26.02.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোক ব্ৰাহ্মণেই দেৱতা হোৱাগৈ, তোমালোকে ভাৰতক স্বৰ্গ কৰি গঢ়ি তোলা, সেয়েহে
তোমালোকৰ নিজৰ ব্ৰাহ্মণ জাতিৰ নিচা থাকিব লাগে”
প্ৰশ্ন:
প্ৰকৃত
ব্ৰাহ্মণৰ মুখ্য লক্ষণসমূহ কি হ'ব?
উত্তৰ:
(1) প্ৰকৃত ব্ৰাহ্মণৰ এই পুৰণি সৃষ্টিৰ পৰা লংগৰ উঠি যাব। তেওঁলোকে যেন এইখন
সৃষ্টিৰ দাঁতি এৰি দিলে। (2) প্ৰকৃত ব্ৰাহ্মণ সেইজন যিয়ে হাতেৰে কাম কৰে আৰু বুদ্ধি
সদায় পিতাৰ স্মৃতিত থাকে অৰ্থাৎ কৰ্মযোগী হয়। (3) ব্ৰাহ্মণ অৰ্থাৎ পদুম ফুলৰ সমান।
(4) ব্ৰাহ্মণ অৰ্থাৎ সদায় আত্ম-অভিমানী হৈ থকাৰ পুৰুষাৰ্থ কৰোঁতা। (5) ব্ৰাহ্মণ
অৰ্থাৎ কাম মহাশত্ৰুৰ ওপৰত বিজয় প্ৰাপ্ত কৰোঁতা।
ওঁম্শান্তি।
আত্মিক পিতাই
আত্মিক সন্তানসকলক বুজায়। সন্তান কোনসকল? এই ব্ৰাহ্মণসকল। এইটো কেতিয়াও পাহৰি নাযাবা
যে আমি ব্ৰাহ্মণ হওঁ, দেৱতা হ'বলৈ গৈ আছোঁ। বৰ্ণসমূহো স্মৃতিলৈ আনিবলগীয়া হয়। ইয়াত
তোমালোক পৰস্পৰ কেৱল ব্ৰাহ্মণেই হোৱা। ব্ৰাহ্মণসকলক বেহদৰ পিতাই পঢ়ায়। এই ব্ৰহ্মাই
নপঢ়ায়। শিৱবাবাই ব্ৰহ্মাৰ দ্বাৰা পঢ়ায়। ব্ৰাহ্মণসকলকহে পঢ়ায়। শূদ্ৰৰ পৰা ব্ৰাহ্মণ
নোহোৱাকৈ দেৱী-দেৱতা হ'ব নোৱাৰিবা। উত্তৰাধিকাৰ শিৱবাবাৰ পৰা পোৱা যায়। সেই
শিৱবাবাতো সকলোৰে পিতা। এই ব্ৰহ্মাক “গ্ৰেট গ্ৰেট গ্ৰেণ্ড ফাদাৰ” বুলি কোৱা হয়।
লৌকিক পিতাতো সকলোৰে থাকে। পাৰলৌকিক পিতাক ভক্তিমাৰ্গত স্মৰণ কৰে। এতিয়া তোমালোক
সন্তানসকলে বুজি পোৱা এওঁ (ব্ৰহ্মা) হৈছে অলৌকিক পিতা যাক কোনেও নাজানে। যদিও
ব্ৰহ্মাৰ মন্দিৰ আছে, ইয়াতো প্ৰজাপিতা আদি দেৱৰ মন্দিৰ আছে। তেওঁক কোনোবাই ‘মহাবীৰ’
বুলি কয়, ‘দিলৱালা’ বুলিও কয়। কিন্তু বাস্তৱত ‘দিল’ (অন্তৰ) লওঁতা হৈছে শিৱবাবা,
প্ৰজাপিতা আদি দেৱ ব্ৰহ্মা নহয়। সকলো আত্মাক সদায় সুখী কৰি তোলোঁতা, আনন্দিত কৰোঁতা
এজনেই পিতা। এয়াও কেৱল তোমালোকেহে জানা। জগতততো মনুষ্যই একোৱে নাজানে। তুচ্ছ
বুদ্ধিৰ হয়। আমি ব্ৰাহ্মণসকলেহে শিৱবাবাৰ পৰা উত্তৰাধিকাৰ লৈ আছোঁ। তোমালোকেও এইটো
বাৰে বাৰে পাহৰি যোৱা। স্মৃতিত থকাতো বৰ সহজ। ‘যোগ’ শব্দটি সন্ন্যাসীসকলে ৰাখিছে।
