26.03.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোকে পিতাৰ হাতত ধৰিছা, তোমালোক গৃহস্থালিত থাকিও পিতাক স্মৰণ কৰি কৰি তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ যাবা”

প্ৰশ্ন:
তোমালোক সন্তানসকলৰ ভিতৰত কোনটো উল্লাস থাকিব লাগে? অন্তৰ অসনাধিকাৰী হোৱাৰ বিধি কি?

উত্তৰ:
সদায় উল্লাসত থাকিব লাগে যে জ্ঞান সাগৰ পিতাই আমাক সদায় জ্ঞান ৰত্নৰ থালী ভৰপূৰ কৰি দিয়ে। যিমানে যোগত থাকিবা সিমানে বুদ্ধি কাঞ্চন হৈ যাব। এই অবিনাশী জ্ঞান ৰত্নহে লগত যায়। অন্তৰ অসনাধিকাৰী হ'বলৈ হ’লে মাতা-পিতাক পূৰা পূৰা অনুসৰণ কৰা। তেওঁলোকৰ শ্ৰীমতত চলা, আনকো নিজৰ সমান কৰি তোলা।

ওঁম্শান্তি।
আত্মিক সন্তানসকল এই সময়ত ক’ত বহি আছে? ক’ব আত্মিক পিতাৰ বিশ্ব বিদ্যালয় অথবা পাঠশালাত বহি আছে। বুদ্ধিত আছে যে আমি আত্মিক পিতাৰ সন্মুখত বহি আছোঁ, সেই পিতাই আমাক সৃষ্টিৰ আদি-মধ্য-অন্তৰ ৰহস্য বুজায় অথবা ভাৰতৰ উত্থান আৰু পতন কেনেকৈ হয় সেয়াও শুনায়। ভাৰত যি পৱিত্ৰ আছিল সেই ভাৰত এতিয়া পতিত হৈ গ’ল। ভাৰত শিৰৰ মুকুট আছিল সেয়া আকৌ কোনে জয় কৰিলে? ৰাৱণে। ৰাজ্য হেৰুৱাই পেলালে অৰ্থাৎ অৱনমিত হৈ গ'ল নহয়। কোনো ৰজাতো নায়েই। আৰু যদি থাকেও তেওঁ পতিত হ’ব। এই ভাৰততে সূৰ্যবংশী মহাৰজা-মহাৰাণী আছিল। সূৰ্যবংশী মহাৰজা আৰু চন্দ্ৰবংশী ৰজা আছিল। এই কথাবোৰ এতিয়া তোমালোকৰ বুদ্ধিত আছে, জগতত এই কথাবোৰ কোনেও নাজানে। তোমালোক সন্তানসকলে জানা যে আমাৰ আত্মিক পিতাই আমাক পঢ়াই আছে। আমি আত্মিক পিতাৰ হাতত ধৰিছোঁ। যদিও আমি গৃহস্থালিত থাকোঁ কিন্তু বুদ্ধিত আছে যে এতিয়া আমি সংগমযুগত থিয় হৈ আছোঁ। পতিত সৃষ্টিৰ পৰা আমি পৱিত্ৰ সৃষ্টিলৈ যাম। কলিযুগ হৈছে পতিত যুগ, সত্যযুগ হৈছে পাৱন যুগ। পতিত মনুষ্যই পৱিত্ৰ মনুষ্যৰ আগত গৈ নমস্কাৰ জনায়। হওঁতে তেওঁলোকো ভাৰতৰে মনুষ্য। কিন্তু তেওঁলোক দৈৱীগুণ সম্পন্ন । এতিয়া তোমালোক সন্তানসকলে জানা যে আমিও পিতাৰ দ্বাৰা এনেকুৱা দৈৱীগুণ ধাৰণ কৰি আছোঁ। সত্যযুগত এই পুৰুষাৰ্থ নকৰিব। তাততো হৈছে প্ৰালব্ধ। ইয়াত পুৰুষাৰ্থ কৰি দৈৱীগুণ ধাৰণ কৰিব লাগে। সদায় নিজক পৰীক্ষা কৰিব লাগে - মই পিতাক কিমানলৈকে স্মৰণ কৰি তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ আছোঁ? যিমানে পিতাক স্মৰণ কৰিবা সিমানে সতোপ্ৰধান হ’বা। পিতাতো সদায় সতোপ্ৰধান। এতিয়া হৈছে পতিত সৃষ্টি, পতিত ভাৰত। পাৱন সৃষ্টিত পাৱন ভাৰত আছিল। তোমালোকৰ ওচৰত প্ৰদৰ্শনী আদিত ভিন্ন ভিন্ন প্ৰকাৰৰ মনুষ্য আহে। কোনোৱে কয় যে যেনেকৈ ভোজনৰ দৰকাৰ তেনেকৈ এই বিকাৰো হৈছে ভোজন, ইয়াৰ অবিহনে মৰি যাম। কিন্তু এনেকুৱা কথাতো নহয়। সন্ন্যাসীয়ে পৱিত্ৰতা ধাৰণ কৰে কিন্তু মৰি যায় জানো! এনেকুৱা কথা ক'লে বুজা যায় যে কোনো অজামিলৰ দৰে পাপী হ'ব, যিয়ে এনেকৈ কয়। এনেকুৱা লোকক ক'ব লাগে যে ইয়াৰ অবিহনে আপুনি মৰি যাব জানো যে