24.07.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল – এই
মহাভাৰতৰ যুদ্ধত পুৰণা বৃক্ষ সমাপ্ত হয় সেয়েহে যুদ্ধৰ আগতে পিতাৰ পৰা সম্পূৰ্ণ
উত্তৰাধিকাৰ লৈ লোৱা”
প্ৰশ্ন:
বাবাক
মাতাসকলৰ সংগঠন লাগে কিন্তু সেই সংগঠনৰ বিশেষত্ব কি হ’ব লাগে?
উত্তৰ:
এনেকুৱা সংগঠন হওঁক যিয়ে দেহী-অভিমানী হৈ থকাৰ সম্পূৰ্ণ পুৰুষাৰ্থ কৰে। যিসকলৰ দৃঢ়
নিচা থাকিব যে আমি পাৱন হৈ পাৱন সৃষ্টি ৰচিব লাগে। পতিত হ'ব নালাগে। নষ্টোমোহা দল
হওঁক তেতিয়া কিবা চমৎকাৰ কৰি দেখুৱাব। কাৰো প্ৰতি মোহৰ জৰী থাকিব নালাগে। মোহৰ জৰীয়ে
বহুত লোকচান কৰি দিয়ে।
ওঁম্শান্তি।
মৰমৰ
সন্তানসকলে এইটো জানে যে মৰমৰ বাবা আমাক স্বৰ্গবাসী কৰি তুলিবলৈ ইয়ালৈ আহিছে। এইটো
সন্তানসকলৰ বুদ্ধিত আছে। প্ৰত্যেকেই এইটো বুজাব লাগে যে আমি আত্মাসকল এই স্মৃতিৰ
যাত্ৰাৰ দ্বাৰা পৱিত্ৰ হওঁ। কিমান সহজ উপায়, কেৱল পিতাক স্মৰণ কৰিব লাগে। সন্তানসকলে
জানে যে পিতাই এক চেকেণ্ডত মুক্তি-জীৱনমুক্তিৰ উত্তৰাধিকাৰ দিয়ে। এতিয়া সকলো জীৱন
বন্ধনত আছে, ৰাৱণৰাজ্যৰ বন্ধনত আছে। এইটো কথা পিতাই জানে আৰু সন্তানসকলে জানে আন
কোনেও নাজানে। তোমালোক সন্তানসকলৰ নিশ্চয়তা আছে যে বেহদৰ পিতাক আমি স্মৰণ কৰোঁ গতিকে
আত্মা ভিতৰি বহুত আনন্দিত হ'ব লাগে। যিজন পিতাক আধাকল্প স্মৰণ কৰিছিলোঁ - সেইজন
পিতাক পালোঁ। দুখত পিতাক স্মৰণ কৰি থাকে। তোমালোকেও স্মৰণ কৰিছিলা, এতিয়া তোমালোকে
দুখী হৈ স্মৰণ নকৰা। যাক গোটেই জগতে স্মৰণ কৰে - সেইজন পিতা আহিছে, এইটো তোমালোকে
জানা। বাবাই বাৰে বাৰে বুজাইছে - ইয়াত যেতিয়া তোমালোক বহা তেতিয়া এনেকৈ বুজিবা যে
মই আত্মা। বাবা পৰমধামৰ পৰা আহিছে। কল্পই কল্পই নিজৰ প্ৰতিশ্ৰুতি অনুসৰি আহে। বাবাৰ
এইটো প্ৰতিশ্ৰুতি যে তোমালোকে যেতিয়া আহ্বান জনাবা আৰু আধাকল্প যেতিয়া পূৰ্ণ হ'ব
তেতিয়া মই আহিবলগীয়া হয়। কলিযুগৰ পাছত সত্যযুগ হ'ব তেতিয়া মই আহিবলগীয়া হয়। এইটো
কেৱল তোমালোক সন্তানসকলে গম পোৱা যে এয়া সংগমযুগ, বাবা আহিছে। তোমালোক সন্তানসকলেও
সেৱা কৰা, দিন-প্ৰতিদিনে পৰিচয় দি থাকা, পিতাৰ পৰিচয় সকলোৱে পাই থাকে। ইয়াত বহি আছা,
জানা যে বেহদৰ বাবা শিৱবাবা আমাক পুনৰ বেহদৰ উত্তৰাধিকাৰ দিবলৈ আহিছে। তোমালোকে
