25.03.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোক হৈছা মহাবীৰ, তোমালোকে মায়াৰ ধুমুহালৈ ভয় কৰিব নালাগে, এক পিতাৰ বাহিৰে
অন্য কাৰোলৈকে ভ্ৰূক্ষেপ নকৰি পৱিত্ৰ নিশ্চয় হ’ব লাগে”
প্ৰশ্ন:
সন্তানসকলৰ
কোনটো সাহস থাকিলে তেতিয়া বহুত উচ্চ পদ পাব পাৰে?
উত্তৰ:
শ্ৰীমতত চলি পৱিত্ৰ হোৱাৰ। লাগিলে যিমানেই হুলস্থূল নহওক, অত্যাচাৰ সহ্য কৰিবলগীয়া
নহওক পিতাই যি পৱিত্ৰ হোৱাৰ শ্ৰেষ্ঠ মত দিছে সেই অনুসৰি নিৰন্তৰ চলি থাকিলে বহুত
উচ্চ পদ পাব পাৰে। কোনো কথাত ভীতিগ্ৰস্ত হ’ব নালাগে, যিয়েই নহওক – একো নতুন কথা নহয়।
গীত:
ভোলানাথ চে
নিৰালা… (ভোলানাথতকৈ অনন্য...)
ওঁম্শান্তি।
এয়া হৈছে
ভক্তিমাৰ্গৰ লোকসকলৰ গীত। জ্ঞানমাৰ্গত গীত আদিৰ কোনো প্ৰয়োজন নাই কিয়নো গায়ন কৰা আছে
পিতাৰ পৰা আমি বেহদৰ উত্তৰাধিকাৰ পাব লাগে। ভক্তিমাৰ্গৰ যিবোৰ ৰীতি-প্ৰথা আছে,
সেইবোৰ ইয়াত প্ৰযোজ্য হ’ব নোৱাৰে। সন্তানসকলে কবিতা আদি লিখে সেয়া আনক শুনাবলৈ। তাৰো
অৰ্থ যেতিয়ালৈকে তোমালোকে নুবুজোৱা তেতিয়ালৈকে কোনেও বুজিব নোৱাৰে। এতিয়া তোমালোক
সন্তানসকলে পিতাক পাইছা আনন্দৰ পাৰা উৰ্দ্ধগামী হ’ব লাগে। পিতাই 84 জন্মৰ চক্ৰৰ
জ্ঞানো শুনাইছে। আনন্দিত হ’ব লাগে – আমি এতিয়া স্বদৰ্শন চক্ৰধাৰী হৈছোঁ। পিতাৰ পৰা
বিষ্ণুপুৰীৰ উত্তৰাধিকাৰ লৈ আছোঁ। নিশ্চয়বুদ্ধিৰ হ’লেহে বিজয় হয়। যাৰ নিশ্চয়তা
জন্মিছে তেওঁ সত্যযুগলৈতো যাবই। সেয়েহে সন্তানসকল সদায় আনন্দিত হৈ থাকিব লাগে –
পিতাক অনুসৰণ কৰা। সন্তানসকলে জানে নিৰাকাৰ শিৱবাবা যেতিয়া এওঁৰ শৰীৰত প্ৰৱেশ কৰিলে
তেতিয়া বহুত হুলস্থূল হ’ল। পৱিত্ৰতাক লৈ বহুত কাজিয়া হ’ল। সন্তান ডাঙৰ হ’ল, ক’ব
সোনকালে বিয়া পাতা, বিয়া নাপাতিলে কাম কেনেকৈ চলিব। যদিও মনুষ্যই গীতা পঢ়ে কিন্তু
তাৰ পৰা একো নুবুজে। সকলোতকৈ বেছি বাবাৰ (ব্ৰহ্মা বাবাৰ গীতা পঢ়াৰ) অভ্যাস আছিল।
