25.06.24 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
এইটো দৃঢ় নিশ্চয় কৰা যে মই আত্মা, আত্মা বুলি বুজি প্ৰতিটো কৰ্ম আৰম্ভ কৰা তেতিয়া
পিতা স্মৃতিলৈ আহিব, পাপ নহ’ব”
প্ৰশ্ন:
কৰ্মাতীত
স্থিতি প্ৰাপ্ত কৰিবৰ কাৰণে কোনটো পৰিশ্ৰম প্ৰত্যেকেই কৰিব লাগে? কৰ্মাতীত স্থিতিৰ
সমীপতাৰ চিন কি?
উত্তৰ:
কৰ্মাতীত হ’বৰ কাৰণে স্মৃতিৰ বলেৰে নিজৰ কৰ্মেন্দ্ৰিয়সমূহ বশ কৰাৰ যত্ন কৰা। অভ্যাস
কৰা যে মই নিৰাকাৰ আত্মা নিৰাকাৰ পিতাৰ সন্তান। সকলো কৰ্মেন্দ্ৰিয় নিৰ্বিকাৰী হৈ
যাওঁক - ইয়াৰ বাবে অতি যত্নৰ প্ৰয়োজন। যিমানে কৰ্মাতীত অৱস্থাৰ সমীপত আহি থাকিবা
সিমানে প্ৰতিটো ইন্দ্ৰিয় শীতল, সুবাসিত হৈ যাব। সেই ইন্দ্ৰিয়সমূহৰ পৰা বিকাৰী
দুৰ্গন্ধ আঁতৰি যাব। অতীন্দ্ৰিয় সুখৰ অনুভৱ হৈ থাকিব।
ওঁম্শান্তি।
শিৱ ভগৱানুবাচ।
এয়াতো সন্তানসকলক কোৱাৰ প্ৰয়োজন নাই যে কাৰ প্ৰতি কয়। সন্তানসকলে জানে - শিৱবাবা
জ্ঞানৰ সাগৰ। মনুষ্য সৃষ্টিৰ বীজৰূপ। তেন্তে নিশ্চয় আত্মাসকলৰ সৈতে বাৰ্তালাপ কৰে।
সন্তানসকলে জানে শিৱবাবাই পঢ়াই আছে। বাবা শব্দৰ পৰা বুজি পায় যে পৰমাত্মাকে বাবা
বুলি কয়। সকলো মনুষ্য আত্মাই সেই পৰমাত্মাকে পিতা বুলি কয়! বাবা পৰমধামত থাকে।
প্ৰথমতে এই কথাবোৰ দৃঢ় কৰিব লাগে। নিজক আত্মা বুলি বুজিব লাগে আৰু এইটো দৃঢ় নিশ্চয়
কৰিব লাগে। পিতাই যি শুনায় সেয়া আত্মাইহে ধাৰণ কৰে। পৰমাত্মাৰ যি জ্ঞান আছে সেয়া
আত্মায়ো পোৱা উচিত। যি আকৌ মুখেৰে বৰ্ণনা কৰিবলগীয়া হয়। যি পাঠ পঢ়ে সেয়া আত্মাইহে
পঢ়ে। আত্মা ওলাই গ’লে পঢ়া আদিৰ কথা একো গম নাপায়। আত্মাই সংস্কাৰ লৈ যায়, গৈ অন্য
শৰীৰত প্ৰৱেশ কৰে। গতিকে প্ৰথমে নিজক আত্মা বুলি দৃঢ় নিশ্চয় কৰিব লাগে। এতিয়া
দেহ-অভিমান ত্যাগ কৰিব লাগে। আত্মাই শুনে, আত্মাই ধাৰণ কৰে। আত্মা শৰীৰত নাথাকিলে
শৰীৰ লৰচৰো কৰিব নোৱাৰে। এতিয়া তোমালোক সন্তানসকলে এইটো দৃঢ় নিশ্চয় কৰিছা যে
