25.07.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোক ইয়ালৈ আহিছা নিজৰ লগতে গোটেই সৃষ্টিৰ কায়া-কল্পতৰু (শৰীৰ দীঘায়ু) কৰি
তুলিবলৈ, স্মৃতিৰ দ্বাৰাহে কায়া-কল্পতৰু হ’ব”
প্ৰশ্ন:
নৰকবাসীৰ পৰা
স্বৰ্গবাসী হোৱাৰ বিধি কোনটো? এতিয়া তোমালোক সন্তানসকলে জীৱন দান কেনেকৈ পোৱা?
উত্তৰ:
নৰকবাসীৰ পৰা স্বৰ্গবাসী হ’বলৈ নিশ্চয় মৰিবলগীয়া হয়। বাবাই কয় - মই আহিছোঁ তোমালোক
সকলোকে মৃত্যু দিবলৈ। তোমালোকৰ এই দেহ নাশ কৰাই বাকী আত্মাসকলক লৈ যাম। এয়াই সঁচা
জীৱন দান। ইয়াৰ কাৰণে এই মহাভাৰতৰ যুদ্ধ, য’ত সকলোৰে বিনাশ হ’ব। তাৰপাছত আত্মাসকল
পাৱন হৈ ঘৰলৈ উভতি যাব। পুনৰ স্বৰ্গলৈ আহিব।
গীত:
মাতা অ’ মাতা......
ওঁম্শান্তি।
মৰমৰ আত্মিক
সন্তানসকলে গীতৰ কলিটি শুনিলা। জগত অম্বাৰ মহিমা শুনিলা। জগত অম্বাৰ ইয়াত ভাৰততহে
গায়ন কৰা হয়। জগত অম্বা আছে যেতিয়া জগত পিতাও নিশ্চয় থাকিব। জগত অম্বা বুলি
সৰস্বতীকহে কয়। বাস্তৱত তেওঁৰ নাম এটাই হ’ব লাগে। তোমালোকৰো নাম এটাই হয় নহয়। 2-3
টাতো নহয়। এতিয়া জগত অম্বাক যথাযথ সাকাৰত দেখুৱায়, শৰীৰধাৰী হয়। জগত পিতাও আছে, যাক
প্ৰজাপিতা বুলিও কোৱা হয়। যেনেকৈ গোটেই জগতৰ অম্বা, তেনেকৈ গোটেই জগতৰ পিতা হয়।
নিশ্চয় দুয়োগৰাকীয়েই ইয়াত থাকিব। দুয়োৰে নামো শুনালোঁ। দুয়ো হ’ল প্ৰজাপিতা আৰু প্ৰজা
মাতা। এতিয়া আনজন নিৰাকাৰ শিৱবাবাক জগত পিতা বুলি কোৱা হয়। যিজন সকলোৰে পিতা, তেওঁৰ
নামেই হ’ল পৰমপিতা পৰমাত্মা শিৱ। কেৱল ঈশ্বৰ বা পৰমাত্মা বুলি ক’ব নালাগে। তেওঁৰ
নাম ৰূপো আছে নহয়, তেওঁক ঈশ্বৰ পিতা বুলি কোৱা হয়। এজন হ’ল আত্মাসকলৰ পিতা, আনজন
হ’ল সাকাৰী মনুষ্য আত্মাসকলৰ পিতা আৰু মম্মা। শিৱ হ’ল আত্মাসকলৰ পিতা। আত্মাই কয় -
তেওঁ আমাৰ পিতা। আকৌ আত্মাই এই সাকাৰ শৰীৰ পায় তেতিয়া কয় ব্ৰহ্মা বাবা, গতিকে দুজন
পিতা হৈ গ’ল। এজন শিৱবাবা, আনজন প্ৰজাপিতা ব্ৰহ্মা। শিৱবাবাৰ সন্তান হৈছে ব্ৰহ্মা।
এজন নিৰাকাৰ পিতা এজন সাকাৰী পিতা। নিৰাকাৰ পিতাক কোৱা হয় পতিত-পাৱন। ব্ৰহ্মা বা
সৰস্বতীক পতিত-পাৱন বুলি কোৱা নহয়। পতিত-পাৱনতো এজন, এয়া দুজন হৈ গ’ল। সকলোৱে
