24.09.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – পিতা তোমালোকৰ বেটাৰী চাৰ্জ কৰিবলৈ আহিছে, যিমানে তোমালোক স্মৃতিত থাকিবা সিমানে বেটাৰী চাৰ্জ হৈ থাকিব”

প্ৰশ্ন:
তোমালোকৰ সত্যৰ নাওত ধুমুহা কিয় লাগে?

উত্তৰ:
কিয়নো এই সময়ত কৃত্রিম বহুত ওলাইছে। কোনোবাই নিজকে ভগৱান বুলি কয়, কোনোবাই তন্ত্র-মন্ত্রৰে সিদ্ধি প্ৰাপ্ত কৰি দেখুৱায়, সেইকাৰণে মনুষ্যই সত্যক চিনাক্ত কৰিব নোৱাৰে। সত্যৰ নাও লৰাবলৈ চেষ্টা কৰে। কিন্তু তোমালোকে জানা যে আমাৰ সত্যৰ নাও কেতিয়াও ডুবিব নোৱাৰে। আজি যিসকলে বিঘিনিৰ সৃষ্টি কৰে, তেওঁলোকে কাইলৈ বুজিব যে সৎগতিৰ ৰাস্তা ইয়াতহে পোৱা যাব। সকলোৰে বাবে এয়া এখনেই দোকান।

ওঁম্শান্তি।
আত্মিক সন্তানসকলৰ প্রতি অথবা আত্মাসকলৰ প্রতি কিয়নো আত্মাই কাণৰ দ্বাৰা শুনে। ধাৰণা আত্মাত হয়। পিতাৰ আত্মাতো জ্ঞান ভৰপূৰ হৈ আছে। সন্তানসকল এইটো জন্মতে আত্ম-অভিমানী হ'ব লাগে। ভক্তিমাৰ্গৰ 63 জন্ম, দ্বাপৰ যুগৰ পৰা তোমালোক দেহ-অভিমানী হৈ থাকা। আত্মা কি, এইটো বোধ নাথাকে। আত্মা নিশ্চয় আছে। আত্মাহে শৰীৰত প্রৱেশ কৰে। দুখো আত্মাৰহে হয়। কোৱাও হয় পতিত আত্মা, পাৱন আত্মা। পতিত পৰমাত্মা এনেকৈ কেতিয়াও শুনা নাই। সকলোৰে ভিতৰত যদি পৰমাত্মা থাকে তেন্তে পতিত পৰমাত্মা হৈ যাব। গতিকে মুখ্য কথা হৈছে আত্ম-অভিমানী হোৱা। আত্মা কিমান সূক্ষ্ম, তাত কেনেকৈ ভূমিকা নিহিত হৈ আছে, এইটো কোনেও গম নাপায়। তোমালোকেতো নতুন কথা শুনা। এই স্মৃতিৰ যাত্রাও পিতাইহে শিকায়, আৰু কোনেও শিকাব নোৱাৰে। পৰিশ্ৰমো ইয়াতেই হয়। বাৰে বাৰে নিজক আত্মা বুলি বুজিব লাগে। যেনেকৈ চোৱা এই জৰুৰীকালীন বন্তি ওলাইছে, যিটো বেটাৰীত চলে। ইয়াক আকৌ চাৰ্জ কৰে। পিতা হৈছে সকলোতকৈ শ্ৰেষ্ঠ শক্তি। আত্মা কিমান অনেক আছে। সকলোৱে সেই শক্তিৰে পৰিপূৰ্ণ হ'ব লাগে। পিতা হৈছে সৰ্বশক্তিমান। আমাৰ অৰ্থাৎ আত্মাসকলৰ তেওঁৰ সৈতে যোগসূত্ৰ গঢ়ি নুঠিলে তেতিয়া বেটাৰী ছাৰ্জ কেনেকৈ হ'ব? ডিচাৰ্জ হ'বলৈ গোটেই কল্প লাগে। এতিয়া আকৌ বেটাৰী ছাৰ্জ কৰিবলগীয়া হয়। সন্তানসকলে বুজি পায় আমাৰ বেটাৰী ডিচাৰ্জ হৈ গৈছে, এতিয়া আকৌ ছাৰ্জ কৰিব লাগে। কেনেকৈ? পিতাই কয় মোৰ সৈতে যোগসূত্ৰ গঢ়ি তোলা। এইটোতো অতি সহজে বুজি পোৱা কথা। পিতাই কয় - মোৰ সৈতে বুদ্ধিৰ যোগসূত্ৰ গঢ়ি তোলা তেতিয়া তোমালোক আত্মা শক্তিৰে ভৰপূৰ হৈ সতোপ্রধান হৈ যাবা। পঢ়াতো হয়েই উপাৰ্জন। স্মৃতিৰে তোমালোক পৱিত্র হোৱা। আয়ুস বাঢ়ি যায়। বেটাৰী চাৰ্জ হয়। প্রত্যেকেই চাব লাগে - কিমান পিতাক স্মৰণ কৰোঁ। পিতাক পাহৰি যোৱাৰ কাৰণেই বেটাৰী ডিচাৰ্জ হয়, কাৰো সঁচা যোগসূত্ৰ নাই। সঁচা সংযোগ কেৱল তোমালোক সন্তানসকলৰহে আছে। পিতাক স্মৰণ নকৰিলে জ্যোতি জ্বলিব কেনেকৈ? জ্ঞানো কেৱল এজন পিতাইহে দিয়ে।

তোমালোকে জানা যে জ্ঞান হৈছে দিন, ভক্তি হৈছে ৰাতি। আকৌ ৰাতিৰ প্রতি বৈৰাগ্য জন্মে আকৌ দিন আৰম্ভ হয়। পিতাই কয় - ৰাতিক পাহৰি যোৱা, এতিয়া দিন স্মৃতিলৈ আনা। স্বৰ্গ হৈছে দিন, নৰক হৈছে ৰাতি। তোমালোক সন্তানসকল এতিয়া চৈতন্য ৰূপত আছা, এই শৰীৰতো বিনাশী। মাটিৰে গঠিত, মাটিতে মিলি যায়। আত্মাতো অবিনাশী। বাকী বেটাৰীৰ ডিচাৰ্জ হয়। এতিয়া তোমালোক কিমান বিচাৰ বুদ্ধি সম্পন্ন হৈছা। তোমালোকৰ বুদ্ধি ঘৰলৈ গুচি যায়। তাৰ পৰা আমি আহিছোঁ। ইয়াত সূক্ষ্মলোকৰ বিষয়েতো গম পাই গ’লা। তাত 4খন ভূজাধাৰী বিষ্ণুক দেখুৱায়। ইয়াততো 4খন ভূজা নাথাকে। এইটো কাৰো বুদ্ধিত উদয় নহ’ব যে ব্ৰহ্মা-সৰস্বতীয়ে আকৌ লক্ষ্মী-নাৰায়ণ হয়, সেইকাৰণে বিষ্ণুক 4খন ভূজা দি দিছে। পিতাৰ বাহিৰে কোনেও বুজাব নোৱাৰে। আত্মাতহে সংস্কাৰ নিহিত হয়। আত্মাহে তমোপ্ৰধানৰ পৰা আকৌ সতোপ্ৰধান হয়। আত্মাসকলেহে পিতাক আহ্বান জনায় - অ' বাবা আমি ডিচাৰ্জ হৈ গৈছোঁ, এতিয়া আপুনি আহক, আমি ছাৰ্জ হ'ব লাগে। এতিয়া পিতাই কয় - যিমানে স্মৰণ কৰিবা সিমানে শক্তি আহিব। পিতাৰ প্ৰতি বহুত মৰম থাকিব লাগে। বাবা, মই আপোনাৰ, আপোনাৰ লগতে ঘৰলৈ যাম। যেনেকৈ মাকৰ ঘৰৰ পৰা শহুৰৰ ঘৰৰসকলে লৈ যায় নহয়। ইয়াত তোমালোকক অলংকৃত কৰোঁতা