26.06.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – সদায় এইটো নিচাত থাকা যে আমাৰ হৈছে পদ্মাপদম ভাগ্য, যিগৰাকী পতিত-পাৱন পিতাৰ আমি সন্তান হৈছোঁ, তেওঁৰ পৰা আমি বেহদ সুখৰ উত্তৰাধিকাৰ পাওঁ”

প্ৰশ্ন:
তোমালোক সন্তানসকলৰ কোনো ধৰ্মৰ প্ৰতি ঘৃণা বা বিতৃষ্ণা জন্মিব নোৱাৰে - কিয়?

উত্তৰ:
কাৰণ তোমালোকে বীজ আৰু বৃক্ষক জানা। তোমালোকে জানা যে এয়া হৈছে মনুষ্য সৃষ্টি ৰূপী বেহদ বৃক্ষ ইয়াত সকলোৰে নিজৰ নিজৰ ভূমিকা আছে। নাটকত কেতিয়াও ভাৱৰীয়াসকলে ইজনে সিজনক ঘৃণা নকৰে। তোমালোকে জানা যে আমি এই নাটকত নায়ক-নায়িকাৰ ভূমিকা পালন কৰিলোঁ। আমি যি সুখ দেখিলোঁ, সেয়া অন্য কোনেও প্ৰত্যক্ষ কৰিব নোৱাৰে। তোমালোক অপাৰ আনন্দিত হোৱা যে আমিয়েই হৈছোঁ সমগ্ৰ বিশ্বত ৰাজ্য কৰোঁতা।

ওঁম্শান্তি।
ওঁম্ শান্তি বুলি কওঁতেই সন্তানসকলে যি জ্ঞান প্ৰাপ্ত কৰিছে, সেয়া গোটেই বুদ্ধিত আহি যোৱা উচিত। পিতাৰো বুদ্ধিত কি জ্ঞান আছে? এয়া হৈছে মনুষ্য সৃষ্টি ৰূপী বৃক্ষ, যাক কল্পবৃক্ষ বুলিও কোৱা হয়, তাৰ উৎপত্তি, পালন আৰু বিনাশ কেনেকৈ হয়, সকলো বুদ্ধিত আহি যাব লাগে। যেনেকৈ সেয়া হৈছে জড় বৃক্ষ, এয়া হৈছে চৈতন্য। বীজো হৈছে চৈতন্য। তেওঁৰ মহিমাও গায়, তেওঁ হৈছে সত্য, চৈতন্য অৰ্থাৎ বৃক্ষৰ আদি, মধ্য, অন্তৰ ৰহস্য বুজাই আছে। কোনেও তেওঁৰ বৃত্তিৰ বিষয়ে নাজানে। প্ৰজাপিতা ব্ৰহ্মাৰ বৃত্তিৰ বিষয়েও জানিব লাগে নহয়। ব্ৰহ্মাক কোনেও স্মৰণ নকৰে, নাজানেই। আজমিৰত ব্ৰহ্মাৰ মন্দিৰ আছে। ত্ৰিমূৰ্তিৰ চিত্ৰ ছপায়, তাত ব্ৰহ্মা, বিষ্ণু, শংকৰ আছে। ব্ৰহ্মা দেৱতায়ে নমঃ বুলি কয়। এতিয়া তোমালোক সন্তানসকলে জানা - এই সময়ত ব্ৰহ্মাক দেৱতা বুলি কোৱা নহয়। যেতিয়া সম্পূৰ্ণ হ’ব তেতিয়া দেৱতা বুলি কোৱা হ’ব। সম্পূৰ্ণ হৈ সূক্ষ্মলোকলৈ গুচি যায়।