এদিনো গীতা পঢ়িবলৈ এৰা নাছিল। যেতিয়া গম পালে যে গীতাৰ ভগৱান শিৱ, নিচা বাঢ়ি গ’ল
মইতো বিশ্বৰ মালিক হওঁ। এয়াতো শিৱ ভগৱানুবাচ আকৌ পৱিত্ৰতাক লৈও বহুত হুলস্থূল হ’ল।
এই ক্ষেত্ৰত বাহাদুৰি লাগে নহয়। তোমালোক হোৱাই মহাবীৰ-মহাবীৰঙ্গনা। কেৱল এজনৰ বাহিৰে
আৰু একো চিন্তা নাই। পুৰুষ হ’ল ৰচয়িতা, ৰচয়িতা নিজে পাৱন হয় তেন্তে ৰচনাকো পাৱন কৰি
তোলে। বচ্ এইটো কথাৰ ওপৰতে বহুত কাজিয়া হ’ল। সম্ভ্ৰান্ত ঘৰৰ পৰা ওলাই আহিল। কাৰোলৈকে
ভ্ৰূক্ষেপ নকৰিলে। যাৰ ভাগ্যত নাই তেন্তে বুজিবনো কেনেকৈ। পৱিত্ৰ হৈ থাকা যদি থাকা,
নহ’লে গৈ নিজৰ ব্যৱস্থা কৰা। ইমানখিনি সাহস লাগে নহয়। বাবাৰ সন্মুখত কিমান হুলস্থূল
হ’ল। বাবাক কেতিয়াবা বিতুষ্ট হোৱা দেখিলা জানো? আমেৰিকালৈকে বাতৰিকাকতত ওলাল। একো
নতুন কথা নহয়। এয়াতো কল্প পূৰ্বৰ দৰে হয়, ইয়াত ভীতিগ্ৰস্ত হোৱাৰ কি কথা আছে। আমিতো
নিজৰ পিতাৰ পৰা উত্তৰাধিকাৰ ল’ব লাগে। নিজৰ ৰচনাক ৰক্ষা কৰিব লাগে। পিতাই জানে
গোটেই ৰচনা এই সময়ত পতিত। ময়েই সকলোকে পাৱন কৰি তুলিব লাগে। পিতাকেই সকলোৱে কয় হে
পতিত-পাৱন, মুক্তিদাতা আহক, সেয়েহে তেওঁৰেই দয়া ওপজে। দয়ালু অন্তৰৰ হয় নহয়। সেয়েহে
পিতাই বুজায় – সন্তানসকল, কোনো কথাত ভীতিগ্ৰস্ত নহ’বা। ভীতিগ্ৰস্ত হ’লে ইমান উচ্চ
পদ পাব নোৱাৰিবা। মাতাসকলৰ ওপৰতেই অত্যাচাৰ হয়। ইয়াৰো দৃষ্টান্ত আছে – দ্ৰৌপদীক
নাঙঠ কৰিছিল। পিতাই 21 জন্মৰ কাৰণে নাঙঠ হোৱাৰ পৰা ৰক্ষা কৰে। জগতে এই কথাবোৰ নাজানে।
পতিত তমোপ্ৰধান পুৰণি সৃষ্টিও হ’বই লাগে। প্ৰতিটো বস্তু নতুনৰ পৰা আকৌ পুৰণি নিশ্চয়
হ’ব লাগে। পুৰণি ঘৰ এৰিবলগীয়াই হয়। নতুন সৃষ্টি সোণালী যুগ, পুৰণি সৃষ্টি লৌহ যুগ……
সদায়তো থাকিব নোৱাৰে। তোমালোক সন্তানসকলে জানা – এয়া সৃষ্টি চক্ৰ। দেৱী-দেৱতাসকলৰ
ৰাজ্য পুনৰাই স্থাপনা হৈ আছে। পিতায়ো কয় - পুনৰ তোমালোকক গীতা জ্ঞান শুনাওঁ। ইয়াত
