26.01.25    Avyakt Bapdada     Assame Murli     15.12.2003     Om Shanti     Madhuban


“*“প্ৰত্যক্ষতাৰ বাবে সাধাৰণতাক অলৌকিকতালৈ পৰিৱৰ্তন কৰি দৰ্শনীয় মূৰ্ত হোৱা”*”


আজি বাপদাদাই নিজৰ চাৰিওফালৰ ব্ৰাহ্মণ সন্তানসকলৰ মস্তকৰ মধ্যত তিনিটা তৰা চিকমিকাই থকা দেখা পাইছে। কিমান শ্ৰেষ্ঠ ভাগ্য আৰু কিমান সহজে প্ৰাপ্ত হৈছে। এটা হ’ল অলৌকিক শ্ৰেষ্ঠ জন্মৰ ভাগ্য, দ্বিতীয়টো হ’ল শ্ৰেষ্ঠ সম্বন্ধৰ ভাগ্য, তৃতীয়টো হ’ল সৰ্ব প্ৰাপ্তিৰ ভাগ্য। ভাগ্যৰ চিকমিকাই থকা তিনিওটা তৰা দেখি বাপদাদাও হৰ্ষিত হৈ আছে। জন্মৰ ভাগ্য চোৱা - স্বয়ং ভাগ্য বিধাতা পিতাৰ দ্বাৰা তোমালোক সকলোৰে জন্ম। যিহেতু জন্ম দাতাই ভাগ্য বিধাতা, তেন্তে জন্ম কিমান অলৌকিক আৰু শ্ৰেষ্ঠ। তোমালোক সকলোৰে নিজৰ এই ভাগ্যৰ জন্মৰ নিচা আৰু আনন্দ আছে নহয়! লগতে সম্বন্ধৰ বিশেষত্ব চোৱা- গোটেই কল্পত এনেকুৱা সম্বন্ধ অন্য কোনো আত্মাৰে নাই। তোমালোক বিশেষ আত্মাসকলৰহে এজনৰ দ্বাৰা তিনিটা সম্বন্ধ প্ৰাপ্ত হয়। এজনেই পিতাও হয়, শিক্ষকো হয় আৰু সৎগুৰুও হয়। এনেকৈ এজনৰ দ্বাৰা তিনিটা সম্বন্ধ তোমালোক ব্ৰাহ্মণ আত্মাসকলৰ বাহিৰে আন কাৰো নাই। অনুভৱ আছে নহয়? পিতাৰ সম্বন্ধৰে উত্তৰাধিকাৰো দি আছে, প্ৰতিপালনো কৰি আছে। উত্তৰাধিকাৰো চোৱা কিমান উচ্চ আৰু অবিনাশী। জগতৰ লোকে কয় - আমাক প্ৰতিপালন কৰোঁতাজন ভগৱান কিন্তু তোমালোক সন্তানসকলে নিশ্চয়তা আৰু নিচাৰে কোৱা আমাক প্ৰতিপালন কৰোঁতাজন স্বয়ং ভগৱান। এনেকুৱা প্ৰতিপালন, পৰমাত্ম প্ৰতিপালন, পৰমাত্ম স্নেহ, পৰমাত্ম উত্তৰাধিকাৰ কোনোবাই প্ৰাপ্ত কৰিছে জানো! গতিকে এজনেই পিতাও হয়, প্ৰতিপালন কৰোঁতাও হয় আৰু শিক্ষকো হয়।

