25.05.25 Avyakt Bapdada
Assame
Murli
04.09.2005 Om Shanti Madhuban
“*“শিক্ষাৰ লগতে ক্ষমা
আৰু দয়া ধাৰণ কৰি লোৱা, আশীৰ্বাদ দিয়া, আশীৰ্বাদ লোৱা
তেতিয়া তোমালোকৰ ঘৰ আশ্ৰম হৈ যাব”*”
আজি বাপদাদাই সকলো
সন্তানৰ মস্তকত পৱিত্ৰতাৰ ৰেখাবোৰ চাই আছে কিয়নো ব্ৰাহ্মণ জীৱনৰ আধাৰেই হৈছে
পৱিত্ৰতা। পৱিত্ৰতাৰ ৰেখাবোৰ কি, জানানে? পৱিত্ৰতা সকলোৰে প্ৰিয়। পৱিত্ৰতা সুখ,
শান্তি, প্ৰেম, আনন্দৰ জননী। পৱিত্ৰতা মানৱৰ সঁচা অলংকাৰ। পৱিত্ৰতা নাথাকিলে মানৱ
জীৱনৰ মূল্য নাই। যেনেকৈ দেখিবলৈ পোৱা দেৱতাসকল পৱিত্ৰ, সেইকাৰণেই মাননীয় আৰু
পূজনীয়। পৱিত্ৰতা নাথাকিলে বৰ্তমান মানৱ জীৱন দেখি আছা। বাপদাদাই তোমালোক সকলো
সন্তানকে ব্ৰাহ্মণ জন্মৰ এইটোৱে বৰদান দিছে – পৱিত্ৰ হোৱা, যোগী হোৱা। যিটো আত্মাত
পৱিত্ৰতা আছে, তেওঁৰ চাল-চলন, চেহেৰা জিলিকি থাকে সেইবাবে পৱিত্ৰতাহে জীৱনক শ্ৰেষ্ঠ
কৰি তোলোঁতা হয়। বাস্তৱত তোমালোক সকলো সন্তানৰ আদি স্বৰূপেই হৈছে পৱিত্ৰতা। অনাদি
স্বৰূপো পৱিত্ৰতা। এনেকুৱা পৱিত্ৰ আত্মাসকলৰ বিশেষত্ব তেওঁলোকৰ জীৱনত সদায়
পৱিত্ৰতাৰ ব্যক্তিত্ব দৃষ্টিগোচৰ হয়। পৱিত্ৰতাৰ বাস্তৱিকতা, পৱিত্ৰতাৰ আভিজাত্য
চেহেৰা আৰু চলনত দৃষ্টিগোচৰ হয়। এই ৰেখাবোৰ জীৱনৰ অলংকাৰ। বাস্তৱিকতা হয় – মই অনাদি
আদি স্বৰূপ এইটো স্মৃতিৰে সমৰ্থ হৈ যায়। আভিজাত্য হ’ল – নিজেও স্বমানত আৰু
প্ৰত্যেককে সন্মান দি চলোঁতা। ব্যক্তিত্ব হ’ল – সদায় সন্তুষ্টতা আৰু প্ৰসন্নতা।
নিজেও সন্তুষ্ট আৰু আনকো সন্তুষ্ট কৰোঁতা। পৱিত্ৰতাৰ দ্বাৰা প্ৰাপ্তিও বহুত হয়।
বাপদাদাই তোমালোক সকলো সন্তানক কি কি প্ৰাপ্তি কৰাইছে, সেয়া জানা নহয়! কিমান
সম্পদেৰে ভৰপূৰ কৰিছে, যদি প্ৰাপ্তিসমূহ স্মৃতিত ৰাখা তেন্তে ভৰপূৰ হৈ যাবা।
সকলোতকৈ প্ৰথম সম্পদ
দিছে – জ্ঞানৰ সম্পদ। যাৰ দ্বাৰা জীৱনত থাকি দুখ-অশান্তিৰ পৰা মুক্ত হৈ যোৱা।
