26.05.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোকে বহুত ভাল সংগ ল’ব লাগে, বেয়া সংগৰ ৰং লাগিলে অৱনমিত হৈ যাবা, কুসংগই বুদ্ধি তুচ্ছ কৰি দিয়ে”

প্ৰশ্ন:
এতিয়া তোমালোক সন্তানসকলৰ কেনেধৰণৰ উদ্দীপনাৰ জোৱাৰ উঠিব লাগে?

উত্তৰ:
তোমালোকৰ উদ্দীপনাৰ জোৱাৰ উঠিব লাগে যে গাঁৱে গাঁৱে গৈ সেৱা কৰোঁ। তোমালোকৰ ওচৰত যি কিছু আছে সেয়া সেৱাৰ অৰ্থে। পিতাই সন্তানসকলক ৰায় দিয়ে - সন্তানসকল, এই পুৰণি সৃষ্টিৰ অধীনতাৰ পৰা স্বতন্ত্ৰ হোৱা। কোনো বস্তুৰ প্ৰতি মমত্ব নাৰাখিবা, ইয়াৰ প্ৰতি অন্তৰৰ আকৰ্ষণ নাৰাখিবা।

গীত:
ইস পাপ কি দুনীয়া সে ….. (এই পাপৰ সৃষ্টিৰ পৰা…)

