24.09.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
সত্য পিতাই সত্যখণ্ড স্থাপনা কৰে, তোমালোক পিতাৰ ওচৰলৈ আহিছা নৰৰ পৰা নাৰায়ণ হোৱাৰ
সত্য কথা শুনিবলৈ”
প্ৰশ্ন:
তোমালোক
সন্তানসকলে নিজৰ গৃহস্থ ব্যৱহাৰত বহুত সাৱধানেৰে চলিব লাগে - কিয়?
উত্তৰ:
কিয়নো তোমালোকৰ গতি-মতি সকলোতকৈ অনন্য। তোমালোকৰ গুপ্ত জ্ঞান আছে সেইবাবে বিশাল
বুদ্ধিৰ হৈ সকলোৰে সৈতে দায়িত্ব পালন কৰি চলিব লাগে। ভিতৰি বুজিব লাগে যে আমি সকলো
ভাই ভাই বা ভাই-ভনী হওঁ। বাকী এনেকুৱা নহয় যে স্ত্ৰীয়ে নিজৰ স্বামীক ক’ব তুমি মোৰ
ভাই। এয়া যদি আনে শুনে তেন্তে ক’ব - এওঁৰ কি হ’ল। যুক্তিৰে চলিব লাগে।
ওঁম্শান্তি।
আত্মিক পিতাই
বহি সন্তানসকলক বুজায়। আত্মিক শব্দটি নোকোৱাকৈ কেৱল পিতা বুলি ক’লেও এইটো বুজা যায়
যে এইজন আত্মিক পিতা। পিতাই বহি সন্তানসকলক বুজায়। সকলোৱে নিজক ভাই ভাই বুলিতো কয়েই।
গতিকে পিতাই বহি সন্তানসকলক বুজায়। সকলোকেতো নুবুজায়। ‘গীতা’তো লিখা আছে ভগৱানুবাচ
(ভগৱানৰ বাণী)। কাৰ প্ৰতি? সকলো সন্তানেই ভগৱানৰ। তেওঁ ভগৱান পিতা হয় গতিকে ভগৱানৰ
সন্তান সকলো ভাই ভাই হয়। নিশ্চয় ভগৱানেই বুজাইছে, ৰাজযোগ শিকাইছে। এতিয়া তোমালোকৰ
বুদ্ধিৰ তলা খুলিছে, তোমালোকৰ বাহিৰে আন কাৰো এইটো খেয়াল চলিব নোৱাৰে। যিসকলে বাৰ্তা
লাভ কৰিব তেওঁলোক বিদ্যালয়লৈ আহি থাকিব আৰু পঢ়ি গৈ থাকিব। ভাবিব প্ৰদৰ্শনীতো দেখিলোঁ
এতিয়া গৈ আৰু বেছিকৈ শুনোঁগৈ। প্ৰথম মুখ্য কথা হৈছে জ্ঞান সাগৰ পতিত-পাৱন, গীতা
জ্ঞান দাতা শিৱ ভগৱানুবাচ। তেওঁলোকে এইটো গম পাওঁক যে এওঁলোকক শিকাওঁতা, বুজাওঁতাজন
কোন হয়? তেওঁ পৰম আত্মা, জ্ঞান সাগৰ নিৰাকাৰ হয়। তেওঁ হয়েই সত্য। তেওঁ সত্যই ক’ব,
তাত কোনো প্ৰশ্নই উঠিব নোৱাৰে। তোমালোকে সকলো ত্যাগ কৰিলা, সত্য আছে ওপৰত। গতিকে
প্ৰথমতেতো ইয়াৰ ওপৰত বুজাব লাগে যে আমাক পৰমপিতা পৰমাত্মাই ব্ৰহ্মাৰ দ্বাৰা ৰাজযোগ
শিকায়। এয়া হৈছে ৰাজকীয় পদ, যিসকলৰ নিশ্চয় হৈ যাব যে যিজন সকলোৰে পিতা হয়, সেইজন
পাৰলৌকিক পিতাই বহি বুজায়, তেৱেঁই সকলোতকৈ উচ্চ হৰ্তা-কৰ্তা (অথ’ৰিটি)। তেতিয়া আন
