25.01.26    Avyakt Bapdada     Assame Murli     02.04.2008     Om Shanti     Madhuban


“*“এইটো বছৰ চাৰিওটা বিষয়ত অনুভৱৰ কৰ্তৃত্বশীল হোৱা, লক্ষ্য আৰু লক্ষণ সমান কৰি তোলা”*”


আজি বাপদাদাই নিজৰ চাৰিওফালৰ সন্তুষ্ট হৈ থাকোঁতা সন্তুষ্টমণিসকলক চাই আছেহঁক। প্ৰত্যেকৰে মুখমণ্ডলত সন্তুষ্টতাৰ জেউতি দেখিবলৈ পোৱা গৈছে। সন্তুষ্টমণিসকল নিজৰো প্ৰিয়, পিতাৰো প্ৰিয় আৰু পৰিয়ালৰো প্ৰিয় কিয়নো সন্তুষ্টতা হৈছে মহান শক্তি। সন্তুষ্টতা তেতিয়াহে ধাৰণ হয় যেতিয়া সৰ্ব প্ৰাপ্তি প্ৰাপ্ত হয়। যদি প্ৰাপ্তি কম তেন্তে সন্তুষ্টতাও কম হয়। সন্তুষ্টতাই আন শক্তিসমূহকো আহ্বান জনায়। সন্তুষ্টতাৰ বায়ুমণ্ডলে আনকো যথাশক্তি সন্তুষ্টতাৰ প্ৰকম্পন দিয়ে। যি সন্তুষ্ট হৈ থাকে তেওঁৰ লক্ষণ সদায় প্ৰসন্নচিত্ত দেখিবলৈ পোৱা যায়। মুখমণ্ডল সদায় স্বতঃ হৰ্ষিত হৈয়ে থাকে। সন্তুষ্ট আত্মাৰ সন্মুখত কোনো পৰিস্থিতিয়ে স্ব-স্থিতি বিচলিত কৰিব নোৱাৰে। যিমানেই ডাঙৰ পৰিস্থিতি নহওক কিন্তু সন্তুষ্ট আত্মাৰ কাৰণে পুতলা নাচৰ মনোৰঞ্জন যেন লাগে, সেইকাৰণে তেওঁ পৰিস্থিতিত অশান্ত নহয় আৰু পৰিস্থিতিয়ে তেওঁৰ ওপৰত প্ৰহাৰ কৰিব নোৱাৰে, হাৰি যায় সেইবাবে অতিন্দ্ৰিয় সুখময় মনোৰঞ্জনৰ জীৱন অনুভৱ কৰে। পৰিশ্ৰম কৰিবলগীয়া নহয়, মনোৰঞ্জনৰ অনুভৱ হয়। গতিকে প্ৰত্যেকে নিজক পৰীক্ষা কৰা। পৰীক্ষা কৰিব জানা নহয়! জানানে? যিয়ে নিজক পৰীক্ষা কৰিব জানা, আনক নহয় নিজক পৰীক্ষা কৰিব জানা, তেওঁলোকে হাত দাঙা। পৰীক্ষা কৰিব জানানে? বাৰু। অভিনন্দন।