বাবাই কয় - তোমালোকৰ পিতাৰ নাম কি? কাক সোধে? আত্মাসকলক। আত্মাই কয় - মোৰ বাবা। যিয়ে নাজানে যে কোনে ক’লে, তেওঁতো প্ৰশ্ন সুধিব নোৱাৰে। এতিয়া সন্তানসকলে বুজিতো পালে যে - যথাযথ সকলোৰে দুজন পিতা আছে। জ্ঞানতো এজন পিতাইহে দিয়ে। এতিয়া তোমালোক সন্তানসকলে বুজি পোৱা যে এয়া হৈছে শিৱবাবাৰ ৰথ। বাবাই এই ৰথৰ দ্বাৰা আমাক জ্ঞান শুনায়। এফালে এয়া পাৰ্থিৱ পিতা ব্ৰহ্মাৰ ৰথ। আনফালে আকৌ আত্মিক পিতাৰ এয়া ৰথ। সেই আত্মিক পিতাৰ মহিমা হৈছে সুখৰ সাগৰ, শান্তিৰ সাগৰ……। প্ৰথমতে এইটো বুদ্ধিত থাকিব যে এওঁ হৈছে বেহদৰ পিতা যাৰ দ্বাৰা বেহদৰ উত্তৰাধিকাৰ প্ৰাপ্ত হয়। পৱিত্ৰ সৃষ্টিৰ মালিক হয়। নিৰাকাৰক আহ্বান জনায় - পতিত-পাৱন আহক। আত্মাইহে মাতে। যেতিয়া আত্মা পৱিত্ৰ হৈ থাকে তেতিয়া নামাতে। পতিত হ’লে তেতিয়া মাতে। এতিয়া তোমালোক আত্মাসকলে জানা যে সেই পতিত-পাৱন পিতা এই শৰীৰত আহিছে। এইটো পাহৰিব নালাগে, আমি তেওঁৰ হৈ গৈছোঁ। এয়া কেৱল সৌভাগ্যৰে কথা নহয় পদ্‌ম ভাগ্যৰ কথা। তেন্তে সেইজন পিতাক কিয় পাহৰিব লাগে। এই সময়ত পিতা আহিছে – এয়া হৈছে নতুন কথা। শিৱ জয়ন্তীও প্ৰত্যেক বছৰে পালন কৰা হয়। তেন্তে তেওঁ নিশ্চয় এবাৰেই আহে। লক্ষ্মী-নাৰায়ণ সত্যযুগত আছিল। এই সময়ত নাই। গতিকে বুজাব লাগে যে তেওঁলোকে পুনৰ্জন্ম লৈছে। 16 কলাৰ পৰা 12-14 কলাত আহিছে। এয়া তোমালোকৰ বাহিৰে অন্য কোনেও নাজানে। সত্যযুগ বুলি কোৱা হয় নতুন সৃষ্টিক। তাত সকলোবোৰ নতুন। ‘দেৱতা-ধৰ্ম’ৰ নামো গায়ন কৰা হয়। সেই দেৱতাসকলেই যেতিয়া বিকাৰী মাৰ্গত যায় তেতিয়া তেওঁলোক নতুন হৈ নাথাকে, গতিকে দেৱতা বুলিও ক’ব নোৱাৰি। কোনেও এনেকৈ নক’ব যে আমি তেওঁলোকৰ বংশাৱলী। যদি নিজক সেই বংশাৱলীৰ বুলি ভাবে তেন্তে আকৌ তেওঁলোকৰ মহিমা, নিজৰ নিন্দা কিয় কৰে? মহিমা যেতিয়া কৰে তেতিয়া নিশ্চয় তেওঁলোকক পৱিত্ৰ, নিজক অপৱিত্ৰ পতিত বুলি ভাবে। পাৱনৰ পৰা পতিত হয়, পুনৰ্জন্ম লয়। পোন-প্ৰথমে যিসকল পাৱন আছিল তেওঁলোকেই আকৌ পতিত হয়। তোমালোকে জানা যে পাৱনৰ পৰা এতিয়া পতিত হৈছা। তোমালোক স্কুলত পঢ়া, তাত ক্ৰমানুসৰি প্ৰথম, দ্বিতীয়, তৃতীয় শ্ৰেণীতো থাকেই।

