24.06.25 Avyakt Bapdada
Assame
Murli Om Shanti Madhuban
“*“মাতেশ্বৰীজীৰ
পূণ্য স্মৃতি দিৱসত প্ৰাতঃ ক্লাছত শুনাবৰ বাবে মধুৰ মহাবাক্য”*”
গীত: মেৰা ছোতা-সা
দেখো য়ে সংসাৰ হে.... (চোৱা মোৰ এয়া সৰু সংসাৰ...)
এই গীতটি কোন সময়ত গোৱা হৈছে কিয়নো এই সংগমৰ সময়তেই আমাৰ ব্ৰাহ্মণ কুলৰ এয়া
সৰু-সংসাৰ। এয়া আমাৰ কি পৰিয়াল, সেয়া পুৰুষাৰ্থৰ ক্ৰমানুসৰি কয়। আমি পৰমপিতা
পৰমাত্মা শিৱৰ নাতি-নাতিনী, ব্ৰহ্মা-সৰস্বতীৰ মুখ বংশাৱলী সন্তান আৰু বিষ্ণু, শংকৰ
আমাৰ বৰদেউতা আৰু আমি পৰস্পৰ ভাই-ভনী। এয়াই হৈছে আমাৰ সৰু-সংসাৰ... ইয়াৰ পাছত আৰু
সমন্ধ ৰচাই নাই, এই সময়ত সম্বন্ধ ইমানেই বুলি কোৱা হ’ব। চোৱা আমাৰ সম্বন্ধ কিমান
শ্ৰেষ্ঠ হৰ্তা-কৰ্তাৰ লগত! আমাৰ ককা হৈছে শিৱ, তেওঁৰ নাম কিমান উচ্চ, তেওঁ গোটেই
মনুষ্য সৃষ্টিৰ বীজৰূপ। সকলো আত্মাৰ কল্যাণকাৰী হোৱাৰ বাবে তেওঁক হৰ হৰ ভোলানাথ শিৱ
মহাদেৱ বুলি কোৱা হয়। তেওঁ গোটেই সৃষ্টিৰ দুখ হৰ্তা, সুখ কৰ্তা, তেওঁৰ দ্বাৰা আমি
সুখ-শান্তি-পৱিত্ৰতাৰ শ্ৰেষ্ঠ অধিকাৰ প্ৰাপ্ত কৰোঁ, শান্তিত আকৌ কৰ্ম বন্ধনৰ কোনো
হিচাপ-নিকাচ নাথাকে। কিন্তু এই দুয়োটা বস্তু পৱিত্ৰতাৰ আধাৰতহে ৰখা হয়। যেতিয়ালৈকে
পিতাৰ প্ৰতিপালনৰ সম্পূৰ্ণ আশীৰ্বাদ লৈ, পিতাৰ পৰা প্ৰমাণ পত্ৰ প্ৰাপ্ত কৰা নাই,
তেতিয়ালৈকে সেই উত্তৰাধিকাৰ পাব নোৱাৰে। চোৱা, ব্ৰহ্মাৰ ওপৰত কিমান ডাঙৰ কামৰ
দায়িত্ব আছে- 5 বিকাৰৰ দ্বাৰা মলিয়ন অপৱিত্ৰ নীচ আত্মাসকলক ফুল (পৱিত্ৰ) কৰি তোলে,
যিটো অলৌকিক কাৰ্যৰ পুৰস্কাৰ আকৌ সত্যযুগৰ প্ৰথম নম্বৰৰ শ্ৰীকৃষ্ণৰ পদ প্ৰাপ্ত কৰে।
এতিয়া চোৱা সেইজন পিতাৰ সৈতে তোমালোকৰ কেনেকুৱা সম্বন্ধ! গতিকে কিমান নিচিন্ত আৰু
আনন্দিত হ’ব লাগে! এতিয়া সকলোৱে নিজৰ অন্তৰক সোধা মই পূৰ্ণ ৰীতিৰে তেওঁৰ হৈ গৈছোঁনে?
