26.02.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – সুখ দিওঁতা এক পিতাক স্মৰণ কৰা, এই অলপ সময়ত যোগবল জমা কৰা তেতিয়া অন্তিমত বহুত কাম আহিব”

প্ৰশ্ন:
বেহদৰ বৈৰাগী সন্তানসকল, তোমালোকৰ কোনটো স্মৃতি সদায় থাকিব লাগে?

উত্তৰ:
এয়া আমাৰ ছিঃ ছিঃ চোলা, এয়া এৰি ঘৰলৈ উভতি যাব লাগে - এইটো স্মৃতি যাতে সদায় থাকে। পিতা আৰু উত্তৰাধিকাৰ যাতে স্মৃতিত থাকে, দ্বিতীয় একোৱেই যাতে স্মৃতিলৈ নাহে। এয়া হৈছে বেহদৰ বৈৰাগ্য। কৰ্ম কৰিও স্মৃতিত থকাৰ এনেকুৱা পুৰুষাৰ্থ কৰিব লাগে যাতে পাপৰ বোজা শিৰৰ পৰা আঁতৰি যায়। আত্মা তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ যায়।

ওঁম্শান্তি।
পিতাই সন্তানসকলক নিতৌ বহুত সহজ কথা বুজায়। এইখন হৈছে ঈশ্বৰৰ পাঠশালা। যথাযথ ‘গীতা’তো কয় ভগৱানুবাচ। ভগৱান পিতা সকলোৰে এজনেই। সকলো ভগৱান হ'ব নোৱাৰে। অৱশ্যে হয় সকলো এজন পিতাৰ সন্তান হ'ব পাৰে। এইটো নিশ্চয় বুদ্ধিত উদয় হ’ব লাগে যে পিতা স্বৰ্গ নতুন সৃষ্টি স্থাপন কৰোঁতা হয়। সেইজন পিতাৰ পৰা আমি স্বৰ্গৰ উত্তৰাধিকাৰ নিশ্চয় পাইছিলোঁ। ভাৰততহে শিৱ জয়ন্তীৰ গায়ন কৰা হয়। কিন্তু শিৱ জয়ন্তী কেনেকৈ হয়, এয়াতো পিতাহে আহি বুজায়। পিতা আহেই কল্পৰ সংগমযুগত। সন্তানসকলক পুনৰ পতিতৰ পৰা পাৱন কৰি তুলিবলৈ অৰ্থাৎ উত্তৰাধিকাৰ দিবলৈ। এই সময়ত সকলোৰে ওপৰত ৰাৱণৰ অভিশাপ আছে সেয়েহে সকলো দুখী। এতিয়া কলিযুগী পুৰণি সৃষ্টি। এইটো সদায় স্মৃতিত ৰাখিবা যে আমি ব্ৰহ্মা মুখ বংশাৱলী ব্ৰাহ্মণ। যিসকলে নিজক ব্ৰহ্মাকুমাৰ-কুমাৰী বুলি ভাবে, তেওঁলোকে নিশ্চয় এইটো বুজিব লাগে যে কল্পই কল্পই ককাৰ পৰা ব্ৰহ্মাৰ দ্বাৰা উত্তৰাধিকাৰ লওঁ। ইমান অনেক সন্তান আৰু কাৰো থাকিব নোৱাৰে। তেওঁ হৈছে সকলোৰে পিতা। ব্ৰহ্মাও সন্তান হয়। সকলো সন্তানে উত্তৰাধিকাৰ ককাৰ পৰা পায়। তেওঁৰ উত্তৰাধিকাৰ হৈছে সত্যযুগৰ ৰাজধানী। এই বেহদৰ পিতা যিহেতু স্বৰ্গৰ ৰচয়িতা হয় তেন্তে নিশ্চয় আমাৰ স্বৰ্গৰ বাদশ্বাহী থাকিব লাগে। কিন্তু এইটো পাহৰি গ'লোঁ। আমাৰ স্বৰ্গৰ বাদশ্বাহী আছিল কিন্তু নিৰাকাৰ পিতাই কেনেকৈ দিব, নিশ্চয় ব্ৰহ্মাৰ দ্বাৰা দিব। ভাৰতত এওঁৰ ৰাজত্ব আছিল। এতিয়া হৈছে কল্পৰ সংগম। সংগমত ব্ৰহ্মা আছে সেইবাবেতো বি.