25.09.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তত্ব সহিত সকলো মনুষ্য মাত্রক পৰিৱৰ্তন কৰোঁতা বিশ্ব বিদ্যালয় কেৱল এখনেই আছে, ইয়াৰ
পৰাই সকলোৰে সৎগতি হ'ব”
প্ৰশ্ন:
পিতাৰ প্ৰতি
নিশ্চয় হোৱাৰ লগে লগে কোনটো ৰায় তৎক্ষণাৎ ফলপ্ৰসূ কৰিব লাগে?
উত্তৰ:
(1) যিহেতু নিশ্চয় হ'ল যে পিতা আহিছে তেন্তে পিতাৰ প্ৰথম ৰায় এইটো যে এই দুচকুৰে
যিয়েই দেখিবলৈ পোৱা সেয়া পাহৰি যোৱা। একমাত্ৰ মোৰ মতত চলা। এইটো ৰায় তৎক্ষণাৎ
ফলপ্ৰসূ কৰিব লাগে। (2) যিহেতু তোমালোক বেহদ পিতাৰ হ'লা তেন্তে পতিতসকলৰ লগত
তোমালোকৰ লেন-দেন হ'ব নালাগে। নিশ্চয় বুদ্ধিৰ সন্তানসকলৰ কেতিয়াও কোনো কথাত সংশয়
জন্মিব নোৱাৰে।
ওঁম্শান্তি।
এয়া ঘৰো হয়
বিশ্ব বিদ্যালয়ো হয়। ইয়াকে ঈশ্বৰ পিতাৰ বিশ্ব বিদ্যালয় বুলি কোৱা হয়। কিয়নো গোটেই
বিশ্বৰ মনুষ্য মাত্ৰৰে সৎগতি হয়। প্ৰকৃত বিশ্বৰ বিশ্ব বিদ্যালয় এইখন হয়। ঘৰো হয়।
মাতা-পিতাৰ সন্মুখত বহি আছে আকৌ বিশ্ব বিদ্যালয়ো হয়। আধ্যাত্মিক পিতা বহি আছে। এয়া
আত্মিক জ্ঞান যিটো আত্মিক পিতাৰ দ্বাৰা প্ৰাপ্ত হয়। আধ্যাত্মিক জ্ঞান আধ্যাত্মিক
পিতাৰ বাহিৰে আন কোনো মনুষ্যই দিব নোৱাৰে। তেওঁকহে জ্ঞানৰ সাগৰ বুলি কোৱা হয় আৰু
জ্ঞানৰ দ্বাৰাহে সৎগতি হয় সেয়েহে জ্ঞান সাগৰ, সকলোৰে সৎগতি দাতা এজন পিতাহে হয়।
পিতাৰ দ্বাৰা গোটেই বিশ্বৰ কেৱল মনুষ্যই নহয় প্ৰতিটো বস্তু 5 তত্ত্বও সতোপ্ৰধান হৈ
যায়। সকলোৰে সৎগতি হয়। এই কথাবোৰ অতিকৈ বুজিবলগীয়া। এতিয়া সকলোৰে সৎগতি হ'ব। পুৰণি
সৃষ্টি আৰু সৃষ্টিত থকা সকলোবোৰ সলনি হৈ যাব। ইয়াত যিয়েই দেখিবলৈ পোৱা সেই সকলোবোৰ
পৰিৱৰ্তন হৈ নতুন হৈ যাব। গায়নো কৰা হয় - ইয়াত হৈছে মিছা মায়া, মিছা কায়া..... এইখন
মিছা খণ্ড হৈ যায়। ভাৰত সঁচা খণ্ড আছিল এতিয়া মিছা খণ্ড। ৰচয়িতা আৰু ৰচনাৰ বিষয়ে
মনুষ্যই যিয়েই ক'ব সকলোবোৰ মিছা। এতিয়া তোমালোকে পিতাৰ দ্বাৰা জানা – ভগৱানুবাচ (ভগৱানৰ
বাণী)। ভগৱান এজন পিতাই নহয় জানো। তেওঁ হৈছে নিৰাকাৰ, আচলতেতো সকলো আত্মাই নিৰাকাৰ
আকৌ ইয়াত সাকাৰ ৰূপ লয়। তাত আকাৰ নাই। আত্মাসকল মূলধাম বা ব্ৰহ্ম মহাতত্বত নিবাস কৰে।
সেইখন হৈছে আমাৰ অৰ্থাৎ আত্মাসকলৰ ঘৰ, ব্ৰহ্ম মহাতত্ব। এয়া আকাশ তত্ব, য'ত সাকাৰী
