25.06.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – পাৱন হোৱাৰ একমাত্ৰ উপায় হৈছে – পিতাৰ স্মৃতি, স্মৃতিত থকাৰ পৰিশ্ৰমেই অন্তত কামত আহিব”

প্ৰশ্ন:
সংগমত কোনটো তিলক লগালে স্বৰ্গৰ ৰাজ্য-ভাগ্যৰ তিলক পাই যাবা?

উত্তৰ:
সংগমত এইটোৱেই তিলক লগোৱা যে মই আত্মা বিন্দু, মই শৰীৰ নহয়। ভিতৰত এইটোৱেই মন্থন কৰি থাকা যে মই আত্মা, মই পিতাৰ পৰা উত্তৰাধিকাৰ ল’ব লাগে। বাবাও বিন্দু, ময়ো বিন্দু। এইটো তিলকৰ দ্বাৰা স্বৰ্গৰ ৰাজ্য-ভাগ্যৰ তিলক প্ৰাপ্ত হ’ব। বাবাই কয় – মই প্ৰতিশ্ৰুতি দিছোঁ – তোমালোকে স্মৰণ কৰা তেতিয়া আধাকল্পৰ কাৰণে কন্দাৰ পৰা মুক্ত হৈ যাবা।

ওঁম্শান্তি।
এইটো চিন্তা থাকিব লাগে যে মই আত্মাই পিতাক নিশ্চয় স্মৰণ কৰিব লাগে তেতিয়াহে পাৱন হ’ব পাৰিম। যি কিছু পৰিশ্ৰম আছে সেয়া এইটোৱেই, যিটো পৰিশ্ৰম সন্তানসকলৰ দ্বাৰা নহয়। মায়াই বহুত হায়ৰাণ কৰে। এজন পিতাৰ স্মৃতি পাহৰাই দিয়ে, অন্য স্মৃতিলৈ আহি যায়। পিতা অথবা প্ৰিয়তমক স্মৰণ নকৰে। এনেকুৱা প্ৰিয়তমকতো অতিকমেও 8 (আঠ) ঘণ্টা স্মৰণ কৰাৰ সেৱা আগবঢ়াব লাগে অৰ্থাৎ স্মৃতিত থাকি প্ৰিয়তমক সহায় কৰিব লাগে। অথবা সন্তানসকলে পিতাক স্মৰণ কৰিব লাগে – ইয়াত বহুত পৰিশ্ৰম হয়। ‘গীতা’তো আছে মনমনাভৱ (নিজক আত্মা বুলি বুজি পৰমপিতা শিৱক স্মৰণ কৰা)। পিতাক স্মৰণ কৰি থাকা। উঠোঁতে-বহোঁতে, চলোঁতে-ফুৰোঁতে একমাত্ৰ পিতাকহে স্মৰণ কৰি থাকা অন্য কাকো নহয়। অন্তিমত এই স্মৃতিয়েই কামত আহিব। নিজক আত্মা অশৰীৰী বুলি বুজা, এতিয়া আমি উভতি যাব লাগে। এইটো পৰিশ্ৰম বহুত কৰিব লাগে। পুৱা (অমৃতবেলা) স্নান আদি কৰি ওপৰত ছাদত বা প্ৰেক্ষাগৃহত আহি বহি যোৱা। যিমানে একান্ত হ’ব সিমানে ভাল। সদায় এইটোৱে খেয়াল ৰাখা যে মই পিতাক স্মৰণ কৰিব লাগে। পিতাৰ পৰা পূৰা উত্তৰাধিকাৰ ল’ব লাগে। এইটো পৰিশ্ৰম প্ৰত্যেক 5 হাজাৰ বছৰৰ পাছত তোমালোকে কৰিবলগীয়া হয়। সত্যযুগ, ত্ৰেতা, দ্বাপৰ, কলিযুগ – ক’তোতে তোমালোকে এইটো পৰিশ্ৰম কৰিবলগীয়া নহয়। এই সংগমতহে তোমালোকক পিতাই কয় যে মোক স্মৰণ কৰা, বচ্‌। এয়াই সময় যেতিয়া পিতাই কয় – মোক স্মৰণ কৰা। পিতা আহেও সংগমত আন কোনো সময়ত পিতা নাহেই। তোমালোকেও পুৰুষাৰ্থৰ ক্ৰম অনুসৰি জানা। বহুত সন্তানে পিতাক পাহৰি যায় সেইবাবে বহুত প্ৰবঞ্চিত হয়, ৰাৱণ বহুত প্ৰবঞ্চক। ৰাৱণেই আধাকল্পৰ শত্ৰু সেইবাবে পিতাই কয় - নিতৌ পুৱা