কোনো প্ৰশ্ন উদয়েই হ’ব নোৱাৰে। তেওঁ হৈছে পতিত-পাৱন। তেওঁ যেতিয়া ইয়ালৈ আহে তেন্তে
নিশ্চয় তেওঁৰ সময়তেই আহিব। তোমালোকে দেখিবলৈও পোৱা এয়া সেয়াই মহাভাৰতৰ যুদ্ধ হয়।
বিনাশৰ পাছত নিৰ্বিকাৰী সৃষ্টি হ’ব। এইটো মনুষ্যই নাজানে যে ভাৰতেই নিৰ্বিকাৰী আছিল।
বুদ্ধি নচলে। গড্ৰেজৰ তলা লাগি আছে। ইয়াৰ চাবি এজন পিতাৰ ওচৰতহে আছে সেইবাবে এইটো
কোনেও নাজানে যে তোমালোকক পঢ়াওঁতাজন কোন হয়। দাদা (ব্ৰহ্মাবাবা) বুলি ভাবি লয়,
তেতিয়া বিদ্ৰুপাত্মক মন্তব্য দিয়ে, কিবা কিবি কয় সেইবাবে প্ৰথমতেই এইটো বুজোৱা -
ইয়াত লিখা আছে -শিৱ ভগৱানুবাচ। তেওঁতো হয়েই সত্য। পিতা হয়েই জ্ঞানপূৰ্ণ। সৃষ্টিৰ
আদি-মধ্য-অন্তৰ ৰহস্য বুজায়। এই শিক্ষা তোমালোকে এতিয়া সেইজন বেহদৰ (অসীমৰ;
পাৰলৌকিক) পিতাৰ পৰা পোৱা। তেৱেঁই সৃষ্টিৰ ৰচয়িতা হয়, পতিত সৃষ্টিক পাৱন কৰোঁতা হয়।
গতিকে প্ৰথমতে পিতাৰহে পৰিচয় দিব লাগে। সেইজন পৰমপিতা পৰমাত্মাৰ লগত তোমালোকৰ কি
সম্বন্ধ। তেওঁ নৰৰ পৰা নাৰায়ণ হোৱাৰ সত্য জ্ঞান দিয়ে। সন্তানসকলে জানে যে পিতা সত্য
হয়, যিজন পিতায়েই সত্যখণ্ড স্থাপনা কৰে। তোমালোক ইয়ালৈ আহিছাই নৰৰ পৰা নাৰায়ণ হ’বলৈ।
অধিবক্তাৰ (বেৰিষ্টাৰৰ) ওচৰলৈ গ’লে বুজিব যে মই অধিবক্তা হ’বলৈ আহিছোঁ। এতিয়া
তোমালোকৰ নিশ্চয় হৈছে যে ভগৱানে আমাক পঢ়ায়। বহুতৰ নিশ্চয় হয়ো আকৌ সংশয় বুদ্ধিৰ হৈ
যায়, তেতিয়া তেওঁক সকলোৱে কয় যে তুমিতো কৈছিলা যে তোমালোকক ভগৱানে পঢ়ায়। তেন্তে আকৌ
ভগৱানক কিয় এৰি আহিছা? সংশয় হ’লেই আঁতৰি গুচি যায়। কিবা নহয় কিবা বিকৰ্ম কৰে।
ভগৱানুবাচ - কাম মহাশত্ৰু, ইয়াৰ ওপৰত জয়ী হ’লেহে জগতজিৎ হ’বা। যিসকল পাৱন হ’ব
তেওঁলোকেই পাৱন সৃষ্টিলৈ যাব। ইয়াত হৈছেই ৰাজযোগৰ কথা, তোমালোকে গৈ ৰাজত্ব কৰিবাগৈ।
বাকী যিসকল আত্মা আছে তেওঁলোকে নিজৰ হিচাপ নিষ্পত্তি কৰি (পৰমধামলৈ) উভতি যাবগৈ। এয়া
হৈছে বিনাশৰ (হিচাপ নিষ্পত্তি কৰাৰ) সময়। এতিয়া বুদ্ধিয়ে কয় যে সত্যযুগৰ স্থাপনা