ৰাৱণৰাজ্যত দুখ আছে। ৰামৰাজ্য কাক কোৱা হয়, এইটোও কোনেও বুজি নাপায়। পিতাই কয় - মই
স্বৰ্গ অথবা ৰামৰাজ্যৰ স্থাপনা কৰিবলৈ আহিছোঁ। তোমালোক সন্তানসকলে অনেকবাৰ ৰাজ্য
লৈছা আকৌ হেৰুৱাইছা। এইটো সকলোৰে বুদ্ধিত আছে। 21 জন্ম আমি সত্যযুগত থাকোঁ, তাক কোৱা
হয় 21 প্ৰজন্ম অৰ্থাৎ যেতিয়া বৃদ্ধ অৱস্থা হয় তেতিয়া শৰীৰ ত্যাগ কৰে। অকালতে
কেতিয়াও মৃত্যু নহয়। এতিয়া তোমালোক যেন ত্ৰিকালদৰ্শী হৈ গৈছা। তোমালোকে জানা –
শিৱবাবা কোন? শিৱৰ মন্দিৰো অনেক নিৰ্মাণ কৰিছে। মূৰ্তিতো ঘৰতো ৰাখিব পাৰা নহয়।
কিন্তু ভক্তিমাৰ্গো ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। বুদ্ধিৰে বুজিব লাগে। শ্ৰীকৃষ্ণৰ অথবা
শিৱৰ মূৰ্তি ঘৰতো ৰাখিব পাৰে। বস্তুতো একেটাই। আকৌ ইমান দূৰ-দূৰণিলৈ কিয় যায়?
তেওঁলোকৰ ওচৰলৈ গ’লে জানো শ্ৰীকৃষ্ণপুৰীৰ উত্তৰাধিকাৰ পাব। এতিয়া তোমালোকে জানা
জন্ম-জন্মান্তৰ আমি ভক্তি কৰি আহিছোঁ। ৰাৱণৰাজ্যৰো জাকজমকতা চোৱা কিমান। এয়া হৈছে
অন্তিম সময়ৰ জাকজমকতা। ৰামৰাজ্যতো সত্যযুগত আছিল। তাত এই বিমান আদি সকলো আছিল আকৌ
এই সকলোবিলাক হেৰাই গ’ল। আকৌ এই সময়ত এই সকলোবিলাক ওলাইছে। এতিয়া এই সকলোবোৰ শিকি
আছে, যিসকলে শিকিছে তেওঁলোকে সেই সংস্কাৰ লৈ যাব। তাত আহি আকৌ বিমান সাজিব। এয়া
ভৱিষ্যতে তোমালোকক সুখ দিয়া বস্তু। এই বিজ্ঞান আকৌ তোমালোকৰ কামত আহিব। এতিয়া এই
বিজ্ঞান দুখৰ কাৰণ আকৌ তাত সুখৰ কাৰণ হ’ব। এতিয়া স্থাপনা হৈ আছে। পিতাই নতুন
সৃষ্টিৰ কাৰণে ৰাজধানী স্থাপন কৰে গতিকে তোমালোক সন্তানসকল মহাবীৰ হ’ব লাগে। জগতত
জানো এইটো কোনোবাই জানে যে ভগৱানৰ আগমন হৈছে।
পিতাই কয় -
গৃহস্থালিত থাকি পদুম ফুলৰ সমান পৱিত্ৰ হৈ থাকা, এই ক্ষেত্ৰত ভীতিগ্ৰস্ত হোৱাৰ কথা
নাই। খুব বেছি গালি দিব। গালিতো এৱোঁ বহুত খাইছে। শ্ৰীকৃষ্ণই গালি খালে – এনেকৈ