ব্যৰ্থ সংকল্প, নেতিবাচক সংকল্প, বিকৰ্মৰ পৰা মুক্ত হৈ যোৱা। যদি কিবা ব্যৰ্থ বা
নেতিবাচক সংকল্প উদয় হয়ো, তেতিয়া জ্ঞানৰ বলেৰে বিজয়ী হৈ যোৱা।
দ্বিতীয় সম্পদটি হৈছে
– স্মৃতি, যোগ। যাৰ দ্বাৰা শক্তিসমূহৰ প্ৰাপ্তি হয় আৰু শক্তিসমূহৰ আধাৰত সকলো সমস্যা,
সকলো বিঘিনি সহজে অতিক্ৰম কৰি যোৱা। তৃতীয় সম্পদটি হৈছে - ধাৰণাসমূহৰ, যাৰ দ্বাৰা
সকলো গুণৰ প্ৰাপ্তি হয়। আৰু চতুৰ্থ সম্পদটি – সেৱাৰ, যাৰ দ্বাৰা সেৱা কৰিলে, যাৰ
সেৱা কৰা তেওঁৰ আশীৰ্বাদ পোৱা যায়, আনন্দ প্ৰাপ্ত হয়।
ইমান বিলাক সম্পদ
পিতাৰ দ্বাৰা সকলো সন্তানৰ প্ৰাপ্ত হয়। পিতাই সকলোকে একে নিচিনাই সম্পদ দিয়ে,
কাৰোবাক কম, কাৰোবাক বেছি নাই দিয়া। কিন্তু লওঁতাৰ ক্ষেত্ৰত পাৰ্থক্য হৈ যায়।
কিছুমান সন্তানেতো সম্পদ পাই খায়-বৈ, আনন্দ-উল্লাস কৰে আৰু আনন্দ-উল্লাসতে শেষ কৰি
দিয়ে। আন কিছুমান সন্তানে খাই-বৈ আনন্দ-উল্লাস কৰি জমাও কৰে। আন কিছুমান সন্তানে
কাৰ্যতো লগায় কিন্তু বঢ়াই গৈ থাকে। বঢ়োৱাৰ চাবি হ’ল – সম্পদক নিজৰ প্ৰতি আৰু আনৰ
প্ৰতি ব্যৱহাৰ কৰা। যি ব্যৱহাৰ কৰে সেয়া বাঢ়ে। তেন্তে নিজেই নিজক সোধা যে এই বিশেষ
সম্পদ জমা আছেনে? জমা আছে, কি ক’বা? হয় নে অলপ অলপ? যাৰ ওচৰত এই সম্পদ জমা আছে তেওঁ
সদায় ভৰপূৰ হৈ থাকে। চোৱা যিকোনো বস্তু ভৰপূৰ হৈ থাকিলে তেতিয়া অস্থিৰ নহয়। যদি
ভৰপূৰ নহয় তেতিয়া অস্থিৰ হয়, লৰে। যি কোনো বস্তু যদি ভালদৰে নভৰোৱা তেতিয়া সি লৰি
থাকে তেনেকৈ ইয়াতো যদি সৰ্ব সম্পদেৰে ভৰপূৰ নহয়, তেতিয়া অস্থিৰ হয়। সদায় যাতে এইটো
নিচা থাকে যে পিতাৰ সম্পদ মোৰ জন্ম সিদ্ধ অধিকাৰ। পিতাই দিছে, তোমালোকে লৈছা তেন্তে
সকলো সম্পদ কাৰ হ’ল? তোমালোকৰ হৈ গ’ল নহয়। তেনেহ’লে যাৰ ওচৰত সম্পদ আছে, তেওঁ কিমান
নিচাত থাকে? যেনেকৈ ৰজাৰ ল’ৰা ৰাজকুমাৰ হয়, গমো নাপায় যে পিতাকৰ ওচৰত কি কি সম্পদ
আছে কিন্তু নিচা থাকে যে পিতাৰ সম্পদ মোৰ সম্পদ আৰু সম্পদৰ আনন্দত থাকে। যদি আনন্দ