দুজন পিতা পাইছা। অলংকাৰো ভাল লাগে অৰ্থাৎ সৰ্বগুণ সম্পন্ন হ'ব লাগে। নিজকে সুধিব লাগে, মোৰ কোনো অৱগুণতো নাই। মনত যদিও ধুমুহা আহে, কৰ্মততো একো নকৰোঁ? কাৰোবাক দুখতো নিদিওঁ? পিতা হৈছে দুখ হৰ্তা, সুখ কৰ্তা। আমিও সকলোকে সুখৰ ৰাস্তা দেখুৱাওঁ। বাবাই বহুত যুক্তি শুনাই থাকে। তোমালোকতো হৈছা সেনা। তোমালোকৰ নামেই হৈছে প্ৰজাপিতা ব্ৰহ্মাকুমাৰ-ব্ৰহ্মাকুমাৰী, কোনোবা ভিতৰলৈ আহিলে, প্ৰথমে এইটো সোধা যে ক'ৰ পৰা আহিছে? কাৰ ওচৰলৈ আহিছে? তেতিয়া ক’ব মই বি.কে.ৰ ওচৰলৈ আহিছোঁ। বাৰু, ব্ৰহ্মা কোন? প্ৰজাপিতা ব্ৰহ্মাৰ নাম কেতিয়াবা শুনিছেনে? হওতে প্ৰজাপিতাৰতো আপুনিও সন্তান হয়। প্ৰজাতো সকলোৱে হৈ গ’ল নহয়। আপোনাৰ পিতা হয়, আপুনি কেৱল নাজানে। ব্ৰহ্মাও নিশ্চয় কাৰোবাৰ সন্তান হ’ব নহয়। তেওঁৰ পিতাৰ কোনো শৰীৰতো দেখিবলৈ পোৱা নাযায়। ব্ৰহ্মা-বিষ্ণু-শংকৰ এই তিনিওজনৰ ওপৰত হৈছে শিৱবাবা। ত্ৰিমূৰ্তি শিৱক তিনিওজনৰে ৰচিয়তা বুলি কোৱা হয়। ওপৰত এক শিৱবাবা, আকৌ এওঁলোক তিনিজন (ব্ৰহ্মা-বিষ্ণু-শংকৰ)। যেনেকৈ বংশাৱলী থাকে নহয়। ব্ৰহ্মাৰ পিতা নিশ্চয় ভগৱানেই হ’ব। তেওঁ হৈছে আত্মাসকলৰ পিতা। বাৰু, তেন্তে ব্ৰহ্মা ক’ৰ পৰা আহিল। পিতাই কয় - মই এওঁৰ শৰীৰত প্ৰৱেশ কৰি এওঁৰ নাম ব্ৰহ্মা ৰাখোঁ। তোমালোক সন্তানসকলৰ নাম ৰাখোঁ, সেয়েহে এওঁৰো নাম ব্ৰহ্মা ৰাখিলোঁ। কয় এয়া মোৰ দিব্য অলৌকিক জন্ম। তোমালোক সন্তানসকলকতো তুলি লওঁ। বাকী এওঁৰ শৰীৰত প্ৰৱেশ কৰোঁ আকৌ তোমালোকক শুনাওঁ সেইকাৰণে এওঁ হৈ গ’ল বাপ-দাদা। যাৰ শৰীৰত প্ৰৱেশ কৰিলোঁ তেওঁৰ আত্মাতো আছে নহয়। তেওঁৰ কাষতে মই আহি বহোঁ। দুটা আত্মাৰ ভূমিকাতো ইয়াত বহুত চলে। আত্মাক আহ্বান জনায় তেন্তে আত্মা আহি ক’ত বহিব। নিশ্চয় আহি ব্ৰাহ্মণৰ কাষতে বহিব। এয়াও দুটা আত্মা পিতা আৰু দাদা। এওঁৰ বাবে পিতাই কয় - নিজৰ জন্মক নাজানা। তোমালোককো কয় তোমালোকে নিজৰ জন্মক নাজানিছিলা। এতিয়া স্মৃতি উদয় হৈছে যে কল্পই কল্পই 84ৰ চক্ৰ পৰিক্ৰমা কৰিছোঁ, পুনৰ উভতি যাওঁ। এয়া হৈছে