24.09.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোক যিমান সময় পিতাৰ স্মৃতিত থাকিবা সিমান সময় উপাৰ্জনেই উপাৰ্জন হ’ব, স্মৃতিৰ দ্বাৰাই তোমালোক পিতাৰ সমীপত আহি থাকিবা”

প্ৰশ্ন:
যিসকল সন্তান পিতাৰ স্মৃতিত থাকিব নোৱাৰে, তেওঁলোকৰ কোনটো কথাত লাজ লাগে?

উত্তৰ:
নিজৰ খতিয়ান ৰাখিবলৈ লাজ লাগে। ভাবে যে যদি সঁচা কথা লিখোঁ তেন্তে বাবাই কি ক’ব। কিন্তু সঁচা খতিয়ান লিখি থাকিলেহে সন্তানসকলৰ কল্যাণ হ’ব। খতিয়ান লিখিলে বহুত লাভ হয়। বাবাই কয় - সন্তানসকল, এই ক্ষেত্ৰত লাজ নকৰিবা।

ওঁম্শান্তি।
আত্মিক পিতাই বহি সন্তানসকলক বুজায়। এতিয়া তোমালোক সন্তানসকলে 15 মিনিটৰ আগতে আহি ইয়াত পিতাৰ স্মৃতিত বহা। এতিয়া ইয়াত অন্য কোনো কামতো নাই। আহি পিতাৰ স্মৃতিতে বহা। ভক্তিমাৰ্গততো পিতাৰ পৰিচয় নাথাকে। ইয়াত পিতাৰ পৰিচয় প্ৰাপ্ত কৰিছা আৰু পিতাই কয় – মামেকম্‌ (কেৱল মোক) স্মৰণ কৰা। মইতো সকলো সন্তানৰে পিতা। পিতাক স্মৰণ কৰিলে উত্তৰাধিকাৰ স্বতঃ স্মৃতিলৈ অহা উচিত। সৰু শিশুতো নোহোৱা। যদিও লিখা মই 5 মাহৰ বা 2 মাহৰ সন্তান কিন্তু তোমালোকৰ কৰ্মেন্দ্ৰিয়বোৰতো পৈণত। গতিকে আত্মিক পিতাই বুজায়, ইয়াত পিতা আৰু উত্তৰাধিকাৰৰ স্মৃতিত বহিব লাগে। এইটো জানা যে আমি নৰৰ পৰা নাৰায়ণ হ’বলৈ পুৰুষাৰ্থত তৎপৰ হৈ আছোঁ বা স্বৰ্গলৈ যাবলৈ পুৰুষাৰ্থ কৰি আছোঁ। গতিকে সন্তানসকলে এইটো টুকি ৰখা উচিত যে মই ইয়াত বহি বহি কিমান সময় স্মৰণ কৰিলোঁ? লিখিলে পিতাই বুজি পাব। এনেকুৱা নহয় যে পিতাই জানে - প্ৰত্যেকে কিমান সময় স্মৃতিত থাকে। সেয়াতো প্ৰত্যেকে নিজৰ খতিয়ানৰ পৰা জানিব পাৰে - পিতাৰ স্মৃতিত থাকিলোঁ নে বুদ্ধি অন্যফালে গুচি গ’ল? এইটোও বুদ্ধিত আছে যে এতিয়া বাবা আহিব তেন্তে এয়াও স্মৃতিত থকাই নহ’ল জানো। কিমান সময় স্মৰণ কৰিলে, সেয়া খতিয়ানত সঁচাকৈ লিখিব। মিছা লিখিলেতো আকৌ এশ গুণ পাপ লাগিব আৰু বেছিহে