কম হয় তেন্তে তাৰ কাৰণ কি? পিতাইতো সম্পদ দিছে, শুনিলা। কিন্তু এবিধ হ’ল শুনোঁতা,
আনবিধ হ’ল সমাহিত কৰোঁতা, যিসকল সমাহিত কৰোঁতা তেওঁলোক নিচাত থাকে। আজি নতুন নতুন
সন্তানো আহিছে। বাপদাদাই তোমালোক ভাগ্যৱান সন্তানসকলক তোমালোক সকলোকে ভাগ্যৰ বাবে
অভিনন্দন জনাই আছে। নিজৰ ভাগ্যক চিনি পালা! চিনি পালানে? পৰমাত্ম স্নেহ, অবিনাশী
স্নেহ যিটো কেৱল এটা জন্ম নচলে, অনেক জন্ম সদায়েই স্নেহ বৰ্তি থাকে, কিয়নো এয়া যি
সময় চলি আছে, এই সময়ো সংগমযুগ ভাগ্যৱান যুগ। সত্যযুগকো ভাগ্যৱান বুলি কয় কিন্তু
বৰ্তমান সংগমযুগৰ সময় তাতোকৈও ভাগ্যৱান। কিয়? এই সংগমযুগতহে পিতাৰ দ্বাৰা অখণ্ড
ভাগ্যৰ বৰদান, উত্তৰাধিকাৰ প্ৰাপ্ত হয়। গতিকে এনেকুৱা সংগমযুগত, ভাগ্যৱান সময়ত
তোমালোক সকলো নিজৰ ভাগ্য ল’বলৈ আহি উপস্থিত হৈ গৈছা। বাপদাদাই সন্তানসকলক এটা বহুত
সহজ পুৰুষাৰ্থৰ বিধি শুনায় – সহজ বিচৰা নহয়! কঠিনতো নিবিচৰা! এই সন্তানেসকলেতো (পুৰণাসকলে)
ভাগ্যৰ সহজ বিধি পাই গ’ল। পালা নহয়? সকলোতকৈ সহজ, অন্য একো কৰিব নালাগে, কেৱল এটা
কথা কৰিবা, এটা কথাতো কৰিব পাৰা নহয়! হয় বা নহয় বুলি কোৱা! কোৱা - হয় হজুৰ। তেন্তে
সকলোতকৈ সহজ বিধি হৈছে – অমৃতবেলাৰ পৰা আৰম্ভ কৰি সকলোকে যাকেই পোৱা, তেওঁলোকৰ পৰা
আশীৰ্বাদ লোৱা আৰু আশীৰ্বাদ দিয়া। লাগিলে ক্ৰোধীও আহক, কিন্তু তোমালোকে তেওঁকো
আশীৰ্বাদ দিয়া আৰু আশীৰ্বাদ লোৱা কিয়নো আশীৰ্বাদ তীব্ৰ পুৰুষাৰ্থৰ বহুত সহজ যন্ত্ৰ।
যেনেকৈ বিজ্ঞানত ৰকেট আছে নহয় – কিমান সোনকালে কাৰ্য কৰি লয়। তেনেকৈ আশীৰ্বাদ দিয়া
আৰু আশীৰ্বাদ লোৱা, এয়াও আগবাঢ়ি যোৱাৰ এটা বহুত সহজ সাধন। অমৃতবেলা পিতাৰ পৰা সহজে
স্মৃতিৰে আশীৰ্বাদ লোৱা আৰু গোটেই দিন আশীৰ্বাদ দিয়া আৰু আশীৰ্বাদ লোৱা, এইটো কৰিব
পাৰা নহয়? যদি কৰিব পাৰা তেন্তে হাত দাঙা। কোনোবাই অভিশাপ দিলে তেতিয়া কি কৰিবা?