ওঁম্শান্তি।
পাপ আত্মাসকলৰ সৃষ্টি আৰু পুণ্য আত্মাসকলৰ সৃষ্টি, নাম আত্মাসকলৰহে ৰখা হয়। এতিয়া ইয়াত দুখ আছে সেইবাবে আহ্বান জনায়। পুণ্য আত্মাসকলৰ সৃষ্টিত আহ্বান নজনায় যে ক'ৰবালৈ লৈ যোৱা। তোমালোক সন্তানসকলে বুজি পোৱা, এয়া কোনো পণ্ডিত বা সন্ন্যাসী শাস্ত্ৰবাদী আদিয়ে নুশুনায়। এওঁ (ব্ৰহ্মা বাবাই) নিজেও কয় - মই এই জ্ঞান নাজানিছিলোঁ, ৰামায়ণ আদি শাস্ত্ৰতো অনেক পঢ়িছিলোঁ। বাকী এই জ্ঞান মই তোমালোকক শুনাওঁ। এৱোঁ (ব্ৰহ্মায়ো) শুনে। এতিয়া এইখন হৈছে পাপ আত্মাসকলৰ সৃষ্টি। পুণ্য আত্মাসকলৰ কাৰণে কেৱল ক'ব যে এওঁলোক হৈ গৈছে। বচ্, পূজা কৰি গুচি আহিব, শিৱৰ পূজা কৰি আহিব। তোমালোক সন্তানসকলে এতিয়া কাৰ পূজা কৰিবা? তোমালোকে জানা উচ্চতকৈও উচ্চ হৈছে ভগৱান শিৱ, তেওঁ হৈছে আজ্ঞাকাৰী পিতা, শিক্ষক, আজ্ঞাকাৰী গুৰু। লগত লৈ যোৱাৰ প্ৰতিশ্ৰুতি অন্য কোনো গুৰু আদিয়ে দিব নোৱাৰে। সেয়াও তেওঁলোকে জানো সকলোকে লৈ যাব। এতিয়া তোমালোক সন্মুখত বহি আছা, ইয়াৰ পৰা নিজৰ ঘৰলৈ গ’লে তোমালোকে সকলো পাহৰি যাবা। ইয়াত সন্মুখত শুনিলে আনন্দিত হ’বা। পিতাই বাৰে বাৰে কয় - সন্তানসকল, ভালদৰে পঢ়িবা। এই ক্ষেত্ৰত গাফিলতি নকৰিবা, কুসংগত আবদ্ধ নহ’বা। নহ’লে আৰু বেছিকৈহে তুচ্ছ বুদ্ধিৰ হৈ যাবা। সন্তানসকলে জানে - আমি কি আছিলোঁ, কি পাপ কৰিলোঁ। এতিয়া আমি এই দেৱতা হ’ম, এই পুৰণি সৃষ্টি শেষ হৈ যাব তেন্তে ইয়াত ঘৰ আদিৰ কি চিন্তা কৰিব লাগে। এই সৃষ্টিত যি কিছু আছে সেয়া সকলো পাহৰি যাব লাগে। নহলে বিঘিনি আনিব। এইবোৰৰ প্ৰতি অন্তৰৰ আকৰ্ষণ ৰাখিব নালাগে। আমি নতুন সৃষ্টিত গৈ নিজৰ হীৰা-মুকুতাৰ মহল সাজিম। ইয়াৰ পইচা আদি কিবা বস্তু ভাল লাগিলে শৰীৰ ত্যাগ কৰাৰ সময়ত সেইবোৰৰ প্ৰতি মোহ জাগি উঠিব। মোৰ মোৰ বুলি যদি কোৱা তেন্তে সেয়া অন্তিম সময়ত সন্মুখত আহি যাব। এয়াতো সকলো ইয়াত নাশ হৈ যাব। আমি নিজৰ ৰাজধানীত আহি যাম, ইয়াৰ প্ৰতি কি অন্তৰৰ আকৰ্ষণ ৰাখিব লাগে। তাত বহুত সুখ থাকে। নামেই হৈছে স্বৰ্গ। এতিয়া আমি নিজৰ ধামলৈ যাওঁ, এয়াতো হৈছে ৰাৱণৰ ধাম, আমাৰ নহয়। ইয়াৰ পৰা মুক্ত হ’বলৈ পুৰুষাৰ্থ কৰিব লাগে। বাবাই পুৰণি সৃষ্টিৰ অধীনতাৰ পৰা স্বতন্ত্ৰ কৰায় সেইবাবে পিতাই কয় কোনো বস্তুৰ প্ৰতি মোহ নাৰাখিবা। পেটে বেছি নিবিচাৰে, অপ্ৰয়োজনীয় বস্তুৰ নামত বহুত খৰচ হয়। তোমালোক সন্তানসকলৰ সেৱা কৰিবলৈ উদ্দীপনাৰ জোৱাৰ উঠিব লাগে। বহুত সন্তান আছে যিসকলৰ গাঁৱে গাঁৱে সেৱা কৰাৰ চখ আছে। বাকী যিসকলৰ সেৱাৰ চখ নাই, তেওঁলোকক কি কামৰ বুলি কোৱা হ’ব। যেনেকুৱা পিতা সন্তানসকলো তেনেকুৱা হোৱা উচিত। পিতাৰহে পৰিচয় দিব লাগে। পিতাক স্মৰণ কৰা আৰু পিতাৰ পৰা উত্তৰাধিকাৰ লোৱা। সন্তানসকলৰ যদি চখ থাকে যে আমি বাবাৰ সেৱা কৰিবলৈ যাওঁ। তেতিয়া পিতায়ো সাহস বঢ়ায়। পিতা সেৱা কৰিবলৈ আহিছে, সেৱাৰ কাৰণে সকলো আছে। এয়াতো পিতাৰ পৰিচয় সকলোকে দিব লাগে। পিতা এজনেই। ভাৰতত আহিছিল, ভাৰতত দেৱতাসকলৰ ৰাজ্য আছিল। কালিৰ কথা, লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছিল তাৰ পাছত ৰাম-সীতাৰ। পুনৰ বাম (বিকাৰী) মাৰ্গত অৱনমিত হ’ল। ৰাৱণৰাজ্য আৰম্ভ হ’ল, ছিৰি তললৈ নামিল এতিয়া পুনৰ আৰোহণ কলা, চেকেণ্ডৰ কথা।