নিশ্চয় হ’ব। পাৱন সৃষ্টি বুলি সত্যযুগক কোৱা হয়। বাকী সকলো মুক্তিধামলৈ গুচি যাব।
তেওঁলোকে পুনৰ নিজৰ ভূমিকা পুনৰাবৃত্তি কৰিব লাগে। পাৱন হৈ পাৱন সৃষ্টিৰ মালিক হ’বলৈ
তোমালোকও নিজৰ পুৰুষাৰ্থ কৰি থাকা। মালিক বুলিতো নিজক ভাবিবা নহয়। প্ৰজাও মালিক হয়।
এতিয়া প্ৰজায়ো কয় নহয় যে আমাৰ ভাৰত। তোমালোকে বুজি পোৱা যে এতিয়া আমি সকলো নৰকবাসী।
এতিয়া আমি স্বৰ্গবাসী হ’বৰ বাবে ৰাজযোগ শিকি আছোঁ। সকলোৱেতো স্বৰ্গবাসী নহ’ব। পিতাই
কয় - যেতিয়া ভক্তিমাৰ্গ পূৰা হ’ব তেতিয়াহে মই আহিম। ময়েই আহি সকলো ভক্তক ভক্তিৰ ফল
দিব লাগে। সংখ্যাগৰিষ্ঠতো ভক্তসকলেই হয় নহয় জানো। সকলোৱে আহ্বান কৰি থাকে ‘অ’ গড্
ফাদাৰ’ (হে ঈশ্বৰ পিতা)। ভক্তসকলৰ মুখৰ পৰা ‘অ’ গড্ ফাদাৰ’, ‘হে ভগৱান’ – এয়া
নিশ্চয় উচ্চাৰিত হ’ব। এতিয়া ভক্তি আৰু জ্ঞানৰ মাজত পাৰ্থক্য আছে। তোমালোকৰ মুখেৰে
কেতিয়াও ‘হে ঈশ্বৰ’ ‘হে ভগৱান’ উচ্চাৰিত নহ’ব। মনুষ্যৰতো এয়া আধাকল্পৰ অভ্যাস হৈ
গৈছে। তোমালোকে জানা যে তেওঁ আমাৰ পিতা হয়, তোমালোকে জানো ‘হে বাবা’ বুলি ক’ব লাগে।
পিতাৰ পৰা তোমালোকেতো উত্তৰাধিকাৰ ল’ব লাগে। প্ৰথমতেতো এইটো নিশ্চয় হওঁক যে আমি
পিতাৰ পৰা উত্তৰাধিকাৰ লওঁ। পিতাই সন্তানসকলক উত্তৰাধিকাৰ লোৱাৰ অধিকাৰী কৰি তোলে।
এইজনতো সঁচা পিতা হয়, নহয় জানো। পিতাই জানে যে মই যিসকল সন্তানক জ্ঞানৰ অমৃত পান
কৰাই, জ্ঞানৰ চিতাত বহুৱাই বিশ্বৰ মালিক দেৱতা কৰি তুলিছিলোঁ তেওঁলোকেই কাম চিতাত
বহি ভস্মীভূত হৈ গৈছে। এতিয়া মই পুনৰ জ্ঞান চিতাত বহুৱাই, গভীৰ নিদ্ৰাৰ পৰা জগাই
স্বৰ্গলৈ লৈ যাওঁ।
পিতাই বুজাইছে –
তোমালোক আত্মাসকল তাত শান্তিধামত আৰু সুখধামত থাকা। সুখধামক নিৰ্বিকাৰী সৃষ্টি বুলি
কোৱা হয়, সম্পূৰ্ণ নিৰ্বিকাৰী। তাত দেৱতাসকল থাকে আৰু সেইখন হৈছে মিঠা ঘৰ,
আত্মাসকলৰ ঘৰ। সকলো ভাৱৰীয়া সেই শান্তিধামৰ পৰা ইয়াত ভূমিকা পালন কৰিবলৈ আহে। আমি
আত্মাসকল ইয়াৰ নিবাসী নহয়। সেই (লৌকিকৰ) ভাৱৰীয়াসকল ইয়াৰ নিবাসী। তেওঁলোকে মাত্ৰ
ঘৰৰ পৰা আহে পোছাক সলনি কৰি ভূমিকা পালন কৰে। তোমালোকেতো বুজি পোৱা যে আমাৰ ঘৰ হৈছে
