24.06.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“*“পৱিত্ৰতা ৰূপী গুণ ধাৰণ কৰি নিৰ্দেশকৰ নিৰ্দেশনা অনুসৰি চলি থাকা তেতিয়া দৈৱী ৰাজ্যত আহি যাবা”*”

(প্ৰাতঃ ক্লাছত শুনাবৰ বাবে জগদম্বা মাৰ মধুৰ মহাবাক্য)

ওঁম্ শান্তি। এইখন জগতক নাটক বুলিও কয়, ড্ৰামা বুলি কোৱা, নাটক বুলি কোৱা বা খেল বুলি কোৱা কথা একেটাই। নাটক এটা কাহিনীৰেই হয়। তাত মাজত বহু আনুষংগিক দৃশ্য দেখুৱায় কিন্তু কাহিনী এটাই থাকে। তেনেকৈ এইখন বেহদ বিশ্ব ড্ৰামা, ইয়াক নাটক বুলিও কোৱা হয়, য’ত আমি সকলো ভাৱৰীয়া। এতিয়া যিহেতু আমি ভাৱৰীয়া গতিকে ভাৱৰীয়াই নাটকৰ বিষয়ে পূৰা গম পোৱা উচিত যে কি কাহিনীৰে এয়া আৰম্ভ হয়, আমাৰ এই ভূমিকা ক’ৰ পৰা আৰম্ভ হ’ল আৰু কেতিয়া পূৰা হয়, আকৌ তাত সময় অনুসৰি কোন কোন ভাৱৰীয়াৰ কেনেকুৱা কেনেকুৱা ভূমিকা থাকে আৰু তাৰ নিৰ্দেশক, ৰচয়িতা কোন আৰু এই নাটকত নায়ক-নায়িকাৰ ভূমিকা কাৰ, এই সকলো কথাৰ জ্ঞান থাকিব লাগে। অকল নাটক বুলি ক’লেইতো কাম নচলিব। নাটক হয় গতিকে নাটকৰ আমি ভাৱৰীয়াও হওঁ। যদি কোনোবা ড্ৰামাৰ ভাৱৰীয়া হয় আৰু আমি তেওঁক সোধো যে ইয়াৰ কাহিনী কি, এয়া ক’ৰপৰা আৰম্ভ হয়, ক’ত পূৰা হয়! যদি তেওঁ কয় - মই গম নাপাওঁ তেন্তে ইয়াক কি বুলি কোৱা হ’ব? ক’ব – এওঁ ইমানখিনিও গম নাপায় অথচ নিজক ভাৱৰীয়া বুলি কয়! ভাৱৰীয়াৰতো সকলো কথাৰ খবৰ থাকিব লাগে নহয়। নাটক আৰম্ভ হ’ল তেন্তে তাৰ অন্তও নিশ্চয় হ’ব। এনেকুৱা নহয় যে আৰম্ভ হ’ল সেয়েহে চলিয়েই থাকিব। গতিকে এই সকলো কথা বুজিব লাগে। এই বেহদ নাটকৰ যি ৰচয়িতা তেওঁ জানে যে কেনেকৈ এই নাটক আৰম্ভ হ’ল, ইয়াত মুখ্য ভাৱৰীয়া কোনসকল আৰু সকলো ভাৱৰীয়াৰ ভিতৰত নায়ক আৰু নায়িকাৰ ভূমিকা কাৰ, এই সকলো কথা পিতাই বুজাই আছে।