‘বাবা’ ‘বাবা’ বুলি কোৱা নহয়। আমি শিৱবাবাৰ ওচৰলৈ আহিছোঁ। শিৱবাবায়ো কয় যে মই
সাধাৰণ শৰীৰত আহিছোঁ, কল্প পূৰ্বৰ দৰে। এইটো পাহৰিব নালাগে। মায়াই এনেকুৱা বাবাৰ
স্মৃতি পাহৰাই দিয়ে, যাৰ দ্বাৰা পতিতৰ পৰা পাৱন হ'ব লাগে। তোমালোকে জানা যে সকলোৰে
সৎগতি দাতা এজনেই সৎগুৰু। শিখ লোকসকলেও গায়ন কৰে – সৎ শ্ৰী অকাল, পতিত-পাৱনকহে
সৎগুৰু বুলি কোৱা হয়। আহ্বানো জনায় – হে পতিত-পাৱন। আত্মাই আহ্বান জনায়। এতিয়া
তোমালোকে জানা আমি ইয়ালৈ সন্মুখত পিতাক লগ কৰিবলৈ আহিছোঁ। গণ্য-মান্য ব্যক্তিসকলে
ইজনে-সিজনক লগ কৰিবলৈ যায়, তেওঁলোকৰ কিমান মহিমা হয়। ধুমধামেৰে স্বাগতম্ জনাবলৈ
আনন্দৰ বেণ্ড-বাদ্য আদি বজায়। এয়া গুপ্ত বেশত কোন আহিছে, এইটো তোমালোকেহে জানা।
তেওঁক কোৱা হয় – দূৰণিৰ দেশৰ নিবাসী পথিক।
তোমালোকে জানা আমি
আত্মাসকল পৰমধামৰ নিবাসী হওঁ। ইয়ালৈ পথিক হৈ ভূমিকা পালন কৰিবলৈ আহিছোঁ। এটি এটি
শব্দ যিবোৰ পিতাই বুজায়, জগতত কোনেও নাজানে। তোমালোকে পিতাৰ পৰা শুনি আছা। সেয়া
ভালদৰে ধাৰণ কৰিব লাগে। পিতাই বুজায় - তোমালোক সকলো এই কৰ্মক্ষেত্ৰত পথিক হোৱা। আমি
শান্তিধামৰ নিবাসী আকৌ ইয়ালৈ বাণীৰ জগতলৈ আহোঁ। আমি শান্তিধামৰ পথিক, 84 জন্মৰ
ভূমিকা ইয়াত পালন কৰোঁ। এতিয়া এয়া অন্তিম সময়। সেয়েহে পিতা আহিছে - পুৰণি সৃষ্টিক
নতুন কৰি গঢ়ি তুলিবলৈ। এইটোও তোমালোকে জানা। চিত্ৰও স্পষ্ট, শিৱবাবাই ব্ৰহ্মাৰ
দ্বাৰা নতুন সৃষ্টিৰ স্থাপনা কৰে। এনেকুৱাতো নহয় শ্ৰীকৃষ্ণৰ দ্বাৰা, বিষ্ণুৰ দ্বাৰা
স্থাপনা কৰে। পিতা আহেই ব্ৰহ্মাৰ দ্বাৰা স্বৰ্গ ৰচিবলৈ। পিতা সাধাৰণ শৰীৰত আহিছে।
এয়া হৈছেই পতিত সৃষ্টি, এগৰাকীও পাৱন নাই। আনকি প্ৰথম নম্বৰৰ লক্ষ্মী-নাৰায়ণো পতিত
হয়। যিসকল পাৱন আছিল তেওঁলোকেই পতিত হৈ গ’ল, গোটেই ৰাজবংশ সহিত। তোমালোকে জানা যে
আমি যিসকল দৈৱী ধৰ্মৰ লোক আছিলোঁ তেওঁলোক এতিয়া শূদ্ৰ ধৰ্মৰ লোক হৈ গৈছে। যদিওবা
আমেৰিকা আদিত ডাঙৰ ডাঙৰ চহকী লোকসকল থাকে কিন্তু সত্যযুগৰ তুলনাত আমেৰিকা একোৱেই
নহয়। এই সকলোবোৰ পাছলৈ হৈছে। এয়া খন্তেকীয়া জাকজমকতা। বিনাশতো হ'বই। তোমালোক
সন্তানসকলৰ বহুত ভাল নিচা থাকিব লাগে। পিতা যিয়ে আমাক স্বৰ্গৰ মালিক কৰি তোলে,