তোমালোকক বাৰে বাৰে অশান্ত কৰিলে তেতিয়া? চোৱা, তোমালোক পৰমাত্মাৰ সন্তান দাতাৰ
সন্তান দাতা হোৱা নহয়! মাষ্টৰ দাতাতো হোৱা। তেন্তে দাতাৰ কাম কি? দিয়া। গতিকে
সকলোতকৈ ভাল বস্তু হ’ল আশীৰ্বাদ দিয়া। যেনেকুৱাই ব্যক্তি নহওঁক, কিন্তু হয়তো
তোমালোকৰে ভাই, ভনী। পৰমাত্মাৰ সন্তানতো ভাই-ভনী হোৱা নহয়! তেন্তে পৰমাত্মাৰ সন্তান,
মোৰ ঈশ্বৰীয় ভাই, ঈশ্বৰীয় ভনী, তেওঁলোকক কি দিবা! অভিশাপ দিবা জানো? পিতাই কেতিয়াবা
অভিশাপ দিয়ে জানো! দিব নেকি? দিয়ে নেকি? হয় নে নহয়? হয় বা নহয় বুলি কোৱা। বহুত
আনন্দিত হ’ব। কিয়? যদি অভিশাপ দিওঁতাকো তোমালোকে আশীৰ্বাদ দিয়া, তেওঁ দিয়ক বা
নিদিয়ক, কিন্তু তোমালোকে আশীৰ্বাদ ল’বা, তেন্তে দুখ কিয় হ’ব। বাপদাদাই তোমালোক অহা
সন্তানসকলক এটা বৰদান দিছে – বৰদান স্মৃতিত ৰাখিলে সদায় আনন্দিত হৈ থাকিবা। বৰদান
শুনাওঁনে? শুনিবানে!
বৰদান:
হ’ল – যদি তোমালোকক কোনোবাই দুখ দিয়ে তেতিয়াও তোমালোকে দুখ নল’বা, তেওঁ দিয়ক
তোমালোকে নল’বা। কিয়নো দিওঁতাই দি দিলে, কিন্তু লওঁতাতো তোমালোক হোৱা নহয়! দিওঁতা,
লওঁতা নহয়। যদি তেওঁ বেয়া বস্তু দিয়ে, দুখ দিয়ে, অশান্তি দিয়ে, তেন্তে সেয়া বেয়া
বস্তু নহয় জানো। তোমালোকে দুখ পচন্দ কৰানে? পচন্দ নকৰা নহয়! তেন্তে বেয়া বস্তু হৈ
গ’ল নহয়। তেনেহ’লে বেয়া বস্তু লোৱা হয় জানো? কোনোবাই তোমালোকক বেয়া বস্তু দিব তেতিয়া
তোমালোকে লৈ ল’বা নেকি? ল’বানে? নোলোৱা। তেন্তে লোৱা কিয়? লৈতো লোৱা নহয়! যদি দুখ
লৈ লোৱা তেতিয়া দুখী কোন হয়? তোমালোক হোৱা নে তেওঁ? লওঁতা বেছি দুখী হয়। যদি এতিয়াৰ
পৰা দুখ নোলোৱা তেন্তে আধা দুখতো তোমালোকৰ দূৰ হৈ গ’ল, নোলোৱাই নহয়! আৰু তোমালোকে
দুখৰ পৰিৱৰ্তে তেওঁক সুখ দিলে তেতিয়া আশীৰ্বাদ পাবা নহয়। তেতিয়া সুখী হৈও থাকিবা আৰু
আশীৰ্বাদৰ সম্পদো ভৰপূৰ হৈ গৈ থাকিব। প্ৰত্যেক আত্মাৰ পৰা, যেনেকুৱাই নহওঁক তোমালোকে
আশীৰ্বাদ লোৱা। শুভ ভাৱনা, শুভ কামনা ৰাখা। কেতিয়াবা কেতিয়াবা কি হয়? কোনোবাই
এনেকুৱা কাম কৰিলে তেতিয়া শিক্ষা দিবলৈ চেষ্টা কৰে। এওঁক ঠিক কৰি দিওঁ, শিক্ষা দিয়া।
