25.09.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – বেহদৰ জলপানি ল’বলৈ হ’লে অভ্যাস কৰা যাতে একমাত্ৰ পিতাৰ বাহিৰে অন্য কোনো স্মৃতিলৈ নাহে”

প্ৰশ্ন:
পিতাৰ হোৱাৰ পাছতো যদি আনন্দিত হৈ নাথাকে তেন্তে তাৰ কাৰণ কি?

উত্তৰ:
1) বুদ্ধিত সম্পূৰ্ণ জ্ঞান নাথাকে। 2) পিতাক যথাৰ্থ ৰীতিৰে স্মৰণ নকৰে। স্মৰণ নকৰা বাবে মায়াই প্ৰবঞ্চনা কৰে সেইবাবে আনন্দিত হৈ নাথাকে। তোমালোক সন্তানসকলৰ বুদ্ধিত যাতে এইটো নিচা থাকে যে পিতাই আমাক বিশ্বৰ মালিক কৰি তোলে, তেতিয়া সদায় আনন্দ-উল্লাস থাকিব। পিতাৰ যি উত্তৰাধিকাৰ – পৱিত্ৰতা, সুখ আৰু শান্তি, সেইবোৰত সম্পূৰ্ণ হোৱা তেতিয়া আনন্দ থাকিব।