এবিধ হৈছে সঁচা মৰম, আনবিধ হৈছে কৃত্ৰিম মৰম। সঁচা মৰম পিতাৰ সৈতে তেতিয়া থাকিব যেতিয়া নিজক আত্মা বুলি বুজিব। এতিয়া তোমালোক সন্তানসকলৰ এই জগতৰ প্ৰতি কৃত্ৰিম মৰম আছে। এইখনতো নাশ হৈ যাব। সেৱা কৰোঁতাসকল কেতিয়াও ভোকত মৰিব নোৱাৰে। গতিকে সন্তানসকলৰ সেৱাৰ চখ থাকিব লাগে। তোমালোকৰ ঈশ্বৰীয় অভিযান অতি সহজ। কোনোৱে বুজি নাপায় যে ধৰ্ম কেনেকৈ প্ৰতিষ্ঠা হয়। যীশুখ্ৰীষ্ট আহিল, খ্ৰীষ্টিয়ান ধৰ্ম প্ৰতিষ্ঠা কৰিলে, ধৰ্মৰ বৃদ্ধি হ'ল। তেওঁৰ মতত চলি চলি অৱনমিত হৈ আহিল, এতিয়া তোমালোক সন্তানসকল দেহী-অভিমানী হ'ব লাগে। আধাকল্প ৰাৱণৰাজ্যত আমি পিতাক পাহৰি গ’লোঁ, এতিয়া পিতা আহি জাগ্ৰত কৰিছে। বাবাই কয় - ড্ৰামা অনুসাৰে তোমালোক অৱনমিত হ'বলগীয়াই আছিল। তোমালোকৰো দোষ নাই। ৰাৱণৰাজ্যত সৃষ্টিৰ এনেকুৱা অৱস্থা হৈ যায়। পিতাই কয় – এতিয়া মই পঢ়াবলৈ আহিছোঁ। তোমালোকে পুনৰ নিজৰ ৰাজ্য লৈ লোৱা। মই অন্য কোনো কষ্ট নিদিওঁ। এটাতো, বজাৰৰ ছিঃ ছিঃ (অশুদ্ধ) বস্তু নাখাবা আৰু মামেকম্‌ (কেৱল মোক) স্মৰণ কৰিবা। এতিয়া তোমালোক সন্তানসকলে জানা - এয়া ড্ৰামাৰ চক্ৰ, যিটো আকৌ পুনৰাবৃত্তি হ’ব, তোমালোকৰ বুদ্ধিত ড্ৰামাৰ আদি, মধ্য, অন্তৰ জ্ঞান আছে। তোমালোকে যিকোনো লোককে বুজাব পাৰা। প্ৰথমেতো পিতাৰ স্মৃতি থাকিব লাগে। সেৱাৰ কাৰণে পৰস্পৰ মিলি সহযোগী তৈয়াৰ কৰি লোৱা উচিত। মাতাসকলো ওলাই আহিব লাগে। এই ক্ষেত্ৰত ভীতিগ্ৰস্ত হোৱাৰ কোনো কাৰণ নাই। চিত্ৰ আদি সকলো তোমালোকে পাবা। তোমালোকৰ সেৱা বহুত হ’ব। এনেকৈ ক’ব - আপোনালোক গুচি গ’লে আমাক কোনে শিকাব? তেতিয়া ক’বা, আমি সেৱা কৰিবৰ কাৰণে প্ৰস্তুত হৈ আছোঁ। ঘৰ আদিৰ ব্যৱস্থা কৰক। বহুতৰ কল্যাণৰ কাৰণে নিমিত্ত হৈ যাব। বাবাই সেৱাৰ বাবে উৎসাহিত কৰে। সন্তানসকলে সাহস কৰিলে তেতিয়া সেৱাও বৃদ্ধি হয়। এয়া কোনো মেলা নহয় যে 10-15 দিন চলাৰ পাছত সমাপ্ত হৈ যাব। এই মেলাতো চলিয়েই থাকে। ইয়াত আত্মাসকল আৰু পৰমাত্মাৰ মিলন হয়, যাক প্ৰকৃত মেলা বুলি কোৱা হয়। সেয়াতো এতিয়া চলিয়ে আছে। মেলা সমাপ্ত তেতিয়াহে হ’ব যেতিয়া সেৱা সম্পূৰ্ণ হ’ব। ড্ৰামা অনুসৰি সন্তানসকলৰ সেৱাৰ প্ৰতি বহুত চখ থাকিব লাগে। বেহদৰ পিতাৰ যি জ্ঞান আছে, সেয়া সন্তানসকলৰ বুদ্ধিত আছে। উচ্চৰো উচ্চ পিতাৰ দ্বাৰা আমি কিমান উচ্চ হৈ আহিছোঁ। এনেকৈ নিজৰ সৈতে কথা পাতিব লাগে। পৰস্পৰ আলোচনা চক্ৰ কৰিব লাগে। বাবাৰ পৰা ৰায় লৈ সেৱাত লাগি যোৱা। যদি কিবা সহায়ৰ প্রয়োজন হয় তেন্তে বাবা ‘দুল্‌হেলাল’ বহি আছে। এই সকলোবোৰ ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। চিন্তাৰ কোনো কথা নাই। নহ’লে স্থাপনা কেনেকৈ হ’ব। দ্বিতীয়তে এইটো কথাও আছে যে যিয়ে কৰিব তেৱেঁ পাব। এতিয়া তোমালোক সন্তানসকল পাথৰবুদ্ধিৰ পৰা হীৰাতুল্য হৈ যোৱা। পিতাই জ্ঞানৰ দ্বাৰা তোমালোকক ইমান চিধা (শ্ৰেষ্ঠাচাৰী) কৰি দিয়ে, মায়াই আকৌ নাকত ধৰি পিছমুৱা কৰি দিয়ে।

