24.11.24 Avyakt Bapdada
Assame
Murli
15.12.2002 Om Shanti Madhuban
“*“সময় অনুসৰি লক্ষ্য
আৰু লক্ষণৰ সমানতাৰ দ্বাৰা পিতাৰ সমান হোৱা”*”
আজি চাৰিওফালৰ সকলো
স্বমানধাৰী সন্তানক দেখি হৰ্ষিত হৈ আছোঁ। এই সংগমত তোমালোক সন্তানসকলে যি স্বমান
পাইছা তাতকৈ ডাঙৰ স্বমান গোটেই কল্পত কোনো আত্মাই প্ৰাপ্ত কৰিব নোৱাৰে। কিমান ডাঙৰ
স্বমান, ইয়াক জানানে? স্বমানৰ নিচা কিমান ডাঙৰ, এইটো স্মৃতিত থাকেনে? স্বমানৰ মালা
বহুত দীঘল। এটি এটি মণি গণনা কৰি গৈ থাকা আৰু স্বমানৰ নিচাত স্নেহত লীন হৈ যোৱা। এই
স্বমান অৰ্থাৎ উপাধি স্বয়ং বাপদাদাৰ দ্বাৰা পাইছা। পৰমাত্মাৰ দ্বাৰা স্বমান পাইছা
সেইবাবে এই স্বমানৰ আত্মিক নিচাক কাৰো অধিকাৰ নাই যে লৰচৰ কৰিব পাৰে কিয়নো
সৰ্বশক্তিমান হৰ্তা-কৰ্তাৰ দ্বাৰা পাইছা।
গতিকে বাপদাদাই আজি
অমৃতবেলা গোটেই বিশ্বৰ সকলো সন্তানৰ ফালে পৰিক্ৰমা লগাওঁতে দেখিলে যে প্ৰতিগৰাকী
সন্তানৰ স্মৃতিত কিমান স্বমানৰ মালা পৰি আছে। মালা ধাৰণ কৰা অৰ্থাৎ স্মৃতিৰ দ্বাৰা
সেইটো স্থিতিত স্থিত হৈ থকা। সেয়েহে নিজক পৰীক্ষা কৰা – এই স্মৃতিৰ স্থিতি কিমানলৈকে
থাকে? বাপদাদাই চাই আছিল যে স্বমানৰ নিশ্চয়তা আৰু তাৰ আত্মিক নিচা দুয়োটাৰে সন্তুলন
কিমান আছিল? নিশ্চয়তা হৈছে – জ্ঞানপূৰ্ণ হোৱা আৰু আত্মিক নিচা হৈছে – শক্তিশালী হোৱা।
গতিকে জ্ঞানপূৰ্ণৰ মাজতো দুই প্ৰকাৰ দেখিলে – এটা হ’ল জ্ঞানপূৰ্ণ। আনটো হ’ল জ্ঞান
স্বৰূপ তেন্তে নিজক সোধা – মই কোন? বাপদাদাই জানে যে সন্তানসকলৰ লক্ষ্য বহুত উচ্চ।
লক্ষ্য উচ্চ নহয় জানো, কিমান উচ্চ? সকলোৱে কয় পিতাৰ সমান হ’ম। গতিকে যেনেকৈ পিতা
উচ্চতকৈও উচ্চ তেন্তে পিতাৰ সমান হোৱাৰ লক্ষ্য কিমান উচ্চ! সেয়েহে লক্ষ্য দেখি
বাপদাদা বহুত আনন্দিত হয়… কিন্তু কওঁনে কি? কিন্তু কি… সেয়া শিক্ষকসকলে বা দ্বৈত
বিদেশীসকলে শুনিবানে? বুজিতো পাইছা চাগৈ। বাপদাদাই লক্ষ্য আৰু লক্ষণ সমান হোৱা
বিচাৰে। এতিয়া নিজকে সোধা যে লক্ষ্য আৰু লক্ষণ অৰ্থাৎ বাস্তৱিক স্থিতি সমান হয়নে?
