24.06.26 Avyakt Bapdada
Assame
Murli Om Shanti Madhuban
*“এই কৰ্মক্ষেত্ৰত
কৰ্ম অনাদি বস্তু, তোমালোকে কৰ্ম এৰিব নালাগে কিন্তু কৰ্মযোগী হ’ব লাগে”*
_(জগদম্বা মাৰ স্মৃতি দিৱসত শুনাবলৈ, তেওঁৰ দ্বাৰা উচ্চাৰিত মধুৰ মহাপ্ৰবাক্য)_
এই সৃষ্টিখন কৰ্মৰ
পথাৰ, য’ত প্ৰত্যেক মনুষ্য আত্মাই নিজৰ নিজৰ ভূমিকা পালন কৰি আছে, ইয়াত পৰমাত্মাৰো
ভূমিকা আছে কিন্তু তেওঁ আত্মাসকলৰ দৰে জন্ম-মৃত্যুৰ চক্ৰত নাহে। আত্মাসকলৰ দৰে
তেওঁৰ কৰ্মৰ হিচাপ ওলোটা নহয়। তেওঁ কয় যে মইতো কেৱল তোমালোক আত্মাসকলক মুক্ত
কৰিবলৈ আহোঁ, সেইবাবে মোক মুক্তিদাতা, বন্ধনৰ পৰা মুক্ত কৰোঁতা, গতি সৎগতি দাতা বুলি
কয়।
আত্মাত মায়াৰ যি
বন্ধন লাগি গৈছে, সেয়া আঁতৰাই পৱিত্ৰ কৰি তোলে আৰু কয় যে মোৰ কাম হৈছে আত্মাসকলক
সৰ্ব বন্ধনৰ পৰা মুক্ত কৰি উভতাই লৈ যোৱা, গতিকে সৃষ্টিৰ যি অনাদি নিয়ম আৰু পদ্ধতি
আছে তাকো বুজিব লাগে, তাৰ পাছত এই মনুষ্য সৃষ্টিৰ বৃদ্ধি কেনেকৈ হয়, আকৌ সেই সময়ো
আহে যেতিয়া ই হ্ৰাস পায়। এনেকুৱা নহয় যে বাঢ়ি গৈ থাকিলে বাঢ়িয়েই গৈ থাকিব,
নহয়। কমেও। গতিকে সৃষ্টিত প্ৰতিটো বস্তুৰে নিয়ম আছে। নিজৰ শৰীৰৰো নিয়ম আছে,
প্ৰথমে বাল্যকাল, তাৰ পাছত কিশোৰ, তাৰ পিছত যুৱক, তাৰ পিছত বৃদ্ধ। গতিকে বৃদ্ধও
সোনকালে নহয়, বৃদ্ধ হওঁতে হওঁতে জৰাজীৰ্ণ হৈ যায়, গতিকে প্ৰতিটো কথাৰে বৃদ্ধি হোৱা
আৰু তাৰ অন্ত হোৱা, ইও এটা নিয়ম। ঠিক তেনেদৰেই সৃষ্টিৰ প্ৰজন্মবোৰৰো নিয়ম আছে। এটা
জীৱনৰো বিভিন্ন স্তৰ আছে, তেনেকৈ জন্মৰো স্তৰ আছে, আকৌ যি প্ৰজন্ম চলিল তাৰো স্তৰ
আছে, ঠিক তেনেদৰে সকলো ধৰ্মৰো স্তৰ আছে। প্ৰথম যি ধৰ্ম, সেয়া আটাইতকৈ শক্তিশালী,
পিছত লাহে লাহে যিবোৰ আহে, সিহঁতৰ শক্তি কমি কমি যায়। গতিকে ধৰ্মৰ বিভাজন, ধৰ্মৰ
গতি, প্ৰতিটো কথাই নিয়মানুসৰি চলে, এই সকলোবোৰ কথাও বুজিব লাগে। এই হিচাপত পিতায়ো
কয় যে মোৰো ইয়াত ভূমিকা আছে। ময়ো এটা আত্মা, মই গড্ কোনো বেলেগ বস্তু নহয়। ময়ো
আত্মাই হওঁ কিন্তু মোৰ কাম বহুত ডাঙৰ আৰু উচ্চ, সেইবাবে মোক গড্ বুলি কয়। তোমালোক