তোমালোকেতো পিতাক স্মৰণ কৰা। ‘যোগ’ শব্দটি গতানুগতিক। ইয়াক যোগ আশ্ৰম বুলিও কোৱা
নহয়, সন্তানসকল আৰু পিতা বহি আছে। সন্তানসকলৰ কৰ্তব্য হ'ল - বেহদৰ পিতাক স্মৰণ কৰা।
আমি ব্ৰাহ্মণ, ককাৰ পৰা উত্তৰাধিকাৰ লৈ আছোঁ ব্ৰহ্মাৰ দ্বাৰা সেইবাবে শিৱবাবাই কয়
যিমান পাৰা স্মৰণ কৰি থাকা। চিত্ৰও লাগিলে ৰাখা তেতিয়া স্মৃতি থাকিব। আমি ব্ৰাহ্মণ,
পিতাৰ পৰা উত্তৰাধিকাৰ লওঁ। ব্ৰাহ্মণে জানো কেতিয়াবা নিজৰ জাতিক পাহৰি যায়? তোমালোক
শূদ্ৰৰ সংগত আহিলে ব্ৰাহ্মণ বোধ পাহৰি যোৱা। ব্ৰাহ্মণতো দেৱতাসকলতকৈও শ্ৰেষ্ঠ কিয়নো
তোমালোক ব্ৰাহ্মণ জ্ঞানপূৰ্ণ হোৱা। ভগৱানক সৰ্বজ্ঞ বুলি কয় নহয়। ইয়াৰো অৰ্থ নাজানে।
এনেকুৱা নহয় যে সকলোৰে অন্তৰত কি আছে তেওঁ বহি চাই থাকে। নহয়, তেওঁৰ সৃষ্টিৰ
আদি-মধ্য-অন্তৰ জ্ঞান আছে। তেওঁ বীজৰূপ হয়। বৃক্ষৰ আদি-মধ্য-অন্তক জানে। গতিকে
এনেহেন পিতাক বহুত স্মৰণ কৰিব লাগে। এওঁ (ব্ৰহ্মা)ৰ আত্মায়ো সেই পিতাক স্মৰণ কৰে।
সেই পিতাই কয় - এই ব্ৰহ্মায়ো মোক স্মৰণ কৰিব তেতিয়া এই পদ প্ৰাপ্ত কৰিব। তোমালোকেও
স্মৰণ কৰিলে পদ পাবা। পোন প্ৰথমে তোমালোক অশৰীৰী হৈ আহিছিলা আকৌ অশৰীৰী হৈ উভতি যাব
লাগে। অন্য সকলো তোমালোকক দুখ দিওঁতা হয়, তেওঁলোকক কিয় স্মৰণ কৰিবা। যিহেতু তোমালোকে
মোক পাইছা, মই তোমালোকক নতুন সৃষ্টিলৈ লৈ যাবলৈ আহিছোঁ। তাত কোনো দুখ নাই। সেয়া হৈছে
দৈৱী সম্বন্ধ। ইয়াত স্ত্ৰী-পুৰুষৰ সম্বন্ধত প্ৰথমে দুখ হয় কিয়নো বিকাৰী হয়।
তোমালোকক এতিয়া মই সেই সৃষ্টিৰ লায়ক কৰি তোলোঁ, য'ত বিকাৰৰ কথা নাথাকে। এই কাম
মহাশত্ৰু বুলি গায়ন আছে যিয়ে আদি-মধ্য-অন্ত দুখ দিয়ে। ক্ৰোধৰ বাবে এনেকৈ কোৱা নহয়
যে আদি-মধ্য-অন্ত দুখ দিয়ে, নহয়। কামক জয় কৰিব লাগে। সিয়েই আদি-মধ্য-অন্ত দুখ দিয়ে।
পতিত কৰি তোলে। পতিত শব্দই বিকাৰক বুজায়। এই শত্ৰুক জিনিব লাগে। তোমালোকে জানা আমি
স্বৰ্গৰ দেৱী-দেৱতা হৈ আছোঁ। যেতিয়ালৈকে এইটো নিশ্চয়তা নজন্মে তেতিয়ালৈকে একোৱে পাব
নোৱাৰিবা।
পিতাই বুজায় -
