25.01.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
দক্ষ বিদ্যাৰ্থী হৈ ভাল নম্বৰ লৈ উত্তীৰ্ণ হ’বৰ বাবে পুৰুষাৰ্থ কৰা, নিষ্কৰ্মা
বিদ্যাৰ্থী নহ’বা, নিষ্কৰ্মা সেইসকল যাৰ গোটেই দিন মিত্ৰ-সম্বন্ধীয় স্মৃতিত আহি থাকে"
প্ৰশ্ন:
সংগমযুগত
সকলোতকৈ ভাগ্যৱান বুলি কাক কোৱা হ’ব?
উত্তৰ:
যিসকলে নিজৰ তন-মন-ধন সকলো সফল কৰিছে বা কৰি আছে - তেওঁলোকেই হৈছে ভাগ্যৱান।
কিছুমানতো বহুত দুৰ্ভগীয়া তেতিয়া বুজা যায় যে ভাগ্যত নাই। এইটো বুজি নাপায় যে বিনাশ
সমাগত, কিবাতো কৰি লওঁ। ভাগ্যৱান সন্তানসকলে বুজি পায় যে পিতা এতিয়া সন্মুখত আহিছে,
আমি নিজৰ সকলো সফল কৰি লওঁ। সাহসেৰে অনেকৰ ভাগ্য গঢ়াৰ নিমিত্ত হৈ যাওঁ।
গীত:
তকদীৰ জগা কৰ
আই হুঁ…. (ভাগ্য উদয় কৰি আহিছোঁ…….)
ওঁম্শান্তি।
এয়াতো তোমালোক
সন্তানসকলে ভাগ্য গঢ়ি আছা। ‘গীতা’ত শ্ৰীকৃষ্ণৰ নাম দি দিলে আকৌ কয় ভগৱানুবাচ (ভগৱানে
কয়) মই ৰাজযোগ শিকাওঁ। এতিয়া কৃষ্ণ ভগৱানুবাচতো নহয়। এই শ্ৰীকৃষ্ণতো হৈছে
লক্ষ্য-উদ্দেশ্য। আকৌ শিৱ ভগৱানুবাচ যে মই তোমালোকক ৰজাৰো ৰজা কৰি তোলোঁ। তেন্তে
প্ৰথমে নিশ্চয় ৰাজকুমাৰ কৃষ্ণ হ’ব। বাকী কৃষ্ণ ভগৱানুবাচ নহয়। কৃষ্ণতো হৈছে তোমালোক
সন্তানসকলৰ লক্ষ্য-উদ্দেশ্য, এইখন হৈছে পাঠশালা। ভগৱানে পঢ়ায়, তোমালোক সকলো
ৰাজকুমাৰ-ৰাজকুমাৰী হৈ যোৱা।
পিতাই কয় - বহুত
জন্মৰ অন্তিম জন্মৰো অন্তত মই তোমালোকক এই জ্ঞান শুনাওঁ পুনৰাই শ্ৰীকৃষ্ণ হ’বৰ বাবে।
এই পাঠশালাৰ শিক্ষক হৈছে শিৱবাবা, শ্ৰীকৃষ্ণ নহয়। শিৱবাবাই দৈৱী ধৰ্ম প্ৰতিষ্ঠা কৰে।
তোমালোক সন্তানসকলে কোৱা আমি ভাগ্য গঢ়িবলৈ আহিছোঁ। আত্মাই জানে যে মই পৰমপিতা
পৰমাত্মাৰ পৰা এতিয়া ভাগ্য গঢ়িবলৈ আহিছোঁ। এয়া হৈছে ৰাজকুমাৰ-ৰাজকুমাৰী হোৱাৰ ভাগ্য।
ৰাজযোগ নহয় জানো। শিৱবাবাৰ দ্বাৰা প্ৰথমে স্বৰ্গৰ দুটি পাত ৰাধা-কৃষ্ণ ওলায়। এয়া যি
চিত্ৰ তৈয়াৰ কৰিছে, এয়া ঠিকেই, বুজাবলৈ ভাল। ‘গীতা’ৰ জ্ঞানৰ দ্বাৰাই ভাগ্য গঢ়ি উঠে।
ভাগ্য উদয় হৈছিল আকৌ অস্ত গ’ল। বহুত জন্মৰ অন্তত তোমালোক একেবাৰে তমোপ্ৰধান হৈ গ’লা।
এতিয়া আকৌ ৰাজকুমাৰ-ৰাজকুমাৰী হ’ব লাগে। প্ৰথমতে নিশ্চয় ৰাধা-কৃষ্ণহে হ’ব আকৌ
তেওঁলোকৰো ৰাজধানী চলে। কেৱল এজনৰে ৰাজধানীতো নচলিব নহয়। সয়ম্বৰৰ পাছত ৰাধা-কৃষ্ণৰ
পৰা লক্ষ্মী-নাৰায়ণ হয়গৈ। নৰৰ পৰা ৰাজকুমাৰ বা নাৰায়ণ হোৱা একে কথা। তোমালোক
সন্তানসকলে জানা এই লক্ষ্মী-নাৰায়ণ স্বৰ্গৰ মালিক আছিল। নিশ্চয় সংগমৰ সময়তে স্থাপনা
হৈছিল সেয়েহে সংগমযুগক পুৰুষোত্তম যুগ বুলি কোৱা হয়। আদি সনাতন দেৱী-দেৱতা ধৰ্ম
প্ৰতিষ্ঠা হয়, বাকী সকলো ধৰ্ম বিনাশ হৈ যাব। সতযুগত যথাযথ এটাই ধৰ্ম আছিল। সেই
বুৰঞ্জী-ভূগোল নিশ্চয় আকৌ পুনৰাবৃত্তি হ’ব। পুনৰ স্বৰ্গ স্থাপনা হ’ব। য’ত
লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছিল, পৰিস্তান আছিল, এতিয়াতো কৱৰস্থান হৈ গ’ল। সকলো কাম
চিতাত বহি ভস্ম হৈ যাব। সত্যযুগত তোমালোকে মহল আদি নিৰ্মাণ কৰাবা। এনেকুৱা নহয় যে
তলৰ পৰা সোণৰ দ্বাৰকা বা লংকা ওলাই আহিব। দ্বাৰকাতো ওলাব পাৰে লংকাতো ওলাব নোৱাৰে।
স্বৰ্ণীম যুগ বুলি কোৱা হয় ৰামৰাজ্যক। বিশুদ্ধ সোণ যি আছিল সকলো লুটি নিলে। তোমালোকে
বুজোৱা ভাৰত কিমান ধনৱান আছিল। এতিয়াতো কঙাল। ‘কঙাল’ শব্দটি লিখাতো একো বেয়া কথা
নহয়। তোমালোকে বুজাব পাৰা যে সত্যযুগত এটাই ধৰ্ম আছিল। তাত অন্য কোনো ধৰ্ম থাকিব
নোৱাৰে। কোনোৱে কয়, এয়া কেনেকৈ হ’ব পাৰে, কেৱল দেৱতাসকলহে থাকিব জানো? অনেক
মত-মতান্তৰ আছে, এটা আনটোৰ লগত নিমিলে। কিমান আশ্বৰ্যজনক। কিমান ভাৱৰীয়া আছে। এতিয়া
স্বৰ্গ স্থাপনা হৈ আছে, আমি স্বৰ্গবাসী হ’মগৈ এইটো স্মৃতিত থাকিলে সদায় হৰ্ষিত মুখৰ
হৈ থাকিবা। তোমালোক সন্তানসকল বহুত আনন্দিত হৈ থাকিব লাগে। তোমালোকৰ
লক্ষ্য-উদ্দেশ্য বহুত উচ্চ নহয় জানো। আমি মনুষ্যৰ পৰা দেৱতা, স্বৰ্গবাসী হ’মগৈ।
এয়াও তোমালোক ব্ৰাহ্মণসকলেহে জানা যে স্বৰ্গ স্থাপনা হৈ আছে। এইটোও সদায় স্মৃতিত থকা
উচিত। কিন্তু মায়াই বাৰে বাৰে পাহৰাই দিয়ে। ভাগ্যত নাথাকিলে শুধৰণি নহয়। মিছা কোৱাৰ
অভ্যাস আধাকল্পৰ পৰাই আছে, সেয়া আঁতৰি নাযায়। মিছা কোৱাটোও সম্পত্তি বুলি ভাবি ৰাখি
থয়, এৰিয়েই নিদিয়ে গতিকে বুজি পোৱা যায় যে এওঁৰ ভাগ্য এনেকুৱাই। পিতাক স্মৰণ নকৰে।
পিতাৰ স্মৃতিও তেতিয়াহে থাকিব যেতিয়া পূৰা মমত্ব আঁতৰি যাব। তেতিয়া গোটেই জগতৰ প্ৰতি