ভাবিব লাগে যে যিহেতু
পৰমাত্মা পিতা আহি গ’ল গতিকে তেওঁৰ পৰা আমি সম্পূৰ্ণ উত্তৰাধিকাৰ লৈ লওঁ।
বিদ্যাৰ্থীৰ কাম হৈছে সম্পূৰ্ণ পুৰুষাৰ্থ কৰি জলপানি লোৱা, তেন্তে আমি প্ৰথম নম্বৰৰ
লটাৰি কিয়নো জয় নকৰোঁ! সেয়া হৈছে বিজয়মালাত গঁথা যোৱা। বাকী কিছুমান আছে যিয়ে দুটা
লাড়ু মুঠিমাৰী লৈ বহি আছে, ইয়াৰো হদৰ সুখ লওঁ আৰু তাতো বৈকুণ্ঠত কিবা নহয় কিবা সুখ
লৈ ল’ম, এনেকুৱা বিচাৰধাৰাৰসকলক মধ্যম আৰু কনিষ্ঠ পুৰুষাৰ্থী বুলি কোৱা হ’ব,
সৰ্ব্বোত্তম পুৰুষাৰ্থী বুলি নক’ব। যিহেতু পিতাই দিওঁতে কৃপণালি নকৰে তেন্তে
লওঁতাসকলে কিয় কৰা? সেয়েহে গুৰুনানকে ক’লে পৰমাত্মাতো হৈছে দাতা, সমৰ্থ কিন্তু
আত্মাসকলৰ গ্ৰহণ কৰাৰো শক্তি নাই, প্ৰবাদ আছে দিওঁতাই দিয়ে লওঁতা ভাগৰি পৰে।
তোমালোকৰ অন্তৰত উদয় হয় চাগৈ যে আমি কিয় নিবিচাৰিম যে আমিও এই পদ পাওঁ, কিন্তু চোৱা,
বাবাই কিমান পৰিশ্ৰম কৰে, তথাপি মায়াই কিমান বিঘিনি আনে, কিয়? এতিয়া মায়াৰ ৰাজ্য
সমাপ্ত হ’ব। এতিয়া মায়াই সকলো সাৰ উলিয়াই দিছে তেতিয়াহে পৰমাত্মা আহে। তেওঁতেই সকলো
ৰস সমাহিত হৈ আছে, তেওঁৰ পৰা সকলো সম্বন্ধৰ ৰস প্ৰাপ্ত হয় সেইবাবেতো সেই পৰমাত্মাৰ
তুমিয়েই মাতা পিতা... আদি এই মহিমা গায়ন কৰা হৈছে, তেন্তে মহিমা এই সময়ৰ যে এনেকুৱা
সম্বন্ধ গঢ়ি উঠিছে।
গতিকে পৰমাত্মাৰ সৈতে
ইমান সম্পূৰ্ণ সম্বন্ধ গঢ়িব লাগে যাতে 21 জন্মৰ বাবে সুখ প্ৰাপ্ত হৈ যায়, এয়া হৈছে
পুৰুষাৰ্থৰ সিদ্ধি। কিন্তু 21 জন্মৰ নাম শুনি ঠাণ্ডা হৈ নাযাবা। এনেকৈ নাভাবিবা যে
21 জন্মৰ বাবে এতিয়া ইমান পুৰুষাৰ্থও কৰিম, তথাপি 21 জন্মৰ পাছত অৱনমিত হ’বই লাগিব
তেন্তে সিদ্ধি কি হ’ল? কিন্তু ড্ৰামাত আত্মাসকলৰ যিমান সৰ্ব্বোত্তম সিদ্ধি
নিৰ্ধাৰিত হৈ আছে সেয়াতো পাবা নহয়! পিতা আহি আমাক সম্পূৰ্ণ অৱস্থাত উপনীত কৰাই দিয়ে,
কিন্তু আমি সন্তানসকলে বাবাক পাহৰি যাওঁ তেন্তে নিশ্চয় অৱনমিত হ’ম, ইয়াত বাবাৰ কোনো
দোষ নাই। এতিয়া দুৰ্বলতাতো হৈছে আমাৰ সন্তানসকলৰ, সত্যযুগ, ত্ৰেতাৰ গোটেই সুখ এই
জন্মৰ পুৰুষাৰ্থৰ ওপৰত আধাৰিত, তেন্তে কিয়নো সম্পূৰ্ণ পুৰুষাৰ্থ কৰি নিজৰ
সৰ্ব্বোত্তম ভূমিকা পালন নকৰো! কিয়নো পুৰুষাৰ্থ কৰি সেই উত্তৰাধিকাৰ নলওঁ।
পুৰুষাৰ্থ মনুষ্যই সদায় সুখৰ বাবেই কৰে, সুখ দুখৰ পৰা উৰ্দ্ধত যাবলৈ কোনেও