প্ৰত্যেক আত্মাৰ জীৱনত বিশেষ তিনিটা সম্বন্ধৰ আৱশ্যক কিন্তু তিনিওটা সম্বন্ধ বেলেগ বেলেগ হয়। তোমালোকৰ এজনৰ সৈতেই তিনিওটা সম্বন্ধ আছে। শিক্ষাও চোৱা - তিনিও কালৰ শিক্ষা। ত্ৰিকালদৰ্শী হোৱাৰ শিক্ষা। শিক্ষাক উপাৰ্জনৰ উৎস বুলি কোৱা হয়। শিক্ষাৰ দ্বাৰা পদ প্ৰাপ্তি হয়। গোটেই বিশ্বত চোৱা সকলোতকৈ উচ্চতকৈও উচ্চ পদ বুলি ৰাজ্য পদৰ গায়ন আছে। তেন্তে তোমালোকৰ এই পঢ়াৰ দ্বাৰা কি পদ প্ৰাপ্ত হয়? এতিয়াও ৰজা আৰু ভৱিষ্যতেও ৰজাৰ পদ। এতিয়া স্ব-ৰাজ্য, ৰাজযোগী স্বৰাজ্য অধিকাৰী হোৱা আৰু ভৱিষ্যতৰ ৰাজ্য-ভাগ্যতো অবিনাশী হয়েই। ইয়াতকৈ ডাঙৰ পদ আৰু একো নাথাকে। শিক্ষকৰ দ্বাৰা শিক্ষাও ত্ৰিকালদৰ্শীৰ আৰু পদো হৈছে দৈৱী ৰাজ্য পদ। এনেকুৱা শিক্ষকৰ সম্বন্ধ ব্ৰাহ্মণ জীৱনৰ বাহিৰে আন কাৰো নাই আৰু হ’বও নোৱাৰে। লগতে সৎগুৰুৰ সম্বন্ধ, সৎগুৰুৰ দ্বাৰা শ্ৰীমত, যি শ্ৰীমতৰ গায়ন আজিও ভক্তিমাৰ্গত হৈ আছে। তোমালোকে নিশ্চয়তাৰে কোৱা যে আমাৰ প্ৰতিটো খোজ কিহৰ আধাৰত চলে? শ্ৰীমতৰ আধাৰত প্ৰতিটো খোজ চলে। তেন্তে পৰীক্ষা কৰা - প্ৰতিটো খোজ শ্ৰীমতত চলেনে? ভাগ্যতো প্ৰাপ্ত হৈছে কিন্তু ভাগ্য প্ৰাপ্তি জীৱনত অনুভৱ হয়নে? প্ৰতিটো খোজ শ্ৰীমত অনুসৰি দিয়ানে নে কেতিয়াবা কেতিয়াবা নিজৰ মত বা পৰৰ মতো মিহলি হৈ যায়? ইয়াৰ চিনাক্তকৰণ হ’ল- যদি খোজ শ্ৰীমত অনুসৰি দিছা তেন্তে প্ৰতিটো খোজত পদমৰ উপাৰ্জন হোৱাৰ অনুভৱ হ’ব। খোজ যদি শ্ৰীমত অনুসৰি দিছা তেন্তে সফলতা সহজে পাবা। লগতে সৎগুৰুৰ দ্বাৰা বৰদানৰ খনিও প্ৰাপ্ত হৈছে। বৰদান প্ৰাপ্ত হৈছে তাৰ চিনাক্তকৰণ - য’ত বৰদান থাকিব ত’ত পৰিশ্ৰম নহ’ব। তেন্তে সৎগুৰুৰ সম্বন্ধত শ্ৰেষ্ঠ মত আৰু সদায় বৰদানৰ প্ৰাপ্তি আছে। আৰু সহজ মাৰ্গৰ বিশেষত্ব হৈছে - যিহেতু এজনৰ সৈতে তিনিটা সম্বন্ধ আছে তেন্তে এজনক স্মৰণ কৰা সহজ হয়। তিনিওজনক বেলেগ বেলেগ স্মৰণ কৰাৰ প্ৰয়োজন নাই সেয়েহে তোমালোক সকলোৱে কোৱা একমাত্ৰ বাবা দ্বিতীয় কোনো নাই। এয়া সহজ কিয়নো এজনৰ সৈতেই বিশেষ সম্বন্ধ হৈ যায়। তেন্তে ভাগ্যৰ তৰাতো চিকমিকাই আছে কিয়নো পিতাৰ দ্বাৰাতো সকলোৰে প্ৰাপ্তি হৈছেই।