আহ্বান জনায় – পতিত-পাৱন আহক গতিকে দুজন পিতা হৈ গ’ল। শিৱবাবা হ’ল ৰচয়িতা। নতুন
সৃষ্টি ৰচনা কৰে। গতিকে প্ৰথমে ব্ৰহ্মাক নিশ্চয় ৰচিব লাগে। বিষ্ণু, আৰু শঙ্কৰক
কেতিয়াও প্ৰজাপিতা বুলি নকয়। ব্ৰহ্মাকহে প্ৰজাপিতা বুলি কয়। গতিকে শিৱবাবাই
প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা তুলি লয়। এনেকৈ কয় - আমি শিৱবাবাৰ সন্তান। শিৱবাবাই এওঁৰ
দেহত প্ৰৱেশ কৰি তুলি লৈছে। তেৱেঁই আত্মাসকলক পাৱন কৰি তোলে। আত্মাহে পতিত হৈছে।
সেইকাৰণে শৰীৰো পতিত পায়। সোণত ৰূপ, তাম, লোৰ খাদ মিহলায় তেনেকৈ আত্মাতো খাদ (বিকাৰৰ
লেপ) পৰে। আচলতে আত্মা পৱিত্ৰ মুক্তিধামৰ নিবাসী, য’ত শিৱবাবাও থাকে। এতিয়া শিৱবাবা,
প্ৰজাপিতা ব্ৰহ্মা – এজনক পিতা আনজনক দাদা বুলি ক’ব। এয়াতো তোমালোকে জানা যে সকলো
মনুষ্য মাত্ৰেই শিৱৰ সন্তান। শিৱবংশী আকৌ ব্ৰহ্মাকুমাৰ-কুমাৰী হয়। শিৱবাবা আৰু দাদা
একত্ৰিত হৈ আছে। শিৱবাবা এওঁৰ দেহত বিৰাজমান হৈ আছে, আমাক ব্ৰাহ্মণ কৰি মনুষ্যৰ পৰা
দেৱতা কৰি তুলিবলৈ ৰাজযোগ শিকায়। দেৱতাসকল থাকে সত্যযুগত। দেৱতাসকলক পতিত-পাৱন,
জ্ঞানৰ সাগৰ বুলি কোৱা নহয়। তেওঁলোকক বাবা বুলিও ক’ব নোৱাৰি। এতিয়া তোমালোক
বিষ্ণুপুৰীৰ মালিক হৈ আছা। বিষ্ণুৰ দুটা ৰূপ লক্ষ্মী-নাৰায়ণ, এইটো মনুষ্যই নাজানে।
যিয়ে ভক্তি কৰে তেওঁলোকৰ দুজন পিতা নিশ্চয় আছে। সত্যযুগত এজন পিতা থাকে। তাত এনেকৈ
নকয় যে পৰমপিতা পৰমাত্মা, দুখ হৰ্তা, সুখ কৰ্তা আহক। তাততো দেৱী-দেৱতাসকলৰ ৰাজ্য
আছিল। তেওঁলোকে কেতিয়াও হে ঈশ্বৰ পিতা, মুক্তিদাতা বুলি নক’ব। তাত কোনো পতিত দুখী
নাথাকেই, যে পতিত-পাৱনক আহ্বান জনাব। তোমালোকে জানা যে ভাৰতত আজিৰ পৰা 5 হাজাৰ বছৰ
পূৰ্বে দেৱী-দেৱতাসকলৰ ৰাজ্য আছিল। আকৌ 1250 বছৰ পাছত ৰাম-সীতাৰ ৰাজ্য হয়। পিতাই
সিদ্ধ কৰি কয় – সত্যযুগ ত্ৰেতাত তোমালোকে 21 জন্ম ল’লা। ব্ৰাহ্মণ, দেৱতা, ক্ষত্ৰিয়,
বৈশ্য, শূদ্ৰ - সকলো ভাৰততেই হয়। পিতা আহি পুৰণি সৃষ্টিক নতুন কৰি তোলে।
পুনৰুজ্জীৱিত কৰে। কায়া-কল্পতৰু কৰি দিয়ে। অমৰ কৰি দিয়ে। তোমালোক সন্তানসকলক পিতা
আহি অমৰলোকৰ মালিক কৰি তোলে। যেতিয়া ভাৰত অমৰলোক আছিল তেতিয়া দেৱতাসকলৰ ৰাজ্য আছিল।