শান্তিধাম, য'লৈ আমি পুনৰ উভতি যাওঁ। যেতিয়া সকলো ভাৱৰীয়া মঞ্চত আহি যায় তেতিয়া
পিতা আহি সকলোকে লৈ যাব, সেয়েহে তেওঁক মুক্তিদাতা আৰু মাৰ্গ-দৰ্শক বুলিও কোৱা হয়।
দুখহৰ্তা, সুখকৰ্তা হয় তেন্তে ইমানবিলাক মনুষ্য ক'লৈ যাব? বিচাৰতো কৰা – পতিত-পাৱনক
আহ্বান কিয় কৰে? নিজৰ মৃত্যুৰ কাৰণে। দুখৰ জগতত থাকিব নিবিচাৰে, সেয়েহে কয় ঘৰলৈ
লৈ যাওঁক। এওঁলোক সকলো মুক্তিকহে মান্যতা দিওঁতা হয়। ভাৰতৰ প্ৰাচীন যোগো কিমান
প্ৰসিদ্ধ, প্ৰাচীন ৰাজযোগ শিকাবলৈ বিলাতলৈও যায়। খ্ৰীষ্টানসকলৰ মাজত বহুত আছে যিয়ে
সন্ন্যাসীসকলৰ মান ৰাখে। গেৰুৱা বস্ত্ৰ পৰিধানৰ যি নিয়ম আছে - সেয়া হৈছে হঠযোগৰ।
তোমালোকেতো ঘৰ-সংসাৰ এৰিব নালাগে। কোনো শুভ্ৰ বস্ত্ৰ পৰিধান কৰাৰো বন্ধন নাই। কিন্তু
শুভ্ৰ ভাল। তোমালোক ভাতীত আছা গতিকে পোছাকো এনেকুৱা হৈ গৈছে। আজিকালি শুভ্ৰ পচন্দ
কৰে। মনুষ্যৰ মৃত্যু হ’লে তেতিয়া বগা চাদৰেৰে ধাকি দিয়ে। গতিকে প্ৰথমে যিকোনো লোককে
পিতাৰ পৰিচয় দিব লাগে। দুজন পিতা আছে – এইটো বুজিবলৈ সময় লয়। প্ৰদৰ্শনীত ইমান
বুজাব নোৱাৰিব। সত্যযুগত এজন পিতা, এই সময়ত তোমালোকৰ তিনিজন পিতা, কিয়নো ভগৱান আহে
প্ৰজাপিতা ব্ৰহ্মাৰ শৰীৰত। তেৱোঁতো সকলোৰে পিতা। বাৰু, এতিয়া তিনিজন পিতাৰ মাজত
উচ্চ উত্তৰাধিকাৰ কোনগৰাকীৰ? নিৰাকাৰ পিতাই কেনেকৈ উত্তৰাধিকাৰ দিব? তেওঁ আকৌ দিয়ে
ব্ৰহ্মাৰ দ্বাৰা। ব্ৰহ্মাৰ দ্বাৰা স্থাপনা কৰে আৰু ব্ৰহ্মাৰ দ্বাৰা উত্তৰাধিকাৰো
দিয়ে। এইখন চিত্ৰৰ ওপৰত তোমালোকে ভালদৰে বুজাব পাৰা। শিৱবাবা আছে, আকৌ এয়া
প্ৰজাপিতা ব্ৰহ্মা আদি দেৱ, আদি দেৱী। এইজন হৈছে মহীয়ান আজোককা (গ্ৰেট গ্ৰেট
গ্ৰেণ্ড ফাদাৰ)। পিতাই কয় - মোক শিৱক মহীয়ান আজোককা বুলি নোকোৱা। মই সকলোৰে পিতা হওঁ।
এয়া হৈছে প্ৰজাপিতা ব্ৰহ্মা। তোমালোক হৈছা ভাই-ভনী, নিজৰ মাজত আসুৰিক হিংসা কৰিব
নোৱাৰা। যদি পৰস্পৰ ইজনে সিজনক বিকাৰী দৃষ্টিৰে চায় তেন্তে বাগৰি পৰে (অৱনমিত হৈ
যায়) যায়, পিতাক পাহৰি যায়। পিতাই কয় - তোমালোক মোৰ সন্তান হৈ মুখ ক'লা কৰা।