ভূমিকা চলে। বিশ্বৰ ইতিহাস-ভূগোল পুনৰাবৃত্তি হয়। ইয়াৰ অৰ্থও বুজি নাপায়, কয়
পুনৰাবৃত্তি হয়। সোণালী যুগ, ৰূপালী যুগ..... তাৰপাছত কি? পুনৰ সোণালী যুগ নিশ্চয়
আহিব। সংগমযুগ এটাই হয়। সত্যযুগ, ত্ৰেতা বা ত্ৰেতা আৰু দ্বাপৰৰ সংগম বুলি কোৱা নহয়,
সেয়া ভুল হৈ যায়। পিতাই কয় - মই কল্পই কল্পই, কল্পৰ সংগমত আহোঁ। মোক আহ্বানেই কৰে
তেতিয়া যেতিয়া পতিত হৈ যায়। কয় - আপুনি পাৱন কৰি তুলিবলৈ আহক। পাৱন হয়েই সত্যযুগত।
এতিয়া হৈছে সংগম, ইয়াক কল্যাণকাৰী সংগমযুগ বুলি কোৱা হয়। আত্মা আৰু পৰমাত্মাৰ মিলনৰ
সংগম, ইয়াক কুম্ভ বুলিও কোৱা হয়। তেওঁলোকে আকৌ নদীবোৰৰ মেলা দেখুৱায়। দুখন নদীতো আছে,
তৃতীয়খনক আকৌ গুপ্ত নদী বুলি কয়। এয়াও মিছা। গুপ্ত নদী কিবা থাকিব পাৰে জানো?
বৈজ্ঞানিকসকলেও নামানিব যে কিবা গুপ্ত নদী থাকিব পাৰে। বাণ মাৰিলে গংগা ওলাই আহিল,
এই সকলোবোৰ মিছা। গায়ন কৰা হৈছে - জ্ঞান, ভক্তি, বৈৰাগ্য। এই শব্দবোৰ ধৰি লৈছে (কৈ
থাকে) কিন্তু অৰ্থ বুজি নাপায়। পোন-প্ৰথমে হৈছে জ্ঞান অৰ্থাৎ দিন, সুখ তাৰপাছত হৈছে
ভক্তি অৰ্থাৎ ৰাতি, দুখ। ব্ৰহ্মাৰ দিন, ব্ৰহ্মাৰ ৰাতি। এতিয়া এজনৰতো হ'ব নোৱাৰে,
বহুতৰে হ'ব নহয় জানো। দিন হয় আধাকল্পৰ, আকৌ ৰাতিও হয় আধাকল্পৰ। তাৰপাছত হৈছে গোটেই
পুৰণি সৃষ্টিৰ প্ৰতি বৈৰাগ্য।
পিতাই কয় - দেহ সহিত
যিয়েই তোমালোকে এই দুচকুৰে দেখিবলৈ পোৱা সেয়া জ্ঞানেৰে পাহৰিব লাগে। পেছাগত কাম-কাজ
আদি সকলো কৰিব লাগে। সন্তানসকলৰ তত্ত্বাৱধান ল’ব লাগে। কিন্তু বুদ্ধিৰ যোগসূত্ৰ
এজনৰ সৈতে গঢ়িব লাগে। আধাকল্প তোমালোকে ৰাৱণৰ মতত চলা। এতিয়া পিতাৰ হৈছা গতিকে
যিয়েই কৰা পিতাৰ ৰায় অনুসৰি কৰা। তোমালোকৰ লেন-দেন ইমান সময় পতিতসকলৰ লগত চলি আহিছে,
তাৰ ফলাফল কি হ'ল। দিনে-প্ৰতিদিনে পতিতহে হৈ আহিছা কিয়নো ভক্তি মাৰ্গ হয়েই অৱৰোহণ
কলাৰ মাৰ্গ। সতোপ্ৰধান, সতো, ৰজো, তমোত আহিবলগীয়া হয়। নিশ্চয় অৱনমিতই হ’ব লাগিব।
ইয়াৰ পৰা কোনেও মুক্ত কৰিব নোৱাৰে। লক্ষ্মী-নাৰায়ণৰো 84 জন্মৰ বিষয়ে কৈছে নহয় জানো।
ইংৰাজী শব্দবোৰ বৰ ভাল। ‘গ’ল্ডেন এজ’ (সোণালী যুগ), ‘চিলভাৰ এজ’ (ৰূপালী যুগ),.....
