26.01.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোকে আধাকল্প যাৰ ভক্তি কৰিলা, স্বয়ং সেইজন পিতাই তোমালোকক পঢ়াই আছে, এই পঢ়াৰ
দ্বাৰাহে তোমালোক দেৱী-দেৱতা হোৱা”
প্ৰশ্ন:
যোগবলৰ
‘লিফ্ট’ৰ (উত্তোলকৰ) চমৎকাৰ কি?
উত্তৰ:
তোমালোক সন্তানসকলে যোগবলৰ ‘লিফ্ট’ৰ দ্বাৰা ছেকেণ্ডত ওপৰলৈ উঠি যোৱা অৰ্থাৎ
ছেকেণ্ডত তোমালোকে জীৱনমুক্তিৰ উত্তৰাধিকাৰ পাই যোৱা। তোমালোকে জানা যে ছিৰি নামিবলৈ
5 হাজাৰ বছৰ লাগিল আৰু আৰোহণ কৰো ছেকেণ্ডত, এয়াই হৈছে যোগবলৰ চমৎকাৰ। পিতাৰ স্মৃতিৰে
সকলো পাপ খণ্ডন হৈ যায়। আত্মা সতোপ্ৰধান হৈ যায়।
ওঁম্শান্তি।
আত্মিক পিতাই
আত্মিক সন্তানসকলক বহি বুজায়। আত্মিক পিতাৰ মহিমাতো সন্তানসকলক শুনাইছে। তেওঁ
জ্ঞানৰ সাগৰ, সত্য-চৈতন্য-আনন্দ স্বৰূপ। শান্তিৰ সাগৰ। তেওঁক সকলো বেহদৰ মহিমা দিয়া
হয়। এতিয়া পিতা হৈছে জ্ঞানৰ সাগৰ। আৰু এই সময়ত যিয়েই মনুষ্য আছে সকলোৱে জানে যে আমি
হৈছোঁ ভক্তিৰ সাগৰ। ভক্তিত যি আটাইতকৈ তীক্ষ্ণ তেওঁ মান পায়। এই সময়ত কলিযুগত হৈছে
ভক্তি, দুখ। সত্যযুগত হৈছে জ্ঞানৰ সুখ। এনেকুৱা নহয় যে তাত জ্ঞান আছে। গতিকে এই
মহিমা কেৱল এজন পিতাৰেই আৰু সন্তানসকলৰ মহিমাও আছে কিয়নো পিতাই সন্তানসকলক পঢ়ায় অথবা
যাত্ৰা শিকায়। পিতাই বুজাইছে দুই প্ৰকাৰৰ যাত্ৰা আছে। ভক্তসকল তীৰ্থলৈ যায়,
চাৰিওফালে পৰিক্ৰমা লগায়। গতিকে যিমান সময় চাৰিওফালে পৰিক্ৰমা লগায়, সিমান সময়
বিকাৰগ্ৰস্ত নহয়। মদ আদি ছিঃ ছিঃ কোনো বস্তু খোৱা-বোৱা নকৰে। কেতিয়াবা বদ্ৰীনাথ,
কেতিয়াবা কাশীত পৰিক্ৰমা লগায়। ভগৱানৰ ভক্তি কৰে। এতিয়া ভগৱানতো এজন হ’ব লাগে নহয়।
চাৰিওফালেতো পৰিক্ৰমা লগাব নালাগে! শিৱবাবাৰ তীৰ্থৰো পৰিক্ৰমা লগায়। সকলোতকৈ ডাঙৰ
বাৰানসীৰ তীৰ্থৰ গায়ন কৰা হৈছে, যাক শিৱৰ পুৰী বুলি কয়। চাৰিওফালে যায় কিন্তু যাৰ
দৰ্শন কৰিবলৈ যায় অথবা যাৰ ভক্তি কৰে, তেওঁৰ জীৱন বৃত্তান্ত, বৃত্তিৰ বিষয়ে কোনেও
গম নাপায় সেইবাবে তাক কোৱা হয় অন্ধশ্ৰদ্ধা। কৰোবাৰ পূজা কৰা, শিৰ নত কৰা আৰু তেওঁৰ