ছিৰি নামি (অৱনমিত হৈ) আহি মৃত্যুলোকৰ মালিক হৈছে। এনেকৈ কয় নহয় - আমাৰ ভাৰত, তেন্তে
প্ৰজাও মালিক হ’ল নহয়। তোমালোকেও ক’বা আমাৰ ভাৰত। আমি ভাৰতৰ মালিক আছিলোঁ কিন্তু
নৰকবাসী। দেৱতাসকলে ক’ব আমি স্বৰ্গবাসী। তোমালোকো স্বৰ্গবাসী আছিলা আকৌ 84 জন্ম ভোগ
কৰি নৰকবাসী হৈছা। ইয়াত ভাৰততেই শিৱবাবাই জন্ম লয়। শিৱৰাত্ৰি আৰু শিৱজয়ন্তীৰ গায়ন
কৰা হয়। শ্ৰীকৃষ্ণ জয়ন্তীও পালন কৰে, তাৰতো সময়ৰ বিষয়েও কয়। অমুক সময়ত মাতৃ গৰ্ভৰ
পৰা জন্ম হ’ল। সত্যযুগত জন্মতো নিশ্চয় মাতৃ গৰ্ভৰ পৰাই লয়। শ্ৰীকৃষ্ণ জয়ন্তী হয়
সত্যযুগ নতুন সৃষ্টিত, আকৌ পুনৰ্জন্মত আহিবলৈ ল’লে। বাবাই কেৱল এজনৰ কথা নকয়।
কৃষ্ণপুৰীয়েই বিষ্ণুপুৰী হয়। ৰজাসকলৰ অৱনতি হ’লে গোটেই ৰাজবংশৰেই অৱনতি হয়। তাত
ৰজা-ৰাণী প্ৰজা সকলো আহি যায়। যেতিয়া চন্দ্ৰবংশীৰ ৰাজ্য হয় তেতিয়া সূৰ্যবংশীৰ ৰাজ্য
অতীত হৈ যায়। বদলি হৈ চন্দ্ৰবংশীসকলে প্ৰাপ্ত কৰে পুনৰ বৈশ্যবংশীসকলে প্ৰাপ্ত কৰে।
এতিয়া তোমালোক বুজি
পোৱা যে আমি ব্ৰাহ্মণ কুলৰ টিকনি (আটাইতকৈ উচ্চ) হওঁ। টিকনিৰ ওপৰত হৈছে পিতা। আমি
প্ৰথমে ব্ৰাহ্মণ আছিলোঁ আকৌ শূদ্ৰ অথবা চৰণ (আটাইতকৈ নীচ) হ’লোঁ। চৰণৰ পৰা একেবাৰে
টিকনি হৈ যায়। প্ৰথমে শিৱবাবা তাৰপাছত হৈছে টিকনি। বাবাই তোমালোকক ব্ৰাহ্মণ কৰি
তুলিলে। এতিয়া তোমালোকে শিৱবাবাক ‘বাবা’ ‘বাবা’ বুলি কোৱা। এইটো হিচাপত নাতি-নাতিনী
হৈ গ’লা। তোমালোকে জানা যে আমি সকলো ব্ৰহ্মাৰ সন্তান ব্ৰাহ্মণ-ব্ৰাহ্মণী। এজন পিতাৰ
আমি সকলো সন্তান। ভাই-ভনীয়ে কেতিয়াও আসুৰিক আক্ৰমণ কৰিব নোৱাৰে। কিমান অনেক সন্তান
সকলোৱে কয় বাবা... তেন্তে ইমানবিলাক জানো মিছা হ’ব পাৰে। সকলোৰে পিতাতো সেই নিৰাকাৰ
শিৱ আৰু সাকাৰ প্ৰজাপিতা ব্ৰহ্মা, বচ্। এজন পিতাৰ সন্তান ভাই-ভনী হ’লা। তোমালোক
পৱিত্ৰ নিশ্চয় হ’ব লাগে। স্ত্ৰী-পুৰুষ পৱিত্ৰ কেনেকৈ হ’ব, সেইকাৰণে এইটো যুক্তি
ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। ইয়াত কেৱল ব্ৰহ্মাকুমাৰ-কুমাৰীসকল আছে। কোনো শূদ্ৰ
কুমাৰ-কুমাৰী নাই। তেওঁলোক হৈছে পতিত, শূদ্ৰ, তুচ্ছ বুদ্ধিৰ কিয়নো পিতাক নাজানে।