লোকচান হৈ যাব সেইকাৰণে সঁচা লিখিব লাগে - যিমানে স্মৰণ কৰিবা সিমানে বিকৰ্ম বিনাশ হ’ব। আৰু এইটোও জানা যে আমি সমীপত আহি থাকোঁ। অৱশেষত যেতিয়া স্মৃতিত থকা পূৰা হৈ যাব তেতিয়া আমি বাবাৰ ওচৰলৈ গুচি যাম। তাৰপাছত কোনোবাইতো ততালিকে নতুন সৃষ্টিলৈ আহি ভূমিকা পালন কৰিব, কোনোবাই তাতে বহি থাকিব। তাততো কোনো সংকল্প উদয় নহ’ব। সেয়া হয়েই মুক্তিধাম, দুখ-সুখৰ পৰা উপৰাম। সুখধামলৈ যাবৰ কাৰণে এতিয়া তোমালোকে পুৰুষাৰ্থ কৰি আছা। যিমানে তোমালোকে স্মৰণ কৰিবা সিমানে বিকৰ্ম বিনাশ হ’ব। স্মৃতিত থকাৰ খতিয়ান ৰাখিলে জ্ঞানৰ ধাৰণাও ভালকৈ হ’ব। খতিয়ান ৰাখিলেতো লাভেই হয়। বাবাই জানে যে স্মৃতিত নথকাৰ বাবে লিখিবলৈ লাজ কৰে। বাবাই কি ক’ব, মুৰুলীত শুনাই দিব। পিতাই কয় ইয়াত লাজ কৰিবলৈ কি আছে। অন্তৰত প্ৰত্যেকেই বুজিব পাৰে - মই স্মৰণ কৰোঁ নে নকৰোঁ? কল্যাণকাৰী পিতাইতো বুজায়, টুকি ৰাখিলে কল্যাণ হ’ব। বাবা নহালৈকে যিখিনি সময় বহিলা সেইখিনি সময়ত কিমান স্মৰণ কৰিলা? পাৰ্থক্য চোৱা উচিত। মৰমৰ বস্তুকতো বহুত স্মৰণ কৰা হয়। কুমাৰ-কুমাৰীৰ বিয়াৰ বন্দৱস্ত হ’লে অন্তৰত পৰস্পৰৰ স্মৃতি স্থায়ী হৈ যায়। আকৌ বিয়া হোৱাৰ পাছত দৃঢ় হৈ যায়। নেদেখাকৈ বুজি পায় - আমাৰ বাগদান হৈছে। এতিয়া তোমালোক সন্তানসকলে জানা যে শিৱবাবা হৈছে আমাৰ বেহদৰ পিতা। যদিও দেখা নাই কিন্তু বুদ্ধিৰে বুজিব পাৰা, সেই পিতা যদি নাম ৰূপৰ পৰা উপৰাম হয় তেন্তে আকৌ কাৰ পূজা কৰা? স্মৰণ কিয় কৰা? নাম-ৰূপৰ পৰা উপৰাম অন্তহীনতো একো বস্তুৱে নাই। নিশ্চয় কোনো বস্তুক দেখা পোৱা যায় তেতিয়াহে বৰ্ণনা কৰা হয়। আকাশকো দেখিবলৈ নোপোৱা জানো? অন্তহীন বুলি ক’ব নোৱাৰা। ভক্তিমাৰ্গত ভগৱানক স্মৰণ কৰে -‘হে ভগৱান’ তেন্তে অন্তহীন বুলি জানো ক’বা। ‘হে ভগৱান’ বুলি ক’লেতো তেওঁৰ স্মৃতি আহি যায় তেন্তে নিশ্চয় কোনো বস্তু হ’ব। আত্মাকো জানিব পৰা যায়, দেখা পাব নোৱাৰি।

