25.10.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – পিতাৰ এবাৰ দৃষ্টি পৰিলেই গোটেই বিশ্বৰ মনুষ্য মাত্ৰে ভৰপূৰ হৈ যায়, সেই কাৰণে কোৱা হয় দৃষ্টিৰে ভৰপূৰ…"

প্ৰশ্ন:
তোমালোক সন্তানসকলৰ অন্তৰত আনন্দৰ নাগৰা বাজি থকা উচিত - কিয়?

উত্তৰ:
কিয়নো তোমালোকে জানা - বাবা সকলোকে লগত লৈ যাবলৈ আহিছে। এতিয়া আমি নিজৰ পিতাৰ লগত ঘৰলৈ যাম। হাহাকাৰৰ পাছত জয়জয়কাৰ হ’ব। পিতাৰ এটা দৃষ্টিতে গোটেই বিশ্বই মুক্তি-জীৱনমুক্তিৰ উত্তৰাধিকাৰ পাব। গোটেই বিশ্ব ভৰপূৰ হৈ যাব।

ওঁম্শান্তি।
আত্মিক শিৱ পিতাই বহি নিজৰ আত্মিক সন্তানসকলক বুজায়। এয়াতো জানা যে তৃতীয় নেত্ৰও থাকে। পিতাই জানে গোটেই সৃষ্টিৰ যিমান আত্মা আছে সকলোকে উত্তৰাধিকাৰ দিবলৈ মই আহিছোঁ। পিতাৰ অন্তৰততো উত্তৰাধিকাৰৰহে স্মৃতি থাকিব। লৌকিক পিতাৰ অন্তৰতো উত্তৰাধিকাৰৰেই স্মৃতি থাকে। সন্তানক উত্তৰাধিকাৰী কৰিম। সন্তান নাথাকিলে জঁয় পৰি যায়, কাক দিম। সেয়েহে তুলি লয়। ইয়াততো পিতা বহি আছে, এওঁৰতো গোটেই জগতৰ যিমান আত্মা আছে, সকলোৰে ফালে দৃষ্টি যায়। তেওঁ জানে সকলোকে মই উত্তৰাধিকাৰ দিব লাগে। হয়তো ইয়াত বহি আছে কিন্তু দৃষ্টি গোটেই বিশ্ব আৰু গোটেই বিশ্বৰ মনুষ্যৰ ফালে আছে কাৰণ গোটেই বিশ্বকে ভৰপূৰ কৰিব লাগে। পিতাই বুজায় - এয়া হ’ল পুৰুষোত্তম সংগমযুগ। তোমালোকে জানা সকলোকে শান্তিধাম, সুখধামলৈ লৈ যাবৰ বাবে বাবা আহিছে। সকলো ভৰপূৰ হৈ যাব। ড্ৰামাৰ পৰিকল্পনা অনুসৰি কল্পই কল্পই ভৰপূৰ হৈ যাব। পিতাই সকলো সন্তানকে স্মৰণ কৰে। দৃষ্টিতো যায়েই নহয়। সকলোৱে নপঢ়ে। ড্ৰামাৰ পৰিকল্পনা অনুসৰি সকলো উভতি যাব লাগে কাৰণ নাটক পূৰা হয়। কিছুদিন গ’লে তেতিয়া নিজেও বুজিব পাব এতিয়া বিনাশ হ’ব। এতিয়া নতুন সৃষ্টিৰ স্থাপনা হ’ব কিয়নো আত্মাতো তথাপিও চৈতন্য নহয় জানো। তেতিয়া বুদ্ধিত উদয় হৈ যাব - পিতা আহিছে। স্বৰ্গ স্থাপনা হ’ব আৰু আমি শান্তিধামলৈ গুচি যাম। সকলোৰে গতি হ’ব নহয়। বাকী তোমালোকৰ সৎগতি হ’ব। এতিয়া বাবা আহিছে। আমি স্বৰ্গলৈ যাম। জয়জয়কাৰ হৈ যাব। এতিয়াতো বহুত হাহাকাৰ। ক’ৰবাত আকাল হৈছে, ক’ৰবাত যুদ্ধ চলি আছে, ক’ৰবাত ভূমিকম্প হৈছে। হাজাৰ হাজাৰ মৰিয়ে আছে। মৃত্যুতো হ’বই। সত্যযুগত এনেকুৱা কথা নহয়। পিতাই জানে - এতিয়া মই যাওঁ পুনৰ গোটেই বিশ্বত জয়জয়কাৰ হৈ যাব। মই ভাৰতলৈয়ে যাম। গোটেই বিশ্বৰ তুলনাত ভাৰত এখন গাঁওৰ নিচিনা। পিতাৰ কাৰণেতো গাওঁ হ’ল। বহুত কম মনুষ্য থাকিব। সত্যযুগত গোটেই বিশ্ব যেন এখন সৰু গাঁও আছিল। এতিয়াতো কিমান বৃদ্ধি হৈ গ’ল। পিতাৰ বুদ্ধিত সকলো আছে নহয়। এতিয়া এই শৰীৰৰ দ্বাৰা সন্তানসকলক বুজাই আছে। তোমালোকৰ পুৰুষাৰ্থ সেয়াই চলিছে যি কল্পই কল্পই চলি আহিছে। পিতাও কল্পবৃক্ষৰ বীজৰূপ। এয়া হৈছে সাকাৰী বৃক্ষ। ওপৰত আছে নিৰাকাৰী বৃক্ষ। তোমালোকে জানা এয়া কেনেকৈ ৰচি থোৱা আছে। এইটো বোধ আন কোনো মনুষ্যৰে নাই। বুদ্ধিমান আৰু বুদ্ধিহীনৰ পাৰ্থক্য চোৱা। ক'ত বুদ্ধিমানসকলে স্বৰ্গত ৰাজত্ব কৰিছিল, সেইখনক কোৱাই হয় সত্যখণ্ড, স্বৰ্গ।