উঠি এইটো বিচাৰ সাগৰ মন্থন কৰা আৰু ইয়াৰেই খতিয়ান ৰাখা – কিমান সময় মই পিতাক স্মৰণ কৰিলোঁ! কিমান মামৰ আঁতৰিল! সকলো স্মৃতিৰ ওপৰত নিৰ্ভৰ কৰে। সন্তানসকলে নিজৰ পূৰা উত্তৰাধিকাৰ ল’বলৈ পূৰা চেষ্টা কৰিব লাগে। নৰৰ পৰা নাৰায়ণ হ’ব লাগে। এয়া হ’ল সঁচা সত্য-নাৰায়ণৰ কথা (কাহিনী)। ভক্ত লোকসকলে পূৰ্ণিমাৰ দিনা সত্য-নাৰায়ণৰ কথা শুনে। এতিয়া তোমালোকে জানা যে 16 কলা সম্পূৰ্ণ হ’ব লাগে। সেয়া হ’বা সত্য পিতাক স্মৰণ কৰিলে। পিতা হৈছে শ্ৰীমত দিওঁতা। পিতাই কয় – গৃহস্থালিত থাকা, পেছাগত কাম-কাজ আদি সকলো কৰা। পিতাক নিশ্চয় স্মৰণ কৰিব লাগে আৰু পাৱন হ’ব লাগে। বচ্‌। যদি স্মৰণ নকৰা তেন্তে ৰাৱণৰ হাতত ক’ৰবাত নহয় ক’ৰবাত প্ৰবঞ্চিত হৈ থাকিবা সেইবাবে স্মৃতিত থাকা, এইটোৱে মূল কথা বুজায়। শিৱবাবাক স্মৰণ কৰিব লাগে। দেহ সহিত দেহৰ যি সম্বন্ধীয় আছে সেয়া পাহৰি নিজক আত্মা বুলি নিশ্চয় কৰা। পিতাই বাৰে বাৰে বুজায় – নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰিব লাগে। নহ’লে আকৌ অন্তিমত বহুত অনুতাপ কৰিবা। বহুত প্ৰবঞ্চিত হ’বা। এনেকুৱা জোৰেৰে থাপৰ লাগিব যে মায়াই একেবাৰে মুখ ক’লা (অপৱিত্ৰ) কৰি দিব। পিতা আহিছে মুখ বগা (পৱিত্ৰ) কৰিবলৈ। এই সময়ত সকলোৱে ইজনে-সিজনৰ মুখ ক’লা কৰি থাকে। বগা কৰি তোলোঁতা এজনেই পিতা যাৰ স্মৃতিৰে তোমালোক বগা, স্বৰ্গৰ মালিক হ’বাগৈ। এইখন হয়েই পতিত সৃষ্টি। পিতা আহেই পতিতসকলক পাৱন কৰি তুলিবলৈ। বাকী তোমালোকৰ পেছাগত কাম-কাজ আদিৰ লগত বাবাৰ কোনো সম্বন্ধ নাই। শৰীৰ নিৰ্বাহৰ অৰ্থে তোমালোকে যি কৰিব লাগে কৰা। পিতাইতো কেৱল কয় – ‘মনমনাভৱ’। তোমালোকে কোৱাও যে আমি কেনেকৈ পাৱন সৃষ্টিৰ মালিক হ’ম। পিতাই কয় – কেৱল মোক স্মৰণ কৰা। বচ্‌। পাৱন হোৱাৰ অন্য কোনো উপায় নাই। যিমানেই দান-পুণ্য আদি নকৰক, যিমানেই পৰিশ্ৰম নকৰক। লাগিলে জুইৰ মাজেৰে অহা-যোৱা কৰি থাকক, কেৱল এজন পিতাৰ স্মৃতিৰ বাহিৰে একোৱেই কামত আহিব নোৱাৰে। বহুত সহজ কথা, ইয়াক কোৱা হয় সহজ যোগ। নিজক সোধা মই মৰমৰ পিতাক গোটেই দিনটোত কিমান স্মৰণ কৰোঁ! টোপনি গৈ থকা অৱস্থাততো কোনো পাপ নহয়। অশৰীৰী হৈ যায়। বাকী দিনত বহুত পাপ হৈ থাকে আৰু পুৰণা (পূৰ্বৰ জন্মৰ) পাপো বহুত আছে। স্মৃতিত থকাৰ পৰিশ্ৰম কৰিব লাগে। ইয়ালৈ আহা যেতিয়া এইটো পৰিশ্ৰম কৰিব লাগে। বাহিৰৰ বাহ্যিক সংকল্প আঁতৰাই দিয়া। নহ’লে বায়ুমণ্ডল বৰ বেয়াকৈ নষ্ট কৰি দিয়ে। ঘৰৰ, খেতিবাতিৰ খেয়াল চলি থাকে। কেতিয়াবা সন্তান স্মৃতিলৈ আহিব, কেতিয়াবা গুৰুৰ স্মৃতি আহিব। সংকল্প চলি থাকিব গতিকে বায়ুমণ্ডল নষ্ট কৰি দিব। পৰিশ্ৰম নকৰাসকলে বিঘিনি আনে। এয়া বহুত সূক্ষ্ম কথা। তোমালোকেও এতিয়া জানা পাছলৈ কেতিয়াও নাজানিবা। পিতাই এতিয়াহে উত্তৰাধিকাৰ দিয়ে আকৌ আধাকল্পৰ কাৰণে নিশ্চিত হৈ যায়। লৌকিক পিতাৰ খেয়াল আৰু বেহদৰ পিতাৰ খেয়ালৰ মাজত কিমান পাৰ্থক্য আছে। পিতাই কয় যে ভক্তিমাৰ্গত মোৰ কিমান খেয়াল থাকে। ভক্তই কিমান ঘনে ঘনে স্মৰণ কৰে। সত্যযুগত কোনেও স্মৰণ নকৰে। পিতাই কয় যে তোমালোকক ইমান সুখ দিওঁ যে তোমালোকে তাত মোক স্মৰণ কৰাৰ দৰকাৰেই নাথাকিব। মই জানো মোৰ সন্তানসকল সুখধামত, শান্তিধামত বহি আছে। অন্য কোনো মনুষ্যই বুজিব নোৱাৰে। এনেকুৱা পিতাৰ প্ৰতি নিশ্চয়বুদ্ধিৰ হোৱাত মায়াই বিঘিনি আনে। পিতাই কয় যে কেৱল মোক স্মৰণ কৰা তেতিয়া তোমালোকৰ যি খাদ (বিকাৰৰ লেপ) পৰি গৈছে, ৰূপ, তাম, লোহা.... সেয়া আঁতৰি যাব। সোণালী যুগৰ পৰা ৰূপালী যুগলৈ আহিলেও দুটা কলা কম হয়। এই কথাবোৰ তোমালোকে শুনা আৰু বুজি পোৱা। যিসকল সঁচা ব্ৰাহ্মণ হ’ব তেওঁলোকৰ ভালদৰে বুদ্ধিত ধাৰণ হ’ব, নহ’লে ধাৰণ নহ’ব। স্মৃতি স্থায়ী হৈ নাথাকিব। সকলো পিতাক স্মৰণ কৰাৰ ওপৰত নিৰ্ভৰ কৰে। পিতাই বাৰে বাৰে কয় – সন্তানসকল পিতাক স্মৰণ কৰা। এই বাবায়ো (ব্ৰহ্মা) ক’ব – শিৱবাবাক স্মৰণ কৰা। শিৱবাবাই নিজেও ক’ব – মোক; পিতাক স্মৰণ কৰা। আত্মাসকলক কয় – হে সন্তানসকল। সেই নিৰাকাৰ পৰমাত্মায়ো আত্মাসকলক ক’ব। মূল কথাই হৈছে এইটো। যিয়েই আহে তেওঁক পোন-প্ৰথমে কোৱা যে ‘অল্ফ্‌’ক (পৰমপিতাক) স্মৰণ কৰা আৰু কোনো টিক টিক কৰিব (অন্য কথা ক’ব) নালাগে। কেৱল কোৱা – নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। ভিতৰত এয়াই মন্থন কৰি থাকিব লাগে। মই আত্মা, গায়নো কৰে নহয় যে তুলসীদাসে চন্দন পিহিলে আৰু ৰঘুবীৰে তিলক লগাই দিলে…. এয়া জানো কোনো স্থূল তিলক! তোমালোকে বুজি পোৱা যে তিলক বাস্তৱত এই সময়ৰ স্মাৰক। তোমালোকে স্মৰণ কৰি থাকা মানে বাদশ্বাহীৰ তিলক লগোৱা। তোমালোকে বাদশ্বাহীৰ তিলক পাবা, দ্বৈত মুকুটধাৰী হ’বাগৈ। বাদশ্বাহীৰ তিলক পাবা অৰ্থাৎ মহাৰজা, মহাৰাণী হ’বাগৈ। পিতাই কিমান সহজকৈ কয়। বচ্‌ কেৱল এইটো স্মৰণ কৰা – মই আত্মা, শৰীৰ নহয়। মই পিতাৰ পৰা উত্তৰাধিকাৰ ল’ব লাগে।

তোমালোকে জানা আমি আত্মা বিন্দু সদৃশ, বাবাও বিন্দু। বাবা জ্ঞানৰ সাগৰ, সুখৰ সাগৰ। তেওঁ আমাক বৰদান দিয়ে। এওঁৰ (ব্ৰহ্মাৰ আত্মাৰ) কাষত আহি বহে। গুৰুৱে নিজৰ শিষ্যক কাষত বহুৱাই শিকায়। এৱোঁ কাষত বহে। সন্তানসকলক কেৱল কয় – নিজক আত্মা বুলি বুজা, মামেকম্‌ (কেৱল মোক; পৰমপিতাক) স্মৰণ কৰা। সত্যযুগতো তোমালোকে নিজক আত্মা বুলি বুজা, কিন্তু পিতাক নাজানা। মই আত্মাই শৰীৰ ত্যাগ কৰোঁ আকৌ আন এটা শৰীৰ ল’ব লাগে। ড্ৰামা অনুসৰি তোমালোকৰ ভূমিকাই এনেকুৱা সেইবাবে তোমালোকৰ আয়ুস তাত দীঘলীয়া হয়, পৱিত্ৰ হৈ থাকা। সত্যযুগত আয়ুস দীঘলীয়া হৈ থাকে, কলিযুগত চুটি হৈ যায়। তাত হৈছে যোগী, ইয়াত হৈছে ভোগী। যোগী পৱিত্ৰ হয়। তাত ৰাৱণ ৰাজ্যই নাই। আয়ুস দীঘলীয়া হয়। ইয়াত আয়ুস কিমান চুটি হয়, ইয়াক কৰ্মভোগ বুলি কোৱা হয়। তাত অকালতে কেতিয়াও মৃত্যু নহয়। সেয়েহে পিতাই কয় যে পিতাক চিনিবলৈ হ’লে শ্ৰীমতত চলা। এজন পিতাক স্মৰণ কৰা। নিজক আত্মা বুলি বুজা। আমি এতিয়া যাব লাগে, এই শৰীৰ ত্যাগ কৰিব লাগে। বাকী সময় সেৱাত লগাব লাগে।