সকলো আত্মাৰে এজনেই পিতা থাকে, তেওঁকো জানিব পাৰি। তোমালোক সন্তানসকলে জানা - পিতা আহি পঢ়ুৱায়ো। আগতে এইটো নাজানিছিলা যে তেওঁ পঢ়ুৱায়ো। শ্ৰীকৃষ্ণৰ নাম দি দিছে। শ্ৰীকৃষ্ণকতো এই দুচকুৰে দেখিবলৈ পোৱা যায়। তেওঁৰ কাৰণেতো অন্তহীন, নাম-ৰূপৰ পৰা উপৰাম বুলি ক’ব নোৱাৰে। শ্ৰীকৃষ্ণইতো কেতিয়াও নক’ব – মামেকম্‌ স্মৰণ কৰা। তেওঁতো সন্মুখত আছে। তেওঁক বাবা বুলিও কোৱা নহ’ব। মাতাসকলেতো শ্ৰীকৃষ্ণক কেচুৱা বুলি ভাবি কোলাত লয়। জন্মাষ্টমীত শিশু কৃষ্ণক দোলাব। কি কৃষ্ণ জানো সদায় শিশুৱে হৈ থাকে! আকৌ ৰাস-বিলাসো কৰে। তেন্তে নিশ্চয় অলপ ডাঙৰ হ’ল তাৰপাছত তাতকৈ ডাঙৰ হ’ল নে কি হ’ল, ক’লৈ গ’ল, কোনেও নাজানে। শৰীৰতো সদায় সৰু হৈ নাথাকে। একোৱেই খেয়াল নকৰে। এই পূজা অদিৰ নিয়ম চলি থাকে। জ্ঞানতো কাৰো নাই। এনেকৈ দেখুৱায় যে শ্ৰীকৃষ্ণই কংসপুৰীত জন্ম ল’লে। এতিয়া কংসপুৰীৰতো কথা নাই। কাৰো বিচাৰ নচলে। ভক্ত লোকেতো ক’ব শ্ৰীকৃষ্ণ বিৰাজমান হৈ আছে আকৌ তেওঁক স্নানো কৰায়, খুৱায়ো। এতিয়া তেওঁতো নাখায়। মূৰ্তিৰ সন্মুখত ৰাখি নিজেই খায়। এয়াও ভক্তিমাৰ্গ নহ’ল জানো। শ্রীনাথজীক ইমান ভোগ আগবঢ়ায়, তেওঁতো নাখায়, নিজেই খায়। দেৱীসকলৰ পূজাতো এনেকুৱা কৰে। নিজেই দেৱীৰ প্ৰতিমা সাজে, তাৰ পূজা আদি কৰি আকৌ ডুবাই দিয়ে। অলংকাৰ আদি আঁতৰাই ডুবাই দিয়ে আকৌ তাত বহুত থাকি যায়, যাৰ হাতলৈ যি আহে সেয়া লৈ লয়। দেৱীসকলৰে বেছিকৈ পূজা কৰা হয়। লক্ষ্মী আৰু দূৰ্গা দুয়োৰে মূৰ্তি সাজে। জ্যেষ্ঠ মম্মাও ইয়াতে বহি আছে নহয়, যাক ব্ৰহ্মপুত্ৰ বুলিও কয়। এনেকৈ বুজিব যে এইটো জন্ম আৰু ভৱিষ্যত ৰূপৰ পূজা কৰি আছে। কিমান বিস্ময়কৰ ড্ৰামা। এনেকুৱা কথাবোৰ শাস্ত্ৰত নাথাকে। এয়া হৈছে বাস্তৱিক কৰ্মকাণ্ড। তোমালোক সন্তানসকলৰ এতিয়া জ্ঞান আছে। এইটো বুজি পোৱা যে আত্মাৰে সকলোতকৈ বেছি চিত্ৰ তৈয়াৰ কৰা হৈছে। যেতিয়া ৰুদ্ৰ যজ্ঞ ৰচনা কৰা হয় তেতিয়া লাখ লাখ শালগ্ৰাম সাজে। দেৱীসকলৰ কেতিয়াও লাখ লাখ চিত্ৰ তৈয়াৰ নকৰে। সেয়াতো যিমান পূজাৰী হ’ব সিমান দেৱী তৈয়াৰ কৰিব। আত্মাৰ কাৰণেতো একে সময়তে লাখ লাখ শালগ্ৰাম তৈয়াৰ কৰে। তাৰ কোনো নিৰ্দিষ্ট দিন নাই। কোনো নিৰ্ধাৰিত সময় আদি নাথাকে। যেনেকৈ দেৱীসকলৰ পূজা নিৰ্দিষ্ট সময়ত হয়। ব্যৱসায়ী লোকসকলৰ যেতিয়া ৰুদ্ৰ বা শালগ্ৰাম ৰচনা কৰাৰ খেয়াল আহিব তেতিয়া ব্ৰাহ্মণক নিমন্ত্ৰণ জনাব। এজন পিতাকে ৰুদ্ৰ বুলি কোৱা হয় তেওঁৰ লগতে অনেক শালগ্ৰাম সাজে। সেই ব্যৱসায়ী লোকসকলে কয় - ইমান শালগ্ৰাম সাজা। তাৰ বাবে কোনো নিৰ্দিষ্ট তিথি তাৰিখ নাথাকে। এনেকুৱাও নহয় যে শিৱ জয়ন্তীতে ৰুদ্ৰৰ পূজা কৰে। নহয়, বেছিভাগ ক্ষেত্ৰতে শুভ দিন বৃহস্পতি বাৰকে নিৰ্ধাৰিত কৰে। দিপাৱলীত লক্ষ্মীৰ চিত্ৰ থালিত