কিয়নো লক্ষ্য আৰু লক্ষণ সমান হোৱা – এয়াই পিতাৰ সমান হোৱা। সময় অনুসৰি এই সমানতা
সমীপত আনা।
বৰ্তমান সময়ত
বাপদাদাই সন্তানসকলৰ এটা কথা চাব নোৱাৰে। বহুত সন্তানে বিভিন্ন প্ৰকাৰে পিতাৰ সমান
হ’বলৈ পৰিশ্ৰম কৰে, পিতাৰ প্ৰেমৰ আগত পৰিশ্ৰম কৰাৰ আৱশ্যকতাই নাই, য’ত স্নেহ আছে
ত’ত পৰিশ্ৰম নাই। যেতিয়া ওলোটা নিচা দেহ-অভিমানৰ স্বভাৱ হৈ গ’ল, স্বভাৱসিদ্ধ হৈ গ’ল।
দেহ-অভিমানত আহিবলৈ পুৰুষাৰ্থ কৰিবলগীয়া হয় জানো? নে 63 জন্ম পুৰুষাৰ্থ কৰিলা?
স্বভাৱ হৈ গ’ল, স্বভাৱসিদ্ধ হৈ গ’ল। যাৰ বাবে এতিয়াও কেতিয়াবা কেতিয়াবা এয়াই কোৱা
যে দেহীৰ (আত্মাৰ) পৰিৱৰ্তে দেহত আহি যাওঁ। গতিকে যেনেকৈ দেহ-অভিমান, স্বাভাৱিক
স্বভাৱসিদ্ধ হৈ থাকিল তেনেকৈ এতিয়া দেহী-অভিমানী স্থিতিও স্বাভাৱিক স্বভাৱসিদ্ধ
হওঁক, স্বভাৱ পৰিৱৰ্তন কৰা কঠিন হয়। এতিয়াও কেতিয়াবা কেতিয়াবা কোৱা নহয় যে মোৰ তেনে
ভাৱ নাই, এয়া স্বভাৱহে। গতিকে যিহেতু সেই স্বভাৱ স্বভাৱসিদ্ধ কৰি ল’লা তেন্তে পিতাৰ
সমান স্বভাৱক স্বভাৱসিদ্ধ কৰি ল’ব নোৱাৰানে! ওলোটা স্বভাৱৰ বশ হৈ যোৱা আৰু পিতাৰ
সমান হোৱাৰ যথাৰ্থ স্বভাৱ, এই ক্ষেত্ৰত পৰিশ্ৰম কিয়? সেয়েহে বাপদাদাই এতিয়া সকলো
সন্তানৰ দেহী-অভিমানী হৈ থকাৰ স্বভাৱসিদ্ধ স্বভাৱ চাবলৈ বিচাৰে। পিতা ব্ৰহ্মাক
দেখিলা চলোঁতে-ফুৰোঁতে যি কোনো কাৰ্য কৰোঁতে দেহী-অভিমানী স্থিতি স্বভাৱসিদ্ধ
স্বভাৱ হৈ আছিল।
বাপদাদাই শুনিছে যে
আজিকালি বিশেষকৈ দাদীসকলে এইটো বাৰ্তালাপ কৰে – ফৰিস্তা অৱস্থা, কৰ্মাতীত অৱস্থা,
পিতাৰ সমান অৱস্থা স্বভাৱসিদ্ধ কেনেকৈ হয়? স্বভাৱ হৈ যায়, এয়া বাৰ্তালাপ কৰা নহয়!
