24.07.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – পিতাৰ পৰা পাইকাৰী বেপাৰ কৰিবলৈ শিকা, পাইকাৰী বেপাৰ হৈছে মনমনাভৱ, ‘অল্ফ’ক (পিতাক) স্মৰণ কৰা আৰু কৰোৱা, বাকী সকলো হৈছে খুচুৰা”

প্ৰশ্ন:
পিতাই নিজৰ ঘৰত কোনসকল সন্তানক স্বাগতম জনাব?

উত্তৰ:
যিসকল সন্তান ভালদৰে পিতাৰ শ্ৰীমতত চলে আৰু আন কাকোৱেই স্মৰণ নকৰে, দেহৰ লগতে দেহৰ সকলো সম্বন্ধৰ পৰা বুদ্ধিৰ যোগসূত্ৰ ছিঙি এজনৰ স্মৃতিত থাকে, এনেকুৱা সন্তানসকলক পিতাই নিজৰ ঘৰত স্বাগতম জনাব। পিতাই এতিয়া সন্তানসকলক ফুল কৰি তোলে, পাছত ফুল হৈ উঠা সন্তানসকলক নিজৰ ঘৰত স্বাগতম জনায়।

ওঁম্শান্তি।
সন্তানসকলে নিজৰ পিতা আৰু শান্তিধাম, সুখধামৰ স্মৃতিত বহিব লাগে। আত্মসকলে, পিতাকহে স্মৰণ কৰিব লাগে, এই দুখধামক পাহৰি যাব লাগে। পিতা আৰু সন্তানসকলৰ এয়া হৈছে মধুৰ সম্বন্ধ। ইমান মধুৰ সম্বন্ধ আৰু কোনো পিতাৰ নাথাকেই। সম্বন্ধ এফালে থাকে পিতাৰ লগত আকৌ শিক্ষক আৰু গুৰুৰ লগত গঢ়ি উঠে। এতিয়া ইয়াত এই তিনিওগৰাকী এজনেই। বুদ্ধিত এইটো স্মৃতি থাকিলেও আনন্দৰ কথা। এজনেই পিতাক পাইছোঁ, যিয়ে বহুত সহজ মাৰ্গ দেখুৱায়। পিতাক, শান্তিধাম আৰু সুখধামক স্মৰণ কৰা, এই দুখধামক পাহৰি যোৱা। ফুৰা-চকা কৰা কিন্তু বুদ্ধিত যাতে এইটোৱে স্মৃতি থাকে। ইয়াততো কোনো সাংসাৰিক কাম-কাজ আদি নাই। ঘৰত বহি আছা। পিতাই কেৱল 3 টা শব্দ স্মৰণ কৰিবলৈ কয়। বাস্তৱত এটাই শব্দ – পিতাক স্মৰণ কৰা। পিতাক স্মৰণ কৰিলে সুখধাম আৰু শান্তিধাম দুয়োটা উত্তৰাধিকাৰেই স্মৃতিলৈ আহে। দিওঁতাতো পিতাই হয়। স্মৰণ কৰিলে আনন্দৰ পাৰাপাৰ নোহোৱা হ’ব। তোমালোক সন্তানসকলৰ আনন্দৰ বিষয়ে সকলোৱে জানে। সন্তানসকলৰ বুদ্ধিত আছে – বাবাই আমাক ঘৰত আকৌ স্বাগতম জনাব, আদৰি নিব, কিন্তু তেওঁলোকক যিসকলে ভালদৰে পিতাৰ মতত চলিব আৰু আন কাকো স্মৰণ নকৰিব। দেহ সহিত দেহৰ সকলো সম্বন্ধৰ পৰা বুদ্ধিযোগ আঁতৰাই মামেকম্‌ (কেৱল মোক) স্মৰণ কৰা। ভক্তিমাৰ্গততো তোমালোকে বহুত সেৱা কৰিছা কিন্তু যোৱাৰ মাৰ্গ পোৱাই নাযায়। এতিয়া পিতাই কিমান সহজ মাৰ্গ দেখুৱাই দিয়ে, কেৱল এয়া স্মৰণ কৰা – পিতা, পিতাও হয়, শিক্ষকো হয়, সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞান শুনায়, যিটো আন কোনেও বুজাব নোৱাৰে। পিতাই কয় – এতিয়া ঘৰলৈ যাব লাগে। আকৌ প্ৰথমে সত্যযুগত আহিবা। এই ছিঃ ছিঃ সৃষ্টিৰ পৰা এতিয়া যাব লাগে। যদিও ইয়াত বহি আছা কিন্তু ইয়াৰ পৰা এতিয়া যাবাগৈ। পিতাও আনন্দিত হয়। তোমালোক সন্তানসকলে পিতাক বহুত সময়ৰ পৰা নিমন্ত্ৰণ জনাই আহিছা। এতিয়া পুনৰ পিতাক আদৰি লৈছা। পিতাই কয় – মই তোমালোকক ফুল কৰি তুলি পুনৰ শান্তিধামত আদৰি জনাম। পুনৰ তোমালোক ক্ৰমানুসৰি গুচি যাবা। কিমান সহজ। এনেকুৱা পিতাক পাহৰিব নালাগে। কথাতো বহুত মিঠা আৰু সৰল। এটা কথা ‘অল্ফ’ক (পিতাক) স্মৰণ কৰা। যদিও বিস্তাৰত বুজায় পাছত কয় – পিতাক স্মৰণ কৰা, অন্য কাকো নহয়। তোমালোক জন্ম-জন্মান্তৰ এজন প্ৰেমিকৰ প্ৰেমিকা হোৱা। তোমালোকে গায়ন কৰি আহিছা – বাবা আপুনি আহিলে আমি আপোনাৰ হ’ম। এতিয়া তেওঁ আহিছে সেয়েহে এজনৰে হোৱা উচিত। নিশ্চয়বুদ্ধি বিজয়ন্তী। ৰাৱণৰ ওপৰত বিজয়ী হ’বা। পুনৰ ৰামৰাজ্যলৈ আহিব লাগে। কল্পই কল্পই তোমালোক ৰাৱণৰ ওপৰত বিজয়ী হোৱা। ব্ৰাহ্মণ হ’লা আৰু ৰাৱণৰ ওপৰত বিজয়ী হ’লা। ৰামৰাজ্যৰ তোমালোকৰ অধিকাৰ আছে। পিতাক চিনি পালা আৰু ৰামৰাজ্যৰ অধিকাৰী হ’লা। বাকী উচ্চ পদ পাবলৈ পুৰুষাৰ্থ কৰিব লাগে। বিজয় মালাত আহিব লাগে। ডাঙৰ বিজয় মালা। ৰজা হ’লে সকলো পাবা। দাস-দাসীসকলো ক্ৰমানুসৰি হয়। সকলো একে সমান নহয়। কোনোবা বহুত সমীপত থাকিব, ৰজা-ৰাণীয়ে যি খায়, ৰন্ধনশালত যি ৰান্ধে সেয়া সকলো দাস-দাসীসকলে খাবলৈ পায়, যাক 36 প্ৰকাৰৰ ভোজন বুলি কোৱা হয়। পদমপতি বুলিও ৰজাসকলক কোৱা হয়, প্ৰজাক পদমপতি বুলি নকয়। যদিও তাত ধনৰ চিন্তা নাথাকে। কিন্তু এইটো চিন দেৱতাসকলৰ। যিমান স্মৰণ কৰিবা সিমান সূৰ্যবংশীত আহিবা। নতুন সৃষ্টিলৈ আহিব লাগে নহয়। মহাৰজা-মহাৰাণী হ’ব লাগে। পিতাই নৰৰ পৰা নাৰায়ণ হোৱাৰ জ্ঞান দিয়ে, যাক ৰাজযোগ বুলি কোৱা হয়। বাকী ভক্তিমাৰ্গৰ শাস্ত্ৰও সকলোতকৈ বেছি তোমালোকে পঢ়িছা। সকলোতকৈ বেছি ভক্তি তোমালোক সন্তানসকলে কৰিছা। এতিয়া আহি পিতাৰ সৈতে মিলিত হৈছা। পিতাই মাৰ্গতো বহুত সহজ আৰু সৰল দেখুৱাই দিয়ে যে পিতাক স্মৰণ কৰা। পিতাই “সন্তান সন্তান” বুলি কৈ বুজায়। পিতা সন্তানসকলৰ প্ৰতি উৎসৰ্গিত হয়। তোমালোক হৈছা উত্তৰাধিকাৰী সেয়েহে পিতা উৎসৰ্গিত হ’বলগীয়া হয়। তোমালোকেও কৈছিলা – বাবা আপুনি আহিলেতো আমি উৎসৰ্গিত হৈ যাম। তন-মন-ধন সহিত উৎসৰ্গিত হৈ যাম। তোমালোক এবাৰ উৎসৰ্গিত হোৱা, বাবা 21 বাৰ হয়। পিতাই সন্তানসকলক সোঁৱৰায়ো দিয়ে। বুজিব পাৰে, সকলো সন্তানে পুৰুষাৰ্থৰ ক্ৰম অনুসৰি নিজৰ নিজৰ ভাগ্য ল’বলৈ আহিছে। পিতাই কয় – হে মৰমৰ সন্তানসকল, বিশ্বৰ বাদশ্বাহী আমাৰ সম্পত্তি। এতিয়া তোমালোকে যিমান পুৰুষাৰ্থ কৰা কৰি লোৱা। যিমান পুৰুষাৰ্থ কৰিবা সিমানে উচ্চ পদ পাবা। যি প্ৰথম নম্বৰ হয় তেৱেঁই আকৌ শেষ নম্বৰো হয়। প্ৰথম নম্বৰত নিশ্চয় যাব। সকলো নিৰ্ভৰ কৰে পুৰুষাৰ্থৰ ওপৰত। পিতাই সন্তানসকলক ঘৰলৈ লৈ যাবলৈ আহিছে। এতিয়া নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা তেতিয়া পাপ খণ্ডন হৈ যাব। সেয়া হ’ল কাম (বিকাৰৰ) অগ্নি, এয়া হ’ল যোগ অগ্নি। কাম অগ্নিত জ্বলি জ্বলি তোমালোক ক’লা হৈ গৈছা। একেবাৰে ছাৰখাৰ হৈ গৈছা। এতিয়া মই আহি তোমালোকক জগাওঁ। তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ’বলৈ যুক্তি (উপায়) শুনাওঁ, একেবাৰে সৰল। মই আত্মা, ইমান সময় দেহৰ অভিমানত থকা কাৰণে তোমালোক ওলোটাকৈ ওলমি আছিলা। এতিয়া দেহী (আত্মা) অভিমানী হৈ পিতাক স্মৰণ কৰা। ঘৰলৈ যাব লাগে, পিতা নিবলৈ আহিছে। তোমালোকে নিমন্ত্ৰণ জনালা আৰু পিতা আহিছে। পতিতসকলক পাৱন কৰি পাণ্ডা হৈ সকলো আত্মাক লৈ যাব। আত্মাহে যাত্ৰাত যাব লাগে।