এতিয়া সন্তানসকলে বুজি পায় যে আমাক পিতাই পঢ়ায়, সেই কাৰণেইতো আহে। নহ’লেনো ইয়ালৈ অহাৰ কি দৰকাৰ। তেওঁ কোনো গুৰু, মহাত্মা, মহাপুৰুষ আদি একো নহয়। এয়াতো সাধাৰণ মনুষ্যৰ শৰীৰ, সেয়াও বহুত পুৰণা। বহুত জন্মৰ অন্তত প্ৰৱেশ কৰোঁ। তেওঁৰতো (ব্ৰহ্মাৰ) আৰু কোনো মহিমা নাই কেৱল তেওঁৰ শৰীৰত প্ৰৱেশ কৰোঁ তেতিয়া তেওঁৰ নাম হয়। নহ’লেনো প্ৰজাপিতা ব্ৰহ্মা ক’ৰ পৰা আহিল। মনুষ্য নিশ্চয় বিভ্ৰান্ত হয়। পিতাই তোমালোকক বুজাইছে সেইবাবে তোমালোকে অন্যক বুজোৱা। ব্ৰহ্মাৰ পিতা কোন? ব্ৰহ্মা, বিষ্ণু, শংকৰ - তেওঁলোকৰ ৰচয়িতা হৈছে এই শিৱবাবা। বুদ্ধি ওপৰলৈ গুচি যায়। পৰমপিতা পৰমাত্মা যি পৰমধামত থাকে, তেওঁৰ এয়া ৰচনা। ব্ৰহ্মা, বিষ্ণু, শংকৰৰ বৃত্তি বেলেগ। এটা দলত 3-4 গৰাকী থাকিলে প্ৰত্যেকৰে বৃত্তি বেলেগ বেলেগ হয়। সকলোৰে নিজৰ নিজৰ ভূমিকা থাকে। ইমান কোটি কোটি আত্মা আছে - এজনৰ ভূমিকা আনজনৰ লগত নিমিলে। এই আচৰিত কথাবোৰ বুজিব লাগে। কিমান অনেক মনুষ্য আছে। এতিয়া চক্ৰ পূৰা হয়। অন্তৰ সময় নহয় জানো। সকলো উভতি যাব, আকৌ চক্ৰ পুনৰাবৃত্তি হ’ব। পিতাই এই সকলো কথা ভিন্ন ভিন্ন প্ৰকাৰে বুজাই থাকে, নতুন কথা নহয়। কয় – কল্প পূৰ্বেও বুজাইছিলোঁ। অতিকৈ মৰমিয়াল পিতা, এনেকুৱা পিতাকতো বহুত মৰমৰে স্মৰণ কৰিব লাগে। তোমালোকো পিতাৰ মৰমৰ সন্তান নোহোৱা জানো। পিতাক স্মৰণ কৰি আহিছা। প্ৰথমতে সকলোৱে এজনকে পূজা কৰিছিল। ভেদ-ভাৱৰ কথা নাছিল। এতিয়াটো কিমান ভেদ-ভাৱ আছে। এওঁ ৰামৰ ভক্ত, এওঁ কৃষ্ণৰ ভক্ত। ৰামৰ ভক্তই ধূপ জ্বলালে কৃষ্ণৰ ভক্তই নাক বন্ধ কৰি দিয়ে। এনেকুৱাও কিছুমান কথাও শাস্ত্ৰত আছে। তেওঁলোকে কয় - আমাৰ ভগৱান শ্ৰেষ্ঠ, তেওঁলোকে কয় আমাৰ শ্ৰেষ্ঠ, দুজন ভগৱান বুলি ভাবি লয়। গতিকে ভুল হোৱাৰ কাৰণে সকলো অধাৰ্মিক কামেই কৰে।