তৃতীয় ভাগ্যৰ তৰা হৈছে - সৰ্ব প্ৰাপ্তি, গায়ন আছে ব্ৰাহ্মণৰ কোনো অপ্ৰাপ্ত সম্পদ নাই। নিজৰ সম্পদসমূহ স্মৃতিলৈ আনা। এনেকুৱা সম্পদ বা সৰ্ব প্ৰাপ্তি আন কাৰোবাৰ দ্বাৰা হ’ব পাৰে জানো! অন্তৰেৰে কলা মোৰ বাবা, সম্পদ হাজিৰ সেয়েহে ইমান শ্ৰেষ্ঠ ভাগ্য সদায় স্মৃতিত থাকক, এই ক্ষেত্ৰত ক্ৰমানুসৰি হোৱা। এতিয়া বাপদাদাই এইটোৱে বিচাৰে যে প্ৰতিগৰাকী সন্তান যিহেতু কোটিৰ মাজত কোনোবা, সেয়েহে সকলো সন্তান ক্ৰমানুসৰি নহয়, এক নম্বৰ হ’ব লাগে। গতিকে নিজক সোধা ক্ৰমানুসৰিত আছা নে এক নম্বৰৰ হোৱা? কি হোৱা? শিক্ষকসকল ক্ৰমানুসৰি নে এক নম্বৰ? পাণ্ডৱ এক নম্বৰ হোৱা নে ক্ৰমানুসৰি হোৱা? কি হোৱা? যিসকলে ভাবা যে আমি এক নম্বৰ আৰু সদায় হৈ থাকিম, এনেকুৱা নহয় আজি এক নম্বৰ আৰু কাইলৈ ক্ৰমানুসৰি হৈ যাবা, যিসকল ইমান নিশ্চয়বুদ্ধিৰ হোৱা যে আমি সদায় যেনেকৈ পিতা ব্ৰহ্মা এক নম্বৰ তেনেকৈ পিতাক অনুসৰণ কৰিম এক নম্বৰ হওঁ আৰু হৈ থাকিম তেওঁলোকে হাত দাঙা। হোৱানে? এনেয়ে হাত নাদাঙিবা, ভাবি-চিন্তি দাঙিবা। দীঘলকৈ দাঙা, আধা দাঙা মানে আধা হোৱা। হাততো বহুতে দাঙিছা, দেখিলা, দাদীয়ে দেখিলানে। এতিয়া এওঁলোকৰ পৰা (এক নম্বৰৰ সকলৰ পৰা) হিচাপ ল’বা। জনক (দাদী জানকী) হিচাপ ল’বা। ডবল বিদেশীসকলে হাত দাঙিলে। দাঙা, এক নম্বৰ হোৱানে? হাত দাঙিতো বাপদাদাক আনন্দিত কৰি দিলা। অভিনন্দন। বাৰু! হাত দাঙিলা ইয়াৰ অৰ্থ হৈছে যে তোমালোকৰ নিজৰ ভিতৰত সাহস আছে আৰু যদি সাহস আছে তেন্তে বাপদাদাও সহায়কাৰী হয়েই। কিন্তু এতিয়া বাপদাদাই কি বিচাৰে? এক নম্বৰ হোৱা, এয়াতো আনন্দৰ কথা। কিন্তু… ‘কিন্তু’ কি কওঁনে নে ‘কিন্তু’ নায়েই? বাপদাদাৰ ওচৰত কিন্তু আছে।