এনেকৈ খাদ পৰি গৈ থাকে। এই সময়ত আহি লৌহযুগী হৈছে। সোণালী যুগত নতুন সৃষ্টি আছিল,
নতুন ভাৰত আছিল। এই লক্ষ্মী-নাৰায়ণৰ ৰাজত্ব আছিল। কালিৰ কথা। শাস্ত্ৰবোৰত লাখ লাখ
বছৰ বুলি লিখি দিছে। এতিয়া পিতাই কয় - তোমালোকৰ শাস্ত্ৰ শুদ্ধ নে মই শুদ্ধ? পিতাক
কোৱা হয় - বিশ্বৰ সৰ্বশক্তিমান হৰ্তা-কৰ্তা (ৱৰ্ল্ড অলমাইটি অথ’ৰিটি)। যিসকলে
বেদ-শাস্ত্ৰ বহুত পঢ়ে তেওঁলোকক হৰ্তা-কৰ্তা বুলি কোৱা হয়। পিতাই কয় - এই সকলোবোৰ
ভক্তি মাৰ্গৰ হৰ্তা-কৰ্তা। জ্ঞানৰ বাবেতো মোৰ গায়ন কৰে - আপুনি জ্ঞানৰ সাগৰ, আমি
নহয়। মনুষ্য সকলো ভক্তিৰ সাগৰত ডুবি আছে। সত্যযুগত কোনেও বিকাৰত নাযায়। কলিযুগততো
মনুষ্য আদি-মধ্য-অন্ত দুখী হৈ থাকে। পিতাই কল্প পূৰ্বেও এনেকৈ বুজাইছিল, এতিয়া পুনৰ
বুজাই আছে। সন্তানসকলে বুজি পায় যে কল্প পূৰ্বেও বেহদৰ পিতাৰ পৰা বেহদৰ উত্তৰাধিকাৰ
লৈছিলোঁ এতিয়া পুনৰ পঢ়ি প্ৰাপ্ত কৰি আছোঁ। সময় বহুত কম। এয়াতো বিনাশ হৈ যাব সেয়েহে
বেহদৰ পিতাৰ পৰা পূৰা উত্তৰাধিকাৰ ল'ব লাগে। তেওঁ পিতা, শিক্ষক, গুৰুও হয়। পৰম
পিতাও হয়, পৰম শিক্ষকো হয়। বিশ্বৰ ইতিহাস-ভূগোল কেনেকৈ পুনৰাবৃত্তি হয়, গোটেই জ্ঞান
দিয়ে। এয়া আন কোনেও বুজাব নোৱাৰে। এতিয়া সন্তানসকলে বুজি পায় যে 5 হাজাৰ বছৰ পূৰ্বৰ
দৰে, এওঁ সেইজনেই গীতাৰ ভগৱান হয়, শ্ৰীকৃষ্ণ নহয়। মনুষ্যক ভগৱান বুলি কোৱা নহয়।
ভগৱানতো হয়েই পুনৰ্জন্ম ৰহিত। এওঁৰ জন্মক দিব্য জন্ম বুলি কয়। নহ'লে মই নিৰাকাৰে
ক'ম কেনেকৈ। মইতো নিশ্চয় আহি পাৱন কৰি তুলিব লাগে গতিকে যুক্তি শুনাবলগীয়া হয়।
তোমালোকে জানা আমি আত্মাসকল অমৰ হওঁ। ৰাৱণ ৰাজ্যত তোমালোক সকলো দেহ-অভিমানী হৈ গৈছা।
সত্যযুগত দেহী-অভিমানী হয়। বাকী পৰমাত্মা ৰচয়িতা আৰু তেওঁৰ ৰচনাক তাতো কোনেও নাজানে।
যদি তাতো গম পায় যে আমি পুনৰ এনেকৈ অৱনতি হ’ব লাগিব তেন্তে বাদশ্বাহীৰ (সাম্ৰাজ্যৰ)