তেওঁক আমি সন্তানসকলে স্মৰণ নকৰোঁ, কিমান আচৰিত কথা। মায়াই স্মৰণ কৰিব নিদিয়ে।
তোমালোক সন্তানসকলে এতিয়া এনেকৈ কোৱা - বাবা মায়াই আমাক স্মৰণ কৰিব নিদিয়ে। হেৰৌ -
বাবা, যিজনে তোমালোকক 21 জন্মৰ কাৰণে স্বৰ্গৰ মালিক কৰি তোলে, তেওঁক তোমালোকে স্মৰণ
কৰিব নোৱাৰা? প্ৰজাওতো স্বৰ্গৰ মালিক হয় নহয়। সকলো সুখত থাকে। এতিয়াতো সকলো দুখী।
প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি আদিৰতো ৰাতিয়ে দিনে চিন্তা লাগি থাকে। যুদ্ধ আদিত কিমান
মৰি থাকে। তোমালোকে জানা যে মহাভাৰতৰ যুদ্ধও প্ৰসিদ্ধ, কিন্তু তাত কি হৈছিল, এয়া
কাৰো বুদ্ধিত নাই। পিতাই তোমালোকৰ বুদ্ধিত ধাৰণ কৰাইছে। মহাভাৰতৰ যুদ্ধত সকলো মৰি
গ’ল! কিমান বৃহৎ মনুষ্য সৃষ্টি। আত্মাসকলৰো বৃক্ষ আছে। বৃক্ষ প্ৰথমে নতুন হয় তেতিয়া
বহুত সৰু হৈ থাকে পাছলৈ বৃদ্ধি হৈ থাকে। তোমালোকে জানা যে প্ৰথমে যেতিয়া দেৱী ধৰ্ম
আছিল তেতিয়া বৃক্ষ কিমান সৰু আছিল। আদি সনাতন দেৱতা ধৰ্ম আছিল। এতিয়া কিমান বিভিন্ন
ধৰ্ম আছে। এই মহাভাৰতৰ যুদ্ধৰ দ্বাৰা এই সকলোবোৰৰ বিনাশ হ’ব। কিন্তু এই জ্ঞান কাৰো
নাই। যদিওবা ক’ব এয়া সেয়াই যুদ্ধ কিন্তু ইয়াৰ দ্বাৰা কি হ’ব, এইটো গম নাপায়।
তোমালোক এতিয়া আলোকত আছা। জানা যে বিনাশ হ’ব সেইকাৰণে মহাভাৰতৰ যুদ্ধৰ আগতে নিজৰ
উত্তৰাধিকাৰ লৈ লওঁ। কথাতো অতি সহজ। পৱিত্ৰ হোৱা আৰু পিতাক স্মৰণ কৰা। অনেক কন্যাৰ
ওপৰত অত্যাচাৰ হয়। তোমালোক মাতাসকলৰ সংগঠন হোৱা উচিত ইজনীয়ে সিজনীক ৰক্ষা কৰিবৰ বাবে।
কিন্তু দেহী-অভিমানী নিশ্চয় হ’ব লাগে। আমি পাৱনতো নিশ্চয় হ’ব লাগে - এইটো দৃঢ় নিচা
থাকিব লাগে। এনেকুৱা নিচাত থকাসকলেহে বুজাব পাৰিব। আমি পিতাক স্মৰণ কৰিব লাগে,
পৱিত্ৰ হ’ব লাগে। আমি স্বদৰ্শন চক্ৰধাৰী হওঁ - এইটো নিচাতো থাকিব লাগে। আমি ৰচিয়তা
পিতা আৰু ৰচনাৰ চক্ৰক জানোঁ। এতিয়া আমি পিতাৰ পৰা নতুন সৃষ্টি সত্যযুগৰ উত্তৰাধিকাৰ
ল’ব লাগে। আমি 84 জন্ম কেনেকৈ লওঁ, এইটো বুজাই থাকা। পিতাই কয় - মোক স্মৰণ কৰা
তেতিয়া তোমালোকৰ পাপ নষ্ট হৈ যাব। পাৱনতো নিশ্চয় হ’ব লাগে। পাৱন অৰ্থাৎ পৱিত্ৰ। কাম
মহাশত্ৰু হয়। আমি 84 জন্মৰ চক্ৰ পূৰা কৰিলোঁ, এতিয়া পিতাৰ পৰা উত্তৰাধিকাৰ ল’ব লাগে।
