25.07.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – লুটিবাগৰ মৰা খেল স্মৃতিলৈ আনা, এই খেলত গোটেই চক্ৰৰ, ব্ৰহ্মা আৰু ব্ৰাহ্মণসকলৰ ৰহস্য সমাহিত হৈ আছে”

প্ৰশ্ন:
সংগমযুগত পিতাৰ পৰা কোনটো উত্তৰাধিকাৰ সকলো সন্তানৰ প্ৰাপ্ত হয়?

উত্তৰ:
ঈশ্বৰীয় বুদ্ধিৰ। ঈশ্বৰৰ যি গুণ আছে সেয়া আমাক উত্তৰাধিকাৰত দিয়ে। আমাৰ বুদ্ধি হীৰাৰ দৰে পাৰস (পৱিত্ৰ) হৈ আছে। এতিয়া আমি ব্ৰাহ্মণ হৈ পিতাৰ পৰা বহুত মূল্যৱান সম্পদ লৈ আছোঁ, সৰ্বগুণেৰে নিজৰ বুদ্ধি ৰূপী জোলোঙা ভৰপূৰ কৰি আছোঁ।

ওঁম্শান্তি।
আজি হৈছে সৎগুৰুবাৰ, বৃহস্পতিবাৰ। দিনবোৰৰ ভিতৰতো কোনোৱাটো উত্তম দিন হয়। বৃহস্পতিবাৰৰ দিনটিক উচ্চ বুলি নকয় জানো। বৃহস্পতি অৰ্থাৎ বৃক্ষপতি দিৱসৰ দিনা প্ৰথম স্কুল বা কলেজলৈ যাব আৰম্ভ কৰে। এতিয়া তোমালোক সন্তানসকলে জানা যে এই মনুষ্য সৃষ্টি ৰূপী বৃক্ষৰ বীজৰূপ হৈছে পিতা আৰু তেওঁ হৈছে অকালমূৰ্ত। অকালমূৰ্ত পিতাৰ অকালমূৰ্ত সন্তান। কিমান সহজ। কেৱল স্মৃতিত থকাতো অলপ কঠিন। স্মৃতিৰ দ্বাৰাই বিকৰ্ম বিনাশ হয়। তোমালোক পতিতৰ পৰা পাৱন হোৱা। পিতাই বুজায় – তোমালোক সন্তানসকলৰ ওপৰত এতিয়া অবিনাশী বেহদৰ দশা। এটা হৈছে হদৰ দশা আৰু আনটো হৈছে বেহদৰ দশা। পিতা হৈছে বৃক্ষপতি। বৃক্ষৰ পৰা প্ৰথমে ব্ৰাহ্মণ ওলায়। পিতাই কয় - মই বৃক্ষপতি সত্য-চৈতন্য-আনন্দ স্বৰূপ হওঁ। আকৌ মহিমা গায় - জ্ঞানৰ সাগৰ, শান্তিৰ সাগৰ…। তোমালোকে জানা যে সত্যযুগত দেৱী-দেৱতাসকল শান্তিৰ, পৱিত্ৰতাৰ সাগৰ হয়। ভাৰত সুখ-শান্তি-পৱিত্ৰতাৰ সাগৰ আছিল, তাকে কোৱা হয় বিশ্বত শান্তি। তোমালোক হৈছা ব্ৰাহ্মণ। বাস্তৱত তোমালোকো অকালমূৰ্ত হোৱা, সকলো আত্মা নিজৰ আসনত বিৰাজমান হৈ আছে। এয়া সকলো হৈছে চৈতন্য অকাল আসন। ভ্ৰূকুটিৰ মাজত অকালমূৰ্ত আত্মা বিৰাজমান হৈ আছে, যাক তৰা বুলিও কোৱা হয়। বৃক্ষপতি বীজৰূপক জ্ঞানৰ সাগৰ বুলি কয়, তেন্তে নিশ্চয় তেওঁ আহিবই লাগে। প্ৰথমে লাগে ব্ৰাহ্মণ, প্ৰজাপিতা ব্ৰহ্মাৰ তোলনীয়া সন্তান। গতিকে নিশ্চয় মম্মাও লাগিব। তোমালোক সন্তানসকলক বৰ ভালকৈ বুজায়। যেনেকৈ লুটিবাগৰ মৰা খেলে। তাৰো অৰ্থ বুজাইছে। বীজৰূপ হৈছে শিৱবাবা তাৰপাছত হৈছে ব্ৰহ্মা। ব্ৰহ্মাৰ দ্বাৰা ব্ৰাহ্মণ ৰচনা কৰা হয়। এই সময়ত তোমালোকে ক’বা যে আমিয়েই ব্ৰাহ্মণ তাৰপাছত দেৱতা….। প্ৰথমে আমি শূদ্ৰ বুদ্ধিৰ আছিলোঁ। এতিয়া আকৌ পিতাই পুৰুষোত্তম বুদ্ধিৰ কৰি তুলিছে। হীৰাৰ দৰে পাৰস বুদ্ধিৰ কৰি তুলিছে। এই লুটিবাগৰ মৰাৰ (সৃষ্টি চক্ৰত চক্ৰাকাৰে ভূমিকা পালন কৰি থকাৰ কথা) ৰহস্য বুজাইছে। শিৱবাবাও আছে, প্ৰজাপিতা ব্ৰহ্মা আৰু তোলনীয়া সন্তানসকলো সন্মুখত বহি আছে। এতিয়া তোমালোক কিমান বিশাল বুদ্ধিৰ হৈছা। ব্ৰাহ্মণৰ পৰা আকৌ দেৱতা হ’বাগৈ। এতিয়া তোমালোক ঈশ্বৰীয় বুদ্ধিৰ হৈছা যি গুণ ঈশ্বৰৰ আছে সেয়া তোমালোকে উত্তৰাধিকাৰ ৰূপে পাইছা। বুজাবৰ সময়ত এয়া পাহৰি নাযাবা। পিতা জ্ঞানৰ সাগৰ হৈছে এক নম্বৰ। তেওঁক জ্ঞানেশ্বৰ বুলি কোৱা হয়। জ্ঞান শুনাওঁতা ঈশ্বৰ। জ্ঞানৰ দ্বাৰা সৎগতি হয়। জ্ঞান আৰু যোগৰ দ্বাৰা পতিতক পাৱন কৰি তোলা হয়। ভাৰতৰ প্ৰাচীন ৰাজযোগ প্ৰসিদ্ধ কিয়নো লৌহযুগীৰ পৰা সোণালীযুগী হৈছিল। এয়াতো বুজোৱা হৈছে যে যোগ দুই প্ৰকাৰৰ - সেয়া হৈছে হঠযোগ আৰু এয়া হৈছে ৰাজযোগ। সেয়া হদৰ, এয়া বেহদৰ। সেয়া হৈছে হদৰ সন্ন্যাসী, তোমালোক হৈছা বেহদৰ সন্ন্যাসী। তেওঁলোকে ঘৰ-সংসাৰ এৰে, তোমালোকে গোটেই বিশ্বৰ সন্ন্যাস কৰা। এতিয়া তোমালোক হৈছা প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান, এয়া সৰু নতুন বৃক্ষ। তোমালোকে জানা যে পুৰণিৰ পৰা নতুন হৈ আছে। পুলি ৰোপণ হৈ আছে। যথাযথ আমি লুটিবাগৰ মৰা খেল খেলোঁ। আমিয়েই ব্ৰাহ্মণ তথা আমিয়েই দেৱতা। ‘তথা’ শব্দটি নিশ্চয় উল্লেখ কৰিব লাগে। কেৱল ‘আমিয়ে’ নহয়। আমিয়ে শূদ্ৰ আছিলোঁ তথা আমিয়ে ব্ৰাহ্মণ হৈছোঁ… এই লুটিবাগৰ মৰা খেলক একেবাৰে পাহৰিব নালাগে। এয়াতো একেবাৰে সহজ। সৰু সৰু সন্তানসকলেও বুজাব পাৰে, আমি 84 জন্ম কেনেকৈ লওঁ, ছিৰি কেনেকৈ তললৈ নামি আহিলোঁ আকৌ ব্ৰাহ্মণ হৈ ছিৰি ওপৰলৈ উঠোঁ। ব্ৰাহ্মণ তথা দেৱতা হওঁ।