সংগমযুগ। এতিয়া স্থানান্তৰিত হওঁ। যোগেৰে তোমালোক সতোপ্ৰধান হৈ যাবা, বেটাৰী শক্তিৰে ভৰপূৰ হৈ যাব। পুনৰ সত্যযুগত আহি যাম। বুদ্ধিত গোটেই চক্ৰ ঘূৰি থাকে। বিস্তাৰততো যাব নোৱাৰিবা। বৃক্ষৰো আয়ুস থাকে, পুনৰ শুকাই যায়। ইয়াতো সকলো মনুষ্য যেন শুকাই গৈছে। সকলোৱে ইজনে সিজনক দুখ দি থাকে। এতিয়া সকলোৰে শৰীৰ নাশ হৈ যাব। বাকী আত্মাসকল গুচি যাব। এই জ্ঞান পিতাৰ বাহিৰে অন্য কোনেও দিব নোৱাৰে। পিতাইহে বিশ্বৰ বাদশ্বাহী দিয়ে, তেওঁক কিমান স্মৰণ কৰিব লাগে। স্মৃতিত নথকাৰ বাবে মায়াই থাপৰ লগাই দিয়ে। সকলোতকৈ কাঢ়া থাপৰ হৈছে বিকাৰৰ। যুদ্ধক্ষেত্ৰত তোমালোক ব্ৰাহ্মণসকলেই আছা নহয়, সেয়েহে তোমালোকৰ সন্মুখতেই ধুমুহা আহিব। কিন্তু কোনো বিকৰ্ম কৰিব নালাগে। বিকৰ্ম কৰিলে পৰাজিত হৈ যাবা। বাবাক সোধে যে এইটো কৰিবলগীয়া হয়। সন্তানে আমনি কৰে তেতিয়া ক্ৰোধ আহি যায়। সন্তানৰ ভালদৰে তত্ত্বাৱধান নল’লে নষ্ট হৈ যাব। থাপৰ নামাৰিবলৈ চেষ্টা কৰা। শ্ৰীকৃষ্ণৰ কাৰণেও দেখুৱায় নহয় যে উৰালত বান্ধিলে। ৰচিৰে বান্ধি থোৱা, খাবলৈ নিদিবা। কান্দি কান্দি অৱশেষত ক’ব এতিয়াৰ পৰা নকৰোঁ। শিশু হয় তথাপিও কৰিব, শিক্ষা দিব লাগে। বাবায়ো সন্তানসকলক শিক্ষা দিয়ে - সন্তানসকল, কেতিয়াও বিকাৰগ্ৰস্ত নহ’বা, কুল-কলংকিত নকৰিবা। লৌকিকতো কোনোবা কু-সন্তান হ’লে তেতিয়া মাতা-পিতাই কয় নহয় - এয়া কি মুখ ক’লা কৰিলা। কুল কলংকিত কৰিলা। পৰাজয়-জয়, জয়-পৰাজয়, হৈ হৈ অৱশেষত জয় হৈ যাব। সত্যৰ নাও, ধুমুহা বহুত আহিব কিয়নো কৃত্ৰিম অনেক ওলাইছে। কোনোবাই নিজকে ভগৱান বুলি কয়, কোনোবাই কিবা বুলি কয়। তন্ত্ৰ-মন্ত্ৰৰেও সিদ্ধি কৰি বহুত দেখুওৱায়। সাক্ষাৎকাৰো কৰায়। পিতা আহেই সকলোৰে সৎগতি কৰিবলৈ। তেতিয়া আকৌ এই জংঘলো নাথাকিব আৰু জংঘলত থাকোঁতাসকলো নাথাকিব। এতিয়া তোমালোক আছা সংগমযুগত, এইটো জানা যে এই পুৰণি সৃষ্টি কৱৰস্থান হৈ পৰি আছে। কোনোবাই জানো মৃতকৰ প্ৰতি অন্তৰৰ আকৰ্ষণ ৰাখে, এই সৃষ্টিখনতো নাশ হোৱাৰ পথত। বিনাশ সমাগত। পিতা আহেই তেতিয়া যেতিয়া নতুন সৃষ্টি পুৰণা হয়। পিতাক ভালদৰে স্মৰণ কৰিলে তেতিয়া বেটাৰী ছাৰ্জ হ’ব। যদিও বহুত ভাল ভাল কথা কয় কিন্তু স্মৃতিৰ ধাৰ নাথাকিলে সেই শক্তি নাথাকে। ধাৰ থকা তৰোৱাল নহয়। পিতাই কয় - এয়া কোনো নতুন কথা নহয়। 