এই সকলো জ্ঞান যিসকল নিতৌ ক্লাছলৈ আহে আৰু শুনে তেওঁলোকে বুজি পায়, তেওঁলোকে গম পায় যে ইয়াৰ প্ৰথম নিৰ্দেশক আৰু ৰচয়িতা কোন? ৰচয়িতা বুলি কোৱা হ’ব পৰম আত্মাক (পৰমপিতা পৰমাত্মাক), কিন্তু তেৱোঁ ভাৱৰীয়া, তেওঁৰ ভাও কি? নিৰ্দেশকৰ। তেওঁ এবাৰেই আহি ভাৱৰীয়া হয়। এতিয়া নিৰ্দেশক হৈ ভূমিকা পালন কৰি আছে। তেওঁ কয় - এই নাটকৰ আৰম্ভণি মই কৰোঁ, কেনেকৈ? যিখন পৱিত্ৰ সত্যযুগী সৃষ্টি, যাক নতুন সৃষ্টি বুলি কয়, সেই নতুন সৃষ্টি স্থাপনা কৰোঁ। এতিয়া তোমালোক যিসকলে পৱিত্ৰতা ধাৰণ কৰি নিৰ্দেশকৰ নিৰ্দেশনা অনুসৰি চলি আছা, সেই সকলো ভাৱৰীয়া এতিয়া পৱিত্ৰ হৈ আছে, আকৌ এইসকল ভাৱৰীয়াৰ দ্বাৰা অনেক জন্মৰ চক্ৰ চলিব। এয়া পিতাইহে বুজায় যে এতিয়া পৱিত্ৰ হোৱা মনুষ্য পৰৱৰ্তী জন্মত দৈৱী ৰজ্যত আহিব। সেই ৰাজ্য দুটা যুগ সূৰ্যবংশী চন্দ্ৰবংশী ৰূপত চলে আকৌ সেই সূৰ্যবংশী চন্দ্ৰবংশী ভাৱৰীয়াৰ ভূমিকা যেতিয়া পূৰা হয় তেতিয়া আকৌ অলপ অৱনমিত হয় অথবা বাম মাৰ্গত আহে। তেতিয়া অন্য ধৰ্মৰ পাল আহে ইব্ৰাহীম, বুদ্ধ, আকৌ খ্ৰীষ্টিয়ান এই সকলো ধৰ্ম প্ৰতিষ্ঠাপক ক্ৰমানুসৰি আহি নিজৰ নিজৰ ধৰ্ম প্ৰতিষ্ঠা কৰে।