আনন্দই নাথাকিব সেয়েহে পিতাই কয় - এই জ্ঞান তাত প্ৰায় লোপ হৈ যায়, যেতিয়া তোমালোকৰ
সৎগতি হৈ যায় তেতিয়া জ্ঞানৰ দৰকাৰেই নাথাকে। জ্ঞানৰ দৰকাৰেই দুৰ্গতিত হয়। এই সময়ত
সকলো দুৰ্গতিত আছে, সকলো কাম-চিতাত বহি জ্বলি মৰিছে। পিতাই কয় - মোৰ সন্তানসকল,
আত্মাসকল আহি শৰীৰৰ দ্বাৰা যি ভূমিকা পালন কৰে, সেই আত্মাসকল কাম চিতাত বহি
তমোপ্ৰধান হৈ গৈছে। আহ্বানো জনায় যে আমি পতিত হৈ গৈছোঁ। পতিত হয়েই কাম-চিতাৰ দ্বাৰা।
ক্ৰোধ বা লোভৰ দ্বাৰা পতিত নহয়। সাধু-সন্ত আদি পাৱন হয়, দেৱতাসকল পাৱন হয় সেয়েহে
পতিত মনুষ্যই গৈ মূৰ দোৱায়। গায়নো কৰে - আপুনি নিৰ্বিকাৰী, আমি বিকাৰী। নিৰ্বিকাৰী
বিশ্ব, বিকাৰী বিশ্ব বুলি গায়ন কৰা হয়, নহয় জানো। ভাৰতেই নিৰ্বিকাৰী বিশ্ব আছিল।
এতিয়া বিকাৰী। ভাৰতৰ লগতে গোটেই বিশ্বই বিকাৰী হয়। নিৰ্বিকাৰী বিশ্বত আজিৰ পৰা 5
হাজাৰ বছৰ পূৰ্বে এটাই ধৰ্ম আছিল, পৱিত্ৰতা আছিল সেয়েহে শান্তি, সমৃদ্ধি তিনিওটাই
আছিল। পৱিত্ৰতা হৈছে প্ৰথম। এতিয়া পৱিত্ৰতা নাই সেয়েহে শান্তি সমৃদ্ধিও নাই।
জ্ঞানৰ সাগৰ, সুখৰ
সাগৰ, প্ৰেমৰ সাগৰ হৈছে এজনেই পিতা। তোমালোককো এনেকুৱা মৰমলগা (সুন্দৰ) কৰি গঢ়ি তোলে।
এই লক্ষ্মী-নাৰায়ণৰ ৰাজধানীত সকলো মৰমলগা হয়। মনুষ্য মাত্ৰ জন্তু আদি সকলো মৰমলগা
হয়। সিংহ-ছাগলীয়ে একেলগে পানী খায়। এয়া এটা দৃষ্টান্ত। তাত এনেকুৱা বস্তু লেতেৰা
কৰোঁতা নাথাকে। ইয়াত বেমাৰ, মহ আদি বহুত আছে। তাত এনেকুৱা বস্তু নাথাকে। চহকী
ব্যক্তিৰ আচবাবো অতি উত্তম হয়। গৰিবৰ আচবাবো সাধাৰণ। ভাৰত এতিয়া গৰিব, কিমান
আৱৰ্জনাৰে ভৰি আছে। সত্যযুগত কিমান চাফ-চিকুনতা থাকে। সোণৰ মহল আদি কিমান উত্তম হ'ব।
বৈকুণ্ঠৰ গাইবোৰো চোৱা কিমান উত্তম হয়। কৃষ্ণক কিমান ভাল গাইবোৰৰ সৈতে দেখুৱায়।
কৃষ্ণপুৰীত গাইবোৰোতো থাকিব নহয় জানো। তাত বস্তুবোৰ কিমান উত্তম হয়। স্বৰ্গ হয়
তেন্তে কিহৰ অভাৱ! এই পুৰণি ছিঃ ছিঃ সৃষ্টিততো বহুত আৱৰ্জনা আছে। এই সকলোবোৰ এই