তোমালোক সন্তানসকলে বহুত ভাল সংগ ল’ব লাগে। বেয়া সংগৰ ৰং লাগিলে অৱনমিত হৈ যাবা। পিতাই চিনেমা আদি চাবলৈ মানা কৰে। যিসকলৰ চিনেমা চোৱাৰ অভ্যাস হৈ যায় তেওঁলোক পতিত নোহোৱাকৈ থাকিব নোৱাৰিব। ইয়াত প্ৰত্যেকৰে কৰ্মকাণ্ড লেতেৰা, নামেই হৈছে বেশ্যালয়। পিতাই শিৱালয় স্থাপনা কৰি আছে। বেশ্যালয়ত পূৰা জুই লাগিব। কুম্ভকৰ্ণৰ নিচিনাকৈ আসুৰিক নিদ্ৰাত শুই আছে। তোমালোকে বুজি পোৱা যে আমি শিৱালয়লৈ গৈ আছোঁ। প্ৰথমতে আমিও বান্দৰ সদৃশ আছিলোঁ, ইয়াৰ ওপৰত ৰামায়ণতো এটা কাহিনী আছে। এতিয়া তোমালোক পিতাৰ সহযোগী হৈছা। তোমালোকে নিজৰ শক্তিৰে ৰাজ্য স্থাপনা কৰি আছা। আকৌ এই ৰাৱণৰাজ্য নাশ হৈ যাব। তোমালোক সন্তানসকলক অনেক প্ৰকাৰৰ যুক্তি শুনাই থাকে। কাকোৱে যদি দান নকৰা তেন্তে ফলনো কেনেকৈ পাবা। প্ৰথমে 10-15 জনক মাৰ্গ-দৰ্শন কৰাৰ পাছতহে আহাৰ গ্ৰহণ কৰিব লাগে। প্ৰথমে শুভ কৰ্ম কৰি আহা, ইয়াতহে তোমালোকৰ কল্যাণ আছে। কোনো দেহধাৰীক স্মৰণ নকৰিবা। এইখনতো পতিত সৃষ্টি। পতিত-পাৱন এজন পিতাক স্মৰণ কৰিবা তেতিয়া পাৱন সৃষ্টিৰ মালিক হৈ যাবা। অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হৈ যাব। সেয়েহে কাৰোবাক নহয় কাৰোবাক জ্ঞান শুনাই তাৰ পাছত আহি আহাৰ গ্ৰহণ কৰিব লাগে। তোমালোকে সকলোকে এয়াই কৈ থাকা যে পিতাক স্মৰণ কৰিলে এনেকুৱা উচ্চ হৈ যাবাগৈ। বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।