তোমালোক হৈছা পাণ্ডৱ সম্প্ৰদায়। পাণ্ডৱৰ ৰাজ্য নাছিল। কৌৰৱৰ ৰাজ্য আছিল। ইয়াততো এতিয়া বাদশ্বাহীও সমাপ্ত হৈ গৈছে। এতিয়া ভাৰতৰ কিমান বেয়া অৱস্থা হৈ গৈছে। তোমালোকে পূজ্য বিশ্বৰ মালিক আছিলা এতিয়া পূজাৰী হৈ গৈছা। সেয়হে বিশ্বৰ মালিক কোনো নাই। বিশ্বৰ মালিক কেৱল দেৱী-দেৱতাসকলহে হয়। জগতৰ লোকে কয় - বিশ্বত শান্তি হওঁক। তোমালোকে সোধা - বিশ্বত শান্তি বুলি কাক কয়? বিশ্বত শান্তি কেতিয়াবা হৈছেনে? বিশ্বৰ বুৰঞ্জী-ভূগোল পুনৰাবৃত্তি হৈ থাকে। চক্ৰ ঘূৰি থাকে। কওঁকচোন বিশ্বত শান্তি কেতিয়া হৈছিল? আপোনালোকে কেনেধৰণৰ শান্তি বিচাৰে? কোনেও ক’ব নোৱাৰিব। পিতাই বুজায় – বিশ্বত শান্তিতো স্বৰ্গত আছিল, যাক ‘পেৰাডাইচ’ বুলি কোৱা হয়। খ্ৰীষ্টান লোকসকলে কয় – যথাযথ যীশুখ্ৰীষ্টৰ 3 হাজাৰ বছৰ পূৰ্বে ‘পেৰাডাইচ’ আছিল। তেওঁলোক পাৰসবুদ্ধিৰো নহয়, পাথৰবুদ্ধিৰো নহয়। ভাৰতবাসীহে পাৰসবুদ্ধি আৰু পাথৰবুদ্ধিৰ হয়। নতুন সৃষ্টিক স্বৰ্গ বুলি কোৱা হয়, পুৰণি সৃষ্টিকতো স্বৰ্গ বুলি কোৱা নহয়। পিতাই সন্তানকলক নৰক আৰু স্বৰ্গৰ ৰহস্য বুজাইছে। এয়া হ’ল খুচুৰা। পাইকাৰী হিচাপত কেৱল এটা শব্দ কয় – মামেকম্‌ (কেৱল মোক) স্মৰণ কৰা। পিতাৰ পৰাহে বেহদৰ উত্তৰাধিকাৰ পোৱা যায়। এয়াও পুৰণি কথা, পাঁচ হাজাৰ বছৰ পূৰ্বে ভাৰতত স্বৰ্গ আছিল। পিতাই সন্তানসকলক সঁচা কাহিনী শুনায়। সত্য-নাৰায়ণৰ কথা, তৃতীয় নেত্ৰৰ কথা, অমৰকথা প্ৰসিদ্ধ। তোমালোকেও জ্ঞানৰ তৃতীয় নেত্ৰ পাইছা। তাক তৃতীয় নেত্ৰৰ কথা বুলি কোৱা হয়। সেয়াতো ভক্তিৰ কিতাপ লিখি দিছে। এতিয়া তোমালোক সন্তানসকলক সকলো কথা ভালদৰে বুজোৱা হয়। খুচুৰা আৰু পাইকাৰী নাথাকে জানো! ইমান জ্ঞান শুনায় যে সাগৰক চিয়াঁহী কৰি ল’লে তথাপিও অন্ত নহয় – এয়া হ’ল খুচুৰা। পাইকাৰী হিচাপত কেৱল কয় – মনমনাভৱ। শব্দই এটা, ইয়াৰ অৰ্থও তোমালোকে বুজিছা আৰু কোনেও ক’ব নোৱাৰে। পিতাই কোনো সংস্কৃতত জ্ঞান দিয়া নাই। সেয়াতো যেনেকুৱা ৰজা তেওঁলোকে নিজৰ ভাষা চলায়। নিজৰ ভাষাতো এটা কেৱল হিন্দীয়ে হ’ব। তেন্তে সংস্কৃত কিয় শিকিব লাগে। কিমান পইচা খৰচ কৰে।