জ্ঞান যজ্ঞত স্বাহা হৈ যাব। কেনেকুৱা কেনেকুৱা বোমা তৈয়াৰ কৰি থাকে। বোমা পেলালে
তেতিয়া জুই ওলাই আহিব। আজিকালিতো এনেকুৱা জীৱাণুও ভৰাই দিয়ে, এনেকৈ বিনাশ কৰে যে
সীমাহীন ৰূপত বিনাশ হৈ যায়। হস্পিতাল আদিতো নাথাকিব যে ঔষধ আদিৰে চিকিৎসা কৰিব।
পিতাই কয় - সন্তানসকলৰ কোনো কষ্ট হ'ব নালাগে সেয়েহে গায়ন কৰা হৈছে - প্ৰাকৃতিক
দুৰ্যোগ, অতিবৃষ্টি। সন্তানসকলে বিনাশৰ সাক্ষাৎকাৰো কৰিছে। বুদ্ধিয়েও কয় বিনাশতো
নিশ্চয় হ'ব। কোনোবাই কয় - বিনাশৰ সাক্ষাৎকাৰ হওক তেতিয়া মানিম, বাৰু নালাগে মানিব,
তোমাৰ ইচ্ছা। কোনোবাই কয় - মই আত্মাৰ সাক্ষাৎকাৰ কৰিলে তেতিয়া মানিম। বাৰু, আত্মাতো
বিন্দু হয়। দেখিলাই যেনিবা তাতে কি হ'ল! তাৰ দ্বাৰা জানো সৎগতি হ'ব? এনেকৈ কয় -
পৰমাত্মা অখণ্ড জ্যোতি স্বৰূপ, হাজাৰ হাজাৰ সূৰ্যতকৈ তেজোময়। কিন্তু এনেকুৱা নহয়।
‘গীতা’ত লিখিছে - অৰ্জুনে ক'লে বন্ধ কৰা, মই সহ্য কৰিব নোৱাৰোঁ। এনেকুৱা কথা নহয়।
পিতাকক সন্তানে দেখিলে ক’ব - মই সহ্য কৰিব নোৱাৰোঁ, এনেকুৱা একোৱেই নাই। যেনেকুৱা
আত্মা তেনেকুৱাই পৰমপিতা পৰমাত্মা পিতা। কেৱল তেওঁ জ্ঞানৰ সাগৰ হয়। তোমালোকৰো জ্ঞান
আছে। পিতাহে আহি পঢ়ায় আৰু কোনো কথাই নাই, যিয়ে যি ভাৱনাৰে স্মৰণ কৰে, সেই ভাৱনা
পূৰ্ণ কৰি দিওঁ। সেয়াও নাটকত নিৰ্ধাৰিত হৈ আছে। বাকী ভগৱানক কোনেও প্ৰাপ্ত কৰিব
নোৱাৰে। মীৰা সাক্ষাৎকাৰত কিমান আনন্দিত হৈছিল। পৰৱৰ্তী জন্মততো নিশ্চয় ভক্ত হ'ব।
বৈকুণ্ঠলৈতো যাব নোৱাৰে। এতিয়া তোমালোক সন্তানসকলে বৈকুণ্ঠত যাবৰ কাৰণে প্ৰস্তুতি
চলাই আছা। জানা যে আমি বৈকুণ্ঠৰ, কৃষ্ণপুৰীৰ মালিক হৈ আছোঁ। ইয়াততো সকলো নৰকৰ মালিক।
ইতিহাস-ভূগোল পুনৰাবৃত্তি হ'ব নহয় জানো। সন্তানসকলে জানে যে আমি নিজৰ ৰাজ্য-ভাগ্য
পুনৰাই লৈ আছোঁ। এয়া হৈছে ৰাজযোগৰ বল। বাহুবলৰ যুদ্ধতো অনেকবাৰ, অনেক জন্ম চলিছে।