বাপদাদাই দেখিলে যে মনত সমাহিত হৈতো আছে কিন্তু মনলৈকেহে আছে চেহেৰা আৰু চলনত প্ৰকট হোৱা নাই। এতিয়া বাপদাদাই এক নম্বৰৰ অৱস্থা চাল-চলন আৰু চেহেৰাত চাব বিচাৰে। এতিয়া সময় অনুসৰি এক নম্বৰ বুলি কওঁতাসকলৰ চাল-চলনত দৰ্শনীয় মূৰ্ত দৃষ্টিগোচৰ হোৱা উচিত। তোমালোকৰ চেহেৰাই কওঁক যে এওঁ দৰ্শনীয় মূৰ্ত। তোমালোকৰ জড় চিত্ৰ অন্তিম জন্মলৈকেও, অন্তিম সময়লৈকেও দৰ্শনীয় মূৰ্ত অনুভৱ হয়। গতিকে চৈতন্য ৰূপতো যেনেকৈ পিতা ব্ৰহ্মাক দেখিলা, সাকাৰ স্বৰূপত, ফৰিস্তাতো পাছত হ’ল, কিন্তু সাকাৰ স্বৰূপত থাকোটোৱেও তোমালোক সকলোৱে কি দেখা পাইছিলা? সাধাৰণ দেখা গৈছিলনে? অন্তিম 84তম জন্ম, পুৰণা জন্ম, 60 বছৰ পাছৰ আয়ুস, তথাপিও আদিৰ পৰা অন্তলৈকে দৰ্শনীয় মূৰ্ত অনুভৱ কৰিলা। কৰিলা নহয়? সাকাৰ ৰূপত কৰিলা নহয়? তেনেকৈ যিসকলে এক নম্বৰত হাত উঠালে, টি.ভি.ত ওলালা নহয়? বাপদাদাই তেওঁলোকৰ ‘ফাইল’ চাব, বাপদাদাৰ ওচৰত ‘ফাইল’তো আছে নহয়। তেন্তে এতিয়াৰ পৰা তোমালোকৰ চলনৰ দ্বাৰা অনুভৱ হওঁক, কৰ্ম সাধাৰণ হওঁক, যিকোনো কামেই কৰা, ব্যৱসায় কৰা, চিকিৎসা কৰা, ওকালতি কৰা, যিয়েই কৰা কিন্তু যি স্থানত তোমালোক সম্বন্ধ-সম্পৰ্কত আহা তেওঁলোকে তোমালোকৰ চলনৰ দ্বাৰা অনুভৱ কৰেনে যে এওঁ অনন্য আৰু অলৌকিক? নে সাধাৰণ বুলি ভাবে যে এনেকুৱাতো লৌকিকৰ লোকো হয়? কামৰ বিশেষত্ব নহয় কিন্তু ব্যৱহাৰিক জীৱনৰ বিশেষত্ব। বহুত ভাল ব্যৱসায়, বহুত ভাল ওকালতি কৰে, বহুত ভাল নিদেৰ্শক... এয়াতো বহুত আছে। এখন কিতাপ প্ৰকাশ কৰে য’ত বিশেষ আত্মাসকলৰ নাম থাকে। কিমানৰ নাম প্ৰকাশ পায়, বহুত থাকে। এওঁ এইটো বিশেষত্বপূৰ্ণ কাম কৰিলে, এইটো এওঁ বিশেষত্বপূৰ্ণ কাম কৰিলে, নাম আহি গ’ল। গতিকে যিসকলে হাত দাঙিলে, দাঙিবতো সকলোৱে লাগে তথাপি যিসকলে দাঙিলে আৰু দাঙিবই লাগে। তেন্তে তোমালোকৰ ব্যৱহাৰিক চাল-চলনত যাতে পৰিৱৰ্তন দেখা পোৱা যায়। এতিয়া এইটো আৱাজ ওলোৱা নাই, লাগিলে কাৰখানতে হওঁক, য’তেই কাম কৰা, এটি এটি আত্মাই কওঁক যে এওঁ সাধাৰণ কৰ্ম কৰিও দৰ্শনীয় মূৰ্ত। এনেকুৱা হ’ব পাৰেনে, হ’ব পাৰেনে? আগৰসকলে কোৱা, হ’ব পাৰেনে? এতিয়া ফলাফলত কমকৈ শুনিবলৈ পোৱা যায়। সাধাৰণতা বেছিকৈ দেখা যায়। অৱশ্যে হয়, কেতিয়াবা যেতিয়া কিবা বিশেষ কাৰ্য কৰা, বিশেষ মনোযোগ দিয়া তেতিয়াতো ঠিকে দেখা যায় কিন্তু তোমালোকৰ পিতাৰ প্ৰতি স্নেহ আছে, পিতাৰ প্ৰতি স্নেহ আছেনে? কিমান শতাংশ? শিক্ষকসকলে হাত দাঙা। এয়াতো বহুত শিক্ষক আহি গৈছে। হ’ব পাৰেনে? নে কেতিয়াবা সাধাৰণ কেতিয়াবা বিশেষ? শব্দও যি উচ্চাৰিত হয়, যিকোনো কাৰ্য কৰোঁতে ভাষাও অলৌকিক হ’ব লাগে। সাধাৰণ ভাষা নহয়।