বাপদাদাৰ বৰদানো প্ৰতিগৰাকী সন্তানে নিতৌ অমৃতবেলা ভিন্ন ভিন্ন ৰূপত এইটোৱে পায়, আনন্দত থাকা, সমৃদ্ধ হৈ থাকা। নিতৌ বৰদান সকলোৱে পায়, বাপদাদাই সকলোকে একেধৰণৰ একেলগে বৰদান দিয়ে। কিন্তু পাৰ্থক্য কি হৈ যায়? ক্ৰম নম্বৰ কিয় হৈ যায়? দাতা এজন, আৰু দিয়েও একেধৰণৰ, কাৰোবাক অলপ কাৰোবাক বেছি নিদিয়ে, খোলা অন্তৰেৰে দিয়ে কিন্তু পাৰ্থক্য কি হৈ যায়, ইয়াৰ অনুভৱো সকলোৰে আছে কিয়নো এতিয়ালৈকে বাপদাদাৰ ওচৰত এইটো আৱাজ আহি আছে। কোনটো আৱাজ, জানা নহয়? “কেতিয়াবা কেতিয়াবা”, “অলপ-অচৰপ”, এই আৱাজ এতিয়াও আহে। বাপদাদাই কৈছে যে ব্ৰাহ্মণ আত্মাৰ জীৱন ৰূপী অভিধানৰ পৰা এই দুটা শব্দ আঁতৰি যাব লাগে। অবিনাশী পিতা, অবিনাশী সম্পদ, তোমালোক সকলো হৈছা অবিনাশী শ্ৰেষ্ঠ আত্মা। তেন্তে কোনটো শব্দ হ’ব লাগে? কেতিয়াবা কেতিয়াবা নে সদায়? প্ৰতিটো সম্পদৰ কাৰণে পৰীক্ষা কৰা – সৰ্বশক্তি সদায় আছেনে? সৰ্ব গুণ সদায় আছেনে? ভক্তই যেতিয়া তোমালোকৰ গুণ গায় তেতিয়া কি কয়? কেতিয়াবা কেতিয়াবা গুণদাতা, এনেকৈ কয় জানো? বাপদাদাই প্ৰতিটো বৰদানত ‘সদায়’ শব্দটি উল্লেখ কৰিছে। সদায় সৰ্বশক্তিমান, কেতিয়াবা শক্তিমান, কেতিয়াবা সৰ্বশক্তিমান – এনেকৈ কোৱা নাই। সকলো সময়ত দুটা শব্দ তোমালোকেও কোৱা, পিতায়ো কয়, সমান হোৱা। এনেকৈ নকয় অলপ-অচৰপ সমান হোৱা। সম্পন্ন আৰু সম্পূৰ্ণ, তেন্তে সন্তানে কেতিয়াবা কেতিয়াবা কি কৰে? বাপদাদায়ো খেলতো চাই নহয়! সন্তানসকলৰ খেলতো চায়েই থাকে। সন্তানসকলে কি কৰে, কোনো কোনোৱে, সকলোৱে নহয়। যি বৰদান পালে সেই বৰদানৰ কথা ভাবি, বৰ্ণনা কৰি বহীত টুকি ৰাখে, স্মৃতিলৈও আনে কিন্তু বৰদান ৰূপী বীজ ফলীভূত নকৰে। বীজৰ পৰা ফল উলিয়াব নোৱাৰে। কেৱল বৰ্ণনা কৰি আনন্দিত হয় বৰ ভাল বৰদান। বৰদান হৈছে বীজ কিন্তু বীজ যিমানে ফলিভূত কৰে সিমানেই তাৰ বৃদ্ধি হয়। ফলীভূত কৰাৰ ৰহস্য কি? সময়ত কাৰ্যত লগোৱা। কাৰ্যত লগাবলৈ পাহৰি যায়, কেৱল টোকাবহীত চাই, বৰ্ণনা কৰে বৰ ভাল, বৰ ভাল। বাপদাদাই বৰ ভাল বৰদান দিছে। কিন্তু কিহৰ কাৰণে দিছে? সেয়া ফলীভূত কৰিবলৈ দিছে। বীজৰ পৰা ফলৰ বিস্তাৰ হয়। বৰদান সোঁৱৰে, কিন্তু বৰদান স্বৰূপ হোৱাত ক্ৰমানুসৰি হৈ যায়। আৰু বাপদাদাই প্ৰত্যেকৰে ভাগ্য দেখি হৰ্ষিত হৈ থাকে কিন্তু বাপদাদাৰ অন্তৰৰ আশা আগতেও শুনাইছে। সকলোৱে হাত দাঙিছিল, স্মৃতিত আছেনে যে আমি কাৰণ সমাপ্ত কৰি সমাধান স্বৰূপ হ’ম। স্মৃতিত আছেনে ঘৰৰ কাম? কোনো সন্তানে বাৰ্তালাপত বা পত্ৰৰ দ্বাৰা, ই-মেইল দ্বাৰা ফলাফল লিখিছেও। ভাল কথা, মনোযোগ দিছে কিন্তু বাপদাদাৰ যি ‘সদায়’ শব্দ ভাল লাগে, সেয়া হয়নে? তোমালোক সকলো যিসকল আহিছা, লাগিলে শুনিছা বা পঢ়িছা কিন্তু এমাহৰ ঘৰৰ কামত, এমাহ হৈছে বচ্‌, বেছি হোৱা নাই তেতিয়াও এমাহত লক্ষ্যতো ৰাখিছা। ইজনে সিজনৰ আগত বৰ্ণনাও কৰিছা কিন্তু যিসকল এমাহত ঘৰৰ কামত ভাল নম্বৰ লওঁতা হৈছে তেওঁলোকে হাত দাঙা। যিসকল উত্তীৰ্ণ হৈছা, উত্তীৰ্ণ হৈছা। সন্মান সহকাৰে উত্তীৰ্ণ হৈছানে? সন্মান সহকাৰে উত্তীৰ্ণ হোৱাসকল উঠা। সন্মান সহকাৰে উত্তীৰ্ণৰ দৰ্শন কৰিব লাগে নহয়। মাতাসকল হোৱা নাই। ভগ্নীসকলৰ মাজত, শিক্ষকসকলে হাত দাঙা নাই? কোনো নাই। মধুবন নিবাসী। এয়াতো ফলাফল বহুত কম। (বহুত কমসংখ্যক উঠিছে) বাৰু সেৱাকেন্দ্ৰতো থাকিব পাৰে। অভিনন্দন, তালিতো বজোৱা। বাপদাদাই মিচিকিয়ায় যে যেতিয়া বাপদাদাই সোধে যে বাপদাদালৈ মৰম কাৰ আছে আৰু কিমান আছে? তেতিয়া কি উত্তৰ দিয়ে? বাবা, ইমান আছে যে ক’ব নোৱাৰো। উত্তৰ বহুত ভাল দিয়ে। বাপদাদাও আনন্দিত হৈ যায়। কিন্তু মৰমৰ প্ৰমাণ কি? আজিকালি জগতত দেহ-সচেতন প্ৰেম কৰাসকলেতো প্ৰাণো বিসৰ্জন দিয়ে। পৰমাত্ম প্ৰেমত কঠিনতাৰ অনুভৱ কিয়? পিতাই ক’লে আৰু সন্তানসকলে কৰিলে। গীততো বৰ ভাল ভাল গোৱা, বাবা মই সকলো সমৰ্পিত কৰোঁতা চগাপোক, বন্তিশিখাত জাহ যাওঁতা…। তেন্তে এই কাৰণ শব্দ স্বাহা কৰিব নোৱাৰানে?