পৰমাত্মাই আমাক আত্মাসকলক জ্ঞান দি আছে। আমি আত্মাসকলেও শৰীৰৰ দ্বাৰা শুনোঁ আৰু
পৰমাত্মায়ো শৰীৰৰ দ্বাৰা শুনাই আছে - এইটো বাৰে বাৰে পাহৰি যায়। দেহ স্মৃতিলৈ আহে।
এইটোও জানা যে ভাল আৰু বেয়া সংস্কাৰ আত্মাতে থাকে। মদ্যপান কৰা, ছিঃ ছিঃ কথা কোৱা…
এয়াও আত্মাই ইন্দ্ৰিয়ৰ দ্বাৰা কৰে। আত্মাইহে এই ইন্দ্ৰিয়ৰ দ্বাৰা ইমান ভূমিকা পালন
কৰে। প্ৰথমতে আত্ম-অভিমানী নিশ্চয় হ’ব লাগে। পিতাই আত্মাসকলকহে পঢ়ায়। আত্মায়ে আকৌ
এই জ্ঞান লগত লৈ যাব। যেনেকৈ তাত পৰমাত্মা জ্ঞান সহিত থাকে তেনেকৈ তোমালোক
আত্মাসকলেও আকৌ এই জ্ঞান লগত লৈ যাবা। মই তোমালোক সন্তানসকলক এই জ্ঞান সহিত লৈ যাওঁ।
তোমালোক আত্মাসকল আকৌ ভূমিকা পালন কৰিবলৈ আহিব লাগে, তোমালোকৰ ভূমিকা হৈছে নতুন
সৃষ্টিত প্ৰালব্ধ ভোগ কৰা। জ্ঞান পাহৰি যোৱা। এই সকলোবোৰ ভালদৰে ধাৰণ কৰিব লাগে।
প্ৰথমতে এইটো অতি দৃঢ় কৰিব লাগে যে মই আত্মা, বহুত আছে যিয়ে পাহৰি যায়। নিজৰ সৈতে
বহুত যত্ন কৰিব লাগে। বিশ্বৰ মালিক হ’ব লাগে, তেন্তে যত্ন নকৰিলে হ’বা জানো। বাৰে
বাৰে এই কথাটিয়েই পাহৰি যোৱা কিয়নো এয়া হৈছে নতুন জ্ঞান। যেতিয়া নিজক আত্মা বুলি
পাহৰি দেহ-অভিমানত আহা তেতিয়া কিবা নহয় কিবা পাপ হয়। দেহী-অভিমানী হ’লে কেতিয়াও পাপ
নহ’ব। পাপ খণ্ডন হৈ যাব। তেতিয়া আধাকল্পলৈ কোনো পাপ নহ’ব। গতিকে এইটো নিশ্চয় থাকিব
লাগে - আমি আত্মাই পঢ়োঁ, দেহে নহয়। আগতে পাৰ্থিৱ মনুষ্যৰ মত পাইছিলোঁ, এতিয়া পিতাই
শ্ৰীমত দি আছে। এয়া নতুন সৃষ্টিৰ একেবাৰে নতুন জ্ঞান। তোমালোক সকলো নতুন হৈ যাবা,
ইয়াত বিভ্ৰান্ত হোৱাৰ কোনো কথা নাই। অনেকবাৰ তোমালোক পুৰণিৰ পৰা নতুন আৰু নতুনৰ পৰা
পুৰণি হৈ আহিছা, সেইকাৰণে ভালদৰে পুৰুষাৰ্থ কৰিব লাগে।
আমি আত্মাই
কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা এই কাম কৰোঁ। কাৰ্যালয় আদিতো নিজক আত্মা বুলি বুজি
