৰ সময়খিনি ভাল। সেই সময়ত বাহিৰৰ বিচাৰবোৰ বন্ধ কৰি দিয়া উচিত, কোনো খেয়াল যাতে নাহে। পিতাৰ স্মৃতি যাতে থাকে। পিতাৰ মহিমাত লিখি দিয়া উচিত – বাবা জ্ঞানৰ সাগৰ, পতিত-পাৱন। বাবাই আমাক বিশ্বৰ মালিক কৰি তোলে, তেওঁৰ শ্ৰীমতত চলিব লাগে। সকলোতকৈ ভাল মত পোৱা যায় – ‘মনমনাভৱ’ (নিজক আত্মা বুলি বুজি মোক; পৰমাত্মাক স্মৰণ কৰা)। আন কোনেও এনেকৈ ক’ব নোৱাৰে। কল্পই কল্পই তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ’বলৈ এইটো মত পোৱা। পিতাই কেৱল কয় – মামেকম্‌ (কেৱল মোক) স্মৰণ কৰা। ইয়াক “বশীকৰণ মন্ত্ৰ” বুলি কোৱা হয়, অৰ্থ সহিত স্মৰণ কৰিলেহে আনন্দিত হ’বা।

পিতাই কয় – অব্যভিচাৰী স্মৃতিত থকা উচিত। যেনেকৈ ভক্তিত এজন শিৱৰ পূজা অব্যাভিচাৰী হয় পাছত ব্যভিচাৰী হোৱা বাবে অনেকৰ ভক্তি কৰে। প্ৰথমতে আছিল অদ্বৈত ভক্তি, এজনৰহে ভক্তি কৰিছিল। জ্ঞানো সেই এজনৰে শুনিব লাগে। তোমালোক সন্তানসকলে যাৰ ভক্তি কৰিছিলা তেওঁ স্বয়ং তোমালোকক বুজাই আছে – মৰমৰ সন্তানসকল এতিয়া মই আহিছোঁ, এই ভক্তি পন্থা এতিয়া পূৰা হ’ল। তোমালোকেই প্ৰথমতে এজন শিৱবাবাৰ মন্দিৰ সজালা। সেই সময়ত তোমালোক অব্যভিচাৰী ভক্ত আছিলা, সেইবাবে বহুত সুখী আছিলা আকৌ ব্যভিচাৰী ভক্ত হোৱা বাবে দ্বৈতবাদত আহি গ’লা তেতিয়া অলপ দুখ হয়। এজন পিতাতো হৈছে সকলোকে সুখ দিওঁতা হয় নহয়। পিতাই কয় – মই আহি তোমালোক সন্তানসকলক মন্ত্ৰ দিওঁ। মন্ত্ৰও এজনৰে শুনিবা, ইয়াত দেহধাৰী কোনো নাই। ইয়াত তোমালোক আহাই বাপদাদাৰ ওচৰলৈ। শিৱবাবাতকৈ উচ্চ কোনো নাই। সকলোৱে স্মৰণো তেওঁকে কৰে। ভাৰতেই স্বৰ্গ আছিল, লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছিল। এওঁলোকক এনেকুৱাকৈ কোনে গঢ়ি তুলিলে? যাক আকৌ তোমালোকে পূজা কৰা। কোনেও নাজানে মহালক্ষ্মী কোন! পূৰ্বৰ জন্মত মহালক্ষ্মী কোন আছিল? তোমালোক সন্তানসকলে জানা – তেওঁ হ’ল জগত অম্বা। তোমালোক সকলো হৈছা মাতা, বন্দে মাতৰম্‌। গোটেই বিশ্বতে তোমালোকে নিজৰ অধিকাৰ সাব্যস্ত কৰা। ভাৰত মাতা কোনো এগৰাকীৰ নাম নহয়। তোমালোক সকলোৱে যোগবলেৰে শিৱৰ পৰা শক্তি আহৰণ কৰা। শক্তি আহৰণ কৰোঁতে মায়াই হস্তক্ষেপ কৰে। যুদ্ধত কোনোবাই আঘাত কৰিলে তেতিয়া বাহাদুৰ হৈ যুদ্ধ কৰা উচিত। এনেকুৱা নহয় যে কোনোবাই আঘাত কৰিব আৰু তোমালোক আৱদ্ধ হৈ যাবা, এয়া হয়েই মায়াৰ যুদ্ধ। বাকী কোনো কৌৰৱ আৰু পাণ্ডৱৰ যুদ্ধ নহয়, তেওঁলোকৰতো পৰস্পৰৰ যুদ্ধ। মনুষ্যই যেতিয়া কাজিয়া কৰে, তেতিয়া এক-দুই গজ ভূমিৰ বাবে ডিঙি কাটি দিয়ে। পিতা আহি বুজায় – এয়া সকলো ড্ৰামা ৰচি থোৱা আছে। ৰামৰাজ্য, ৰাৱণৰাজ্য, এতিয়া তোমালোক সন্তানসকলৰ এইটো জ্ঞান আছে যে আমি ৰামৰাজ্যলৈ যাম, তাত অপাৰ সুখ আছে। নামেই হৈছে সুখধাম, তাত দুখৰ নাম-চিহ্ন নাথাকে। এতিয়া যিহেতু এনেকুৱা ৰাজ্য দিবলৈ পিতা আহিছে সেয়েহে সন্তানসকলে কিমান পুৰুষাৰ্থ কৰা উচিত। বাৰে বাৰে কওঁ সন্তানসকল ভাগৰি নপৰিবা। শিৱবাবাক স্মৰণ কৰি থাকা। তেৱোঁ বিন্দু, আমি আত্মাসকলো বিন্দু, ইয়ালৈ ভূমিকা পালন কৰিব আহিছোঁ, এতিয়া ভূমিকা পূৰা হ’ল। এতিয়া পিতাই কয় – মোক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হ’ব। বিকৰ্মৰ লেপ আত্মাতে লাগে নহয়। শৰীৰতো ইয়াত শেষ হৈ যাব। কিছুমান মনুষ্যই কিবা পাপ কৰ্ম কৰিলে তেতিয়া নিজৰ শৰীৰকে শেষ কৰি দিয়ে। কিন্তু ইয়াৰ দ্বাৰা কোনো পাপ আঁতৰি নাযায়। পাপ আত্মা বুলি কোৱা হয়। সাধু-সন্ত আদিয়েতো কৈ দিয়ে - আত্মা নিৰ্লেপ, আত্মাই পৰমাত্মা, অনেক মত আছে। এতিয়া তোমালোকে এক শ্ৰীমত পোৱা। পিতাই তোমালোকক জ্ঞানৰ তৃতীয় নেত্ৰ দিছে। আত্মাইহে সকলো জানে। আগতে ঈশ্বৰৰ বিষয়ে একো নাজানিছিলা। সৃষ্টি চক্ৰ কেনেকৈ ঘূৰে, আত্মা কিমান সূক্ষ্ম, প্ৰথমতে আত্মাৰ উপলব্ধি কৰায়। আত্মা অতি সূক্ষ্ম, আত্মাৰ সাক্ষাৎকাৰ হয়, সেয়া সকলো হ’ল ভক্তিমাৰ্গৰ কথা। জ্ঞানৰ কথাবোৰ পিতাইহে বুজায়। তেৱোঁ (শিৱবাবা) ভ্ৰূকুটিৰ মাজত আহি কাষতে বহে। এৱোঁ (ব্ৰহ্মাবাবায়ো) তৎক্ষণাৎ বুজি লয়। এইবোৰ হ’ল সকলো নতুন কথা যিবোৰ পিতাইহে বহি বুজায়। এইটো দৃঢ়ভাৱে স্মৃতিত ৰাখি লোৱা, পাহৰি নাযাবা। পিতাক যিমান স্মৰণ কৰিবা সিমানে বিকৰ্ম বিনাশ হ’ব। বিকৰ্ম বিনাশ হোৱাৰ ওপৰতে তোমালোকৰ ভৱিষ্যতৰ আধাৰ। তোমালোক সন্তানসকলৰ লগতে ভাৰতখণ্ডও সকলোতকৈ সৌভাগ্যশালী হয়, ইয়াৰ নিচিনা সৌভাগ্যশালী আন কোনো খণ্ড নাই। ইয়ালৈ পিতা আহে। ভাৰতেই স্বৰ্গ আছিল, যাক ঈশ্বৰৰ বাগিচা বুলি কয়। তোমালোকে জানা – পিতাই পুনৰ ভাৰতক ফুলৰ বাগিচা কৰি আছে, আমি পঢ়োঁৱেই তালৈ যাবৰ কাৰণে। সাক্ষাৎকাৰো কৰা, এয়াও জানা যে এয়া সেয়াই মহাভাৰতৰ যুদ্ধ, পুনৰ এনেকুৱা যুদ্ধ কেতিয়াও নালাগে। তোমালোক সন্তানসকলৰ কাৰণে নতুন সৃষ্টিৰো নিশ্চয় প্ৰয়োজন। নতুন সৃষ্টি আছিল নহয়, ভাৰত স্বৰ্গ আছিল। 5 হাজাৰ বছৰ হ’ল, লাখ লাখ বছৰৰতো কথাই নহয়। লাখ লাখ বছৰ হ’লেতো মনুষ্য অগণন হৈ যাব। এইটোও কাৰো বুদ্ধিত ধাৰণ নহয় যে ইমান কেনেকৈ হ’ব পাৰে যিহেতু ইমান জনসংখ্যা নাই।