সন্তানসকল মন-বচন-কৰ্মত নিখুঁত হ'ব লাগে। পৰিশ্ৰম আছে। জগতত এইটো কোনেও নাজানে যে
তোমালোকে ভাৰতক স্বৰ্গ কৰি গঢ়ি তোলা। আগলৈ গৈ বুজিব। বিচাৰেও এক বিশ্ব, এক ৰাজ্য,
এক ধৰ্ম, এক ভাষা হওঁক। তোমালোকে বুজাব পাৰা - সত্যযুগত আজিৰ পৰা 5 হাজাৰ বছৰ পূৰ্বে
এক ৰাজ্য, এক ধৰ্ম আছিল যাক স্বৰ্গ বুলি কোৱা হয়। ৰামৰাজ্য আৰু ৰাৱণৰাজ্যকো কোনেও
নাজানে। এশ শতাংশ তুচ্ছ বুদ্ধিৰ পৰা এতিয়া তোমালোক স্বচ্ছ বুদ্ধিৰ হোৱা পুৰুষাৰ্থৰ
ক্ৰম অনুসৰি। পিতাই বহি তোমালোকক পঢ়ায়। কেৱল পিতাৰ মতত চলা। পিতাই কয় যে পুৰণি
সৃষ্টিত থাকি পদুম ফুলৰ সমান পৱিত্ৰ হৈ থাকা। মোক স্মৰণ কৰি থাকা। পিতাই আত্মাসকলক
বুজায়। মই আত্মাসকলকহে পঢ়াবলৈ আহিছোঁ এই ইন্দ্ৰিয়ৰ (ব্ৰহ্মাৰ শৰীৰৰ) দ্বাৰা।
তোমালোক আত্মাসকলেও ইন্দ্ৰিয়ৰৰ দ্বাৰা শুনা। সন্তানসকল আত্ম-অভিমানী হ'ব লাগে। এয়াতো
পুৰণা ছিঃ ছিঃ শৰীৰ। তোমালোক ব্ৰাহ্মণ পূজাৰ যোগ্য নহয়। তোমালোক গায়ন যোগ্য হোৱা,
পূজাৰ যোগ্য দেৱতা হোৱা। তোমালোকে শ্ৰীমত অনুসৰি বিশ্বক পৱিত্ৰ স্বৰ্গ কৰি গঢ়ি তোলা
সেইবাবে তোমালোকৰ গায়ন আছে। তোমালোকৰ পূজা হ'ব নোৱাৰে। গায়ন কেৱল তোমালোক
ব্ৰাহ্মণসকলৰ, দেৱতাসকলৰ নহয়। পিতাই তোমালোককহে শূদ্ৰৰ পৰা ব্ৰাহ্মণ কৰি তোলে। জগত
অম্বা বা ব্ৰহ্মা আদিৰ মন্দিৰ নিৰ্মাণ কৰে কিন্তু তেওঁলোকে এইটো গম নাপায় যে এওঁ
কোন? জগত পিতাতো ব্ৰহ্মা হ’ল নহয়। তেওঁক দেৱতা বুলি কোৱা নহয়। দেৱতাসকলৰ আত্মা আৰু
শৰীৰ দুয়োটাই পৱিত্ৰ। এতিয়া তোমালোক আত্মা পৱিত্ৰ হৈ গৈ থাকা। পৱিত্ৰ শৰীৰ নহয়।
এতিয়া তোমালোকে ঈশ্বৰৰ মতত ভাৰতক স্বৰ্গ কৰি গঢ়ি আছা। তোমালোকো স্বৰ্গৰ যোগ্য হৈ আছা।
সতোপ্ৰধান নিশ্চয় হ'ব লাগে। কেৱল তোমালোক ব্ৰাহ্মণসকলকহে পিতাই বহি পঢ়ায়। ব্ৰাহ্মণ
বৃক্ষ বৃদ্ধি হৈ গৈ থাকিব। ব্ৰাহ্মণ যিসকল দৃঢ় হৈ যাব তেওঁলোক আকৌ দেৱতা হ'বগৈ। এয়া
নতুন বৃক্ষ। মায়াৰ ধুমুহাও লাগে। সত্যযুগত কোনো ধুমুহা নালাগে। ইয়াত মায়াই বাবাৰ
স্মৃতিত থাকিব নিদিয়ে। আমি বাবাৰ স্মৃতিত থাকিব বিচাৰোঁ। তমোৰ পৰা যাতে সতোপ্ৰধান
হওঁ। সকলো নিৰ্ভৰ কৰে স্মৃতিত থকাৰ ওপৰত। ভাৰতৰ প্ৰাচীন যোগ প্ৰসিদ্ধ। বিদেশৰ