পিতাই কয় - মোক স্মৰণ কৰা তেতিয়া তোমালোকৰ বিকৰ্ম বিনাশ হ’ব। ইয়ালৈতো আহাই সজীৱ
হ’বলৈ। মোক পিতাক স্মৰণ কৰা – 21 জন্মৰ উত্তৰাধিকাৰ ল’ব লাগে। কাৰো প্ৰতি মোহৰ জৰী
থাকিব নালাগে। নষ্টোমোহা হ’ব লাগে। এই শৰীৰৰ প্ৰতিও যাতে মোহ নাথাকে। এয়াতো পুৰণা
চাল। কিন্তু ইয়াৰ যত্ন ল’ব লাগে, যাতে পঢ়া পঢ়িব পাৰা। কষ্ট হ’লে তাপলি মাৰিবলগীয়া
হয়। তোমালোকে জানা যে এয়া পুৰণা গেলি যোৱা শৰীৰ। ইয়াৰ কিবা নহয় কিবা হৈ থাকে। দুখ
আত্মাৰ হয়। জানে যে এতিয়াতো এই শৰীৰ এৰিব লাগিব। যোগবলেৰে ইয়াক টিকাই ৰাখিব লাগে।
পিতাক স্মৰণ কৰি থাকিব লাগে। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰিব লাগে, বচ্।
অন্য কোনো লৌকিক সম্বন্ধীয়ও স্মৃতিলৈ আহিব নালাগে। মই দেহ নহয় আত্মা। পিতাই কয় - মই
তোমালোক আত্মাসকলক উত্তৰাধিকাৰ দিবলৈ আহিছোঁ। আত্মা পৱিত্ৰ হ’লে তেতিয়া আকৌ শৰীৰো
উত্তম পাব।
তোমালোকে জানা এতিয়া
আমি আত্মাসকল পৱিত্ৰ হ’ব লাগে। আমি পাৱন আছিলোঁ তেতিয়া এই লক্ষ্মী-নাৰায়ণৰ দৰে আছিলোঁ।
এই লক্ষ্মী-নাৰায়ণে 84 জন্ম লৈছে। গোটেই সূৰ্যবংশী কুলে 84 জন্ম লৈছে। চন্দ্ৰবংশীৰ
কাৰণে 84 জন্ম বুলি কোৱা নহ’ব। অৱশ্যে হয় যিয়ে সূৰ্যবংশীত প্ৰথমে প্ৰথমে দাস দাসী
হ’ব তেওঁলোকে পুনৰ ত্ৰেতাত কিছু পদবী পায়, তেওঁলোকৰ 84 জন্ম বুলি কোৱা হ’ব। ৰজা ৰাণী,
প্ৰজা যিসকল দাস দাসী আদি সূৰ্যবংশীত আহে তেওঁলোকেই 84 জন্ম লয়। এনেকৈ নিজৰ সৈতে কথা
পাতিব লাগে। আমি 84 জন্ম কেনেকৈ লওঁ। বিচাৰ সাগৰ মন্থন কৰিব লাগে। যিমান সম্ভৱ পিতা
আৰু উত্তৰাধিকাৰক স্মৰণ কৰি থাকা। চলোঁতে-ফুৰোঁতে এনেকৈ বুজা যে আমি বাবাৰ সন্তান।
কাৰোবাক লগ পালে তেতিয়া তেওঁক পিতাৰ পৰিচয় দিব লাগে। এই চিত্ৰবোৰত গোটেই জ্ঞান আছে।
সকলোবোৰ শুনাব লাগে। ব্ৰহ্মাৰ তনত বাবাৰ আগমন হৈছে। আমি সকলো ব্ৰহ্মাকুমাৰ-কুমাৰী
হওঁ নহয়। আমাক বি.কে.সকলক স্বৰ্গৰ মালিক কৰি তুলিবলৈ বাবাৰ আগমন হৈছে। সকলো আত্মাৰ
পিতা এজনেই। আমি হৈছোঁ ব্ৰহ্মাকুমাৰ-কুমাৰী। নিজৰ নিজৰ কাৰ্ডো দেখুৱাব পাৰা। ক’ৰবাত
অফিচ আদিতো কাৰ্ড দিয়া, কিন্তু বুজিব নোৱাৰিব যে বি. কে. কোন হয়! অনেক প্ৰকাৰৰ
বিঘিনি আহে। চৰকাৰকো বুজোৱা হয় – এয়া আমাৰ পৰিয়াল। দাদা আৰু বাবা। দাদাৰ দ্বাৰা আমি