যেনেকুৱা আত্মা, ময়ো ঠিক তেনেকুৱাই। যেনেকৈ তোমালোকৰ সন্তান আছে, সিঁহতো মনুষ্য,
তোমালোক মনুষ্য, তাততো কোনো পাৰ্থক্য নাই নহয়। গতিকে ময়ো আত্মাই হওঁ, আত্মা আৰু
আত্মাৰ মাজত কোনো পাৰ্থক্য নাই কিন্তু কৰ্তব্যত বহুত ডাঙৰ পাৰ্থক্য আছে, সেইবাবেই
কয় যে মোৰ যি কৰ্তব্য সেয়া সকলোতকৈ অনন্য। মই কোনো হদৰ এটা ধৰ্মৰ প্ৰতিষ্ঠাপক নহয়,
মইতো সৃষ্টিৰ ৰচয়িতা, তেওঁলোক হৈ গ’ল ধৰ্মৰ প্ৰতিষ্ঠাপক। যেনেকৈ সেই আত্মাসমূহে
নিজৰ কাম নিজৰ সময়ত কৰে, তেনেকৈ ময়ো নিজৰ সময়ত আহোঁ। মোৰ কৰ্তব্য বিশাল, মোৰ
কৰ্তব্য মহান আৰু আটাইতকৈ অনন্য, সেইবাবেই কোৱা হয় তোমাৰ কৰ্ম অনন্য। তেওঁক
সৰ্বশক্তিমান বুলিও কোৱা হয়, আটাইতকৈ শক্তিশালী কাম হ’ল আত্মাসকলক মায়াৰ বন্ধনৰ
পৰা মুক্ত কৰা আৰু নতুন সৃষ্টিৰ পুলি ৰোপণ কৰা, সেইবাবে তেওঁক ইংৰাজীত “হেভেনলী গড্
ফাদাৰ” বুলি কোৱা হয়। যেনেকৈ যীশুখ্ৰীষ্টক খ্ৰীষ্টান ধৰ্মৰ ‘ফাদাৰ’ বুলি কোৱা হ’ব,
তেওঁক “হেভেনলী গড্ ফাদাৰ” বুলি কোৱা নহ’ব। স্বৰ্গৰ প্ৰতিষ্ঠাপক পৰমাত্মা। গতিকে
‘হেভেন’ এখন সৃষ্টি হ’ল নহয়, ‘হেভেন’ কোনো এটা ধৰ্ম নহয়। গতিকে তেওঁ সৃষ্টিৰ
প্ৰতিষ্ঠাপক হ’ল আৰু সেই পৃথিৱীত এটা ধৰ্ম, এখন ৰাজ্য হ’ব, তত্ত্ব আদি সকলো সলনি হৈ
যাব, সেইবাবেই তেওঁক “হেভেনলী গড ফাদাৰ” বুলি কোৱা হয়। দ্বিতীয়তে, ‘গড ইজ ট্ৰুথ’
(ঈশ্বৰ সত্য) বুলি কোৱা হয়, তেন্তে ট্ৰুথ ট্ৰুথ কি বস্তু, কিহত ট্ৰুথ? এইটোও
বুজিবলগীয়া কথা। বহুতে ভাবে যে যিয়ে সঁচা কথা কয় তেৱেঁই ভগৱান। ভগৱান কোনো বেলেগ
বস্তু নহয়, কেৱল সঁচা কথা ক’ব লাগে। কিন্তু নহয়, ‘গড্ ইজ ট্ৰুথ’ৰ অৰ্থই হ’ল যে
ভগৱানেই আহি সকলো কথাৰ সত্যতা প্ৰকাশ কৰে, গড্ ইজ ট্ৰুথ মানে ভগৱানেহে সত্য কয়,
তেওঁৰ মাজতেই সততা আছে, সেইবাবেতো তেওঁক জ্ঞানৱান বুলি কয়। অ’চেন অৱ নলেজ (জ্ঞানৰ
সাগৰ), অ’চেন অৱ ব্লিচ (আনন্দৰ সাগৰ), গড ন’জ (ঈশ্বৰে জানে)... তেন্তে নিশ্চয়
বিশেষ কিবা জানিবলগীয়া কথা আছে নহয়! তেন্তে জানিবলগীয়া সেয়া কি? এইটো নহয় যে এওঁ