এতিয়া বাপদাদাৰ সকলো সন্তানৰ প্ৰতি এইটো শ্ৰেষ্ঠ আশা আছে তেতিয়া পিতাৰ প্ৰত্যক্ষতা হ’ব। তোমালোকৰ কৰ্ম, চলন, চেহেৰাই স্বতঃ সিদ্ধ কৰিব, ভাষণেৰে সিদ্ধ নহ’ব। ভাষণততো এপাত কাঁড় মাৰা। কিন্তু প্ৰত্যক্ষতা হ’ব, এওঁলোকক গঢ়োঁতাজন কোন! নিজে বিচাৰিব, নিজে সুধিব আপোনালোকক গঢ়ি তোলোঁতাজন কোন? ৰচনাই ৰচয়িতাক প্ৰত্যক্ষ কৰে।

তেন্তে এইটো বছৰ কি কৰিবা? দাদীয়েতো ক’লে - গাঁৱৰ সেৱা কৰিবা। সেয়া নিশ্চয় কৰিবা। কিন্তু বাপদাদাই এতিয়া এইটো পৰিৱৰ্তন চাব বিচাৰে। এবছৰত সম্ভৱ হ’বনে? এবছৰত? দ্বিতীয় বাৰ যেতিয়া ‘চিজন’ আৰম্ভ হ’ব তেতিয়া যাতে পাৰ্থক্য দেখা পোৱা যায়, সকলো সেৱাকেন্দ্ৰৰ পৰা আৱাজ আহক যে মহান পৰিৱৰ্তন, তাৰপাছত গীত গাব পৰিৱৰ্তন, পৰিৱৰ্তন...। সাধাৰণ বাণী এতিয়া তোমালোকৰ ভাগ্যৰ তুলনাত ভাল নালাগে। কাৰণ হ’ল ‘মই’ । এই ‘মই’, ‘মই’ বোধ, মই যি ভাবিলোঁ, মই যি ক’লোঁ, মই যি কৰোঁ... সেয়াই ঠিক। এই মই বোধৰ কাৰণে অভিমানো আহে, ক্ৰোধো আহে। দুয়োটাই নিজৰ কাম কৰি লয়। পিতাৰ প্ৰসাদ, ‘মই’ ক’ৰ পৰা আহিল। প্ৰসাদৰ ক্ষেত্ৰত কোনোবাই ‘মই’ বোধ আনিব পাৰে জানো? যদি বুদ্ধিও আছে, কিবা কলাও আছে, কিবা বিশেষত্বও আছে। বাপদাদাই বিশেষত্বক, বুদ্ধিক ধন্যবাদ জনায় কিন্তু ‘মই’ বোধ নানিবা। এই ‘মই’ বোধ সমাপ্ত কৰা। এয়া সূক্ষ্ম ‘মই’ বোধ। অলৌকিক জীৱনত এই ‘মই’ বোধে দৰ্শনীয়মূৰ্ত হ’বলৈ নিদিয়ে। তেন্তে দাদীসকলে কি ভাবা? পৰিৱৰ্তন হ’ব পাৰেনে? তিনিও পাণ্ডৱ (নিৰ্বেৰ ভাই, ৰমেশ ভাই, বৃজমোহন ভাই) কোৱা। বিশেষ হোৱা নহয় তিনিওগৰাকী। তিনিওগৰাকীয়ে কোৱা হ’ব পাৰেনে? হ’ব পাৰেনে? হ’ব পাৰেনে? বাৰু - এতিয়া ইয়াৰ কামাণ্ডাৰ হ’বা আৰু অন্য কথাত কামাণ্ডাৰ নহ’বা। পৰিৱৰ্তনৰ কামাণ্ডাৰ হ’বা। মধুবন নিবাসী হ’বানে? হ’বানে? মধুৱন নিবাসীয়ে হাত দাঙা। বাৰু হ’বানে? বোম্বাই (এতিয়া মুম্বাই) নিবাসীয়ে হাত দাঙা, যোগিনীও বহি আছে। (যোগিনী ভগ্নী পাৰ্লা) বোম্বাই নিবাসী হ’বানে? যদি হোৱা তেন্তে হাত লৰোৱা। বাৰু দিল্লী নিবাসীয়ে হাত দাঙা। দিল্লী নিবাসীয়ে কৰিবানে? শিক্ষকসকল কোৱা। চাবা। প্ৰতি মাহে বাপদাদাই খতিয়ান ল’ব। সাহস আছে নহয়? অভিনন্দন।