দাদীৰো মনলৈ এইটো বাৰে বাৰে আহে নহয় যে ফৰিস্তা হৈ যাওঁ, কৰ্মাতীত হৈ যাওঁ, পিতা
প্ৰত্যক্ষ হৈ যাওঁক। গতিকে ফৰিস্তা হোৱা বা নিৰাকাৰী কৰ্মাতীত অৱস্থা হোৱাৰ বিশেষ
সাধন হৈছে - নিৰহংকাৰী হোৱা। নিৰহংকাৰীহে নিৰাকাৰী হ’ব পাৰে সেইবাবে পিতাই ব্ৰহ্মাৰ
দ্বাৰা শেষৰ মন্ত্ৰ নিৰাকাৰীৰ লগতে নিৰহংকাৰী বুলিও কৈছে। কেৱল নিজৰ দেহ বা আনৰ
দেহত আবদ্ধ হোৱা, ইয়াকে দেহ-অহংকাৰ বা দেহ-বোধ বুলি কোৱা নহয়। দেহ-অহংকাৰো আছে,
দেহ-বোধো আছে। নিজৰ দেহ বা আনৰ দেহৰ বোধত থকা, আকৰ্ষণত থকা – এই ক্ষেত্ৰততো গৰিষ্ঠ
সংখ্যকেই উত্তীৰ্ণ। যিসকল পুৰুষাৰ্থৰ নিচাত থাকে, সঁচা পুৰুষাৰ্থী, তেওঁলোক এই
স্থূল ৰূপৰ পৰা উপৰাম। কিন্তু দেহ-বোধৰ সূক্ষ্ম অনেক ৰূপ আছে, পৰস্পৰ ইয়াৰ তালিকা
উলিয়াবা। বাপদাদাই আজি নুশুনায়। আজি ইমানখিনি ইঙ্গিতেই বহুত কিয়নো সকলো বুদ্ধিমান
তোমালোক সকলোৱে জানা নহয়, যদি সকলোকে সোধো তেতিয়া সকলোৱে বহুত বুদ্ধিমত্তাৰে শুনাব।
কিন্তু বাপদাদাই কেৱল অকণমান সহজ পুৰুষাৰ্থৰ কথা কয় যে সদায় মন-বচন-কৰ্ম,
সম্বন্ধ-সম্পৰ্কত শেষৰ মন্ত্ৰৰ তিনিটা শব্দ (নিৰাকাৰী, নিৰহংকাৰী আৰু নিৰ্বিকাৰী)
সদায় স্মৃতিত ৰাখিবা। সংকল্প কৰোঁতে পৰীক্ষা কৰা – মহামন্ত্ৰ সম্পন্ন হয়নে? এনেকৈয়ে
বাণী, কৰ্ম সকলোতে কেৱল তিনিটা শব্দ স্মৃতিত ৰাখা আৰু সমানতাত আনা। এয়াতো সহজ নহয়
জানো? গোটেই মুৰুলী স্মৃতিত ৰাখিবলৈ কোৱা নাই, তিনিটা শব্দ স্মৃতিলৈ আনা। এই
মহামন্ত্ৰই সংকল্পকো শ্ৰেষ্ঠ কৰি দিব। বাণীত নম্ৰতা আনিব। কৰ্মত সেৱা ভাৱ আনিব।
সম্বন্ধ-সম্পৰ্কত সদায় শুভ ভাৱনা, শ্ৰেষ্ঠ কামনাৰ বৃত্তি গঢ়ি তুলিব।
বাপদাদাই সেৱাৰ
বাতৰিও শুনে, সেৱাত আজিকালি ভিন্ন ভিন্ন পাঠ্যক্ৰম কৰোৱা, কিন্তু এতিয়া এটা
পাঠ্যক্ৰম বাকী থাকি গৈছে। সেইটো হৈছে প্ৰত্যেক আত্মাত যি শক্তি লাগে, সেই শক্তিৰ
পাঠ্যক্ৰম কৰোৱা। শক্তি ভৰোৱাৰ পাঠ্যক্ৰম, বাণীৰ দ্বাৰা শুনোৱাৰ পাঠ্যক্ৰম নহয়,