এতিয়াতো এইটো বছৰৰ শেষৰ পাল আহি গ’ল। পাছৰ বছৰত কি হ’ব সেয়াতো তোমালোকেও দেখি আছা আৰু পিতায়ো দেখি আছে, দেখিবা কিন্তু এই এটা শব্দ ‘সময়’ক দেখি, তোমালোকে কোৱা নহয়, সময়ৰ আহ্বান। ভক্তসকলৰ আহ্বান, সময়ৰ আহ্বান, দুখী আত্মাসকলৰ আহ্বান, তোমালোকৰ স্নেহী, সহযোগী আত্মাসকলৰ আহ্বান তোমালোকেই পূৰ্ণ কৰিবা নহয়! তোমালোকৰ উপাধি কি? তোমালোকৰ কৰ্তব্য কি? কোনটো কৰ্তব্যৰ কাৰণে ব্ৰাহ্মণ হৈছা? বিশ্ব পৰিৱৰ্তক তোমালোকৰ উপাধি। বিশ্ব পৰিৱৰ্তন তোমালোকৰ কাৰ্য আৰু সঙ্গী কোন? বাপদাদাৰ লগত এইটো কাৰ্যত নিমিত্ত হৈছা। তেন্তে কি কৰিব লাগে? এতিয়াও হাত দাঙিবলৈ ক’লে, কৰিবাতো হাততো সকলোৱে দাঙি দিয়ে। লক্ষ্য ৰাখিছে, বাপদাদাই দেখিছে, মুঠতে এইটো বছৰৰ চিজনত সকলোৱে সংকল্প কৰিছে কিন্তু সফলতাৰ চাবি দৃঢ়তা – কৰিবই লাগে, তাৰ পৰিৱৰ্তে কেতিয়াবা কেতিয়াবা কৰি আছোঁ, চলি আছোঁ, কৰিয়ে ল’ম। এই সংকল্পই দৃঢ়তাক সাধাৰণ কৰি দিয়ে। দৃঢ়তাত কাৰণ শব্দ নাহেই। নিবাৰণ হৈ যায়। কাৰণ আহেও কিন্তু পৰীক্ষা কৰাৰ কাৰণে, কাৰণ নিবাৰণলৈ পৰিৱৰ্তন হৈ যায়।