উত্তৰাধিকাৰ লৈ আছোঁ। এইটো স্মৃতিত ৰাখিলে আনন্দিত হৈ থাকিব লাগে, সম্পত্তিতো ককাৰ
হয়। নাতিয়েকৰ অধিকাৰ আছে, সম্পূৰ্ণ অংশ ভাগ কৰি লয়।
তোমালোকে জানা –
শিৱবাবাৰ পৰা ব্ৰহ্মাৰ দ্বাৰা আমি উত্তৰাধিকাৰ লওঁ। এইটো স্মৃতিত ৰাখিব লাগে। পঢ়িব
লাগে আৰু তাৰপাছত আনক পঢ়াব লাগে। সন্তানসকলৰ প্ৰতিপালন কৰা এইটো পিতাৰ দায়িত্ব।
যেতিয়ালৈকে কুমাৰ-কুমাৰী সাবালক হৈ নুঠে, পিতাই তেওঁলোকৰ প্ৰতিপালন কৰিব লাগে।
সন্তানৰ কাম হৈছে পঢ়া। পঢ়ে নিজৰ ভৰিত থিয় (আত্ম নিৰ্ভৰশীল) হ’বলৈ। তোমালোকে জানা –
বাবাই আমাক পঢ়াই আছে 21 জন্মৰ বাবে। পাছত আমি নিজৰ ভৰিত থিয় হৈ থাকিম। যিমানে পঢ়িবা
সিমানে উচ্চ পদ পাবা। তোমালোকে নিজেই কোৱা আমি ইয়ালৈ শ্ৰী লক্ষ্মী বা শ্ৰী নাৰায়ণ
হ’বলৈ আহোঁ। এয়া সত্য-নাৰায়ণৰ কথা নহয় জানো। কোনেও নাজানে যে এই লক্ষ্মী-নাৰায়ণে 84
জন্ম কেনেকৈ লয়। ৰাধাৰ ভকত হ’লে তেন্তে ক’ব ৰাধা সকলোতে বিৰাজমান হৈ আছে। যিফালে
চাওঁ ৰাধাই ৰাধা, কৃষ্ণই কৃষ্ণ, শিৱই শিৱ। সকলোবোৰ সানমিহলি কৰি দিলে। ঈশ্বৰ, ৰাধা,
কৃষ্ণ সকলো সৰ্বব্যাপী। এই সকলোবোৰ হৈছে ঈশ্বৰৰ ৰূপ। ভগৱানে এই ৰূপ ধাৰণ কৰিছে।
যিফালে চাওঁ সেইফালে তুমিয়ে তুমি….. একেবাৰে অবোধ হৈ গৈছে। এয়া হৈছে বিকাৰী পতিত
সৃষ্টি। সত্যযুগ হ'ল নিৰ্বিকাৰী পাৱন সৃষ্টি। নিৰ্বিকাৰী সৃষ্টিৰ অর্থই হৈছে স্বর্গ।
এনেকৈ কয় যে তাত সন্তানতো থাকিব নহয়। সেয়া কেনেকৈ জন্ম হ'ব। বচ্, প্ৰশ্নই এনেকুৱা
সুধিব। ক’ব যে সন্তান জন্ম নহ’লে সৃষ্টি কেনেকৈ বৃদ্ধি হ'ব! প্ৰত্যেক বছৰে
জনসংখ্যাৰ হিচাপ উলিয়ায় যে কিমান অধিক মনুষ্য হ'ল। এইটো নকয় যে ইমান মৰিল। গতিকে
সন্তানসকলে প্ৰথমে নিজৰ কল্যাণ কৰিব লাগে। মই আত্মা হওঁ- প্ৰথমতেতো এইটো নিশ্চয় কৰা।
বাবাক স্মৰণ কৰিব লাগে। অন্তকালত যিয়ে নাৰায়ণক স্মৰণ কৰে….. এতিয়া নাৰায়ণক স্মৰণ কৰে
এইষাৰ কথা মিছাকৈ লিখিছে। অন্তকালত যিয়ে শিৱবাবাক স্মৰণ কৰে….. সেই চিন্তাতে যি মৰে
তেৱেঁই স্বৰ্গৰ নাৰায়ণ হয়। অন্তকালত নাৰায়ণ বুলি কিয় কয়? এনেকৈ বুজি লয় যে
শ্ৰীকৃষ্ণই জ্ঞান দিছিল সেয়েহে শ্ৰীকৃষ্ণকে স্মৰণ কৰে। শ্ৰীকৃষ্ণক স্মৰণ কৰে।
নাৰায়ণৰ কথা কোনেও গম নাপায়। শ্ৰীকৃষ্ণৰ জয়ন্তী পালন কৰে, বাৰু ৰাধাৰ জয়ন্তী ক'ত?