গতিকে চোৱা, নাটকৰ কাহিনী ক’ৰ পৰা আৰম্ভ হ’ল, ক’ত পূৰা হয়। তাৰ মাজতে এই অন্যান্য আনুষঙ্গিক দৃশ্যবোৰ কেনেকৈ চলে, বহি এই সকলো বৃত্তান্ত বুজায়। এতিয়া এই নাটক পূৰা হ’বৰ হৈছে, সেই নাটকতো তিনি ঘণ্টাতে সমাপ্ত হয়, এইখনক 5 হাজাৰ বছৰ লাগে। বাকী তাৰ ভিতৰতো এতিয়া অলপ সময় আছে, বচ্‌ এতিয়া তাৰ তৈয়াৰী চলি আছে। এতিয়া এই নাটক পূৰা হৈ আকৌ পুনৰাবৃত্তি হ’ব। গতিকে এই সকলো বৃত্তান্ত বুদ্ধিত থাকিব লাগে, ইয়াকে জ্ঞান বুলি কোৱা হয়। এতিয়া চোৱা পিতা আহি নতুন ভাৰত, নতুন সৃষ্টি ৰচনা কৰি আছে। ভাৰত যেতিয়া নতুন আছিল তেতিয়া এই বিশাল সৃষ্টি নাছিল। এতিয়া পুৰণা ভাৰত গতিকে জগতখনো পুৰণী। পিতা আহি ভাৰত যি অবিনাশী খণ্ড, প্ৰাচীন নিজৰ দেশ, এতিয়া দেশ বুলি কয় কিয়নো অন্য দেশলৈ এইখনো খণ্ডিত হৈ গৈছে। কিন্তু বাস্তৱত গোটেই বিশ্বত, গোটেই পৃথিৱীত একমাত্ৰ ভাৰতৰ ৰাজ্য আছিল, যাক প্ৰাচীন ভাৰত বুলি কোৱা হয়। সেই সময়ৰ ভাৰতৰ গায়ন আছিল, সোণৰ চৰাই (অতি সমৃদ্ধশালী)। গোটেই পৃথিৱীত কেৱল ভাৰতৰে নিয়ন্ত্ৰণ আছিল, এক ৰাজ্য আছিল, এক ধৰ্ম আছিল। সেই সময়ত সম্পূৰ্ণ সুখ আছিল, এতিয়া ক’ত আছে সেইকাৰণে পিতাই কয় - ইয়াৰ বিনাশ কৰি পুনৰ এক ৰাজ্য, এক ধৰ্ম আৰু প্ৰাচীন সেইখনেই নতুন ভাৰত নতুন সৃষ্টি ৰচনা কৰোঁ। বুজিলা। সেইখন সৃষ্টিত কোনো দুখ নাই, কোনো ৰোগ নাই, কেতিয়াও কাৰো অকাল মৃত্যু নহয়। গতিকে এনেকুৱা জীৱন পাবলৈ পুৰুষাৰ্থ কৰা। এনেয়ে জানো পাবা। কিবাতো পৰিশ্ৰম কৰিব লাগিব। বীজ সিঁচিলেহে পাবা। বীজ নিসিঁচিলে কেনেকৈ পাবা? গতিকে এয়া হৈছে কৰ্মক্ষেত্ৰ, এই ক্ষেত্ৰত কৰ্ম ৰূপী বীজ সিঁচিব লাগে। আমি যি কৰ্ম ৰূপী বীজ সিঁচো সেয়াই ফল পাম। পিতাই কৰ্ম ৰূপী বীজ সিঁচিবলৈ শিকাই আছে। যেনেকৈ খেতি কৰিবলৈ শিকায় নহয়, কেনেকৈ বীজ সিঁচিবা, কেনেকৈ তাৰ তত্ত্বাৱধান ল’বা, তাৰো প্ৰশিক্ষণ দিয়ে। গতিকে পিতা আহি আমাক কৰ্মৰ খেতিৰ বাবে, কৰ্ম ৰূপী বীজ কেনেকৈ সিঁচিব লাগে, তাৰ প্ৰশিক্ষণ দি আছে যে নিজৰ কৰ্ম শ্ৰেষ্ঠ কৰি তোলা, ভাল বীজ সিঁচা তেতিয়া ভাল ফল পাবা। যেতিয়া কৰ্ম ভাল হ’ব তেতিয়া যি সিঁচিবা তাৰ ভাল ফল পাবা। যদি কৰ্ম ৰূপী বীজ শক্তিশালী নহয়, বেয়া কৰ্মৰ বীজ সিঁচা তেন্তে কি ফল পাবা? এয়া যি খাই আছা আকৌ কন্দা কটা কৰি আছা। যি খোৱা তাৰ বাবেই আকৌ কান্দি আছা, দুখ আৰু অশান্তি হৈছে। কিবা নহয় কিবা ৰোগ আদি অশান্তি হৈ থাকে, সকলো কথাই মনুষ্যক দুখী কৰে সেইকাৰণে এতিয়া পিতাই কয় - এতিয়া মই তোমালোকৰ কৰ্ম উচ্চ মানদণ্ডৰ কৰি তোলোঁ, যেনেকৈ বীজো সেই মানদণ্ডৰ হ’লে তেন্তে উচ্চ মানদণ্ডৰ বীজ সিঁচিব গতিকে তাৰ ভাল ফল পোৱা যাব। যদি বীজ উচ্চ মানদণ্ডৰ নহয় তেন্তে উচ্চ মানদণ্ডৰ ফল প্ৰাপ্ত নহ’ব। গতিকে আমাৰ কৰ্মও উচ্চ মানদণ্ডৰ হোৱা উচিত নহয় জানো। সেয়েহে এতিয়া পিতাই আমাৰ কৰ্ম ৰূপী বীজ উচ্চ মানদণ্ডৰ কৰি তোলে। গতিকে সেই শ্ৰেষ্ঠ মানদণ্ডৰ বীজ সিঁচিলে শ্ৰেষ্ঠ ফল পাবা। সেইবাবে নিজৰ কৰ্মৰ যি বীজ, সেয়া উত্তম কৰি তোলা তাৰপাছত আকৌ উত্তম বীজ সিঁচিবলৈ শিকা। গতিকে এই সকলো কথা বুজি এতিয়া নিজৰ পুৰুষাৰ্থ কৰা।