লোকসকলেও বিচাৰে যে কোনোবা আহি প্ৰাচীন যোগ শিকাওঁক। এতিয়া যোগো দুই প্ৰকাৰৰ - এবিধ
হৈছে হঠযোগী, আনবিধ হৈছে ৰাজযোগী। তোমালোক হৈছা ৰাজযোগী। এয়া ভাৰতৰ প্ৰাচীন ৰাজযোগ
যি পিতাইহে শিকায়। কেৱল গীতাত মোৰ পৰিৱৰ্তে শ্ৰীকৃষ্ণৰ নাম দি দিছে। কিমান পাৰ্থক্য
হৈ গ'ল। শিৱজয়ন্তী হয় গতিকে তোমালোকৰ বৈকুণ্ঠৰো জয়ন্তী হয়, য'ত শ্ৰীকৃষ্ণৰ ৰাজত্ব
চলে। তোমালোকে জানা শিৱবাবাৰ জয়ন্তী হয় গতিকে গীতাৰো জয়ন্তী হয়। বৈকুণ্ঠৰো জয়ন্তী
হয় য'ত তোমালোক পৱিত্ৰ হৈ যাবাগৈ। কল্প পূৰ্বৰ দৰে স্থাপন কৰে। এতিয়া পিতাই কয় -
মোক স্মৰণ কৰা। স্মৰণ নকৰিলে মায়াই কিবা নহয় কিবা বিকৰ্ম কৰাই দিয়ে। স্মৰণ নকৰিলে
চৰ খাবলগীয়া হয়। স্মৃতিত থাকিলে চৰ খাবলগীয়া নহ’ব। এয়া মুষ্টিযুদ্ধ। তোমালোকে জানা
- আমাৰ শত্ৰু কোনো মনুষ্য নহয়। ৰাৱণ হৈছে শত্ৰু।
পিতাই কয় - এই সময়ৰ
বিবাহ মানে সমূলে নাশ। ইজনে সিজনৰ সমূলে নাশ কৰি দিয়ে। (পতিত কৰি দিয়ে) এতিয়া
পাৰলৌকিক পিতাই আধ্যাদেশ জাৰী কৰিছে, সন্তানসকল এই কাম মহাশত্ৰু হয়। ইয়াৰ ওপৰত বিজয়ী
হোৱা আৰু পৱিত্ৰতাৰ প্ৰতিজ্ঞা কৰা। কোনোৱে যাতে পতিত নহয়। এই বিকাৰৰ বশৱৰ্তী হৈ
জন্ম-জন্মান্তৰ তোমালোক পতিত হৈছা সেইবাবে কাম মহাশত্ৰু বুলি কোৱা হয়। সাধু-সন্ত
সকলোৱে কয় - পতিত-পাৱন আহক। সত্যযুগত কোনো পতিত নাথাকে। পিতা আহি জ্ঞানেৰে সকলোৰে
সৎগতি কৰে। এতিয়া সকলো দুৰ্গতিত আছে। জ্ঞান দিওঁতা কোনো নাই। জ্ঞানদাতা এজনেই জ্ঞান
সাগৰ। জ্ঞানেৰে দিন হয়। দিন হৈছে ৰামৰ, ৰাতি হৈছে ৰাৱণৰ। এই শব্দবোৰৰ যথাৰ্থ অৰ্থও
তোমালোক সন্তানসকলে বুজি পোৱা। কেৱল পুৰুষাৰ্থত দুৰ্বলতা আছে। পিতাইতো বহুত ভালদৰে
বুজায়। তোমালোকে 84 জন্ম সম্পূৰ্ণ কৰিলা, এতিয়া পৱিত্ৰ হৈ উভতি যাব লাগে। তোমালোকৰতো
শুদ্ধ অহংকাৰ থাকিব লাগে। আমি আত্মাসকলে বাবাৰ মতত এই ভাৰতক স্বৰ্গ কৰি গঢ়ি আছোঁ,
যি স্বৰ্গত আকৌ ৰাজত্ব কৰিম। যিমান পৰিশ্ৰম কৰিবা সিমান পদ পাবা। লাগিলে ৰজা-ৰাণী
হোৱা, লাগিলে প্ৰজা হোৱা। ৰজা-ৰাণী কেনেকৈ হয়, সেয়াও দেখি আছা। “পিতাক অনুসৰণ কৰা”