এনেকৈ কয় – হে ঈশ্বৰ পিতা। বাৰু, তেওঁৰ বৃত্তিৰ বিষয়ে গম পোৱানে? নাম, ৰূপ, দেশ,
কালৰ বিষয়ে কোৱা। তেওঁৰ জীৱন কাহিনী শুনোৱা। যদি নাজানা তেন্তে নাস্তিক হ’লা। ৰচয়িতা
আৰু ৰচনাৰ আদি-মধ্য-অন্তক নাজানে। সেইখন হয়েই পতিত সৃষ্টি। সত্যযুগ পাৱন সৃষ্টি,
কলিযুগক পতিত সৃষ্টি বুলি কোৱা হয়। এই সময়ত একেবাৰে তমোপ্ৰধান, ইয়াক ৰৌৰৱ নৰক বুলি
কোৱা হয়। ইয়াৰো স্তৰ থাকে। দ্বাপৰৰ পৰা নৰক আৰম্ভ হয় পুনৰ বৃদ্ধি হৈ গৈ থাকে।
ভক্তিও প্ৰথমে সতোপ্ৰধান অব্যভিচাৰী আছিল পুনৰ সতো, ৰজো, তমো হয়। তোমালোকে হয়তো
দেখিছা য’ত 3 টা পথ লগ হয় তাক তিনিআলি বুলি কয়। সেই স্থানত তেল আদি অৰ্পণ কৰে, মূৰ
দোৱায়। এতিয়া ক’ত শিৱবাবাৰ পূজা ক’ত তিনিআলিৰ পূজা। ইয়াক কোৱা হয় তমোপ্ৰধান ভক্তি।
পানীৰো পূজা কৰে, পতিত-পাৱনী গংগা বুলি বহুত গায়ন কৰে। এতিয়া পতিত-পাৱন কোন? পানীৰ
গংগা কেনেকৈ পতিত-পাৱনী হ’ব পাৰে! সেয়াতো হৈছে পানী নহয় জানো। পতিত-পাৱনতো পিতা হয়।
শিৱ জয়ন্তীও ভাৰততে পালন কৰে তেন্তে নিশ্চয় ভাৰতলৈকে আহিছিল – পতিতক পাৱন দেৱতা কৰি
তুলিবলৈ। ব্ৰহ্মাৰ শৰীৰত আহি মনুষ্যক দেৱতা কৰি তোলে। ইয়ালৈ তোমালোক আহাই পতিতৰ পৰা
পাৱন হ’বলৈ। যেনেকৈ তোমালোকৰ দুখন হাত আছে তেনেকৈ তেওঁলোকৰো দুখন হাত আছে। 4-8 খন
হাত থকা কোনো মনুষ্য নাথাকে। এয়া অলংকাৰ দি দিছে। প্ৰবৃত্তি (মাৰ্গ) দেখুৱাবলৈ
চতুৰ্ভুজ দেখুৱাইছে। বিষ্ণুপুৰী, লক্ষ্মী-নাৰায়ণৰ পুৰীক কোৱা হয়। ‘বৈষ্ণৱ’ শব্দটিও
‘বিষ্ণু’ৰ পৰা আহিছে। দেৱতাসকল বৈষ্ণৱ আছিল। বল্লভাচাৰী বৈষ্ণৱ নিৰামিষহাৰী হয়,
তেওঁলোক কোনো নিৰ্বিকাৰী নহয়। তেওঁলোকৰ বহুত ডাঙৰ মহল থাকে। ‘বৈষ্ণৱ’ৰ অৰ্থই নুবুজে।
বিষ্ণুপুৰীত নিবাস কৰোঁতাসকলক বৈষ্ণৱ বুলি কোৱা হয়। বৈষ্ণৱ পৱিত্ৰক কোৱা হয়।
ৰাধা-কৃষ্ণৰ বেলেগ মন্দিৰ। লক্ষ্মী-নাৰায়ণৰ বেলেগ মন্দিৰ নিৰ্মাণ কৰি দিলে।
ভাৰতবাসীয়ে নাজানেই যে তেওঁলোকৰ মাজত কি পাৰ্থক্য আছে। ৰাধা-কৃষ্ণই লক্ষ্মী-নাৰায়ণ
হয়, এয়া কোনেও গম নাপায়। সেয়া হৈছে শৈশৱৰ ৰূপ। সেয়া হৈছে ডেকাকালৰ ৰূপ।