বৈৰাগ্য ওপজিব। মিত্ৰ-সম্বন্ধীয় আদিক দেখিও যেন নেদেখিব। এইটো জানে যে এয়া সকলো
নৰকবাসী, কৱৰস্থানত আছে। এই সকলোবোৰ নাশ হৈ যাব। এতিয়া আমি ঘৰলৈ উভতি যাব লাগে সেই
কাৰণে সুখধাম-শান্তিধামকহে স্মৰণ কৰে। আমি কালিলৈকে স্বৰ্গবাসী আছিলোঁ, ৰাজ্য
কৰিছিলোঁ, সেয়া হেৰুৱাই পেলালোঁ পুনৰ আমি ৰাজ্য ল’ব লাগে। সন্তানসকলে বুজি পায়
ভক্তিমাৰ্গত কিমান নতশিৰ হ’ব লাগে, পইচা অপচয় কৰিবলগীয়া হয়। চিঞৰিয়েই থাকে, প্ৰাপ্তি
একোৱে নহয়। আত্মাই মিনতি কৰে - বাবা আহক, সুখধামলৈ লৈ যাওঁক সেয়াও যেতিয়া অন্তত
বহুত দুখ হয় তেতিয়াহে স্মৰণ কৰে।
তোমালোকে দেখিছা এতিয়া
এই পুৰণি সৃষ্টি নাশ হৈ যাব। এতিয়া এয়া আমাৰ অন্তিম জন্ম, এইটো জন্মতে আমি সকলো
জ্ঞান পাইছোঁ। জ্ঞান পূৰা ৰীতি ধাৰণ কৰিব লাগে। ভূমিকম্প আদি অকস্মাতে নহয় জানো।
হিন্দুস্তান, পাকিস্তান বিভাজন হওঁতে কিমান মৰিছিল। তোমালোক সন্তানসকলে আৰম্ভণিৰ পৰা
শেষলৈকে সকলো জানিছা। বাকী যি বাকী আছে সেয়াও জানি গৈ থাকিবা। মাত্ৰ এটা সোমনাথ
মন্দিৰেই সোণৰ নহ’ব, আৰু বহুতৰে মহল, মন্দিৰ আদি সোণৰ হ’ব। আকৌ কি হয়, ক’ত হেৰাই
যায়? ভূমিকম্পত এনেকৈ তললৈ সোমাই যায় নেকি যে ওলায়েই নাহে? তলতে পচি যায়… কি হয় বাৰু?
আগলৈ গৈ তোমালোকে জানিবা। এনেকৈ কয় যে সোণৰ দ্বাৰকা তলত গুচি গ’ল। এতিয়া তোমালোকে
ক’বা ড্ৰামা অনুসৰি সেয়া তললৈ গুচি গ’ল আকৌ চক্ৰ ঘূৰিলে ওপৰলৈ আহিব। তথাপিও পুনৰ
গঢ়িব লাগিব। বুদ্ধিৰে এই চক্ৰক সোঁৱৰি বহুত আনন্দিত হৈ থাকিব লাগে। এই চিত্ৰতো জেপত
ৰাখি থ’ব লাগে। এই বেজ বহুত সেৱাৰ লায়ক হয়। কিন্তু ইমান সেৱা কোনেও নকৰে। তোমালোক
সন্তানসকলে ট্ৰেনতো বহুত সেৱা কৰিব পাৰা কিন্তু কোনেও কেতিয়াও খবৰ নিলিখে যে ট্ৰেনত
কি সেৱা কৰিলে? তৃতীয় শ্ৰেণীতো সেৱা কৰিব পাৰা। যিয়ে কল্প পূৰ্বে বুজিছিল, যি
মনুষ্যৰ পৰা দেৱতা হৈছিল তেওঁলোকেই বুজিব। মনুষ্যৰ পৰা দেৱতা বুলি গায়ন কৰা হয়।
এনেকৈ নকয় যে মনুষ্যৰ পৰা খ্ৰীষ্টিয়ান বা মনুষ্যৰ পৰা শিখ। নহয়, মনুষ্যৰ পৰা দেৱতা
হয় অৰ্থাৎ আদি সনাতন দেৱী-দেৱতাৰ ধৰ্ম প্ৰতিষ্ঠা হ’ল। বাকী সকলো নিজৰ নিজৰ ধৰ্মত