বাৰু, এতিয়া দুই মিনিট শান্ত হৈ যোৱা। শান্ত হোৱাৰ অৰ্থ হৈছে - মই আত্মা, প্ৰথমতে শান্তি তাৰ পাছত বাণীত আহোঁ। এতিয়া পিতাই কয় – আকৌ শান্তিৰ লোকলৈ ব’লা, শান্তি হৈছে নিজৰ ধৰ্ম। সেই শান্তিৰ লোকলৈ যাবলৈ কয় - এই দেহৰ আৰু দেহ সহিত দেহৰ সম্বন্ধীয়সকলৰ প্ৰতি থকা আকৰ্ষণ এতিয়া এৰা, তাৰ পৰা পৃথক হৈ যোৱা। পৰম পিতাৰ সন্তান, এতিয়া মোক স্মৰণ কৰা আৰু মোৰ ধামলৈ আহি যোৱা। গতিকে এতিয়া যোৱাৰ প্ৰতি ধ্যান দিয়া, এতিয়া অহাৰ খেয়াল নকৰিবা। অন্তিমৰ স্থিতি অনুসৰিয়ে গতি। এতিয়া কাৰো প্ৰতি যাতে আকৰ্ষণ নাথাকে। এতিয়াতো শৰীৰৰো আকৰ্ষণ ত্যাগ কৰা। বুজিলা। এনেকৈ নিজৰ ধাৰণা গঢ়ি তুলিব লাগে, বাৰু এতিয়া শান্ত হৈ বহা। চলা ফুৰা কৰিও শান্ত অৱস্থা, কথা কওঁতেও শান্ত অৱস্থা। কথা কওঁতে কেনেকৈ শান্ত হ’বা? গম পোৱানে? কথা কোৱাৰ সময়ত আমাৰ বুদ্ধিযোগ নিজৰ সেইটো অৱস্থা মই আত্মা, প্ৰথমে পৱিত্ৰ আত্মা অথবা শান্ত আত্মা, এইটো স্মৃতিত ৰাখিবা। কোৱাৰ সময়ত আমাৰ এইটো জ্ঞান থকা উচিত যে মই আত্মা, এই কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা কওঁ। গতিকে এইটো নিজৰ অভ্যাস থকা উচিত, যেন মই ইয়াৰ আধাৰ লৈ কওঁ। ব’লা এতিয়া দুচকুৰ আধাৰ লৈ চাওঁ। যাৰ আৱশ্যকতা আছে তাৰ আধাৰ লৈ কাম কৰা। এনেকৈ আধাৰ লৈ কাম কৰিলে বহুত আনন্দিত হৈ থাকিবা, তেতিয়া কোনো বেয়া কামো নহ’ব। বাৰু।

এনেকুৱা বাপদাদা আৰু মাৰ অতি মৰমৰ, সদায় শান্তিৰ অনুভৱ কৰোঁতা সন্তানসকলৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। ভাল বাৰু।

সন্দেশীৰ তনৰ দ্বাৰা সৰ্বশক্তিমান পিতাৰ উচ্চাৰিত মহাবাক্য (মাতেশ্বৰী জীৰ প্ৰতি)

1) হে শিৰোমণী কন্যা ৰাধা, তুমি নিতৌ মোৰ সমান দিব্য কৰ্তব্যত তৎপৰ হোৱা অৰ্থাৎ বৈষ্ণৱ শুদ্ধ স্বৰূপ হোৱা, শুদ্ধ সেৱা কৰা সেইকাৰণে সাক্ষাৎ মোৰ স্বৰূপ হোৱা। যিসকল সন্তানে নিজৰ পিতাৰ পদাংক অনুসৰণ নকৰে তেওঁলোকৰ পৰা মই একেবাৰে দূৰৈত কিয়নো সন্তান পিতাৰ সমান অৱশ্যেই হোৱা উচিত। এইটো নিয়ম এতিয়া বলবৎ হয় যিটো সত্যযুগ ত্ৰেতালৈ চলে, তাত যেনেকুৱা পিতা তেনেকুৱা সন্তান। কিন্তু দ্বাপৰ কলিযুগত যেনেকুৱা পিতা তেনেকুৱা সন্তান নহয়। এতিয়া সন্তানে পিতাৰ সমান হ’বলৈ পৰিশ্ৰম কৰিবলগীয়া হয়, কিন্তু তাততো স্বাভাৱিকতেই এইটো নিয়ম থাকে যে যেনেকুৱা পিতা তেনেকুৱা সন্তান। যিটো অনাদি নিয়ম এই সংগমৰ সময়ত ঈশ্বৰ পিতা প্ৰত্যক্ষ হৈ বলবৎ কৰে।