5 হাজাৰ বছৰ পূৰ্বেও আহিছিল। পিতাই সোধে - আগতে কেতিয়া লগ পাইছিলা? তেতিয়া কয় – কল্প পূৰ্বে লগ পাইছিলোঁ। কোনোবাই আকৌ কৈ দিয়ে ড্ৰামাই নিজেই পুৰুষাৰ্থ কৰাব। বাৰু, এতিয়া ড্ৰামাই পুৰুষাৰ্থ কৰাই আছে নহয়, গতিকে কৰা। একে ঠাইতে বহি যাবতো নালাগে। যিসকলে কল্প পূৰ্বে পুৰুষাৰ্থ কৰিছিল, তেওঁলোকে কৰিব। এতিয়ালৈকে যিসকল অহা নাই, তেওঁলোক আহিব। যিসকল জ্ঞানত চলি চলি আঁতৰি গুচি গ’ল, গৈ বিয়া পাশত আবদ্ধ হ’ল, তেওঁলোকৰো ড্ৰামাত ভূমিকা থাকিলে তেন্তে আহি পুনৰ পুৰুষাৰ্থ কৰিব, যাবনো ক’লৈ। সকলোৱে নেজ জোকাৰি জোকাৰি পিতাৰ ওচৰলৈকে আহিব লাগিব। লিখা আছে ভীষ্ম-পিতামহ আদিও অন্তত আহে। এতিয়াতো কিমান অহংকাৰ আছে পাছত সেই অহংকাৰ তেওঁলোকৰ পূৰা হৈ যাব। তোমালোকেও প্ৰত্যেক 5 হাজাৰ বছৰ পাছত ভূমিকা পালন কৰা, ৰাজ্য লোৱা, হেৰুওৱা। দিনে-প্ৰতিদিনে সেৱাকেন্দ্ৰ বৃদ্ধি হৈ গৈ থাকে। ভাৰতবাসী যি বিশেষভাৱে দেৱী-দেৱতাসকলৰ পূজাৰী তেওঁলোকক বুজাব লাগে, সত্যযুগত দেৱী-দেৱতা ধৰ্ম আছিল সেয়েহে তেওঁলোকৰ পূজা কৰে। খ্ৰীষ্টানসকলে যীশুখ্ৰীষ্টৰ মহিমা কৰে, আমি আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ মহিমা কৰোঁ। সেয়া কোনে প্ৰতিষ্ঠা কৰিলে। তেওঁলোকে ভাবে শ্ৰীকৃষ্ণই প্ৰতিষ্ঠা কৰিলে সেইবাবে তেওঁলোকৰ পূজা কৰি থাকে। তোমালোকৰ ভিতৰতো ক্ৰমানুসৰি আছে। কোনোবাই কিমান পৰিশ্ৰম কৰে, কোনোবাই কিমান। দেখুৱায় নহয় গোৱৰ্ধন পৰ্বত আঙুলিৰে দাঙি দিলে।

