24.10.24 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
বেহদৰ অপাৰ আনন্দ অনুভৱ কৰিবৰ কাৰণে প্ৰতিটো মুহূৰ্ত বাবাৰ লগত থাকা"
প্ৰশ্ন:
পিতাৰ পৰা
কোনসকল সন্তানে বহুত শক্তি প্ৰাপ্ত কৰে?
উত্তৰ:
যিসকলৰ নিশ্চয়তা আছে যে আমি বেহদ বিশ্বৰ পৰিৱৰ্তন কৰোঁতা, আমি বেহদ বিশ্বৰ মালিক
হ’ব লাগে। আমাক পঢ়াওঁতাজন হৈছে স্বয়ং বিশ্বৰ মালিক পিতা। এনেকুৱা সন্তানে বহুত শক্তি
প্ৰাপ্ত কৰে।
ওঁম্শান্তি।
মৰমৰ আত্মিক
সন্তানসকলক বা আত্মাসকলক আত্মিক পিতা পৰমপিতা পৰমাত্মাই বহি পঢ়ায় আৰু বুজায় কিয়নো
সন্তানসকলেই আকৌ পাৱন হৈ স্বৰ্গৰ মালিক হ’বগৈ। গোটেই বিশ্বৰ পিতাতো এজনেই।
সন্তানসকলৰ এইটো নিশ্চয়তা থাকে। গোটেই বিশ্বৰ পিতা, সকলো আত্মাৰ পিতাই তোমালোক
সন্তানসকলক পঢ়াই আছে। বুদ্ধিত ইমানখিনি থাকেনে? কাৰণ বুদ্ধি তমোপ্ৰধান, লোহাৰ বাচন,
লৌহ যুগী। বুদ্ধি আত্মাত থাকে। গতিকে ইমানখিনি বুদ্ধিত ধাৰণ হয়নে? বুজিবলৈ ইমানখিনি
শক্তি পোৱানে যে যথাযথ বেহদৰ পিতাই আমাক পঢ়াই আছে, আমি বেহদ বিশ্বৰ পৰিৱৰ্তন কৰি
দিওঁ। এই সময়ত বেহদ সৃষ্টিক ৰৌৰৱ নৰক বুলি কোৱা হয়। এনেকৈ বুজানে নে ভাবা যে
গৰিবসকল নৰকত আছে আৰু বাকী সন্ন্যাসী, চহকী, ডাঙৰ পদবীধাৰীসকল স্বৰ্গত আছে? পিতাই
বুজায় – এই সময়ত যিয়েই মনুষ্য মাত্ৰ আছে সকলো নৰকত আছে। এই সকলোবোৰ বুজিবলগীয়া কথা
যে আত্মা কিমান সূক্ষ্ম। ইমান সূক্ষ্ম আত্মাত গোটেই জ্ঞান ধাৰণ নহয় নে পাহৰি যোৱা?
বিশ্বৰ সকলো আত্মাৰ পিতাই তোমালোকৰ সন্মুখত বহি তোমালোকক পঢ়াই আছে। গোটেই দিন
বুদ্ধিত এইটো স্মৃতি থাকেনে যে যথাযথ বাবা আমাৰ লগত ইয়াত আছে? কিমান সময় বুদ্ধিত
থাকে? ঘণ্টা, আধা ঘণ্টা নে গোটেই দিন? এয়া বুদ্ধিত ৰাখিবলৈও শক্তিৰ প্ৰয়োজন। ঈশ্বৰ
পৰমপিতা পৰমাত্মাই তোমালোকক পঢ়ায়। বাহিৰত যেতিয়া নিজৰ ঘৰত থাকা তেতিয়া তাত লগত
নাথাকে। ইয়াত বাস্তৱত তোমালোকৰ লগত আছে। যেনেকৈ কাৰোবাৰ স্বামী বাহিৰত, পত্নী ইয়াত
তেতিয়া এনেকৈ ক’ব জানো যে মোৰ লগত আছে। বেহদৰ পিতাতো এজনেই। পিতাতো সকলোৰে মাজত নাই।
পিতা নিশ্চয় এঠাইতে বহিব। গতিকে এইটো বুদ্ধিত উদয় হয়নে যে বেহদৰ পিতাই আমাক নতুন
সৃষ্টিৰ মালিক কৰি তুলিবলৈ লায়ক কৰি আছে? অন্তৰত নিজকে ইমান লায়ক বুলি ভাবানে যে মই
গোটেই বিশ্বৰ মালিক হ’বলৈ গৈ আছোঁ? এয়াতো বহুত আনন্দৰ কথা। ইয়াতকৈ অধিক আনন্দৰ
সম্পদতো কোনেও নাপায়। এতিয়া তোমালোকে জানা যে এয়া হ’বলৈ গৈ আছোঁ। এই দেৱতাসকল ক’ৰ
মালিক, এইটোও বুজি পোৱা। ভাৰততে দেৱতাসকলে ভূমিকা পালন কৰি গৈছে। এওঁতো গোটেই
বিশ্বৰ মালিক হ’বলৈ গৈ আছে। ইমানখিনি বুদ্ধিত আছেনে? সেই চলন আছেনে? বাৰ্তালাপ কৰাৰ
সেই ঢং আছেনে, সেয়া বুদ্ধি আছেনে? কোনো কথাত তৎক্ষণাৎ ক্ৰোধাম্বিত হৈ গ’লা, কৰোবাৰ
ক্ষতি কৰি দিলা, কাৰোবাৰ গ্লানি কৰি দিলা, চলন এনেকুৱাতো নহয়? সত্যযুগত এওঁলোকে জানো
কাৰোবাৰ গ্লানি কৰে? তাত গ্লানি কৰাৰ ছিঃ ছিঃ খেয়াল কৰোঁতা নাথাকেই। পিতাইতো কিমান
জোৰ দি সন্তানসকলৰ উৎকৰ্ষ সাধন কৰে। তোমালোকে পিতাক স্মৰণ কৰিলে পাপ খণ্ডন হ’ব।
তোমালোকে হাত দাঙা কিন্তু তোমালোকৰ চলন কেনেকুৱা? পিতাই বহি পঢ়ায়, এইটো বুদ্ধিত
দৃঢ়ভাৱে ধাৰণ হয়নে? বাবাই জানে বহুতৰ নিচা ছ’দা পানীৰ দৰে হৈ যায়। সকলোৰে ইমান
আনন্দৰ জোৱাৰ নুঠে। যেতিয়া বুদ্ধিত ধাৰণ হ’ব তেতিয়া নিচা বাঢ়িব। বিশ্বৰ মালিক কৰি
তুলিবলৈ পিতাইহে পঢ়ায়।
ইয়াততো সকলো পতিত,
ৰাৱণ সম্প্ৰদায়। প্ৰবাদ আছে নহয় - ৰামে বান্দৰ সেনা ল’লে। তাৰপাছত এইটো এইটো কৰিলে।
এতিয়া তোমালোকে জানা বাবাই ৰাৱণৰ ওপৰত বিজয় প্ৰাপ্ত কৰাই লক্ষ্মী-নাৰায়ণ কৰি তোলে।
ইয়াত তোমালোক সন্তানসকলক কোনোৱে সোধে, তোমালোকে টপৰাই ক’বা আমাক ভগৱানে পঢ়ায়।
ভগৱানুবাচ, যেনেকৈ শিক্ষকে কয় - মই তোমালোকক বেৰিস্তাৰ অথবা অমুক কৰি তোলোঁ।