দেখুৱায়। এতিয়া শ্ৰীকৃষ্ণইতো গালি খাব নোৱাৰে। গালিতো কলিযুগত খায়। তোমালোকৰ এতিয়া
যি ৰূপ (চেহেৰা) সেয়া আকৌ কল্পৰ পাছত এই সময়ত হ’ব। মাজত কেতিয়াও হ’ব নোৱাৰে। জন্মই
জন্মই চেহেৰা সলনি হৈ থাকে, এইখন ড্ৰামা ৰচি থোৱা আছে। 84 জন্মত যি চেহেৰাৰে জন্ম
লৈছে সেয়াই ল’ব। এতিয়া তোমালোকে জানা এই চেহেৰাই সলনি হৈ পৰৱৰ্তী জন্মত এই
লক্ষ্মী-নাৰায়ণৰ চেহেৰা হৈ যাব। তোমালোকৰ বুদ্ধিৰ তলা এতিয়া খুলিছে। এয়া হ’ল নতুন
কথা। বাবাও নতুন, কথাও নতুন। এই কথাবোৰ কোনেও সোনকালে নুবুজে। যদি ভাগ্যত থাকে
তেন্তে কিছু বুজিব। বাকী মহাবীৰ সেইজনক কোৱা হয় যি যিমানেই ধুমুহা নাহক, অচল হৈ থাকে।
এতিয়া সেইটো অৱস্থা হ’ব নোৱাৰে। হ’ব নিশ্চয় লাগিব। মহাবীৰে কোনো ধুমুহালৈ ভয় নকৰে।
সেইটো অৱস্থা অন্তত হ’বগৈ সেইকাৰণে গায়ন আছে অতীন্দ্ৰিয় সুখৰ বিষয়ে গোপ-গোপীসকলক
সোধা। পিতা আহিছে তোমালোক সন্তানসকলক স্বৰ্গৰ লায়ক কৰি তুলিবলৈ। কল্প পূৰ্বৰ দৰে
নৰকৰ বিনাশতো হ’বই। সত্যযুগততো এটাই ধৰ্ম থাকিব। বিচাৰেও একত্ব, এক ধৰ্ম হ’ব লাগে।
এইটোও কোনেও নাজানে যে ৰামৰাজ্য, ৰাৱণৰাজ্য বেলেগ বেলেগ। এতিয়া পিতাৰ প্ৰতি পূৰা
নিশ্চয়তা যদি আছে তেন্তে শ্ৰীমতত চলিব লাগে। প্ৰত্যেকৰে নাড়ীৰ স্পন্দন লক্ষ্য কৰা
হয়। সেই অনুসৰি আকৌ ৰায়ো দিয়া হয়। বাবায়ো সন্তানসকলক ক’লে – যদি বিয়া কৰাব বিচৰা
তেন্তে গৈ কৰোৱা। বহুত মিত্ৰ-সম্বন্ধীয় আদি বহি আছে, তেওঁলোকে বিয়া পাতি দিব। তেতিয়া
কোনোবা নহয় কোনোবা বিয়া কৰাবলৈ আগবাঢ়ি আহিল। সেয়েহে প্ৰত্যেকৰে নাড়ীৰ স্পন্দন
লক্ষ্য কৰা হয়। সোধে বাবা এনেকুৱা অৱস্থা, মই পৱিত্ৰ হৈ থাকিব বিচাৰোঁ মোৰ
সম্বন্ধীয়ই ঘৰৰ পৰা উলিয়াই দিয়ে, এতিয়া কি কৰোঁ? হেৰ’ এইটোও সোধা, পৱিত্ৰ হৈ থাকিব
লাগে, যদি থাকিব নোৱাৰা তেন্তে গৈ বিয়া কৰোৱা। বাৰু ধৰিলোৱা কাৰোবাৰ বাগদান হৈছে,
সন্তুষ্ট কৰিব লাগে, আপত্তি নাই। যেতিয়া বিবাহ পাশত আৱদ্ধ হয় সেই সময়ত কয় - এই