চুৰি কৰিলে, ঈশ্বৰে জানে। যদিও তেওঁ সকলো জানে, কিন্তু তেওঁৰ যি মহিমা, সেয়া এইটো
কথাতহে আছে যে আমাৰ সৃষ্টি যি অবনমিত গৈছে, সেয়া উন্নতিৰ পথত কেনেকৈ আহিব, এই
চক্ৰৰ কথাবোৰ তেওঁ জানে, সেইবাবেই কোৱা হয় - ঈশ্বৰে জানে। গতিকে পৰমাত্মাৰ মহিমা
সেই ধৰণে আহে যিটো মনুষ্যতকৈ ভিন্ন কিয়নো তেওঁৰ জনাটো সকলোতকৈ ভিন্ন। মনুষ্যৰ জনাটো
সীমাৱদ্ধ এনেকৈ কয়ো যে মনুষ্য অল্পজ্ঞ, আৰু পৰমাত্মাৰ বাবে কোৱা হয় যে তেওঁ
সৰ্বজ্ঞ, যাক ইংৰাজীত ‘নলেজফুল’ (জ্ঞানৱান) বুলি কয় অৰ্থাৎ সকলোৰে জ্ঞাতা অথবা
জানোতা। গতিকে যি সৰ্বজ্ঞ, তেৱেঁই সত্যক জানিব পাৰে, যথাৰ্থ কথাৰ জ্ঞান যাৰ ওচৰত
থাকিব, তেওঁ নিশ্চয় সকলোকে দিব নহয়। যদি নিজে জানে, আনক নিদিয়ে তেন্তে তাৰ পৰা
আমাৰ কি লাভ! জানিব দিয়ক। কিন্তু নহয়। তেওঁৰ জ্ঞানৰ পৰা আমাৰ কিবা লাভ হৈছে,
সেইবাবে আমি তেওঁৰ গুণৰ গায়ন কৰোঁ। তেওঁৰ পিছত লাগি যাওঁ। কেতিয়াবা কিবা হ’লে কওঁ
হে ভগৱান! এতিয়া তুমি এইটো কৰা! কুশল কৰা, দয়া কৰা, মোৰ দুখ দূৰ কৰা, গতিকে আমি
তেওঁৰ পৰা মাগো নহয়। তেওঁৰ সৈতে কিবা সম্পৰ্ক আছে নহয়, সেইবাবে সেই ধৰণেৰে স্মৰণ
কৰোঁ, যেন তেওঁ আমাৰ ওপৰত কিবা উপকাৰ কৰিছে। যদি কেতিয়াও কৰাই নাছিল, তেন্তে আমি
কিয় তেওঁৰ বাবে মূৰ ঘামালোহেঁতেন। যেতিয়া কোনোবাই বিপদৰ সময়ত সহায় কৰে, তেতিয়া
অন্তৰত উদয় হয় যে এওঁ বৰ ডাঙৰ বিপদৰ সময়ত মোক সহায় কৰিছিল। সময়ত মোক ৰক্ষা
কৰিছিল, গতিকে তেওঁৰ প্ৰতি অন্তৰত প্ৰেম থাকে। পৰমাত্মাৰ প্ৰতিও এনেকুৱা প্ৰেমেই
উদয় হয় যে তেওঁ আমাক সময়ত সহায় কৰিছে। কিন্তু এনেকুৱা নহয় যে কেতিয়াবা কোনোবা
মনুষ্যৰ ভাল কিবা এটা হৈ গ’ল আৰু ক’ব এয়া ভগৱানে কৰিলে... বচ্ ভগৱানে এনেকুৱাই কৰে।
কিন্তু তেওঁৰ কাম ডাঙৰ, সমগ্ৰ বিশ্বৰ কাম, জগতৰ সম্পৰ্কীয় কথা। বাকী এনকুৱা নহয়
যে কোনোবাই অলপ পইচা পালে, এইটো ভগৱানে কৰিলে, এয়াতো আমিও ভাল কৰ্ম কৰোঁ, গতিকে সেই
কৰ্মৰ ফল পাওঁ। ভাল-বেয়া কৰ্মৰ হিচাপ চলে, তাকো আমি পাই থাকোঁ কিন্তু পৰমাত্মা আহি
যি কৰ্ম শিকাইছে তাৰ যি ফল, সেয়া সুকীয়া। অল্পকালীন সুখটো বুদ্ধিৰ আধাৰতো পোৱা
যায়। কিন্তু তেওঁ যি জ্ঞান দিছে, তাৰ দ্বাৰা আমি সদায় সুখ পাওঁ। গতিকে পৰমাত্মাৰ
কাম ভিন্ন হৈ গ’ল নহয়, সেইবাবেই কয় যে ময়েই আহি কৰ্মৰ যি যথাৰ্থ জ্ঞান সেয়া
শিকাওঁ, যাক কোৱা হৈছে কৰ্মযোগ শ্ৰেষ্ঠ। ইয়াত কৰ্ম, ঘৰ-সংসাৰ এৰাৰ কথা নাই। কেৱল
তোমালোকে নিজৰ কৰ্ম কেনেকৈ পৱিত্ৰ কৰিবা, তাৰ জ্ঞান মই দিওঁ। গতিকে কৰ্ম পৱিত্ৰ
কৰিব লাগে, কৰ্ম এৰিব নালাগে। কৰ্মতো অনাদি বস্তু। এই কৰ্মক্ষেত্ৰখনো অনাদি। মনুষ্য
থাকিলে কৰ্মও আছে, কিন্তু সেই কৰ্ম তোমালোকে কেনেকৈ শ্ৰেষ্ঠ কৰিবা, সেয়া আহি শিকাওঁ
যাৰ দ্বাৰা পুনৰ তোমালোকৰ কৰ্মৰ হিচাপ অকৰ্ম হৈ যায়। অকৰ্মৰ অৰ্থ হ’ল কোনো বেয়া
হিচাপ তৈয়াৰ নহয়।
পিতাই কয় মই এই সৰু
সংগমযুগত তোমালোকৰ দেশ, এই সাকাৰ লোকত তোমালোকৰ বাবেই আহিছোঁ, গতিকে অন্ততঃ যিমান
সময় আছে সিমান সময় হ’লেও আমাৰ কথা অলপ চিন্তা কৰা। বাবাৰ হৈছা যেতিয়া অন্ততঃ
সিমান সময় হ’লেও শুদ্ধ হৈ থাকা। তাৰ পাছত তোমালোকৰ এনেকুৱা প্ৰালব্ধ গঢ়ি উঠিব যে
তোমালোকে সেই সৃষ্টিত পৰিশ্ৰম কৰিবলগীয়া নহ’ব। এতিয়া অলপ পৰিশ্ৰমৰ কথা, এতিয়া
তোমালোকে যেনেকৈ নহওক কিয়, মৰি-হাজি হ’লেও পৱিত্ৰ হৈ থকাৰ প্ৰতিজ্ঞা কৰা। নিজৰ
দৃঢ়তা ৰাখা, নিজৰ ধাৰণাসমূহত থকাৰ সম্পূৰ্ণ চেষ্টা কৰা। পিতাই তোমালোকক স্পষ্টকৈ
কয় যে তোমালোকে কেৱল এই অলপ সময়ৰ বাবে এই পৰিশ্ৰম কৰা। মই তোমালোকক আন কোনো
পৰিশ্ৰম কৰোৱা নাই, তোমালোকে যিমান পোৱা তাৰ তুলনাত এই পৰিশ্ৰম একোৱেই নহয়।
এনেকুৱা নহয় যে কেৱল
কৈ থাকিবা যে মই এইটো কৰিম, সেইটো কৰিম..., জগতে কি ক’ব, তেওঁলোকে কি ক’ব.. হেৰ’
জগতে কি ক’ব... এইবোৰ এৰি দিয়া। এতিয়া এই সৃষ্টিখনেই নিঃশেষ হ’বলৈ (ধ্বংস হ’বলৈ)
গৈ আছে। এতিয়াতো মৃত্যু সমুখত থিয় হৈ আছে। তোমালোকে ইমান ডাঙৰ ডাঙৰ এয়া যি সাজি
বহি আছা, এই সকলোবোৰ অপচয় কৰি আছা। এতিয়া পিতাই কয় সেই অপচয় ৰাহি কৰা। এই শৰীৰ
নিৰ্বাহৰ বাবে যিমান লাগে সিমান অৱশ্যে কৰা, যিমান তোমাৰ ৰচনাৰ লগত হিচাপ-নিকাচ আছে,