ৰাতিৰ ক্লাচ : 17-03-1968

কেতিয়াবা কিবা ভাষণ আদি দিবলৈ হ’লে পৰস্পৰ মিলি দুই-চাৰিবাৰ আখৰা কৰিবা, মূল কথাবোৰ সংযোজন সংশোধন কৰি তৈয়াৰ কৰিবা তেতিয়া পৰিশোধিত ভাষণ দিব পাৰিবা। মূল এটা কথাৰ ওপৰতে (গীতাৰ ভগৱানৰ ওপৰত) তোমালোক বিজয়ী হ’ব পাৰিলে বাকী সকলো কথাতে বিজয় হৈ যাব, ইয়াৰ বাবে সন্মিলনতো হ’ব নহয়! বুজি গৈ থাকিবা বৃক্ষ জোপাৰতো বৃদ্ধি নিশ্চয় হ’ব। মায়াৰ ধুমুহাতো সকলোৰে লাগে। প্ৰায়ে লিখে - বাবা মই কাম বিকাৰৰ চৰ খালোঁ, ইয়াক কোৱা হয় উপাৰ্জন কৰা সকলো শেষ। ক্ৰোধ আদি কৰিলে কোৱা হ’ব যে কিছু লোকচান হ’ল। ইয়াৰ বাবে বুজাবলগীয়া হয়, কাম বিকাৰক জয় কৰি জগতজিৎ হয়। কাম বিকাৰত পৰাজিত হ’লেই পৰাজয় হয়। কাম বিকাৰত পৰাজিত হোৱাজনৰ উপাৰ্জন শেষ হৈ যায়, শাস্তিৰ ভাগীদাৰ হৈ যায়। লক্ষ্য বহুত উচ্চ সেয়েহে বহুত সাৱধান হ’বলগীয়া হয়। তোমালোক সন্তানসকলে জানা যে 5000 বছৰ পূৰ্বেও আমি বাদশ্বাহী পাইছিলোঁ। এতিয়া পুনৰ দৈৱী ৰাজধানী স্থাপনা হৈ আছে। এই পঢ়াৰ দ্বাৰা আমি সেই ৰাজধানীলৈ যাওঁ, সকলো পঢ়াৰ ওপৰতে নিৰ্ভৰ কৰে। পঢ়া আৰু ধাৰণাৰ দ্বাৰাহে আমি পিতাৰ সমান হ’মগৈ। ৰেজিষ্টাৰৰো প্ৰয়োজন হয় নহয় যাৰ দ্বাৰা জানিব পৰা যায় যে কিমানক নিজৰ সমান কৰি গঢ়িলোঁ। যিমান বেছি ধাৰণা কৰিবা সিমান বেছি মৰমৰ হ’বা। অতি মৰমীয়াল সন্তানৰ প্ৰয়োজন। তোমালোক সন্তানসকলৰ কাৰণেই “সেই দিনবোৰ পুনৰ আজি আহিল”, যাৰ কাৰণে মনুষ্যই বহুত চেষ্টা কৰে যে মুক্তিলৈ যাওঁ। পিতাই সকলোকে একেলগে মুক্তি জীৱনমুক্তি দিয়ে। যিসকলে দেৱতা হোৱাৰ পুৰুষাৰ্থ কৰে তেওঁলোকেই জীৱনমুক্তিত আহিব। বাকী সকলো মুক্তিত যাব। হিচাপ সঠিককৈ উলিয়াব নোৱাৰি। কিছুমানতো থাকিও যাব। বিনাশৰ সাক্ষাৎকাৰ কৰিব। এই সোণালী সময়ো দেখিবলৈ পাবা। প্ৰতিটো কথাত পুৰুষাৰ্থ কৰিবলগীয়া হয়। এনেকুৱাও নহয় যে স্মৰণ কৰিবলৈ বহিলে কাম হৈ যাব। ঘৰ পাই যাবা। নহয়। সেয়াতো ড্ৰামাত যি আছে সেয়াই হয়, আশা ৰাখিব নালাগে। পুৰুষাৰ্থ কৰিব লাগে। বাকী সেয়াই হয় যি ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। আগলৈ গৈ তোমালোকৰ বৃত্তিও “ভাই ভাই”ৰ হৈ যাব। যিমান পুৰুষাৰ্থ কৰিবা সিমানে “ভাই ভাই”ৰ বৃত্তি থাকিব। আমি অশৰীৰী হৈ আহিছিলোঁ। 84 জন্মৰ চক্ৰ পূৰা কৰিলোঁ। এতিয়া পিতাই কয় - কৰ্মাতীত অৱস্থাত যাব লাগে।