এতিয়া ব্ৰাহ্মণ হৈ বহুত উচ্চ সম্পদ আহৰণ কৰি আছোঁ। বুদ্ধিৰূপী জোলোঙা ভৰপূৰ হৈ আছে। জ্ঞান সাগৰ বুলি শংকৰক কোৱা নহয়। তেওঁ জোলোঙা ভৰপূৰ নকৰে। এয়াতো চিত্ৰকাৰে আঁকি দিছে। শংকৰৰ কথা নাই। এই বিষ্ণু আৰু ব্ৰহ্মা ইয়াৰেই হয়। লক্ষ্মী-নাৰায়ণৰ যুগল ৰূপ ওপৰত দেখুওৱা হৈছে। এয়া হৈছে এওঁৰ (ব্ৰহ্মাৰ) অন্তিম জন্ম। প্ৰথমে এওঁ বিষ্ণু আছিল, আকৌ 84 জন্মৰ পাছত এওঁ (ব্ৰহ্মা) হৈছে। এওঁৰ নাম মই ব্ৰহ্মা ৰাখিছোঁ। সকলোৰে নাম সলাই দিছোঁ কিয়নো সন্ন্যাস কৰিছা নহয়। শূদ্ৰৰ পৰা ব্ৰাহ্মণ হোৱাৰ বাবে নাম সলাই দিছোঁ। পিতাই বহুত ৰমণীয় নাম ৰাখিছে। গতিকে এতিয়া তোমালোকে বুজি পোৱা, দেখিছা যে বৃক্ষপতি এই ৰথত বহি আছে। তেওঁৰ (শিৱবাবাৰ) এয়া অকাল আসন, এওঁৰো (ব্ৰহ্মা বাবাৰো) হয়। এই আসন তেওঁ ঋণত লয়। তেওঁ নিজৰ আসনতো নাপায়। কয় - মই এই ৰথত বিৰাজমান হওঁ, পৰিচয় দিওঁ। মই তোমালোকৰ পিতা, কেৱল জন্ম-মৃত্যুত নাহোঁ, তোমালোক আহা। যদি ময়ো আহোঁ তেন্তে তোমালোকক তমোপ্ৰধানৰ পৰা সতোপ্ৰধান কোনে কৰি তুলিব? কৰি তোলোঁতাতো কোনোবা লাগে নহয় সেইবাবেই মোৰ ভূমিকা এনেকুৱা। মোক আহ্বানো জনোৱা - হে পতিত-পাৱন আহক। নিৰাকাৰ শিৱবাবাক আত্মাসকলে আহ্বান জনায় কিয়নো আত্মাসকলৰ দুখ হৈছে। ভাৰতবাসী আত্মাসকলে বিশেষকৈ আহ্বান জনায় যে আহি পতিতসকলক পাৱন কৰি তোলক। সত্যযুগত তোমালোক বহুত পৱিত্ৰ সুখী আছিলা, কেতিয়াও আহ্বান জনোৱা নাছিলা। গতিকে পিতাই নিজেই কয় - তোমালোকক সুখী কৰি মই পুনৰ বানপ্ৰস্থত গুচি যাওঁ। তাত মোৰ প্ৰয়োজনেই নাই। ভক্তিমাৰ্গত মোৰ ভূমিকা আছে আকৌ আধাকল্প মোৰ ভূমিকা নাই। এয়াতো একেবাৰে সহজ। ইয়াত কাৰো প্ৰশ্ন উঠিব নোৱাৰে। গায়নো আছে - দুখত সকলোৱে সোঁৱৰে..... সত্যযুগ-ত্ৰেতাত ভক্তিমাৰ্গ নাথাকেই। জ্ঞানমাৰ্গ বুলিও কোৱা নহয়। জ্ঞানতো পোৱা যায় সংগমত, যাৰ দ্বাৰা তোমালোকে 21 জন্ম প্ৰালব্ধ পোৱা। ক্ৰমানুসৰি উত্তীৰ্ণ হয়। অনুত্তীৰ্ণও হয়। তোমালোকৰ এয়া যুদ্ধ চলি আছে। তোমালোকে দেখিছা যিখন ৰথত পিতা বিৰাজমান হৈ আছে, তেওঁতো জয়ী হৈ যায়। আকৌ অনন্য সন্তানসকলো জয়ী হৈ যায় উদাহৰণ স্বৰূপে কুমাৰকা (দাদী