ভোজনৰ লগত তুলনা কৰিছে! স্বৰ্গলৈ যি আহিব তেওঁলোক সতোপ্ৰধান হ'ব। তাৰ পাছত সতো, ৰজো, তমোত আহে। যিসকল পাছত আহে সেইসকল আত্মাই নিৰ্বিকাৰী সৃষ্টিতো দেখাই পোৱা নাই। গতিকে সেইসকল আত্মাই এনেকৈ ক'ব যে ইয়াৰ অবিহনে আমি থাকিব নোৱাৰো। যিসকল সূৰ্যবংশী হ'ব তেওঁলোকৰ বুদ্ধিত ততালিকে উদয় হ'ব - এয়াতো সত্য কথা। সত্যযুগত একেবাৰে বিকাৰৰ কোনো নাম-চিহ্নই নাছিল। ভিন্ন প্ৰকাৰৰ মনুষ্য, ভিন্ন প্ৰকাৰৰ কথা। তোমালোকে বুজি পোৱা কোন কোন ফুল হ'ব? কিছুমান কাঁইট হৈ থাকি যায়। স্বর্গৰ নামেই হৈছে ফুলৰ বাগিচা। এয়া হৈছে কাঁইটৰ জংঘল। অনেক প্ৰকাৰৰ কাঁইট থাকে নহয়। এতিয়া তোমালোকে জানা যে আমি ফুল হৈ আছোঁ। এই লক্ষ্মী-নাৰায়ণ যথাযথ সৰ্বদা গোলাপ ফুল। এওঁলোকক কোৱা হয় ফুলৰ ৰজা। দৈৱী ফুলৰ ৰাজ্য হয় নহয়। নিশ্চয় তেওঁলোকেও পুৰুষাৰ্থ কৰিছিল। পঢ়াৰ দ্বাৰাই এনেকুৱা হৈছে। তোমালোকে জানা যে এতিয়া আমি ঈশ্বৰীয় পৰিয়ালৰ হৈছোঁ। প্ৰথমতেতো ঈশ্বৰক জনাই নাছিলোঁ। পিতা আহি এই পৰিয়াল গঠন কৰিলে। পিতাই প্ৰথমে স্ত্ৰীক তুলি লয় পুনৰ স্ত্ৰীৰ দ্বাৰা সন্তান ৰচনা কৰে। বাবায়ো এওঁক তুলি লয় পুনৰ এওঁৰ দ্বাৰা সন্তান ৰচনা কৰে। এয়া সকলো ব্ৰহ্মাকুমাৰ-কুমাৰী নহয় জানো। এই সম্বন্ধ প্ৰবৃত্তি মাৰ্গৰ হৈ গ'ল। সন্ন্যাসীৰ হৈছে নিবৃত্তি মাৰ্গ। তাততো কোনেও মম্মা বাবা বুলি নকয়। ইয়াত তোমালোকে মম্মা বাবা বুলি কোৱা। অন্য যি সৎসংগ আছে সেয়া সকলো হৈছে নিবৃত্তি মাৰ্গৰ, এই এজনেই হৈছে পিতা যাক মাতা-পিতা বুলি কোৱা হয়। পিতাই বহি বুজায়, ভাৰতত পৱিত্ৰ মাৰ্গ আছিল, এতিয়া অপৱিত্ৰ হৈ গ’লা। মই পুনৰ সেই প্ৰবৃত্তি মাৰ্গ প্ৰতিষ্ঠা কৰোঁ। তোমালোকে জানা যে আমাৰ ধৰ্ম বহুত সুখ দিওঁতা হয়। তেন্তে আকৌ আমি অন্য ধৰ্মাৱলম্বীৰ সংগ কিয় লওঁ! তোমালোকে স্বৰ্গত কিমান সুখৰে থাকা। হীৰা-মুকুতাৰ মহলত থাকিবা। ইয়াত যদিও আমেৰিকা ৰাছিয়া আদি কিমান চহকী কিন্তু স্বৰ্গৰ দৰে সুখ হ'ব নোৱাৰে। সোণৰ ইটাৰে মহল কোনেও সাজিব নোৱাৰে। সোণৰ মহল সত্যযুগতহে থাকে। তাত সকলো ঠাইত হীৰা-মুকুতা লাগি থাকিব। ইয়াততো হীৰাৰ দাম কিমান হৈ গৈছে। এই সকলোবোৰ মাটিত মিলি যাব। পিতাই বুজাইছে যে নতুন সৃষ্টিত আকৌ সকলো খনি ভৰপূৰ হৈ যাব। এতিয়া এই সকলবোৰ খালী হৈ যাব। দেখুওৱা হয় সাগৰে হীৰা-মুকুতাৰ থালী উপহাৰ দিয়ে। তাত তোমালোকে বহুত হীৰা-মুকুতা পাবা। সাগৰকো দেৱতাৰ ৰূপ বুলি কয়। তোমালোকে বুজি পোৱা যে পিতাতো জ্ঞানৰ সাগৰ হয়। সদায় উল্লাসিত হৈ থাকা যে জ্ঞান সাগৰ পিতাই আমাক সদায় জ্ঞান ৰত্ন, মুকুতাৰ থালী ভৰপূৰ কৰি দিয়ে। বাকী সেয়াতো হৈছে পানীৰ সাগৰ। পিতাই তোমালোক সন্তানসকলক জ্ঞান ৰত্ন দিয়ে, যি তোমালোকে বুদ্ধিত সমাহিত কৰি ৰাখা। যিমান যোগত থাকিবা সিমান বুদ্ধি কাঞ্চন (পৱিত্ৰ) হৈ যাব। এই অবিনাশী জ্ঞান ৰত্নই তোমালোকে লগত লৈ যাবা। পিতাৰ স্মৃতি আৰু এই জ্ঞান হৈছে মুখ্য।