কৰ্মেন্দ্ৰিয়ৰে কৰ্ম কৰি থাকিলে তেতিয়া শিক্ষা দিওঁতা পিতা নিশ্চয় স্মৃতিলৈ আহিব।
আত্মাইহে পিতাক স্মৰণ কৰে। যদিও আগতেও কৈছিলা যে মই ভগৱানক স্মৰণ কৰোঁ। কিন্তু নিজক
সাকাৰ বুলি বুজি নিৰাকাৰক স্মৰণ কৰিছিলা। নিজক নিৰাকাৰ বুলি বুজি নিৰাকাৰক কেতিয়াও
স্মৰণ কৰা নাছিলা। এতিয়া তোমালোকে নিজক নিৰাকাৰ আত্মা বুলি বুজি নিৰাকাৰ পিতাক
স্মৰণ কৰিব লাগে। এয়া অতিকৈ বিচাৰ সাগৰ মন্থন কৰিবলগীয়া কথা। যদিও কোনো কোনোৱে লিখে
- মই দুঘণ্টা স্মৃতিত থাকোঁ। কোনোৱে কয় মই সদায় শিৱবাবাক স্মৰণ কৰোঁ। কিন্তু সদায়
কোনেও স্মৰণ কৰিব নোৱাৰে। যদি স্মৰণ কৰা তেন্তে আগতেই কৰ্মাতীত অৱস্থা হৈ যাব।
কৰ্মাতীত অৱস্থাতো বহুত যত্নৰ ফলতহে হয়। কৰ্মাতীত অৱস্থাত সকলো বিকাৰী কৰ্মেন্দ্ৰিয়
বশ হৈ যায়। সত্যযুগত সকলো কৰ্মেন্দ্ৰিয় নিৰ্বিকাৰী হৈ যায়। প্ৰতিটো ইন্দ্ৰিয়
সুবাসিত হৈ যায়। এতিয়া হৈছে দুৰ্গন্ধযুক্ত ছিঃ ছিঃ অংগ। সত্যযুগৰতো অতি সুন্দৰ মহিমা।
সেইখনক কোৱাই হয় স্বৰ্গ নতুন সৃষ্টি, বৈকুণ্ঠ। তাৰ চেহেৰা, মুকুট আদি ইয়াত কোনেও
তৈয়াৰ কৰিব নোৱাৰে। যদিও তোমালোকে দেখিও আহা কিন্তু ইয়াত সেইবোৰ বনাব নোৱাৰে। তাততো
প্ৰকৃতিক সৌন্দৰ্য থাকে, গতিকে এতিয়া তোমালোক সন্তানসকল স্মৃতিৰ দ্বাৰাই পাৱন হ’ব
লাগে। বহুত স্মৃতিৰ যাত্ৰা কৰিব লাগে। এই ক্ষেত্ৰত বহুত যত্ন কৰিবলগীয়া হয়। স্মৰণ
কৰি কৰি কৰ্মাতীত অৱস্থা পালে সকলোবোৰ কৰ্মেন্দ্ৰিয়ই শীতল হৈ যাব। প্ৰতিটো ইন্দ্ৰিয়
বহুত সুবাসিত হৈ যাব, কোনো দুৰ্গন্ধ নাথাকিব। এতিয়াতো সকলো কৰ্মেন্দ্ৰিয়ই
দুৰ্গন্ধযুক্ত। এই শৰীৰ কোনো কামৰ নহয়। তোমালোক আত্মা এতিয়া পৱিত্ৰ হৈ আছা। শৰীৰতো
হ’ব নোৱাৰে। শৰীৰ তেতিয়াহে পৱিত্ৰ হ’ব যেতিয়া তোমালোকে নতুন শৰীৰ পাবা। “প্ৰতিটো
ইন্দ্ৰিয়ই সুবাসিত” - এয়া হৈছে দেৱতাসকলৰ মহিমা। তোমালোক সন্তানসকল বহুত আনন্দিত
হ’ব লাগে। পিতা আহিছে গতিকে আনন্দৰ সীমা থাকিব নালাগে।