বাৰু, ইন্দোৰ নিবাসীয়ে হাত দাঙা। ইন্দোৰৰ শিক্ষকসকলে হাত দাঙা। তেন্তে শিক্ষকসকলে কৰিবানে? ইন্দোৰে কৰিবানে? হাত লৰোৱা। সকলোৱে হাত লৰোৱা নাই। কৰিবানে, কৰাবানে? দাদীসকল চাবা। টি.ভি.ত চাই আছে। গুজৰাটে হাত দাঙা। গুজৰাটে কৰিবানে? হাত লৰোৱাতো সহজ। এতিয়া মনক লৰাবা। কিয়, ইমান দুখ দেখি তোমালোকৰ দয়া নাজাগেনে? এতিয়া পৰিৱৰ্তন হওঁক তেন্তে ভাল কথা হয় নহয়? গতিকে এতিয়া প্ৰত্যক্ষতাৰ পৰিকল্পনা হ’ল - ব্যৱহাৰিক জীৱন। বাকী অনুষ্ঠান পাতা, এয়াতো ব্যস্ত কৰি ৰাখিবৰ বাবে বহুত ভাল কিন্তু প্ৰত্যক্ষতা তোমালোকৰ চাল-চলন আৰু চেহেৰাৰে হ’ব। আৰু কোনোবা মণ্ডল থাকি গ’ল নেকি? উত্তৰপ্ৰদেশৰসকলে হাত দাঙা। উত্তৰপ্ৰদেশৰ অলপ আছে। বাৰু উত্তৰপ্ৰদেশে কৰিবানে? মহাৰাষ্ট্ৰৰসকলে হাত দাঙা। দীঘলকৈ দাঙা। বাৰু। মহাৰাষ্ট্ৰই কৰিবানে? অভিনন্দন। ৰাজস্থানে হাত দাঙা। শিক্ষকসকলে হাত লৰোৱা। কৰ্ণাটকে হাত দাঙা। বাৰু- কৰ্ণাটকে কৰিবানে? অন্ধ্ৰপ্ৰদেশে হাত দাঙা। বাৰু এয়া বাৰ্তালাপ কৰিলোঁ। ডবল বিদেশীয়ে হাত দাঙা। জয়ন্তী ক’ত আছে? ডবল বিদেশীয়ে কৰিবানে? এতিয়া চোৱা সভাৰ মাজত কৈছা। সকলোৱে বৰ ভাল সাহস দেখুৱাইছে, ইয়াৰ বাবে পদমগুণ অভিনন্দন। বাহিৰতো শুনি আছে, নিজৰ দেশতো শুনি আছে, তেওঁলোকেও হাত দাঙি আছে।