প্ৰকাশমণি) আছে, অমুক আছে, নিশ্চয় জয়ী হ’ব। বহুতকে নিজৰ সমান কৰি তুলিছে। সেয়েহে সন্তানসকলে এইটো বুদ্ধিত ৰাখিব লাগে যে - এয়া হৈছে লুটিবাগৰ মৰা খেল। সৰু ল’ৰা-ছোৱালীয়েও এয়া বুজিব পাৰে সেইবাবে বাবাই কয় - সৰু লৰা-ছোৱালীসকলকো শিকোৱা। তেওঁলোকৰো পিতাৰ পৰা উত্তৰাধিকাৰ লোৱাৰ অধিকাৰ আছে। বেছি কথাতো নাই। এই জ্ঞান অলপো যদি জানে সেয়া বিনাশ নহয়। স্বৰ্গততো নিশ্চয় আহি যাব। যেনেকৈ যীশুখ্ৰীষ্টই প্ৰতিষ্ঠা কৰা খ্ৰীষ্টিয়ান ধৰ্ম কিমান ডাঙৰ। এই দেৱী-দেৱতাতো হৈছে সকলোতকৈ পহিলাৰ আৰু ডাঙৰ ধৰ্ম। যিটো দুটা যুগ ধৰি চলে তেন্তে নিশ্চয় ইয়াৰ সংখ্যাও বেছি হ’ব লাগে। কিন্তু হিন্দু বুলি কৈ দিলে। এনেকৈ কয়ো যে 33 কোটি দেৱতা। আকৌ হিন্দু বুলি কিয় কয়! মায়াই বুদ্ধিক একেবাৰে মাৰি দিলে সেইবাবে এইটো অৱস্থা হৈ গ’ল। পিতাই কয় - মায়াক জয় কৰাতো কোনো কঠিন কাম নহয়। তোমালোক প্ৰত্যেক কল্পতে জয়ী হোৱা। সেনা হোৱা নহয়। এই বিকাৰৰূপী ৰাৱণৰ ওপৰত জয়ী হ’বলৈ পিতাক পাইছা।

তোমালোকৰ ওপৰত এতিয়া বৃহস্পতিৰ দশা। ভাৰততে এই দশা চলে। এতিয়া সকলোৰে ৰাহুৰ দশা। পিতা বৃক্ষপতি আহিছে তেন্তে নিশ্চয় ভাৰতৰ ওপৰত বৃহস্পতিৰ দশা চলিব। ইয়াতে সকলো আহি যায়। তোমালোক সন্তানসকলে জানা যে আমি নিৰোগী শৰীৰ পাওঁ, তাত মৃত্যুৰ নাম নাথাকে। অমৰলোক হয় নহয়। এনেকৈ নক’ব যে অমুক মৰিল। মৰাৰ নাম নাই, এটা শৰীৰ এৰি আন এটা লয়। শৰীৰ লওঁতে আৰু এৰোঁতে আনন্দিত হৈয়েই থাকে। দুখৰ নামেই নাথাকে। তোমালোকৰ ওপৰত এতিয়া বৃহস্পতিৰ দশা। সকলোৰে ওপৰততো বৃহস্পতিৰ দশা চলিব নোৱাৰে। স্কুলতো কোনোবা উত্তীৰ্ণ হয় কোনোবা অনুৰ্ত্তীণ হয়। এয়াও হৈছে পাঠাশালা। তোমালোকে ক’বা আমি ৰাজযোগ শিকিছোঁ, শিকাওঁতা কোন? বেহদৰ পিতা। তেন্তে কিমান আনন্দিত হ’ব লাগে, ইয়াত আৰু অন্য কথা নাই। পৱিত্ৰতা হৈছে মুখ্য কথা। লিখাও আছে – হে সন্তানসকল! দেহৰ সৈতে দেহৰ সকলো সম্বন্ধ এৰি মামেকম্‌ (কেৱল মোকেই) স্মৰণ কৰা। এইষাৰ হৈছে ‘গীতা’ৰ কথা। এয়া গীতা আখ্যান চলি আছে। তাতো মনুষ্যই আবোল-তাবোল কথা কৈ দিছে। আটাত