2) মধুৰ মালীৰ মধুৰ মৰমৰ দিব্য পুৰুষাৰ্থী কন্যা, এতিয়া তুমি বহুত ৰমণীয় মৰমিয়াল হ’ব লাগে আৰু আনকো কৰি তুলিব লাগে। এতিয়া বিশ্ব সাৰ্বভৌমত্বৰ চাবি চেকেণ্ডত প্ৰাপ্ত কৰা আৰু কৰোৱাটো তোমাৰ হাতত আছে। চোৱা, সৰ্বশক্তিমান যি সকলো জীৱ প্ৰাণীৰ মালিক তেওঁ যেতিয়া প্ৰত্যক্ষ ৰূপত এই কৰ্মক্ষেত্ৰলৈ আহিছে সেয়েহে গোটেই সৃষ্টি আনন্দৰ ঘৰ হৈ গৈছে। এই সময়ত সেইজনা জীৱ প্ৰাণীৰ মালিকে অব্যক্ত ৰীতিৰে সৃষ্টিক চলাই আছে। কিন্তু যেতিয়া তেওঁ প্ৰত্যক্ষ ৰূপত দেহধাৰী হৈ মালিকবোধেৰে কৰ্মক্ষেত্ৰলৈ আহে তেতিয়া সত্যযুগ ত্ৰেতাৰ সময়ৰ সকলো জীৱ প্ৰাণী সুখী হৈ যায়। তাত সত্যৰ দৰবাৰ খোলা থাকে। যিয়ে ঈশ্বৰীয় সুখ প্ৰাপ্ত কৰিবলৈ পুৰুষাৰ্থ কৰিছে তেওঁলোকৰ তাত সদাকালৰ কাৰণে সুখ প্ৰাপ্ত হৈ যায়। এই সময়ত সকলো জীৱ প্ৰাণীয়ে সুখৰ দান নাপায়, পুৰুষাৰ্থই প্ৰালব্ধক টানি আনে। যিসকলৰ যোগ ঈশ্বৰৰ সৈতে আছে তেওঁলোকৰ ঈশ্বৰৰ দ্বাৰা সম্পূৰ্ণ সুখৰ দান প্ৰাপ্ত হৈ যায়।

3) অহো! তুমি সেইগৰাকী শক্তি যিয়ে নিজৰ ঈশ্বৰীয় শক্তিৰ ৰং প্ৰত্যক্ষ কৰি আসুৰি সৃষ্টিৰ বিনাশ কৰি দৈৱী সৃষ্টি স্থাপনা কৰি আছা, পাছলৈ আকৌ সকলো শক্তিৰ মহিমা হ’ব। এতিয়া সেই শক্তি তোমাৰ মাজত ধাৰণ হৈ আছে। তুমি সদায় নিজৰ ঈশ্বৰীয় বল আৰু আত্মিক মৰ্যাদাত থাকিলে সদায় অপাৰ আনন্দিত হৈ থাকিবা। নিতৌ হৰ্ষিতমুখ। তোমাৰ নিচা থাকিব লাগে যে মই কোন! কাৰ হওঁ? মোৰ কিমান সৌভাগ্য? কিমান উচ্চ পদবী? এতিয়া তুমি নিজৰ স্বৰাজ্য প্ৰাপ্ত কৰা পাছত সত্যযুগত যুৱৰাজ হ'বাগৈ। তেন্তে কিমান নিচা থাকিব লাগে! নিজৰ এই ভাগ্যক চাই আনন্দিত হৈ থাকা, নিজৰ ভাগ্যক চোৱা ইয়াৰ পৰা কিমান লটাৰি প্ৰাপ্ত হয়। অহো, কিমান শ্ৰেষ্ঠ তোমাৰ ভাগ্য যি ভাগ্যৰ দ্বাৰা বৈকুণ্ঠৰ লটাৰি প্ৰাপ্ত হয়। বুজিলা, আটাইতকৈ ভাগ্যৱান দৈৱী ফুল সন্তান।