লক্ষ্মী-নাৰায়ণৰ শৈশৱৰ কোনো চিত্ৰ নাই। লক্ষ্মী-নাৰায়ণক সত্যযুগত, ৰাধা-কৃষ্ণক
দ্বাপৰত লৈ গ’ল। এতিয়া তোমালোকে ৰচয়িতা পিতা আৰু ৰচনাৰ আদি-মধ্য-অন্তক জানি গৈছা।
বাবাই বৃক্ষৰো ৰহস্য বুজায়। ড্ৰামাৰো ৰহস্য বুজায়। বৃক্ষক দেখিলে বুজিব যে
শংকাৰাচাৰ্যতো কলিযুগত আহে। সন্ন্যাসীসকলৰ বংশাৱলীতো সত্যযুগত থাকিব নোৱাৰে। সকলো
ভগৱানৰ সন্তান তেন্তে স্বৰ্গবাসী হোৱা উচিত। কিন্তু স্বৰ্গবাসীতো সকলো নহয়, কেৱল
দেৱতাসকলহে হয়। এতিয়া তোমালোক ব্ৰাহ্মণ বংশী হৈছা পুনৰ দেৱতা হ’বাগৈ। পৱিত্ৰ নিশ্চয়
হ’ব লাগে।
তোমালোকে জানা সৰু
ডাঙৰ সকলো ব্ৰহ্মাকুমাৰ-কুমাৰী হয়। দুয়োৱে কয় – বাবা আমি আপোনাৰ সন্তান, ব্ৰাহ্মণ
হওঁ। এয়া হৈছে বাপদাদা – আদি দেৱ ব্ৰহ্মা আৰু শিৱবাবা। তোমালোকে জানা যে আমি ব্ৰহ্মা
বাবা আৰু শিৱবাবাৰ সন্মুখত বহি আছোঁ। পিতাই কয় – মোক স্মৰণ কৰা তেতিয়া পতিতৰ পৰা
পাৱন হৈ যাবা। আমি উত্তৰাধিকাৰ শিৱবাবাৰ পৰা লওঁ। শিৱবাবা আমাৰ পিতাও হয়, পতিত-পাৱনো
হয়, গুৰুও হয়। এতিয়া এয়া হৈছে সংগমযুগ। পতিতৰ পৰা পাৱন হোৱাৰ মেলা। পতিত-পাৱনৰ
দ্বাৰাহে পাৱন হয়। সংগমত নদী আৰু সাগৰৰ মেলা হয়। নদীবোৰৰ মেলাতো নহয়। এতিয়া জ্ঞান
সাগৰ আৰু তোমালোক আত্মাসকলৰ (সন্তানসকলৰ) মেলা লাগে। তোমালোক আহিছা – জ্ঞান সাগৰৰ
ওচৰলৈ। তোমালোক জ্ঞান গংগাসকল জ্ঞান সাগৰৰ পৰা ওলাইছা। তোমালোকে জ্ঞান স্নান কৰাই
পাৱন কৰি তোলা, যোগ শিকোৱা। সাগৰৰ পৰিচয় দি তোমালোকে ইয়াত মেলালৈ লৈ আহিছা। এই সময়ত
তোমালোক যিহেতু ব্ৰাহ্মণ হোৱা গতিকে তোমালোকৰ 3 জন পিতা। লৌকিক পিতাও আছে আৰু
প্ৰজাপিতাও আছে আকৌ শিৱবাবাও আছে। ভক্তিমাৰ্গত দুজন পিতা থাকে। সত্যযুগত এজন পিতা
থাকিব। এয়া বুজিবলগীয়া কথা। এতিয়া তোমালোক আত্মাই কোৱা - মোৰতো একমাত্ৰ শিৱবাবা
অন্য কোনো নাই। মিত্ৰ-সম্বন্ধীয় আদি থকা সত্ত্বেও কয় - মোৰতো একমাত্ৰ শিৱবাবা।
তেওঁৰ স্মৃতিৰেই পতিতৰ পৰা পাৱন হ’ব লাগে। আত্মাই জানে তেওঁ আমাৰ পিতাও হয়, শিক্ষকো
হয়, সৎগুৰুও হয়। আমাক অৰ্থাৎ আত্মাসকলক পিতাই নিবলৈ আহিছে। ব্ৰহ্মাৰ দেহত প্ৰৱেশ
কৰি পাৱন কৰি তোলে। তোমালোকক লৈ যাবলৈ পিতা আহিছে। তোমালোক সকলোকে মৃত্যু দিবলৈ