বুলি গায়ন কৰা হয়, সেয়া এতিয়াৰ কথা। লৌকিক সম্বন্ধৰ বাবে কোৱা নহয়। এই পিতাই মত দিয়ে
– মামেকম্ (কেৱল মোক) স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হ'ব। তোমালোকে বুজি পোৱা আমি
এতিয়া শ্ৰীমতত চলোঁ। বহুতৰ সেৱা কৰোঁ। সন্তানসকল পিতাৰ ওচৰলৈ আহে গতিকে শিৱবাবায়ো
জ্ঞানেৰে মনোৰঞ্জন কৰায়। এৱোঁতো (ব্ৰহ্মাই) শিকে নহয়। শিৱবাবাই কয় - মই আহোঁ পুৱতি
বেলা। বাৰু আকৌ যদি কোনোবা সাক্ষাৎ কৰিবলৈ আহে তেন্তে এওঁ (ব্ৰহ্মাবাবাই) নুবুজাব
জানো। এনেকৈ ক'ব জানো যে বাবা আপুনি আহি বুজাওক, মই নুবুজাও। এয়া অতি গুপ্ত গূঢ় কথা।
মইতো সকলোতকৈ ভালদৰে বুজাব পাৰোঁ। তোমালোকে এনেকৈ কিয় ভাবা যে শিৱবাবাইহে বুজায়, এওঁ
(ব্ৰহ্মাবাবাই) চাগে নুবুজায়। এয়াও জানা কল্প পূৰ্বে এওঁ বুজাইছিল, সেইবাবেতো এই পদ
পাইছে। মম্মায়ো বুজাইছিল নহয়। তেৱোঁ উচ্চ পদ পায়। মম্মা-বাবাক সূক্ষ্মলোকত দেখা পায়
সেয়েহে সন্তানসকলে পিতাক অনুসৰণ কৰিব লাগে। সমৰ্পিতও গৰিবসকলহে হয়, চহকীসকল হ'ব
নোৱাৰে। গৰিবসকলেহে কয় - এই সকলোবোৰ আপোনাৰ। শিৱবাবাতো দাতা হয়। তেওঁ কেতিয়াও নলয়।
সন্তানসকলক কয় - এই সকলোবোৰ তোমালোকৰ। মই নিজৰ বাবে মহল ইয়াতো নিৰ্মাণ নকৰাওঁ, তাতো
নিৰ্মাণ নকৰাওঁ। তোমালোকক স্বৰ্গৰ মালিক কৰি তোলোঁ। এতিয়া এই জ্ঞান ৰত্নৰে জোলোঙা
ভৰপূৰ কৰিব লাগে। মন্দিৰলৈ গৈ কয় - মোৰ জোলোঙা ভৰপূৰ কৰি দিয়া। কিন্তু কেনে ধৰণৰ,
কি বস্তুৰে জোলোঙা ভৰপূৰ কৰিব.... জোলোঙা ভৰপূৰ কৰোঁতাতো হৈছে লক্ষ্মী, যিয়ে ধন দিয়ে।
শিৱৰ ওচৰলৈতো নাযায়, শংকৰৰ ওচৰত গৈ কয়। এনেকৈ ভাবে যে শিৱ আৰু শংকৰ এজনেই কিন্তু
এনেকুৱাতো নহয়।
পিতা আহি সত্য কথা
শুনায়। পিতা হয়েই দুখহৰ্তা সুখকৰ্তা। তোমালোক সন্তানসকল গাৰ্হস্থ্য ব্যৱহাৰতো থাকিব
লাগে। পেছাগত কাম-কাজো কৰিব লাগে। প্ৰত্যেকেই নিজৰ বাবে ৰায় বিচাৰে - বাবা মই এইটো
কথাত মিছা মাতিবলগীয়া হয়। পিতাই প্ৰত্যেকৰে নাড়ীৰ স্পন্দন (মনোস্থিতি) চাই পৰামৰ্শ
দিয়ে কিয়নো পিতাই বুজি পায় মই ক'ম আৰু কৰিব নোৱাৰিব এনেকুৱা ৰায়নো কিয় দিওঁ। নাড়ীৰ