এনেয়েও চোৱা যিসকল শ্ৰেষ্ঠ আত্মা তেওঁলোকৰ প্ৰতিষাৰ বচনক সত্য বচন বুলি কোৱা হয়। এনেকৈ কয় নহয় যে সত্য বচন মহাৰজা। তেন্তে তোমালোকতো মহা মহাৰজা হোৱা। তোমালোক সকলোৰে প্ৰতিষাৰ বচন যিয়েই শুনে তেওঁলোকে অন্তৰত অনুভৱ কৰক যে এয়া সত্য বচন। মনত বহুত কিছু তোমালোকৰ সোমাই আছে, বাপদাদাৰ ওচৰত মনক চোৱাৰ টি.ভি. আছে। ইয়াত এই টি.ভি.য়েতো বাহিৰৰ চেহেৰা দেখুৱায়। কিন্তু বাপদাদাৰ ওচৰত প্ৰত্যেকৰে সকলো সময়ৰ মনৰ গতিৰ যন্ত্ৰ আছে। গতিকে মনত বহুত কিছু দেখা যায়, যেতিয়া মনৰ টি.ভি. চায় তেতিয়া আনন্দিত হৈ যায়, বহুত সম্পদ আছে, বহুত শক্তি আছে। কিন্তু কৰ্মত যথা শক্তি হৈ যায়। এতিয়া কৰ্মলৈকে আনা, বাণীলৈকে আনা, চেহেৰালৈকে আনা, চলনত আনা। তেতিয়া সকলোৱে ক’ব, তোমালোকৰ এটি গীত আছে নহয়, শক্তিসকল আহি গ’ল....। সকলো শিৱৰ শক্তি। পাণ্ডৱসকলো শক্তি। আকৌ শক্তিয়ে শিৱ পিতাক প্ৰত্যক্ষ কৰিব। এতিয়া সৰু খেল-ধেমালি বন্ধ কৰা। এতিয়া বানপ্ৰস্থ স্থিতি জাগ্ৰত কৰা। বাপদাদাই সকলো সন্তানক, এই সময়ত বাপদাদাৰ আশাসমূহ পূৰ্ণ কৰোঁতা আশাৰ তৰাবোৰ চাই আছে। যি পৰিস্থিতিয়েই নাহক এইটো শ্লোগান স্মৃতিত ৰাখিবা - “পৰিৱৰ্তন, পৰিৱৰ্তন, পৰিৱৰ্তন।”

গতিকে আজিৰ বাপদাদাৰ বাণীৰ এটা শব্দ পাহৰি নাযাবা, সেইটো কি? পৰিৱৰ্তন। মই পৰিৱৰ্তন হ’ব লাগে। আনক পৰিৱৰ্তন কৰি পৰিৱৰ্তন হ’ব নালাগে, মই পৰিৱৰ্তন হৈ আনক পৰিৱৰ্তন কৰিব লাগে। অন্য পৰিৱৰ্তন হওঁক তেতিয়া মই পৰিৱৰ্তন হ’ম, এনেকুৱা নহয়। মই নিমিত্ত হ’ব লাগে। মই ‘হে অৰ্জুন’ হ’ব লাগে তেতিয়া পিতা ব্ৰহ্মাৰ সমান এক নম্বৰ হ’বা। (পিছৰসকলে হাত দাঙা) পিছৰসকলক বাপদাদাই প্ৰথম নম্বৰৰ স্নেহপূৰ্ণ স্মৰণ কৰি আছে। বাৰু।

চাৰিওফালৰ বহুত বহুত বহুত ভাগ্যৱান আত্মাসকলক, গোটেই বিশ্বৰ ভিতৰত কোটিৰ মাজত কোনোবা, কোনোবাৰ ভিতৰতো কোনোবা বিশেষ আত্মাসকলক, সদায় নিজৰ চলন আৰু চেহেৰাৰ দ্বাৰা বাপদাদাক প্ৰত্যক্ষ কৰোঁতা বিশেষ সন্তানসকলক, সদায় সহযোগ আৰু স্নেহৰ বন্ধনত থাকোঁতা শ্ৰেষ্ঠ আত্মাসকলক, সদায় পিতা ব্ৰহ্মাৰ সমান প্ৰতিটো কৰ্মত অলৌকিক কৰ্ম কৰোঁতা অলৌকিক আত্মাসকলক, বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ।