বাণীৰ লগতে শক্তি ভৰোৱাৰ পাঠ্যক্ৰমো থাকিব লাগে। যাতে কেৱল ভাল ভাল বুলি নকয় কিন্তু
ভাল হৈ যায়। এইটো বৰ্ণনা কৰক যে আজি মই শক্তিৰ অঞ্জলি পালোঁ। অঞ্জলিও যদি অনুভৱ হয়
তেন্তে সেই আত্মাসকলৰ বাবে বহুত। পাঠ্যক্ৰম কৰোৱা কিন্তু প্ৰথমে নিজক কৰোৱা তাৰপাছত
কোৱা। তেন্তে শুনিলা বাপদাদাই কি বিচাৰে? লক্ষ্য আৰু লক্ষণ সমান কৰি তোলা। লক্ষ্য
সকলোৰে দেখি বাপদাদা বহুত আনন্দিত হয়। এতিয়া কেৱল সমান কৰি তোলা, তেতিয়া পিতাৰ সমান
বহুত সহজে হৈ যাবা।
বাপদাদাইতো
সন্তানসকলক সমানতকৈও উচ্চ, নিজতকৈও উচ্চ ৰূপত চায়। সদায় বাপদাদাই সন্তানসকলক শিৰৰ
মুকুট বুলি কয়। তেন্তে মুকুটতো শিৰতকৈও উচ্চ হয় নহয়! শিক্ষকসকল – শিৰৰ মুকুট হোৱানে?
শিক্ষকসকলৰ প্ৰতি:-
চোৱা, কিমান শিক্ষক আছে। এটা দলত যদি ইমান শিক্ষক তেন্তে সকলো দলত কিমান শিক্ষক হ’ব!
শিক্ষকসকলে বাপদাদাৰ এটা আশা পূৰ্ণ কৰাৰ সংকল্প কৰিছে কিন্তু সন্মুখত অনা নাই।
জানানে কোনটো? এটাতো বাপদাদাই কৈছে যে এতিয়া উত্তৰাধিকাৰীৰ মালা তৈয়াৰ কৰা।
উত্তৰাধিকাৰীৰ মালা, সধাৰণ মালা নহয়। দ্বিতীয়তে – সম্বন্ধ-সম্পৰ্কত থকাসকলক ‘মাইক’
(যাৰ বাণী প্ৰভাৱশালী) কৰি তোলা। তোমালোকে ভাষণ দিব নালাগে কিন্তু তেওঁলোক তোমালোকৰ
ফালৰ পৰা প্ৰচাৰ মাধ্যম হৈ যাওঁক। নিজৰ প্ৰচাৰ মাধ্যম তৈয়াৰ কৰা। প্ৰচাৰ মাধ্যমে কি
কৰে? ওলট-পালট খবৰ প্ৰচাৰ কৰে নহয়! গতিকে এনেকুৱা প্ৰভাৱশালী বাণীৰ লোক তৈয়াৰ হওঁক
যাতে প্ৰচাৰ মাধ্যমৰ দৰে প্ৰত্যক্ষতাৰ আৱাজ বিয়পাই দিয়ে। তোমালোকে ক’বা ভগৱান আহি
গ’ল, ভগৱান আহি গ’ল… তেওঁলোকেতো সাধাৰণ বুলি ভাবে কিন্তু তোমালোকৰ হৈ আনে কওঁক,
কৰ্তৃত্বশীলসকলে কওঁক, প্ৰথমে তোমালোকক শক্তি ৰূপত প্ৰত্যক্ষ কৰক। যেতিয়া শক্তিসকল
প্ৰত্যক্ষ হ’ব তেতিয়া পিতা প্ৰত্যক্ষ হ’ব। সেয়েহে তৈয়াৰ কৰা, প্ৰচাৰ মাধ্যম তৈয়াৰ