পিতায় বুজায় - সন্তানসকল, ভক্তি ভক্তিয়েই, জ্ঞান জ্ঞানেই। জ্ঞানৰ সাগৰ এজন পিতাই হয়। বাকী সেই সকলো হৈছে ভক্তিৰ সাগৰ। জ্ঞানৰ দ্বাৰা সৎগতি হয়। এতিয়া তোমালোক সন্তানসকল জ্ঞানী হৈছা। পিতাই তোমালোকক নিজৰ আৰু গোটেই চক্ৰৰো পৰিচয় দিছে, যিটো অন্য কোনেও দিব নোৱাৰে সেইবাবে পিতাই কয় - তোমালোক সন্তানসকল হৈছা স্বদৰ্শন চক্ৰধাৰী। পৰমপিতা পৰমাত্মাতো এজনেই। বাকী সকলো হৈছে সন্তান। পৰমপিতা বুলি নিজকে কোনেও ক’ব নোৱাৰে। যিসকল ভাল বিচাৰ বুদ্ধি সম্পন্ন মনুষ্য আছে তেওঁলোকে বুজি পায় যে এইখন কিমান ডাঙৰ ড্ৰামা। তাত সকলো ভাৱৰীয়াই অবিনাশী ভূমিকা পালন কৰে। সেই সৰু নাটকবোৰতো বিনাশী, এয়া হৈছে অনাদি অবিনাশী। কেতিয়াও শেষ নহয়। ইমান সূক্ষ্ম আত্মা, ইমান ডাঙৰ ভূমিকা প্ৰাপ্ত কৰিছে - শৰীৰ লোৱা আৰু এৰাৰ আৰু ভূমিকা পালন কৰাৰ। এই কথাবোৰ কোনো শাস্ত্ৰত নাই। যদি এওঁক (ব্ৰহ্মাক) কোনো গুৰুৱে শুনালেহেঁতেন তেনেহ’লে তেওঁৰ অন্য অনুগামীও থাকিলহেঁতেন নহয় জানো, কেৱল এজন অনুগামী কি কামৰ। অনুগামী হৈছে সেইজন যিয়ে পূৰা অনুসৰণ কৰে। এওঁৰ পোচাক আদিতো তেনেকুৱা নহয়। কোনে শিষ্য বুলি ক’ব। এয়াতো পিতাই বহি পঢ়ায়। পিতাকেই অনুসৰণ কৰিব লাগে, যেনেকৈ বৰযাত্ৰী থাকে। শিৱৰো বৰযাত্ৰী বুলি কোৱা হয়। বাবাই কয় - এয়া মোৰ বৰযাত্ৰী। তোমালোক সকলো হৈছা ভক্ত, মই হৈছো ভগৱান। তোমালোক হৈছা সকলো প্ৰেয়সী, বাবা আহিছে তোমালোকক অলংকৃত কৰি লৈ যাবলৈ। কিমান আনন্দিত হ’ব লাগে। এতিয়া তোমালোকে সৃষ্টিৰ আদি, মধ্য, অন্তক জানা। তোমালোকে পিতাক স্মৰণ কৰি কৰি পৱিত্ৰ হৈ যোৱা তেতিয়া পৱিত্ৰ ৰাজ্য প্ৰাপ্ত কৰা। পিতাই বুজায় - মই আহোঁৱেই অন্তত। মোক আহ্বানেই কৰে - পাৱন সৃষ্টিৰ স্থাপনা আৰু পতিত সৃষ্টিৰ বিনাশ কৰাবলৈ আহক, সেইবাবে মহাকাল বুলিও কয়। মহাকালৰো মন্দিৰ থাকে। কালৰ মন্দিৰতো দেখা নহয়। শিৱক কাল বুলি কোৱা হ’ব নহয়। আহ্বান জনায় যে আহি পাৱন কৰি তোলক। আত্মাসকলক লৈ যায়। বেহদৰ পিতা কিমান অনেক আত্মাক লৈ যাবলৈ আহিছে। কালৰো-কাল মহাকাল, সকলো আত্মাক পৱিত্ৰ ফুল কৰি লৈ যায়। ফুল হৈ গ’লে তেতিয়া পিতায়ো কোলাত লৈ যাব। যদি পৱিত্ৰ নোহোৱা তেন্তে শাস্তি খাব লাগিব, পাৰ্থক্যতো থাকে নহয়। পাপ থাকি গ’লে তেতিয়া শাস্তি খাবলগীয়া হয়। পদো এনেকুৱা পায় সেইবাবে পিতাই বুজায় - মৰমৰ সন্তানসকল, বহুত অমায়িক হোৱা। শ্ৰীকৃষ্ণ সকলোৰে মৰমৰ নহয় জানো। কিমান মৰমেৰে শ্ৰীকৃষ্ণক দোলায়, ধ্যানত শ্ৰীকৃষ্ণক শিশু ৰূপত দেখি তৎক্ষণাৎ কোলাত লৈ মৰম কৰে। বৈকুণ্ঠলৈ গুচি যায়। তাত শ্ৰীকৃষ্ণক চৈতন্য ৰূপত দেখে। এতিয়া তোমালোক সন্তানসকলে জানা যে সঁচাকৈ বৈকুণ্ঠ আহি আছে। আমি ভৱিষ্যতলৈ এনেকুৱা হ'ম। শ্ৰীকৃষ্ণৰ কলংক লগায়, সেয়া সকলো মিছা। তোমালোক সন্তানসকলৰ প্ৰথমে নিচা জাগিব লাগে। আৰম্ভণিত বহুত সাক্ষাৎকাৰ হৈছিল আকৌ অন্তিমৰ ফালেও বহুত হ'ব, জ্ঞান কিমান ৰমণীয়। কিমান আনন্দ লাগে। ভক্তিততো অলপো আনন্দ নাথাকে। ভক্তি কৰাসকলে জানো এইটো জানে যে জ্ঞানত কিমান সুখ আছে, পাৰ্থক্য উলিয়াব নোৱাৰে। তোমালোক সন্তানসকলৰ প্ৰথমে এইটো নিচা জাগিব লাগে। এই জ্ঞান পিতাৰ বাহিৰে অন্য কোনো ঋষি-মুনি