25.03.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোক পিতাৰ সন্তান মালিক হোৱা, তোমালোকে পিতাৰ ওচৰত শৰণ লোৱা নাই, সন্তান
কেতিয়াও পিতাকৰ শৰণাগত নহয়”
প্ৰশ্ন:
কোনটো কথা
সদায় স্মৃতিত থাকিলে মায়াই বিৰক্ত নকৰিব?
উত্তৰ:
আমি পিতাৰ ওচৰলৈ আহিছোঁ, তেওঁ আমাৰ বাবাও হয়, শিক্ষকো হয়, সৎগুৰুও হয় কিন্তু
নিৰাকাৰ। আমাক নিৰাকাৰী আত্মাসকলক পঢ়াওঁতাজন নিৰাকাৰ বাবা, বুদ্ধিত এইটো স্মৃতি
থাকিলে আনন্দৰ সীমা নাথাকিব তেতিয়া মায়াই বিৰক্ত নকৰিব।
ওঁম্শান্তি।
ত্ৰিমূৰ্তি
পিতাই সন্তানসকলক বুজাইছে। ত্ৰিমূৰ্তি পিতা হয় নহয়। তিনিওজনকে ৰচনা কৰোঁতা তেওঁ হৈ
গ’ল সকলোৰে পিতা কিয়নো উচ্চতকৈও উচ্চ সেইজন পিতাই হয়। সন্তানসকলৰ বুদ্ধিত আছে – আমি
তেওঁৰ সন্তান। যেনেকৈ পিতা পৰমধামত থাকে তেনেকৈ আমি আত্মাসকলো তাৰে নিবাসী। পিতাই
এয়াও বুজাইছে যে এয়া ড্ৰামা, যি কিছু হয় সেয়া ড্ৰামাত এবাৰে হয়। পিতাইয়ো এবাৰে
পঢ়াবলৈ আহে। তোমালোকে কাৰো শৰণাগত নোহোৱা। এই কথাষাৰ ভক্তিমাৰ্গৰ – মই তোমাৰ শৰণত
পৰিছোঁ। সন্তানে কেতিয়াবা পিতাৰ শৰণত পৰে জানো! সন্তানতো মালিক হয়। তোমালোক
সন্তানসকলে পিতাৰ শৰণত পৰা নাই। পিতাই তোমালোকক নিজৰ কৰি লৈছে। সন্তানসকলে পিতাক
নিজৰ কৰি লৈছে। তোমালোক সন্তানসকলে পিতাক আহ্বানেই জনোৱা যে বাবা আহক, আমাক নিজৰ
ঘৰলৈ লৈ যাওঁক অথবা বাদশ্বাহী দিয়ক। এখন হ’ল শান্তিধাম, আনখন সুখধাম। সুখধাম হৈছে –
পিতাৰ সম্পত্তি আৰু দুখধাম হৈছে ৰাৱণৰ সম্পত্তি। 5 বিকাৰত আৱদ্ধ হৈ যোৱা বাবে দুখেই
দুখ। এতিয়া সন্তানসকলে জানে – আমি বাবাৰ ওচৰলৈ আহিছোঁ। তেওঁ পিতাও হয়, শিক্ষকো হয়
কিন্তু নিৰাকাৰ। আমাক নিৰাকাৰী আত্মাসকলক পঢ়াওঁতাজনো নিৰাকাৰ। তেওঁ হ’ল আত্মাসকলৰ
পিতা। এইটো স্মৃতি বুদ্ধিত সদায় থাকিলে তেতিয়াও আনন্দৰ সীমা নথাকিব। এইটো পাহৰাৰ
বাবে মায়াই বিৰক্ত কৰে। এতিয়া তোমালোকে পিতাৰ ওচৰত বহিছা সেয়েহে পিতা আৰু
উত্তৰাধিকাৰ স্মৃতিলৈ আহে। লক্ষ্য-উদ্দেশ্যতো বুদ্ধিত আছে নহয়। শিৱবাবাক স্মৰণ কৰিব
লাগে। শ্ৰীকৃষ্ণক স্মৰণ কৰাতো বহুত সহজ, শিৱবাবাক স্মৰণ কৰাত পৰিশ্ৰম হয়। নিজক আত্মা
বুলি বুজি পিতাক স্মৰণ কৰিব লাগে। যদি শ্ৰীকৃষ্ণ হয়, তেওঁৰ প্ৰতিতো সকলো তৎক্ষণাৎ
সমৰ্পণ হৈ যাব। বিশেষকৈ মাতাসকলেতো বহুত বিচাৰে যে মই যাতে শ্ৰীকৃষ্ণৰ দৰে সন্তান
পাওঁ, শ্ৰীকৃষ্ণৰ দৰে পতি পাওঁ। এতিয়া পিতাই কয় – মই আহিছোঁ, তোমালোকে শ্ৰীকৃষ্ণৰ
দৰে সন্তান অথবা পতিও পাবা অৰ্থাৎ এওঁৰ দৰে গুণৱান সৰ্বগুণ সম্পন্ন, 16 কলা
সম্পূৰ্ণ সুখ দিওঁতাক তোমালোকে পাবা। স্বৰ্গ অথবা কৃষ্ণপুৰীত সুখেই সুখ। সন্তানসকলে
জানে – আমি ইয়াতে কৃষ্ণপুৰীলৈ যাবৰ বাবে পঢ়োঁ। স্বৰ্গকহে সকলোৱে স্মৰণ কৰে নহয়।
কোনোবা মৰিলে তেতিয়া কয় – অমুক স্বৰ্গবাসী হ’ল তেন্তে আনন্দিত হোৱা উচিত, তালি বজোৱা
উচিত। নৰকৰ পৰা ওলাই স্বৰ্গলৈ গ’ল। এয়াতো বহুত ভাল হ’ল। যেতিয়া কোনোবাই কয় – অমুক
স্বৰ্গলৈ গমন কৰিলে তেতিয়া তোমালোকে কোবা – ক’ৰপৰা গ’ল? নিশ্চয় নৰকৰ পৰা গ’ল। এয়াতো
বহুত আনন্দৰ কথা। সকলোকে মাতি ‘টোলী’ খুওৱা উচিত। কিন্তু এয়াতো বুজিবলগীয়া কথা।
তেওঁলোকে এনেকৈ নকয় যে 21 জন্মৰ বাবে স্বৰ্গলৈ গ’ল। কেৱল কৈ দিয়ে স্বৰ্গলৈ গ’ল। বাৰু,
পুনত তেওঁৰ আত্মাক কিয় ইয়ালৈ মাতে? নৰকৰ ভোজন খুৱাবলৈ? নৰকলৈতো মাতা উচিত নহয়। এয়া
পিতাই বহি বুজায়, প্ৰতিটো কথা জ্ঞানৰ নহয় জানো। পিতাক আহ্বান জনায় – আমাক পতিতৰ পৰা
পাৱন কৰি তোলক সেয়েহে পতিত শৰীৰক শেষ কৰিবলগীয়া হয়। সকলো মৰি যাব পাছত কোনে কাৰ
কাৰণে কান্দিব? এতিয়া তোমালোকে জানিছা – আমি এই শৰীৰ এৰি নিজৰ ঘৰলৈ যাম। এতিয়া এইটো
অভ্যাস কৰি আছোঁ যে কেনেকৈ শৰীৰ এৰোঁ। এনেকুৱা পুৰুষাৰ্থ জগতত কোনোবাই কৰে জানো!