কৰা। চাম। কৰিছানে? বাৰু খাৰু হ’লেও হ’ব, মালা বাদ দিয়া, তৈয়াৰ কৰিছানে? হাত দাঙা
যিসকলে এনেকুৱা তৈয়াৰ কৰিছা? বাপদাদাই চাব কেনেকুৱা তৈয়াৰ কৰিছা, বাৰু সাহসতো কৰিছা।
শুনিলা – শিক্ষকসকলে কি কৰিব লাগে! শিৱৰাত্ৰিত উত্তৰাধিকাৰী গুণসম্পন্ন তৈয়াৰ কৰা।
‘মাইক’ তৈয়াৰ কৰা, তেতিয়া আকৌ অহা বছৰ শিৱৰাত্ৰিত সকলোৰে মুখেৰে শিৱপিতা আহি গ’ল,
এইটো আৱাজ ওলাওক। এনেকৈ শিৱৰাত্ৰি উদ্যাপন কৰা। কাৰ্যসূচীতো বৰ ভাল তৈয়াৰ কৰিছা।
কাৰ্যসূচী সকলোলৈকে পঠিয়াইছা নহয়। কাৰ্যসূচীতো ঠিকেই তৈয়াৰ কৰিছা কিন্তু প্ৰতিটো
কাৰ্যসূচীৰ দ্বাৰা কোনোবা ‘মাইক’ তৈয়াৰ হওঁক, কোনোবা উত্তৰাধিকাৰী তৈয়াৰ হওঁক। এইটো
পুৰুষাৰ্থ কৰা, ভাষণ দিলা গুচি গ’ল, এনেকুৱা নহয়। এয়াতো 66 বছৰ হৈ গ’ল আৰু 50 বছৰ
সেৱাও কৰিলা। এতিয়া শিৱৰাত্ৰিৰ হীৰক জয়ন্তী উদ্যাপন কৰা। এই দুই প্ৰকাৰৰ আত্মা
তৈয়াৰ কৰা, তেতিয়া চাবা নাগাৰা বাজি নে নাবাজে। নাগাৰা তোমালোকে বজাবা জানো।
তোমালোকতো দেৱী হোৱা সাক্ষাৎকাৰ কৰাবা। নাগাৰা বজাওঁতা তৈয়াৰ কৰা। যিয়ে বাস্তৱিক
গীত গায় যে শিৱ শক্তি আহি গ’ল। শুনিলা – শিৱৰাত্ৰিত কি কৰিবা! এনেয়ে ভাষণ দি পূৰা
নকৰিবা। আকৌ লিখিবা বাবা 500-1000, লাখ জনতা আহিল, আহিতো গ’ল, বাৰ্তা দিলা, কিন্তু
উত্তৰাধিকাৰী কিমান ওলাল, ‘মাইক’ কিমান ওলাল, এতিয়া সেইটো বাতৰি দিবা। এতিয়ালৈকে যি
কৰিলা ধৰণী তৈয়াৰ কৰিলা, বাৰ্তা দিলা, তাক বাবাই ভাল বুলি কয়, সেই সেৱা ব্যৰ্থত যোৱা
নাই, সমৰ্থ হৈছে। প্ৰজাতো তৈয়াৰ হৈছে, অভিজাত পৰিয়ালতো তৈয়াৰ হৈছে কিন্তু ৰজা
ৰাণীওতো লাগে। ৰজা ৰাণী সিংহাসনত বহোঁতা নহয়, ৰজা-ৰাণীৰ লগত তাত দৰবাৰতো ৰজাৰ সমানে
বহে, এনেকুৱা তৈয়াৰ কৰা। ৰাজ্য দৰবাৰ শোভনীয় হৈ যাওঁক। শুনিলা, শিৱৰাত্ৰিত কি কৰিব
লাগে। পাণ্ডৱে শুনি আছা। হাত দাঙা। ধ্যান দিলা। ভাল কথা। ডাঙৰ ডাঙৰ মহাৰথী বহি আছে।
বাপদাদা আনন্দিত হয়, এয়াও অন্তৰৰ স্নেহ, কিয়নো তোমালোক সকলোৰে সংকল্প চলে নহয়,