এতিয়া তোমালোকে বুজি পোৱা – আজিৰ পৰা 5 হাজাৰ বছৰ পূৰ্বে আমি বিশ্বত ৰাজত্ব কৰিছিলোঁ, আন খণ্ড নাছিল, সেয়া পাছত হয়। তোমালোক সন্তানসকলৰ বুদ্ধিত এই সকলো কথা আছে, আন কাৰো বুদ্ধিত একেবাৰে নাই। অকণমানো ইংগিত দিলে তেতিয়া বুজি পাব। এয়াতো যথাযথ কথা, আমাৰ আগতে নিশ্চয় কোনো ধৰ্ম আছিল। এতিয়া তোমালোকে বুজাব পাৰা যে এটাই আদি সনাতন দেৱী-দেৱতা ধৰ্ম আছিল, সেয়া প্ৰায় লোপ হৈ গৈছে। কোনেও নিজক দেৱতা ধৰ্মৰ বুলি ক’ব নোৱাৰে। বুজিয়েই নাপায় যে আমি আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ আছিলোঁ আকৌ সেই ধৰ্ম ক’লৈ গ’ল? হিন্দু ধৰ্ম ক’ৰপৰা আহিল? কাৰো এই কথাবোৰৰ চিন্তন নচলে। তোমালোক সন্তানসকলে বুজাব পাৰা – পিতাতো হৈছে জ্ঞানৰ সাগৰ, জ্ঞানৰ হৰ্তা-কৰ্তা। তেন্তে নিশ্চয় আহি জ্ঞান শুনায়। জ্ঞানেৰেই সৎগতি হয়, এই ক্ষেত্ৰত প্ৰেৰণাৰ কোনো কথা নাই। পিতাই কয় – যেনেকৈ এতিয়া আহিছোঁ, তেনেকৈ কল্পই কল্পই আহোঁ। কল্পৰ পাছতো আহি পুনৰাই সকলো সন্তানৰ সৈতে মিলিত হ’ম। তোমালোকেও এনেকৈ পৰিক্ৰমা লগোৱা। ৰাজ্য লোৱা পুনৰ হেৰুওৱা। এয়া বেহদৰ নাটক, তোমালোক সকলো ভাৱৰীয়া। আত্মা ভাৱৰীয়া হৈ ৰচয়িতা, নিৰ্দেশক, মুখ্য ভাৱৰীয়াক নাজানিলে তেন্তে তেওঁ কি কামৰ। তোমালোক সন্তানসকলে জানা – কেনেকৈ আত্মাই শৰীৰ ধাৰণ কৰে আৰু ভূমিকা পালন কৰে। এতিয়া পুনৰ উভতি যাব লাগে। এতিয়া এই পুৰণি সৃষ্টিৰ অন্ত হোৱাৰ সময়। কিমান সহজ কথা। তোমালোক সন্তানসকলেহে জানা – পিতা কেনেকৈ গুপ্তভাৱে বহি আছে। এটি গীতো আছে – কেঁথাৰ ভিতৰত ঈশ্বৰক দেখিলে (ব্ৰহ্মাৰ শৰীৰত শিৱবাবাক দেখিলে)। এতিয়া দেখিলে বুলি কোৱা বা জানিলে বুলি কোৱা – কথা একেটাই। আত্মাক চাব পাৰা, কিন্তু তাৰ পৰা কোনো লাভ নহয়। কোনোৱে বুজিব নোৱাৰে। ঐকান্তিক ভক্তিত বহুত সাক্ষাৎকাৰ কৰে, আগতে তোমালোক সন্তানসকলেও কিমান সাক্ষাৎকাৰ কৰিছিলা, বহুত কাৰ্যসূচী হৈছিল আকৌ অন্তিমৰ ফালে এই খেল-ধেমালি তোমালোকে দেখিবা। এতিয়াতো পিতাই কয় – পঢ়ি বুদ্ধিমান হৈ যোৱা। যদি নপঢ়া তেন্তে যেতিয়া ফলাফল ওলাব তেতিয়া মুখ তললৈ কৰিব লাগিব, তেতিয়া বুজিবা – মই কিমান সময় নষ্ট কৰিলোঁ। যিমান পিতাৰ স্মৃতিত থাকিবা, স্মৃতিৰ বলেৰে পাপ নাইকিয়া হৈ যাব। যিমান পিতাৰ স্মৃতিত থাকিবা সিমান আনন্দৰ পাৰা উৰ্দ্ধগামী হ’ব।