পুৰুষাৰ্থ নকৰে, সেয়াতো ড্ৰামাৰ অন্তত পৰমাত্মা আহি সকলো আত্মাক শাস্তি দি, পৱিত্ৰ
কৰি ভূমিকাৰ পালনৰ পৰা মুক্ত কৰিব। এয়াতো হৈছে পৰমাত্মাৰ কাৰ্য, তেওঁ নিজৰ
নিৰ্ধাৰিত সময়ত নিজেই আহি শুনায়। এতিয়া যিহেতু আত্মাসকল পুনৰ ভূমিকাত আহিবই লাগিব
তেন্তে কিয়নো সৰ্বোত্তম ভূমিকা পালন নকৰো।
মনুষ্য সৃষ্টিক সুখময়
কৰি তোলোঁতা পিতাই জানে যে মনুষ্য সৃষ্টি সুখময় কেনেকৈ হ’ব? যেতিয়ালৈকে আত্মাসকল
স্বচ্ছ নহয় তেতিয়ালৈকে সংসাৰ সুখময় হ’ব নোৱাৰে, সেইবাবে তেওঁ (শিৱবাবা) আহি প্ৰথমে
আত্মাসকলকহে স্বচ্ছ কৰি তোলে। এতিয়া আত্মাত অপৱিত্ৰতা (অস্বচ্ছতা) লাগি আছে। প্ৰথমে
সেই অপৱিত্ৰতা আঁতৰাব লাগে। তেতিয়া আত্মাৰ বলেৰে প্ৰত্যেক বস্তুৰ পৰা তমোপ্ৰধানতা
আঁতৰি সতোপ্ৰধনতা আহিব, যাক কোৱা হ’ব যে সকলো সোণালী যুগত আহি যায়, সেয়েহে এই
তত্ত্ব আদি সকলো সোণালীযুগী অৱস্থাত আহি যায়। কিন্তু প্ৰথমে আত্মাৰ অৱস্থা সলনি হয়।
গতিকে আত্মাসকলক সলনি কৰোঁতা অৰ্থাৎ আত্মাসকলক পৰিশুদ্ধ কৰোঁতা হৰ্তা-কৰ্তা তেওঁ হৈ
(পৰমাত্মা) গ’ল। তোমালোকে দেখা নহয় যে এতিয়া সৃষ্টি সলনি হৈ গৈ আছে। প্ৰথমেতো নিজক
সলনি কৰিব লাগে, যেতিয়া আমি নিজক সলনি কৰিম তেতিয়া তাৰ আধাৰত সৃষ্টি সলনি হ’ব। যদি
এতিয়ালৈকে আমাৰ মাজত পাৰ্থক্য অহা নাই, নিজকে পৰিৱৰ্তন কৰা নাই তেন্তে আকৌ সৃষ্টি
কেনেকৈ পৰিৱৰ্তন হ’ব, সেয়েহে নিতৌ নিজৰ পৰীক্ষা কৰা। যেনেকৈ খতিয়ান ৰাখোঁতাসকলে ৰাতি
নিজৰ খতিয়ান চায় নহয় যে আজি কি জমা হ’ল? সকলোৱে নিজৰ হিচাপ ৰাখে। গতিকে এইটোও নিজৰ
খতিয়ান ৰাখিব লাগে যে গোটেই দিনটোত মোৰ লাভ কিমান হ’ল, আৰু কিমান লোকচান হ’ল? যদি
লোকচান কিছু বেছি হ’ল তেন্তে পৰৱৰ্তী দিনৰ বাবে সাৱধান হ’ব লাগে। এনেকৈ নিজৰ প্ৰতি
মনোযোগ দিলে তেতিয়া আমি লাভৰ ফালে গৈ গৈ নিজৰ যি অৱস্থা সেয়া ধৰি ৰাখি আগবাঢ়ি গৈ
থাকিম। গতিকে এনেকুৱা পৰীক্ষা কৰি নিজৰ পৰিৱৰ্তন অনুভৱ কৰিব লাগে। এনেকুৱা নহয় যে
আমিতো দেৱতা হ’মগৈ, সেয়াতো পাছত হ’ম, এতিয়া যেনেকৈ আছোঁ, তেনেকৈয়ে ঠিক...। এনেকুৱা
নহয়। এতিয়াৰ পৰা দেৱতাৰ সংস্কাৰ ধাৰণ কৰিব লাগে। এতিয়ালৈকে যি 5 বিকাৰৰ বশীভূত হৈ
সংস্কাৰ প্ৰদৰ্শন কৰিলোঁ, এতিয়া চাব লাগে সেই বিকাৰবোৰৰ পৰা আমি মুক্ত হৈ গৈ আছোঁনে?