কে. বুলি কয়। অন্ধশ্ৰদ্ধাৰ কোনো কথা থাকিব নোৱাৰে। তুলি লোৱা হয়। আমি ব্ৰহ্মাকুমাৰ-কুমাৰী। ব্ৰহ্মা শিৱবাবাৰ সন্তান, আমি শিৱবাবাৰ পৰা পুনৰ স্বৰ্গৰ বাদশ্বাহী প্ৰাপ্ত কৰি আছোঁ। আগতেও পাইছিলোঁ, যাৰ 5 হাজাৰ বছৰ হ'ল। আমি দেৱী-দেৱতা ধৰ্মৰ আছিলোঁ। শেষলৈকে বৃদ্ধি হৈ থাকে। যেনেকৈ যীশুখ্ৰীষ্ট আহিল, খ্ৰীষ্টিয়ান ধৰ্ম এতিয়ালৈকে আছে। বৃদ্ধি হৈ গৈ থাকে। তেওঁলোকে জানে যে যীশুখ্ৰীষ্টৰ দ্বাৰা আমি খ্ৰীষ্টান হ’লোঁ। আজিৰ পৰা 2 হাজাৰ বছৰ পূৰ্বে যীশুখ্ৰীষ্ট আহিছিল। এতিয়া বৃদ্ধি হৈ আছে। পোন-প্ৰথমে সতোপ্ৰধান আকৌ ৰজো, তমোত আহিব লাগে। তোমালোক সত্যযুগত সতোপ্ৰধান আছিলা আকৌ ৰজো, তমোত আহিলা। তমোপ্ৰধান সৃষ্টিৰ পৰা পুনৰ সতোপ্ৰধান নিশ্চয় হ'ব। নতুন সৃষ্টিত আদি সনাতন দেৱী-দেৱতা ধৰ্ম আছিল। মুখ্য ধৰ্ম হৈছে চাৰিটা। তোমালোকৰ ধৰ্ম আধাকল্প চলে। ইয়াতো তোমালোক সেই ধৰ্মৰ হোৱা। কিন্তু বিকাৰী হোৱাৰ কাৰণে তোমালোকে নিজক দেৱী-দেৱতা বুলি নোকোৱা। তোমালোক আছিলা আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ কিন্তু বাম (বিকাৰী) মাৰ্গত যোৱাৰ কাৰণে তোমালোক পতিত হৈ গ’লা, সেয়েহে নিজক হিন্দু বুলি কৈ দিয়ে। এতিয়া তোমালোক ব্ৰাহ্মণ হৈছা। উচ্চতকৈও উচ্চ হৈছে শিৱবাবা। তাৰপাছত হৈছা তোমালোক ব্ৰাহ্মণসকল। তোমালোক ব্ৰাহ্মণসকলৰ বৰ্ণ উচ্চতকৈও উচ্চ। ব্ৰহ্মাৰ সন্তান হৈছা। কিন্তু উত্তৰাধিকাৰ ব্ৰহ্মাৰ পৰা নোপোৱা। শিৱবাবাই ব্ৰহ্মাৰ দ্বাৰা স্বৰ্গৰ স্থাপনা কৰি আছে। তোমালোক আত্মাই এতিয়া পিতাক জানি গ'লা। পিতাই কয় যে মোৰ দ্বাৰা মোক জানিলে গোটেই সৃষ্টি চক্ৰৰ আদি-মধ্য-অন্তৰ জ্ঞান বুজি পাবা। সেই জ্ঞান মোৰহে আছে। মই জ্ঞানৰ সাগৰ, আনন্দৰ সাগৰ, পৱিত্ৰতাৰ সাগৰ হওঁ। 