যোগবলেৰে তোমালোকৰ আৰোহণ কলা হয়। জানা যে যথাযথ স্বৰ্গৰ ৰাজধানী স্থাপনা হৈ আছে।
যিসকলে কল্প পূৰ্বে পুৰুষাৰ্থ কৰিছিল তেনেকৈয়ে কৰিব। তোমালোক হাৰ্টফেল হ'ব নালাগে।
যিসকল দৃঢ় নিশ্চয়বুদ্ধিৰ হয়, তেওঁলোকৰ কেতিয়াও সংশয় জন্মিব নোৱাৰে। সংশয় বুদ্ধিও
নিশ্চয় হয়। বাবাই কৈছে – আশ্চৰ্যজনকভাৱে শুনে, কয়, আঁতৰি গুচি যায়... অহো মায়া তুমি
এওঁৰ ওপৰত বিজয়ী হৈ গ’লা। মায়া বহুত বলৱান হয়। ভাল ভাল উত্তম সেৱা কৰোঁতা,
সেৱাকেন্দ্ৰ চলাওঁতাসকলকো মায়াই থাপৰ লগাই দিয়ে। লিখে বাবা বিবাহ কৰি মুখ ক'লা কৰি
দিলোঁ। কাম-কটাৰীৰ হাতত পৰাজয় বৰণ কৰিলোঁ। এতিয়াতো বাবা আপোনাৰ সন্মুখলৈ অহাৰ যোগ্য
হৈয়ে নাথাকিলোঁ। আকৌ লিখে - বাবা সন্মুখলৈ আহোঁনে। বাবাই লিখে - ক'লা মুখ কৰিলা
এতিয়া ইয়ালৈ আহিব নোৱাৰা। ইয়ালৈ আহি কি কৰিবা। তথাপিও তাত থাকি পুৰুষাৰ্থ কৰা। এবাৰ
পৰিলা মানে পৰিলা (অৱনমিত হ’লা)। এনেকুৱা নহয় যে ৰাজকীয় পদ পাব পাৰিবা। কোৱা হয় নহয়
– আৰোহণ কৰিলে বৈকুণ্ঠ ৰস খাবলৈ পায়, অধঃপতিত হ’লে একেবাৰে চণ্ডাল…. হাড় ভাঙি-চিঙি
চূৰমাৰ হৈ যায়। 5 মহলাৰ পৰা বাগৰি পৰে আকৌ কোনো কোনোৱে সঁচা কথা লিখে। কিছুমানেতো
নুশুনায়েই। ইন্দ্ৰপ্ৰস্থৰ পৰীসকলৰো দৃষ্টান্ত আছে নহয় জানো। এই সকলোবোৰ হৈছে জ্ঞানৰ
কথা। এই সভাত কোনো পতিত বহাৰ হুকুম নাই। কিন্তু কিছুমান পৰিস্থিতিত বহুৱাবলগীয়া হয়।
পতিতইতো আহিব নহয় জানো। এতিয়াতো চোৱা কিমানবিলাক দ্ৰৌপদীয়ে কাতৰে আহ্বান জনায়, কয়
বাবা আমাক নগ্ন হোৱাৰ পৰা ৰক্ষা কৰক। বান্ধোনত থকাসকলৰো ভূমিকা চলে। কামুক, ক্ৰুদ্ধ
থাকে নহয় জানো। বহুত সংঘাত হয়। বাবাৰ ওচৰত বাতৰি আহে। বেহদৰ পিতাই কয় - সন্তানসকল
ইয়াৰ ওপৰত বিজয়ী হোৱা। এতিয়া পৱিত্ৰ হৈ থাকা, মোক স্মৰণ কৰা তেন্তে প্ৰতিশ্ৰুতি দিছোঁ
- বিশ্বৰ মালিক হ'বাগৈ। বাতৰি কাকততো নিজে (বোমা তৈয়াৰ কৰাসকলে) লিখে যে কোনোবা