বেহদৰ পিতাই সন্তানসকলক বুজায়। তোমালোকৰ এইটো নিচা বাঢ়ি আছে। জানা যে গৃহস্থ
ব্যৱহাৰতো থাকিব লাগে। লৌকিক সমন্ধীয়সকলৰ ফালেও চাব লাগে। লৌকিক পিতাক তোমালোকে পিতা
বুলি ক'বা নহয় জানো। তেওঁকতো তোমালোকে ভাই বুলি ক'ব নোৱাৰা। সাধাৰণতে পিতাক পিতা
বুলিয়ে ক’ব। বুদ্ধিত আছে যে এইজন মোৰ লৌকিক পিতা। জ্ঞানতো আছে নহয় জানো। এই জ্ঞান
বৰ বিচিত্ৰ। আজিকালি যদিওবা নামো লয় কিন্তু কোনোবা দৰ্শনাৰ্থী আদি বাহিৰৰ লোকৰ
সন্মুখত ভাই বুলি কৈ দিলে তেতিয়া তেওঁ ভাবিব যে এওঁৰ মগজ নষ্ট হৈছে। এই ক্ষেত্ৰত
বহুত যুক্তিৰ প্ৰয়োজন। তোমালোকৰ গুপ্ত জ্ঞান, গুপ্ত সম্বন্ধ। প্ৰায়ে স্ত্ৰীয়ে
স্বামীৰ নাম নলয়। স্বামীয়ে স্ত্ৰীৰ নাম ল'ব পাৰে। এই ক্ষেত্ৰত বহুত যুক্তিৰে চলিব
লাগে। লৌকিকৰ দায়িত্বও পালন কৰিব লাগে। বুদ্ধি ওপৰলৈ গুচি যাব লাগে। আমি পিতাৰ পৰা
উত্তৰাধিকাৰ লৈ আছোঁ। বাকী খুড়াক খুড়া, পিতাক পিতা বুলিয়েই ক’ব লাগিব নহয় জানো।
যিসকল ব্ৰহ্মাকুমাৰ-কুমাৰী হোৱা নাই তেওঁলোকে ভাই-ভনী বুলি নুবুজিব। যিসকল বি.কে.
হৈছে তেওঁলোকে এই কথাবোৰ বুজিব। বাহিৰৰ সকলেতো শুনিয়েই আচম্বিত হৈ যাব। এই ক্ষেত্ৰত
বুজিবলৈ ভাল বুদ্ধি লাগে। পিতাইতো সন্তানসকলক বিশাল বুদ্ধিৰ কৰি তোলে। তোমালোক আগতে
হদৰ (সীমিত) বুদ্ধিত আছিলা। এতিয়া বুদ্ধি গুচি যায় বেহদলৈ (অসীমলৈ)। তেওঁ আমাৰ
বেহদৰ পিতা। এই সকলোবোৰ আমাৰ ভাই-ভনী। কিন্তু ঘৰত শাহুক শাহু বুলিয়ে ক’ব, ভনী বুলি
জানো ক’ব। ঘৰত থাকি বহুত যুক্তিৰে চলিব লাগে, নহ’লে জগতৰ লোকে ক’ব এওঁতো স্বামীক
ভাই, শাহুক ভনী বুলি কৈ দিয়ে, এয়া কি? এই জ্ঞানৰ কথাবোৰ তোমালোকেই জানা অন্য কোনেও
নাজানে। এনেকৈ কয় নহয় - প্ৰভু তোমাৰ গতি-মতি তুমিহে জানা। এতিয়া তোমালোক তেওঁৰ
সন্তান হৈছা গতিকে তোমালোকৰ গতি-মতি তোমালোকেই জানা। বহুত সাৱধানেৰে চলিব লাগে।
ক’ৰবাত কোনোবা যাতে বিবুদ্ধিত নপৰে। গতিকে প্ৰদৰ্শনীত তোমালোক সন্তানসকলে প্ৰথমে
এইটো বুজাব লাগে যে আমাক পঢ়াওঁতাজন হৈছে ভগৱান। এতিয়া তোমালোকে কোৱা ভগৱান কোন?