তোমালোকে বাস্তৱত কাৰো সৈতে শাস্ত্ৰ আদিৰ ওপৰত বিবাদ কৰাৰ দৰকাৰ নাই। মূল কথা হৈছেই স্মৃতিত থকাৰ আৰু সৃষ্টিৰ আদি মধ্য অন্তক বুজি পোৱাৰ। চক্ৰৱৰ্তী ৰজা হব লাগে। এই চক্ৰকে কেৱল বুজিব লাগে। ইয়াৰে গায়ন আছে ছেকেণ্ডত জীৱনমুক্তি। তোমালোক সন্তানসকল আচম্বিত হোৱা চাগৈ, আধাকল্প ভক্তি চলে। জ্ঞান অলপো নাই। জ্ঞান পিতাৰহে আছে। পিতাৰ দ্বাৰাই জানিব লাগে। এই পিতা কিমান অসাধাৰণ, সেইবাবে কোটিৰ মাজত কোনোবাহে ওলায়। সেই শিক্ষকসকলে জানো এনেকৈ ক’ব। এওঁতো কয় - ময়েই পিতা, শিক্ষক, গুৰু হওঁ। গতিকে মনুষ্যই শুনি আচম্বিত হৈ যাব। ভাৰতক মাতৃৰ দেশ বুলি কোৱা হয় কিয়নো অম্বাৰ নাম অতি প্ৰসিদ্ধ। অম্বাৰ মেলাও বহুত অনুষ্ঠিত কৰা হয়। ‘অম্বা’ শব্দটি মিঠা। শিশুৱেও মাকক মৰম কৰে কিয়নো মাকে খুৱায়-বুৱায় তত্বাৱধান লয়। এতিয়া অম্বাৰ বাবাও থাকিব লাগিব নহয় জানো। এওঁতো তুলি লোৱা কন্যা, এওঁৰ স্বামীতো নাই। এয়া নতুন কথা হয় নহয়। প্ৰজাপিতা ব্ৰহ্মাই নিশ্চয় তুলি ল’ব। এই সকলো কথা পিতাহে আহি তোমালোক সন্তানসকলক বুজায়। কিমান মেলা লাগে পূজা হয়, কিয়নো তোমালোক সন্তানসকলে সেৱা কৰা। মম্মাই যিমানক পঢ়ালে সিমান আৰু অন্য কোনেও পঢ়াব নোৱাৰে। মম্মাৰ নাম অতি প্ৰসিদ্ধ, মেলাও বহুত অনুষ্ঠিত কৰে। এতিয়া তোমালোক সন্তানসকলে জানা, পিতাহে আহি ৰচনাৰ আদি, মধ্য, অন্তৰ সকলো ৰহস্য তোমালোক সন্তানসকলক বুজাইছে। তোমালোকে পিতাৰ ঘৰৰ বিষয়েও জানিছা। পিতাৰ প্ৰতিয়ে মৰম আছে, ঘৰৰ প্ৰতিও মৰম আছে। এই জ্ঞান তোমালোকে এতিয়া পোৱা। এই পঢ়াৰ দ্বাৰা কিমান উপাৰ্জন হয়। তেন্তে আনন্দিত হোৱা উচিত নহয় জানো আৰু তোমালোক হৈছা একেবাৰে সাধাৰণ। জগতৰ লোকে নাজানে, পিতা আহি এই জ্ঞান শুনায়। পিতাহে আহি সকলো নতুন নতুন কথা সন্তানসকলক শুনায়। নতুন সৃষ্টি বেহদৰ পঢ়াৰ দ্বাৰা স্থাপনা হয়। পুৰণি সৃষ্টিৰ প্ৰতি বৈৰাগ্য জন্মে। তোমালোক সন্তানসকলৰ ভিতৰত জ্ঞানৰ আনন্দ থাকে। পিতা আৰু ঘৰক স্মৰণ কৰিব লাগে। ঘৰলৈতো সকলোৱে যাবই লাগিব। পিতাইতো সকলোকে ক’ব নহয় যে সন্তানসকল, মই তোমালোকক মুক্তি জীৱনমুক্তিৰ উত্তৰাধিকাৰ দিবলৈ আহিছোঁ। আকৌ পাহৰি কিয় যোৱা! মই তোমালোকৰ বেহদৰ পিতা হওঁ, ৰাজযোগ শিকাবলৈ আহিছোঁ। তেন্তে তোমালোক শ্ৰীমতত নচলিবা জানো। শ্ৰীমতত নচলিলেতো বহুত লোকচান হৈ যাব। এয়া হৈছে বেহদৰ (অসীমিত) লোকচান। পিতাৰ হাত এৰি দিলে উপাৰ্জনত লোকচান হৈ যাব। ভাল বাৰু - শুভৰাত্ৰি। ওঁম্‌ শান্তি।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এইখন সৃষ্টিত যি কিছু আছে সেয়া পাহৰি যাব লাগে। পিতাৰ সমান আজ্ঞাকাৰী হৈ সেৱা কৰিব লাগে। সকলোকে পিতাৰ পৰিচয় দিব লাগে।