গুচি গ’ল। বৃক্ষত দেখুওৱা হয় অমুক অমুক ধৰ্ম পুনৰ কেতিয়া প্ৰতিষ্ঠা হ’ব? দেৱতাসকল
হিন্দু হৈ গ’ল। হিন্দু ধৰ্মৰ পৰা আকৌ আন আন ধৰ্মলৈ ধৰ্মান্তৰিত হৈ গ’ল। তেনেকুৱাও
বহুত ওলাব যিসকলে নিজৰ শ্ৰেষ্ঠ ধৰ্ম-কৰ্ম এৰি আন ধৰ্মত গুচি গ’ল, তেওঁলোক ওলাই আহিব।
পাছত আহি অলপ বুজিব, প্ৰজাত আহি যাব। সকলোৱে জানো দেৱী-দেৱতা ধৰ্মত আহিব! সকলোৱে
নিজৰ নিজৰ শাখাত গুচি যাব। তোমালোকৰ বুদ্ধিত এই সকলো কথা আছে। জগতত কি কি কৰি থাকে।
শস্যৰ কাৰণে কিমান ব্যৱস্থা কৰে। ডাঙৰ ডাঙৰ যন্ত্ৰ ব্যৱহাৰ কৰে। হওঁতে একোৱেই নহয়।
সৃষ্টি তমোপ্ৰধান হ’বই লাগে। ছিৰি তললৈ নামিবই লাগে। ড্ৰামাত যি নিৰ্ধাৰিত হৈ আছে
সেয়া হৈ থাকে। আকৌ নতুন সৃষ্টি স্থাপনা হ’বই। বিজ্ঞানে এতিয়া যি শিকি আছে, কিছু বছৰ
পাছত বহুত বুদ্ধিমান হৈ যাব। যাৰ দ্বাৰা আকৌ তাত বহুত ভাল ভাল বস্তু তৈয়াৰ হ’ব। এই
বিজ্ঞান তাত বহুত সুখদায়ী হ’ব। ইয়াত সুখ অলপহে, দুখ বহুত। এই বিজ্ঞানৰ আবিৰ্ভাৱ
হোৱাৰ কিমান বছৰ হ’ল? আগতেতো এই বিজুলী, গেছ আদি একো নাছিল। এতিয়া চোৱা কি হৈ গ’ল।
তাততো আকৌ তৈয়াৰ কৰি থোৱা বস্তুৱেই চলিব। সোনকালে কাম হৈ যাব। ইয়াত চোৱা ঘৰ কেনেকৈ
নিৰ্মাণ হৈ যায়। সকলোবোৰ সাজু হৈ থাকে। কিমান মহলা নিৰ্মাণ কৰে। তাত এনেকুৱা নহ’ব।
তাততো সকলোৰে নিজৰ নিজৰ খেতি থাকে। কৰ আদি একো দিব নালাগে। তাততো প্ৰচুৰ ধন থাকে।
মাটিও বহুত থাকে। নদী আদি সকলো থাকিব, বাকী নলা নাথাকিব যিটো পাছত খন্দা হয়।
সন্তানসকল ভিতৰি
কিমান আনন্দিত হৈ থাকিব লাগে, আমি দ্বৈত ইঞ্জিন পাইছোঁ। পাহাৰত ট্ৰেইনত দ্বৈত
ইঞ্জিন লগোৱা হয়। তোমালোক সন্তানসকলেও সহযোগ দিয়া নহয়। তোমালোক হৈছা কিমান কমসংখ্যক।
তোমালোকৰ মহিমাও গোৱা হৈছে। তোমালোকে জানা আমি ভগৱানৰ সহায়কাৰী হওঁ। শ্ৰীমতত সেৱা
কৰি আছোঁ। বাবাও সেৱা কৰিবলৈ আহিছে। এটা ধৰ্মৰ প্ৰতিষ্ঠা, অনেক ধৰ্মৰ বিনাশ কৰাই
দিয়ে, অলপ আগলৈ গৈ দেখিবা, বহুত হুলস্থূল হ’ব। এতিয়াও ভয়-ভীত হৈ আছে – কিজানি
ক’ৰাবাত যুদ্ধ কৰি বোমা আদি নিক্ষেপ কৰি দিয়ে। ফিৰিঙতিৰ দৰে সৰু সৰু যুদ্ধ বহুত লাগি
থাকে। নিজৰ মাজতে কাজিয়া কৰি থাকে। সন্তানসকলে জানে যে পুৰণি সৃষ্টিৰ নাশ হ’বই। আকৌ