বাপদাদাই ফলাফল পৰীক্ষা কৰিলে তেতিয়া কি দেখিলে? জ্ঞানী, যোগী, ধাৰণা স্বৰূপ, সেৱাধাৰী, চাৰিওটা বিষয়ত প্ৰত্যেকেই যথাশক্তি জ্ঞানীও, যোগীও, ধাৰণাও কৰি আছে, সেৱাও কৰি আছে। কিন্তু চাৰিওটা বিষয়ত অনুভৱ স্বৰূপ, অনুভৱৰ কৰ্তৃত্বশীল – সেই ক্ষেত্ৰত অভাৱ দেখা পোৱা গ’ল। অনুভৱী স্বৰূপ, জ্ঞান স্বৰূপতো অনুভৱী স্বৰূপ অৰ্থাৎ জ্ঞানক ন’লেজ বুলি কোৱা হয় গতিকে অনুভৱী মূৰ্ত আত্মাত ন’লেজ অৰ্থাৎ বোধশক্তি আছে যে কি কৰিব লাগে, কি কৰিব নালাগে। জ্ঞানৰ লাইট আৰু মাইট, গতিকে অনুভৱী স্বৰূপৰ অৰ্থই হৈছে জ্ঞান স্বৰূপ আত্মাৰ প্ৰতিটো কৰ্মত লাইট আৰু মাইট স্বভাৱিকতে থাকিব লাগে। জ্ঞানী মানে জ্ঞান, জ্ঞানক জনা, বৰ্ণনা কৰা, তাৰ লগতে প্ৰতিটো কৰ্মত লাইট মাইট হোৱা। অনুভৱী স্বৰূপৰ দ্বাৰা প্ৰতিটো কৰ্ম স্বাভাৱিকতে শ্ৰেষ্ঠ আৰু সফল হ’ব। পৰিশ্ৰম কৰিবলগীয়া নহ’ব কিয়নো জ্ঞানৰ অনুভৱীমূৰ্ত হোৱা। অনুভৱৰ কৰ্তৃত্ব সকলো কৰ্তৃত্বতকৈ শ্ৰেষ্ঠ। জ্ঞান জনা আৰু জ্ঞানৰ অনুভৱ স্বৰূপৰ কৰ্তৃত্বৰে প্ৰতিটো কৰ্ম কৰা, সেই ক্ষেত্ৰত পাৰ্থক্য আছে। তেন্তে অনুভৱী স্বৰূপ হোৱানে? পৰীক্ষা কৰা। চাৰিওটা বিষয়ত, আত্মা হওঁ কিন্তু অনুভৱী স্বৰূপ হৈ প্ৰতিটো কৰ্ম কৰানে? অনুভৱৰ কৰ্তৃত্বশীলৰ আসনত স্থিৰ হ’লে তেতিয়া শ্ৰেষ্ঠ কৰ্ম, সফলতা স্বৰূপ কৰ্ম কৰ্তৃত্বশীলৰ আগত স্বভাৱসিদ্ধ স্বভাৱৰ ৰূপত দেখিবলৈ পোৱা যাব। ভাবে কিন্তু অনুভৱী স্বৰূপ হোৱা, যোগযুক্ত ৰাজযুক্ত স্বভাৱ হৈ যাওক, স্বভাৱসিদ্ধ হৈ যাওক। ধাৰণাতো সৰ্ব গুণ স্বতঃ প্ৰতিটো কৰ্মত দৃষ্টিগোচৰ হওক। এনেকুৱা অনুভৱী স্বৰূপত সদায় থকা, অনুভৱৰ আসনত স্থিৰ হৈ থকা ইয়াৰ আৱশ্যকতাৰ প্ৰতি মনোযোগ দিবা, এইটো আৱশ্যক। অনুভৱৰ কৰ্তৃত্বৰ আসন বৰ মহান। অনুভৱীক মায়ায়ো নাশ কৰিব নোৱাৰে কিয়নো মায়াৰ কৰ্তৃত্বতকৈ অনুভৱৰ কৰ্তৃত্ব পদমগুণ উচ্চ। ভবাটো বেলেগ, মনন কৰাটো বেলেগ, অনুভৱী স্বৰূপ হৈ চলা, এতিয়া ইয়াৰ আৱশ্যকতা আছে।