(2) এই পতিত সৃষ্টিত নিজক কুসুংগৰ পৰা ৰক্ষা কৰিব লাগে। বজাৰৰ লেতেৰা ভোজন খাব নালাগে, চিনেমা চাব নালাগে।

বৰদান:
ত্ৰিকালদৰ্শী স্থিতিৰে ব্যৰ্থৰ পুঁজি সমাপ্ত কৰোঁতা সদায় সফলতামূৰ্ত হোৱা

ত্ৰিকালদৰ্শী স্থিতিত স্থিৰ হোৱা অৰ্থাৎ প্ৰতিটো সংকল্প, বাণী আৰু কৰ্ম কৰাৰ আগতে পৰীক্ষা কৰা যে এইটো ব্যৰ্থ নে সমৰ্থ! ব্যৰ্থই এক চেকেণ্ডত পদমৰ লোকচান কৰায়, সমৰ্থই এক চেকেণ্ডত পদমৰ উপাৰ্জন কৰায়। চেকেণ্ডৰ ব্যৰ্থয়ো উপাৰ্জনত বহুত লোকচান কৰি দিয়ে যাৰ দ্বাৰা জমা কৰি থোৱা উপাৰ্জনো লুকাই যায় সেই কাৰণে এক কাল দৰ্শী হৈ কৰ্ম কৰাৰ সলনি ত্ৰিকালদৰ্শী স্থিতিত স্থিৰ হৈ কৰা তেতিয়া ব্যৰ্থ সমাপ্ত হৈ যাব আৰু সদায় সফলতামূৰ্ত হৈ যাবা।

স্লোগান:
মান, সম্ভ্ৰম আৰু সাধনৰ ত্যাগেই মহান ত্যাগ।


আত্মিক আভিজাত্য আৰু পৱিত্ৰতাৰ ব্যক্তিত্ব ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

যেনেকৈ দেহ আৰু দেহী দুয়োটা বেলেগ বেলেগ বস্তু, কিন্তু অজ্ঞানবশত দুয়োটাকে মিলাই দিছে; মোৰটোকে মই বুলি বুজি লৈছে আৰু এইটো ভুলৰ কাৰণে ইমান দুশ্চিন্তা, দুখ আৰু অশান্তি প্ৰাপ্ত হ’ল। তেনেকৈ এই অপৱিত্ৰতা আৰু বিস্মৃতিৰ সংস্কাৰ, যিটো ব্ৰাহ্মণৰ নহয়, শূদ্ৰৰ, ইয়াকো মোৰ বুলি বুজা বাবে মায়াৰ বশ হৈ যোৱা আৰু তেতিয়া চিন্তিত হৈ যোৱা।