প্ৰভাগসমূহৰ সেৱাৰ প্ৰতি বাপদাদাৰ প্ৰেৰণা:- প্ৰভাগসমূহৰ সেৱাত ভাল ফলাফল দেখা যায় কিয়নো প্ৰতিটো প্ৰভাগে পৰিশ্ৰম কৰে, সম্পৰ্ক বৃদ্ধি কৰি যায়। কিন্তু বাপদাদাই বিচাৰে যেনেকৈ চিকিৎসা প্ৰভাগে ‘মেডিটেশ্বন’ৰ দ্বাৰা হৃদয়ৰ প্ৰেক্টিকেল কৰি দেখুৱাইছে। প্ৰমাণ দিছে যে ‘মেডিটেশ্বন’ৰ দ্বাৰা হৃদয়ৰ সমস্যা ঠিক হ’ব পাৰে। আৰু প্ৰমাণ দিছে, প্ৰমাণ দিছে নহয়! তোমালোক সকলোৱে শুনিছা নহয়। এনেকৈ জগতৰ লোকে প্ৰত্যক্ষ প্ৰমাণ বিচাৰে। তেনেকৈ যিয়েই প্ৰভাগ আহিছে, কাৰ্যসূচীতো হাতত ল’বই লাগে, লোৱাও কিন্তু এনেকুৱা কিবা পৰিকল্পনা কৰা, যাৰ দ্বাৰা প্ৰেক্টিকেল ফলাফল সকলোৰে সন্মুখত আহে। সকলো প্ৰভাগৰ বাবে বাপদাদাই কৈ আছে। এয়া চৰকাৰৰ ওচৰলৈও গৈ পাইছে নহয়! আৰু ইফালে সিফালে আৱাজতো বিয়পিছে যে ‘মেডিটেশ্বন’ৰ দ্বাৰাও হ’ব পাৰে। এতিয়া ইয়াক আৰু বৃদ্ধি কৰিব লাগে।

এতিয়া প্ৰেক্টিকেল প্ৰমাণ দিয়া যাতে এইটো কথা বিয়পি যায় যে ‘মেডিটেশ্বন’ৰ দ্বাৰা সকলো হ’ব পাৰে। সকলোৰে মনোযোগ ‘মেডিটেশ্বন’ৰ ফালে যাওঁক, আধ্যাত্মিকতাৰ ফালে যাওঁক। বুজিলা। ভাল বাৰু।

বৰদান:
শান্তিৰ শক্তিৰে বিশ্বত প্ৰত্যক্ষতাৰ নাগাৰা বজাওঁতা শান্ত স্বৰূপ হোৱা

গায়ন আছে “বিজ্ঞানৰ ওপৰত শান্তিৰ জয়,” বাণীৰ নহয়। সময় আৰু সম্পূৰ্ণতা যিমানে সমীপত আহি গৈ থাকিব সিমানে স্বতঃ অধিক বাণীত অহাৰ প্ৰতি বৈৰাগ্য জন্মি গৈ থাকিব। যেনেকৈ এতিয়া বিচাৰিলে অভ্যাসে বাণীত লৈ আহে তেনেকৈ বিচাৰিলে বাণীৰ পৰা উৰ্দ্ধত হৈ যাবা। কাৰ্যসূচী থিৰাং কৰিহে বাণীত আহিবা। যেতিয়া এইটো পৰিৱৰ্তন দেখা যাব তেতিয়া বুজিবা এতিয়া বিজয়ৰ নাগাৰা বাজিব। ইয়াৰ বাবে যিমান সময় পোৱা শান্ত স্বৰূপ স্থিতিত থকাত অভ্যস্ত হোৱা।

স্লোগান:
বিন্দু পিতাৰ লগত থকাজনেই মূখ্য ভূমিকা পালন কৰোঁতা।

শক্তিশালী মনেৰে শক্তিৰ প্ৰকম্পন দিয়াৰ সেৱা কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

বৰ্তমান সময়ত বিশ্ব কল্যাণ কৰাৰ সহজ সাধন হৈছে নিজৰ শ্ৰেষ্ঠ সংকল্পৰ একাগ্ৰতাৰ দ্বাৰা, সৰ্ব আত্মাৰ দিগভ্ৰান্ত হোৱা বুদ্ধি একাগ্ৰ কৰা। গোটেই বিশ্বৰ সকলো আত্মাই এইটোৱে আশা কৰে যে দিগভ্ৰান্ত হোৱা বুদ্ধি একাগ্ৰ হৈ যাওঁক বা মন চঞ্চলতাৰ পৰা একাগ্ৰ হৈ যাওঁক। বিশ্বৰ এইটো আৱশ্যকতা বা ইচ্ছা তেতিয়াহে পূৰ্ণ কৰিব পাৰিবা যেতিয়া একাগ্ৰ হৈ মনেৰে শক্তিসমূহ দান দিবা।