4) এই অতি মনোমোহা সংগমৰ সময়ত স্বয়ং নিৰাকাৰ পৰমাত্মা সাকাৰত আহি এই ঈশ্বৰীয় কাৰখানা খুলিছে, য'ৰ পৰা যিকোনো মনুষ্যই নিজৰ বিনাশী লাম-লাকটু দি অবিনাশী জ্ঞান ৰত্ন ল'ব পাৰে। এই অবিনাশী জ্ঞান ৰত্নৰ বেপাৰ অতি সূক্ষ্ম যাক বুদ্ধিৰে কিনিব লাগে। এয়া কোনো স্থূল বস্তু নহয় যে এই দুচকুৰে দেখা যাব কিন্তু অতি সূক্ষ্ম, গুপ্ত লুকাই থকাৰ বাবে ইয়াক কোনেও লুটি নিব নোৱাৰে। এনেকুৱা সৰ্বোত্তম জ্ঞান ৰূপী সম্পদ প্ৰাপ্ত কৰিলে অতি সংকল্প ৰহিত, সুখদায়ক অৱস্থা থাকে। যেতিয়ালৈকে কোনোবাই এই অবিনাশী জ্ঞান ৰত্ন নিকিনে তেতিয়ালৈকে নিশ্চিন্ত, দুশ্চিন্তা মুক্ত, সংকল্প ৰহিত হৈ থাকিব নোৱাৰে সেয়েহে এই অবিনাশী জ্ঞান ৰত্ন উপাৰ্জন কৰি নিজৰ বুদ্ধিৰূপী সূক্ষ্ম চন্দুকত ধাৰণ কৰি সদায় নিশ্চিন্ত হৈ থাকিব লাগে। বিনাশী ধনততো দুখ সমাহিত হৈ থাকে আৰু অবিনাশী জ্ঞান ধনত সুখ সমাহিত হৈ থাকে।

5) যেনেকৈ সূৰ্যই সাগৰৰ পানী শুহি লৈ আকৌ ওখ পাহাৰত বৃষ্টিপাত কৰে, তেনেকৈ এয়াও প্ৰত্যক্ষভাৱে ঈশ্বৰৰ দ্বাৰা বৃষ্টিপাত হয়। কোৱা হয় শিৱৰ জঁটাৰ পৰা গংগা ওলায়। এতিয়া এওঁৰ মুখ কমলৰ দ্বাৰা জ্ঞান অমৃতধাৰা বৰষি আছে, যাক অবিনাশী ঈশ্বৰীয় ধাৰা বুলি কোৱা হয়, যাৰ দ্বাৰা তোমালোক ভগীৰথ পুত্ৰ পাৱন হৈ আছা, অমৰ হৈ আছা। এয়া শিৰৰ মুকুট কৰি তোলাৰ অনন্য মণ্ডলী, ইয়ালৈ যিয়েই নৰ-নাৰী আহিব তেওঁলোক শিৰৰ মুকুট হৈ যাব। জগতখনকো মণ্ডলী বোলা হয়। মণ্ডল অৰ্থাৎ স্থান, এতিয়া এই মণ্ডলী ক'ত বৰ্তি আছে? ওঁম্‌ আকাৰত অৰ্থাৎ নিজৰ স্বধৰ্মত আৰু গোটেই জগতে স্বধৰ্ম পাহৰি প্ৰকৃতিৰ ধৰ্মত বৰ্তি আছে। তোমালোক শক্তিসকলে আকৌ প্ৰকৃতিক পাহৰি স্বধৰ্মত বৰ্তি আছা।