আমাৰ যি ক্ৰোধ আদি আছিল সেয়া আঁতৰি গৈ আছেনে? লোভ অথবা মোহ আদি যি আছিল সেই সকলো
বিকাৰী সংস্কাৰ পৰিৱৰ্তন হৈ গৈ আছেনে? যদি পৰিৱৰ্তন হৈ গৈ আছে, আঁতৰি গৈ আছে তাৰ
মানে আমি পৰিৱৰ্তন হৈ গৈ আছোঁ। যদি আঁতৰি যোৱা নাই তেন্তে বুজিবা যে এতিয়াও আমি
পৰিৱৰ্তন হোৱা নাই। গতিকে পৰিৱৰ্তন হোৱাৰ পাৰ্থক্য অনুভৱ কৰিব লাগে, নিজৰ মাজত
পৰিৱৰ্তন আহিব লাগে। এনেকুৱা নহয় যে গোটেই দিন বিকাৰী হিচাপেই চলি থাকে, বাকী বুজিবা
যে আমি কিবা ভাল দান পুণ্য কৰিলো, বচ্। এনেকুৱা নহয়। আমাৰ যি কৰ্মৰ হিচাপ চলি থাকে,
সেই ক্ষেত্ৰত আমি সাৱধান হ’ব লাগে। আমি যি কিছু কৰোঁ তাত বিকাৰৰ বশ হৈ নিজৰ বিকৰ্মৰ
পুঁজিতো জমা নকৰোঁ? এই ক্ষেত্ৰত নিজেই নিজক চম্ভালিব লাগে। এই গোটেই খতিয়ান ৰাখিব
লাগে আৰু শোৱাৰ পূৰ্বে 10-15 মিনিট নিজক চাব লাগে যে গোটেই দিনটো মোৰ কেনেকৈ পাৰ
হ’ল? বহুতেতো টুকিও ৰাখে কিয়নো শিৰত পূৰ্বৰ পাপৰ যি বোজা আছে সেয়াও আঁতৰ কৰিব লাগে,
তাৰ বাবে পিতাৰ আজ্ঞা হৈছে - মোক স্মৰণ কৰা, তেন্তে স্মৃতিত থকাৰ ক্ষেত্ৰতো মই
কিমান সময় দিলোঁ? কিয়নো এই খতিয়ান ৰাখিলে পৰৱৰ্তী দিনটোৰ বাবে সাৱধান হৈ থাকিবা।
এনেকৈ সাৱধান হৈ থাকোঁতে থাকোঁতে সাৱধান হৈ যাবা তেতিয়া আমাৰ কৰ্ম ভাল হৈ থাকিব আৰু
এনেকুৱা কোনো পাপ নহ’ব। পাপৰ পৰাইতো ৰক্ষা পাব লাগে নহয়। বাৰু - মৰমৰ ‘মা’ৰ মৰমৰ
সন্তানসকলৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সু-প্ৰভাত।
সন্দেশীৰ তনৰ দ্বাৰা
সৰস্বতী ‘মা’ৰ অব্যক্ত প্ৰভু মিলন আৰু সংবাদ:
জীয়ৰী শ্ৰীৰাধা চোৱা,
তোমাৰ ওচৰত কোন আহি উপস্থিত হৈছে? কিমান ডাঙৰ শক্তিয়ে তোমাৰ সৈতে বাৰ্তালাপ কৰি আছে।
মই অহাৰ ৰহস্যৰ দ্বাৰা তুমি নিজকো জানিব পাৰা। পাবলগীয়া পদবীৰ লগত নিজৰ স্থান অথবা
পদৰ বিষয়েও জানিব পাৰা।
হে জীয়ৰী ৰাধা, তুমি
মোৰ চমৎকাৰ চাব খোজা নেকি? মই ইচ্ছা কৰিলে এক চেকেণ্ডত বিনাশ কৰাব পাৰোঁ। কিন্তু
নকৰো কিয়নো বিশাল ড্ৰামা অনুসৰি যি যি কৰ্তব্য যাৰ যাৰ দ্বাৰা যেনেকৈ সমাপন হ’ব লাগে,