আহিছোঁ। নৰকবাসীৰ পৰা স্বৰ্গবাসী কৰি তুলিবলৈ নিশ্চয় মৰিব লাগিব নহয়। তোমালোকৰ এই
দেহ নাশ কৰি বাকী আত্মাসকলক লৈ যাম। পিতাই কয় – তোমালোকক জীৱন দান দিওঁ। এয়া
মহাভাৰতৰ যুদ্ধ নহয় জানো। সকলোৰে বিনাশ হ’ব। নহ’লে কেনেকৈ লৈ যাম। আত্মাসকলক পৱিত্ৰ
কৰি ঘৰলৈ লৈ যাওঁ। সেয়াতো হৈছে শান্তিধাম। সত্যযুগ আহিব গতিকে কলিযুগ নিশ্চয় বিনাশ
হ’ব ইয়াৰ বাবে মহাভাৰতৰ যুদ্ধ প্ৰসিদ্ধ হয়। লাগেও এই সংগমত যেতিয়া তোমালোক মনুষ্যৰ
পৰা দেৱতা হোৱা। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) জ্ঞান
সাগৰত জ্ঞান স্নান কৰি নিজক পাৱন কৰিব লাগে। মিত্ৰ-সম্বন্ধীসকলৰ লগত থাকিও বুদ্ধিত
থাকিব লাগে যে মোৰতো একমাত্ৰ শিৱবাবা অন্য কোনো নাই।
(2) বিষ্ণুপুৰীলৈ
যাবৰ বাবে দৃঢ় বৈষ্ণৱ অৰ্থাৎ পৱিত্ৰ হ’ব লাগে। নৰকৰ পৰা জীৱন্তে মৰি বুদ্ধিৰ
যোগসূত্ৰ স্বৰ্গৰ সৈতে গঢ়িব লাগে।
বৰদান:
একনিষ্ঠতা, এক
ভৰসা আৰু একৰস অৱস্থাৰ দ্বাৰা সদা নিৰ্বিঘ্ন হওঁতা নিবাৰণ স্বৰূপ হোৱা
সদায় এক পিতাৰ প্ৰতি
থকা একনিষ্ঠতা আৰু পিতাৰ কৰ্তব্যৰ প্ৰতি গভীৰ প্ৰেমত এনেকৈ মগন হৈ থাকা, যাতে কোনো
বস্তু বা ব্যক্তি যে আছেও এইটো অনুভৱেই নহয়। এনেকৈ একনিষ্ঠ, এক ভৰসা আৰু একৰস
অৱস্থাত থকা সন্তানসকলে সদায় নিৰ্বিঘ্ন হৈ উৰন্ত কলাৰ অনুভৱ কৰে। তেওঁলোকে কাৰণ
পৰিৱৰ্তন কৰি নিবাৰণলৈ ৰূপান্তৰিত কৰি দিয়ে। কাৰণ দেখি দুৰ্বল হৈ নাযায়, নিবাৰণ
স্বৰূপ হৈ যায়।
স্লোগান:
প্ৰশংসাৰ আধাৰত প্ৰসন্নতা অলপ সময়লৈ থাকে।
অব্যক্ত ইংগিত:
জ্বালাস্বৰূপ স্থিতিত থাকি শক্তিশালী স্মৃতিৰ অনুভৱ কৰা
জ্বালা স্বৰূপ
স্থিতিৰ অনুভৱ কৰিবলৈ নিৰন্তৰ স্মৃতিৰ অগ্নি প্ৰজ্বলিত হৈ থাকিব লাগে। ইয়াৰ সহজ বিধি
হৈছে— সদায় নিজক ‘সাৰথি’ আৰু ‘সাক্ষী’ বুলি বুজি চলা। আত্মা হৈছে এই ৰথৰ সাৰথি— এইটো
স্মৃতিয়ে স্বতঃ এই ৰথৰ (দেহৰ) পৰা তথা যিকোনো ধৰণৰ দেহ-বোধৰ পৰা উৰ্দ্ধত লৈ যায়।
নিজক সাৰথি বুলি বুজিলে সকলো কৰ্মেন্দ্ৰিয় নিজৰ নিয়ন্ত্ৰণত থাকে আৰু সূক্ষ্ম
শক্তিসমূহ যেনে— মন, বুদ্ধি আৰু সংস্কাৰো আদেশ অনুসৰি চলে।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]