আদিয়ে দিব নোৱাৰে। লৌকিক গুৰুসকলেতো কাকো মুক্তি-জীৱনমুক্তিৰ ৰাস্তা দেখুৱাব নোৱাৰে। তোমালোকে জানা যে কোনো মনুষ্য গুৰু হ’ব নোৱাৰে, যিয়ে ক’ব পাৰে যে হে আত্মাসকল, সন্তানসকল, মই তোমালোকক বুজাওঁ। পিতাৰতো ‘সন্তান সন্তান’ বুলি কোৱাৰ অভ্যাস আছে। জানে যে এয়া মোৰ ৰচনা। এই পিতায়ো কয় - মই সকলোৰে ৰচয়িতা। তোমালোক সকলো ভাই ভাই। তেওঁ ভূমিকা প্ৰাপ্ত কৰিছে, কেনেকৈ প্ৰাপ্ত কৰিছে সেয়া বহি বুজায়। আত্মাতে সকলো ভূমিকা নিহিত হৈ আছে। যিসকল মনুষ্য আহে, 84 জন্মত কেতিয়াও একে চেহেৰা পাব নোৱাৰে। অলপ নিশ্চয় বেলেগ হয়। তত্বও সতো, ৰজো, তমো হৈ যায়। প্ৰত্যেক জন্মৰ চেহেৰা এটা আনটোৰ সৈতে নিমিলে। এইটোও বুজিবলগীয়া কথা। পিতাই নিতৌ বুজাই থাকে - মৰমৰ সন্তানসকল, পিতাৰ প্ৰতি কেতিয়াও সংশয় নানিবা। সংশয় আৰু নিশ্চয় - দুটি শব্দ আছে নহয়। পিতা মানে পিতা। ইয়াত সংশয়তো আহিব নোৱাৰে। সন্তানে ক’ব নোৱাৰে যে মই পিতাক স্মৰণ কৰিব নোৱাৰোঁ। তোমালোকে বাৰে বাৰে কোৱা যে যোগ নালাগে। ‘যোগ’ শব্দটি ঠিক নহয়। তোমালোকতো ৰাজঋষি হোৱা। ‘ঋষি’ শব্দটি হৈছে পৱিত্ৰতাৰ। তোমালোক ৰাজঋষি হোৱা তেন্ত নিশ্চয় পৱিত্ৰ হ'বা। অলপ কথাত অকৃতকাৰ্য হ’লে তেতিয়া বাদশ্বাহী পাব নোৱাৰে। প্ৰজাত গুচি যায়। কিমান লোকচান হৈ যায়। পদ ক্ৰমানুসৰি হয় নহয়। এজনৰ পদ আনজনৰ লগত নিমিলে।। এইখন হৈছে বেহদৰ ৰচি থোৱা ড্ৰামা। পিতাৰ বাহিৰে কোনেও বুজাব নোৱাৰে। গতিকে তোমালোক সন্তানসকল কিমান আনন্দিত হোৱা। যেনেকৈ পিতাৰ বুদ্ধিত গোটেই জ্ঞান আছে ঠিক তেনেকৈ তোমালোকৰ বুদ্ধিতো আছে। বীজ আৰু বৃক্ষক বুজিব লাগে। মনুষ্য সৃষ্টিৰ বৃক্ষ, ইয়াৰ লগত বটবৃক্ষৰ দৃষ্টান্ত একেবাৰে সঠিক। বুদ্ধিয়েও কয় আমাৰ আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ যি মূল কাণ্ড আছিল সেয়া প্ৰায় লুপ্ত হৈ গ'ল। বাকী সকলো ধৰ্মৰ ঠাল-ঠেঙুলী আদি ঠিয় হৈ আছে। ড্ৰামা অনুসৰি এই সকলোবোৰ হ’বই লাগে, ইয়াত ঘৃণাৰ কথা নাহে। নাটকত ভাৱৰীয়াসকলৰ কেতিয়াবা ঘৃণা জন্মে জানো! পিতাই কয় - তোমালোক পতিত হৈ গ'লা আকৌ পাৱন হ'ব লাগে। তোমালোকে যিমান সুখ দেখা পোৱা সিমান আৰু কোনেও দেখা নাপায়। তোমালোক হৈছা নায়ক-নায়িকা, বিশ্বত ৰাজ্য কৰোঁতা গতিকে অপাৰ আনন্দিত হ'ব লাগে নহয়। ভগৱানে পঢ়ায়। কিমান নিয়মীয়াকৈ পঢ়িব লাগে, ইমানখিনি আনন্দ থাকিব লাগে। বেহদৰ পিতাই আমাক পঢ়ায়। ৰাজযোগো পিতাইহে শিকায়। কোনো শৰীৰধাৰীয়েতো শিকাব নোৱাৰে। পিতাই আত্মাসকলক শিকায়, আত্মাইহে ধাৰণ কৰে। পিতা এবাৰেই আহে ভূমিকা পালন কৰিবলৈ। আত্মাইহে ভূমিকা পালন কৰি এটা শৰীৰ এৰি অন্য এটা ধাৰণ কৰে। আত্মাসকলক পিতাই পঢ়ায়। দেৱতাসকলক নপঢ়াব। তাত দেৱতাইহে পঢ়াব। সংগমযুগত পিতাইহে পঢ়ায় পুৰুষোত্তম কৰি তুলিবলৈ। তোমালোকেহে পঢ়া। এই সংগমযুগ এটাই হয়, যেতিয়া তোমালোক পুৰুষোত্তম হোৱা। সৎ কৰি তোলোঁতা, সত্যযুগ স্থাপনা কৰোঁতা এজনেই সত্য বাবা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সংগমযুগত পোনপটীয়াকৈ ভগৱানৰ পৰা পাঠ পঢ়ি, জ্ঞানী আস্তিক হ’ব লাগে আৰু আনকো তেনেকুৱা কৰি তুলিব লাগে। কেতিয়াও পিতা বা পঢ়াৰ প্ৰতি সংশয় আনিব নালাগে।