জীৱন কাহিনীৰ বিষয়ে নজনা, তাক কোৱা হয় অন্ধবিশ্বাস। ঘৰতো মানে, দেৱীসকলৰ কিমান পূজা
কৰে, মাটিৰ অথবা পাথৰৰ দেৱী সাজি তেওঁলোকক বহুত সজায়। ধৰি লোৱা লক্ষ্মীৰ চিত্ৰ
তৈয়াৰ কৰে, তেওঁক সোধা এওঁৰ জীৱন বৃত্তান্তৰ বিষয়ে কোৱা তেতিয়া ক’ব সত্যযুগৰ মহাৰাণী
আছিল। ত্ৰেতাত আকৌ সীতা আছিল। বাকী এওঁলোকে কিমান সময় ৰাজত্ব কৰিলে,
লক্ষ্মী-নাৰায়ণৰ ৰাজত্ব কেতিয়াৰ পৰা কেতিয়ালৈ চলিল, এয়া কোনেও নাজানে। মনুষ্যই
ভক্তিমাৰ্গত যাত্ৰাত যায়, এই সকলোবোৰ হৈছে ভগৱানক লগ পোৱাৰ উপায়। শাস্ত্ৰ পঢ়া এইটোও
হৈছে ভগৱানক লগ পোৱাৰ উপায়। কিন্তু ভগৱান আছে ক’ত? ক’ব তেওঁতো সৰ্বব্যাপি হয়।
এতিয়া তোমালোকে জানা
পঢ়াৰ দ্বাৰা আমি এয়া (দেৱী-দেৱতা) হওঁ। পিতাই নিজেই আহি পঢ়ায়, যাক লগ পাবৰ বাবে
আধাকল্প ভক্তিমাৰ্গ চলে। কয় বাবা পাৱন কৰি তোলক আৰু নিজৰ পৰিচয়ো দিয়া যে আপুনি কোন?
বাবাই বুজাইছে যে তোমালোক আত্মা বিন্দু, আত্মাইহে ইয়াত শৰীৰ পাইছে, সেইবাবে ইয়াত
কৰ্ম কৰে। দেৱতাসকলৰ বাবে ক’ব যে এওঁলোকে সত্যযুগত ৰাজত্ব কৰি গৈছে। খ্ৰীষ্টান
লোকসকলেতো ভাবে যথাযথ ঈশ্বৰ পিতাই স্বৰ্গ কৰিলে। আমি তাত নাছিলোঁ। ভাৰতত স্বৰ্গ
আছিল, তেওঁলোকৰ বুদ্ধি তথাপিও ভাল। ভাৰতবাসী সতোপ্ৰধানো হয় আৰু তমোপ্ৰধানো হয়।
তেওঁলোকে (খ্ৰীষ্টানসকলে) ইমান সুখ দেখা নাপায় গতিকে দুখো ইমান দেখা নাপায়। এতিয়া
অন্তিমত খ্ৰীষ্টানলোকসকল কিমান সুখী। প্ৰথমতেতো তেওঁলোক গৰিব আছিল। পইচাতো পৰিশ্ৰম
কৰি উপাৰ্জন কৰা হয় নহয়। প্ৰথমে যীশুখীষ্ট আহিল, তাৰপাছত তেওঁৰ ধৰ্ম প্ৰতিষ্ঠা হয়,
বৃদ্ধি হৈ গৈ থাকে। একৰ পৰা দুই, দুইৰ পৰা চাৰি…… তাৰপাছত এনেকৈ বৃদ্ধি হৈ গৈ থাকে।
এতিয়া চোৱা খ্ৰীষ্টিয়ানৰ বৃক্ষ কিমান বাঢ়ি গ’ল। আধাৰ হৈছে - দেৱী-দেৱতা বংশ। সেইটো
আকৌ ইয়াত এই সময়ত প্ৰতিষ্ঠা হয়। প্ৰথমে এক ব্ৰহ্মা তাৰপাছত ব্ৰাহ্মণৰ তোলনীয়া
সন্তান বৃদ্ধি পায়। পিতাই পঢ়ায় গতিকে বহুত ব্ৰাহ্মণ হৈ যায়। প্ৰথমেতো এই এজন আছিল।
এজনৰ পৰা কিমান বৃদ্ধি হৈছে। কিমান হ’বলগীয়া আছে। যিমান সূৰ্যবংশী, চন্দ্ৰবংশী দেৱতা