তেন্তে এতিয়া এইটো বছৰত কি কৰিবা? বাপদাদাই দেখিছে এটা বিষয়ত গৰিষ্ঠ সংখ্যকেই উত্তীৰ্ণ। কোনটো বিষয়? সেৱাৰ বিষয়টিত। চাৰিওফালৰ পৰা বাপদাদাৰ ওচৰলৈ সেৱাৰ বৰ ভাল ভাল খবৰ আহিছে। সেৱাৰ উৎসাহ-উদ্দীপনা এইটো বছৰৰ সেৱাৰ খা-খবৰৰ হিচাপত ভালেই দেখিবলৈ পোৱা গৈছে। প্ৰতিটো বৰ্গই, প্ৰতিটো মণ্ডলে ভিন্ন ভিন্ন ৰূপত সেৱাত সফলতা প্ৰাপ্ত কৰিছে। ইয়াৰ কাৰণে বাপদাদাই প্ৰতিটো মণ্ডলক, প্ৰতিটো বৰ্গক পদমগুণ অভিনন্দন জনাই আছে। অভিনন্দন। পৰিকল্পনাও ভাল ভাল কৰিছে। কিন্তু এতিয়া সময় অনুসৰি অকস্মাতৰ চিজন। তোমালোকে দেখিছা শুনিছা চাগৈ যে এইটো বছৰত কিমান ব্ৰাহ্মণ অকস্মাতে গ’ল। গতিকে অকস্মাতৰ ঘণ্টা এতিয়া তীব্ৰ হৈ গৈ আছে। সেই অনুসৰি এতিয়া এইটো বছৰত চাৰিওটা বিষয়ত অনুভৱী স্বৰূপ কিমানলৈকে হৈছোঁ, কিয়নো চাৰিওটা বিষয়তে ভাল নম্বৰ লাগে। যদি এটা বিষয়তো উত্তীৰ্ণ হোৱা নম্বৰতকৈ কম নম্বৰ হয় তেন্তে সন্মান সহকাৰে মালাৰ মণি, বাপদাদাৰ ডিঙিৰ মালা কেনেকৈ হ’বা! যি কোনো ৰূপত পৰাজিত হওতাজন পিতাৰ ডিঙিৰ মালা হ’ব নোৱাৰে। আৰু ইয়াত হাত দাঙিবলৈ ক’লে তেতিয়া সকলোৱ কি কয়? লক্ষ্মী-নাৰায়ণ হ’ম। বাৰু লক্ষ্মী-নাৰায়ণ বা লক্ষ্মী-নাৰায়ণৰ পৰিয়ালত সঙ্গী, সেইটো হোৱাটোও শ্ৰেষ্ঠ পদ সেইবাবে বাপদাদাই কেৱল এটা শব্দ কয়, এতিয়া তীব্ৰ গতিত উৰন্ত কলাত উৰি থাকা আৰু নিজৰ উৰন্ত কলাৰ প্ৰকম্পনেৰে বায়ুমণ্ডলত সহযোগৰ বায়ুমণ্ডল বিয়পাই দিয়া। যিহেতু প্ৰকৃতিৰ কাৰণে তোমালোক সকলোৱে প্ৰত্যাহ্বান জনাইছা, যে প্ৰকৃতিকো পৰিৱৰ্তন কৰিহে এৰিম। আছে নহয় প্ৰতিশ্ৰুতি? প্ৰতিশ্ৰুতি দিছানে? দিছা। কান্ধ লাৰোৱা, হাত নহয়। তেন্তে নিজৰ সমগোত্ৰীয় মনুষ্য আত্মাসকলক দুখ আৰু অশান্তিৰ পৰা পৰিৱৰ্তন কৰিব নোৱাৰানে? এটাতো তোমালোকে প্ৰত্যাহ্বান জনাইছা আৰু দ্বিতীয়তে বাপদাদাৰ আগতো প্ৰতিশ্ৰুতি দিছা, আমি সকলো এতিয়াও আপোনাৰ কাৰ্যত সঙ্গী, পৰমধামতো সঙ্গী আৰু ৰাজ্যতো পিতা ব্ৰহ্মাৰ সঙ্গী হৈ থাকিম। এইটো প্ৰতিশ্ৰুতি দিছা নহয়! গতিকে লগত যাবা, লগত থাকিবা, আৰু এতিয়াও লগত আছা। পিতাৰ ইংগিত সময়ে সময়ে বাস্তৱত দেখি আছা – অকস্মাত সদাপ্ৰস্তুত। দাদীৰ ক্ষেত্ৰত ভাবিছিলা জানো যে যাব পাৰে? অকস্মাতৰ খেল দেখিলা নহয়।