অনুপ্ৰেৰণা দিওঁতা আছে যিয়ে মোৰ দ্বাৰা এই বোমা আদি তৈয়াৰ কৰায়, ইয়াৰ দ্বাৰা নিজৰেই
কুলৰ নাশ হ'ব। কিন্তু কি কৰিব নাটকত নিৰ্ধাৰিত হৈ আছে, দিনে-প্ৰতিদিনে তৈয়াৰ কৰি গৈ
থাকে। সময় বহুততো নাই নহয়। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সত্যযুগী
মৰমৰ ৰাজধানীলৈ যাবৰ কাৰণে বহুত বহুত মৰমীয়াল হ'ব লাগে। ৰাজকীয় পদৰ কাৰণে পৱিত্র
নিশ্চয় হ'ব লাগে। পৱিত্ৰতা প্ৰথম সেয়েহে কাম মহাশত্ৰুৰ ওপৰত বিজয়ী হ'ব লাগে।
(2) এই পুৰণি সৃষ্টিৰ
পৰা বেহদৰ বৈৰাগী হ'বৰ কাৰণে এই দুচকুৰে দেহ সহিত যি দেখিবলৈ পোৱা যায়, সেয়া দেখিও
চাব নালাগে। প্ৰতিটো খোজত পিতাৰ পৰা ৰায় লৈ চলিব লাগে।
বৰদান:
গোটেই বৃক্ষৰ
জ্ঞান স্মৃতিত ৰাখি তপস্যা কৰোঁতা সঁচা তপস্বী আৰু সেৱাধাৰী হোৱা
ভক্তিমাৰ্গত দেখুৱায়
যে তপস্বীসকলে বৃক্ষৰ তলত বহি তপস্যা কৰে। ইয়াৰো এটা ৰহস্য আছে। তোমালোক সন্তানসকলৰ
নিবাস এই সৃষ্টিৰূপী কল্প বৃক্ষৰ শিপাত। বৃক্ষৰ তলত বহিলে সমগ্ৰ বৃক্ষৰ জ্ঞান মনত
স্বতঃস্ফূৰ্তভাৱে ভাহি উঠে। গতিকে গোটেই বৃক্ষৰ জ্ঞান স্মৃতিত ৰাখি সাক্ষী হৈ এই
গছজোপালৈ চোৱা। এইটো নিচাই আনন্দিত কৰিব আৰু ইয়াৰ দ্বাৰা বেটাৰীও চাৰ্জ হ'ব। তেতিয়া
সেৱা কৰি থকাৰ সময়তো তপস্যা সমান্তৰালভাৱে চলি থাকিব।
স্লোগান:
শৰীৰৰ বেমাৰ কোনো ডাঙৰ কথা নহয়, কিন্তু মন যাতে কেতিয়াও বেমাৰী নহয়।
অব্যক্ত ইংগিত: এতিয়া
নিজৰ দাতা স্বৰূপ প্ৰত্যক্ষ কৰা
দাতাৰ সন্তান সদায়
সৰ্ব সম্পত্তিমান হয়। কেতিয়াও যাতে ভক্ত বা ভিক্ষাৰীবোধৰ সংস্কাৰ জাগ্ৰত নহয়। এনে
সংকল্পও উদয় হ’ব নালাগে যে - বাবাই মোক অলপ সহায় কৰক, আশীৰ্বাদ দিয়ক। বাবা মোক
অলপ সহযোগ লাগে, শক্তি লাগে। এই ‘লাগে’ শব্দটি দাতা, বিধাতা আৰু বৰদাতা সন্তানসকলৰ
ক্ষেত্ৰত শোভা নাপায়। দাতাৰ সন্তান সৰ্ব শক্তিৰে সম্পন্ন হয়। এই সম্পন্ন স্থিতিয়েই
সম্পূৰ্ণ স্থিতি সমীপত আনে।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]