স্বামী হৈছে তোমাৰ গুৰু। ভাল কথা তুমি তেওঁৰ পৰা লিখাই লোৱা। তুমি মানি লৈছা মই
তোমাৰ গুৰু ঈশ্বৰ হওঁ, লিখা। এতিয়া মই হুকুম দিছোঁ পৱিত্ৰ হৈ থাকিব লাগে। সাহস লাগে
নহয়। লক্ষ্য বহুত উচ্চ। প্ৰাপ্তি বহুত শ্ৰেষ্ঠ। কাম অগ্নি তেতিয়া জ্বলে যেতিয়া
প্ৰাপ্তিৰ বিষয়ে নাজানে। পিতাই কয় ইমান শ্ৰেষ্ঠ প্ৰাপ্তি তেন্তে এটা জন্ম যদি
পৱিত্ৰ হৈ থাকা সেইটোনো কি ডাঙৰ কথা। মই তোমাৰ স্বামী ঈশ্বৰ হওঁ। মোৰ আজ্ঞা অনুসৰি
পৱিত্ৰ হৈ থাকিব লাগিব। বাবাই যুক্তি শুনাই দিয়ে। ভাৰতত এইটো নিয়ম আছে – স্ত্ৰীক কয়
তোমাৰ স্বামীয়ে তোমাৰ ঈশ্বৰ। তেওঁৰ আজ্ঞা মতে চলিব লাগে। পতিৰ ভৰি পিটিকি দিব লাগে
কিয়নো এনেকৈ ভাবে নহয় লক্ষ্মীয়েও নাৰায়ণৰ ভৰি পিটিকি দিছিল। এইটো অভ্যাস ক’ৰ পৰা
আহিল? ভক্তিমাৰ্গৰ চিত্ৰবোৰৰ পৰা। সত্যযুগততো এনেকুৱা কথা নাথাকে। নাৰায়ণ জানো
কেতিয়াবা ভাগৰি পৰে যে লক্ষ্মীয়ে ভৰি পিটিকিব। ভাগৰ লগাৰ কথা হ’ব নোৱাৰে। এয়াতো
দুখৰ কথা হৈ যায়। তাত দুখ-বেদনা ক’ৰ পৰা আহিল। তেতিয়া বাবাই ফটোৰ পৰা লক্ষ্মীৰ
চিত্ৰই আঁতৰাই দিলে। নিচাতো বাঢ়ি যায় নহয়। সৰুকালৰ পৰাই বৈৰাগ্য আছিল সেইকাৰণে ভক্তি
বহুত কৰিছিল। গতিকে বাবাই যুক্তি বহুত শুনায়। তোমালোকে জানা আমি এজন পিতাৰ সন্তান
গতিকে পৰস্পৰ ভাই-ভনী হৈ গ’লোঁ। ককাৰ পৰা উত্তৰাধিকাৰ লওঁ। পিতাক আহ্বানেই জনায়
পতিত সৃষ্টিত। হে পতিত-পাৱন সকলো সীতাৰ ৰাম। পিতাক কোৱা হয় সত্য, সত্যখণ্ড স্থাপন
কৰোঁতা। তেৱেঁই গোটেই সৃষ্টিৰ আদি-মধ্য-অন্তৰ সত্য জ্ঞান তোমালোকক দিয়ে। তোমালোক
আত্মা এতিয়া জ্ঞান সাগৰ হৈ আছা।
মৰমৰ সন্তানসকলে সাহস
কৰিব লাগে, মই বাবাৰ শ্ৰীমতত চলিব লাগে। বেহদৰ পিতাই বেহদৰ ৰচনাক স্বৰ্গৰ মালিক কৰি
তোলে। গতিকে পুৰুষাৰ্থ কৰি পূৰা উত্তৰাধিকাৰ ল’ব লাগে। উৎসৰ্গিত হৈ যাব লাগে।
তোমালোকে তেওঁক নিজৰ উত্তৰাধিকাৰী কৰিলে তেতিয়া তোমালোকক 21 জন্মৰ কাৰণে