(2) পিতাৰ সমান মৰমিয়াল হ’ব লাগে। ভগৱানে আমাৰ অলংকৰণ কৰি আছে, এইটো আনন্দত থাকিব লাগে। কোনো ভাৱৰীয়াৰ প্ৰতি ঘৃণা বা বিতৃষ্ণা থাকিব নালাগে। সকলোৰে এই নাটকত নিখুঁত ভূমিকা আছে।

বৰদান:
সেৱাৰ প্ৰবৃত্তিত থাকি মাজে মাজে একান্তবাসী হওঁতা অন্তৰ্মুখী হোৱা

শান্তিৰ শক্তি প্ৰয়োগ কৰিবলৈ অন্তৰ্মুখী আৰু একান্তবাসী হোৱাৰ আৱশ্যক। বহুত সন্তানে কয় - অন্তৰ্মুখী স্থিতিৰ অনুভৱ কৰিবলৈ বা একান্তবাসী হ’বলৈ সময়েই নাপাওঁ কিয়নো সেৱাৰ প্ৰবৃত্তি, বাণীৰ শক্তিৰ প্ৰবৃত্তি বহুত বাঢ়ি গৈছে, কিন্তু তাৰ বাবে একেলগে আধা ঘণ্টা বা এঘণ্টা উলিওৱাৰ পৰিৱৰ্তে মাজে মাজে অলপ সময়ো যদি উলিওৱা তেন্তে শক্তিশালী স্থিতি গঢ়ি উঠিব।

স্লোগান:
ব্ৰাহ্মণ জীৱনত যুদ্ধ কৰাৰ পৰিৱৰ্তে আনন্দ-উল্লাস কৰা তেতিয়া কঠিনো সহজ হৈ যাব।


কৰ্মযোগী হ’বলৈ আজিৰ অব্যক্ত সংকেত:

ব্ৰাহ্মণ আত্মা অৰ্থাৎ প্ৰতিটো কৰ্মত বাপদাদাক প্ৰত্যক্ষ কৰাওঁতা। কৰ্ম ৰূপী কলমেৰে প্ৰত্যেক আত্মাৰ অন্তৰত, বুদ্ধিত, পিতাৰ চিত্ৰ বা স্বৰূপ অংকন কৰোঁতা আত্মিক চিত্ৰকৰ হোৱা। এতিয়া পিতা ব্ৰহ্মাৰ তোমালোক সন্তানসকলৰ প্ৰতি এয়াই এটা আশা আছে যে প্ৰতিগৰাকী সন্তানে নিজৰ কৰ্ম ৰূপী দৰ্পণৰ দ্বাৰা পিতাৰ সাক্ষাৎকাৰ কৰাওঁক অৰ্থাৎ প্ৰতিটো খোজত পিতাক অনুসৰণ কৰি পিতাৰ সমান অব্যক্ত ফৰিস্তা হৈ কৰ্মযোগীৰ ভূমিকা পালন কৰক।


 
`