অৱশ্যেই সমাপন হ’ব। অনাদি বিধি-বিধানক জানোতা অব্যক্ত প্ৰভুয়েহে আহি অনাদি
বিধি-বিধানৰ পৰিচয় দিয়ে। গোটেই সৃষ্টিৰ এই অনাদি খেল মঞ্চত চলে, গতিকে বাস্তৱত খেল
চলিবলৈ সময় লয়, যদিহে ইমান বছৰৰ খেল এক চেকেণ্ডত পূৰা কৰি দিওঁ তেন্তে বাকী কি খেল
চলিব! গতিকে যিবোৰ কষ্ট যিধৰণে প্ৰত্যক্ষ কৰিব অথবা সহ্য কৰিব লাগে, সেয়া তেনেকৈয়ে
সেই বিচিত্ৰ (জটিল) ৰহস্যৰে পুনৰাবৃত্তি হয়। এয়া বিচিত্ৰ পুনৰাবৃত্তি যাক দেখি মৰমৰ
ৰাধা তুমি আৰু মই কিমান হৰ্ষিত হওঁ।
এই বিশাল ড্ৰামাখনৰ
সকলো ভুমিকা পৰীক্ষা ল’বৰ বাবে ৰচনা কৰা হৈছে। এই খেলখন পৰিচালনা কৰোঁতাজনে যদি
ইচ্ছা কৰে তেন্তে এক চেকণ্ডত এই ড্ৰামা বন্ধ কৰি নতুনকৈ আৰম্ভ কৰি দিব পাৰে, কিন্তু
নকৰে কিয়নো ঈশ্বৰেও এই সাধাৰণ ৰীতিৰে কৰ্তব্য পালন কৰিবলগীয়া হয়। স্বয়ং
সৰ্বশক্তিমান নিৰাকাৰ ঈশ্বৰ সাকাৰত আছে কিন্তু সাধাৰণ বেশত! এয়াইতো স্মৃতি-বিস্মৃতি
খেল, যাক যিয়ে জানে তেওঁ সৰ্বজ্ঞ।
জীয়ৰী শ্ৰী ৰাধা,
প্ৰিয় সন্তানসকলে এই সহ্য কৰিবলগীয়া মাৰ্গো অৱশ্যে অতিক্ৰম কৰিব লাগে। তথাপিও মই যদি
ইচ্ছা কৰো তেন্তে নিজৰ সন্তানসকলৰ বাবে ইয়াক সহজ মাৰ্গ কৰি তুলিবও পাৰো, কিয়নো
সাক্ষাৎকাৰ কৰোৱাৰ চাবি মোৰ হাতত আছে। যদি কোনোবা ধনৱান ভক্তক কোনোবা দেৱতাৰ
সাক্ষাৎকাৰ কৰাই দিওঁ, তেন্তে তেওঁ আহি গোটেই ধন যজ্ঞত স্বাহা কৰি দিব, কিয়নো ঈশ্বৰ
সকলো ধনৱানতকৈও ধনৱান। কিন্তু তোমাৰ পিতাই বিচাৰে যে মই নিজৰ ভিকহু প্ৰিয়
সন্তানসকলক ৰাজকুমাৰ আৰু ৰাজকুমাৰী কৰি তোলোঁ, সেইবাবে তোমালোকে এই সকলোবোৰ সহ্য
কৰাৰ পাছতহে ৰাজকুমাৰ আৰু ৰাজকুমাৰী হ’বাগৈ। পিতাই জানে যে সন্তানসকলে এই সহ্য
কৰিবলগীয়া মাৰ্গ অৱশ্যেই অতিক্ৰম কৰিব লাগে কিয়নো সহ্য কৰা, এইটো ঈশ্বৰীয় অথবা দৈৱী
গুণ, য’ত আনন্দ সমাহিত হৈ আছে। এই গুণৰ দ্বাৰা ঈশ্বৰীয় সুখৰ উপলদ্ধি হয়। সহ্য কৰিও
তোমালোকে কিমান আনন্দোৎসৱ কৰা, এয়াই হৈছে গোপনীয় জ্ঞান। এনেকুৱা অনাসক্ত যোগীয়েহে