এতিয়া তোমালোক সন্তানসকল ভিতৰি বহুত আনন্দত হ'ব লাগে। বাবা আহিছে, এই পুৰণি সৃষ্টিতো নিশ্চয় সলনি হ'ব। যিয়ে যিমান পুৰুষাৰ্থ কৰিব, সেই অনুসৰি পদ প্ৰাপ্ত কৰিব। পিতাইতো পঢ়াই আছে। তোমালোকৰ এই স্কুল বহুত বৃদ্ধি হৈ গৈ থাকিব। বহুত হৈ যাব। সকলোৰে স্কুল একেলগে থাকিব জানো। ইমান ক’ত থাকিব? তোমালোক সন্তানসকলৰ স্মৃতিত আছে - এতিয়া আমি সুখধামলৈ যাম। যেনেকৈ কোনোবা বিদেশলৈ গ’লে তেতিয়া গৈ 8-10 বছৰ থাকে। পুনৰ ভাৰতলৈ আহে। ভাৰততো গৰিব। বিদেশীসকলে ইয়াত সুখ নাপাব। এনেয়েও তোমালোক সন্তানসকলৰো ইয়াত সুখ নাই। তোমালোকে জানা যে আমি বহুত উচ্চ পাঠ পঢ়ি আছোঁ, যাৰ দ্বাৰা আমি স্বৰ্গৰ মালিক দেৱতা হ'ম। তাত কিমান সুখ হ’ব। সেই সুখক সকলোৱে স্মৰণ কৰে। এই গাঁওতো (কলিযুগ) স্মৃতিতো আহিব নোৱাৰে, ইয়াততো অপাৰ দুখ। এই ৰাৱণৰাজ্য, পতিত সৃষ্টিত আজি সীমাহীন দুখ, কালিলৈ আকৌ সীমাহীন সুখ হ'ব। আমি যোগবলেৰে অপাৰ সুখৰ সৃষ্টি স্থাপনা কৰি আছোঁ। এয়া ৰাজযোগ নহয় জানো। পিতাই নিজেই কয় - মই তোমালোকক ৰজাও ৰজা কৰি তোলোঁ। গতিকে এনেকৈ গঢ়ি তোলোঁতা শিক্ষকক স্মৰণ কৰিব লাগে নহয়। শিক্ষক অবিহনে বেৰিষ্টাৰ, ইঞ্জিনীয়াৰ আদি হ'ব নোৱাৰে। কিন্তু এয়া হ’ল নতুন কথা। আত্মাই পৰমাত্মা পিতাৰ সৈতে যোগসূত্ৰ গঢ়িব লাগে, যাৰ পৰা বহুকাল পৃথক হৈ আছিল। বহুকাল কি? সেয়াও পিতাই নিজে বুজাই থাকে। মনুষ্যইতো লাখ লাখ বছৰ আয়ুস বুলি কৈ দিয়ে। পিতাই কয় - নহয়, এয়াতো প্ৰত্যেক 5 হাজাৰ বছৰ পাছত যিসকল পোন-প্ৰথমে বিছিন্ন হৈছিল তেওঁলোক আহি পিতাৰ লগত মিলিত হয়। তোমালোকেই পুৰুষাৰ্থ কৰিব লাগে। মৰমৰ সন্তানসকলক কোনো কষ্ট নিদিয়ে, কেৱল কয় যে নিজক আত্মা বুলি বুজা। জীৱ আত্মা নহয় জানো। আত্মা অবিনাশী, জীৱ বিনাশী। আত্মাই এটা শৰীৰ এৰি অন্য এটা লয়, আত্মা কেতিয়াও পুৰণা নহয়। আচৰিত নহয়নে। পঢ়াওঁতাজনো আচৰিত, পঢ়াও