তোমালোক সন্তানসকলৰ
এইটো জ্ঞান আছে যে এয়া আমাৰ পুৰণা শৰীৰ। পিতায়ো কয় – পুৰণা শৰীৰ লোণত লওঁ। ড্ৰামাত
এইখন ৰথেই নিমিত্ত কৰা আছে। এয়া সলনি হ’ব নোৱাৰে। তোমালোকে এওঁক পুনৰ 5000 বছৰ পাছত
দেখিবা। ড্ৰামাৰ ৰহস্যও বুজি পাইছা নহয়। পিতাৰ বাহিৰে আন কাৰো শক্তি নাই যে এয়া
বুজাব পাৰিব। এই পাঠশালা বহুত আচৰিত, ইয়াতে বুঢ়ায়ো ক’ব - আমি ভগৱানৰ পাঠশালালৈ
ভগৱান ভগৱতী হ’বলৈ যাওঁ। হেৰ’ বুঢ়ীসকলে জানো কেতিয়াবা স্কুলত পঢ়ে জানো। তোমালোকক
কোনোবাই সোধে – আপোনালোক ক’লৈ যায়? কোৱা, আমি ঈশ্বৰীয় বিশ্ব বিদ্যালয়লৈ যাওঁ। তাত
আমি ৰাজযোগ শিকোঁ। এনেকুৱা কথা শুনোৱা যাতে তেওঁলোক আচৰিত হৈ যায়। বুঢ়াসকলেও কয় –
আমি ভগৱানৰ পাঠশালালৈ যাওঁ। এনেকৈ আন কোনেও ক’ব নোৱাৰে। তেওঁলোকে ক’ব – নিৰাকাৰ
ভগৱান ক’ৰপৰা আহিল? কিয়নো তেওঁলোকে ভাবে যে– ভগৱান নাম-ৰূপৰ পৰা উৰ্দ্ধত। এতিয়া
তোমালোকে বোধেৰে কোৱা। প্ৰতিটো মূৰ্তিৰ বৃত্তিক তোমালোকে জানা। বুদ্ধিত এইটো দৃঢ়ভাৱে
আছে যে উচ্চতকৈও উচ্চ শিৱবাবা, যাৰ আমি সন্তান। বাৰু, তাৰপাছত সূক্ষ্মলোকবাসী
ব্ৰহ্মা-বিষ্ণু-শংকৰ, তোমালোকে কেৱল ক’ব লাগে বাবে কৈ নিদিয়া। তোমালোকে অন্তৰেৰে
জানা যে ব্ৰহ্মাৰ দ্বাৰা স্থাপনা কেনেকৈ কৰে। তোমালোকৰ বাহিৰে আন কোনেও জন্মপত্ৰিকা
নাজানে। নিজৰ জন্মপত্ৰিকাকে নাজানে তেন্তে আনৰ কেনেকৈ জানিব? তোমালোকে এতিয়া সকলো
জানি গৈছা। পিতাই কয় – মই যি জানো সেয়া তোমালোক সন্তানসকলক বুজাওঁ। বাদশ্বাহীও
পিতাৰ বাহিৰে আন কোনেও দিব নোৱাৰে। এই লক্ষ্মী-নাৰায়ণে কোনো যুদ্ধৰ দ্বাৰা এই ৰাজ্য
পোৱা নাই। তাত যুদ্ধ নহয়। ইয়াততো কিমান হাই-কাজিয়া কৰে। কিমান অনেক মনুষ্য। এতিয়া
তোমালোক সন্তানসকলৰ অন্তৰত এইটো উদয় হোৱা উচিত যে আমি পিতাৰ পৰা ককাৰ দ্বাৰা
উত্তৰাধিকাৰ পাই আছোঁ। পিতাই কয় – একমাত্ৰ মোক স্মৰণ কৰা, এনেকৈ নকয় যে যাৰ শৰীৰত
প্ৰৱেশ কৰিছোঁ তেওঁকো স্মৰণ কৰা। নাই, কয় মোক স্মৰণ কৰা। সেই সন্ন্যাসীসকলে নিজৰ ফটো
নাম সহিত দিয়ে। শিৱবাবাৰ ফটো কি উলিয়াব? বিন্দুৰ ওপৰত নাম কেনেকৈ লিখিব। বিন্দুৰ
ওপৰত শিৱবাবা নাম লিখিলে তেতিয়া বিন্দুতকৈও নাম ডাঙৰ হৈ যাব। বুজিবলগীয়া কথা হয় নহয়।