আমি নিজৰ ঘৰলৈ গুচি যাম। এতিয়া 84ৰ চক্ৰ পূৰা হ’ল। সকলো একেলগে গুচি যাম। তোমালোকৰ
মাজতো কমসংখ্যকহে স্মৃতিত থাকে। ড্ৰামা অনুসৰি দক্ষ আৰু নিষ্কৰ্মা দুয়ো প্ৰকাৰৰে
বিদ্যাৰ্থী থাকে। দক্ষ বিদ্যাৰ্থীয়ে ভাল নম্বৰ লৈ উত্তীৰ্ণ হৈ যায়। যিসকল নিষ্কৰ্মা
হ’ব তেওঁলোকৰতো গোটেই দিন কাজিয়া-পেচালেই হৈ থাকে। পিতাক স্মৰণ নকৰে। গোটেই দিন
মিত্ৰ-সম্বন্ধীয়হে স্মৃতিত আহি থাকে। ইয়াততো সকলো পাহৰিবলগীয়া হয়। আমি আত্মা, এই
শৰীৰ ৰূপী নেজ ওলমি আছে। আমি যেতিয়া কৰ্মতীত অৱস্থাত উপনীত হ’ম তেতিয়া আমি এই নেজ
পৰিত্যাগ কৰিম। এইটোৱে চিন্তা, কৰ্মাতীত অৱস্থা হৈ গ’লে এই শৰীৰ নাশ হৈ যাব। আমি
শ্যামৰ পৰা সুন্দৰ হৈ যাওঁ। পৰিশ্ৰমতো কৰিব লাগে নহয়। প্ৰদৰ্শনীত চোৱা কিমান
পৰিশ্ৰম কৰে। মহেন্দ্ৰই (ভূপালৰ) কিমান সাহস দেখুৱাইছে। অকলে কিমান পৰিশ্ৰমেৰে
প্ৰদৰ্শনী আদি কৰে। পৰিশ্ৰমৰ ফলতো পাব নহয়। এজনে কিমান চমৎকাৰ কৰিছে। কিমানৰ কল্যাণ
কৰিছে। মিত্ৰ-সম্বন্ধীয়ক বুজায় - এই পইচা আদি সকলো এই কাৰ্যত লগোৱা, ৰাখি কি কৰিবা?
সাহসেৰে সেৱাকেন্দ্ৰ খুলিছে। কিমানৰ ভাগ্য গঢ়িলে। এনেকুৱা 5-7 জন ওলালেতো কিমান সেৱা
হৈ যাব। কিছুমানতো বহুত দুৰ্ভগীয়া। তেতিয়া বুজা যায় ভাগ্যত নাই। বুজি নাপায় যে
বিনাশ সমাগত, কিবাতো কৰি লওঁ। এতিয়া মনুষ্যই ঈশ্বৰৰ অৰ্থে যি দান কৰিব, একোৱে
প্ৰাপ্তি নহ’ব। ঈশ্বৰতো এতিয়া স্বৰ্গৰ ৰাজ্য দিবলৈ আহিছে। দান-পুণ্য কৰাসকলে একোৱে
প্ৰাপ্তি নকৰিব। সংগমত যিয়ে নিজৰ তন-মন-ধন সকলো সফল কৰিলে বা কৰি আছে, তেওঁলোক হৈছে
ভাগ্যৱান। কিন্তু ভাগ্যত নাথাকিলে বুজিয়েই নাপায়। তোমালোকে জানা তেওঁলোকো ব্ৰাহ্মণ,
আমিও ব্ৰাহ্মণ। আমি হৈছোঁ প্ৰজাপিতা ব্ৰহ্মাকুমাৰ-কুমাৰী। ইমান অনেক ব্ৰাহ্মণ,
তেওঁলোক হ’ল কোষ বংশাৱলী। তোমালোক হ’লা মুখ বংশাৱলী। শিৱজয়ন্তী সংগমত হয়। এতিয়া
স্বৰ্গ স্থাপনা কৰিবলৈ পিতাই মন্ত্ৰ দিয়ে – ‘মনমনাভৱ’। মোক স্মৰণ কৰিলে তোমালোক
পৱিত্ৰ হৈ পৱিত্ৰ সৃষ্টিৰ মালিক হৈ যাবা। এনেকুৱা যুক্তিৰে পত্ৰিকা ছপাব লাগে। জগতত
মৃত্যুও বহুতৰে হৈ থাকে নহয়। ক’ৰবাত কোনোবা মৰিলে তাত পত্ৰিকা বিলাব লাগে। পিতা