নিশ্চয়তাৰে পঢ়ায় আৰু সেয়াই হৈ যায়। পঢ়োঁতাসকলো ক্ৰমানুসৰি হয় নহয়। আকৌ পদো
ক্ৰমানুসাৰে পায়, এয়াও হৈছে পঢ়া। বাবাই লক্ষ্য-উদ্দেশ্য সন্মুখত দেখুৱাই আছে।
তোমালোকে বুজি পোৱা যে এই পঢ়াৰ দ্বাৰা আমি এনেকুৱা হ’মগৈ। আনন্দৰ কথা নহয় জানো।
আই.চি.এচ. পঢ়োঁতাসকলেও বুজিব - আমি এয়া পঢ়ি আকৌ এইটো কৰিম, ঘৰ সজিম, এনেকুৱা কৰিম।
বুদ্ধিত চলে। ইয়াত তোমালোক সন্তানসকলক আকৌ পিতাই বহি পঢ়ায়। সকলোৱে পঢ়িব লাগে,
পৱিত্ৰ হ’ব লাগে। পিতাৰ আগত প্ৰতিজ্ঞা কৰিব লাগে যে মই কোনো অপৱিত্ৰ কাম নকৰো।
পিতাই কয় - যদি কোনো ওলোটা কাম কৰি দিয়া তেন্তে যি অৰ্জন কৰিলা সেয়া শেষ হৈ যাব। এই
মৃত্যুলোক হৈছে পুৰণি সৃষ্টি। আমি নতুন সৃষ্টিৰ বাবে পঢ়োঁ। এই পুৰণি সৃষ্টিতো নাশ
হৈ যাব। পৰিস্থিতিও এনেকুৱা। পিতাই আমাক অমৰলোকৰ কাৰণেই পঢ়ায়। গোটেই সৃষ্টি চক্ৰ
পিতাই বুজায়। হাতত কোনো কিতাপ নাই, পিতাই মৌখিকভাৱেই বুজায়। প্ৰথম কথা পিতাই বুজায়
- নিজক আত্মা বুলি নিশ্চয় কৰা। আত্মা ভগৱান পিতাৰ সন্তান। পৰমপিতা পৰমাত্মা পৰমধামত
থাকে। আমি আত্মাসকলো তাত থাকোঁ। আকৌ তাৰ পৰা ক্ৰমানুসৰি ইয়ালৈ ভূমিকা পালন কৰিব আহি
থাকোঁ। এয়া অতি বিশাল বেহদৰ মঞ্চ। এই মঞ্চত প্ৰথমে ভাৱৰীয়াসকল ভাৰতলৈ, নতুন সৃষ্টিলৈ
ভূমিকা পালন কৰিব আহে। এয়া তেওঁলোকৰ কৰ্মকাণ্ড। তোমালোকে তেওঁলোকৰ মহিমাও গোৱা।
তেওঁলোকক অনেক কোটিপতি বুলি ক’বানে? সেই লোকসকলৰ ওচৰততো গণনাতীত ধন থাকে। পিতাইতো
এনেকৈ ক’ব নহয় - এই লোকসকল, কিয়নো পিতাতো বেহদৰ হয়। এয়াও ড্ৰামা ৰচি থোৱা আছে।
যিহেতু শিৱবাবাই তেওঁলোকক এনেকুৱা চহকী কৰি তুলিলে গতিকে ভক্তিমাৰ্গত আকৌ তেওঁৰ (শিৱৰ)
পূজাৰ বাবে মন্দিৰ নিৰ্মাণ কৰে। প্ৰথমে তেওঁৰ পূজা কৰে যিয়ে পূজ্য কৰি তুলিলে।
পিতাইতো নিতৌ নিচা বঢ়াবলৈ বহুতেই বুজায়। কিন্তু পুৰুষাৰ্থৰ ক্ৰম অনুসৰি যিয়ে বুজি
পায়, তেওঁলোক সেৱাত লাগি থাকিলে তেতিয়া সজীৱ হৈ থাকে। নহ’লে নিস্তেজ হৈ যায়।
সন্তানসকলে জানে যথাযথ এই ভাৰতত যেতিয়া ৰাজ্য কৰিছিলোঁ তেতিয়া অন্য কোনো ধৰ্ম নাছিল।
দৈৱী ধৰ্ম আছিল। তাৰপাছত অন্য অন্য ধৰ্মবোৰ আহে। এতিয়া তোমালোকে বুজি পোৱা যে এই
সৃষ্টি চক্ৰ কেনেকৈ ঘূৰে। স্কুলত লক্ষ্য-উদ্দেশ্য নালাগে জানো। সত্যযুগৰ আদিত
এওঁলোকে ৰাজ্য কৰিছিল আকৌ 84ৰ চক্ৰত আহিল। সন্তানসকলে জানে এয়া হৈছে বেহদৰ পঢ়া।