তোমালোক সন্তানসকল ভিতৰি বহুত উল্লাসিত হৈ থাকিব লাগে। পিতাও গুপ্ত, তোমালোকো গুপ্ত সেনা। অহিংসক, অজ্ঞাত যোদ্ধা বুলি কয় নকয়, অমুক বহুত পালোৱান যোদ্ধা। কিন্তু নাম-ঠিকনা গমেই নাপায়। এনেকুৱাতো হ'ব নোৱাৰে। চৰকাৰৰ ওচৰত প্ৰতিজনৰে পূৰা নাম ঠিকনা থাকে। অজ্ঞাত যোদ্ধা, অহিংসক এয়া হৈছে তোমালোকৰ নাম। সকলোতকৈ প্ৰথম হিংসা হ'ল এই কাম বিকাৰ, যিয়ে আদি-মধ্য-অন্ত দুখ দিয়ে সেই কাৰণে কোৱা হয় - হে পতিত-পাৱন, আমাক পতিতসকলক আহি পাৱন কৰি তোলক। পাৱন সৃষ্টিত এজনো পতিত থাকিব নোৱাৰে। এয়া তোমালোক সন্তানসকলে জানা, এতিয়াহে আমি ভগৱানৰ সন্তান হৈছোঁ, পিতাৰ পৰা উত্তৰাধিকাৰ ল'বলৈ, কিন্তু মায়াও কম নহয়। মায়াৰ এটা চৰ এনেকৈ লাগে যে একেবাৰে গাঁতত পেলাই দিয়ে। বিকাৰগ্ৰস্ত হ’লে তেতিয়া বুদ্ধি একেবাৰে ভ্ৰষ্ট হৈ যায়। পিতাই কিমান বুজায় - দেহধাৰীৰ প্ৰতি কেতিয়াও প্ৰীতি নাৰাখিবা। তোমালোকে এজন পিতাৰ প্ৰতি প্ৰীতি ৰাখিব লাগে। কোনো দেহধাৰীৰ প্ৰতি প্ৰেম নাৰাখিবা, প্ৰীতি নাৰাখিবা। প্ৰীতি তেওঁৰ প্ৰতি ৰাখিব লাগে যি দেহৰহিত বিচিত্ৰ। পিতাই কিমান বুজাই থাকে তথাপিও নুবুজে। ভাগ্যত নাথাকিলে এজনে আনজনৰ দেহত আৱদ্ধ হৈ পৰে। বাবাই কিমান বুজায় - তোমালোকো ৰূপ হোৱা। আত্মা আৰু পৰমাত্মাৰ ৰূপ একেই। আত্মাৰ সৰু-ডাঙৰ নাথাকে। আত্মা অবিনাশী। ড্ৰামাত প্ৰত্যেকৰে ভূমিকা নিৰ্ধাৰিত হৈ আছে। এতিয়া কিমান অনেক মনুষ্য আছে, পুনৰ 9-10 লাখ হ'বগৈ। সত্যযুগৰ আদিত বৃক্ষ কিমান সৰু হয়। প্ৰলয়তো কেতিয়াও নহয়। তোমালোকে জানা যে মনুষ্য মাত্ৰ সকলো মূললোকত থাকে। তেওঁলোকৰো বৃক্ষ আছে। বীজ সিচাঁ হয়, তাৰপৰাইতো গোটেই বৃক্ষ ওলায়। প্ৰথমে দুটি পাত ওলায়। এয়াও বেহদৰ বৃক্ষ, সৃষ্টি