প্ৰত্যক্ষতা কেতিয়া হ’ব, কেতিয়া হ’ব… সেয়েহে বাপদাদাই শুনি থাকে। কি শুনিলা মধুবন
নিবাসীয়ে? মধুবন নিবাসীয়ে শুনিলা। মধুবন, শান্তিবন, জ্ঞান সৰোবৰ, সকলো মধুবন নিবাসী।
বাৰু।
মধুবনৰ পৰা নাগাৰা
বাজিব, ক’ৰ পৰা নাগাৰা বাজিব? (দিল্লীৰ পৰা) মধুবনৰ পৰা নাবাজিব নেকি? কোৱা
চাৰিওফালৰ পৰা। এফালৰ পৰা নাবাজে। মধুবনৰ পৰাও বাজিব, লগতে চাৰিওফালৰ পৰা বাজিব
তেতিয়া কুম্ভকৰ্ণ জাগি উঠিব। মধুবন নিবাসীয়ে যেনেকৈ সেৱাত অক্লান্ত হৈ সেৱাৰ ভূমিকা
পালন কৰি আছা নহয়, এনেকৈ এইটোও মনৰ সেৱা কৰি থাকা। কেৱল কৰ্মৰে নহয়, মন, বাণী, কৰ্ম
তিনিওটাৰে সেৱা, কৰিও আছা আৰু বেছিকৈ কৰা। বাৰু। মধুবন নিবাসীয়ে পাহৰা নাই। মধুবন
নিবাসীয়ে ভাবে বাপদাদা মধুবনলৈ আহে কিন্তু মধুবনৰ নাম নলয়। মধুবনতো সদায় স্মৃতিত
আছেই। মধুবন নাথাকিলে এওঁলোক আহিলহেঁতেন জানো! তোমালোক সেৱাধাৰীয়ে সেৱা নকৰিলে
তেতিয়া এওঁলোকে কেনেকৈ খাব, থাকিব! সেয়েহে মধুবন নিবাসীক বাপদাদায়ো অন্তৰেৰে স্মৰণ
কৰে আৰু অন্তৰৰ পৰা আশীৰ্বাদ দিয়ে। বাৰু। মধুবনৰ প্ৰতিও স্নেহ, শিক্ষকসকলৰ প্ৰতিও
স্নেহ, মৰমৰ মাতাসকলৰ প্ৰতিও স্নেহ আৰু লগতে মহাবীৰ পাণ্ডৱসকলৰ প্ৰতিও স্নেহ।
পাণ্ডৱ অবিহনেও গতি নাই সেইবাবে চতুৰ্ভূজ ৰূপৰ মহিমা বেছি। পাণ্ডৱ আৰু শক্তি দুয়োৰে
সংযুক্ত ৰূপ হৈছে বিষ্ণু চতুৰ্ভূজ। বাৰু।
মধুবন নিবাসী পাণ্ডৱ
তোমালোক সকলোৰে নিচা আছে নহয়? বিজয়ৰ নিচা অন্য নিচা নহয়। ভাল কথা, পাণ্ডৱ ভৱনত
গৰিষ্ঠ সংখ্যক পাণ্ডৱ, পাণ্ডৱ নোহোৱাহেঁতেন তেতিয়া বাকীসকলৰ মধুবনত মজা
নালাগিলহেঁতেন সেইবাবে মহিমা মধুবন নিবাসীৰ যিয়ে তোমালোকক আনন্দ-উল্লাসত ৰাখে,
খুৱায় আৰু উৰায়। আজি বাপদাদাৰ মধুবন নিবাসী অমৃতবেলাৰ পৰাই স্মৃতিলৈ আহি আছে। লাগিলে
ইয়াত আছে, লাগিলে ওপৰত বহি আছে, লাগিলে মধুবন নিবাসী কোনোবাই ইয়াতো কৰ্তব্যৰত হৈ আছে