জন্ম-জন্মান্তৰেতো হদৰ পঢ়া পঢ়ি আহিছা, এই ক্ষেত্ৰত বহুত দৃঢ় নিশ্চয়তা থাকিব লাগে।
গোটেই সৃষ্টি পৰিৱৰ্তন কৰোঁতা, পুনৰুজ্জীৱিত কৰোঁতা অৰ্থাৎ নৰকক স্বৰ্গ কৰি তোলোঁতা
পিতাই আমাক পঢ়াই আছে। ইমানখিনিতো নিশ্চিত যে মুক্তিধামলৈতো সকলো যাব পাৰে।
স্বৰ্গলৈতো সকলো নাহে। এইটো তোমালোকে এতিয়া জানা যে আমাক পিতাই এই বিষয় সাগৰ
বেশ্যালয়ৰ পৰা উদ্ধাৰ কৰে। এতিয়া যথাযথ বেশ্যালয়। কেতিয়াৰ পৰা আৰম্ভ হয়, এয়াও
তোমালোকে জানা। 2500 বছৰ হৈ গ’ল যেতিয়া এই ৰাৱণৰাজ্য আৰম্ভ হৈছিল, ভক্তি আৰম্ভ
হৈছিল। সেই সময়ত দেৱী-দেৱতা ধৰ্মাৱলম্বীসকলেই আছিল, তেওঁলোক বাম (বিকাৰী) মাৰ্গত আহি
গ’ল। ভক্তিৰ কাৰণেই মন্দিৰ নিৰ্মাণ কৰে। সোমনাথৰ মন্দিৰ কিমান ডাঙৰকৈ নিৰ্মাণ কৰা
হৈছে। তাৰ বুৰঞ্জীতো শুনিছা। মন্দিৰত কি আছিল! গতিকে সেই সময়ত কিমান ধনৱান আছিল!
কেৱল এটা মন্দিৰেতো নহয়। বুৰঞ্জীত এটাৰ নাম উল্লেখ কৰিলে। মন্দিৰতো বহুত ৰজাই
নিৰ্মাণ কৰে। ইজনে সিজনক দেখি পূজাতো সকলোৱে কৰিব নহয়। অনেক মন্দিৰ থাকিব। কেৱল এটা
মন্দিৰেতো লুটি নিয়া নাই। অন্য মন্দিৰো ওচৰে-পাজৰে আছিল। তাত গাঁওবোৰ দূৰে দূৰে
নাথাকে। এখন আন এখনৰ সমীপতে থাকে কিয়নো তাত ট্ৰেইন আদিতো নাথাকিব নহয়। এখন আনখনৰ
বহুত সমীপত থাকে তাৰপাছত লাহে লাহে সৃষ্টি বিস্তাৰ হৈ গৈ থাকে।
এতিয়া তোমালোক
সন্তানসকলে পঢ়ি আছা। অতিকৈ শ্ৰেষ্ঠ পিতাই তোমালোকক পঢ়ায়। এইটো নিচা থাকিব লাগে। ঘৰত
কেতিয়াও কন্দা-কটা কৰিব নালাগে। ইয়াত তোমালোকে দৈৱীগুণ ধাৰণ কৰিব লাগে। এই
পুৰুষোত্তম সংগমযুগত তোমালোক সন্তানসকলক পঢ়োৱা হয়। এয়া হৈছে মাজৰ সময় যেতিয়া
তোমালোক পৰিৱৰ্তন হোৱা। পুৰণি সৃষ্টিৰ পৰা নতুন সৃষ্টিলৈ যাব লাগে। এতিয়া তোমালোকে
পুৰুষোত্তম সংগমযুগত পঢ়ি আছা। ভগৱানে তোমালোকক পঢ়ায়। গোটেই সৃষ্টিখনৰে পৰিৱৰ্তন কৰি
দিয়ে। পুৰণি সৃষ্টিক নতুন কৰি দিয়ে, যিখন নতুন সৃষ্টিৰ তোমালোক মালিক হ’ব লাগে।
তোমালোকক যুক্তি শুনাবলৈ পিতা বাধ্য। তেন্তে তোমালোক সন্তানসকলেও সেয়া পালন কৰিব
লাগে। এইটোতো বুজি পোৱা যে আমি ইয়াৰ নিবাসী নহয়। তোমালোকে জানো এইটো জানিছিলা যে
আমাৰ ৰাজধানী আছিল। এতিয়া পিতাই বুজাইছে - ৰাৱণৰ ৰাজ্যত তোমালোক বহুত দুখী। ইয়াক
