26.07.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – এই অনাদি ড্ৰামা চলিয়েই থাকে, টিক্‌ টিক্‌ হৈ থাকে, ইয়াত এজনৰ ভূমিকা আনজনৰ লগত নিমিলে, এয়া যথাৰ্থ ভাবে বুজি সদায় হৰ্ষিত হৈ থাকিব লাগে”

প্ৰশ্ন:
কোনটো যুক্তিৰে তোমালোকে এইটো সিদ্ধ কৰি শুনাব পাৰা যে ভগৱানৰ ইতিমধ্যে আগমন হৈছে?

উত্তৰ:
কাকোৱে পোনেই ক’ব নালাগে যে ভগৱান আহিছে, এনেকৈ ক'লে মনুষ্যই হাঁহি উৰুৱাই দিব, বিৰূপ মন্তব্য দিব কাৰণ আজিকালি নিজক ভগৱান বুলি কওঁতা বহুত আছে সেইবাবে তোমালোকে যুক্তিৰে প্ৰথমে দুজন পিতাৰ পৰিচয় দিয়া। এজন হদৰ, আনজন বেহদৰ পিতা। হদৰ পিতাৰ পৰা হদৰ উত্তৰাধিকাৰ পোৱা যায়, এতিয়া বেহদৰ পিতাই বেহদৰ উত্তৰাধিকাৰ দিয়ে, তেতিয়া বুজি পাই যাব।

ওঁম্শান্তি।
আত্মিক পিতাই বহি আত্মিক সন্তানসকলক বুজায়, সৃষ্টিতো এইখনেই। পিতাও বুজাবলৈ ইয়ালৈ আহিবলগীয়া হয়। মূললোকততো বুজোৱা নহয়। স্থূললোকতহে বুজোৱা হয়। পিতাই জানে সকলো সন্তানেই পতিত। কোনো কামৰে হৈ থকা নাই। এইখন সৃষ্টিত দুখেই দুখ। পিতাই বুজাইছে - এতিয়া তোমালোক বিষয় (বিকাৰৰ) সাগৰত পৰি আছা। আচলতে তোমালোক ক্ষীৰসাগৰত আছিলা। বিষ্ণুপুৰীক ক্ষীৰসাগৰ বুলি কোৱা হয়। এতিয়া ক্ষীৰৰ সাগৰতো ইয়াত পোৱা নাযায়। সেইবাবে পুখুৰী খান্দি দিছে। এনেকৈ কোৱা হয় যে তাত গাখীৰৰ নদী বৈছিল, তাৰ গৰুবোৰো অতি উত্তম প্ৰসিদ্ধ। ইয়াততো মনুষ্যও বেমাৰত পৰে, তাততো গৰুও কেতিয়াও বেমাৰত নপৰে। অতি উত্তম হয়। জন্তু আদি কাৰো বেমাৰ নহয়। ইয়াৰ আৰু তাৰ মাজত বহুত পাৰ্থক্য আছে। এয়া পিতাইহে আহি শুনায়। সৃষ্টিত অন্য কোনেও নাজানে। তোমালোকে জানা যে এয়া হৈছে পুৰুষোত্তম সংগমযুগ, যেতিয়া পিতা আহি সকলোকে উভতাই লৈ যায়। পিতাই কয় - যিসকল সন্তান আছে কিছুমানে আল্লাক, কিছুমানে গড্‌ক, কিছুমানে ভগৱানক আহ্বান জনায়। মোৰ বহুত নাম ৰাখি দিয়ে। ভাল-বেয়া যি আহে সেয়াই নাম ৰাখি দিয়ে। এতিয়া তোমালোক সন্তানসকলে জানা যে পিতা আহিছে। জগতৰ লোকেতো এয়া বুজি নাপায়। সেইসকলেহে বুজিব যিয়ে 5 হাজাৰ বছৰ পূৰ্বে বুজিছিল সেইবাবে গায়ন আছে কোটিৰ মাজত কোনোবা, কোনোবাৰ মাজতো কোনোবা। মই যি হওঁ যেনেকুৱা হওঁ, সন্তানসকলক কি শিকাওঁ, সেয়াতো তোমালোক সন্তানসকলে জানাই, অন্য কোনেও বুজি নাপায়। এয়াও তোমালোকে জানা যে আমি কোনো সাকাৰৰ (শৰীৰধাৰীৰ) পৰা নপঢ়োঁ। নিৰাকাৰে পঢ়ায়। মনুষ্যই নিশ্চয় বিবুদ্ধিত পৰিব, নিৰাকাৰতো ওপৰত থাকে, তেওঁ কেনেকৈ পঢ়াব! তোমালোক নিৰাকাৰ আত্মাসকলো ওপৰত থাকা। আকৌ এই আসনত আহা (শৰীৰ ধাৰণ কৰা)। এই আসন বিনাশী, আত্মাতো হৈছে অকাল। আত্মাৰ কেতিয়াও মৃত্যু নহয়। শৰীৰৰ মৃত্যু হয়। এয়া হৈছে চৈতন্য আসন। অমৃতসৰততো অকাল-আসন আছে নহয়। সেই আসন কাঠেৰে তৈয়াৰ কৰা। সেই বেচেৰাসকলে নাজানে যে অকাল হৈছে আত্মা, যাক কেতিয়াও কালে খাব নোৱাৰে। অকাল-মূৰ্ত আত্মাই এটা শৰীৰ এৰি আন এটা লয়। আত্মাকো ৰথ লাগে নহয়। নিৰাকাৰ পিতাকো নিশ্চয় মনুষ্যৰ ৰথ লাগে, কাৰণ পিতা হৈছে জ্ঞানৰ সাগৰ, জ্ঞানেশ্বৰ। এতিয়া জ্ঞানেশ্বৰ নামতো বহুতৰে আছে। নিজক ঈশ্বৰ বুলি ভাবে। ভক্তি শাস্ত্ৰৰ কথা শুনায়। নাম ৰাখে জ্ঞানেশ্বৰ অৰ্থাৎ জ্ঞান দিওঁতা ঈশ্বৰ। কিন্তু তাৰ বাবেতো জ্ঞানৰ সাগৰ হ’ব লাগিব। তেওঁকে ‘গড্‌ ফাদাৰ’ বুলি কোৱা হয় ইয়াততো অনেক ভগৱান হৈ গৈছে। যেতিয়া বহুত গ্লানি হৈ যায়, বহুত গৰিব হৈ যায়, দুখী হৈ যায় তেতিয়া পিতা আহে। পিতাক গৰিবৰ ত্ৰাণকৰ্তা বুলি কোৱা হয়। অৱশেষত সেই দিনটি আহে, যেতিয়া গৰিবৰ ত্ৰাণকৰ্তা পিতা আহে। সন্তানসকলেও জানে পিতা আহি স্বৰ্গ স্থাপনা কৰে। তাততো প্ৰচুৰ ধন আছে। টকা-পইচা কেতিয়াও গণনা কৰা নহয়। ইয়াত হিচাপ উলিয়ায়, ইমান হাজাৰ-কোটি খৰচ হ’ল। তাত এই নামেই নাই, প্ৰচুৰ ধন থাকে।