নিৰাকাৰ শিৱ নে দেহধাৰী শ্ৰীকৃষ্ণ। ‘গীতা’ত যি ভগৱানুবাচ (ভগৱানৰ বাণী) আছে সেই
মহাবাক্য শিৱ পৰমাত্মাই উচ্চৰণ কৰিলে নে শ্ৰীকৃষ্ণই? কৃষ্ণতো হৈছে স্বৰ্গৰ প্ৰথম
ৰাজকুমাৰ। এনেকৈতো ক'ব নোৱাৰে যে কৃষ্ণ জয়ন্তীয়েই হৈছে শিৱ জয়ন্তী। শিৱ জয়ন্তীৰ
পাছত কৃষ্ণ জয়ন্তী হয়। শিৱ জয়ন্তীৰ পৰা স্বৰ্গৰ ৰাজকুমাৰ শ্ৰীকৃষ্ণ কেনেকৈ হ’ল,
সেয়া হৈছে বুজিবলগীয়া কথা। শিৱ জয়ন্তীৰ পাছত গীতা জয়ন্তী আকৌ ততালিকে কৃষ্ণ জয়ন্তী
কিয়নো পিতাই ৰাজযোগ শিকায় নহয় জানো। সন্তানসকলৰ বুদ্ধিত উদয় হৈছে নহয় জানো।
যেতিয়ালৈকে শিৱ পৰমাত্মা নাহে তেতিয়ালৈকে শিৱ জয়ন্তী পালন কৰিব নোৱাৰে। যেতিয়ালৈকে
শিৱ আহি কৃষ্ণপুৰী স্থাপনা নকৰে তেনেহ'লে কৃষ্ণ জয়ন্তীও কেনেকৈ পালন কৰা হ’ব।
কৃষ্ণৰ জন্মতো পালন কৰে কিন্তু বুজি পাই জানো। কৃষ্ণ ৰাজকুমাৰ আছিল তেন্তে নিশ্চয়
সত্যযুগতে আছিল নহয় জানো। নিশ্চয় দেৱী-দেৱতাসকলৰ ৰাজধানী আছিল। কেৱল এজন কৃষ্ণইতো
বাদশ্বাহী নাপাব নহয় জানো। নিশ্চয় কৃষ্ণপুৰী থাকিব! এনেকৈ কয়ো - কৃষ্ণপুৰী… আকৌ
এইখন হৈছে কংসপুৰী। কৃষ্ণপুৰী নতুন সৃষ্টি, কংসপুৰী পুৰণি সৃষ্টি। এনেকৈ কয় যে
দেৱতাসকলৰ আৰু অসুৰসকলৰ যুদ্ধ লাগিল। দেৱতাসকলৰ জয় হ’ল। কিন্তু এনেকুৱাতো নহয়।
কংসপুৰী নাশ হ’ল আকৌ কৃষ্ণপুৰী স্থাপনা হ’ল। কংসপুৰী পুৰণি সৃষ্টিত থাকিব। নতুন
সৃষ্টিত জানো এই কংস দৈত্য আদি থাকিব। ইয়াত চোৱা কিমান মনুষ্য আছে। সত্যযুগত বহুত
কমসংখ্যক থাকে। এয়াও তোমালোকে বুজি পোৱা, এতিয়া তোমালোকৰ বুদ্ধি চলে। দেৱতাসকলেতো
কোনো যুদ্ধ কৰা নাই। দৈৱী সম্প্ৰদায় সত্যযুগতহে থাকে। আসুৰী সম্প্ৰদায় ইয়াত আছে।
বাকী দেৱতাসকল আৰু অসুৰসকলৰ মাজত নতুবা কৌৰৱসকল আৰু পাণ্ডৱসকলৰ মাজত কোনো যুদ্ধ হোৱা
নাই। তোমালোক ৰাৱণৰ ওপৰত জয়ী হোৱা। পিতাই কয় - এই বিকাৰসমূহৰ ওপৰত জয়ী হ’লে জগতজিৎ
হৈ যাবা। এই ক্ষেত্রত কোনো যুদ্ধ কৰিব নালাগে। যুদ্ধৰ নাম ল’লে তেতিয়াতো হিংসা হৈ
যাব। ৰাৱণৰ ওপৰত জয়ী হ’ব লাগে কিন্তু অহিংসাৰে। কেৱল পিতাক স্মৰণ কৰিলে আমাৰ বিকৰ্ম
বিনাশ হয়। ভাৰতৰ প্ৰাচীন ৰাজযোগ প্ৰসিদ্ধ।
পিতাই কয় - মোৰ সৈতে
বুদ্ধিৰ যোগসূত্ৰ গঢ়া তেতিয়া তোমালোকৰ পাপ ভস্ম হ'ব। পিতা পতিত-পাৱন হয় গতিকে