ওঁম্শান্তি।
“ওঁম্‌ শান্তি”ৰ অৰ্থতো সন্তানসকলে ভালদৰে জানা – মই আত্মা, এয়া মোৰ শৰীৰ। এইটো ভালদৰে স্মৃতিত ৰাখা। ভগৱান মানে আত্মাসকলৰ পিতাই আমাক পঢ়ুৱায়। এনেকুৱা কথা কেতিয়াবা শুনিছানে? তেওঁলোকেতো ভাবে – শ্ৰীকৃষ্ণই পঢ়ায়, কিন্তু তেওঁৰতো নাম-ৰূপ আছে নহয়। ইয়াততো পঢ়ুৱাওঁতাজন হৈছে নিৰাকাৰ পিতা। আত্মাই শুনে আৰু পৰমাত্মাই শুনায়। এয়া নতুন কথা নহয় জানো। বিনাশতো হ’বই। এটা হৈছে বিনাশ কালত অপ্ৰীতিকৰ বুদ্ধি, দ্বিতীয়তে হৈছে বিনাশ কালত প্ৰীতি বুদ্ধি। আগতে তোমালোকেও কৈছিলা ঈশ্বৰ সৰ্বব্যাপি, শিল-পাথৰত আছে। এই সকলো কথা ভালদৰে বুজিব লাগে। এয়াতো বুজোৱা হৈছে, আত্মা অবিনাশী, শৰীৰ বিনাশী। আত্মা তেতিয়াও বঢ়া-টুটা নহয়। সেয়া হ’ল অতি সূক্ষ্ম আত্মা, ইমান সূক্ষ্ম আত্মাই 84 জন্ম লৈ গোটেই ভূমিকা পালন কৰে। আত্মাই শৰীৰক চলায়। উচ্চতকৈও উচ্চ পিতাই পঢ়ুৱায় সেয়েহে পদবীও উচ্চ পাবা। আত্মায়ে পঢ়ি পদবী পায়। আত্মাক দেখা পোৱা নাযায়। চাবলৈ বহুত চেষ্টা কৰে যে আত্মা কেনেকৈ আহে, কোনফালেৰে ওলাই যায়? কিন্তু গম পোৱা নাযায়। কোনোবাই দেখিলেও বুজিব নোৱাৰিব। এয়াতো তোমালোকে বুজি পোৱা যে আত্মাহে শৰীৰত নিবাস কৰে। আত্মা বেলেগ, জীৱ বেলেগ। আত্মা সৰু-ডাঙৰ নাথাকে। জীৱ সৰুৰ পৰা ডাঙৰ হয়। আত্মাহে পতিত আৰু পাৱন হয়। আত্মাইহে পিতাক মাতে – হে পতিত আত্মাসকলক পাৱন কৰি তোলোঁতা বাবা, আহক। এয়াও বুজাইছে – আত্মাসকল হৈছে কইনা আৰু তেওঁ হৈছে ৰাম, দৰা এজন। তেওঁলোকে আকৌ সকলোকে দৰা বুলি কৈ দিয়ে। এতিয়া দৰা সকলোৰে শৰীৰত প্ৰৱেশ কৰিব, এয়াতো হ’ব নোৱাৰে। বুদ্ধিত এইটো ওলোটা জ্ঞান হোৱা বাবে অৱনমিত হৈ গৈ আছে কিয়নো বহুত গ্লানি কৰে, পাপ কৰে, বদনাম কৰে। পিতাৰ বহুত নিন্দা কৰিছে। সন্তানে জানো কেতিয়াবা পিতাৰ গ্লানি কৰিব! কিন্তু আজিকালি বিতুষ্ট হ’লে তেতিয়া পিতাকো গালি দিবলৈ ধৰে। এয়াতো হ’ল বেহদৰ পিতা। আত্মাইহে বেহদৰ পিতাৰ গ্লানি কৰে – বাবা আপুনি কাছ-মাছৰ অৱতাৰ লয়। শ্ৰীকৃষ্ণৰো গ্লানি কৰিছে – ৰাণীসকলক পলুৱাই নিলে, এইটো কৰিলে, মাখন চোৰ কৰিলে। এতিয়া তেওঁৰ মাখন আদি চোৰ কৰাৰ কি প্ৰয়োজন আছে। কিমান তমোপ্ৰধান বুদ্ধিৰ হৈ গৈছে। পিতাই কয় – মই আহি তোমালোকক পাৱন হোৱাৰ বহুত সহজ যুক্তি শুনাওঁ। পিতাহে হৈছে পতিত-পাৱন সৰ্বশক্তিমান হৰ্তা-কৰ্তা। যেনেকৈ সাধু-সন্ত আদি যি আছে তেওঁলোকক শাস্ত্ৰৰ হৰ্তা-কৰ্তা বুলি কয়। শংকৰাচাৰ্যকো বেদ-শাস্ত্ৰ আদিৰ হৰ্তা-কৰ্তা বুলি ক’ব, তেওঁৰ কিমান জাকজমকতা হয়। শিৱাচাৰ্যৰতো কোনো জাকজমকতা নাই, এওঁৰ লগত কোনো অনুগামীৰ দল নাই। এওঁতো বহি সকলো বেদ-শাস্ত্ৰৰ সাৰ শুনায়। যদি শিৱবাবাই জাকজমকতা দেখুৱায় তেনেহ’লে প্ৰথমতে এওঁৰ (ব্ৰহ্মাৰো) জাকজমকতা লাগিব। কিন্তু নাই। পিতাই কয় – মইতো তোমালোক সন্তানসকলৰ সেৱক। পিতাই এওঁৰ শৰীৰত প্ৰৱেশ কৰি সন্তানসকলক বুজায় যে সন্তানসকল, তোমালোক পতিত হৈ গৈছা। তোমালোক পৱিত্ৰ হৈ পুনৰ 84 জন্মৰ পাছত পতিত হৈ গৈছা। ইয়াৰেই বুৰঞ্জী-ভূগোল পুনৰাবৃত্তি হ’ব। এওঁলোকেই 84 জন্ম ভোগ কৰিছে। পুনৰ তেওঁলোককেই সতোপ্ৰধান হোৱাৰ যুক্তি শুনায়। পিতাই হৈছে সৰ্বশক্তিমান। ব্ৰহ্মাৰ দ্বাৰা সকলো বেদ-শাস্ত্ৰৰ সাৰ বুজায়। চিত্ৰত ব্ৰহ্মাৰ হাতত শাস্ত্ৰ দেখুৱায়। কিন্তু প্ৰকৃততে শাস্ত্ৰ আদিৰ কথা নাই। বাবাৰ লগতো শাস্ত্ৰ নাই, এওঁ (ব্ৰহ্মা)ৰ লগতো নাই, তোমালোকৰ লগতো নাই। এওঁতো তোমালোকক নিতৌ নতুন নতুন কথা শুনায়। এয়াতো জানা যে সকলো ভক্তিমাৰ্গৰ শাস্ত্ৰ। মই শাস্ত্ৰ শুনাওঁ জানো! মইতো তোমালোকক মুখেৰে শুনাওঁ। তোমালোকক ৰাজযোগ শিকাওঁ, যাৰ নাম ভক্তিমাৰ্গত ‘গীতা’ ৰাখি দিছে। মোৰ লগত বা তোমালোকৰ লগত কোনো ‘গীতা’ আদি আছে জানো? এয়াতো হৈছে পঢ়া। পঢ়াত অধ্যায়, শ্লোক আদি থাকে জানো? মই তোমালোক সন্তানসকলক পঢ়ুৱাওঁ, হুবহু কল্পই কল্পই এনেকৈয়ে পঢ়াই থাকিম। কিমান সহজ কথা শুনাওঁ – নিজকে আত্মা বুলি বুজা। এই শৰীৰতো মাটিত মিলি যায়। আত্মা অবিনাশী, শৰীৰতো বাৰে বাৰে জ্বলি থাকে। আত্মাই এটা শৰীৰ এৰি আন এটা লয়।