এতিয়া এইখন হৈছে পুৰণি সৃষ্টি, সকলো বস্তুৰ পৰা শক্তি নোহোৱা হৈ গ’ল। সোণো খনিৰ পৰা নোলায়, স্বৰ্গততো সোণৰ মহল নিৰ্মাণ কৰা হয়, এতিয়াতো চৰকাৰ বিতুষ্ট হৈ যায় কিয়নো ঋণ দিবলগীয়া হয়। তাততো অপৰিসীম ধন আছে। দেৱালতো হীৰা-মুকুতা লাগি থাকে। সকলোতে হীৰা খতোৱাৰ চখ থাকে। তাত ধনৰ অভাৱ নহয়। সীমাহীন সম্পদ থাকে। আল্লাহ অৱলদীনৰ এটা খেল দেখুৱায়। ঘঁহি দিলে মহল ওলাই আহে। ইয়াতো দিব্য দৃষ্টি প্ৰাপ্ত লাভ কৰিলে স্বৰ্গলৈ গুচি যায়। তাৰ ৰাজকুমাৰ-ৰাজকুমাৰীৰ ওচৰত মুৰুলী আদি সকলোবোৰ বস্তু হীৰাৰ হয়। ইয়াততো কোনোবাই এনেকুৱা বস্তু পিন্ধি বহিলে তেন্তে লুটি লৈ যাব। চুৰি মাৰিও লৈ যাব। তাত এইবোৰ কথা নাথাকে। এই সৃষ্টিখনেই বহুত পুৰণি লেতেৰা। এই লক্ষ্মী-নাৰায়ণৰ সৃষ্টিতো বাঃ! বাঃ! আছিল। হীৰা-মুকুতাৰ মহল আছিল। অকলেতো নাথকিব নহয়। সেইখনক কোৱা হয় স্বৰ্গ, তোমালোকে জানা যথাযথ আমি স্বৰ্গৰ মালিক আছিলোঁ। আমি এই সোমনাথৰ মন্দিৰ সজাইছিলোঁ। এইটো বুজি পোৱা - আমি কি আছিলোঁ আকৌ ভক্তিমাৰ্গত কেনেকৈ মন্দিৰ সাজি পূজা কৰিছিলোঁ। আত্মাৰ নিজৰ 84 জন্মৰ জ্ঞান আছে। কিমান হীৰা-মুকুতা আছিল, সেই সকলোবোৰ ক’লৈ গ'ল। লাহে লাহে সকলোবোৰ শেষ হৈ গ'ল। মুছলমানসকল আহিল, ইমান লুটি নিলে যে কবৰত গৈ হীৰা লগালে, তাজমহল আদি নিৰ্মাণ কৰিলে। আকৌ ব্ৰিটিছ চৰকাৰে তাৰ পৰা খান্দি লৈ গ'ল। এতিয়াতো একোৱেই নাই। ভাৰত ভিকহু হৈ গ’ল, ঋণৰ উপৰি ঋণ লৈ থাকে। খাদ্য শস্য, চেনী আদি একোৱেই নাপায়। এতিয়া বিশ্ব পৰিৱৰ্তন কৰিব লাগে। কিন্তু তাৰ আগতে আত্মাৰ বেটেৰী সতোপ্ৰধান কৰি তুলিবৰ কাৰণে ছাৰ্জ কৰিব লাগে। পিতাক নিশ্চয় স্মৰণ কৰিব লাগে। বুদ্ধিৰ যোগসুত্ৰ পিতাৰ সৈতে থাকিব লাগে, তেওঁৰ পৰাইতো উত্তৰাধিকাৰ প্ৰাপ্ত হয়। মায়াৰ ইয়াতেই যুদ্ধ চলে। আগতে জানো এই কথাবোৰ তোমালোকে বুজিছিলা। যেনেকুৱা অন্যসকল তেনেকুৱাই তোমালোকো আছিলা। তোমালোক এতিয়া হৈছা সংগমযুগী আৰু তেওঁলোক সকলো হৈছে কলিযুগী। মনুষ্যই ক’ব - এওঁলোকেতো যি আহে তাকে কৈ থাকে। কিন্তু বুজোৱাৰ যুক্তিও থাকে নহয়। লাহে লাহে তোমালোকৰ বৃদ্ধি হৈ গৈ থাকিব। এতিয়া বাবাই ডাঙৰ বিশ্ব বিদ্যালয় (ইউনিভাৰ্চিটি) খুলি আছে। ইয়াত বুজাবৰ কাৰণে চিত্ৰতো লাগে নহয়। আগলৈ গৈ তোমালোকৰ ওচৰত এই সকলোবোৰ চিত্ৰ আলোকযুক্ত হৈ যাব তেতিয়া তোমালোকৰ বুজাবলৈও সহজ হ'ব।