আচৰিত। কাৰো স্মৃতিত নাই, পাহৰি যায়। আগৰ জন্মত কি পঢ়িছিল, কাৰোবাৰ স্মৃতিত আছে জানো? তোমালোকে এইটো জন্মত পঢ়া, ফলাফল নতুন সৃষ্টিত পোৱা। এয়া কেৱল তোমালোক সন্তানসকলেহে গম পোৱা। এয়া স্মৃতিত থকা উচিত - এতিয়া এয়া পুৰুষোত্তম সংগমযুগ, আমি এতিয়া নতুন সৃষ্টিলৈ যাম। এইটো স্মৃতিত থাকিলেও পিতা তোমালোকৰ স্মৃতিত থাকিব। স্মৃতিত থকাৰ বাবে পিতাই অনেক উপায় দিয়ে। পিতাও হয়, শিক্ষকো হয়, সৎগুৰুও হয়। তিনিওটা ৰূপতে স্মৰণ কৰা। স্মৰণ কৰাৰ বাবে কিমান যুক্তি দি আছে। কিন্তু মায়াই পাহৰাই দিয়ে। পিতাই যি নতুন সৃষ্টি স্থাপনা কৰে, পিতাই কৈছে এয়া পুৰুষোত্তম সংগমযুগ, এয়া স্মৃতিত ৰাখা তথাপি কিয় স্মৃতিত ৰাখিব নোৱাৰা! স্মৃতিত ৰখাৰ যুক্তি শুনায়। আকৌ লগতে কয়ো যে মায়া বৰ শক্তিশালী। বাৰে বাৰে তোমালোকক পাহৰাই দিব আৰু দেহ-অভিমানী কৰি দিব সেয়েহে যিমান সম্ভৱ স্মৃতিত থাকা। উঠোঁতে-বহোঁতে, চলোঁতে-ফুৰোঁতে নিজক দেহী (আত্মা) বুলি বুজা। এয়া হ’ল পৰিশ্ৰম। জ্ঞানতো বহুত সহজ। সকলো সন্তানে কয় স্মৃতি স্থায়ী হৈ নাথাকে। তোমালোকে পিতাক স্মৰণ কৰা, মায়াই আকৌ নিজৰ ফালে টানি লয়। ইয়াৰ ওপৰতে এইখন খেল ৰচা হৈছে। তোমালোকেও বুজি পোৱা যে আমাৰ বুদ্ধিযোগ যি পিতা আৰু পঢ়া বিষয়টিৰ প্ৰতি থকা উচিত, সেয়া নাই, পাহৰি যাওঁ। কিন্তু তোমালোকে পাহৰি যোৱা অনুচিত। বাস্তৱত এই চিত্ৰবোৰৰো প্ৰয়োজন নাই। কিন্তু পঢ়োৱাৰ সময়ত কিবাতো সন্মুখত থাকিব লাগে। কিমান চিত্ৰ তৈয়াৰ কৰি থকা হয়। পাণ্ডৱ চৰকাৰৰ পৰিকল্পনা চোৱা কেনেকুৱা। সেই চৰকাৰৰো পৰিকল্পনা আছে। তোমালোকে বুজি পোৱা নতুন সৃষ্টিত কেৱল ভাৰতহে আছিল, বহুত সৰু আছিল। গোটেই ভাৰত বিশ্বৰ মালিক আছিল। সকলো নতুন হয়। সৃষ্টিতো এখনেই। ভাৱৰীয়াও সেয়াই, চক্ৰ ঘূৰি গৈ থাকে। তোমালোকে হিচাপ কৰিবা, ইমান ছেকেণ্ড, ইমান ঘণ্টা, দিন, বছৰ সম্পূৰ্ণ হ’ল পুনৰ চক্ৰ ঘূৰি থাকিব। আজি-কালি কৰোঁতে কৰোঁতে 5 হাজাৰ বছৰ পূৰা হৈ গ'ল। সকলো দৃশ্যপট, খেল-ধেমালি চলি গৈয়েই আছে। কিমান ডাঙৰ বেহদৰ বৃক্ষ। বৃক্ষৰ পাততো গণিব পৰা নাযায়। এয়া হৈছে বৃক্ষ। ইয়াৰ মূল হৈছে দেৱী-দেৱতা ধৰ্ম, আকৌ ইয়াৰ পৰা মুখ্য তিনিটা ডাল (ধৰ্ম) ওলায়। বাকী বৃক্ষৰ পাততো কিমান অনেক আছে। কাৰো শক্তি নাই যিয়ে হিচাপ কৰিব পাৰে। এই সময়ত সকলো ধৰ্মৰ বৃক্ষ বৃদ্ধি হৈ গৈছে। এয়া হৈছে বেহদৰ ডাঙৰ বৃক্ষ। এই সকলো ধৰ্ম পাছলৈ নাথাকিব। এতিয়া গোটেই বৃক্ষ থিয় হৈ আছে বাকী মূল নাই। বট বৃক্ষৰ উদাহৰণ একেবাৰে সঠিক। এয়া এডালে আচৰিত বৃক্ষ, পিতাই ড্ৰামাত বুজাবলৈ এই দৃষ্টান্তও ৰাখিছে। মূল নায়েই। সেয়েহে এয়া বুজিবলগীয়া কথা। পিতাই তোমালোকক কিমান বুদ্ধিমান কৰি তুলিছে। এতিয়া দেৱতা ধর্মৰ মূল নাই। বাকী কিছু চিহ্ন আছে - আটাত নিমখৰ সমান। এয়া প্ৰায় চিহ্নহে বাকী আছেগৈ। সেয়েহে সন্তানৰ বুদ্ধিত এই গোটেই জ্ঞান থকা উচিত। পিতাৰো বুদ্ধিত জ্ঞান আছে নহয়। তোমালোককো সকলো জ্ঞান দি নিজৰ সমান কৰি গঢ়ি আছে। পিতা বীজৰূপ আৰু এয়া ওলোটা বৃক্ষ। এইখন বৰ বিশাল বেহদৰ ড্ৰামা। এতিয়া তোমালোকৰ বুদ্ধি ওপৰলৈ গুচি গৈছে। তোমালোকে পিতাৰ আৰু ৰচনাক জানি গৈছা। যদিও শাস্ত্ৰত আছে ঋষি-মুনিয়ে কেনেকৈ জানিব। এজনেও যদি জানে তেতিয়া পৰম্পৰা চলিব। দৰকাৰেই নাই। যিহেতু সৎগতি হৈ যায়, মাজতে কোনেও উভতি যাব নোৱাৰে। নাটক পূৰা নোহোৱালৈকে সকলো ভাৱৰীয়া ইয়াতেই থাকিব লাগে, যেতিয়ালৈকে পিতা ইয়াত আছে, যেতিয়া তাত একেবাৰে খালী হৈ যাব তেতিয়া শিৱবাবাৰ বৰযাত্ৰী যাব। আগতেই গৈতো নবহে। সেয়েহে পিতাই বহি গোটেই জ্ঞান দিয়ে। এই বিশ্বৰ চক্ৰ কেনেকৈ পুনৰাবৃত্তি হয়। সত্যযুগ, ত্ৰেতা, দ্বাপৰ, কলিযুগ… তাৰপাছত সংগম। গায়ন আছে কিন্তু সংগমযুগ কেতিয়া হয়, এয়া কোনেও গম নাপায়।