সিমান কৰা, মই ক’ত চম্ভালিম। এয়া তোমালোকে নিজেই চম্ভালিব লাগিব। যিটো প্ৰয়োজনীয়,
তাৰ পৰাতো তোমাক মুক্ত কৰোঁ, কিন্তু এতিয়া এই যি অতিৰিক্ত ৰচনা ৰচি আছা, তাৰ বাবে
বাধা দিছোঁ কিয়নো এতিয়া সেইটো খহিবই, তেন্তে কিয়নো নিজৰ সময় ব্যৰ্থত নষ্ট কৰি
আছা। এই ফালতু জঞ্জালবোৰৰ বাবেই তোমালোক দুখী হৈছা, সেই জঞ্জালবোৰৰ পৰা তোমালোক
কেনেকৈ মুক্ত হ’বা, তাকেইতো তোমালোকক কৈ আছোঁ। তথাপিও বহি বহি নানা ধৰণৰ অজুহাত
দেখুওৱা, এইটো ক’ৰ নীতি? আকৌ পিতাই কয় যে চাই লোৱা, এতিয়া যদি মোক পোন আঙুলি
নিদিয়া, হাত নিদিয়া, তেন্তে মই এনেকৈ নাকত ধৰি লৈ যাম। নাকত ধৰিলে আকৌ উশাহ বন্ধ
হ’ব, তেতিয়া দুখ হ’ব, শাস্তি খাবলগীয়া হ’ব নহয়! সেইবাবেই কয় এতিয়া হাতত হাত ধৰি
পোন হৈ খোজকঢ়াৰ সময় আহি পৰিছে। যদি পোন বা ঠিকভাৱে নোযোৱা, তেন্তে মোৰ হাতলৈ
তোমালোকৰ নাকটোও আহিব, তাৰ পাছত চাই ল’বা। তাৰ পাছত সেই সময়ত একো হ’ব নোৱাৰিবা, একো
কৰিব নোৱাৰিবা, সেইবাবে পিতাই কয় সন্তানসকল, এতিয়া তোমালোকে মোৰ হৈ, মোৰ ওচৰলৈ আহি,
মোৰ কথাবোৰ শুনিও যদি একো নকৰিলা, তেন্তে তেওঁলোকৰ বাবে বৰ কঠিন শাস্তি আছে, গতিকে
যিবোৰ দুৰ্ভগীয়া লোকে নাজানে তেওঁলোকৰ কথা সুকীয়া। বাকী যিসকলে জানে, যিসকলে বহি,
শুনিও আকৌ এইবোৰ কথাতে গাফিলতি কৰিলে, তেওঁলোকৰ নিস্তাৰ নাই। যেনে 10 গুণ লাভ, তেনে
10 গুণ লোকচান হ’ব। সেইবাবে কয় নিজৰ লোকচানক, ঘাটিক.. ভালদৰে বুজি লোৱা। ভালদৰে
নিজৰ বুদ্ধিতো অলপ মুকলি কৰা। এতিয়া পিতাৰ সৈতে বুদ্ধিৰ যোগসূত্ৰ গঢ়িলে শক্তি পাবা।
গতিকে এই সকলোবোৰ কথা বুজা, পাহৰি নাযাবা।
এতিয়া এয়া যি সময়
চলি আছে, ইয়াক চিনি লোৱা, অলপ চকু মেলা, বুদ্ধি মুকলি কৰা আৰু সময়ৰ পূৰা লাভ লোৱা।
নিজৰ সম্পূৰ্ণ ভাগ্য জগাই তোলা। এনেকৈ কয়ো যে যেনেকুৱা সংগ তেনেকুৱা ৰং, সেইবাবে
এতিয়া যাৰ এই ধাৰণা পূৰা নহ’ব, তেওঁক মায়াৰ সংগৰ ৰং লাগি যাব, সেইবাবেতো কয় — বেয়া
নুশুনিবা, বেয়া নাচাবা, বেয়া নকবা...। কিছুমান এনেকুৱা চয়তান আছে যিয়ে ইয়াতো
বহুতক এৰি নিদিয়ে, পাছত ইজন সিজনৰ সংগদোষত পৰি যায়। সেয়েহে কয় যে এনে সংগদোষৰ পৰা
বাচি থাকা। এনেকৈ নাভাবিবা যে কুসংগ বাহিৰতহে আছে, ইয়াত নাই। নহয়, ইয়াতো সিহঁত
ঘূৰি ফুৰে, কিয়নো সিহঁতৰ ৰাজ্য হয় নহয়, সেইবাবে পিতাই কয় ভালদৰে কৱচ পিন্ধি থাকা।
কৱচ থাকিলে তাৰ গুলী নালাগিব। যোগেই হ’ল কৱচ, জ্ঞানৰ তৰোৱাল। এই সকলো অস্ত্ৰ-শস্ত্ৰ
নিজৰ ওচৰত ভালদৰে চম্ভালি ৰাখা।
এনেকৈ কয়ো যে যিয়ে
কৰে তেৱেঁ পায়, এয়াতো ভৱিষ্যতৰ প্ৰালব্ধ গঢ়াৰ কথা। ইয়াততো প্ৰালব্ধ ভোগ কৰিব
নালাগে নহয়, ইয়াততো কোনো গুৰু হৈ বহিব নালাগে। ইয়াত যাতে কোনেও ভুল নুবুজে,
সেইবাবে এই সকলোবোৰ বুজোৱা হয়। গতিকে এই সকলোবোৰ কথা স্মৃতিত ৰাখি নিজক সুৰক্ষিত কৰি
ৰাখিব লাগে। ইয়াত কোনো খৰচ আদিৰ কথা থাকিব নালাগে। এতিয়া এই সকলো খৰচ আনৰ কল্যাণৰ
বাবেহে ব্যৱহাৰ কৰিব লাগে। এটি এটি পাই এই কাৰ্যত ব্যৱহাৰ কৰিব লাগে। বাৰু।
এনেকুৱা বাপদাদা আৰু
মাৰ মৰমৰ অতি ভাল, সাৱধান হৈ থাকোঁতা সন্তানসকলক স্নেহ সহিৰ স্মৰণ আৰু সুপ্ৰভাত।
বাৰু।
প্ৰশ্ন:
মম্মা, আমি চলোঁতে ফুৰোঁতে যোগৰ উচ্চ অৱস্থাত কেনেকৈ স্থিৰ ল’ব পাৰোঁ?
উত্তৰ:
বাস্তৱত নিজৰ এই
জীৱনটো স্বভাৱসিদ্ধ যোগৰ হৈ যাব লাগে, কিয়নো যোগ হ’ল নিশ্চয়। তেন্তে সদায়
নিশ্চয়তা অটুট ৰাখি বাস্তৱত সেই স্বৰূপ হৈ যাব লাগে। নিশ্চয়তা ৰূপ হৈ
কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা কৰ্ম কৰা, যদিও স্থূল কৰ্মেন্দ্ৰিয়ই যিকোনো কাৰ্য কৰি থাকক
কিন্তু নিজে সেই সুখ স্বৰূপ অৱস্থাত স্নেহত লীন হৈ থাকিব লাগে। তোমালোকৰ চেহেৰা
সদায় সুখ স্বৰূপ আৰু ৰমণীয় দেখা দিয়ক। কোনো ধৰণৰ অশুদ্ধ সংকল্প-বিকল্প যাতে নাথাকে।
ঈশ্বৰীয় আনন্দত আন্তৰিক মগন অৱস্থাত থাকা, তেতিয়া কোনো ধৰণৰ অশুদ্ধ
সংকল্প-বিকল্পৰ উৎপত্তি নহ’ব। শুদ্ধ পৱিত্ৰ ধৰণীত যি সংকল্প উৎপন্ন হ’ব, সেয়া লোক
সংগ্ৰহৰ প্ৰতি অথবা নিজৰ উন্নতিৰ প্ৰতি হ’ব। এইটো অতি মধুৰ সুন্দৰ অৱস্থা যিয়ে
সময়ত সহায় কৰে। এনেকুৱা ঈশ্বৰীয় অলৌকিক মধুৰ পৱিত্ৰ জীৱন গঢ়াৰ এতিয়াই সোণালী
সুযোগ তোমালোকে পাইছা। গতিকে এনে অৱস্থা গঢ়িবলৈ অলপ পৰিশ্ৰম কৰা।