চক্ৰৰ ওপৰত বুজাবলৈ কিমান সহজ হয়, বিচাৰ কৰা। এতিয়া হৈছে কলিযুগ‌। সত্যযুগত এটাই ধৰ্ম আছিল। তেন্তে কিমান কম মনুষ্য হ'ব। এতিয়া কিমান মনুষ্য, কিমান ধৰ্ম আছে। ইমানবোৰ আত্মা যি প্ৰথমে নাছিল তেওঁলোক আকৌ ক'লৈ যাবগৈ? সকলো আত্মা পৰমধামলৈ গুচি যাব। তোমালোকৰ বুদ্ধিত গোটেই জ্ঞান আছে। যেনেকৈ পিতা জ্ঞানৰ সাগৰ তেনেকৈ তোমালোককো গঢ়ি তোলে। তোমালোকে পঢ়ি এই পদ পোৱা। পিতা যিহেতু স্বৰ্গৰ ৰচয়িতা স্বৰ্গৰ প্ৰালব্ধ ভাৰতবাসীকে দিয়ে। বাকী সকলোকে ঘৰলৈ উভতাই লৈ যায়। পিতাই কয় - মই তোমালোক সন্তানসকলক পঢ়াবলৈ আহিছোঁ। যিমানে পুৰুষাৰ্থ কৰিবা সিমানে পদ পাবা। যিমানে শ্ৰীমতত চলিবা সিমানে উচ্চ পদ পাবা। সকলো পুৰুষাৰ্থৰ ওপৰত নিৰ্ভৰ কৰে। মম্মা বাবাৰ আসনৰ উত্তৰাধিকাৰী হ'বলৈ হ'লে মাতা-পিতাক পূৰা অনুসৰণ কৰা। মাতা-পিতাৰ অন্তৰ আসনাধিকাৰী হ'বলৈ তেওঁলোকৰ চাল-চলন অনুসৰি চলা। আনকো নিজৰ সমান কৰি তোলা। বাবাই অনেক প্ৰকাৰৰ যুক্তি শুনায়। একমাত্ৰ বেজৰ আধাৰতে তোমালোকে যিকোনো লোককে ভালদৰে বুজোৱা। পুৰুষোত্তম মাহ হ’লে বাবাই কৈ দিয়ে যে চিত্ৰ বিনামূলীয়াকৈ দি দিয়া। বাবাই উপহাৰ দিয়ে। পইচা হাতলৈ আহিলে নিশ্চয় বুজিব যে বাবাৰোতো খৰচ হয় নহয় তেতিয়া সোনকালে পঠিয়াই দিব। ঘৰতো এখনেই নহয় জানো। এই ‘ট্ৰান্সলাইট’ৰ চিত্ৰৰ প্ৰদৰ্শনী হ’লে কিমান চাবলৈ আহিব। পুণ্যৰ কাম হ’ল নহয়। মনুষ্যক কাঁইটৰ পৰা ফুল, পাপ আত্মাৰ পৰা পুণ্য আত্মা কৰি তোলে, ইয়াক বিহংগ (তীব্ৰ গতিৰ) মাৰ্গ বুলি কোৱা হয়। প্ৰদৰ্শনীত ‘ষ্টল’ ল’লে বহুত আহে। খৰচ কম হয়। তোমালোক ইয়ালৈ পিতাৰ পৰা বাদশ্বাহী কিনিবলৈ আহা। তেন্তে প্ৰদৰ্শনীতো স্বৰ্গৰ বাদশ্বাহী কিনিবলৈ আহিব। এয়া দোকান নহয় জানো।