21 জন্ম তোমালোক পৱিত্র হোৱা আকৌ বিষয় সাগৰত পৰি যোৱা। এতিয়া জ্ঞানৰ সাগৰ পিতাই তোমালোকক পতিতৰ পৰা পাৱন কৰি তোলে। কোনো গংগাৰ পানীয়ে পাৱন কৰি তুলিব নোৱাৰে। স্নান কৰিবলৈ যায় কিন্তু সেই পানী কোনো পতিত-পাৱন নহয়। এই নদীবোৰতো সত্যযুগতো থাকে আৰু কলিযুগতো আছে। পানীৰ পাৰ্থক্য নাথাকে। এনেকৈ কয়ো "সকলোৰে সৎগতি দাতা এজন ৰাম"। তেৱেঁই জ্ঞানৰ সাগৰ পতিত-পাৱন।

বাবা আহি জ্ঞান বুজায় যাৰ দ্বাৰা তোমালোক স্বৰ্গৰ মালিক হোৱা। সত্যযুগ ত্ৰেতাত ভক্তি শাস্ত্ৰ আদি একো নাথাকে। তোমালোকে পিতাৰ পৰা সৰ্বদা সুখৰ উত্তৰাধিকাৰ লোৱা। এনেকুৱা নহয় যে তাত তোমালোকে গংগা স্নান কৰিব লাগে বা কোনো যাত্ৰা কৰিব লাগে। তোমালোকৰ এয়া হৈছে আত্মিক যাত্ৰা যিটো কোনো মনুষ্যই শিকাব নোৱাৰে। পিতা হৈছে সকলো আত্মাৰ পিতা, পাৰ্থিৱ (শৰীৰৰ) পিতাতো অনেক আছে। আত্মিক পিতা এজনেই। এইটো দৃঢ়ভাৱে স্মৃতি ৰাখা। বাবায়ো সোধে - তোমালোকৰ কেইজন পিতা, তেতিয়া বিবুদ্ধিত পৰে যে এয়া কি সোধে? পিতাতো সকলোৰে এজনেই। দুজন-তিনিজন পিতা কেনেকৈ থাকিব। পিতাই বুজায় – দুখত সেই পৰমাত্মা পিতাক স্মৰণ কৰা। দুখত সদায় কোৱা - হে পৰমপিতা পৰমাত্মা আমাক দুখৰ পৰা মুক্ত কৰক। তেন্তে দুজন পিতা নহ'ল জানো। এজন পাৰ্থিৱ পিতা, আনজন আত্মিক পিতা। যাৰ মহিমা গায় তুমি মাতা-পিতা আমি তোমাৰ সন্তান...... তোমাৰ কৃপাতে অপাৰ সুখ পাওঁ। লৌকিক মা-পিতাৰ পৰা অপাৰ সুখ নাপায়। যেতিয়া দুখ হয় তেতিয়া সেইজন পিতাক স্মৰণ কৰে। এইজন পিতাইহে এনেকুৱা প্ৰশ্ন সোধে, দ্বিতীয়তো কোনেও সুধিব নোৱাৰে।

ভক্তিমাৰ্গত তোমালোকে গোৱা - বাবা আপুনি আহিলে আমি আপোনাৰ বাহিৰে আৰু আন কাৰোৰে নুশুনোঁ। বাকীতো সকলোৱে দুখ দিয়ে, আপুনিহে সুখ দিওঁতা। সেয়েহে পিতা আহি সোঁৱৰাই দিয়ে যে তোমালোকে কি কৈছিলা। তোমালোকে জানা, তোমালোকেহে ব্ৰহ্মাকুমাৰ-কুমাৰী বুলি কোৱা। মনুষ্যৰ এনেকুৱা পাথৰবুদ্ধি যে এইটোও বুজি নাপায় বি.