যেতিয়া আমি যোগত বহোঁ,
তেতিয়া ভিতৰত মন্ত্ৰ, পূজা, জপ আদি একো নকৰোঁ, যেনেকৈ ভক্তিমাৰ্গত কোনো কোনোৱে
ভিতৰি ভিতৰি প্ৰাৰ্থনা কৰে, মালা জপে, মূৰ্তি সমুখত ৰাখি ফুল অৰ্পণ কৰে, সেই
সকলোবোৰ ভিতৰি ভিতৰি কৰে যাক মনৰ পূজা বুলি কোৱা হ’ব। কিন্তু আমাৰ যোগত আমি কেৱল
নিজৰ স্ব-স্বৰূপত স্থিত হৈ সুখ স্বৰূপ হৈ যাওঁ। নিজৰ মনৰ সহিত সকলো কৰ্মেন্দ্ৰিয়
নিয়ন্ত্ৰণ কৰি একাগ্ৰচিত হৈ ঈশ্বৰীয় সুখ স্বৰূপ হৈ যায় ইয়াৰ বাবে ব্যক্তিগতভাৱে
সময় নিৰ্ধাৰিত কৰা। য’ত এটা সময়ত বহি অভ্যাস কৰা হয়। কেৱল ব্যক্ত কথাবোৰৰ পৰা
সম্পৰ্ক ছিঙি অব্যক্ত সম্বন্ধৰ সৈতে সম্পৰ্ক গঢ়ি ৰাখিব লাগে, তেতিয়া স্মৃতিত থকা
সহজ হৈ যাব। বাৰু। ওঁম্ শান্তি।
বৰদান:
বাপ-দাদাৰ
সান্নিধ্যৰ দ্বাৰা মায়াক দূৰতেই মূৰ্ছিত কৰোঁতা মায়াজিৎ, জগতজিৎ হোৱা
যেনেকৈ পিতাৰ স্নেহী
হৈছা তেনেকৈ পিতাক সংগী কৰি লোৱা তেতিয়া মায়া দূৰতেই মূৰ্ছিত হৈ যাব। আৰম্ভণিৰ যিটো
প্ৰতিশ্ৰুতি আছিল “তোমাৰ লগতেই খাওঁ, তোমাৰ লগতেই বহোঁ, তোমাৰ লগতেই আত্মাক প্ৰবোধ
দিওঁ... এইটো প্ৰতিশ্ৰুতি অনুসৰি গোটেই দিনচৰ্যাত প্ৰতিটো কাৰ্য পিতাৰ লগত কৰা
তেতিয়া মায়াই অশান্ত কৰিব নোৱাৰে, মায়াৰ বিনাশ হৈ যাব। গতিকে সংগীক সদায় লগত ৰাখিবা,
সান্নিধ্যৰ শক্তিৰে বা মিলনত মগন হৈ থাকিলে মায়াজিৎ, জগতজিৎ হৈ যাবা।
স্লোগান:
নিজৰ উচ্চ
বৃত্তিৰ দ্বাৰা প্ৰবৃত্তিৰ পৰিস্থিতিবোৰৰ পৰিৱৰ্তন কৰা।
অব্যক্ত ইংগিত: সদায়
হৰ্ষিত হৈ থাকিবলৈ নিজৰ স্বভাৱ সৰল কৰি তোলা, সহনশীল হোৱা
অব্যক্ত স্থিতিৰূপী
দৰ্পণ পৰিষ্কাৰ আৰু স্পষ্ট কৰিবলৈ সৰলতা, শ্ৰেষ্ঠতা আৰু সহনশীলতা- এই তিনিটা কথাৰ
ওপৰত গুৰুত্ব দিয়া। যদি তিনিওটাৰ ভিতৰত এটা কথাৰো অভাৱ থাকে, তেন্তে দৰ্পণত অভাৱৰ
দাগ দেখা পোৱা যাব, সেইবাবে যিয়েই কাৰ্য কৰা, তাত যেন সাধাৰণতা দেখা নাযায়।
সাধাৰণবোধক শ্ৰেষ্ঠতালৈ সলনি কৰা, প্ৰতিটো কাৰ্যত সহনশীলতা আৰু বাণীত সৰলতা ধাৰণ কৰা,
তেতিয়া সেৱাত সফলতা দেখা পোৱা যাব।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]