সেয়েহে সন্তানসকল বহুত আনন্দিত হোৱা উচিত যে আমাক শিৱবাবাই পঢ়ায়। আত্মাই পঢ়ে নহয়।
সংস্কাৰ আত্মায়ে লৈ যায়। এতিয়া পিতাই আত্মাত সংস্কাৰ ধাৰণ কৰাই আছে। তেওঁ পিতাও হয়,
শিক্ষকো হয় আৰু গুৰুও হয়। পিতাই তোমালোকক যি শিকায় তোমালোকে আনকো এয়া শিকোৱা, সৃষ্টি
চক্ৰক স্মৰণ কৰা আৰু কৰোৱা। তেওঁৰ যি গুণ আছে সেয়া সন্তানসকলকো দিয়ে। তেওঁ কয় – মই
জ্ঞানৰ সাগৰ, সুখৰ সাগৰ। সকলোৰে কাণত এই মধুৰ কথাবোৰ শুনোৱা যে শিৱবাবাক স্মৰণ কৰক
তেতিয়া স্মৃতিৰ আধাৰত বিকৰ্ম বিনাশ হ’ব। সকলোকে এইটো বাৰ্তা দিব লাগে যে বাবা আহিছে,
তেওঁৰ পৰা এয়া উত্তৰাধিকাৰ পাওঁক। সকলোকে এইটো বাৰ্তা দিব লাগে। অৱশেষত বাতৰিকাকাতৰ
লোকসকলেও ছপাব। এয়াতো জানা – অন্ত সময়ত সকলোৱে ক’ব অ’ প্ৰভু তোমাৰ লীলা... পিতায়ে
সকলোকে সৎগতি দিয়ে। দুখৰ পৰা উদ্ধাৰ কৰি সকলোকে শান্তিধামলৈ লৈ যায়। এয়াও যাদুকৰী
নহ’ল জানো। তেওঁলোকৰ হ’ল অলপ সময়ৰ যাদুকৰী। ইয়াততো 21 জন্মৰ বাবে মনুষ্যৰ পৰা দেৱতা
কৰি গঢ়ি তোলে। এই ‘মনমনাভৱ’ যাদুৰ দ্বাৰা তোমালোক লক্ষ্মী-নাৰায়ণ হোৱা। যাদুকৰ,
ৰত্নাকৰ এয়া সকলো শিৱবাবাৰ নাম, ব্ৰহ্মাৰ নহয়। এই ব্ৰাহ্মণ-ব্ৰাহ্মণী সকলোৱে পঢ়ে।
পঢ়ি পুনৰ পঢ়ায়। বাবাই অকলে নপঢ়ায়। বাবাই তোমালোকক একেলগে পঢ়ায়, তোমালোকে আকৌ আনক
পঢ়োৱা। পিতাই ৰাজযোগ শিকাই আছে। সেই পিতা ৰচয়িতা হয়, শ্ৰীকৃষ্ণতো ৰচনা নহয় জানো।
উত্তৰাধিকাৰ ৰচয়িতাৰ পৰা পোৱা যায়, ৰচনাৰ পৰা নহয়। শ্ৰীকৃষ্ণৰ পৰা উত্তৰাধিকাৰ পোৱা
নাযায়। বিষ্ণুৰ দুটা ৰূপ এই লক্ষ্মী-নাৰায়ণ। সৰুকালত ৰাধা-কৃষ্ণ আছিল। এই কথাবোৰো
দৃঢ়ভাৱে স্মৃতিত ৰাখি লোৱা। বুঢ়াসকলেও তীব্ৰতাৰে আগবাঢ়ি গ’লে উচ্চ পদ পাব পাৰে।
বুঢ়ীসকলৰ তথাপি অলপ মোহ থাকে। নিজৰে ৰচনাৰূপী জালত আৱদ্ধ হৈ যায়। কিমানৰ স্মৃতি আহি
যায়, সেইবোৰৰ পৰা বুদ্ধিযোগ ছিঙি আকৌ এজন পিতাৰ সৈতে লগোৱা এই ক্ষেত্ৰতে পৰিশ্ৰম হয়।
জীৱন্তে মৰিব লাগে। বুদ্ধিত এবাৰ তীৰ লাগি গ’লে তেন্তে বচ্। পাছত যুক্তিৰে
চলিবলগীয়া হয়। এনেকুৱাও নহয় যে কাৰো লগত কথা-বতৰা পাতিব নালাগে। গৃহস্থালিত নিশ্চয়