তেন্তে এইটো বছৰ সদাপ্ৰস্তুত। পিতাৰ অন্তৰৰ আশা পূৰ্ণ কৰোঁতা আশাৰ দীপক হ’বই লাগে। পিতাৰ আশাবোৰতো জানাই। হ’ব লাগে নে হৈ যাম, চাই ল’ম…! যিসকলে ভাবা যে হ’বই লাগে, তেওঁলোকে হাত দাঙা। চোৱা কেমেৰাত উঠি আছে। বাপদাদাক আনন্দিততো বৰ ভালকৈ কৰা। বাপদাদাও সন্তানসকলৰ অবিহনে অকলে যাব নোৱাৰে। চোৱা ব্ৰহ্মা বাবাও তোমালোক সন্তানসকলৰ বাবে মুক্তিৰ দ্বাৰ খুলিবলৈ অপেক্ষা কৰি আছে। আগতীয়া দলেও অপেক্ষা কৰি আছে। তোমালোক হৈছা ব্যৱস্থাপনা কৰোঁতা। তোমালোক অপেক্ষা কৰোঁতা নহয়, ব্যৱস্থাপনা কৰোঁতা। তেনেহ’লে এইটো বছৰ লক্ষ্য ৰাখা কিন্তু লক্ষ্য আৰু লক্ষণ সমান ৰাখিবা। এনেকুৱা যাতে নহয় যে লক্ষ্য বহুত উচ্চ আৰু লক্ষণ দুৰ্বল, নহয়। লক্ষ্য আৰু লক্ষণ সমান হওক। সমান হোৱাৰ তোমালোকৰ যি অন্তৰৰ আশা, সেয়া তেতিয়া পূৰ্ণ হ’ব যেতিয়া লক্ষ্য আৰু লক্ষণ সমান হ’ব। এতিয়া লক্ষ্য আৰু লক্ষণত অলপ-অচৰপ পাৰ্থক্য আহি যায়। পৰিকল্পনা বৰ ভাল কৰা, পৰস্পৰ বাৰ্তালাপো বহুত ভাল ভাল কৰা। ইজনে সিজনৰ মনোযোগো আকৰ্ষিত কৰা। এতিয়া দৃঢ়তা আমাৰ জন্মসিদ্ধ অধিকাৰ, এইটো সংকল্প অনুভৱৰ স্বৰূপত আনা। পৰীক্ষা কৰা – যি কওঁ তাৰ অনুভৱো কৰোনে? প্ৰথম শব্দ মই আত্মা, ইয়াকে পৰীক্ষা কৰা। এই আত্মা স্বৰূপৰ অনুভৱৰ কৰ্তৃত্বশীল হওঁনে? কিয়নো সৰ্ব প্ৰথম হৈছে অনুভৱৰ কৰ্তৃত্ব। বাৰু। যি কোনো পৰিস্থিতিত স্ব-স্থিতিত স্থিৰ হৈ থাকিব পাৰানে?