স্থায়ী সুখ প্ৰাপ্ত কৰে।
এতিয়াতো পৰীক্ষাৰ সময়
সমীপত আহি পাইছে, প্ৰত্যেক সন্তানে আগন্তুক পৰীক্ষাবোৰ আগতীয়াকৈ সন্মুখত ৰাখি তেনে
অভ্যাসেৰে চলিব লাগে। লাগিলে কিছুমান সন্তানে খোৱা-বোৱা আদি নাপাব পাৰে, কিন্তু নিজে
নিৰ্ভীক বাদশ্বাহ হৈ উপস্থিত হ’ব লাগে। এনেকুৱা নিজৰ সুন্দৰ অৱস্থা বহুত সময় ধৰি
ধাৰণ কৰিব লাগে, যদি কোনোবাই ভাবে যে সেই সময়ত আপোনাআপুনি আগবাঢ়ি যাম, এইটো ভাবি বহি
থকা মানে নিজকে প্ৰতাৰণা কৰা সেইবাবে আগৰে পৰাই সাৱধান হৈ থাকিব লাগে।
মোৰ অতি প্ৰিয়
সন্তানসকল স্মৃতিততো বহে কিন্তু এতিয়ালৈকে সেই পোহৰৰ উজ্বলতা মোৰ ধামলৈ অহা নাই।
যেতিয়া সকলোৱে নিজৰ নিজৰ জ্যোতিস্বৰূপ হৈ উপস্থিত হ’ব তেতিয়া তেওঁলোকৰ যোগৰ কিৰণ
মোৰ ধামলৈ আহিব তেতিয়াহে প্ৰত্যেকৰে সম্পূৰ্ণ কিৰণ তেওঁলোকৰ মাজত প্ৰৱেশ কৰিব। তেনে
সময়তহে শক্তিসকলৰ মহিমা প্ৰকাশ পাব। গতিকে প্ৰত্যেকে নিজৰ নিশ্চয়তাত স্থিৰ হৈ থাকিব
লাগে, যাতে ময়ো যদি অৱনমিত কৰাব খোজো তথাপিও যাতে অৱনমিত হ’ব নোৱাৰা।
হে শিৰোমণি শক্তি ৰাধা,
শক্তিসকল জ্ঞান যোগৰ বল আহৰণ কৰাত আৰু মুখেৰে জ্ঞান মুৰুলী শুনাবৰ বাবে সাজু হৈ
থাকিব লাগে। তোমালোকে নিজৰ একৰস ঈশ্বৰীয় দৃষ্টিৰে প্ৰত্যেককে ভৰপূৰ কৰি নিজৰ মধুৰ
বীণাৰে পৰিচয় দিব লাগে যে মই কোন আৰু মোৰ পিতা কোন! কেনেকৈ ব্ৰহ্মাৰ দেহত ভগৱান
প্ৰত্যেক্ষ হৈছে যিয়ে এই অন্তিম সময়ত আসুৰি সৃষ্টি বিনাশ কৰি নিজ দেশ দৈৱী সৃষ্টিলৈ
লৈ গৈ আছে।
হে জীয়ৰী ৰাধা, যেতিয়া
প্ৰত্যকৰে অৱস্থা দিপৰ শিখাৰ দৰে স্থিৰ হৈ থাকিব তেতিয়া সূক্ষ্ম অন্তঃ প্ৰেৰণাসমূহ
গ্ৰহণ কৰি নিজৰ কাৰ্য সম্পূৰ্ণ ৰীতিৰে সফল কৰিব পাৰিব, অৱস্থা যিমানে জ্ঞান অনুসাৰে
হ’ব সিমানে প্ৰেৰণাসমূহ গ্ৰহণ কৰিব পাৰিব। যিমানে সেইটো অৱস্থাত নিৰন্তৰ থাকিব
তেতিয়া প্ৰেৰণাসমূহ বুদ্ধিয়ে সম্পূৰ্ণ ৰূপে উপলব্ধি কৰিব পাৰিব।
অহো! জীয়ৰী ৰাধা, মোৰ
স্বৰূপতো চোৱা, সন্তানসকলে মোৰ স্বৰূপ চাব নোৱাৰা জানো যে কেনেকৈ মই অখণ্ড জ্যোতি
তত্বৰ পৰা আহি সাক্ষাৎ প্ৰৱেশ কৰি বাৰ্তালাপ কৰোঁ, মোৰ দ্বাৰাহে এই সকলোবোৰ
সাক্ষাৎকাৰ হয় কিয়নো ময়েই সকলোৰে মূল। চোৱা, প্ৰকৃতিৰ মাজত জ্ঞানৰ কিৰণ জিলিকে।
সন্তানসকলে মাত্ৰ এইটো বিচাৰ কৰা যে আহো! যাক গোটেই সৃষ্টিয়ে আহ্বান জনাই আছে সেই
সৰ্বশক্তিমান ঈশ্বৰ স্বয়ং যজ্ঞত আমাৰ সন্তানসকলৰ সন্মুখত উপস্থিত হৈছেহি। তেওঁত
শীতল কোলাত বহিলে হৃদয় শান্ত হৈ যায়। যদি ৰচনাই ৰচয়িতাক পাই গ’ল তেন্তে আকৌ তেওঁক
এৰি তেওঁৰ ৰচনাৰ ফালে কিয় যাওঁ! উচ্চতকৈও উচ্চ হৰ্তা-কৰ্তা সৰ্ব শক্তিৰ নিজেই মালিক,
যাৰ পৰা সৰ্বশক্তি প্ৰকট হৈছে, তেওঁৰ পৰিচয় প্ৰাপ্ত কৰিলে এই কোলা এৰাতো অসম্ভৱ হৈ
যাব। যেতিয়া সৃষ্টিকৰ্তাৰ পৰিচয় পাই যাব তেতিয়াহে বুজিব এওঁ কোন! বুজিলা, শিৰোমণি
ৰাধা। ভাল বাৰু।
বৰদান:
সদায়
অতীন্দ্ৰিয় সুখৰ দোলনাত দুলি থাকোঁতা সংগমযুগৰ সকলো অলৌকিক প্ৰাপ্তিৰে সম্পন্ন হোৱা
যিসকল সন্তান অলৌকিক
প্ৰাপ্তিৰে সদায় সম্পন্ন হৈ থাকে তেওঁলোক অতীন্দ্ৰিয় সুখৰ দোলনাত দুলি থাকে। যেনেকৈ
অতিকৈ মৰমৰ সন্তানক দোলান দোলাই থাকে তেনেকৈ সৰ্ব প্ৰাপ্তি সম্পন্ন ব্ৰাহ্মণৰ দোলনা
হৈছে অতীন্দ্ৰিয় সুখৰ দোলনা। এই দোলনাত সদায় দুলি থাকা। কেতিয়াও দেহ-অভিমানত নাহিবা।
যিয়ে দোলনাৰ পৰা নামি ধৰণীত ভৰি দিয়ে তেওঁ মলিয়ন হৈ যায়। উচ্চতকৈও উচ্চ পিতাৰ
স্বচ্ছ সন্তানসকল সদায় অতীন্দ্ৰিয় সুখৰ দোলানত দুলি থাকে, মাটিত ভৰি দিব নোৱাৰে।
স্লোগান:
“মই ত্যাগী”-
এই অভিমানো ত্যাগ কৰাটোৱেহে সঁচা ত্যাগ।
অব্যক্ত সংকেত:
আত্মিক স্থিতিত থকাৰ অভ্যাস কৰা, অন্তৰ্মুখী হোৱা
যেতিয়া নিজক
অকালমূৰ্ত আত্মা বুলি বুজিবা তেতিয়া অকাল মৃত্যুৰ পৰা, আকালৰ পৰা, সৰ্ব সমস্যাৰ পৰা
ৰক্ষা পাব পাৰিবা। মানসিক চিন্তা, মানসিক পৰিস্থতিসমূহ দূৰ কৰাৰ একমাত্ৰ সাধন হৈছে
- নিজৰ এই পুৰণা শৰীৰৰ বোধ ত্যাগ কৰা। দেহ-অভিমান নোহোৱা কৰিলে সকলো পৰিস্থিতি
নোহোৱা হৈ যাব।