তোমালোক সন্তানসকল বহুত গৰিব সেইবাবে পিতাৰ দয়া উপজে। তোমালোক বুঢ়ী, কুঁজী আদিক কোনো কষ্ট নিদিয়ে। বুঢ়ীক কুঁজী বুলি কোৱা হয়। বুঢ়ীসকলক বুজোৱা হয় – পিতাক স্মৰণ কৰা। তোমালোকক যদি কোনোবাই সোধে যে ক’লৈ যোৱা? তেতিয়া ক’বা – গীতা পাঠশালালৈ যাওঁ।

সন্তানসকলে প্ৰদৰ্শনী আদিৰ কাৰণে কিমান খৰচ কৰে, লিখেও অমুক ভালকৈ প্ৰভাৱিত হ’ল। কিন্তু বাবাই কয় – এজনেও এনেকৈ নিলিখে যে যথাযথ এই সময়ত বেহদৰ পিতাই এই ব্ৰহ্মাৰ শৰীৰত আহিছে, তেওঁৰ পৰাহে স্বৰ্গৰ উত্তৰাধিকাৰ পাব পাৰে। বাবাই বুজি পায় যে এজনৰো নিশ্চয়তা জন্মা নাই। কেৱল প্ৰভাৱিত হয়, এই জ্ঞান বহুত ভাল। ছিৰি ঠিক ৰীতিৰে দেখুৱাইছে। কিন্তু নিজে যোগযুক্ত হৈ থাকি তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ’ব, সেইটো নকৰে। কেৱল কয় – পৰমাত্মাৰ পৰা উত্তৰাধিকাৰ লোৱাৰ বুজনি বহুত ভাল। কিন্তু নিজে ল’ব সেয়া হ’লে নাই। একোৱেই পুৰুষাৰ্থ নকৰে, প্ৰজা অনেক হ’ব। বাকী ৰজা হ’ব সেই ক্ষেত্ৰত পৰিশ্ৰম আছে। প্ৰত্যেকে নিজৰ অন্তৰক সোধা যে মই কিমানলৈকে পিতাৰ স্মৃতিত হৰ্ষিত হৈ থাকোঁ? মই পুনৰাই সেই দেৱতা হওঁ। এনেকৈ নিজৰ সৈতে একান্তত বহি বাৰ্তালাপ কৰা, চেষ্টা কৰি চোৱা। যদি পিতাক স্মৰণ কৰি থাকা তেন্তে পিতাই প্ৰতিশ্ৰুতি দিছে – তোমালোকে আধাকল্প কেতিয়াও কান্দিবলগীয়া নহ’ব। এতিয়া তোমালোকে কোৱা বাবা আহি আমাক ৰাৱণ মায়াৰ ওপৰত বিজয়ী কৰি তোলে। যিয়ে যিমান পৰিশ্ৰম কৰে, নিজৰ কাৰণেই কৰে। আকৌ তোমালোক নতুন সৃষ্টিলৈ আহিবা। পুৰণি সৃষ্টিৰ হিচাপ-নিকাচো নিষ্পত্তি কৰিব লাগে যিহেতুকে তোমালোক তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ’ব লাগে। পাৱন হোৱাৰ উপায়ো শুনায়। এয়া হৈছে বিনাশৰ (হিচাপ নিষ্পত্তিৰ) সময়, সকলোৰে বিনাশ হ’ব। নতুন সৃষ্টিৰ স্থাপনা হ’ব। তোমালোকে জানা যে আমি এই মৃত্যুলোকত এই শৰীৰ ত্যাগ কৰি আকৌ নতুন সৃষ্টি অমৰলোকলৈ আহিম। আমি পঢ়োঁৱেই নতুন সৃষ্টিৰ বাবে আৰু কোনো এনেকুৱা পাঠশালা নাই য’ত ভৱিষ্যতৰ কাৰণে পঢ়ায়। অৱশ্যে হয় যিয়ে বহুত দান-পুণ্য কৰে তেওঁলোক ৰজাৰ ঘৰত জন্ম লয়। “মুখত সোণৰ চামুচ” বুলি কোৱা হয়। সত্যযুগত তোমালোকে পোৱা, কলিযুগত যিসকলে ৰজাৰ ঘৰত জন্ম লয় তেওঁলোকেও পায় তথাপি ইয়াততো অনেক প্ৰকাৰৰ দুখ থাকে। তোমালোকৰতো ভৱিষ্যত 21 জন্মৰ কাৰণে কোনো দুখ নহ’ব। কেতিয়াও বেমাৰ নহ’ব, স্বৰ্গত সোণৰ চামুচ। ইয়াত হৈছে অল্পকালৰ বাবে বাদাশ্বাহী। তোমালোকৰ হৈছে 21 জন্মৰ কাৰণে। বুদ্ধিৰে ভালকৈ বুজিব লাগে তাৰপাছত বুজাব লাগে। এনেকুৱা নহয় যে ভক্তিমাৰ্গত ৰজা হ’ব নোৱাৰে। কোনোবাই কলেজ অথবা হস্পিতাল স্থাপন কৰে তেন্তে তেৱোঁ প্ৰতিদান পায়। হস্পিতাল স্থাপন কৰিলে তেন্তে পৰৱৰ্তী জন্মত ভাল স্বাস্থ্যৱান হৈ থাকিব। কয় নহয় যে এওঁৰ গোটেই জীৱন জ্বৰো নহ’ল। আয়ুস দীঘলীয়া হয়। বহুত দান আদি কৰিছে, হস্পিতাল আদি স্থাপন কৰে তেতিয়া আয়ুস বৃদ্ধি হয়। ইয়াততো যোগেৰে তোমালোক সৰ্বদা স্বাস্থ্যৱান-সম্পত্তিমান হোৱা। যোগেৰে তোমালোকে 21 জন্মলৈ নিৰোগী শৰীৰ পোৱা। এইখনতো বহুত শ্ৰেষ্ঠ হস্পিতাল, বহুত শ্ৰেষ্ঠ কলেজ। পিতাই প্ৰতিটো কথা ভালকৈ বুজায়। পিতাই কয় – যাৰ য’ত মজা লাগে, য’ত অন্তৰে বিচাৰে তাত গৈ পঢ়া পঢ়িব পাৰে। এনেকুৱা নহয় যে আমাৰ সেৱাকেন্দ্ৰলৈ আহক, তালৈ কিয় যায়। নহয়, যিয়ে যলৈকে বিচাৰে ত’লৈকে যোৱা। কথাতো একেটাই। মুৰুলীতো পঢ়ি শুনায়। সেই মুৰুলী ইয়াৰ পৰা যায় আকৌ কোনোবাই বিস্তাৰত ভালকৈ বুজায়, কোনোবাই কেৱল পঢ়ি শুনায়। ভাষণ দিওঁতাসকলে নিশ্চয় ভাল প্ৰত্যাহ্বান জনায়। য’তেই ভাষণ নিদিয়া প্ৰথমতে কোৱা শিৱবাবাই কয় – নিজক আত্মা বুলি বুজি মোক পিতাক স্মৰণ কৰা তেতিয়া তোমালোকৰ বিকৰ্ম বিনাশ হ’ব আৰু পাৱন হৈ পাৱন সৃষ্টিৰ মালিক হ’বাগৈ। কিমান সহজকৈ বুজায়। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) বাহিৰৰ বাহ্যিক (ব্যৰ্থ) খেয়াল এৰি একান্তত বহি স্মৃতিত থকাৰ পৰিশ্ৰম কৰিব লাগে। পুৱাতে (অমৃতবেলা) উঠি বিচাৰ সাগৰ মন্থন কৰিব আৰু নিজৰ খতিয়ান চাব লাগে।