স্পন্দন চাই ৰায়ো এনেকুৱা দিয়া হয় যাতে কৰিবও পাৰে। ক'ম আৰু নকৰিব তেন্তে অবাধ্যৰ
শাৰীত আহি যাব। প্ৰত্যেকৰে নিজৰ নিজৰ হিচাপ-নিকাচ আছে। ছাৰ্জনতো এজনেই, তেওঁৰ ওচৰলৈ
আহিব লাগে। তেওঁ সম্পূৰ্ণ ৰায় দিব। সকলোৱে সুধিব লাগে - বাবা এইটো অৱস্থাত মই কেনেকৈ
চলা উচিত? এতিয়া কি কৰোঁ? পিতাই স্বৰ্গলৈতো লৈ যায়। তোমালোকে জানা আমি স্বৰ্গবাসীতো
হ'বলৈ গৈ আছোঁ। এতিয়া আমি সংগমবাসী। তোমালোক এতিয়া নৰকতো নাই আৰু স্বৰ্গতো নাই।
যিসকল ব্ৰাহ্মণ হয় তেওঁলোকৰ লংগৰ এই ছিঃ ছিঃ সৃষ্টিৰ পৰা উঠি গ'ল। তোমালোকে কলিযুগী
জগতৰ দাঁতি ত্যাগ কৰিছা। কোনো কোনো ব্ৰাহ্মণ স্মৃতিৰ যাত্ৰাত তীব্ৰ গতিৰে গৈ আছে,
কোনোবা কম। কোনোবাই হাত এৰি দিয়ে অৰ্থাৎ পুনৰাই কলিযুগলৈ গুচি যায়। তোমালোকে জানা
নাৱৰীয়াই আমাক এতিয়া লৈ গৈ আছে। সেই যাত্ৰাতো অনেক প্ৰকাৰৰ আছে। তোমালোকৰ এটাই
যাত্ৰা। এই যাত্ৰা একেবাৰে অনন্য। অৱশ্যে হয় ধুমুহা আহে যিয়ে স্মৃতি খণ্ডিত কৰি দিয়ে।
এই স্মৃতিৰ যাত্ৰা ভালদৰে দৃঢ় কৰি লোৱা। পৰিশ্ৰম কৰা। তোমালোক কৰ্মযোগী। যিমান পাৰা
হাতেৰে কৰ্ম কৰা অন্তৰেৰে স্মৰণ কৰা…. আধাকল্প তোমালোক প্ৰেমিকাই প্ৰিয়তমক স্মৰণ কৰি
আহিছা। বাবা ইয়াত বহুত দুখ, এতিয়া আমাক সুখধামৰ মালিক কৰি তোলক। স্মৃতিৰ যাত্ৰাত
থাকিলে তোমালোকৰ পাপ নাইকিয়া হৈ যাব। তোমালোকেই স্বৰ্গৰ উত্তৰাধিকাৰ পাইছিলা, এতিয়া
হেৰুৱালা। ভাৰত স্বৰ্গ আছিল সেইবাবেতো কোৱা হয় প্ৰাচীন ভাৰত। ভাৰতকেই বহুত মান দিয়ে।
সকলোতকৈ ডাঙৰো, সকলোতকৈ পুৰণিও। এতিয়াতো ভাৰত কিমান গৰিব সেইবাবে সকলোৱে ভাৰতক সহায়
কৰে। তেওঁলোকে ভাবে, আমাৰ বহুত শষ্য উৎপাদন হৈ যাব। কাৰো পৰা আমদানি কৰিবলগীয়া নহ'ব
কিন্তু এয়াতো তোমালোকে জানা – বিনাশ সমাগত যিয়ে ভালদৰে বুজি পায় তেওঁলোক ভিতৰি বহুত
আনন্দিত হৈ থাকে। প্ৰদৰ্শনীলৈ কিমান আহে। কয় যে আপোনালোকে সত্য কথা কয় কিন্তু এনেকৈ
বুজক যে আমি পিতাৰ পৰা উত্তৰাধিকাৰ ল'ব লাগে, এয়া বুদ্ধিত উদয় হয় জানো। ইয়াৰ পৰা
বাহিৰলৈ ওলাল আৰু সকলো শেষ। তোমালোকে জানা বাবাই আমাক স্বৰ্গলৈ লৈ যায়। তাত গৰ্ভ