পিতাই কয় - মোক স্মৰণ
কৰিলে বিকৰ্ম বিনাশ হ’ব। ‘গীতা’ৰ শব্দ কিমান স্পষ্ট। বাবাই কৈছেও - যিসকল মোৰ ভক্ত,
যিসকল গীতা-পাঠক হ’ব, তেওঁলোক শ্ৰীকৃষ্ণৰ পূজাৰী নিশ্চয় হ’ব। সেইবাবে বাবাই কয় -
দেৱতাসকলৰ পূজাৰীসকলক শুনাবা। মনুষ্যই শিৱৰ পূজা কৰে আকৌ সৰ্বব্যাপি বুলি কৈ দিয়ে।
গ্লানি কৰিও মন্দিৰলৈ নিতৌ যায়। শিৱ মন্দিৰলৈ বহুত লোক যায়। বহুত ওখ ছিৰি বগাই ওপৰলৈ
যায়, শিৱৰ মন্দিৰ ওপৰত নিৰ্মাণ কৰা হয়। শিৱবাবাও আহি ছিৰিৰ বিষয়ে কয় নকয়। তেওঁৰ নাম
উচ্চ, উচ্চ নিবাসস্থান। কিমান ওপৰলৈ যায়। বদ্ৰীনাথ, অমৰনাথ তাত শিৱৰ মন্দিৰ আছে।
আৰোহণ কৰাওঁতা হয় সেইবাবে তেওঁৰ মন্দিৰো বহুত উচ্চত নিৰ্মাণ কৰে। ইয়াত গুৰু শিখৰ
মন্দিৰো উচ্চ পাহাৰত নিৰ্মাণ কৰা হৈছে। উচ্চ পিতাই বহি তোমালোকক পঢ়ায়। জগতৰ আন
কোনেও নাজানে যে শিৱবাবা আহি পঢ়ায়। তেওঁলোকেতো সৰ্বব্যাপি বুলি কৈ দিয়ে। এতিয়া
তোমালোকৰ সন্মুখত লক্ষ্য-উদ্দেশ্যও আছে। পিতাৰ বাহিৰে অন্য কোনে ক’ব - এয়া তোমালোকৰ
লক্ষ্য-উদ্দেশ্য। এয়া পিতাইহে তোমালোক সন্তানসকলক শুনায়। তোমালোকে কথাও
সত্য-নাৰায়ণৰ শুনা। তেওঁলোকেতো যিবোৰ অতীত হৈ গৈছে তেওঁলোকৰ কথা (কাহিনী) শুনায় যে
আগতে কি কি হৈছিল। যাক কাহিনী বুলি কোৱা হয়। এই উচ্চতকৈ উচ্চ পিতাই শ্ৰেষ্ঠতকৈ
শ্ৰেষ্ঠ কাহিনী শুনায়। এই কাহিনী তোমালোকক বহুত উচ্চ কৰি তোলোঁতা হয়। এয়া সদায়
স্মৃতিত ৰাখিব লাগে আৰু বহুতকে শুনাব লাগে। কাহিনী শুনাবলৈকে তোমালোকে প্ৰদৰ্শনী বা
সংগ্ৰাহালয় আদি সাজা। 5 হাজাৰ বছৰ পূৰ্বে ভাৰতেই আছিল, য’ত দেৱী দেৱতাসকলে ৰাজত্ব
কৰিছিল। এয়াই হৈছে সত্য কাহিনী যি অন্য কোনেও শুনাব নোৱাৰে। এয়া হৈছে সঁচা কাহিনী
যি চৈতন্য বৃক্ষপতি পিতাই বুজায়, যাৰ দ্বাৰা তোমালোক দেৱতা হোৱাগৈ। ইয়াত পৱিত্ৰতা
হৈছে মুখ্য। পৱিত্ৰ নহ’লে ধাৰণাও নহ’ব। সিংহীৰ গাখীৰৰ বাবে সোণৰ পাত্ৰৰ প্ৰয়োজন,