বুদ্ধিৰ যোগসূত্ৰ সেইজন পিতাৰ সৈতেহে গঢ়িব লাগে, তেতিয়া তোমালোক পতিতৰ পৰা পাৱন হৈ
যাবা। তোমালোকে এতিয়া বাস্তৱত তেওঁৰ সৈতে যোগসূত্ৰ গঢ়ি আছা, ইয়াত যুদ্ধৰ কোনো কথাই
নাই। যিসকলে ভালদৰে পঢ়িব, পিতাৰ সৈতে যোগসূত্ৰ গঢ়িব, তেওঁলোকেহে পিতাৰ পৰা
উত্তৰাধিকাৰ পাব – কল্প পূৰ্বৰ দৰে। এই পুৰণি সৃষ্টিৰ বিনাশো হ'ব। সকলো হিচাপ-নিকাচ
নিষ্পত্তি কৰি যাবাগৈ। আকৌ শ্ৰেণী স্থানান্তৰিত হৈ ক্ৰমানুসৰি গৈ বহে নহয় জানো।
তোমালোকেও ক্ৰমানুসৰি তাত ৰাজত্ব কৰিবাগৈ। কিমান বোধশক্তিৰ কথা। ভালবাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এয়া হিচাপ
নিষ্পত্তি কৰাৰ সময় যি সময়ত সত্যযুগৰ স্থাপনা হৈ আছে গতিকে পাৱন নিশ্চয় হ'ব লাগে।
পিতা আৰু পিতাৰ কাৰ্যক লৈ কেতিয়াও সংশয় আনিব নালাগে।
(2) জ্ঞান আৰু
সম্বন্ধ গুপ্ত, সেইবাবে লৌকিকত বহুত যুক্তিৰে বিশাল বুদ্ধিৰ হৈ চলিব লাগে। কোনো
এনেকুৱা শব্দ উচ্চাৰণ কৰিব নালাগে যাতে শুনোঁতাসকল বিবুদ্ধিত পৰে।
বৰদান:
জ্ঞানৰ লাইট
মাইটৰ দ্বাৰা দুৰ্বল সংস্কাৰসমূহ সমাপ্ত কৰোঁতা শক্তি সম্পন্ন হোৱা
জ্ঞানৰ দ্বাৰা নিজৰ
দুৰ্বল সংস্কাৰসমূহৰ বিষয়েতো জানিব পৰা যায় আৰু যেতিয়া সেই বিষয়ৰ বুজনি পোৱা যায়,
তেতিয়া সেই সংস্কাৰবোৰ কিছু সময়ৰ বাবে ভিতৰত অৱদমিত হৈ থাকে। কিন্তু দুৰ্বল
সংস্কাৰসমূহ চিৰদিনৰ বাবে সমাপ্ত কৰিবলৈ লাইট আৰু মাইটৰ অতিৰিক্ত শক্তিৰ প্ৰয়োজন।
ইয়াৰ বাবে 'মাষ্টৰ সর্বশক্তিমান' আৰু 'মাষ্টৰ জ্ঞানৱান' হোৱাৰ লগতে 'চেকিং মাষ্টৰ'
হোৱা। জ্ঞানৰ দ্বাৰা নিজৰ মাজত শক্তি ধাৰণ কৰা আৰু মনন শক্তি বৃদ্ধি কৰা, তেতিয়া
শক্তি সম্পন্ন হৈ যাবা।
স্লোগান:
য'ত সৰ্ব প্ৰাপ্তি আছে ত’ত প্ৰসন্নতা আছে।
অব্যক্ত ইংগিত: এতিয়া
নিজৰ দাতা স্বৰূপ প্ৰত্যক্ষ কৰা
যদি কিবা দিয়াৰ পাছত
এইটোও সংকল্প উদয় হয় যে "মই ইমান দিলোঁ, ইয়াৰ বিনিময়ত মই কিছু মান-মৰ্যাদা,
সন্মান বা প্ৰশংসা পাব লাগে", তেন্তে এয়াও লোৱাৰ ভাৱনা হৈ গ'ল। দাতাৰ সন্তানে যদি
এনেকৈ লোৱাৰ সংকল্পও কৰে, তেন্তে দাতা নহ’ল। এই লোৱাটোও দিওঁতাৰ ক্ষেত্ৰত শোভা
নাপায়।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]