কোৱাই হয় বিকাৰী সৃষ্টি। এই দেৱতাসকল হৈছে সম্পূৰ্ণ নিৰ্বিকাৰী। নিজকে বিকাৰী বুলি
কয়। এতিয়া এই ৰাৱণৰাজ্য কেতিয়াৰ পৰা আৰম্ভ হ’ল, কি হ’ল সেই বিষয়ে কোনেও নাজানে।
বুদ্ধি একেবাৰে তমোপ্ৰধান। পাৰস বুদ্ধি সত্যযুগত আছিল, সেয়েহে বিশ্বৰ মালিক আছিল,
বহুত সুখী আছিল। তাৰ নামেই হৈছে সুখধাম। ইয়াততো বহুত দুখ। সুখৰ সৃষ্টি আৰু দুখৰ
সৃষ্টি কেনেকুৱা - এয়াও পিতাই বুজায়। সুখ কিমান সময়, দুখ কিমান সময় চলে, মনুষ্যইতো
একোৱেই নাজানে। তোমালোকৰ মাজতো ক্ৰমানুসৰি বুজি গৈ থাকে। বুজাওঁতাজন হৈছে বেহদৰ পিতা।
শ্ৰীকৃষ্ণক জানো বেহদৰ পিতা বুলি কোৱা হ’ব। অন্তৰে মানি নলয়। কিন্তু কাক পিতা বুলি
ক’ব - একোৱে বুজি নাপায়। ভগৱানে বুজায় - মোৰ গ্লানি কৰে, মই তোমালোকক দেৱতা কৰি তোলোঁ,
মোৰ কিমান গ্লানি কৰিলা তাৰপাছত আকৌ দেৱতাসকলৰো গ্লানি কৰি দিলা, ইমানেই মূঢ়মতি
মনুষ্য হৈ গ’লা। এনেকৈ কয় গোবিন্দৰ নাম জপ কৰা…….। পিতাই কয় - হে মূঢ়মতি, গোবিন্দ
গোবিন্দ, ৰাম ৰাম বুলি কওঁতে বুদ্ধিত একো উদয় নহয়নে যে কাৰ নাম জপি আছা। পাথৰ
বুদ্ধিকতো মূঢ়মতী বুলিয়েই কোৱা হ’ব। পিতাই কয় - এতিয়া মই তোমালোকক বিশ্বৰ মালিক কৰি
তোলোঁ। পিতা হৈছে সকলোৰে সৎগতি দাতা।
পিতাই বুজায় -
তোমালোক নিজৰ পৰিয়াল আদিত কিমান আৱদ্ধ হৈ আছা! ভগৱানে যি কয় সেয়াতো বুদ্ধিত আনিব
লাগে কিন্তু আসুৰি মতত চলি থাকিলে ঈশ্বৰীয় মতত চলে কেনেকৈ! গোবিন্দ কোন, কি বস্তু,
তাকো নাজানে। পিতাই বুজায় - তোমালোকে কোৱা বাবা আপুনি অনেক বাৰ আমাক বুজাইছে। এয়াও
ড্ৰামাত নিৰ্ধাৰিত হৈ আছে, বাবা আমি পুনৰাই আপোনাৰ পৰা এই উত্তৰাধিকাৰ লৈ আছোঁ। আমি
নৰৰ পৰা নাৰায়ণ নিশ্চয় হ’ম। বিদ্যাৰ্থীৰ পঢ়াৰ প্ৰতি নিচা নিশ্চয় থাকে, আমি এয়া হ’মগৈ।
নিশ্চয়তা থাকে। এতিয়া পিতাই কয় – তোমালোক সৰ্বগুণ সম্পন্ন হ’ব লাগে। কাৰো প্ৰতি
ক্ৰোধ আদি কৰিব নালাগে। দেৱতাসকলৰ 5 বিকাৰ নাথাকে। শ্ৰীমতত চলা উচিত। শ্ৰীমতে
প্ৰথমতে কয় - নিজক আত্মা বুলি বুজা। তোমালোক আত্মাসকল পৰমধামৰ পৰা ইয়ালৈ ভূমিকা
পালন কৰিবলৈ আহিছা, তোমালোকৰ এই শৰীৰ বিনাশী। আত্মাতো অবিনাশী। গতিকে তোমালোকে নিজক
আত্মা বুলি বুজা - মই আত্মা পৰমধামৰ পৰা ইয়ালৈ ভূমিকা পালন কৰিবলৈ আহিছোঁ। এতিয়া
ইয়াত দুখী হ’লে তেতিয়া কয় - মুক্তিধামলৈ যাওঁ। কিন্তু তোমালোকক পাৱন কোনে কৰিব?