শিক্ষা দিয়া কিন্তু শিক্ষা দিয়াৰ সৰ্বোত্তম বিধি হৈছে ক্ষমাৰ ৰূপ হৈ শিক্ষা দিয়া।
কেৱল শিক্ষা নিদিবা, দয়া ক্ষমাও কৰা আৰু শিক্ষাও দিয়া। দুটা শব্দ স্মৃতিত ৰাখা –
শিক্ষা আৰু ক্ষমা আৰু দয়া। যদি দয়াশীল হৈ তেওঁক শিক্ষা দিয়া তেতিয়া তোমালোকৰ
শিক্ষাই কাম কৰিব। যদি দয়াশীল হৈ নিদিয়া, তেন্তে শিক্ষা এখন কাণেৰে শুনি আনখন কাণেৰে
ওলাই যাব। শিক্ষা ধাৰণ নহ’ব। এনেকুৱা হয় নহয়? অনুভৱ আছেনে? তোমালোকো কাৰোবাৰ
শিক্ষকতো হৈ নোযোৱা? শিক্ষক সোনকালে হৈ যোৱা কিন্তু ক্ষমা কৰা, দুয়োটা একেলগে।
এতিয়াৰ পৰা দয়া, দয়া কৰাৰ বিধি হৈছে শুভ ভাৱনা, শুভ কামনা। যেনেকৈ কয় নহয় যে সঁচা
স্নেহে পাথৰকো পানী কৰি দিয়ে… এনেকৈয়ে ক্ষমা স্বৰূপেৰে শিক্ষা দিলে তোমালোকৰ কাৰ্য
যিটো বিচৰা যে এইটো নকৰক, এইটো নহওঁক, সেয়া প্ৰত্যক্ষ ৰূপত দেখিবলৈ পোৱা যাব।
তোমালোকৰ দয়াশীল হৈ শিক্ষা দিয়াৰ প্ৰভাৱত তেওঁৰ কঠোৰ অন্তৰো পৰিৱৰ্তন হৈ যাব। তেন্তে
কি বৰদান পালা? দুখ নিদিবা, দুখ নল’বা। পচন্দ হৈছেনে? যদি পচন্দ হৈছে তেনেহ’লে এতিয়া
নল’বা। ভুল নকৰিবা। যিহেতু পিতাই দুখ নিদিয়ে তেন্তে পিতাক অনুসৰণতো কৰিব লাগে নহয়?
কৰি আছা! কেতিয়াবা কেতিয়াবা অলপ গালি পাৰা। গালি পাৰিব নালাগে। দয়া কৰা। দয়াৰ লগতে
শিক্ষা দিয়া। বাৰে বাৰে কাৰোবাক গালি পাৰিলে সেই আত্মাটি আৰুহে শত্ৰু হৈ যায়। ঘৃণা
জন্মি যায়। পৰমাত্ম সন্তান হোৱা নহয়! তেন্তে যেনেকৈ পিতা পতিতকো পাৱন কৰি তোলোঁতা,
তেনেহ’লে তোমালোকে দুখীক সুখ দিব নোৱাৰানে? এতিয়া গৈ চেষ্টা কৰিবা, চেষ্টা কৰিবা
নহয়! তেন্তে প্ৰথমে শুভ কাম ঘৰৰ পৰাই আৰম্ভ কৰা, পৰিয়ালত যদি কোনোবাই দুখ দিয়ে,
তেতিয়াও দুখ নল’বা। আশীৰ্বাদ দিবা, দয়াশীল হ’বা, প্ৰথমে ঘৰৰসকলক কৰা। তোমালোকৰ ঘৰৰ
প্ৰভাৱ চুবুৰিত পৰিব, চুবুৰিৰ প্ৰভাৱ দেশত পৰিব, দেশৰ প্ৰভাৱ বিশ্বত পৰিব। সহজ নহয়
জানো! নিজৰ পৰিয়ালত আৰম্ভ কৰা কিয়নো চোৱা এজনেও যদি ক্ৰোধ কৰে তেতিয়া ঘৰৰ বাতাৱৰণ
কি হৈ যায়? ঘৰ যেন লাগে নে যুদ্ধক্ষেত্ৰ যেন লাগে? সেই সময়ত ভাল লাগে জানো? নালাগে
নহয়!