উত্তৰাধিকাৰ দিব। পিতা সন্তানসকলৰ প্ৰতি উৎসৰ্গিত হৈ যায়। সন্তানসকলে কয় - বাবা এই
তন-মন-ধন সকলো আপোনাৰ। আপুনি পিতাও লগতে সন্তানো। গায়নো কৰে - ত্বমেৱ মাতাশ্চ পিতা
ত্বমেৱ…… (তুমিয়েই মাতা পিতা তুমিয়েই…) এজনৰেই মহিমা কিমান শ্ৰেষ্ঠ। তেওঁক কোৱাই হয়
সকলোৰে দুখ হৰ্তা, সুখ কৰ্তা। সত্যযুগত 5 তত্ত্বও সুখ দিওঁতা হয়। কলিযুগত 5 তত্ত্বও
তমোপ্ৰধান হোৱাৰ কাৰণে দুখ দিয়ে। তাততো হয়েই সুখ। এইখন ড্ৰামা ৰচি থোৱা আছে।
তোমালোকে জানা এয়া সেয়াই 5 হাজাৰ বছৰ পূৰ্বৰ যুদ্ধ। এতিয়া স্বৰ্গৰ স্থাপনা হৈ আছে।
সেয়েহে সন্তানসকল সদায় আনন্দিত হৈ থাকিব লাগে। ভগৱানে তোমালোকক তুলি লৈছে আকৌ
তোমালোক সন্তানসকলক পিতাই অলংকৃতও কৰে, পঢ়ায়ো। ভালবাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সদায়
পিতাৰ সমান হ’বলৈ সাহস ৰাখিব লাগে। পিতাৰ প্ৰতি সম্পূৰ্ণ উৎসৰ্গিত হৈ যাব লাগে।
(2) কোনো কথাত
ভীতিগ্ৰস্ত হ’ব নালাগে। পৱিত্ৰ নিশ্চয় হ’ব লাগে।
বৰদান:
সমস্যাসমূহক
আৰোহণ কলাৰ সাধন হিচাপে অনুভৱ কৰি সদায় সন্তুষ্ট হৈ থাকোঁতা শক্তিশালী হোৱা
যিসকল শক্তিশালী আত্মা,
তেওঁলোকে সমস্যাসমূহ এনেকৈ অতিক্ৰম কৰে যেনেকৈ কোনো পোন ৰাস্তা সহজতে পাৰ হৈ যায়।
সমস্যাসমূহ তেওঁলোকৰ বাবে আৰোহণ কলাৰ সাধন হৈ যায়। প্ৰতিটো সমস্যা পূৰ্বৰে পৰা
পৰিচিত যেন অনুভৱ হয়। তেওঁলোক কেতিয়াও আচৰিত নহয়, সদায় সন্তুষ্ট হৈ থাকে। মুখৰ
পৰা কেতিয়াও 'কাৰণ' শব্দ উচ্চাৰিত নহয়, সেই সময়তে কাৰণক নিবাৰণলৈ পৰিৱৰ্তন কৰি
দিয়ে।
স্লোগান:
স্ব স্থিতিত স্থিৰ হৈ থাকি সকলো পৰিস্থিত অতিক্ৰম কৰাটোৱেই শ্ৰেষ্ঠতা।
মাতেশ্বৰী জীৰ অমূল্য
মহাবাক্য:-
“পৰমাৰ্থৰে (ঈশ্বৰীয়
জ্ঞানেৰে) ব্যৱহাৰ স্বতঃ সিদ্ধ হয়”
ভগৱানুবাচ যে মোৰ
দ্বাৰা পৰম অৰ্থক জানিলে মোৰ পৰম পদক প্ৰাপ্ত কৰিবা অৰ্থাৎ পৰমাৰ্থক জানিলে ব্যৱহাৰ