ৰাখি তেওঁৰ পূজা কৰে। পাছত ৰাখি থয়। সেয়া হৈছে মহালক্ষ্মী, যুগল নহয় জানো। মনুষ্যই এই কথাবোৰ নাজানে। লক্ষ্মীয়ে ধন ক’ৰ পৰা পাব? যুগলতো নিশ্চয় লাগে। সেয়েহে এই (লক্ষ্মী-নাৰায়ণ) হৈছে যুগল। নাম আকৌ মহালক্ষ্মী ৰাখি দিয়ে। দেৱীসকল কেতিয়া আছিল, মহালক্ষ্মী কেতিয়া হৈ গ’ল? এই সকলো কথা মনুষ্যই নাজানে। তোমালোকক এতিয়া পিতাই বহি বুজাইছে। তোমালোকৰ মাজতো সকলোৰে একে সমানে ধাৰণা নহয়। বাবাই ইমান সকলো বুজাই আকৌ কয় শিৱবাবা স্মৃতিত আছেনে? উত্তৰাধিকাৰ স্মৃতিত আছেনে? মূল কথা হৈছে এইটো। ভক্তিমাৰ্গত কিমান ধন অপচয় কৰে। ইয়াত তোমালোকৰ এপইচাও অপচয় নহয়। তোমালোকে চ’লভেণ্ট (চহকী) হ’বলৈ সেৱা কৰা। ভক্তিমাৰ্গততো বহুত ধন অপচয় কৰে, কঙাল হৈ যায়। সকলো মাটিত মিলি যায়। কিমান পাৰ্থক্য আছে! এই সময়ত যিবোৰ কৰা সেয়া ঈশ্বৰীয় সেৱাৰ অৰ্থে শিৱবাবাক দিয়া। শিৱবাবাইতো নাখায়, তোমালোকে খোৱা। তোমালোক ব্ৰাহ্মণসকল মাজতে নিমিত্ত হোৱা। ব্ৰহ্মাক নিদিয়া। তোমালোকে শিৱবাবাক দিয়া। এনেকৈ কয় - বাবা আপোনাৰ কাৰণে ধুতি-কামিজ আনিছোঁ। বাবাই কয় - এওঁক দিলে তোমালোকৰ একো জমা নহ’ব। সেয়াহে জমা হয় যি তোমালোকে শিৱবাবাৰ স্মৃতিত এওঁক দিয়া। আকৌ এইটোও বুজি পোৱা যে ব্ৰাহ্মণ শিৱবাবাৰ ভঁৰালৰ পৰাই লালিত-পালিত হয়। বাবাক সোধাৰ দৰকাৰ নাই যে কি পঠিয়াও? এওঁতো নলয়। যদিহে ব্ৰহ্মাক স্মৰণ কৰা তেন্তে তোমালোকৰ জমাই নহ’ব। ব্ৰহ্মাইতো শিৱবাবাৰ ভঁৰালৰ পৰা ল’ব লাগে। তেন্তে শিৱবাবাই স্মৃতিত আহিব। তোমাৰ বস্তু কিয় ল’ম। বি.কে.ক দিয়াটোও ভুল। বাবাই বুজাইছে - তোমালোকে কাৰোবাৰ পৰা বস্তু লৈ পিন্ধিলে তেওঁৰ স্মৃতি আহি থাকিব। কোনো সাধাৰণ বস্তু হ’লে বেলেগ কথা। ভাল বস্তুৱেতো আৰু বেছিকৈহে স্মৃতি আনিব - অমুকে এইটো দিলে। তেওঁৰ একো জমা নহ’ব। তেন্তে লোকচান নহ’ল জানো। শিৱবাবাই কয় – মামেকম্‌ স্মৰণ কৰা। মোক কাপোৰ আদিৰ কোনো দৰকাৰ নাই। কাপোৰ আদি সন্তানসকলক লাগে। তেওঁলোকে শিৱবাবাৰ ভঁৰালৰ পৰা পিন্ধিব। মোৰতো নিজৰ শৰীৰ নাই। এওঁতো শিৱবাবাৰ ভঁৰালৰ পৰা লোৱাৰ অধিকাৰী। ৰাজ্যৰো অধিকাৰী হয়। পিতাৰ ঘৰতে সন্তানে খোৱা-বোৱা নকৰে জানো। তোমালোকেও সেৱা কৰা, উপাৰ্জন কৰি থাকা। যিমান বেছি সেৱা সিমান বেছি উপাৰ্জন। খোৱা-বোৱা শিৱবাবাৰ ভঁৰালৰ পৰাই কৰিবা। তেওঁক নিদিলে জমাই নহ’ব। শিৱবাবাকে দিব লাগে। বাবা, আপোনাৰ পৰা ভৱিষ্যত 21 জন্মৰ কাৰণে পদ্মাপদমপতি হ’মগৈ। পইচাতো শেষ হৈ যাব সেই কাৰণে শক্তিমানজনক আমি দি দিওঁ। পিতা শক্তিমান নহয় জানো। তেওঁ 21 জন্মৰ কাৰণে দিয়ে। আওপকীয়াকৈও ঈশ্বৰৰ অৰ্থে দিয়ে নহয়। আওপকীয়াকৈ দিয়াত ইমান শক্তি নাই। এতিয়াতো বহুত শক্তি আছে কিয়নো সন্মুখত আছে। বিশ্বৰ সৰ্বশক্তিমান হৰ্তা-কৰ্তা এই সময়ৰ বাবে।