তোমালোকৰ কাৰণেও (আজি
ভি.আই.পি.ৰ লগতে মধুবনৰ সমৰ্পিত ভাতৃ-ভগ্নীসকলো সন্মুখত বহি আছে) নিজৰ নিজৰ
সঙ্গীসকলৰ পৰা, নিজৰ নিজৰ কাৰ্যকৰ্তাসকলৰ পৰা দুখ নল’বা, দুখ নিদিবা। আশীৰ্বাদ দিবা
আৰু আশীৰ্বাদ ল’বা। যদি তোমালোকে অধিকাৰেৰে এনেকুৱা সময়তো অন্তৰেৰে মোৰ বাবা বুলি
কোৱা, পৰমাত্মা বাবা, মোৰ বাবা… তেন্তে প্ৰবাদ আছে যে ভগৱান সদায় হাজিৰ। যদি
তোমালোকে অন্তৰেৰে, অধিকাৰৰ ৰূপত এনেকুৱা সময়ত মোৰ বাবা ক’লা, তেন্তে পিতা হজুৰ
হাজিৰ হৈ যাব, কিয়নো পিতা কিহৰ কাৰণে আছে? সন্তানৰ কাৰণেইতো আছে। আৰু অধিকাৰী
সন্তানক পিতাই সহযোগ নিদিব এয়া হ’বই নোৱাৰে। অসম্ভৱ। গতিকে পৰিৱৰ্তন কৰি যাবা।
যেনেকৈ আহিছা, তেনেকৈ নাযাবা। পৰিৱৰ্তন কৰিহে যাবা কিয়নো চোৱা, ইমান খৰচ কৰি আহিছা,
টিকটতো লাগে নহয়। খৰচো কৰিছা, সময়ো দিছা সেয়েহে তাৰ মূল্যতো দিবা নহয়! তেন্তে মূল্য
হ’ল – স্ব-পৰিৱৰ্তনৰ দ্বাৰা প্ৰথমে ঘৰৰ পৰিৱৰ্তন, পাছত বিশ্বৰ, দেশৰ পৰিৱৰ্তন।
তোমালোকৰ ঘৰ আশ্ৰম হৈ যাওঁক। ঘৰ নহয়, আশ্ৰম। এনেয়ে শাস্ত্ৰয়ো গৃহস্থ আশ্ৰম বুলি কয়,
কিন্তু এতিয়া আশ্ৰম নহয়। আশ্ৰম বেলেগ, ঘৰ বেলেগ। সেয়েহে ঘৰক আশ্ৰম কৰি তোলা।
আশীৰ্বাদ দিয়া আৰু আশীৰ্বাদ লোৱা এয়া আশ্ৰমৰ কাম। তোমালোকৰ ঘৰ মন্দিৰ হৈ যাব।
মন্দিৰত মূৰ্তিয়ে কি কৰে? আশীৰ্বাদ দিয়ে নহয়! মূৰ্তিৰ আগত গৈ কি কয়? আশীৰ্বাদ দিয়ক।
ক্ষমা কৰক, ক্ষমা কৰক বুলি কৈ মিনতি কৰে। তেন্তে তোমালোকেও কি দিব লাগে? আশীৰ্বাদ।
ঈশ্বৰীয় স্নেহ দিয়া, আত্মিক স্নেহ। শৰীৰৰ স্নেহ নহয় আত্মিক স্নেহ। আজিকালি স্নেহ আছে
যদিও স্বাৰ্থৰ স্নেহ। সঁচা অন্তৰৰ স্নেহ নাই। স্বাৰ্থ থাকিলে স্নেহ দিব, স্বাৰ্থ
নাথাকিলে তেতিয়া খাতিৰ নকৰে। তেনেহ’লে তোমালোকে কি কৰিবা? আত্মিক স্নেহ দিবা,