থাকা, সকলোৰে লগত কথা-বতৰা পাতা। তেওঁলোকৰ লগত সম্পৰ্ক ৰাখা। পিতাই কয় – দান ঘৰৰ পৰা
আৰম্ভ হয়। যদি সম্পৰ্কই নাৰাখা তেন্তে তেওঁলোকক উদ্ধাৰ কেনেকৈ কৰিবা? দুয়োফালে
সম্পৰ্ক বজাই ৰাখিব লাগে। বাবাক সোধে – বিয়ালৈ যাওঁ? বাবাই কয় – কিয় নাযাবা। পিতাই
কেৱল কয় – কাম মহাশত্ৰু, তাৰ ওপৰত বিজয়ী হোৱা তেতিয়া তোমালোক জগৎজিৎ হৈ যাবা।
সত্যযুগত নিৰ্বিকাৰী হয়েই। যোগবলৰ আধাৰত জন্ম হয়। পিতাই কয় – নিৰ্বিকাৰী হোৱা। এটাতো
এইটো দৃঢ় কৰা যে আমি শিৱবাবাৰ ওচৰত বহি আছোঁ, শিৱাবাবাই আমাক 84 জন্মৰ কাহিনী শুনায়।
এই সৃষ্টি চক্ৰ ঘূৰি থাকে, প্ৰথমতে সতোপ্ৰধান দেৱী-দেৱতাসকল আহে, পাছত পুনৰ্জন্ম লৈ
লৈ তমোপ্ৰধান হয়। পুৰণি সৃষ্টি পতিত হয়। আত্মাই পতিত হয় নহয়। ইয়াত কোনো বস্তুৰ সাৰ
নাই। ক’ত সত্যযুগৰ ফল-ফুল ক’ত ইয়াৰ! তাত তেতিয়াও টেঙা বাহী বস্তু নাথাকে। তোমালোকে
তাৰ সাক্ষাৎকাৰো কৰি আহিছা। তোমালোকৰ অন্তৰে বিচাৰে – এই ফল-ফুল লৈ যাওঁ। কিন্তু
যেতিয়া ইয়ালৈ আহা তেতিয়া সেয়া নাইকিয়া হৈ যায়। এই সকলো সাক্ষাৎকাৰ কৰাই পিতাই
সন্তানসকলক আনন্দ দিয়ে। এয়া হ’ল আত্মিক পিতা যিজনে তোমালোকক পঢ়ায়। এই শৰীৰৰ দ্বাৰা
আত্মাই পঢ়ে, শৰীৰে নহয়। আত্মাৰহে শুদ্ধ অভিমান আছে – ময়ো এই উত্তৰাধিকাৰ লৈ আছোঁ,
স্বৰ্গৰ মালিক হৈ আছোঁ। স্বৰ্গলৈতো সকলোৱে যাব কিন্তু সকলোৰে নামতো লক্ষ্মী-নাৰায়ণ
নহয়। উত্তৰাধিকাৰ আত্মাই পায় এই জ্ঞান পিতাৰ পিতাৰ বাহিৰে আন কোনেও দিব নোৱাৰে।
এইখনতো হৈছে বিশ্ব বিদ্যালয়, ইয়াত শিশু, যুৱক সকলোৱে পঢ়ে। এনেকুৱা কলেজ কেতিয়াবা
দেখিছানে? তেওঁলোক মনুষ্যৰ পৰা বেৰিষ্টাৰ ডাক্তৰ আদি হয়। ইয়াত তোমালোক মনুষ্যৰ পৰা
দেৱতা হোৱা।
তোমালোকে জানা – বাবা
আমাৰ শিক্ষক, সৎগুৰু হয়, তেওঁ আমাক লগত লৈ যাব। তাৰপাছত আমি পঢ়া অনুসৰি আহি সুখধামত
পদ পাম। পিতাইতো কেতিয়াও তোমালোকৰ সত্যযুগক দেখাও নাপায়। শিৱবাবাই সোধে – মই
সত্যযুগ দেখোনে? শৰীৰৰ দ্বাৰাহে দেখা পোৱা যায়, তেওঁৰ নিজৰ শৰীৰতো নাই, সেয়েহে
কেনেকৈ দেখিব? ইয়াত তোমালোক সন্তানসকলৰ লগত কথা পাতে, দেখা পায় এয়া গোটেই পুৰণি