ঈশ্বৰৰ অৰ্থে কিবা দান-পুণ্য কৰিলে তেতিয়া অল্পকালৰ বাবে কিবা পোৱা যায়। ইয়াততো পিতাই তোমালোক বুজায় - মই সন্মুখত আছোঁ। ময়েই দিওঁতা। এৱোঁ সকলো শিৱবাবাক দি গোটেই বিশ্বৰ বাদশ্বাহী লৈ ল’লে নহয়। এয়াও জানা - এই ব্যক্তজনৰে অব্যক্ত ৰূপত সাক্ষাৎকাৰ হয়। এওঁ শৰীৰত শিৱবাবা আহি সন্তানসকলৰ লগত বাৰ্তালাপ কৰে। কেতিয়াও এইটো খেয়াল কৰিব নালাগে যে আমি মনুষ্যৰ পৰা ল’ম। কোৱা, শিৱবাবাৰ ভঁৰাললৈ পঠিয়াই দিয়া, এওঁক দিলেতো একোৱেই নাপাবা, আৰুহে লোকচান হৈ যাব। যদি গৰিব হয় তেন্তে অতি বেছি 3-4 টকা মূল্যৰ কোনো বস্তু তোমাক দিব। তাতকৈতো শিৱবাবাৰ ভঁৰালত দিলে পদম হৈ যাব। নিজৰ লোকচান জানো কৰিব লাগে। সাধাৰণতে পূজা দেৱীসকলৰহে হয় কিয়নো জ্ঞান দিয়াৰ কাৰণে তোমালোক দেৱীসকলে বিশেষকৈ নিমিত্ত হোৱা। যদিও গোপসকলেও বুজায় কিন্তু সাধাৰণতে মাতাসকলেহে ব্ৰাহ্মণী হৈ ৰাস্তা দেখুৱায় সেয়েহে দেৱীসকলৰ বেছি নাম হয়। দেৱীসকলৰ বহুত পূজা হয়। এয়াও তোমালোক সন্তানসকলে বুজি পোৱা যে আধাকল্প আমি পূজ্য আছিলোঁ। প্ৰথমে হৈছে সম্পূৰ্ণ পূজ্য, পাছত আধা পূজ্য কিয়নো দুটা কলা কমি যায়। ত্ৰেতাত ৰামৰ ৰাজবংশ বুলি কোৱা হ’ব। তেওঁলোকেতো লাখ লাখ বছৰৰ কথা কৈ দিয়ে, তাৰ কোনো হিচাপেই হ’ব নোৱাৰে। ভক্তিমাৰ্গৰ লোকসকলৰ বুদ্ধি, আৰু তোমালোকৰ বুদ্ধিৰ মাজত কিমান ৰাতি-দিনৰ পাৰ্থক্য আছে। তোমালোক হৈছা ঈশ্বৰীয় বুদ্ধিৰ, তেওঁলোক হৈছে ৰাৱণ বুদ্ধিৰ। তোমালোকৰ বুদ্ধিত আছে যে এই গোটেই চক্ৰই হৈছে 5 হাজাৰ বছৰৰ, যি পুনৰাবৃত্তি হৈ থাকে। যিসকল ৰাত্ৰিত (অজ্ঞানতাত) আছে তেওঁলোকে কয় – লাখ লাখ বছৰ, যিসকল দিনত (জ্ঞানত) আছে তেওঁলোকে কয় - 5 হাজাৰ বছৰ। আধাকল্প ভক্তিমাৰ্গত তোমালোকে অসত্য কথা শুনিলা। সত্যযুগত এনেকুৱা কথা নাথাকে। তাততো উত্তৰাধিকাৰ পোৱা যায়। এতিয়া তোমালোকে পোনপটীয়াকৈ মত পোৱা। শ্ৰীমদ্ভাগৱত গীতা নহয় জানো। অন্য কোনো শাস্ত্ৰৰ ক্ষেত্ৰত শ্ৰীমদ্‌ নাম নাই। প্ৰত্যেক 5 হাজাৰ বছৰৰ মূৰত এই পুৰুষোত্তম সঙ্গমযুগ, গীতাৰ যুগ আহে। লাখ লাখ বছৰৰ কথাতো হ’বই নোৱাৰে। কেতিয়াবা কোনোবা আহিলে তেওঁক সঙ্গমলৈ লৈ যাবা। বেহদৰ পিতাই ৰচয়িতা অৰ্থাৎ নিজৰ আৰু ৰচনাৰ গোটেই পৰিচয় দিছে। তথাপিও কয় - বাৰু, পিতাক স্মৰণ কৰা, অন্য একো ধাৰণা কৰিব নোৱাৰিলেও নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। পৱিত্ৰতো হ’বই লাগে। যিহেতু পিতাৰ পৰা উত্তৰাধিকাৰ লোৱা গতিকে দৈৱীগুণো ধাৰণ কৰিব লাগে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) 21 জন্মৰ কাৰণে পদমৰ উপাৰ্জন জমা কৰিবলৈ পোনপটীয়াকৈ ঈশ্বৰীয় সেৱাত সকলো সফল কৰিব লাগে। নিমিত্ত হৈ শিৱবাবাৰ নামত সেৱা কৰিব লাগে।