6) এইখন জগতত সকলো মনুষ্যই নিৰাকাৰ ভগৱানক স্মৰণ কৰে, যাক নিজৰ দুচকুৰে দেখাও নাই সেই নিৰাকাৰৰ প্ৰতি তেওঁলোকৰ ইমান অধিক স্নেহ থাকে যে কয় হে ঈশ্বৰ আপোনাৰ মাজত মোক লীন কৰি দিয়ক, কিন্তু কেনেকুৱা আচৰিত কথা যে স্বয়ং ঈশ্বৰ যেতিয়া সাকাৰত প্ৰত্যক্ষ হৈছে তেতিয়া তেওঁক চিনি নাপায়। ঈশ্বৰৰ বহুত প্ৰিয় ভক্তই এনেকৈ কয় যে যেনিয়ে চাওঁ তেনিয়ে তুমিয়েই তুমি, যদিওবা তেওঁলোকে দেখাও নাপায় কিন্তু বুদ্ধিযোগেৰে এইটোৱে উপলদ্ধি কৰে যে ঈশ্বৰ সকলোতে বিৰাজমান হৈ আছে। কিন্তু তোমালোকে অনুভৱেৰে কোৱা যে স্বয়ং নিৰাকাৰ ঈশ্বৰ বাস্তৱত সাকাৰ ৰূপত ইয়ালৈ আহিছে। এতিয়া সহজে তোমালোকে আহি মোক সাক্ষাৎ কৰিব পাৰা। কিন্তু মোৰ বহুত সন্তানেও সাকাৰত প্ৰভু পিতাক চিনি নাপায়। নিৰাকাৰ তেওঁলোকৰ অতি মৰমৰ কিন্তু সেই নিৰাকাৰ, যিজন এতিয়া সাকাৰত প্রত্যক্ষ হৈছে, তেওঁক যদি চিনি পায় তেতিয়া কিমান প্ৰাপ্তি কৰিব পাৰে, কিয়নো প্ৰাপ্তিতো তথাপি সাকাৰৰ দ্বাৰাই হ’ব। বাকী যিয়ে ঈশ্বৰক দূৰৈৰ নিৰাকাৰ বুলি ভাবে আৰু তেনেকৈয়ে চায়, যাৰ একো প্ৰাপ্তি নহয় তেওঁলোক হৈ গ’ল ভক্ত, তেওঁলোকৰ কোনো জ্ঞান নাই। এতিয়া সাকাৰ প্ৰভু পিতাক জানোঁতা জ্ঞানী সন্তান, সকলো দৈৱীগুণৰ সুবাসেৰে ভৰপূৰ মৰমৰ ফুলে নিজৰ প্ৰভু পিতাৰ প্ৰতি নিজৰ জীৱনেই অৰ্পণ কৰি দিয়ে, যাৰ দ্বাৰা তেওঁলোকৰ জন্ম-জন্মান্তৰ সম্পূৰ্ণ দৈৱী দিব্য শোভনীয় শৰীৰ প্ৰাপ্ত হৈ যায়।

7) নিজক জনা বাবেই তোমালোকৰ শুদ্ধ-অশুদ্ধ, সত্য-অসত্য চিনাক্ত কৰাৰ শক্তি আহি গৈছে। এই ঈশ্বৰীয় জ্ঞানেৰে বচন সত্য হৈ থাকে, যাৰ দ্বাৰা কাৰো সংগ দোষৰ প্ৰভাৱ পৰিব নোৱাৰে। সংগদোষৰ প্ৰভাৱ তেওঁলোকৰ ওপৰত পৰে যি নিজে অজ্ঞানতাৰ বশীভূত হৈ আছে। এই সময়ত সত্যতা নায়েই সেয়েহে কাৰো কথাক ভৰষা নকৰি তেওঁলোকৰ পৰা লিখোৱাই লয়। মনুষ্যৰ মুখেৰে অসত্য বচন ওলায়, যদি সত্য বচন হয় তেন্তে তেওঁৰ মহাবাক্য বুলি পূজিলে হয়। যেনেকৈ চোৱা দৈৱী পিতাৰ সত্য মহাবাক্যৰ শাস্ত্ৰ ৰচনা কৰা হৈছে, যাৰ গায়ন আৰু পূজন হয়। তেওঁৰ সত্য মহাবাক্য ধাৰণ কৰিলে ঈশ্বৰীয় গুণ আহি হয়। কেৱল ইমানে নহয় কোনোবাইতো পঢ়ি পঢ়ি শ্ৰীকৃষ্ণৰ, ব্ৰহ্মাৰ সাক্ষাৎকাৰো কৰি লয়।