কিন্তু চাৰিওফালৰ মধুবন নিবাসীক বাপদাদাই অমৃতবেলাৰ পৰাই স্মৰণ কৰি আছে। বাৰু।
বাপদাদাই যি আত্মিক
ব্যায়াম দিছে, সেয়া গোটেই দিনটোত কিমান বাৰ কৰা? আৰু কিমান সময়ত কৰা? নিৰাকাৰী আৰু
ফৰিস্তা। পিতা আৰু দাদা, এতিয়াই নিৰাকাৰী, এতিয়াই ফৰিস্তা স্বৰূপ। দুয়োৰে দেহ-বোধ
নাই। গতিকে দেহ-বোধৰ পৰা উপৰাম হ’ব লাগে সেয়েহে এই আত্মিক ব্যায়াম কৰ্ম কৰোঁতেও
নিজৰ কৰ্তব্য পালন কৰিও এক চেকেণ্ডত অভ্যাস কৰিব পাৰা। এইটো এটা স্বভাৱসিদ্ধ অভ্যাস
হৈ যাওঁক – এতিয়াই নিৰাকাৰী, এতিয়াই ফৰিস্তা। ভাল বাৰু। (বাপদাদাই ড্ৰিল কৰালে)
এনেকৈ নিৰন্তৰ হোৱা!
চাৰিওফালৰ বাপদাদাৰ স্মৃতিত মগন হৈ থাকোঁতা পিতাৰ সমান হোৱাৰ লক্ষ্যক লক্ষণৰ সমান
কৰি তোলোঁতা, যিসকল চুকে-কোণে বিজ্ঞানৰ সাধনৰ দ্বাৰা দিনত বা ৰাতি উজাগৰে থাকি বহি
আছে, সেইসকল সন্তানকো বাপদাদাই স্নেহসহিত স্মৰণ, অভিনন্দন আৰু অন্তৰৰ আশীৰ্বাদ দি
আছে। বাপদাদাই জানে সকলোৰে অন্তৰত এই সময়ত দিলাৰাম পিতাৰ স্মৃতি সমাহিত হৈ আছে। চুকে
কোণে বহি থকা প্ৰতিগৰাকী সন্তানক বাপদাদাই ব্যক্তিগত নামেৰে স্নেহসহিত স্মৰণ কৰি আছে।
নামৰ মালা জপ কৰিলে তেতিয়া ৰাতি পূৰা হৈ যাব। বাপদাদাই সকলো সন্তানকে স্মৰণ কৰে,
লাগিলে পুৰুষাৰ্থত যি নম্বৰৰেই নহওঁক কিন্তু বাপদাদাই সদায় প্ৰতিগৰাকী সন্তানৰ
শ্ৰেষ্ঠ স্বমানক স্নেহসহিত স্মৰণ কৰে আৰু নমস্কাৰ জনায়। স্নেহসহিত স্মৰণ কৰাৰ সময়ত
বাপদাদাৰ সন্মুখত চাৰিওফালৰ প্ৰতিগৰাকী সন্তান স্মৃতিলৈ আহে। কোনো এটি সন্তানো যি
কোনো কোণত, গাওঁত, চহৰত, দেশত, বিদেশত য’তেই নাথাকক, বাপদাদাই তেওঁলোকক স্বমান
সোঁৱৰাই স্নেহসহিত স্মৰণ কৰে। সকলো স্নেহসহিত স্মৰণৰ অধিকাৰী কিয়নো বাবা বুলি ক’লে
গতিকে স্নেহসহিত স্মৰণৰ অধিকাৰী হ’লেই। তোমালোক সকলো সন্মুখত বহাসকলকো বাপদাদাই
স্বমানৰ মালাধাৰী স্বৰূপত চাই আছে। সকলোকে পিতাৰ সমান স্বমান স্বৰূপত স্নেহসহিত
স্মৰণ আৰু নমস্কাৰ।
দাদীজীৰ প্ৰতি:-