কিছু নিমখ আছে (অলপ সত্যতা আছে)। কথাবোৰ কিমান সহজ, যিটো সৰু লৰা-ছোৱালীয়েও বুজি পাব। তথাপিও কিয় পাহৰা? ভক্তিমাৰ্গতো কৈছিলা বাবা আপুনি আহিলে আমি আপোনাৰ হৈ যাম। দ্বিতীয় কোনো নাই। আমি আপোনাৰ হৈ আপোনৰ পৰা পূৰা উত্তৰাধিকাৰ ল’ম। উত্তৰাধিকাৰ ল’বলৈকে পিতাৰ হয়। তোলনীয়া হয়, জানে যে পিতাৰ পৰা আমি কি পাম। তোমালোকো তোলনীয়া হৈছা। জানা যে আমি পিতাৰ পৰা বিশ্বৰ বাদশ্বাহী, বেহদৰ উত্তৰাধিকাৰ ল’ম। আন কাৰো প্ৰতি মমত্ব নাৰাখোঁ। ধৰি লোৱা কাৰোবাৰ লৌকিক পিতাও আছে, তেওঁৰ ওচৰত কি থাকিব। খুব বেছি লাখ, ডেৰ লাখ থাকিব। এই বেহদৰ পিতাই তোমালোকক বেহদৰ উত্তৰাধিকাৰ দিয়ে।

তোমালোক সন্তানসকলে আধাকল্প মিছা কথাবোৰ শুনি আহিছা। এতিয়া সত্য কথা পিতাৰ পৰা শুনিছা। সেয়েহে এনেহেন পিতাক স্মৰণ কৰিব লাগে। মনযোগ দি শুনিব লাগে। ‘আমিয়েই সেয়া”ৰ অৰ্থও বুজাব লাগে। তেওঁলোকে কয় - আত্মাই পৰমাত্মা। এই 84 জন্মৰ কাহিনীতো কোনেও শুনাব নোৱাৰে। পিতাৰ বাবে কয় কুকুৰ-মেকুৰী সকলোতে আছে। পিতাৰ গ্লানি কৰে নহয়। এয়াও ড্ৰামাত নিহিত হৈ আছে। কাকো দোষাৰোপ নকৰে। ড্ৰামাখনেই এনেকৈ ৰচি থোৱা আছে। তোমালোকক যিয়ে জ্ঞান দি দেৱতা কৰি তোলে তোমালোকে আকৌ তেওঁকে গালি দিবলৈ আৰম্ভ কৰি দিয়া। তোমালোকে এনেকুৱা লুটিবাগৰ মৰা খেল খেলা। এই ড্ৰামাখনো ৰচি থোৱা আছে। মই আকৌ আহি তোমালোকৰ উপকাৰ কৰোঁ। জানো যে তোমালোকৰো দোষ নাই, এয়া হৈছে খেল। কাহিনী তোমালোকক বুজাওঁ, এয়া হৈছে সত্য কথা যাৰ দ্বাৰা তোমালোক দেৱতা হ’বা। ভক্তিমাৰ্গত আকৌ বহুত কথা লিখি দিয়ে। লক্ষ্য-উদেশ্য একো নাই। সেই সকলোবোৰ হৈছে অৱনমিত কৰাৰ বাবে। সেই পাঠশালাত বিদ্যা দিয়া হয় তাতো শৰীৰ নিৰ্বাহৰ বাবে লক্ষ্য থাকে। পণ্ডিতসকলে নিজৰ শৰীৰ নিৰ্বাহৰ বাবে বহি কথা শুনায়। মনুষ্যই তেওঁলোকৰ আগত পইচা থয়, প্ৰাপ্তি একোৱেই নহয়। তোমালোকেতো এতিয়া জ্ঞান ৰত্ন পাইছা, যাৰ দ্বাৰা তোমালোক নতুন সৃষ্টিৰ মালিক হ'বা। তাত সকলো বস্তু নতুন পাবা। নতুন সৃষ্টিত সকলোবোৰ নতুন হ'ব। হীৰা-মুকুতা আদি সকলো নতুন হ'ব। এতিয়া পিতাই