তোমালোক সন্তানসকলে বুজি পাই গৈছা – 4টা যুগ। এয়া হৈছে অধিযুগ, ইয়াক বৰ সৰু (চুটি) যুগ বুলি কোৱা হয়। শ্ৰীকৃষ্ণকো সৰু (শিশু) ৰূপত দেখুৱায়। গতিকে এয়া হৈছে জ্ঞান। জ্ঞানক বিকৃত কৰি ভক্তিত কি কৰি দিছে। জ্ঞানৰ গোটেই সুঁতা আউল লাগি আছে। তেওঁলোকক বুজাওঁতাতো একমাত্ৰ পিতাই হয়। প্ৰাচীন ৰাজযোগ শিকাবৰ বাবে বিদেশলৈ যায়। সেয়াতো এয়াই নহয় জানো। প্ৰাচীন অৰ্থাৎ প্ৰথম। সহজ ৰাজযোগ শিকাবলৈ পিতা আহিছে। কিমান মনোযোগ দিয়ে। তোমালোকেও মনোযোগ দিয়া যে স্বৰ্গ স্থাপনা হৈ যাওঁক। আত্মাৰ স্মৃতিলৈ আহে নহয় জানো। পিতাই কয় এয়া যি জ্ঞান মই এতিয়া তোমালোকক দিওঁ আকৌ ময়েই আহি দিম। এই নতুন সৃষ্টিৰ কাৰণে নতুন জ্ঞান। এই জ্ঞান বুদ্ধিত থাকিলে বহুত আনন্দিত হৈ থাকিব। বাকী অলপ সময় আছে। এতিয়া যাব লাগে। এফালে আনন্দিত হয় আনফালে অনুভৱো হয়। হেৰ’, এনেহেন মৰমৰ বাবা আমি পুনৰ কল্পৰ পাছত দেখিবলৈ পাম। পিতাইহে সন্তানসকলক ইমান সুখ দিয়ে নহয় জানো। পিতা আহেয়েই শান্তিধাম-সুখধামলৈ লৈ যাবৰ কাৰণে। তোমালোকে শান্তিধাম-সুখধামক স্মৰণ কৰা তেতিয়া পিতাও স্মৃতিলৈ আহিব। এই দুখধামক পাহৰি যোৱা। বেহদৰ পিতাই বেহদৰ কথা শুনায়। পুৰণি সৃষ্টিৰ প্ৰতি তোমালোকৰ মমত্ব নোহোৱা হৈ যাব তেতিয়া আনন্দিতও হ’বা। বিনিময়ত তোমালোক পুনৰ সুখধামলৈ যোৱা। সতোপ্ৰধান হৈ গৈ থাকিবা। কল্পই কল্পই যি হৈছা সেয়াই হ’বা আৰু তেওঁলোকেই আনন্দিত হ’ব পাছত এই পুৰণা শৰীৰ ত্যাগ কৰিব। আকৌ নতুন শৰীৰ লৈ সতোপ্ৰধান সৃষ্টিলৈ আহিব। এই জ্ঞান শেষ হৈ যাব। কথাবোৰতো বহুত সহজ। ৰাতি শোৱাৰ সময়ত এনেকৈ স্মৰণ কৰা তেতিয়াও আনন্দিত হৈ থাকিবা। মই এয়া হৈ আছোঁ। গোটেই দিনটোত মই কোনো চয়তানীতো কৰা নাই? 5 বিকাৰৰ কোনোবাটোৱে মোক অশান্ততো কৰা নাই? লোভতো জগা নাই? নিজক পৰীক্ষা কৰিব লাগে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) যোগবলেৰে অপাৰ সুখৰ সৃষ্টি স্থাপনা কৰিব লাগে। এই দুখৰ পুৰণি সৃষ্টিক পাহৰি যাব লাগে। আনন্দিত হ’ব লাগে যে আমি সঁচা খণ্ডৰ মালিক হৈ আছোঁ।