পিতাই কয় – মইতো এবাৰে আহোঁ। শিৱৰাত্ৰি পালনো কৰে। প্ৰকৃততে শিৱজয়ন্তী হোৱা উচিত। কিন্তু জয়ন্তী বুলি ক’লে মাকৰ গৰ্ভৰ পৰা জন্ম লোৱা হৈ যায়, সেইবাবে শিৱৰাত্ৰি বুলি কৈ দিয়ে। দ্বাপৰ-কলিযুগৰ ৰাত্ৰিত মোক বিচাৰে। সৰ্বব্যাপি বুলি কয়। তেন্তে তোমাৰ মাজতো আছে, আকৌ হাবাথুৰি কিয় খোৱা! একদম যেন দেৱতাৰ পৰা আসুৰি সম্প্ৰদায়ৰ হৈ যায়। দেৱতাই কেতিয়াবা মদ্যপান কৰে জানো? সেই আত্মাসকলেই আকৌ অৱনমিত হোৱাৰ পাছত মদ্যপান আদি কৰিবলৈ লয়। পিতাই কয় – এতিয়া এই পুৰণি সৃষ্টিৰ বিনাশো নিশ্চয় হ’ব। পুৰণি সৃষ্টিত অনেক ধৰ্ম, নতুন সৃষ্টিত এটা ধৰ্ম। একৰ পৰা অনেক ধৰ্ম হ’ল আকৌ এটা ধৰ্ম নিশ্চয় হ’ব লাগে। মনুষ্যইতো কৈ দিয়ে - কলিযুগৰ এতিয়াও 40 হাজাৰ বছৰ বাকী আছে, ইয়াকে ঘোৰ অন্ধকাৰ বুলি কোৱা হয়। জ্ঞান সূৰ্য প্ৰকট হ’ল, অজ্ঞান অন্ধকাৰ বিনাশ হ’ল। মনুষ্যৰ মাজত বহুত অজ্ঞানতা আছে। জ্ঞান সূৰ্য, জ্ঞান সাগৰ পিতা আহে তেতিয়া তোমালোকৰ ভক্তিমাৰ্গৰ অজ্ঞানতা নাইকিয়া হয়। তোমালোকে পিতাক স্মৰণ কৰি কৰি পৱিত্ৰ হৈ যোৱা, খাদ (বিকাৰৰ লেপ) নোহোৱা হয়। এয়া হ’ল যোগ অগ্নি। কাম অগ্নিয়ে ক’লা কৰি দিয়ে। যোগ অগ্নি অৰ্থাৎ শিৱবাবাৰ স্মৃতিয়ে সুন্দৰ কৰি দিয়ে। শ্ৰীকৃষ্ণৰ নামো ৰাখিছে – শ্যাম-সুন্দৰ। কিন্তু অৰ্থ জানো বুজি পায়। পিতা আহি অৰ্থ বুজায়। প্ৰথমতে সত্যযুগত কিমান সুন্দৰ হয়। আত্মা পৱিত্ৰ সুন্দৰ হয় তেতিয়া শৰীৰো পৱিত্ৰ সুন্দৰ লয়। তাত কিমান ধন-সম্পত্তি, সকলো নতুন হয়। নতুন ধৰণী আকৌ পুৰণি হয়। এতিয়া এই পুৰণি সৃষ্টিৰ বিনাশ নিশ্চয় হ’ব। খুব প্ৰস্তুতি চলাই আছে। ভাৰতবাসীয়ে ইমান বুজি নাপায়, যিমান তেওঁলোকে (বিদেশীসকলে) বুজি পায় যে আমি নিজৰ কুলৰ বিনাশ কৰি আছোঁ। কোনোবা প্ৰেৰিত কৰোঁতা আছে। বিজ্ঞানৰ দ্বাৰা আমি নিজৰে বিনাশ মাতি আনো। এইটোও বুজি পায় যে যীশুখ্ৰীষ্টৰ 3 হাজাৰ বছৰ পূৰ্বে স্বৰ্গ আছিল। এই দেৱী-দেৱতাসকলৰ ৰাজ্য আছিল। ভাৰতেই প্ৰাচীন আছিল। এই ৰাজযোগৰ দ্বাৰা লক্ষ্মী-নাৰায়ণ এনেকুৱা হৈছিল। সেই ৰাজযোগ পুনৰ পিতাইহে শিকাব পাৰে। সন্ন্যাসীয়ে শিকাব নোৱাৰে। আজিকালি কিমান ঠগ-প্ৰবঞ্চনা চলি আছে। বিদেশলৈ গৈ কয় – আমি ভাৰতৰ প্ৰাচীন যোগ শিকাওঁ। আকৌ কয় – কণী খাওঁক, মদ্যপান আদি লাগিলে কৰক, সকলো কৰক। এতিয়া তেওঁলোকে কেনেকৈ ৰাজযোগ শিকাব পাৰিব। মনুষ্যক কেনেকৈ দেৱতা কৰি গঢ়ি তুলিব। পিতাই বুজায় – আত্মা কিমান