অহো, পৱিত্ৰ হৃদয় পদুম, পৱিত্ৰ হস্ত পদুম, পৱিত্ৰ নয়ন পদুম জীয়ৰী ৰাধা, তোমাৰ গোটেই কায়া পৰিৱৰ্তন হৈ পদুমফুলৰ সমান কাঞ্চন হৈ গৈছে। কিন্তু প্ৰথমে যেতিয়া আত্মা কাঞ্চন হয় তেতিয়া গোটেই তন কাঞ্চন পৱিত্ৰ হয়। যি পৱিত্ৰ তনতেই অতি আকৰ্ষণ নিহিত হৈ আছে। তুমি নিজৰ পৰমেশ্বৰ পিতাৰ দ্বাৰা অজ্ঞানতাৰ জুই নুমুৱাই জ্ঞান জাগ্ৰত কৰি অতি শীতল হৈ গৈছা। নিজে শীতল ৰূপ হৈ অন্য সমনীয়াসকলকো এনেকুৱা সঁচা শীতলতা দান দিয়াৰ অৰ্থে এই সুন্দৰ সংগমৰ সময়ত নিমিত্ত হৈছা। তোমাৰ জড় চিত্ৰৰ দ্বাৰা সমগ্ৰ জগতে শীতলতা আৰু শান্তিৰ দান পাই থাকে। এতিয়া তুমি গোটেই সৃষ্টিক উদ্ধাৰ কৰি অন্তিমত নিজৰ দিব্য প্ৰকাশ দেখুৱাই, নতুন বৈকুণ্ঠৰ সোণালী বাগিচাত গৈ বিশ্ৰাম ল’বাগৈ। ভাল বাৰু!

বৰদান:
“বাবা” শব্দৰ চাবিৰে সকলো সম্পদ প্ৰাপ্ত কৰোঁতা ভাগ্যৱান আত্মা হোৱা

জ্ঞানৰ বিস্তাৰ জানিব নোৱাৰিলেও বা শুনাব নোৱাৰিলেও এটা শব্দ ‘বাবা’ অন্তৰেৰে মানি ল’লে আৰু অন্তৰেৰে শুনালে গতিকে বিশেষ আত্মা হৈ গ’ল, জগতৰ আগত মহান আত্মাৰ স্বৰূপত গায়ন যোগ্য হৈ গ’ল কিয়নো এক ‘বাবা’ শব্দ হৈছে সকলো সম্পদ বা ভাগ্যৰ চাবি। চাবি ব্যৱহাৰ কৰাৰ বিধি হৈছে অন্তৰেৰে জনা আৰু মানি লোৱা। অন্তৰেৰে ‘বাবা’ বুলি ক’লে সম্পদ সদায় হাজিৰ।

স্লোগান:
বাপদাদাৰ প্ৰতি যদি স্নেহ আছে তেন্তে স্নেহত পুৰণি সৃষ্টি উৎসৰ্গিত কৰি দিয়া।


কৰ্মযোগী হ’বলৈ আজিৰ অব্যক্ত সংকেত:

যিকোনো কাৰ্য কৰোঁতে পিতাৰ স্মৃতিত, স্নেহত লীন হৈ থাকা। কৰ্মযোগী অৰ্থাৎ স্মৃতিত থাকি কৰ্ম কৰোঁতা, তেওঁ সদায় কৰ্মবন্ধন মুক্ত হৈ থাকে। তেওঁৰ অনুভৱ হয় যে কৰ্ম কৰি থকা নাই, খেলা খেলি আছে। তেওঁৰ কোনো ধৰণৰ বোজা বা ক্লান্তিৰ উপলদ্ধি নহ’ব। কৰ্মযোগী অৰ্থাৎ কৰ্ম খেলৰ ৰীতিৰে উপৰাম হৈ কৰোঁতা। তেওঁ ৰ্কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা কাৰ্য কৰি পিতাৰ স্নেহত লীন হৈ থকাৰ কাৰণে বন্ধনমুক্ত হৈ যায়।


 
`