তোমালোকে জানা আমি পিতাৰ স্মৃতি আৰু জ্ঞানেৰে নিজৰ বাদশ্বাহী পুনৰাই স্থাপনা কৰি আছোঁ। মায়াই মাজতে বহুত প্ৰবঞ্চনা কৰি দিয়ে। পিতাই কয় - প্ৰবঞ্চনাৰ পৰা হাত সাৰি থাকিবা। যুক্তিতো শুনাই থাকে। মুখেৰে কেৱল ইমানেই কোৱা যে পিতাক স্মৰণ কৰক তেতিয়া তোমালোকৰ বিকৰ্ম বিনাশ হ'ব আৰু তোমালোক এনেকুৱা লক্ষ্মী-নাৰায়ণ হৈ যাবা। এই বেজ আদি ভগৱানে নিজে তৈয়াৰ কৰাইছে, গতিকে ইয়াক কিমান মূল্য দিয়া উচিত। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সৰ্ব গুণেৰে নিজক অলংকৃত কৰিব লাগে, কেতিয়াও কাকো দুখ দিব নালাগে। সকলোকে সুখৰ ৰাস্তা দেখুৱাব লাগে।

(2) গোটেই সৃষ্টি কৱৰস্থান হৈ পৰি আছে সেয়েহে ইয়াৰ প্ৰতি অন্তৰৰ আকৰ্ষণ ৰাখিব নালাগে। স্মৃতিত থাকিব লাগে যে এতিয়া আমি স্থানান্তৰ হৈ আছোঁ, আমিতো নতুন সৃষ্টিলৈ যাব লাগে।

বৰদান:
মায়া তথা বিঘিনিৰ পৰা নিৰাপদে থাকোঁতা বাপদাদাৰ ছত্ৰছায়াৰ অধিকাৰী হোৱা

যিসকল কল্পৰ পাছত পুনৰাই মিলিত হোৱা বাপদাদাৰ অতিকৈ মৰমৰ সন্তান তেওঁলোকৰ বাপদাদাৰ ছত্ৰছায়া অধিকাৰৰ ৰূপত প্ৰাপ্ত হয়। যি ছত্ৰছায়াৰ ভিতৰত আহিবলৈ মায়াৰ শক্তি নাই। তেওঁলোক সদায় মায়াৰ ওপৰত বিজয়ী হৈ যায়। এই স্মৃতি ৰূপী ছত্ৰছায়াই সকলো বিঘিনিৰ পৰা নিৰাপদ কৰি দিয়ে। ছত্ৰছায়াৰ ভিতৰত থকাসকলৰ ওচৰলৈ কোনো প্ৰকাৰৰ মায়া আহিব নোৱাৰে। ছত্ৰছায়াৰ ভিতৰত থকাসকলৰ কঠিনতকৈও কঠিন কথাও সহজ হৈ যায়। পাহাৰ সম কথাও কপাতুল্য অনুভৱ হয়।

স্লোগান:
প্ৰভু প্ৰিয়, লোক প্ৰিয় আৰু স্বয়ং প্ৰিয় হ’বলৈ সন্তুষ্টতা গুণ ধাৰণ কৰা।


অব্যক্ত সংকেত: এতিয়া একাগ্ৰতাৰ অগ্নি প্ৰজ্বলিত কৰি যোগ জ্বালা ৰূপ কৰি তোলা

বিশেষকৈ স্মৃতিৰ যাত্ৰা শক্তিশালী কৰি তোলা, জ্ঞান-স্বৰূপৰ অনুভৱী হোৱা। তোমালোক শ্ৰেষ্ঠ আত্মাসকলৰ শুভ বৃত্তি তথা কল্যাণৰ বৃত্তি আৰু শক্তিশালী বাতাৱৰণে অনেক হাহাকাৰ কৰি থকা, দিগভ্ৰান্ত হৈ থকা, কাতৰোক্তি কৰি থকা আত্মাক আনন্দ, শান্তি আৰু শক্তিৰ অনুভূতি কৰাব।