মনুষ্যই এইটো নাজানে যে ভগৱানক কিয় স্মৰণ কৰা হয়! এনেকৈ কয়ো – তুমি মাতা-পিতা… অৰ্থ নাজানে। এতিয়া তোমালোকে জানা, শিৱৰ চিত্ৰৰ ওপৰত বুজাব পাৰা – এওঁ জ্ঞানৰ সাগৰ, পতিত-পাৱন হয়, তেওঁক স্মৰণ কৰিব লাগে। সন্তানসকলে জানে – সেইজন পিতাই আহিছে অপাৰ সুখৰ ৰাস্তা দেখুৱাবলৈ। এয়া হৈছে পঢ়া। ইয়াত যিয়ে যিমান পুৰুষাৰ্থ কৰিব সিমানে উচ্চ পদ পাব। এওঁ কোনো সাধু-সন্ত আদি নহয়, যিসকলে একাদিক্ৰমে গাদীত (আসনত) অধিষ্ঠিত হৈ আহিছে। এয়াতো শিৱবাবাৰ গাদী। এনেকুৱা নহয় যে এওঁ যাব তেতিয়া আন কোনোবা গাদীত বহিব। পিতাইতো সকলোকে লগত লৈ যাব। কিছুমান সন্তানে ব্যৰ্থ খেয়ালত নিজৰ সময় নষ্ট কৰে। তেওঁলোকে ভাবে – খুব ধন একত্ৰিত কৰোঁ, পুত্ৰ, নাতিয়ে খাব, পাছত কামত আহিব, বেংকৰ লকাৰত জমা কৰোঁ, সতি-সন্তানে খাই থাকিব। কিন্তু চৰকাৰে কাকোৱে নেৰিব, সেইবাবে সিহঁতৰ বেছি খেয়াল নকৰি নিজৰ ভৱিষ্যতৰ উপাৰ্জনত লাগি যোৱা উচিত। এতিয়া সন্তানসকলে পুৰুষাৰ্থ কৰিব লাগে। এনকুৱা নহয় যে ড্ৰামাত থাকিলে কৰিম। পুৰুষাৰ্থ অবিহনে খাবলৈও নাপায় কিন্তু কাৰোবাৰ ভাগ্যত নাথাকিলে তেতিয়া এনেকুৱা খেয়াল আহি যায়। ভাগ্যতেই নাই তেনেহ’লে ঈশ্বৰীয় পুৰুষাৰ্থই বা কি কৰিব। যাৰ ভাগ্যত আছে, তেওঁলোকে ভালদৰে ধাৰণ কৰে আৰু কৰায়। পিতা তোমালোকৰ শিক্ষকো হয়, গুৰুও হয় তেওঁক স্মৰণ কৰা উচিত। সকলোতকৈ প্ৰিয় পিতা, শিক্ষক আৰু গুৰুৱেই হয়। তেওঁকতো স্মৰণ কৰা উচিত। পিতাই যুক্তিতো বহুত শুনায়। তোমালোকে সাধু-সন্ত আদিকো নিমন্ত্ৰণ জনাব পাৰা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পুৰুষাৰ্থ কৰি নিজৰ ভৱিষ্যতৰ উপাৰ্জনত লাগি যাব লাগে, ড্ৰামাত থাকিলে কৰিম, এনেকৈ কৈ পুৰুষাৰ্থহীন হ’ব নালাগে।