মনৰ একাগ্ৰতা (ড্ৰিল) বাৰু। তিনিটা বিন্দুৰ স্মৃতি স্বৰূপ হ’ব পাৰা নহয়! বচ্‌ পূৰ্ণ বিৰাম। বাৰু। এতিয়া এক চেকেণ্ডত নিজৰ শ্ৰেষ্ঠ স্বমান বাপদাদাৰ অন্তৰাসনধাৰী, এইটো আত্মিক স্বমানৰ নিচাত স্থিৰ হৈ যোৱা। আসনধাৰী আত্মা হওঁ, এইটো অনুভৱত স্নেহত লীন হৈ যোৱা। বাৰু।

চাৰিওফালৰ অতি স্নেহী সদায় পিতাৰ স্নেহত লীন হৈ থাকোঁতা, সদায় স্বমানধাৰী, স্বৰাজ্যধাৰী বিশেষ আত্মাসকলক, চাৰিওফালৰ উৎসাহ-উদ্দীপনাৰ ডেউকাৰে উৰোঁতা আৰু নিজৰ মনৰ প্ৰকম্পনেৰে বায়ুমণ্ডল শান্ত শ্ৰেষ্ঠ কৰি তোলোঁতা, সকলোকে পিতাৰ বাৰ্তা দি দুখৰ পৰা মুক্ত কৰি মুক্তিৰ উত্তৰাধিকাৰ প্ৰাপ্ত কৰাওঁতা, সদায় দৃঢ়তাৰ দ্বাৰা সফলতা প্ৰাপ্ত কৰোঁতা এনেকুৱা চাৰিওফালৰ অন্তৰৰ সমীপত থাকোঁতা আৰু সন্মুখত আহোঁতা সকলো সন্তানক অন্তৰৰ মৰম আৰু অন্তৰৰ আশীৰ্বাদ, স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ।

বৰদান:
ধৰ্ম আৰু কৰ্ম দুয়োটাৰে সঠিক সন্তুলন ৰাখোঁতা দিব্য তথা শ্ৰেষ্ঠ বুদ্ধিমান হোৱা

কৰ্ম কৰাৰ সময়ত ধৰ্ম অৰ্থাৎ ধাৰণাও সম্পূৰ্ণ হওক তেতিয়া ধৰ্ম আৰু কৰ্ম দুয়োটাৰে সন্তুলন সঠিক হ’লে প্ৰভাৱ পৰিব। এনেকুৱা নহয় যে যেতিয়া কৰ্ম শেষ হ’ব তেতিয়া ধাৰণা স্মৃতিলৈ আহিব। বুদ্ধিত দুয়োটা কথাৰ সন্তুলন ঠিকে থাকিলে তেতিয়া শ্ৰেষ্ঠ তথা দিব্য বুদ্ধিমান বুলি কোৱা হ’ব। নহ’লেতো সাধাৰণ বুদ্ধি, কৰ্মও সাধাৰণ, ধাৰণাও সাধাৰণ হয়। গতিকে সাধাৰণতাত সমানতা আনিব নালাগে কিন্তু শ্ৰেষ্ঠতাত সমানতা হওক। যেনেকৈ কৰ্ম শ্ৰেষ্ঠ তেনেকৈ ধাৰণাও শ্ৰেষ্ঠ হওক।

স্লোগান:
নিজৰ মন-বুদ্ধি অনুভৱৰ আসনত স্থিৰ কৰি দিয়া তেতিয়া কেতিয়াও দুখী নোহোৱা।

অব্যক্ত সংকেত: এই অব্যক্ত মাহত বন্ধনমুক্ত হৈ থাকি জীৱনমুক্ত স্থিতিৰ অনুভৱ কৰা

জ্ঞান স্বৰূপ মাষ্টৰ জ্ঞানপূৰ্ণ, মাষ্টৰ সৰ্বশক্তিমান হোৱাৰ পাছতো যদি কোনো এনেকুৱা কৰ্ম যিটো যুক্তিযুক্ত নহয়, সেয়া কৰি পেলোৱা তেন্তে এই কৰ্মৰ বন্ধন অজ্ঞান কালৰ কৰ্ম বন্ধনতকৈও পদমগুণ বেছি হয়। সেই কাৰণে বন্ধনযুক্ত আত্মা স্বতন্ত্ৰ নোহোৱাৰ কাৰণে যি বিচাৰে সেয়া কৰিব নোৱাৰে, সেইকাৰণে যুক্তিযুক্ত কৰ্মৰ দ্বাৰা মুক্তি প্ৰাপ্ত কৰা।