(2) যেনেকৈ ভক্তিত দান-পুণ্যৰ মহত্ব আছে তেনেকৈ জ্ঞান মাৰ্গত স্মৃতিৰ মহত্ব আছে। স্মৃতিৰে আত্মাক সৰ্বদা স্বাস্থ্যৱান-সম্পত্তিমান কৰি তুলিব লাগে। অশৰীৰী হৈ থকাৰ অভ্যাস কৰিব লাগে।

বৰদান:
সংযুক্ত ৰূপৰ সেৱাৰ দ্বাৰা আত্মাসকলক সমীপ সম্বন্ধত আনোতা সংযুক্ত ৰূপধাৰী হোৱা

কেৱল বাণীৰ দ্বাৰা সেৱা কৰা বাবে প্ৰজা তৈয়াৰ হৈ গৈ আছে কিন্তু বাণীৰ উৰ্দ্ধত স্থিতিত স্থিৰ হৈ তাৰপাছত বাণীত আহা, অব্যক্ত স্থিতি আৰু তাৰপাছত বাণী – এনেকুৱা সংযুক্ত ৰূপৰ সেৱাই উত্তৰাধিকাৰী কৰি তুলিব। বাণীৰ দ্বাৰা প্ৰভাৱিত হোৱা আত্মাসকল অনেক প্ৰকাৰৰ কথা শুনি অহা-যোৱাৰ চক্ৰত আহি যায় কিন্তু সংযুক্ত ৰূপধাৰী হৈ সংযুক্ত ৰূপৰ সেৱা কৰা তেতিয়া তেওঁলোকৰ ওপৰত অন্য কোনো ৰূপৰ প্ৰভাৱ পৰিব নোৱাৰে।

স্লোগান:
সাধনবোৰত বেহদৰ বৈৰাগ্য বৃত্তিৰ সাধনা সুপ্ত হ’বলৈ নিদিবা।


অব্যক্ত ইংগিত: সদায় হৰ্ষিত হৈ থাকিবলৈ নিজৰ স্বভাৱ সৰল কৰি তোলা, সহনশীল হোৱা

যিসকল সহনশীল সন্তান, তেওঁলোকে নিজৰ সহনশীলতা শক্তিৰে যিকোনো কঠোৰ সংস্কাৰধাৰী লোকক, যিকোনো কঠিন কাৰ্য শীতল কৰি দিয়ে অথবা সহজ কৰি দিয়ে। সহনশীলতাৰ গুণধাৰী লোক গম্ভীৰ হ’ব আৰু গভীৰতালৈ যাব। তেওঁলোক কেতিয়াও ভয়-ভীত নহ’ব। গভীৰতালৈ গৈ সফলতা অৰ্জন কৰিব।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]