কে. কি হয়! মম্মা-বাবা কোন হয়! এওঁলোক কোনো সাধু-সন্ত নহয়। সাধু সন্ন্যাসীসকলক গুৰু বুলি ক’ব, মাতা-পিতা বুলি নক’ব। এইজন পিতাতো আহি দৈৱী ধৰ্মৰ ৰাজ্য প্ৰতিষ্ঠা কৰে। য'ত এই লক্ষ্মী-নাৰায়ণ ৰজা-ৰাণীয়ে ৰাজত্ব কৰিছিল। প্ৰথমে পৱিত্ৰ আছিল আকৌ অপৱিত্ৰ হয়। যিসকল পূজ্য আছিল, তেওঁলোকে পুনৰ 84 জন্ম লয়। প্ৰথমে বেহদৰ পিতাৰ 21 জন্ম সুখৰ উত্তৰাধিকাৰ প্ৰাপ্ত হয়। কুমাৰী সেইসকল যিয়ে 21 কুলৰ উদ্ধাৰ কৰে। এয়া তোমালোকৰ গায়ন। তোমালোক কুমাৰী গৃহস্থী নহয়। যদিও ডাঙৰ কিন্তু জীৱন্তে মৰি, সকলো পিতাৰ সন্তান হৈছা। প্ৰজাপিতা ব্ৰহ্মাৰ অনেক সন্তান আছে আৰু বৃদ্ধি হৈ গৈ থাকিব। আকৌ এওঁলোক সকলো দেৱতা হ'ব। এয়া শিৱবাবাৰ যজ্ঞ। ইয়াক ৰাজশ্ব যজ্ঞ, স্বৰাজ্য পোৱাৰ যজ্ঞ বুলি কোৱা হয়। আত্মাসকলে পিতাৰ পৰা স্বৰ্গ ৰাজ্যৰ উত্তৰাধিকাৰ পায়। এই ৰাজস্ব অশ্বমেধ জ্ঞান যজ্ঞত কি কৰিব লাগে? শৰীৰ সহিত যি কিছু আছে, সেয়া উৎসৰ্গিত কৰিব লাগে, অথবা স্বাহা কৰিব (আহুতি দিব) লাগে। এই যজ্ঞৰ দ্বাৰাতো তোমালোকে পুনৰ ৰাজ্য প্ৰাপ্ত কৰিবা। পিতাই সোঁৱৰাই দিয়ে যে ভক্তিমাৰ্গত তোমালোকে গায়ন কৰিছিলা যে হে বাবা, আপুনি যেতিয়া আহিব আমি সমৰ্পিত হৈ যাম, উৎসৰ্গিত হৈ যাম। এতিয়া তোমালোকে নিজক সকলোৱে ব্ৰহ্মাকুমাৰ-কুমাৰী বুলিতো বুজি পোৱা। লাগিলে নিজৰ গাৰ্হস্থ্য ব্যৱহাৰত থাকা কিন্তু পদুম ফুলৰ সমান পাৱন হৈ থাকিব লাগে। নিজক আত্মা বুলি বুজা। আমি বাবাৰ সন্তান। তোমালোক আত্মাসকল হৈছা প্ৰেয়সী। পিতাই কয় - মই হৈছোঁ একমাত্ৰ প্ৰিয়তম। তোমালোকে মোক প্ৰিয়তমক আহ্বান জনাই থাকা। তোমালোক আধাকল্পৰ প্ৰেয়সী যাক পৰমপিতা পৰমাত্মা বুলি কোৱা হয়, তেওঁ নিৰাকাৰ। আত্মাও নিৰাকাৰ যিয়ে এই শৰীৰৰ দ্বাৰা ভূমিকা পালন কৰে। ভক্তিমাৰ্গতো তোমালোকে ভূমিকা পালন কৰিব লাগে। ভক্তি হয়েই ৰাতি, অন্ধকাৰত মনুষ্যই ঠেকা-খুন্দা খায়। দ্বাপৰৰ পৰা তোমালোকে ঠেকা-খুন্দা খাই আহিছা। এই সময়ত মহাদুখী হৈ গ’লা। এতিয়া পুৰণি সৃষ্টিৰ অন্তৰ সময়। এই পইচা আদি সকলো মাটিত মিলি যাব। যদিও কোনোবা কোটিপতি, ৰজা হয় সন্তান জন্ম হ’লে তেতিয়া ভাবিব এই ধন আমাৰ সন্তানসকলৰ কাৰণে। আমাৰ নাতি-পুতিয়ে ভোগ কৰিব। পিতাই কয় - একোৱেই ভোগ নকৰিব। এই সৃষ্টিখনেই নাশ হৈ যাব। বাকী অলপ সময় আছে। বিঘিনি বহুত আহিব। নিজৰ মাজতে যুদ্ধ কৰিব। শেষলৈ এনেকৈ যুদ্ধ কৰিব যে তেজৰ নদী ব'ব। তোমালোকৰতো কাৰো লগত যুদ্ধ নহয়। তোমালোক যোগবলত থাকা। তোমালোক স্মৃতিত থাকিলে কোনোবা তোমালোকৰ সন্মুখত বেয়া বিচাৰ লৈ আহিলে তেতিয়া তেওঁৰ ভয়ংকৰ সাক্ষাৎকাৰ হৈ যাব আৰু ততালিকে পলাই যাব। তোমালোকে শিৱবাবাক স্মৰণ কৰিবা আৰু তেওঁলোক পলাই গুচি যাব। যিসকল দৃঢ় সন্তান তেওঁলোকে পুৰুষাৰ্থ কৰি থাকে যে মোৰতো এজন শিৱবাবা, দ্বিতীয় কোনো নাই। পিতাই বুজায় যে হাতেৰে কৰ্ম কৰা..... সন্তানসকলে ঘৰৰো তত্ত্বাৱধান ল’ব লাগে। কিন্তু তোমালোক আত্মাসকলে পিতাক স্মৰণ কৰিলে তেতিয়া পাপৰ বোজাও আঁতৰি যাব। কেৱল মোক স্মৰণ কৰা তেন্তে তোমালোক তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ যাবা, কিন্তু পুৰুষাৰ্থৰ ক্ৰম অনুসৰি। আকৌ তোমালোক সকলোৱে এই শৰীৰ এৰিবা, বাবাই সকলো আত্মাক মহৰ সদৃশ লৈ যাব। বাকী গোটেই জগতে শাস্তি ভোগ কৰিব। ভাৰতত বাকী অলপ ৰ'বগৈ। তাৰ বাবেই এই মহাভাৰতৰ যুদ্ধ। ইয়াততো বহুত বৃদ্ধি হ'ব। প্ৰদৰ্শনী, প্ৰ'জেক্টৰ আদিৰ দ্বাৰা কিমানে শুনে। তেওঁলোক প্ৰজা হৈ গৈ থাকে। ৰজাতো এজন হয় বাকী সকলো প্ৰজা। মন্ত্ৰীসকলো প্ৰজাৰ শাৰীত আহি যায়। অনেক প্ৰজা থাকে। এজন ৰজাৰ লাখৰ হিচাপত প্ৰজা থাকে। গতিকে ৰজা-ৰাণীয়ে পৰিশ্ৰম কৰিব লাগে নহয়।

পিতাই কয় - সকলো কৰিও নিৰন্তৰ মোক স্মৰণ কৰা। যেনেকৈ প্ৰেমাস্পদ থাকে, তেওঁলোকৰ পাৰ্থিৱ (দৈহিক) প্ৰেম থাকে। তোমালোক সন্তানসকল এই সময়ত প্ৰেয়সী হোৱা। তোমালোকৰ প্ৰিয়তমৰ আগমন হৈছে। তোমালোকক পঢ়াই আছে। পঢ়ি পঢ়ি তোমালোক দেৱতা হৈ যাবা। স্মৃতিৰে বিকৰ্ম বিনাশ হ'ব আৰু তোমালোক সৰ্বদা নিৰোগীও হ'বা। আকৌ 84ৰ চক্ৰও স্মৃতিত ৰাখিব লাগে। সত্যযুগত ইমান জন্ম, ত্ৰেতাত ইমান জন্ম। আমি দেৱী-দেৱতা ধৰ্মৰসকলে পূৰা 84ৰ চক্ৰ পৰিক্ৰমা লগালোঁ। আগলৈ গৈ তোমালোকৰ বহুত বৃদ্ধি হ'ব। তোমালোকৰ সেৱাকেন্দ্ৰ হাজাৰৰ হিচাপত হৈ যাব। অলিয়ে-গলিয়ে বুজাই থাকিব যে কেৱল পিতাক আৰু উত্তৰাধিকাৰক