(2) নিতৌ নিজৰ পৰীক্ষা কৰিব লাগে যে গোটেই দিনটোত কোনোবা বিকাৰে অশান্ততো কৰা নাই? কোনো চয়তানী কামতো নকাৰিলোঁ? লোভৰ বশীভূততো নহ’লোঁ?

বৰদান:
বৰদাতাৰ দ্বাৰা সৰ্বশ্ৰেষ্ঠ সম্পত্তিৰ বৰদান প্ৰাপ্ত কৰোঁতা সম্পত্তিৱান হোৱা

কাৰোবাৰ যদি কেৱল স্থূল সম্পত্তি আছে তথাপিও সদায় সন্তুষ্ট হৈ থাকিব নোৱাৰে। স্থূল সম্পত্তিৰ লগতে যদি সৰ্ব গুণৰ সম্পত্তি, সৰ্বশক্তিৰ সম্পত্তি আৰু জ্ঞানৰ শ্ৰেষ্ঠ সম্পত্তি নাথাকে তেন্তে সন্তুষ্টতা সদায় থাকিব নোৱাৰে। তোমালোক সকলোৰে লগততো এই সকলোবোৰ শ্ৰেষ্ঠ সম্পত্তি আছে। জগতৰ লোকে কেৱল স্থূল সম্পত্তি থকাসকলক সম্পত্তিৱান বুলি ভাবে কিন্তু বৰদাতা পিতাৰ দ্বাৰা তোমালোক সন্তানসকলৰ সৰ্বশ্ৰেষ্ঠ সম্পত্তিৱান হোৱাৰ বৰদান প্ৰাপ্ত হৈছে।

স্লোগান:
সঁচা সাধনাৰ দ্বাৰা “হায়! হায়!”ক “বাঃ! বাঃ”লৈ পৰিৱৰ্তন কৰা।


পুৰণা সংস্কাৰ পৰিৱৰ্তন কৰি সংস্কাৰ মিলনৰ ৰাস কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

এই দেহ ৰূপী বস্ত্ৰ কোনো সংস্কাৰৰ লগত যাতে ওলমি নাথাকে। যেতিয়া সকলো পুৰণা সংস্কাৰৰ পৰা উপৰাম হৈ যাবা তেতিয়া আকৌ অৱস্থাও উপৰাম হৈ যাব সেয়েহে সকলো কথাত সহজ হৈ থাকিবা। যেতিয়া নিজে সকলো কথাত সহজ হৈ থাকিবা তেতিয়া সকলো কাৰ্যও সহজ হ’ব আৰু পুৰুষাৰ্থও সহজ হ’ব।