আছিল, সেই সকলো হ’বলগীয়া আছে। প্ৰথমতে হৈছে এজন পিতা, তেওঁৰ আত্মাতো আছেই। পিতাৰ আমি
আত্মা সন্তান কিমান আছোঁ? আমাৰ সকলো আত্মাৰ এজনেই অনাদি পিতা। আকৌ সৃষ্টিৰ চক্ৰ ঘূৰি
থাকে। সকলো মনুষ্যতো সদায় নাথাকে নহয়। আত্মাসকলে ভিন্ন ভিন্ন ভূমিকা পালন কৰিব লাগে।
এই বৃক্ষৰ প্ৰথম প্ৰথম কাণ্ড হৈছে দেৱী-দেৱতাসকলৰ, আকৌ তাৰ পৰা ঠাল-ঠেঙুলি ওলাইছে।
গতিকে পিতাই বহি সন্তানসকলক বুজায় – সন্তানসকল, মই আহি কি কৰোঁ? আত্মাতেই ধাৰণা হয়।
পিতাই বহি শুনায় - মই কেনেকৈ আহিলোঁ? তোমালোক সকলো সন্তান যেতিয়া পতিত হোৱা তেতিয়া
স্মৰণ কৰা। সত্যযুগ-ত্ৰেতাততো তোমালোক সুখী আছিলা সেয়েহে স্মৰণ কৰা নাছিলা। দ্বাপৰৰ
পাছত যেতিয়া দুখ বেছি হ’ল তেতিয়া আহ্বান জনালা - হে পৰমপিতা পৰমাত্মা বাবা। হয়
সন্তানসকল, শুনিলোঁ। কি বিচৰা? বাবা আপুনি আহি পতিতসকলক পাৱন কৰি তোলক। বাবা আমি
বহুত দুখী, পতিত। আমাক আহি পাৱন কৰি তোলক। কৃপা কৰক, আশীৰ্বাদ কৰক। তোমালোকে মোক
আহ্বান জনাইছা - বাবা, আহি পতিতসকলক পাৱন কৰি তোলক। পাৱন সত্যযুগক কোৱা হয়। এয়াও
পিতাই নিজে বহি শুনায়। ড্ৰামাৰ পৰিকল্পনা অনুসৰি যেতিয়া সংগমযুগ হয়, সৃষ্টি পুৰণি
হয় তেতিয়া মই আহোঁ।
তোমালোকে বুজি পোৱা
সন্ন্যাসীও দুই প্ৰকাৰৰ। তেওঁলোক হ’ল হঠযোগী, তেওঁলোকক ৰাজযোগী বুলি কোৱা নহয়।
তেওঁলোকৰ হৈছে হদৰ (সীমিত) সন্ন্যাস। ঘৰ-সংসাৰ এৰি জংঘলত থাকেগৈ। গুৰুসকলৰ অনুগামী
হৈ যায়। গোপীচন্দ ৰজাৰ কাৰণেও এটা কাহিনী শুনায়। তেওঁ ক’লে তোমালোকে ঘৰ-সংসাৰ কিয়
এৰা? ক’লৈ যোৱা? শাস্ত্ৰত বহুত কাহিনী আছে। এতিয়া তোমালোক ব্ৰহ্মাকুমাৰ-কুমাৰীসকলে
ৰজাসকলকো গৈ জ্ঞান আৰু যোগ শিকোৱা। এখন অষ্টাবক্ৰ গীতাও আছে, য’ত দেখুৱায় - ৰজাৰ
বৈৰাগ্য জন্মিল, ক’লে কোনোবাই মোক পৰমাত্মাৰ সৈতে সাক্ষাৎ কৰাই দিয়া। ঢোল পিটি
শুনাই দিলে। সেয়া এয়াই সময়। তোমালোকে গৈ পিতাৰ সৈতে সাক্ষাৎ কৰাবলৈ ৰজাসকলক জ্ঞান
দিয়া নহয়। যেনেকৈ তোমালোকে সাক্ষাৎ পালা গতিকে আনকো সাক্ষাৎ কৰাই দিবলৈ চেষ্টা কৰা।
তোমালোকে কোৱা - আমি আপোনালোকক স্বৰ্গৰ মালিক কৰি তুলিম, মুক্তি-জীৱনমুক্তি দিম।