তোমালোকৰ ওচৰলৈ কোনোবা আহিলে তেওঁলোকক কোৱা পিতাই কয় – মোক স্মৰণ কৰা তেতিয়া শান্তিধাম-সুখধামৰ উত্তৰাধিকাৰ পাবা। এয়া যদি বুজিব বিচৰা তেন্তে বহি লৈ বুজক। বাকী আমাৰ ওচৰত আৰু কোনো কথা নাই। পিতা ‘অল্ফ’ইহে বুজায়। ‘অল্ফ’ৰ পৰাই উত্তৰাধিকাৰ পোৱা যায়। পিতাক স্মৰণ কৰা তেতিয়া পাপ নাশ হ’ব আকৌ পৱিত্ৰ হৈ শান্তিধামলৈ গুচি যাবা। এনেকৈ কয়ো – শান্তি দিওঁতা। পিতাহে শান্তিৰ সাগৰ সেয়েহে তেওঁকেই স্মৰণ কৰে। পিতাই যি স্বৰ্গ স্থাপনা কৰে সেয়াতো ইয়াতেই হয়। সূক্ষ্মবতনত একোৱেই নহয়। এয়াতো সাক্ষাৎকাৰৰ কথা। এনেকুৱা ফৰিস্তা হ’ব লাগে। হ’ব ইয়াতেই লাগে। ফৰিস্তা হৈ আকৌ ঘৰলৈ গুচি যাবা। ৰাজধানীৰ উত্তৰাধিকাৰ পিতাৰ পৰা পোৱা যায়। শান্তি আৰু সুখ দুয়োটাৰে উত্তৰাধিকাৰ লাভ কৰা। পিতাৰ বাহিৰে আন কাকোৱে জ্ঞানৰ সাগৰ বুলি ক’ব নোৱাৰি। বাবা যি জ্ঞানৰ সাগৰ তেৱেঁই সকলোৰে সৎগতি কৰিব পাৰে। পিতাই সোধে – মই তোমালোকৰ পিতা, শিক্ষক, গুৰু হওঁ, তোমালোকৰ সৎগতি কৰোঁ, আকৌ তোমালোকৰ দুৰ্গতি কোনে কৰে? ৰাৱণে। দুৰ্গতি আৰু সৎগতিৰ এয়া খেল। কোনোবা জঁই পৰি গ’লে সুধিব পাৰা। ভক্তিমাৰ্গত অনেক প্ৰশ্ন কৰে, জ্ঞানমাৰ্গত প্ৰশ্নৰ কথাই নাই। শাস্ত্ৰততো শিৱবাবাৰ লগতে দেৱতাসকলৰো গ্লানি কৰিছে, কাকোৱেই এৰা নাই। এয়াও ড্ৰামা ৰচি থোৱা আছে, আকৌ কৰিব। পিতাই কয় – এই দেৱী-দেৱতা ধৰ্ম বহুত সুখ দিওঁতা হয়। পাছত এই দুখ নাথাকিব। পিতাই তোমালোকক কিমান বিচাৰ বুদ্ধি সম্পন্ন কৰি তোলে। এই লক্ষ্মী-নাৰায়ণ বিচাৰ বুদ্ধি সম্পন্ন হয়, সেইবাবেতো বিশ্বৰ মালিক হয়। মূৰ্খতো বিশ্বৰ মালিক হ’ব নোৱাৰে। প্ৰথমতে তোমালোক কাঁইট আছিলা, এতিয়া ফুল হৈ আছা সেইবাবে বাবায়ো গোলাপ ফুল লৈ আহে – এনেকুৱা ফুল হ’ব লাগে। নিজে আহি ফুলৰ বাগিচা তৈয়াৰ কৰে। আকৌ ৰাৱণ আহে কাঁইটৰ জংঘল সৃষ্টি কৰিবলৈ। কিমান স্পষ্ট। এই সকলো কথা সোঁৱৰণ কৰিব লাগে। এজনক স্মৰণ কৰিলে তাতে সকলো আহি যায়। পিতাৰ পৰা উত্তৰাধিকাৰ পোৱা যায়। এয়া অতি শ্ৰেষ্ঠ সম্পদ, শান্তিৰো উত্তৰাধিকাৰ পোৱা যায় কিয়নো তেৱেঁই শান্তিৰ সাগৰ হয়। লৌকিক পিতাৰ এনেকুৱা মহিমা কেতিয়াও নকৰে। শ্ৰীকৃষ্ণ হৈছে সকলোতকৈ মৰমৰ। প্ৰথমে জন্ম তেওঁৰেই হয় সেইবাবে তেওঁক সকলোতকৈ বেছি মৰম কৰে। পিতাই সন্তানসকলকহে গোটেই ঘৰৰ বাতৰি দিয়ে। পিতাও দক্ষ বেপাৰী, কোনোবা বিৰলজনেহে এনেকুৱা বেপাৰ কৰিব। পাইকাৰী বেপাৰী কাচিৎহে হয়। তোমালোক পাইকাৰী বেপাৰী নোহোৱা জানো! পিতাক স্মৰণ কৰিয়েই থাকা। কোনোবাই খুচুৰা চুক্তি কৰি পাহৰি যায়। পিতাই কয় – নিৰন্তৰ স্মৰণ কৰি থাকা। উত্তৰাধিকাৰ পাই গ’লে তাৰপাছত স্মৰণ কৰাৰ দৰকাৰ নাথাকে। লৌকিক সম্বন্ধতো পিতা বৃদ্ধ হৈ গ’লে তেতিয়া কোনো কোনো সন্তান অন্তিমলৈকে সহায়ক হয়। কোনোৱেতো সম্পত্তি পাই গ’ল আৰু উৰুৱাই শেষ কৰি দিয়ে। পিতা সকলো কথাৰে অনুভৱী। সেইবাবেতো পিতাইয়ো এওঁক নিজৰ ৰথ কৰি লৈছে। গৰিব, চহকী সকলোৰে অনুভৱী হয়। ড্ৰামা অনুসৰি এয়া এখনেই ৰথ। এয়া কেতিয়াও সলনি হ’ব নোৱাৰে। ড্ৰামা ৰচি থোৱা আছে, ইয়াত কেতিয়াও সলনি হ’ব নোৱাৰে। সকলো কথা পাইকাৰী আৰু খুচুৰাকৈ বুজাই আকৌ শেষত কৈ দিয়ে – ‘মনমনাভৱ’, ‘মধ্যাজী ভৱ’। ‘মনমনাভৱ’ত সকলো আহি যায়। এয়া বহুত শ্ৰেষ্ঠ সম্পদ, তাৰ দ্বাৰা জোলোঙা ভৰোৱা। এটি এটি অবিনাশী জ্ঞান ৰত্ন লাখ লাখ টকা মূল্যৰ। তোমালোক পদ্মাপদম ভাগ্যশালী হোৱা। পিতাই আনন্দ, নিৰানন্দ দুয়োটাৰ পৰা উপৰাম। সাক্ষী হৈ ড্ৰামা প্ৰত্যক্ষ কৰি আছে। তোমালোকে ভূমিকা পালন কৰা। মই ভূমিকা পালন কৰিও সাক্ষী হওঁ। জন্ম-মৃত্যুত নাহোঁ। আন কোনেও ইয়াৰ পৰা ৰেহাই নাপায়, মোক্ষ পাব নোৱাৰে। এইখন অনাদি পূৰ্ব নিৰ্ধাৰিত ড্ৰামা। এয়াও আচৰিত। অতি সূক্ষ্ম আত্মাত গোটেই ভূমিকা ভৰি আছে। এই অবিনাশী ড্ৰামা কেতিয়াও বিনাশ নহয়। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ গভীৰ আন্তৰিক প্ৰেম সহিত, সেৱাধাৰী সন্তানসকলক পুৰুষাৰ্থৰ ক্ৰম অনুসৰি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) যেনেকৈ পিতা সন্তানসকলৰ প্ৰতি উৎসৰ্গিত হৈ যায়, তেনেকৈ তন-মন-ধন সহিত এবাৰ পিতাৰ প্ৰতি পূৰা উৎসৰ্গিত হৈ 21 জন্মৰ উত্তৰাধিকাৰ ল’ব লাগে।