সিদ্ধ হৈ যায়। চোৱা, দেৱতাসকলৰ আগত প্ৰকৃতি দাসী হৈ থাকে, এই পাঁচ তত্ত্ব
সুখ-স্বৰূপ হৈ মনে বিচৰা সেৱা কৰে। এই সময়ত চোৱা মনে বিচৰা সুখ নোপোৱাৰ কাৰণে
মনুষ্যৰ দুখ, অশান্তি প্ৰাপ্ত হৈ থাকে। সত্যযুগততো এই প্ৰকৃতি বিনয়ী হৈ থাকে। চোৱা
দেৱতাসকলৰ জড় চিত্ৰতো ইমান হীৰা-মুকুতা পিন্ধায়, তেন্তে যেতিয়া চৈতন্যত প্ৰত্যক্ষ
হ’ব তেতিয়া সেই সময়ত কিমান বৈভৱ থাকিব? এই সময়ত মনুষ্য ভোকত মৰে আৰু জড় চিত্ৰত কোটি
কোটি টকা খৰচ কৰি আছে। তেনেহ’লে এয়া কি পাৰ্থক্য! নিশ্চয় তেওঁলোকে এনেকুৱা শ্ৰেষ্ঠ
কৰ্ম কৰিছে সেইবাবেতো তেওঁলোকৰ স্মৃতিসৌধ নিৰ্মাণ কৰা হৈছে। তেওঁলোকৰ পূজনো কিমান
হয়। তেওঁলোক নিৰ্বিকাৰী প্ৰবৃত্তিত থাকিও পদুম ফুলৰ সমান অৱস্থাত আছিল, কিন্তু এতিয়া
তেওঁলোক নিৰ্বিকাৰী প্ৰবৃত্তিৰ সলনি বিকাৰী প্ৰবৃত্তিত গুচি গ’ল, যি কাৰণে সকলোৱে
পৰমাৰ্থক পাহৰি ব্যৱহাৰৰ ফালে লাগি গৈছে, সেইকাৰণে ফলাফল ওলোটা হৈ গৈ আছে। এতিয়া
নিজক স্বয়ং পৰমাত্মা আহি বিকাৰী প্ৰবৃত্তিৰ পৰা উলিয়াই নিৰ্বিকাৰী প্ৰবৃত্তি শিকায়,
যাৰ দ্বাৰা নিজৰ জীৱন সদাকালৰ কাৰণে সুখী হৈ যায় সেইকাৰণে প্ৰথমে লাগে পৰমাৰ্থ (ঈশ্বৰীয়
জ্ঞান) পাছত ব্যৱহাৰ। পৰমাৰ্থত থাকিলে ব্যৱহাৰ আপোনাআপুনি সিদ্ধ হৈ যায়। ওঁম্ শান্তি।
অব্যক্ত ইংগিত:
নিশ্চয়তাৰ ভেটী মজবুত কৰি সদায় নিৰ্ভয় আৰু নিশ্চিন্ত হৈ থাকা
যেনেকৈ এজন ডাক্তৰে
ৰোগীৰ মনত প্ৰথমে বিশ্বাস জন্মায় আৰু ৰোগীৰ বিশ্বাস জন্মি যায় যে এইজন ডাক্তৰ বৰ
ভাল, ইয়াৰ পৰাই মই আৰোগ্য লাভ কৰিম। ডাক্তৰে যিমানেই ভাল দৰৱ নিদিয়ক কিন্তু যদি
বিশ্বাস নাথাকে তেন্তে সেই ঔষধৰ প্ৰভাৱ নপৰে। তেনেকৈ আধ্যাত্মিক ডাক্তৰৰো এনেকুৱা
শক্তিশালী স্থিতি হওক যাতে সকলোৰে বিশ্বাস জন্মি যায় যে ইয়ালৈ গ’লে অৱশ্যে কিবা নহয়
কিবা প্ৰাপ্তি হ’বই।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]