উচ্চ হয় আকৌ পুনৰ্জন্ম লৈ লৈ সতোপ্ৰধানৰ পৰা তমোপ্ৰধান হৈ যায়। এতিয়া তোমালোকে পুনৰ স্বৰ্গৰ স্থাপনা কৰি আছা। তাত আন কোনো ধৰ্ম নাথাকে। এতিয়া পিতাই কয় – নৰকৰ বিনাশতো নিশ্চয় হ’ব। ইয়ালৈ যিসকল আহিছে তেওঁলোক পুনৰ স্বৰ্গলৈ নিশ্চয় যাব। শিৱবাবাৰ অলপ জ্ঞান শুনিলেও স্বৰ্গলৈ নিশ্চয় যাব। আকৌ যিমান পঢ়িব, পিতাক স্মৰণ কৰিব সিমান উচ্চ পদ পাব। এতিয়া বিনাশকালতো সকলোৰে বাবে। বিনাশকালত যি প্ৰীতি বুদ্ধিৰ হয়, পিতাৰ বাহিৰে আন কাকো স্মৰণ নকৰে, তেওঁলোকেই উচ্চ পদ পায়। ইয়াকে কোৱা হয় বেহদৰ জলপানি, ইয়াৰ বাবেতো প্ৰতিযোগিতা কৰা উচিত। এয়া হ’ল ঈশ্বৰীয় লটাৰি। প্ৰথমেতো স্মৰণ, দ্বিতীয়তে দৈৱীগুণ ধাৰণ কৰিব লাগে আৰু ৰজা-ৰাণী হ’ব লাগে গতিকে প্ৰজাও তৈয়াৰ কৰিব লাগে। কোনোৱে বহুত প্ৰজা তৈয়াৰ কৰে, কোনোৱে কম। সেৱাৰ দ্বাৰা প্ৰজা তৈয়াৰ হয়। সংগ্ৰাহালয়, প্ৰদৰ্শনী আদিত অনেক প্ৰজা তৈয়াৰ হয়। এই সময়ত তোমালোকে পঢ়ি আছা পাছত সূৰ্যবংশী-চন্দ্ৰবংশী ৰাজবংশত গুচি যাবা। এয়া হ’ল তোমালোকৰ ব্ৰাহ্মণ কুল। পিতাই ব্ৰাহ্মণ কুল তুলি লৈ তেওঁলোকক পঢ়ায়। পিতাই কয় – মই এটা কুল আৰু দুটা ৰাজবংশ প্ৰতিষ্ঠা কৰোঁ।। সূৰ্যবংশী মহাৰজা-মহাৰাণী, চন্দ্ৰবংশী ৰজা-ৰাণী। তেওঁলোকক কোৱা হয় দ্বৈত মুকুটধাৰী আকৌ পাছত যেতিয়া বিকাৰী ৰজা হয় তেতিয়া তেওঁলোকৰ ‘লাইট’ৰ (পৱিত্ৰতাৰ) মুকুট নাথাকে। সেই দ্বৈত মুকুটধাৰীসকলৰ মন্দিৰ নিৰ্মাণ কৰি তেওঁলোকক পূজা কৰে। পৱিত্ৰসকলৰ আগত মূৰ দোৱায়। সত্যযুগত এই কথাবোৰ নাথাকে। সেয়া হ’য়েই পাৱন সৃষ্টি, তাত পতিত নাথাকে। সেইখনক কোৱা হয় সুখধাম, নিৰ্বিকাৰী জগত। এইখনক কোৱা হয় বিকাৰী জগত। এজনো পৱিত্ৰ নাই। সন্ন্যাসীয়ে ঘৰ-সংসাৰ এৰি পলাই যায়, ৰজা গোপীচন্দ্ৰৰো দৃষ্টান্ত আছে নহয়। তোমালোকে জানা যে কোনো মনুষ্যই ইজনে-সিজনক সৎগতি দিব নোৱাৰে। সকলোৰে সৎগতিদাতা ময়েই। মই আহি সকলোকে পাৱন কৰি তোলোঁ। প্ৰথমতেতো পৱিত্ৰ হৈ শান্তিধামলৈ গুচি যাবা আৰু দ্বিতীয়তে পৱিত্ৰ হৈ সুখধামলৈ যাবা। এয়া হ’ল অপৱিত্ৰ দুখধাম। সত্যযুগত বেমাৰ আদি একোৱেই নাথাকে। তোমালোক সেই সুখধামৰ মালিক আছিলা আকৌ ৰাৱণৰ ৰাজ্যত দুখধামৰ মালিক হৈছা। পিতাই কয় – কল্পই কল্পই তোমালোকে মোৰ শ্ৰীমতৰ আধাৰত স্বৰ্গ স্থাপনা কৰা। নতুন সৃষ্টিৰ ৰাজ্য লোৱা। পুনৰ পতিত নৰকবাসী হোৱা। দেৱতাসকলেই পুনৰ বিকাৰী হৈ যায়। বাম (বিকাৰি) মাৰ্গত অধঃপতিত হয়।