(2) স্মৃতিত যিমান সময় বহা, সিমান সময় বুদ্ধি ক’লৈ ক’লৈ গ’ল - এইটো পৰীক্ষা কৰিব লাগে। নিজৰ সঁচা খতিয়ান ৰাখিব লাগে। নৰৰ পৰা নাৰায়ণ হ’বৰ বাবে পিতা আৰু উত্তৰাধিকাৰৰ স্মৃতিত থাকিব লাগে।

বৰদান:
বিস্মৃতিৰ জগতৰ পৰা ওলাই স্মৃতি স্বৰূপ হৈ থাকি মুখ্য ভূমিকা পালন কৰোঁতা বিশেষ আত্মা হোৱা

এই সংগমযুগ স্মৃতিৰ যুগ আৰু কলিযুগ বিস্মৃতিৰ যুগ। তোমালোক সকলো বিস্মৃতিৰ জগতৰ পৰা ওলাই আহিলা। যিসকল স্মৃতি স্বৰূপত থাকে তেওঁলোকেই মুখ্য ভূমিকা পালন কৰোঁতা বিশেষ আত্মা। এই সময়ত “ডবল হিৰো” হোৱা, এফালে হীৰাৰ সমান মূল্যৱান হৈছা আনফালে মুখ্য ভূমিকা পাইছা। সেয়েহে এইটোৱে অন্তৰৰ গীত যাতে সদায় বাজি থাকে যে বাঃ মোৰ শ্ৰেষ্ঠ ভাগ্য! যিদৰে শৰীৰৰ বৃত্তি স্মৃতিত থাকে সেইদৰে এইটো অবিনাশী বৃত্তি যে "মই শ্ৰেষ্ঠ আত্মা" স্মৃতিত থাকিলে তেতিয়া বিশেষ আত্মা বুলি কোৱা হ'ব।

স্লোগান:
সাহসৰ প্ৰথম খোজ আগবঢ়োৱা তেতিয়া পিতাৰ সম্পূৰ্ণ সহায় পাবা।


“ইচ্ছা মাত্ৰম অবিদ্যা” স্থিতিৰ অনুভৱ কৰিবলৈ আৰু কৰাবলৈ আজিৰ অব্যক্ত সংকেত:

অনেক সন্তান বহুত ভাল পুৰুষাৰ্থী কিন্তু পুৰুষাৰ্থ কৰি কৰি ক’ৰবাত ক’ৰবাত পুৰুষাৰ্থ ভালকৈ কৰাৰ পাছত প্ৰালব্ধ ইয়াতে ভোগ কৰাৰ ইচ্ছা ৰাখে। এই ভোগ কৰাৰ ইচ্ছাই জমা হোৱাত কম কৰি দিয়ে সেয়েহে প্ৰালব্ধৰ ইচ্ছা সমাপ্ত কৰি কেৱল ভালকৈ পুৰুষাৰ্থ কৰা। ইচ্ছাৰ পৰিৱৰ্তে ভাল শব্দটি স্মৃতিত ৰাখা।