আশীৰ্বাদ দিবা, দুখ নল’বা, দুখ নিদিবা। চোৱা তোমালোকে সুযোগ পাইছা, বাপদাদাও
আনন্দিত হৈছে। ইমানবিলাক আহিছা, (ভাৰতৰ প্ৰায় 250 গৰাকী ভি.আই. পি. ৰিট্ৰিটলৈ অহিছে)
ইমান ঘৰতো আশ্ৰম হ’ব নহয়। কৰি তুলিবা নহয়? দৃঢ়নে? নে অলপ অলপ ঢিলা? যিসকলে ভাবা যে
যিয়েই নহওঁক, অলপ সহনতো কৰিব লাগিব, সমাহিত কৰাৰ শক্তি কামত লগাব লাগিব, কিন্তু
সহনশক্তিৰ ফল বৰ মিঠা। সহন কৰিবলগীয়া হয় কিন্তু ফল বৰ মিঠা। গতিকে যিসকলে দৃঢ়
প্ৰতিজ্ঞা কৰিছে যে ঘৰে ঘৰে স্বৰ্গ কৰি তুলিম, মন্দিৰ কৰি তুলিম, আশ্ৰম কৰি তুলিম
তেওঁলোকে হাত দাঙা। দেখাক-দেখি নাদাঙিবা কিয়নো বাপদাদাই আকৌ হিচাপ ল’ব। আনক দেখি
নাদাঙিবা। সততাৰে মনৰ হাত, মনেৰে হাত দাঙা। বাৰু। দাদীসকল, এওঁলোকক ইয়াৰ বাবে কি
উপহাৰ দিবা? হয় কোৱা, দাদী ইমান মন্দিৰ হৈ যাব তেতিয়া তোমালোকে এওঁলোকক কি উপহাৰ
দিবা? (নিজৰ ঘৰৰ সকলক লৈ আহক) এয়াতো উপহাৰ নিদিলা, এয়াতো কাম শুনাই দিলা। (বাবাই যি
আজ্ঞা কৰিব) চোৱা উপহাৰতো তোমালোকে পাই যাবা, কোনো ডাঙৰ কথা নহয়, কিন্তু … কিন্তু
আছে? কিন্তু কি কওঁনে। তোমালোক যোৱাৰ পাছত নিজৰ ধাৰণাৰে পৰিৱৰ্তন কৰিবা আৰু 15 দিনৰ
পাছত, এমাহৰ পাছত নিজৰ ফলাফল লিখিবা, যিসকলে এমাহো দুখ নল’ব, নিদিব, তেওঁলোকক বহুত
ভাল উপহাৰ দিম। যদি তোমালোক আহা তেন্তে অভিনন্দন, যদি আহিব নোৱাৰা তেতিয়াও
সেৱাকেন্দ্ৰলৈ পঠিয়াম। বাৰু। চাৰিওফালৰ দেশ-বিদেশৰ সন্তানসকলৰ স্মৃতি বাপদাদাই পাইছে।
লাগিলে ফোনৰ দ্বাৰা পঠিয়াইছে, বা পত্ৰৰ দ্বাৰা নতুবা অন্তৰেৰে স্মৰণ কৰিছে, সেয়েহে
বাপদাদাই সকলো সন্তানক ভাৰতৰে হওঁক বা বিদেশৰে হওঁক প্ৰতিদানত পদমগুণ আশীৰ্বাদ আৰু
স্নেহ সহিত স্মৰণ কৰি আছে।
চাৰিওফালৰ পৰমাত্ম