পিতা আহি অতি মৰমৰ সন্তানসকলক পৰিচয় দিছে যে মই এবাৰে পুৰুষোত্তম সংগমযুগত আহোঁ। মই যুগে যুগেতো নাহোঁ। কল্পৰ সংগমযুগত আহোঁ, যুগে যুগে নহয়। কল্পৰ সংগমযুগত কিয় আহোঁ? কিয়নো নৰকক স্বৰ্গ কৰি তোলোঁ। প্ৰত্যেক 5 হাজাৰ বছৰ পাছত আহোঁ। কিছুমান সন্তানে লিখে – বাবা, আমাৰ আনন্দ নাথাকে, উৎসাহ নাথাকে। হেৰ’ পিতাই তোমালোকক বিশ্বৰ মালিক কৰি তোলে, এনেকুৱা পিতাক স্মৰণ কৰি তোমালোক আনন্দিত নোহোৱা! তোমালোকে পূৰা স্মৃতিত নাথাকা সেইবাবে আনন্দ স্থায়ী হৈ নাথাকে। পতিক স্মৰণ কৰিলে আনন্দিত হোৱা, যিয়ে পতিত কৰি তোলে আৰু পিতা যিয়ে দ্বৈত মুকুটধাৰী কৰি তোলে তেওঁক স্মৰণ কৰি আনন্দিত নোহোৱা! পিতাৰ সন্তান হৈছা তথাপিও কোৱা আনন্দ নাই! বুদ্ধিত পূৰা জ্ঞান নাই। স্মৰণ নকৰা সেইবাবে মায়াই প্ৰবঞ্চনা কৰে। সন্তানসকলক কিমান ভালকৈ বুজায়। কল্পই কল্পই বুজায়। আত্মাসকল যি পাথৰ বুদ্ধিৰ হৈ গৈছে, তেওঁলোকক পাৰসবুদ্ধিৰ কৰি তোলোঁ। জ্ঞানেৰে পৰিপূৰ্ণ পিতাহে আহি জ্ঞান দিয়ে। তেওঁ প্ৰতিটো কথাতে সম্পূৰ্ণ। পৱিত্ৰতাত সম্পূৰ্ণ, প্ৰেমত সম্পূৰ্ণ। জ্ঞানৰ সাগৰ, সুখৰ সাগৰ, প্ৰেমৰ সাগৰ নহয় জানো। এনেকুৱা পিতাৰ পৰা তোমালোকে এয়া উত্তৰাধিকাৰ লাভ কৰা। এনেকুৱা (লক্ষ্মী-নাৰায়ণ) হ’বলৈহে তোমালোক আহা। বাকী সেই সৎসংগ আদিতো সকলো হৈছে ভক্তিমাৰ্গৰ। তাত লক্ষ্য-উদ্দেশ্য আদি একোৱেই নাই। এইখনকতো গীতা পাঠশালা বুলি কোৱা হয়, বেদ পাঠশালা নাথাকে। ‘গীতা’ৰ দ্বাৰা নৰৰ পৰা নাৰায়ণ হয়। নিশ্চয় পিতায়ে তেনেকুৱা কৰি নুতুলিব জানো। মনুষ্যই, মনুষ্যক দেৱতা কৰি গঢ়ি তুলিব নোৱাৰে। পিতাই বাৰে বাৰে সন্তানসকলক বুজায় – সন্তানসকল, নিজক আত্মা বুলি বুজা। তোমালোক কোনো দেহতো নোহোৱা। আত্মাই কয় – মই এটা দেহ ত্যাগ কৰি আন এটা লওঁ। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) যেনেকৈ শিৱবাবাৰ কোনো জাকজমকতা নাই, সেৱক হৈ সন্তানসকলক পঢ়ুৱাবলৈ আহে, তেনেকৈ পিতাৰ সমান কৰ্তৃত্বশীল হৈও নিৰহংকাৰী হ’ব লাগে। পৱিত্ৰ হৈ আনকো পৱিত্ৰ কৰি তোলাৰ সেৱা কৰিব লাগে।