স্মৰণ কৰক। এতিয়া ঘৰলৈ উভতি ব’লক। এয়াতো ছিঃ ছিঃ চোলা। এয়া হৈছে বেহদৰ বৈৰাগ্য। সন্ন্যাসীয়েতো কেৱল হদৰ (লৌকিকৰ) ঘৰ-সংসাৰ এৰি দিয়ে। তেওঁলোক হৈছে হঠযোগী। তেওঁলোকে ৰাজযোগ শিকাব নোৱাৰে। কয় - এই ভক্তিও অনাদি। পিতাই কয় - এই ভক্তিতো দ্বাপৰৰ পৰা আৰম্ভ হয়। 84 প্ৰজন্ম অৱনমিত হৈ এতিয়া তোমালোক তমোপ্ৰধান হৈ গ’লা। তোমালোকেই দেৱী-দেৱতা আছিলা। খ্ৰীষ্টানসকলে ক'ব আমিয়ে খ্ৰীষ্টান আছিলোঁ। তোমালোকে জানা আমি সত্যযুগত আছিলোঁ। পিতাই দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰিলে। এয়া যি লক্ষ্মী-নাৰায়ণ আছিল তেওঁলোক এতিয়া ব্ৰাহ্মণ হৈ গৈছে। সত্যযুগত এগৰাকী ৰজা-ৰাণী আছিল, এটা ভাষা আছিল। এয়াও সন্তানসকলে সাক্ষাৎকাৰ কৰিছে। তোমালোক সকলো হৈছা আদি সনাতন ধৰ্মৰ। তোমালোকেহে 84 জন্ম লোৱা। তেওঁলোকে যি কয় যে আত্মা নিৰ্লেপ বা ঈশ্বৰ সৰ্বব্যাপী, এইটো ভুল। সকলোতে আত্মা আছে, তেন্তে কেনেকৈ কোৱা আমাৰ ভিতৰত পৰমাত্মা আছে। তেনেহ’লেতো সকলো পিতা হৈ গ'ল। কিমান তমোপ্ৰধান হৈ গ’ল। আগতে যি শুনিছিল তাকে মানি লৈছিল। এতিয়া পিতা আহি সত্য শুনায়। তোমালোকক জ্ঞানৰ তৃতীয় নেত্ৰ প্ৰদান কৰে যাৰ দ্বাৰা তোমালোকে সৃষ্টিৰ আদি-মধ্য-অন্তক জানা। অমৰকথাও এয়াই। বাকী সূক্ষ্মলোকত কাহিনী আদি নাই। এই সকলোবোৰ ভক্তিমাৰ্গৰ পোখা। তোমালোকে অমৰকথা শুনি আছা, অমৰ হ'বৰ কাৰণে। তাত তোমালোকে আনন্দেৰে এটা শৰীৰ এৰি আন এটা ল’বাগৈ। ইয়াততো কোনোবা মৰিলে কন্দা-কটা কৰে। তাত বেমাৰ আদি নহয়। সৰ্বদা স্বাস্থ্যৱান হৈ থাকে। আয়ুসো দীঘলীয়া হয়। তাত পতিত বোধ নাথাকে। এতিয়া এইটো দৃঢ় কৰি ল'ব লাগে যে আমি 84 ৰ চক্ৰ পূৰা কৰিলোঁ। এতিয়া বাবা আমাক লৈ যাবলৈ আহিছে। পাৱন হোৱাৰ যুক্তিও তোমালোকক শুনায়। কেৱল মোক পিতাক আৰু উত্তৰাধিকাৰক স্মৰণ কৰা। সত্যযুগত 16 কলা সম্পূৰ্ণ আকৌ কলা কম হৈ গৈ থাকে। এতিয়া তোমালোকৰ কোনো কলা নাই। পিতাইহে দুখৰ পৰা মুক্ত কৰি সুখলৈ লৈ যায় সেয়েহে মুক্তিদাতা বুলি কোৱা হয়। সকলোকে নিজৰ লগত লৈ যায়। তোমালোকৰ গুৰুৱে তোমালোকক জানো লগত লৈ যায়। সেইসকল গুৰুৱে শৰীৰ এৰাৰ পাছত শিষ্যসকল গাদীত বহে তেতিয়া শিষ্যসকলৰ মাজত বহুত হুলস্থুল হৈ যায়। গাদীৰ কাৰণে পৰস্পৰ কাজিয়া লাগি যায়। পিতাই কয় - মই তোমালোক আত্মাসকলক লগত লৈ যাম। তোমালোক সম্পূৰ্ণ নহ’লে তেন্তে শাস্তি ভোগ কৰিবা আৰু পদ ভ্ৰষ্ট হ'ব। ইয়াত ৰাজধানী স্থাপন হৈ আছে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) স্মৃতিত থকাৰ এনেকুৱা অভ্যাস কৰিব লাগে যাতে বেয়া বিচাৰ ধাৰাৰ লোক সন্মুখত আহিলেই পৰিৱৰ্তন হৈ যায়। মোৰতো এজন শিৱবাবা, দ্বিতীয় কোনো নাই...... এইটো পুৰুষাৰ্থত থাকিব লাগে।

(2) স্বৰাজ্য পাবৰ কাৰণে শৰীৰ সহিত যি কিছু আছে, সেয়া উৎসৰ্গিত কৰি দিব লাগে। যেতিয়া এই ৰুদ্ৰ যজ্ঞত সকলো স্বাহা কৰিবা তেতিয়া ৰাজকীয় পদ পাবা।

বৰদান:
সহন শক্তিৰ বিশেষত্বৰ দ্বাৰা আনৰ সংস্কাৰ পৰিবৰ্তন কৰোঁতা দৃঢ় সংকল্পধাৰী হোৱা

যেনেকৈ পিতা ব্ৰহ্মাই জ্ঞানী আৰু অজ্ঞানী আত্মাৰ দ্বাৰা হোৱা অপমান সহন কৰি সেয়া পৰিৱৰ্তন কৰিলে, তেনেকৈ তোমালোকেও পিতাক অনুসৰণ কৰা আৰু তাৰ বাবে নিজৰ সংকল্পত কেৱল দৃঢ়তা ধাৰণ কৰা। এনেকৈ নাভাবিবা যে কিমানলৈকে হ’ব, কেৱল আৰম্ভণিতহে অলপ এনেকুৱা লাগে যে কেনেকৈ হ’ব বা কিমান সহন কৰিম। কিন্তু যদি তোমালোকৰ বাবে কোনোবাই কিবা কয়ো, তোমালোক চুপ হৈ থাকা আৰু সহন কৰি লোৱা, তেতিয়া তেৱোঁ সলনি হৈ যাব। কেৱল নিৰাশ নহ’বা।

স্লোগান:
সঙ্গমযুগত সহন কৰি লোৱা আৰু শিৰ নত কৰা, এয়াই সকলোতকৈ শ্ৰেষ্ঠ মহানতা।


অব্যক্ত ইংগিত: একতা আৰু বিশ্বাসৰ বিশেষত্বৰে সফলতা সম্পন্ন হোৱা

বাপদাদাই বিচাৰে যে সন্তানসকলৰ মাজত প্ৰথমে সংগীসকলৰ সৈতে, সেৱাত আৰু বায়ুমণ্ডলত একতা থাকক, তাৰপাছত এক বল, এক ভৰসা আৰু একমত হওক তেতিয়া সেৱাত সফলতা পাবা। যেনেকৈ নাৰিকল ভাঙি বা ফিটা কাটি উদ্ঘাটন কৰা হয়, তেনেকৈ একমত, একবল, এক ভৰসা আৰু একতাৰ ফিটা কাটা আৰু তাৰ পাছত সকলোৰে সন্তুষ্টি তথা প্ৰসন্নতাৰ নাৰিকল ভাঙা। এই পানী ধৰণীত ঢালা তেতিয়া দেখিবা সফলতা কিমান হয়।