আহ্বানো এজনকে জনোৱা, সেয়েহে সেই পিতা আহি কয় - মোৰ মৰমৰ সন্তানসকল নিজক আত্মা বুলি
বুজা, দেহ বুলি নাভাবিবা। মই আত্মাকসকলহে বুজাওঁ। আত্মসকলেই আহ্বান জনায় - হে পতিত
পাৱন আহি পৱিত্ৰ কৰি তোলক। ভাৰততে পৱিত্ৰ আছিল। এতিয়া পুনৰ আহ্বান জনায় - পতিতৰ পৰা
পাৱন কৰি সুখধামলৈ লৈ যাওঁক। শ্ৰীকৃষ্ণৰ প্ৰতি তোমালোকৰ প্ৰীতিতো আছেই। শ্ৰীকৃষ্ণৰ
কাৰণে সকলোতকৈ বেছি ব্ৰত, নিয়ম আদি কুমাৰী, মাতাসকলে ৰাখে। পানীও গ্ৰহণ নকৰাকৈ থাকে।
কৃষ্ণপুৰী অৰ্থাৎ সত্যযুগলৈ যাওঁ। কিন্তু জ্ঞান নথকাৰ বাবে সেইবোৰ বলপূৰ্বকভাৱে
পালন কৰে। তোমালোকেও ইমান কৰা, কাৰোবাক শুনাবলৈ নহয়, স্বয়ং কৃষ্ণপুৰীলৈ যাবৰ কাৰণে।
তোমালোকক কোনেও বাধা নিদিয়ে। তেওঁলোকে হাৰাশাস্তি কৰিবলৈ চৰকাৰৰ আগত বলপূৰ্বক ব্ৰত
আদি ৰাখে। তোমালোকে কাৰো ওচৰত ধৰ্ণা দি বহিব নালাগে আৰু তোমালোকক কোনেও সেয়া
শিকোৱাও নাই।
শ্ৰীকৃষ্ণতো হৈছে
সত্যযুগৰ ৰাজকুমাৰ। কিন্তু এইটো কোনেও নাজানে। শ্ৰীকৃষ্ণক তেওঁলোকে দ্বাপৰত লৈ গৈছে।
পিতাই বুজায় - মৰমৰ সন্তানসকল, ভক্তি আৰু জ্ঞান দুয়োটা বেলেগ বস্তু। জ্ঞান হৈছে দিন,
ভক্তি হৈছে ৰাতি। কাৰ? ব্ৰহ্মাৰ ৰাতি আৰু দিন। কিন্তু ইয়াৰ অৰ্থ গুৰুসকলেও নুবুজে
আৰু তেওঁলোকৰ অনুগামীসকলেও নুবুজে। জ্ঞান, ভক্তি আৰু বৈৰাগ্যৰ ৰহস্য পিতাই তোমালোক
সন্তানসকলক বুজাইছে। জ্ঞান দিন, ভক্তি ৰাতি আৰু তাৰপাছত হৈছে বৈৰাগ্য। তেওঁলোকে
নাজানে। জ্ঞান, ভক্তি, বৈৰাগ্য শব্দ কেইটি একেবাৰে সঠিক কিন্তু অৰ্থ নাজানে। এতিয়া
তোমালোক সন্তানসকলে বুজি গৈছা, পিতাই জ্ঞান দিলে তেতিয়া তাৰ দ্বাৰা দিন হৈ যায়।
ভক্তি আৰম্ভ হ’লে তেতিয়া ৰাতি বুলি কোৱা হয় কিয়নো ঠেকা-খুন্দা খাবলগীয়া হয়।