তাৰপাছত তেওঁলোকক কোৱা শিৱবাবাক স্মৰণ কৰক, আন কাকোৱেই নহয়। তোমালোকৰ ওচৰতো
আৰম্ভণিত বহি বহি ইজনে সিজনক দেখি ধ্যানত গুচি গৈছিল নহয়। বহুত আচৰিত লাগিছিল। পিতা
আছিল নহয় এওঁৰ শৰীৰত, সেইবাবে চমৎকাৰ দেখুৱাইছিল। সকলোৰে ৰচি টানি লৈছিল। বাপদাদা
একত্ৰিত হৈ গ’ল নহয়। কবৰস্থান সাজিছিল। সকলো পিতাৰ স্মৃতিত শুই যোৱা। সকলো ধ্যানত
গুচি গৈছিল। এই সকলোবোৰ শিৱবাবাৰ চতুৰালি আছিল। ইয়াকে আকৌ বহুতে যাদু বুলি ভাবিবলৈ
ধৰিলে। এয়া আছিল শিৱবাবাৰ খেল। পিতা যাদুকৰ, সদাগৰ, ৰত্নাকৰ হয় নহয়। ধোবাও হয়,
সোণাৰীও হয়, উকিলো হয়। সকলোকে ৰাৱণৰ কাৰাগাৰৰ পৰা মুক্ত কৰে। তেওঁকেই সকলোৱে আহ্বান
জনায় - হে পতিত-পাৱন, হে দূৰণিৰ দেশৰ নিবাসী… আমাক আহি পাৱন কৰি তোলক। আহকো পতিত
সৃষ্টিত, পতিত শৰীৰত আহি আমাক পাৱন কৰি তোলক। এতিয়া তোমালোকে তাৰো অৰ্থ বুজি পোৱা।
পিতা আহি কয় - তোমালোক সন্তানসকলে ৰাৱণৰ দেশলৈ মোক আহ্বান জনাইছা, মইতো পৰমধামত বহি
আছিলোঁ। স্বৰ্গ স্থাপন কৰিবৰ কাৰণে মোক নৰক ৰাৱণৰ দেশলৈ আহ্বান জনালা যে এতিয়া
সুখধামলৈ লৈ বলক। এতিয়া তোমালোক সন্তানসকলক লৈ যাওঁ নহয়। গতিকে এয়া হৈছে ড্ৰামা। মই
তোমালোকক যি ৰাজ্য দিছিলোঁ সেয়া পূৰা হ’ল আকৌ দ্বাপৰৰ পৰা ৰাৱণৰাজ্য চলে। 5 বিকাৰত
অৱনমিত হ’ল, জগন্নাথ পুৰীত তাৰ আকৌ চিত্ৰও আছে। প্ৰথম নম্বৰত যি আছিল তেৱেঁই পুনৰ
84 জন্ম লৈ এতিয়া অন্তিমত আছে পুনৰ তেৱেঁই প্ৰথম নম্বৰত যাব লাগে। এই ব্ৰহ্মা বহি
আছে, বিষ্ণুও বহি আছে। এওঁলোকৰ পৰস্পৰ কি সম্পৰ্ক? জগতত কোনেও নাজানে।
ব্ৰহ্মা-সৰস্বতীও আচলতে সত্যযুগৰ মালিক লক্ষ্মী-নাৰায়ণ আছিল। এতিয়া নৰকৰ মালিক।
এতিয়া এওঁলোকে তপস্যা কৰি আছে – এই লক্ষ্মী-নাৰায়ণ হ’বৰ বাবে। দেলৱাড়া মন্দিৰত পূৰা
স্মাৰক আছে। পিতাও ইয়ালৈকে আহিছে সেইকাৰণে এতিয়া লিখেও - আবু হৈছে সকলো তীৰ্থৰ
ভিতৰত, সকলো ধৰ্মৰ তীৰ্থৰ ভিতৰত মুখ্য তীৰ্থ কিয়নো ইয়াতেই পিতা আহি সকলো ধৰ্মৰ সৎগতি
কৰে। তোমালোক শান্তিধাম হৈ পুনৰ স্বৰ্গলৈ যোৱা। বাকী সকলো শান্তিধামলৈ গুচি যায়।