সৃষ্টি। শৰীৰ অবিহনেতো একো চাব নোৱাৰো। পিতাই কয় – মই পতিত সৃষ্টি, পতিত শৰীৰত আহি
তোমালোকক পাৱন কৰি তোলোঁ। মই স্বৰ্গ দেখাই নাপাওঁ। এনেকুৱা নহয় যে কাৰোবাৰ শৰীৰত
প্ৰৱেশ কৰি মনে মনে চাই আহোঁ। নহয়, ভূমিকাই নাই। তোমালোকে কিমান নতুন কথা শুনা।
সেয়েহে এতিয়া এই পুৰণি সৃষ্টিৰ প্ৰতি অন্তত্ৰ আকৰ্ষণ ৰাখিব নালাগে। পিতাই কয় –
যিমান পাৱন হ’বা তেতিয়া উচ্চ পদ পাবা। সকলো স্মৃতিৰ যাত্ৰাৰে বাজী। যাত্ৰাৰ সময়তো
মনুষ্য পৱিত্ৰ হৈ থাকে পাছত যেতিয়া ঘৰলৈ উভতি আহে তেতিয়া পুনৰ অপৱিত্ৰ হয়। তোমালোক
সন্তানসকল বহুত আনন্দিত হোৱা উচিত। তোমালোকে জানা – বেহদৰ পিতাৰ পৰা আমি বেহদ
স্বৰ্গৰ উত্তৰাধিকাৰ লওঁ সেয়েহে তেওঁৰ শ্ৰীমতত চলিব লাগে। পিতাৰ স্মৃতিৰে সতোপ্ৰধান
হ’ব লাগে। 63 জন্মৰ বিকাৰৰ লেপ লাগি আছে। সেয়া এইটো জন্মত নাইকিয়া কৰিব লাগে, আন
কোনো কষ্ট নাই। বিষ পান কৰাৰ যি ভোক লাগে, সেয়া ত্যাগ কৰিব লাগে, তাৰতো খেয়ালো
নকৰিবা। পিতাই কয় – এই বিকাৰৰ দ্বাৰাহে তোমালোক জন্ম-জন্মান্তৰ দুখী হৈছা।
কুমাৰীসকলৰ ওপৰততো বহুত দয়া ওপজে। চিনেমা চোৱা বাবেই নষ্ট হৈ যায়, ইয়াৰ দ্বাৰা নৰকত
গুচি যায়। হয়তো বাবাই কিছুমান কয় – চোৱাত কোনো বাধা নাই, কিন্তু তোমালোকক দেখি আনেও
যোৱাত লাগি যাব সেইবাবে তোমালোক যাব নালাগে। এয়া হ’ল ভাগ্যশালী ৰথ। ভাগ্যশালী ৰথ
নহয় জানো যিজনে ড্ৰামাত নিজৰ ৰথ লোণ দিবলৈ নিমিত্ত হৈছে। তোমালোকে বুজিছা – বাবা
এওঁৰ শৰীৰত আহে, এয়া হ’ল হুছেইনৰ ঘোঁৰা। তোমালোক সকলোকে সুন্দৰ কৰি তোলে। পিতা নিজে
সুন্দৰ, কিন্তু এইখন ৰথ লৈছে। ড্ৰামাত এওঁৰ ভূমিকাই এনেকুৱা। এতিয়া আত্মা যি ক’লা
হৈ গৈছে তাক স্বৰ্ণীম যুগী কৰি তুলিব লাগে।
পিতা সৰ্বশক্তিমান নে
ড্ৰামা? ড্ৰামা, আকৌ তাত যিসকল ভাওৰীয়া আছে তেওঁলোকৰ মাজত সৰ্বশক্তিমান কোন? শিৱবাবা
আৰু তাৰপাছত ৰাৱণ। আধাকল্প হ’ল ৰামৰাজ্য, আধাকল্প ৰাৱণৰাজ্য। বাৰে বাৰে পিতালৈ লিখে
- মই পিতাৰ স্মৃতি পাহৰি যাওঁ। দুখী হৈ যাওঁ। হেৰ’ তোমালোকক স্বৰ্গৰ মালিক কৰি
তুলিবলৈ আহিছোঁ কিন্তু তোমালোক কিয় দুখী হৈ থাকা। পৰিশ্ৰমতো কৰিব লাগে, পৱিত্ৰ হ’ব