কাৰাগাৰতো নোযোৱা আৰু স্থূল কাৰাগাৰলৈও নোযোৱা। এতিয়া কাৰাগাৰৰ যাত্ৰাও কিমান সহজ
হৈ গৈছে। পাছত সত্যযুগত কেতিয়াও কাৰাগাৰৰ মুখ দেখিবলৈ নাপাবা। দুয়ো প্ৰকাৰৰ
কাৰাগাৰেই নাথাকিব। ইয়াত এয়া সকলো মায়াৰ পাম্প। ডাঙৰ ডাঙৰ সকলকো যেন একেবাৰে শেষ কৰি
দিয়ে। আজি বহুত মান দি আছে, কালিলৈ শেষ। বৰ্তমান সকলো কথাই শীঘ্ৰতাৰে হয়। মৃত্যুও
শীঘ্ৰতাৰে হৈ থাকিব। সত্যযুগত এনেকুৱা কোনো উপদ্ৰৱ নহয়। আগলৈ গৈ দেখিবা কি হয়। বহুত
ভয়ংকৰ দৃশ্য। তোমালোক সন্তানসকলে সাক্ষাৎকাৰো কৰিছা। সন্তানসকলৰ বাবে মুখ্য হ'ল
স্মৃতিৰ যাত্ৰা। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1)
মন-বচন-কৰ্মত বহুত নিখুঁত হ'ব লাগে। ব্ৰাহ্মণ হৈ কোনো শূদ্ৰৰ কৰ্ম কৰিব নালাগে।
(2) বাবাৰ পৰা যি ৰায়
পোৱা যায় পূৰা সেইমতে চলি আজ্ঞাকাৰী হ'ব লাগে। কৰ্মযোগী হৈ প্ৰতিটো কাৰ্য কৰিব লাগে।
সকলোৰে জোলোঙা জ্ঞান ৰত্নৰে ভৰপূৰ কৰিব লাগে।
বৰদান:
ডবল লাইট হৈ
কৰ্মাতীত অৱস্থাৰ অনুভৱ কৰোঁতা কৰ্মযোগী হোৱা
যেনেকৈ কৰ্মত অহাটো
স্বাভাৱিক হৈ গৈছে, তেনেকৈ কৰ্মাতীত হোৱাটোও যাতে স্বাভাৱিক হৈ যায়, তাৰ বাবে সদায়
ডবল লাইট হৈ থাকা। ডবল লাইট হৈ থকাৰ বাবে কৰ্ম কৰি নিজক নিমিত্ত বুলি ভাবা আৰু
আত্মিক স্থিতিত থকাৰ অভ্যাস কৰা, এই দুটা কথাৰ প্ৰতি মনোযোগ দিলে চেকেণ্ডত কৰ্মাতীত
আৰু চেকেণ্ডত কৰ্মযোগী হৈ যাবা। কেৱল নিমিত্ত মাত্ৰ কৰ্ম কৰিবৰ বাবে কৰ্মযোগী হোৱা
আৰু তাৰ পাছত কৰ্মাতীত অৱস্থাৰ অনুভৱ কৰা।
স্লোগান:
যিসকলৰ অন্তৰ বিশাল, তেওঁলোকৰ বাবে অসম্ভৱ কাৰ্যও সম্ভৱ হৈ যায়।
অব্যক্ত ইংগিত: একতা
আৰু বিশ্বাসৰ বিশেষত্বৰে সফলতা সম্পন্ন হোৱা
তোমালোকৰ যিবোৰ
বিশেষত্ব আছে সেয়া সন্মুখত ৰাখা, দুৰ্বলতাবোৰ নহয়, তেতিয়া নিজৰ ওপৰত বিশ্বাস
থাকিব। দুৰ্বলতাৰ বিষয়ে বেছিকৈ চিন্তা নকৰিবা, তেতিয়া সদায় আনন্দেৰে আগবাঢ়ি গৈ
থকিবা। বাস্তৱত অনেক দেশ, অনেক ভাষা, অনেক ৰূপ-ৰং, কিন্তু এই অনেকতাৰ মাজতো সকলোৰে
অন্তৰত একতা আছে নহয়! কিয়নো অন্তৰত এক পিতা আছে। এজনৰ শ্রীমতত চলোতা হোৱা। অনেক
ভাষাৰ হ’লেও মনৰ গীত আৰু মনৰ ভাষা একেটাই।