তেতিয়াহে ধাৰণা হ’ব। এই কাণ বাচনৰ দৰে নহয় জানো। এয়া সোণৰ পাত্ৰ হ’ব লাগে। এতিয়া
পাথৰৰ। সোণৰ হ’লেহে ধাৰণা হ’ব। বহুত মনোযোগেৰে শুনি ধাৰণ কৰিব লাগে। কাহিনীতো সহজ,
যিবোৰ ‘গীতা’ত লিখা আছে। তেওঁলোকে কাহিনী শুনাই ধন উপাৰ্জন কৰে। শুনোঁতাসকলৰ পৰা
তেওঁলোকৰ উপাৰ্জন হৈ যায়। ইয়াতো তোমালোকৰো উপাৰ্জন হয়। দুয়োটা উপাৰ্জন চলি থাকে।
দুয়োটা বেপাৰ। পঢ়ায়ো। এনেকৈ কয় - মনমনাভৱ, পৱিত্ৰ হোৱা। এনেকৈ অন্য কোনেও নকয়,
মনমনাভৱ হৈও নাথাকে। ইয়াত কোনো মনুষ্যই পৱিত্ৰ হ’ব নোৱাৰে কিয়নো ভ্ৰষ্টাচাৰেৰে
জন্মিছে। ৰাৱণৰাজ্য কলিযুগৰ অন্তলৈকে চলিব, এইখিনি সময়তে পাৱন হ’ব লাগে। পাৱন বুলি
দেৱতাসকলক কোৱা হয়, মনুষ্যক নহয়। সন্ন্যাসীসকলো মনুষ্য, তেওঁলোকৰ হৈছে নিবৃত্তি
মাৰ্গৰ ধৰ্ম। পিতাই কয় - মোক স্মৰণ কৰিলে তোমালোক পৱিত্ৰ হৈ যাবা। ভাৰতত প্ৰবৃত্তি
মাৰ্গৰহে ৰাজ্য চলিছে। নিবৃত্তি মাৰ্গৰসকলৰ লগত তোমালোকৰ কোনো সম্পৰ্ক নাই। ইয়াত
স্ত্ৰী-পুৰুষ দুয়ো পৱিত্ৰ হ’ব লাগে। দুয়োটা চকা চলিলে ঠিকেই, নহ’লে কাজিয়া হয়।
পৱিত্ৰতাৰ বাবেই কাজিয়া হয়। অন্য কোনো সৎসংগত পৱিত্ৰতাৰ বাবে কাজিয়া হোৱাৰ কথা শুনা
নাই চাগৈ। এবাৰেই যেতিয়া পিতা আহে তেতিয়া কাজিয়া হয়। কিন্তু সাধু সন্ত আদিয়ে জানো
কেতিয়াবা কয় যে অৱলাসকলৰ ওপৰত অত্যাচাৰ হ’ব! ইয়াত কন্যাসকলে মিনতি কৰে বাবা আমাক
ৰক্ষা কৰক। পিতায়ো সোধে নাঙঠতো নোহোৱা? কিয়নো কাম মহাশত্ৰু। একেবাৰে অধঃপতিত হৈ যায়।
এই কাম বিকাৰে সকলোকে মূল্যহীন কৰি দিছে। পিতাই কয় - 63 জন্ম তোমালোক বেশ্যালয়ত থাকা,
এতিয়া পাৱন হৈ শিৱালয়লৈ যাব লাগে। এই এটা জন্ম পৱিত্ৰ হোৱা। শিৱবাবাক স্মৰণ কৰা
তেতিয়া শিৱালয় স্বৰ্গলৈ যাবা। তথাপিও কাম বিকাৰ কিমান শক্তিশালী। কিমান হায়ৰাণ কৰে,
আকৰ্ষণ কৰে। আকৰ্ষণ আঁতৰাব লাগে। যিহেতু উভতি যাব লাগে গতিকে পৱিত্ৰ নিশ্চয় হ’ব লাগে।