স্নেহৰ অধিকাৰী সন্তানসকলক, চাৰিওফালৰ সৰ্ব সম্পদেৰে ভৰপূৰ, নিৰ্বিঘ্ন, নিৰ্বিকল্প,
নিৰব্যৰ্থ সংকল্প কৰোঁতা শ্ৰেষ্ঠ আত্মাসকলক, লগতে সকলো পৰিৱৰ্তন কৰোঁতা আৰু
কৰাওঁতাৰ উৎসাহ-উদ্দীপনাত উৰোঁতা সন্তানসকলক, লগতে বাপদাদাক সঁচা অন্তৰৰ বাতৰি
দিওঁতা সঁচা অন্তৰৰ সন্তানসকলক বিশেষ দিলাৰামৰ ৰূপত, পিতাৰ ৰূপত, শিক্ষকৰ ৰূপত,
সৎগুৰুৰ ৰূপত পদমগুণ স্নেহসহিত স্মৰণ আৰু নমস্কাৰ।
বৰদান:
দিগভ্ৰান্ত
আত্মাসকলক যথাৰ্থ লক্ষ্য দেখুৱাই দিওঁতা চৈতন্য ‘লাইট-মাইট হাউচ’ হোৱা
যিকোনো দিগভ্ৰান্ত
আত্মাক যথাৰ্থ লক্ষ্য দেখুৱাবলৈ চৈতন্য ‘লাইট-মাইট হাউচ’ হোৱা। ইয়াৰ কাৰণে দুটা
কথাৰ প্ৰতি যাতে ধ্যান থাকে – 1) প্ৰত্যেক আত্মাৰ ইচ্ছাক পৰ্যবেক্ষণ কৰি জনা, যেনেকৈ
যোগ্য ডাক্টৰ তেওঁক কোৱা হয় যিয়ে নাৰীৰ স্পন্দনক জানে, তেনেকৈ পৰ্যবেক্ষণ শক্তি
সদায় ব্যৱহাৰ কৰিবা। 2) সদায় নিজৰ লগত সৰ্ব সম্পদৰ অনুভৱ মজুত ৰাখিবা। সদায় এইটো
লক্ষ্য ৰাখিবা যে শুনাব নালাগে কিন্তু সৰ্ব সম্বন্ধৰ, সৰ্ব শক্তিৰ অনুভৱ কৰাব লাগে।
স্লোগান:
আনক শুধৰোৱাৰ
পৰিৱৰ্তে এজন পিতাৰ সৈতে সংযোগ ঠিকে ৰাখা।
আত্মিক আভিজাত্য আৰু
পৱিত্ৰতাৰ ব্যক্তিত্ব ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
নিজৰ মূল স্বৰূপ বা
বৰদানী স্বৰূপ সদায় স্মৃতিত থাকিলে তেতিয়া অপৱিত্ৰতা আৰু বিস্মৃতিৰ নাম-চিহ্ন
সমাপ্ত হৈ যাব। বিস্মৃতি বা অপৱিত্ৰতা কি, এতিয়া ইয়াৰ বিষয়ে অজ্ঞ হ’ব লাগে কিয়নো এই
সংস্কাৰ বা স্বৰূপ তোমালোকৰ নহয় এয়া তোমালোকৰ পূৰ্ব জন্মৰ আছিল। এতিয়া তোমালোক
ব্ৰাহ্মণ, এয়াতো শূদ্ৰৰ সংস্কাৰ বা স্বৰূপ, এনেকৈ নিজৰ পৰা ভিন্ন অৰ্থাৎ আনৰ
সংস্কাৰ অনুভৱ হোৱা, ইয়াকে ‘উৰ্দ্ধত আৰু স্নেহী’ বুলি কোৱা হয়।