যেতিয়া আহে তেতিয়াহে পুৰণি সৃষ্টিৰ বিনাশ হয় তাৰপাছত স্বৰ্গৰ দুৱাৰ মুকলি হয়। যদি
কোনোবা সুখধামলৈ যাব বিচাৰে তেন্তে তাৰ বাবে মন্ত্ৰ হৈছে – ‘মনমনাভৱ’। এনেকুৱা
ৰসযুক্ত পত্ৰিকা ছপাই সকলোৰে লগত ৰাখিব লাগে। শ্মশানতো বিলাব পাৰা। সন্তানসকলৰ
সেৱাৰ চখ থাকিব লাগে। সেৱাৰ যুক্তিতো বহুত শুনায়। এয়াতো যথা ৰীতিৰে লিখি দিব লাগে।
লক্ষ্য-উদ্দেশ্যতো লিখা আছে। বুজাবলৈ বহুত ভাল যুক্তি লাগে।
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) কৰ্মাতীত
অৱস্থা প্ৰাপ্ত কৰিবৰ বাবে এই শৰীৰ ৰূপী নেজক পাহৰি যাব লাগে। একমাত্ৰ পিতাৰ বাহিৰে
কোনো মিত্ৰ-সম্বন্ধীয় আদি যাতে স্মৃতিলৈ নাহে তাৰ বাবে যত্ন কৰিব লাগে।
(2) শ্ৰীমতত ঈশ্বৰৰ
সহায়কাৰী হ’ব লাগে। তন-মন-ধন সকলো সফল কৰি নিজৰ উচ্চ ভাগ্য গঢ়িব লাগে।
বৰদান:
কৰ্মভোগ ৰূপী
পৰিস্থিতিৰ আকৰ্ষণকো সমাপ্ত কৰোঁতা সম্পূৰ্ণ নষ্টোমোহা হোৱা
এতিয়ালৈকে প্ৰকৃতিৰ
দ্বাৰা সৃষ্ট পৰিস্থিতিসমূহে অৱস্থাক নিজৰ ফালে কিছু নহয় কিছু আকৰ্ষিত কৰে। সকলোতকৈ
অধিক নিজৰ দেহৰ হিচাপ-নিকাচ, বাকী থকা কৰ্মভোগৰ ৰূপত অহা পৰিস্থিতিয়ে নিজৰ ফালে
আকৰ্ষিত কৰে - যেতিয়া এই আকৰ্ষণো সমাপ্ত হৈ যাব তেতিয়া সম্পূৰ্ণ নষ্টোমোহা বুলি কোৱা
হ’ব। যিকোনো দেহৰ বা দৈহিক জগতৰ পৰিস্থিতিয়ে স্থিতি অস্থিৰ কৰিব নোৱাৰে - এয়াই হৈছে
সম্পূৰ্ণ অৱস্থা। যেতিয়া এনেকুৱা অৱস্থা হৈ যাব তেতিয়া চেকেণ্ডত নিজৰ মাষ্টৰ
সৰ্বশক্তিমান স্বৰূপত সহজে স্থিৰ হ’ব পাৰিবা।
স্লোগান:
পৱিত্ৰতাৰ ব্ৰত সকলোতকৈ শ্ৰেষ্ঠ সত্য-নাৰায়ণৰ ব্ৰত - ইয়াতেই অতীন্দ্ৰিয় সুখ সমাহিত
হৈ আছে।
শক্তিশালী মনেৰে
শক্তিৰ প্ৰকম্পন দিয়াৰ সেৱা কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
মনৰ সেৱা হৈছে বেহদৰ
সেৱা। যিমানে তোমালোকে মনেৰে, বাণীৰে নিজে আদৰ্শ হ’বা, তেতিয়া আদৰ্শ দেখি স্বতঃ
আকৰ্ষিত হ’ব। যিকোনো স্থূল কাৰ্য কৰি থাকিও মনেৰে প্ৰকম্পন বিয়পাই থকাৰ সেৱা কৰা।
যেনেকৈ কোনোবা ব্যৱসায়ী হ’লে তেতিয়া তেওঁ সপোনতো নিজৰ ব্যৱসায় দেখে, তেনেকৈ
তোমালোকৰ কাম হৈছে – বিশ্ব-কল্যাণ কৰা। এয়াই তোমালোকৰ বৃত্তি, এইটো বৃত্তি স্মৃতিত
ৰাখি সদায় সেৱাত ব্যস্ত হৈ থাকা।