শিক্ষক জানো বহি থাকিব। পঢ়া অলপ সময় চলিব। পিতাই কৈ দিয়ে। এইখন মোৰ ৰথ। ৰথৰ আয়ুসৰ
কথা আছে। পিতাই কয় – মইতো সদায় অমৰ, মোৰ নামেই হৈছে অমৰনাথ। পুনৰ্জন্ম নলওঁ সেইবাবে
অমৰনাথ বুলি কোৱা হয়। তোমালোকক আধাকল্পৰ বাবে অমৰ কৰি তোলোঁ। তথাপিও তোমালোকে
পুনৰ্জন্ম লোৱা। গতিকে এতিয়া তোমালোক সন্তানসকল ওপৰলৈ যাব লাগে। মুখ সেইফালে, ভৰি
এইফালে কৰিব লাগে। আকৌ এইফালে মুখ কিয় কৰিব লাগে। এনেকৈ কয় - বাবা পাহৰি গ’লোঁ মুখ
এইফালে হৈ গ’ল। তাৰমানে ওলোটা হৈ যায়।
তোমালোকে পিতাক পাহৰি
দেহ-অভিমানী হ’লে ওলোটা হৈ যোৱা। পিতাই সকলোবোৰ শুনায়। পিতাৰ পৰা একো খুজিব নালাগে
যে বল দিয়ক, শক্তি দিয়ক। পিতাইতো মাৰ্গ-দৰ্শন কৰে - যোগবলেৰে এনেকুৱা হ’ব লাগে।
তোমালোক যোগবলেৰে ইমান চহকী হোৱা যে 21 জন্ম কেতিয়াও কাৰো পৰা খোজাৰ প্ৰয়োজন নহয়।
পিতাৰ পৰা তোমালোকে ইমানেই লোৱা। বুজি পোৱা যে বাবাইতো প্ৰচুৰ উপাৰ্জন কৰোৱায়, এনেকৈ
কয় যে যি লাগে সকলো লৈ লোৱা। এই লক্ষ্মী-নাৰায়ণ হৈছে সকলোতকৈ উচ্চ। আকৌ যি লাগে সেয়া
লৈ লোৱা। পূৰা নপঢ়িলে প্ৰজাৰ শাৰীত গুচি যাবা। প্ৰজাও নিশ্চয় তৈয়াৰ কৰিব লাগে।
তোমালোকৰ সংগ্ৰাহালয় আগলৈ বহুত হৈ যাব আৰু তোমালোকে বহুত ডাঙৰ ডাঙৰ প্ৰেক্ষাগৃহ পাবা,
কলেজ পাবা য’ত তোমালোকে সেৱা কৰিবা। এয়া বিবাহ আদিৰ কাৰণে যি প্ৰেক্ষাগৃহ সাজে,
সেয়াও তোমালোকে নিশ্চয় পাবা। তোমালোকে বুজাবা - শিৱ ভগৱানুবাচ, মই তোমালোকক এনেকুৱা
পৱিত্ৰ কৰি তোলোঁ, গতিকে নিমিত্তই প্ৰেক্ষাগৃহ দি দিব। কোৱা ভগৱানুবাচ- কাম মহাশত্ৰু
হয়, যাৰ পৰা দুখ পাইছা। এতিয়া পাৱন হৈ পাৱন সৃষ্টিলৈ যাব লাগে। তোমালোকে
প্ৰেক্ষাগৃহ পাই থাকিবা। পাছলৈ কোৱা হ’ব – বহুত পলম হৈ গ’ল। পিতাই কয় - মই জানো
এনেয়ে ল’ম যাৰ বাবে আকৌ ভৰপূৰ কৰি দিবলগীয়া হ’ব। সন্তানসকলৰ এটি এটি পইচাৰে পুখুৰী
তৈয়াৰ হয়। বাকীতো সকলোৰে মাটিত মিলি যাব। পিতা সকলোতকৈ ডাঙৰ মহাজনো হয়। সোণাৰী, ধোবা,