লাগে। এনেয়ে জানো তিলক দিব! জ্ঞান আৰু যোগৰ আধাৰত নিজে নিজক ৰাজতিলক দিয়াৰ যোগ্য কৰি
তুলিব লাগে। পিতাক স্মৰণ কৰি থাকা তেতিয়া তোমালোকে নিজে নিজে তিলক পোৱাৰ যোগ্য হৈ
যাবা। বুদ্ধিত আছে – শিৱবাবা হৈছে আমাৰ মৰমৰ পিতা, শিক্ষক আৰু সৎগুৰু। আমাকো বহুত
মৰমিয়াল কৰি তোলে। তোমালোকে জানা – আমি শ্ৰীকৃষ্ণপুৰীলৈ নিশ্চয় যাম। প্ৰত্যেক 5000
বছৰ পাছত ভাৰত স্বৰ্গ নিশ্চয় হয়। পুনৰ নৰক হয়। মনুষ্যই ভাবে – যিসকল ধনৱান তেওঁলোকৰ
কাৰণে ইয়াতেই স্বৰ্গ, গৰিব নৰকত আছে। কিন্তু তেনেকুৱা নহয়। এয়া হয়েই নৰক। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) চিনেমা
হৈছে নৰকলৈ যোৱাৰ ৰাস্তা, সেইবাবে চিনেমা চাব নালাগে। স্মৃতিৰ যাত্ৰাৰে পৱিত্ৰ হৈ
উচ্চ পদ ল’ব লাগে, এই পুৰণি সৃষ্টিৰ প্ৰতি অন্তৰৰ আকৰ্ষণ ৰাখিব নালাগে।
(2) মন-বাণী-কৰ্মৰে
কাকো দুখ দিব নালাগে। সকলোৰে কাণত মধুৰ কথা শুনাব লাগে, সকলোকে পিতাৰ স্মৃতি
সোঁৱৰাই দিব লাগে। বুদ্ধিৰ যোগসূত্ৰ একমাত্ৰ পিতাৰ সৈতে গঢ়িব লাগে।
বৰদান:
স্মৃতিৰ বুটাম
সক্ৰিয় কৰি চেকেণ্ডত অশৰীৰী স্থিতিৰ অনুভৱ কৰোঁতা প্ৰীতি বুদ্ধিৰ হোৱা
য’ত প্ৰভু প্ৰীতি আছে
ত’ত অশৰীৰী হোৱা এক চেকেণ্ডৰ খেলৰ নিচিনা। যেনেকৈ বুটাম সক্ৰিয় কৰি দিলেই অন্ধকাৰ
আঁতৰি যায় তেনেকৈ প্ৰীতি বুদ্ধিৰ হৈ স্মৃতিৰ বুটাম সক্ৰিয় কৰা তেতিয়া দেহ আৰু দেহৰ
জগতৰ স্মৃতিৰ বুটাম নিষ্ক্ৰিয় হৈ যাব। এয়া চেকেণ্ডৰ খেল। মুখেৰে ‘বাবা’ বুলি ক’বলৈও
সময় লাগে কিন্তু স্মৃতিলৈ আনিবৰ বাবে সময় নালাগে। এই ‘বাবা’ শব্দই পুৰণি সৃষ্টিক
পাহৰাৰ আত্মিক বোমা।
স্লোগান:
দেহবোধৰ মাটিৰ বোজাৰ পৰা উৰ্দ্ধত থাকা তেতিয়া ‘ডবল লাইট’ ফৰিস্তা হৈ যাবা।
সত্যতা আৰু সভ্যতা
ৰূপী সংস্কৃতি ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
সত্যতাৰ চিনাক্তকৰণ
হৈছে সংকল্প, বাণী, কৰ্ম, সম্বন্ধ-সম্পৰ্ক সকলোতে দৈৱিকতাৰ অনুভৱ হোৱা। কোনোৱে কয়
মইতো সদায় সত্য কওঁ কিন্তু বাণী বা কৰ্মত যদি দৈৱিকতা নাই তেন্তে আনৰ তোমালোকৰ সত্য
সত্য যেন নালাগিব সেই কাৰণে সত্যতাৰ শক্তিৰে দৈৱিকতা ধাৰণ কৰা। যিয়েই সহ্য কৰিবলগীয়া
নহওঁক, ভয় নকৰিবা। সত্য সময়ত স্বয়ং সিদ্ধ হ’ব।