(2) পিতাই যি অবিনাশী অমূল্য সম্পদ দিয়ে তাৰ দ্বাৰা নিজৰ জোলোঙা সদায় ভৰপূৰ কৰি ৰাখিব লাগে। সদায় এইটো আনন্দ আৰু নিচাত থাকিব লাগে যে আমি পদ্মাপদম ভাগ্যশালী।

বৰদান:
ব্ৰাহ্মণ জীৱনৰ বৈভৱ আৰু ব্যক্তিত্বৰ অনুভৱ কৰোঁতা আৰু কৰাওঁ‌তা বিশেষ আত্মা হোৱা

বাপদাদাই সকলো ব্ৰাহ্মণ সন্তানক সোঁৱৰাই দিয়ে যে ব্ৰাহ্মণ হ'লা - অহো ভাগ্য! কিন্তু ব্ৰাহ্মণ জীৱনৰ উত্তৰাধিকাৰ, বৈভৱ হৈছে সন্তুষ্টতা আৰু ব্ৰাহ্মণ জীৱনৰ ব্যক্তিত্ব হৈছে প্ৰসন্নতা। এইটো অনুভৱৰ পৰা কেতিয়াও বঞ্চিত হৈ নাথাকিবা। অধিকাৰী হোৱা। যিহেতু দাতা, বৰদাতাই খোলা অন্তৰেৰে প্ৰাপ্তিসমূহৰ সম্পদ দি আছে গতিকে সেয়া অনুভৱ কৰা আৰু অন্যকো অনুভৱী কৰি তোলা তেতিয়া বিশেষ আত্মা বুলি কোৱা হ'ব।

স্লোগান:
অন্তিম সময়ৰ কথা ভবাৰ পৰিৱৰ্তে অন্তিম স্থিতিৰ কথা ভাবা।


পৰোপকাৰৰ ভাৱনাৰে সম্পন্ন হৈ অপকাৰীৰো উপকাৰ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

এতিয়া এনেকুৱা পৰোপকাৰী দল লাগে যি দিওঁতা দাতা হয়। যেনেকৈ সম্পন্ন ৰজাসকল সদায় প্ৰজাক দিওঁতা হয়। সম্পন্ন ৰজাসকলৰ হাত কেতিয়াও লওঁতা নহ’ব, দিওঁতা হ’ব। তোমালোক সন্তানসকলতো স্বৰ্গৰ বিশ্ব মহাৰজা হৈ দাতাৰ ৰূপত ভূমিকা পালন কৰোঁতা হোৱা গতিকে এতিয়াৰ পৰা সেয়াই সংস্কাৰ নিজৰ মাজত ধাৰণ কৰা।