কয় - অন্য সকলো কথা এৰি তোমালোকে লুটিবাগৰ মৰা খেল স্মৃতিলৈ আনা। ফকীৰসকলেও লুটিবাগৰ মাৰি তীৰ্থলৈ যায়। কোনোবাই খোজকাঢ়িও যায়। এতিয়াতো মটৰগাড়ী, এৰোপ্লেন আদিও ওলাইছে। গৰিবতো তাত যাব নোৱাৰে। কোনোবা বহুত শ্ৰদ্ধা থকা লোক হ'লে খোজকাঢ়িও যায়। দিনে-প্ৰতিদিনে বিজ্ঞানৰ পৰা বহুত সুখ প্ৰাপ্ত হৈ গৈ থাকে। এয়া হৈছে অল্পকালৰ সুখ, ভূ-পতিত হ'লে কিমান লোকচান হৈ যায়। এই সামগ্ৰীবোৰত বস্তুত সুখ আছে অল্পকালৰ বাবে। বাকী অন্তত মৃত্যুৱে আছে। সেয়া হৈছে বিজ্ঞান। তোমালোকৰ হৈছে শান্তি। পিতাক স্মৰণ কৰিলে সকলো ৰোগ নিৰাময় হৈ যায়, নিৰোগী হৈ যায়। এতিয়া তোমালোকে বুজি পোৱা সত্যযুগত সৰ্বদা স্বাস্থ্যৱান আছিলা। এয়া 84ৰ চক্ৰ ঘূৰিয়েই থাকে। পিতা এবাৰহে আহি বুজায় তোমালোকে মোৰ গ্লানি কৰিছা, নিজকে থাপৰ মাৰিছা। গ্লানি কৰি কৰি তোমালোক শূদ্ৰ বুদ্ধিৰ হৈ গৈছা। শিখসকলেও কয় চাহেবক জপ কৰিলে সুখ পায় অৰ্থাৎ মনমনাভৱ। আখৰেই মাত্ৰ দুটা, বাকী বেছি মগজ খটোৱাৰ দৰকাৰ নাই। এয়াও পিতা আহি বুজায়। এতিয়া তোমালোকে বুজিছা যে চাহেবক স্মৰণ কৰিলে তোমালোকে 21 জন্মৰ সুখ পোৱা। তেৱোঁ তাৰ মাৰ্গ দেখুৱায়। কিন্তু সম্পূৰ্ণ মাৰ্গৰ বিষয়েতো নাজানেই। সোঁৱৰি সোঁৱৰি সুখ পোৱা। তোমালোক সন্তানসকলে জানা যে যথাযথ সত্যযুগত বেমাৰ আদিৰ কোনো দুখৰ কথাও নাথাকে। এয়াতো সাধাৰণ কথা। তাক সত্যযুগ সোণালী যুগ বুলি কোৱা হয়, ইয়াক কলিযুগ লৌহযুগ বুলি কোৱা হয়। সৃষ্টিৰ চক্ৰ ঘূৰি থাকে। বুজনি কিমান ভাল। লুটিবাগৰ মৰা খেল, এতিয়া তোমালোক হৈছা ব্ৰাহ্মণ, আকৌ দেৱতা হ'বাগৈ। এই কথাবোৰ তোমালোকে পাহৰি যোৱা। লুটিবাগৰ মৰা খেল স্মৃতিত থাকিলে এই সমস্ত জ্ঞান স্মৃতিত থাকিব। এনেহেন পিতাক স্মৰণ কৰি ৰাতি শুই যাব লাগে। তথাপিও কয় যে বাবা পাহৰি যাওঁ। মায়াই বাৰে বাৰে পাহৰাই দিয়ে। তোমালোকৰ যুদ্ধ হৈছে মায়াৰ লগত। আকৌ আধাকল্প তোমালোকে তাৰ ওপৰত ৰাজ্য কৰা। সহজ কথাই শুনায়। নামেই হৈছে সহজ জ্ঞান, সহজ স্মৃতি। কেৱল পিতাক স্মৰণ কৰা, কি কষ্ট দিয়ে। ভক্তিমাৰ্গততো তোমালোকে বহুত কষ্ট