পিতাই কয় - এই জ্ঞানৰ দ্বাৰা তোমালোকে বহুত সুখ পাবা, সেই কাৰণে ভালদৰে পঢ়ি, পুৰুষাৰ্থ কৰি সম্পূৰ্ণ উত্তীৰ্ণ হ’ব লাগে। পিতাই বহি নিজৰ আৰু ৰচনাৰ আদি-মধ্য-অন্তৰ পৰিচয় দিয়ে, অন্য কোনেও দিব নোৱাৰে। এতিয়া পিতাৰ দ্বাৰা তোমালোক ত্ৰিকালদৰ্শী হৈ গৈছা। পিতাই কয় - মই যি হওঁ, যেনেকুৱা হওঁ, মোক যথাৰ্থ ৰীতিৰে কোনেও নাজানে। তোমালোকৰ মাজতো ক্ৰমানুৰি আছে। যথাৰ্থ ৰীতিৰে জানিলে কেতিয়াও নেৰে। এয়া হৈছে পঢ়া। ভগৱানে বহি পঢ়ায়। তেওঁ কয় - মই তোমালোকৰ একান্ত বাধ্য সেৱক। পিতা আৰু শিক্ষক দুয়ো বাধ্য সেৱক হয়। ড্ৰামাত মোৰ ভূমিকাই এনেকুৱা পুনৰ সকলোকে লগত লৈ যাম। শ্ৰীমতত চলি সন্মান সহকাৰে উত্তীৰ্ণ হোৱা উচিত। পঢ়াতো বহুত সহজ। সকলোতকৈ বুঢ়াতো হৈছে এই পঢ়াওঁতাজন। শিৱবাবাই কয় মই বুঢ়া নহওঁ। আত্মা কেতিয়াও বুঢ়া নহয়। বাকী পাথৰ বুদ্ধিৰ হয়। মোৰতো পাৰস বুদ্ধিয়েই, সেয়েহে তোমালোকক পাৰস বুদ্ধিৰ কৰি তুলিবলৈ আহিছোঁ। কল্পই কল্পই আহোঁ। অনেকবাৰ তোমালোকক পঢ়াওঁ তথাপি আকৌ পাহৰি যাবা। সত্যযুগত এই জ্ঞানৰ প্ৰয়োজনেই নাথাকে। কিমান ভালদৰে পিতাই বুজায়। এনেহেন পিতাক আকৌ কাষৰীয়া কৰি দিয়া সেয়েহে কোৱা হয় মহান মূৰ্খ যদি চাব বিচৰা ইয়াত চোৱা। এনেকুৱা পিতা যাৰ দ্বাৰা স্বর্গৰ উত্তৰাধিকাৰ পায়, তেওঁকো ত্যাগ কৰি দিয়ে। পিতাই কয় - তোমালোক মোৰ মতত চলিলে অমৰলোকত বিশ্বৰ মহাৰজা-মহাৰাণী হ'বা। এয়া হ'ল মৃত্যুলোক। সন্তানসকলে জানে যে আমিয়েই পূজ্য দেৱী-দেৱতা আছিলোঁ। এতিয়া আমি কি হৈ গলোঁ? পতিত ভিকহু। এতিয়া পুনৰ আমিয়েই ৰাজকুমাৰ হ'ম। সকলোৰেতো একৰস পুৰুষাৰ্থ হ'ব নোৱাৰে। কোনোবা ভাঙি পৰে, কোনোবা বিশ্বাসঘাতক হয়। এনেকুৱা বিশ্বাসঘাতক বহুত আছে তেওঁলোকৰ সৈতে কথাই পাতিব নালাগে। কেৱল জ্ঞানৰ কথাৰ বাহিৰে আৰু অন্য কথা সুধিলে তেওঁক চয়তান বুলি জানিবা। সৎসংগই পাৰ কৰায়, কুসংগই ডুবায়। যিসকল জ্ঞানত বিচাৰ বুদ্ধি সম্পন্ন পিতাৰ অন্তৰ আসনাধিকাৰী তেওঁলোকৰহে সংগ ল'বা। তেওঁলোকে তোমালোকক জ্ঞানৰ মিঠা মিঠা কথা শুনাব। বাৰু।