কলাকাৰো হয়। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাই যি সত্য কাহিনী শুনায়, সেয়া মনোযোগেৰে শুনিব আৰু ধাৰণ কৰিব লাগে। পিতাৰ
পৰা একোৱেই বিচাৰিব নালাগে। 21 জন্মৰ বাবে নিজৰ উপাৰ্জন জমা কৰিব লাগে।
(2) ঘৰলৈ উভতি যাব
লাগে, সেইবাবে যোগবলেৰে শৰীৰৰ আকৰ্ষণ সমাপ্ত কৰিব লাগে। কৰ্মেন্দ্ৰিয়সমূহক শীতল কৰি
তুলিব লাগে। এই দেহৰ বোধ ত্যাগ কৰাৰ পুৰুষাৰ্থ কৰিব লাগে।
বৰদান:
একেটা স্থানত
থাকি অনেক আত্মাৰ সেৱা কৰোঁতা প্ৰকাশ আৰু শক্তি সম্পন্ন হোৱা
যেনেকৈ প্ৰকাশ পুঞ্জ
একেটা স্থানত স্থিত হৈ থাকি বহু দূৰলৈ সেৱা কৰে তেনেকৈ তোমালোকে একেটা স্থানত থাকি
অনেকৰ সেৱাৰ অৰ্থে নিমিত্ত হ’ব পাৰা এইক্ষেত্ৰত কেৱল প্ৰকাশ আৰু শক্তিৰে সম্পন্ন
হোৱাৰ আৱশ্যক। মন-বুদ্ধি সদায় ব্যৰ্থ চিন্তনৰ পৰা মুক্ত হৈ থাকক,’ মনমনাভৱ’ৰ মন্ত্ৰ
সহজ স্বৰূপ হৈ যাওঁক - মনেৰে শুভ ভাৱনা, শ্ৰেষ্ঠ কামনা, শ্ৰেষ্ঠ বৃত্তি আৰু শ্ৰেষ্ঠ
প্ৰকম্পনেৰে সম্পন্ন হ’লে এই সেৱা সহজে কৰিব পাৰা। এয়াই মনৰ সেৱা।
স্লোগান:
এতিয়া তোমালোক ব্ৰাহ্মণ আত্মা শক্তি স্বৰূপ হৈ যোৱা আৰু অন্য আত্মাসকলক প্ৰভাৱশালী
বক্তা কৰি তোলা।
কৰ্মযোগী হ’বলৈ আজিৰ
অব্যক্ত সংকেত:
কৰ্মযোগী কেতিয়াও ভাল
বা বেয়া কৰ্ম কৰোঁতা ব্যক্তিৰ প্ৰভাৱত নাহে। এনেকুৱা নহয় যে কোনোবা ভাল কৰ্ম কৰোঁতা
সম্পৰ্কত আহিলে আনন্দিত হৈ যাব আৰু কোনোবা ভাল কৰ্ম নকৰা ব্যক্তি সম্বন্ধত আহিলে
ক্ৰোধিত হৈ যাব আৰু তেওঁৰ প্ৰতি ঈৰ্ষা বা ঘৃণা জন্মিব। এয়াও কৰ্মবন্ধন। কৰ্মযোগীৰ
আগত কোনোবা যেনেকুৱাই নাহক, তেওঁ স্বয়ং সদায় উপৰাম আৰু স্নেহী হৈ থাকিব। জ্ঞানৰ
দ্বাৰা জানিব, এওঁৰ এয়া ভূমিকা চলি আছে, সেয়েহে ভালক ভাল বুলি বুজি সাক্ষী হৈ চোৱা
আৰু বেয়াক দয়াশীল হৈ দয়াৰ ভাৱনাৰে পৰিৱৰ্তন কৰাৰ শুভ ভাৱনাৰে সাক্ষী হৈ চোৱা, তেতিয়া
কৰ্মবন্ধনৰ পৰা উপৰাম কৰ্মযোগী বুলি কোৱা হ’ব।