পালা। সাক্ষাৎকাৰৰ বাবে ডিঙি কাটিবলৈ সাজু হৈ যায়, কাশীলৈ গৈ আপোনঘাতী হয়। অৱশ্যে হয়, যিয়ে নিশ্চয়বুদ্ধিৰ হৈ কৰে তেওঁৰ আকৌ বিকৰ্ম বিনাশ হয়। আকৌ হিচাপ-নিকাচ নতুনকৈ আৰম্ভ হ’ব। বাকী মোৰ ওচৰলৈ নাহে। মোৰ স্মৃতিৰে বিকৰ্ম বিনাশ হয়, জীৱঘাত কৰিলে নহয়। মোৰ ওচৰলৈতো কোনো নাহে। কিমান সহজ কথা। এই লুটিবাগৰ মৰা খেলতো বৃদ্ধসকলৰো স্মৃতিত থাকিব লাগে, সৰু ল’ৰা- ছোৱালীৰো স্মৃতিত থাকিব লাগে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) বৃক্ষপতি পিতাৰ পৰা সুখ-শান্তি-পৱিত্ৰতাৰ উত্তৰাধিকাৰ ল’বলৈ নিজে নিজক অকালমূৰ্ত আত্মা বুলি বুজি পিতাক স্মৰণ কৰিব লাগে। বুদ্ধিক ঈশ্বৰীয় কৰি তুলিব লাগে।

(2) পিতাৰ পৰা সত্য কথা শুনি আনকো শুনাব লাগে। মায়াজিৎ হ’বলৈ আনকো নিজৰ সমান কৰি তোলাৰ সেৱা কৰিব লাগে, বুদ্ধিত থাকিব লাগে যে মই কল্প কল্পৰ বিজয়ী, পিতা মোৰ লগত আছে।

বৰদান:
নিৰ্বলীৰ পৰা বলৱান হৈ অসম্ভৱক সম্ভৱ কৰোঁতা সাহসী আত্মা হোৱা

“সন্তানৰ সাহস পিতাৰ সহায়” এইটো বৰদানৰ আধাৰত সাহসৰ প্ৰথম পাঠ দৃঢ় সংকল্প কৰিলা যে আমি পৱিত্ৰ হ’বই লাগে আৰু পিতাই পদমগুণ সাহস দিলে যে তোমালোক আত্মাসকল অনাদি-আদি পৱিত্ৰ হোৱা, অনেকবাৰ পৱিত্ৰ হৈছা আৰু হৈ থাকিবা। অনেকবাৰৰ স্মৃতিৰে সমৰ্থ হৈ গ’লা। নিৰ্বলীৰ পৰা ইমান বলৱান হৈ গ’লা যে প্ৰত্যাহ্বান জনোৱা যে বিশ্বকো পাৱন কৰিহে দেখুৱাম, যাক ঋষি মুনি মহান আত্মাসকলে ভাবে যে প্ৰবৃত্তিত থাকি পৱিত্ৰ হৈ থকা কঠিন, তাক তোমালোকে অতি সহজ বুলি কোৱা।

স্লোগান:
দৃঢ় সংকল্প কৰা মানেই ব্ৰত লোৱা, সঁচা ভক্তই কেতিয়াও ব্ৰত ভংগ নকৰে।


পৰোপকাৰৰ ভাৱনাৰে সম্পন্ন হৈ অপকাৰীৰো উপকাৰ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

কাৰোবাৰ পৰা অৱলম্বন লৈ তাৰপাছত অৱলম্বন দিম, এইটো সংকল্পও যাতে উদয় নহয় – ইয়াক কোৱা হয় ভিকহুৰ পৰা ৰাজকুমাৰ। নিজে লোৱাৰ ইচ্ছধাৰী নহয়। এই খন্তেকীয়া ইচ্ছাৰ পৰা ভিকহু। খন্তেতীয়া সাধনবোৰ স্বীকাৰ কৰাৰ পৰা ভিকহু – এনেকুৱা ভিকহুহে সম্পন্ন-মূৰ্ত হৈ সকলোৰে প্ৰতি উপকাৰ কৰিব পাৰে।