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সেৱাধাৰী, বিশ্বাসী, আজ্ঞাকাৰী সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) যিজন দেহৰহিত বিচিত্ৰ, সেইজন পিতাৰ প্ৰতি প্ৰীতি ৰাখিব লাগে। কোনো দেহধাৰীৰ নাম-ৰূপত বুদ্ধি আবদ্ধ কৰিব নালাগে । মায়াৰ থাপৰ যাতে নালাগে তাৰ বাবে সাৱধান হ'ব লাগে ।

(2) যিয়ে জ্ঞানৰ কথাৰ বাহিৰে অন্য কথাও শুনায় তেওঁৰ সংগ ল'ব নালাগে। সম্পূৰ্ণ উত্তীৰ্ণ হ'বলৈ পুৰুষাৰ্থ কৰিব লাগে। কাঁইটক ফুল কৰি তোলাৰ সেৱা কৰিব লাগে ।

বৰদান:
“একমাত্ৰ পিতা আন কোনো নাই” এইটো স্মৃতিৰে বন্ধনমুক্ত, যোগযুক্ত হোৱা

এতিয়া ঘৰলৈ যোৱাৰ সময় সেয়েহে বন্ধনমুক্ত আৰু যোগযুক্ত হোৱা। বন্ধনমুক্ত অৰ্থাৎ ঢিলা পোছাক, আটিল নহয়। আদেশ পালা আৰু চেকেণ্ডত গ’লা। এনেকুৱা বন্ধনমুক্ত, যোগযুক্ত স্থিতিৰ বৰদান প্ৰাপ্ত কৰিবৰ বাবে সদায় যাতে “একমাত্ৰ পিতা আন কোনো নাই” - এইটো প্ৰতিজ্ঞা স্মৃতিত থাকে। কিয়নো ঘৰলৈ যাবৰ বাবে বা সত্যযুগী ৰাজ্যত আহিবৰ বাবে এই পুৰণা শৰীৰ এৰিব লাগিব। গতিকে পৰীক্ষা কৰা এনেকৈ সদাপ্ৰস্তুত হৈছানে নে এতিয়াও কিবা ৰছীৰে বান্ধ খাই আছা? এই পুৰণা চোলা আটিলতো নহয়?

স্লোগান:
ব্যৰ্থ সংকল্প ৰূপী অতিৰিক্ত ভোজন নকৰিবা তেতিয়া মেদবহুলতা ৰোগৰ পৰা সাতসাৰি যাবা।


সত্যতা আৰু সভ্যতা ৰূপী সংস্কৃতি ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

পিতাৰ সকলোতকৈ বঢ়য়া বস্তু হৈছে – সততা, সেয়েহে ভক্তিতো “ঈশ্বৰ সত্য” বুলি কয়। সকলোতকৈ প্ৰিয় বস্তু সততা কিয়নো যাৰ সততা থাকে তেওঁৰ স্বচ্ছতা থাকে, তেওঁ নিকা আৰু স্বচ্ছ হৈ থাকে। সেয়েহে সততাৰ গুণ কেতিয়াও নেৰিবা। সত্যতাৰ শক্তিয়ে ‘লিফ্‌ট’ ৰ কাম কৰে।