শ্ৰীকৃষ্ণৰ জন্মদিন পালন কৰে, নাৰায়ণৰ ক'ত? বিশ্বৰ ৰজা-ৰাণী লক্ষ্মী-নাৰায়ণৰ কথা
কোনেও গমেই নাপায়। প্ৰজাপিতা ব্ৰহ্মাৰ মুখ বংশাৱলী হ’ব নহয়! ক'লৈ গ'ল! কয় -
ব্ৰাহ্মণ দেৱী-দেৱতা নমঃ। ব্ৰহ্মাৰ মুখ বংশাৱলী আছিল নহয়। সন্তানসকলে বুজি পায়
ব্ৰহ্মাৰ দ্বাৰা শিৱবাবাই ব্ৰাহ্মণ ধর্মৰ প্ৰতিষ্ঠা কৰে। ব্ৰাহ্মণ ধৰ্ম ব্ৰহ্মাই
ৰচনা কৰা নাই শিৱবাবাই ৰচনা কৰিছে। এওঁতো এতিয়া ব্ৰহ্মা হৈছে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এই পুৰণা
শৰীৰত থাকি পঢ়া পঢ়ি 21 জন্মৰ বাবে উপাৰ্জন কৰিব লাগে সেইবাবে ইয়াৰ যত্ন ল’ব লাগে।
বাকী ইয়াৰ প্ৰতি মোহ ৰাখিব নালাগে।
(2) এনেকুৱা অভ্যাস
কৰিব লাগে যাতে অন্তিম সময়ত একমাত্ৰ শিৱবাবাহে স্মৃতিত থাকে। অন্য কোনো চিন্তনত যাব
নালাগে। নিজৰ কল্যাণ কৰিব লাগে।
বৰদান:
মাষ্টৰ
জ্ঞানৱান হৈ অজ্ঞতা সমাপ্ত কৰোঁতা জ্ঞান স্বৰূপ, যোগযুক্ত হোৱা
যিসকল মাষ্টৰ
জ্ঞানৱান তেওঁলোকৰ কোনো ধৰণৰ অজ্ঞতা নাথাকে, তেওঁলোকে এনেকৈ কৈ সাৰি যাব নোৱাৰে যে
এইটো কথা মই গমেই পোৱা নাছিলোঁ। জ্ঞান স্বৰূপ সন্তানসকল কোনো কথাৰে অজ্ঞান হৈ থাকিব
নোৱাৰে আৰু যিসকল যোগযুক্ত তেওঁলোকৰ অনুভৱ হয় যেন সকলো কথা আগৰে পৰাই জানে। তেওঁলোকে
এইটো জানে যে মায়াৰ চমক আৰু জাকজমকতা কম নহয়, মায়াও বৰ আকৰ্ষণীয়, সেয়েহে মায়াৰ পৰা
সাৱধানে থাকিব লাগে, যিসকলে সকলো ৰূপতে মায়াৰ জ্ঞান বুজি পাইছে, তেওঁলোকৰ বাবে
পৰাজয় বৰণ কৰা অসম্ভৱ।
স্লোগান:
যি সদায় প্ৰসন্নচিত্ত তেওঁ কেতিয়াও প্ৰশ্নচিত্ত হ’ব নোৱাৰে।
অব্যক্ত ইংগিত:
জ্বালাস্বৰূপ স্থিতিত থাকি শক্তিশালী স্মৃতিৰ অনুভৱ কৰা
যোগত সদায় ‘লাইট হাউচ’
আৰু ‘মাইট হাউচ’ স্থিতিৰ অনুভৱ কৰা। জ্ঞান হৈছে ‘লাইট’ আৰু যোগ হৈছে ‘মাইট’। জ্ঞান
আৰু যোগ— এই দুয়োটা শক্তি লাইট আৰু মাইটেৰে সম্পন্ন হ’লে তেতিয়া মাষ্টৰ
সৰ্বশক্তিমান বুলি কোৱা হয়। এনেকুৱা শক্তিশালী আত্মাসকলে যিকোনো পৰিস্থিতি ছেকেণ্ডত
অতিক্ৰম কৰি লয়, সময় নালাগে।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]