ব্ৰহ্মাৰ ৰাতি তথা ব্ৰাহ্মণসকলৰ ৰাতি, তাৰপাছত আকৌ দিন হয়। জ্ঞানৰ দ্বাৰা দিন,
ভক্তিৰ দ্বাৰা ৰাতি। ৰাতি তোমালোক বনবাসত বহি থাকা আকৌ দিনত তোমালোক কিমান ধনৱান হৈ
যোৱা। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাৰ পৰা ইমান যি আনন্দৰ সম্পদ পোৱা যায় সেয়া বুদ্ধিত ধাৰণ হয়নে?
(2) বাবাই আমাক
বিশ্বৰ মালিক কৰি তুলিবলৈ আহিছে তেন্তে চলন তেনেকুৱা হয়নে? বাৰ্তালাপ কৰাৰ ঢং
তেনেকুৱা হয়নে? কেতিয়াবা কাৰোবাৰ গ্লানিতো নকৰো?
(3) পিতাৰ আগত
প্ৰতিজ্ঞা কৰাৰ পাছত কোনো অপৱিত্ৰ কৰ্মতো নহয়?
বৰদান:
সাক্ষী
স্থিতিত স্থিত হৈ পৰিস্থিতিসমূহৰ খেল প্ৰত্যক্ষ কৰোঁতা সন্তোষী আত্মা হোৱা
যেনেকুৱাই বিচলিত
কৰোঁতা পৰিস্থিতি নহওঁক কিন্তু সাক্ষী স্থিতিত স্থিত হৈ যোৱা তেতিয়া সেয়া পুতলা খেল
যেন অনুভৱ কৰিবা। আচল নহয়। নিজৰ সম্ভ্ৰমত থাকি খেল চোৱা। সংগমযুগৰ শ্ৰেষ্ঠ সম্ভ্ৰম
হৈছে সন্তুষ্টমণি হোৱা বা সন্তোষী হৈ থকা। এইটো সম্ভ্ৰমত থাকোঁতা আত্মা অসন্তুষ্ট
হ’ব নোৱাৰে। সংগমযুগত বাপদাদাৰ বিশেষ দান হৈছে সন্তুষ্টতা।
স্লোগান:
এনেকুৱা আনন্দময় হৈ যোৱা যাতে মনৰ আনন্দ চেহেৰাত স্পষ্টকৈ দৃষ্টিগোচৰ হয়।
পুৰণা সংস্কাৰ
পৰিৱৰ্তন কৰি সংস্কাৰ মিলনৰ ৰাস কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
মনত যেতিয়া কোনো
সংকল্প উৎপন্ন হয় তাত সত্যতা আৰু স্বচ্ছতা থকা উচিত। ভিতৰত কোনো ভাৱ-স্বভাৱ, পুৰণা
সংস্কাৰ বা বিকৰ্মৰ মলিনতা যাতে নাথাকে। যিসকলৰ এনেকুৱা স্বচ্ছতা থাকিব তেওঁলোকেই
সৎ হ’ব আৰু যি সৎ হ’ব তেওঁলোক সকলোৰে প্ৰিয় হ’ব। তাতো সৰ্বপ্ৰথমে তেওঁলোক প্ৰভু
প্ৰিয় হ’ব। আকৌ দৈৱী পৰিয়ালৰ প্ৰিয় হ’ব। সংস্কাৰৰ সংঘাতৰ পৰা হাত সাৰি যাব।