2) বিনাশৰ সময়ত ঈশ্বৰীয় লটাৰি ল’বলৈ হ’লে প্ৰীতি বুদ্ধিৰ হৈ স্মৃতিত থকাৰ বা দৈৱীগুণ ধাৰণ কৰাৰ প্ৰতিযোগিতা কৰিব লাগে।

বৰদান:
শুদ্ধ সংকল্পৰ আৱেষ্টনীৰ দ্বাৰা সুৰক্ষাৰ অনুভৱ কৰোঁতা আৰু কৰাওঁতা শক্তিশালী আত্মা হোৱা

শক্তিশালী আত্মা সেইজন যিয়ে দৃঢ়তা শক্তিৰে চেকেণ্ডতকৈও কম সময়ত ব্যৰ্থক সমাপ্ত কৰি দিয়ে। শুদ্ধ সংকল্পৰ শক্তিক চিনি লোৱা, এটা শুদ্ধ বা শক্তিশালী সংকল্পই বহুত চমৎকাৰ কৰিব পাৰে। কেৱল যিকোনো দৃঢ় সংকল্প কৰা তেন্তে দৃঢ়তাই সফলতা আনিব। সকলোৰে বাবে শুদ্ধ সংকল্পৰ বন্ধন, আৱেষ্টনী এনেকৈ গঢ়ি তোলা যাতে কোনোবা অলপ দুৰ্বল হ’লেও, তেওঁৰ বাবেও এই আৱেষ্টনী এক ছত্ৰছাঁ‌য়া হৈ যাওঁক, সুৰক্ষাৰ সাধন বা দূৰ্গ হৈ যাওঁক।

স্লোগান:
সকলোতকৈ শ্ৰেষ্ঠ ভাগ্য তেওঁৰ যিয়ে প্ৰত্যক্ষৰূপত ভগৱানৰ দ্বাৰা প্ৰতিপালন, পঢ়া-শুনা আৰু শ্ৰেষ্ঠ জীৱনৰ শ্ৰীমত প্ৰাপ্ত কৰে।


“ইচ্ছা মাত্ৰম অবিদ্যা” স্থিতিৰ অনুভৱ কৰিবলৈ আৰু কৰাবলৈ আজিৰ অব্যক্ত সংকেত:

ভক্তসকলক সৰ্ব প্ৰাপ্তি কৰোৱাৰ আধাৰ হৈছে – “ইচ্ছা মাত্ৰম অবিদ্যা”ৰ স্থিতি। যেতিয়া স্বয়ং “ইচ্ছা মাত্ৰম অবিদ্যা” হৈ যোৱা তেতিয়াহে অন্য আত্মাসকলৰ সকলো ইচ্ছা পূৰ্ণ কৰিব পাৰা। নিজৰ প্ৰতি কোনো ইচ্ছা নাৰাখিবা কিন্তু অন্য আত্মাসকলৰ ইচ্ছা পূৰ্ণ কৰাৰ কথা ভাবা তেতিয়া স্বয়ং সম্পন্ন হৈ যাবা।