সেয়া হৈছে জড় স্মাৰক, এয়া হৈছে চৈতন্য। যেতিয়া তোমালোক চৈতন্য ৰূপত সেয়া হৈ যাবা
তেতিয়া আকৌ এই মন্দিৰ আদি সকলো নাশ হৈ যাব। পুনৰ ভক্তিমাৰ্গত এই স্মাৰক নিৰ্মাণ
কৰিব। এতিয়া তোমালোকে স্বৰ্গ স্থাপন কৰি আছা। মনুষ্যই ভাবে - স্বৰ্গ ওপৰত আছে। এতিয়া
তোমালোকে বুজি পোৱা যে এই ভাৰতেই স্বৰ্গ আছিল, এতিয়া নৰক। এই চক্ৰ দেখিলেই গোটেই
জ্ঞান উদয় হৈ যায়। দ্বাপৰৰ পৰা অন্য অন্য ধৰ্মবোৰ আহে গতিকে এতিয়া চোৱা কিমান ধৰ্ম
আছে। এয়া হৈছে লৌহযুগ। এতিয়া তোমালোক সংগমত আছা। সত্যযুগত যাবৰ কাৰণে পুৰুষাৰ্থ কৰা।
কলিযুগত হৈছে সকলো পাথৰ বুদ্ধিৰ। সত্যযুগত হৈছে পাৰস বুদ্ধিৰ। তোমালোকেই
পাৰসবুদ্ধিৰ আছিলা, তোমালোকেই আকৌ পাথৰ বুদ্ধিৰ হৈছা, পুনৰ পাৰস বুদ্ধিৰ হ’ব লাগে।
এতিয়া পিতাই কয় - তোমালোকে মোক আহ্বান জনাইছা সেয়েহে মই আহিছোঁ আৰু তোমালোকক কওঁ –
কাম বিকাৰক জয় কৰা তেতিয়া জগতজিৎ হ’বাগৈ। এইটো হৈছে মুখ্য বিকাৰ। সত্যযুগত হৈছে সকলো
নিৰ্বিকাৰী। কলিযুগত হৈছে বিকাৰী।
পিতাই কয়, এতিয়া
নিৰ্বিকাৰী হোৱা। 63 জন্ম বিকাৰগ্ৰস্ত হ’লা। এতিয়া এই অন্তিম জন্ম পৱিত্ৰ হোৱা।
এতিয়া সকলো মৰিবও লাগে। মই স্বৰ্গ স্থাপন কৰিবলৈ আহিছোঁ গতিকে এতিয়া মোৰ শ্ৰীমতত চলা।
মই যি কওঁ সেয়া শুনা। এতিয়া তোমালোকে পাথৰবুদ্ধিক পাৰসবুদ্ধি কৰি তোলাৰ পুৰুষাৰ্থ
কৰি আছা। তোমালোকেই পূৰা ছিৰি নামি আহা আকৌ আৰোহণ কৰা। তোমালোক যেন জিনৰ দৰে। জিনৰ
কাহিনী আছে নহয় - সি কলে কাম দিয়া তেতিয়া ৰজাই ক’লে - বাৰু ছিৰি নামা আৰু উঠা। বহুত
মনুষ্যই কয় - ভগৱানৰ কি প্ৰয়োজন আছিল যে ছিৰি উঠায় আৰু নমায়। ভগৱানৰ কিনো হ’ল যে
এনেকুৱা ছিৰি বনালে! পিতাই বুজায় - এয়া হৈছে অনাদি খেল। তোমালোকে 5 হাজাৰ বছৰত 84
জন্ম লৈছা। 5 হাজাৰ বছৰ তোমালোকৰ ছিৰি নামোতে লাগিল আকৌ ছেকেণ্ডত ওপৰলৈ উঠা। এয়া
হৈছে তোমালোকৰ যোগবলৰ ‘লিফ্ট’। পিতাই কয় - স্মৰণ কৰা তেতিয়া তোমালোকৰ পাপ খণ্ডন হৈ
যাব। পিতা আহিলে তেতিয়া ছেকেণ্ডত তোমালোক ওপৰলৈ উঠি যোৱা আকৌ ছিৰি নামোতে 5 হাজাৰ