(2) গোটেই দিনটোত যি পাপ হয় বা কাৰোবাক দুখ দিয়া সেয়া টুকি ৰাখিব লাগে। সততাৰে পিতাক শুনাব লাগে, স্বচ্ছ অন্তৰৰ হৈ এজন পিতাৰ স্মৃতিৰে সকলো হিচাপ নিষ্পত্তি কৰিব লাগে।

বৰদান:
মুকুট আৰু সিংহাসন সদায় বৰ্তাই ৰাখোঁতা নিৰন্তৰ স্বতঃ যোগী হোৱা

বৰ্তমান সময়ত পিতাৰ দ্বাৰা সকলো সন্তানে মুকুট আৰু সিংহাসন প্ৰাপ্ত কৰে, এতিয়াৰ এই মুকুট আৰু সিংহাসনে অনেক জন্মৰ কাৰণে মুকুট আৰু সিংহাসন প্ৰাপ্ত কৰায়। বিশ্ব কল্যাণৰ দ্বায়িত্বৰ মুকুট আৰু বাপদাদাৰ অন্তৰ সিংহাসন সদায় বৰ্তি থাকিলে নিৰন্তৰ স্বতঃ যোগী হৈ যাব। তেওঁলোকৰ কোনো ধৰণৰ পৰিশ্ৰম কৰাৰ কথা নাই। কিয়নো এটাতো সম্বন্ধ সমীপৰ দ্বিতীয়তে প্ৰাপ্তি অক্ষয়। য’ত প্ৰাপ্তি হয় ত’ত স্বতঃ স্মৃতি থাকে।

স্লোগান:
সৰল বুদ্ধিৰে পৰিকল্পনাক বাস্তৱায়িত কৰিলে সফলতা সমাহিত হৈয়েই আছে।


আত্মিক আভিজাত্য আৰু পৱিত্ৰতাৰ ব্যক্তিত্ব ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

দুখ-অশান্তিৰ উৎপত্তি অপৱিত্ৰতাৰ পৰা হয়। য’ত অপৱিত্ৰতা নাই ত’ত দুখ অশান্তি ক’ৰ পৰা আহিব। তোমালোক সকলো পতিত-পাৱন পিতাৰ সন্তান মাষ্টৰ পতিত পাৱন হোৱা, গতিকে যি অন্যক পতিতৰ পৰা পাৱন কৰোঁতা তেওঁ নিজেতো পাৱন হ’বই। এনেকুৱা পাৱন পৱিত্ৰ আত্মাসকলৰ সুখ আৰু শান্তি স্বতঃ থাকেই। সকলোতকৈ শ্ৰেষ্ঠ মহানতা হৈছেই পাৱন হোৱা। আজিও এই মহানতাৰ আগত সকলো নতশিৰ হয়।