ঠিক হৈ গ’লা, এতিয়া
কোনো বেমাৰ নাই। পলাই গ’ল। বেমাৰ কেৱল দেখুৱাবলৈ আহিল যিটো সকলোৱে দেখিবলৈ পায় যে
আমাৰ ওচৰলৈও আহে তেন্তে কোনো ডাঙৰ কথা নহয়।
সকলো দাদীয়ে বহুত ভাল
ভূমিকা পালন কৰি আছা। বাপদাদা সকলোৰে ভূমিকা দেখি আনন্দিত হয়। (নিৰ্মলশান্তা দাদীৰ
প্ৰতি) আদি ৰত্ন হোৱা নহয়! অনাদি ৰূপতো নিৰাকাৰী পিতাৰ সমীপৰ হোৱা, লগতে থাকা আৰু
আদি ৰূপতো ৰাজ্য দৰবাৰৰ সঙ্গী হোৱা। সদায় অভিজাত পৰিয়ালৰো অভিজাত হোৱা আৰু সংগমতো
আদি ৰত্ন হোৱাৰ ভাগ্য হৈছে। তেন্তে বহুত ডাঙৰ ভাগ্য, হয় নহয় ভাগ্য? তোমাৰ
উপস্থিতিয়েই সকলোৰে বাবে বৰদান। কোৱা বা নোকোৱা, কিবা কৰা বা নকৰা কিন্তু তোমাৰ
উপস্থিতিয়েই সকলোৰে বাবে বৰদান। ভাল বাৰু, ওঁম্ শান্তি।
বৰদান:
লৌকিক অলৌকিক
জীৱনত সদায় উপৰাম হৈ পৰমাত্ম সান্নিধ্যৰ অনুভৱৰ দ্বাৰা নষ্টোমোহা হোৱা
সদায় উপৰাম হৈ থকাৰ
লক্ষণ হ’ল প্ৰভু স্নেহৰ অনুভূতি আৰু যিমান স্নেহ থাকে সিমানে সান্নিধ্যত থাকিব,
পৃথক নহ’ব। স্নেহ তাকেই কোৱা হয় যি সান্নিধ্যত থাকে। যিহেতু পিতা লগত আছে গতিকে সকলো
বোজা পিতাক দি নিজে পাতল হৈ যোৱা, এইটোৱে নষ্টোমোহা হোৱাৰ বিধি। কিন্তু পুৰুষাৰ্থৰ
বিষয়টিত ‘সদায়’ শব্দটিৰ প্ৰতি বিশেষ মনোযোগ দিয়া। লৌকিক আৰু অলৌকিক জীৱনত সদায়
উপৰাম হৈ থাকা তেতিয়া সদায় সান্নিধ্যৰ অনুভৱ হ’ব।
স্লোগান:
বিকাৰ ৰূপী
সাপক নিজৰ শয্যা কৰি লোৱা তেতিয়া সহজযোগী হৈ যাবা।
সফলতামূৰ্ত হ’বলৈ
আজিৰ অব্যক্ত সংকেত:
যেতিয়া নিজৰ কৰ্ম আৰু
সংকল্পৰ হিচাপ স্পষ্ট কৰি ৰাখিবা তেতিয়া সম্পূৰ্ণ বা সফলতামূৰ্ত হ’ব পাৰিবা। যদি
নিজৰেই হিচাপ নিষ্পত্তি কৰিব নোৱাৰা তেন্তে আনৰ কৰ্মবন্ধন বা আনৰ হিচাপ-নিকাচ কেনেকৈ
নিষ্পত্তি কৰাব পৰিবা, সেয়েহে গোটেই দিনটোত যি হ’ল সেয়া জ্ঞানৰ শক্তিৰে আৰু স্মৃতিৰ
শক্তিৰে, ইচ্ছা শক্তি আৰু নিয়ন্ত্ৰণ শক্তিৰে দূৰ কৰি নিজৰ ‘ৰেজিষ্টাৰ’ নিতৌ নিকা কৰি
ৰাখিব লাগে।