বছৰ লাগিল। কলাসমূহ কম হৈ গৈ থাকে। উঠিবলৈতো ‘লিফ্ট’ আছে। ছেকেণ্ডত জীৱনমুক্তি।
সতোপ্ৰধান হ’ব লাগে। আকৌ লাহে লাহে তমোপ্ৰধান হ’বা। 5 হাজাৰ বছৰ লাগে। বাৰু, আকৌ এটা
জন্মত তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ’ব লাগে। এতিয়া যিহেতু মই তোমালোকক স্বৰ্গৰ
বাদশ্বাহী দিওঁ গতিকে তোমালোক পৱিত্ৰ কিয় নহ’বা। কিন্তু কাম বিকাৰৰ বশীভূত, ক্ৰোধৰ
বশীভূতও আছে নহয়। বিকাৰত লিপ্ত হ’ব নাপালে স্ত্ৰীক মাৰে, বাহিৰলৈ উলিয়াই দিয়ে, জুই
লগাই দিয়ে। অবলাসকলৰ ওপৰত কিমান অত্যাচাৰ হয়। এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। ভাল
বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) জগতৰ
মালিক হ’বলৈ বা বিশ্বৰ বাদশ্বাহী ল’বলৈ মুখ্য কাম বিকাৰৰ ওপৰত বিজয়ী হ’ব লাগে।
সম্পূৰ্ণ নিৰ্বিকাৰী নিশ্চয় হ’ব লাগে।
(2) যেনেকৈ আমি পিতাক
পাইছোঁ তেনেকৈ সকলোকে পিতাৰ সৈতে সাক্ষাৎ কৰোৱাৰ চেষ্টা কৰিব লাগে। পিতাৰ সঠিক
পৰিচয় দিব লাগে। সঁচা যাত্ৰা শিকাব লাগে।
বৰদান:
দুখৰ জগত
সন্মুখত থকা স্বত্বেও বেগমপুৰৰ বাদশ্বাহীৰ অনুভৱ কৰোঁতা অষ্ট শক্তি স্বৰূপ হোৱা
দুখ আৰু সুখৰ জ্ঞান
এতিয়াহে তোমালোকৰ আছে, দুখৰ জগত সন্মুখত থকা সত্ত্বেও সদায় বেগমপুৰৰ বাদশ্বাহীৰ
অনুভৱ কৰা - এয়াই অষ্ট শক্তি স্বৰূপ, কৰ্মেন্দ্ৰিয়জিৎ সন্তানৰ চিন। এতিয়াহে পিতাৰ
দ্বাৰা সৰ্বশক্তি প্ৰাপ্ত হয়, কিন্তু যদি কোনো সংগদোষ বা কোনো কৰ্মেন্দ্ৰিয়ৰ
বশৱৰ্তী হৈ নিজৰ শক্তি হেৰুৱাই পেলোৱা, তেতিয়া যি বেগমপুৰৰ নিচা বা আনন্দ প্ৰাপ্ত
হৈছে সেয়া স্বতঃ হেৰাই যায়। তেতিয়া বেগমপুৰৰ বাদশ্বাহো কঙাল হৈ যায়।
স্লোগান:
যদি দৃঢ়তা শক্তি সদায় লগত আছে তেন্তে সফলতা হৈছে ডিঙিৰ হাৰ।
অব্যক্ত ইংগিত: এই
অব্যক্ত মাহত বন্ধনমুক্ত হৈ থাকি জীৱনমুক্ত স্থিতিৰ অনুভৱ কৰা
নিজৰ সংকল্পৰ ধুমুহা
বা কোনো সম্বন্ধৰ দ্বাৰা, প্ৰকৃতি বা সমস্যাৰ দ্বাৰা যদি ধুমুহা বা বিঘিনি আহে,
তেন্তে তাৰ পৰা মুক্তি পাবলৈ যোগযুক্ত, যুক্তিযুক্ত হোৱা। যেতিয়ালৈকে যোগযুক্ত
নোহোৱা তেতিয়ালৈকে বিঘিনিযুক্ত হৈ থাকিবা।