এতিয়া তোমালোক সন্তানসকলে গম পাইছা যে পিতা আমাক নিজৰ ঘৰলৈ লৈ যাব আহিছে। সন্তানসকলে নিজৰ ঘৰক পাহৰি গৈছে। ভক্তিমাৰ্গত হাবাথুৰি খাই থাকে, ইয়াক ৰাত্ৰি বুলি কোৱা হয়। ভগৱানক বিচাৰিয়েই থাকে, কিন্তু কোনেও ভগৱানক নাপায়। এতিয়া ভগৱান আহিছে, এয়াও তোমালোক সন্তানসকলে জানা, নিশ্চয়ো আছে। এনেকুৱা নহয় যে সকলোৰে দৃঢ় নিশ্চয়তা আছে। কোনোবা নহয় কোনোবা সময়ত মায়াই পাহৰাই দিয়ে, তেতিয়া পিতাই কয় – আশ্চৰ্যজনকভাৱে মোলৈ চায়, মোৰ হৈ যায়, আনক শুনায়, অহো মায়া তুমি কিমান শক্তিশালী যে আঁতৰ কৰি দিয়া। আঁতৰিতো বহুতেই যায়। বিচ্ছেদ কৰোঁতা হৈ যায়। তেতিয়া সেইসকল ক’ত গৈ জন্ম ল’ব! বহুত সাধাৰণ জন্ম পাব। পৰীক্ষাত অনুত্তীৰ্ণ হৈ যায়। এয়া হৈছে মনুষ্যৰ পৰা দেৱতা হোৱাৰ পৰীক্ষা। পিতাই এনেকৈতো নকয় যে সকলো নাৰায়ণ হ'ব। নহয়, যিয়ে ভাল পুৰুষাৰ্থ কৰিব, তেওঁলোকে পদো ভাল পাব। পিতাই বুজি পাই যায় যে কোন ভাল পুৰুষাৰ্থী - যিসকলে আনকো মনুষ্যৰ পৰা দেৱতা কৰি তোলাৰ পুৰুষাৰ্থ কৰে অৰ্থাৎ পিতাৰ পৰিচয় দিয়ে। আজিকালি প্ৰতিপক্ষত কিমান মনুষ্যই নিজকে ভগৱান বুলি কৈ থাকে। তোমালোকক অৱলা বুলি ভাবে। এতিয়া তেওঁলোকক কেনেকৈ বুজোৱা যাব যে ভগৱান আাহিছে, পোনচাটেই যদি কাৰোবাক কোৱা যে ভগৱান আহিছে, তেন্তে এনেকৈ কেতিয়াও নামানিব, সেইবাবে বুজোৱাৰো যুক্তি লাগে। এনেকৈ কেতিয়াও কাকো ক'ব নালাগে যে ভগৱান আহিছে। তেওঁলোকক বুজাব লাগে যে আপোনালোকৰ দুজন পিতা আছে। এজন হ’ল পাৰলৌকিক বেহদৰ পিতা, দ্বিতীয় জন লৌকিক হদৰ পিতা। ভালদৰে পৰিচয় দিব লাগে, যাতে বুজি পায় যে এওঁলোকে ঠিক কথা কয়। বেহদৰ পিতাৰ পৰা উত্তৰাধিকাৰ কেনেকৈ পোৱা যায় – এয়া কোনেও নাজানে। উত্তৰাধিকাৰতো পিতাৰ পৰাই পোৱা যায়। আন কোনেও এনেকৈ কেতিয়াও নক’ব যে মনুষ্যৰ দুজন পিতা থাকে। তোমালোকে সিদ্ধ কৰি শুনাব লাগে, হদৰ লৌকিক পিতাৰ পৰা হদৰ উত্তৰাধিকাৰ আৰু পাৰলৌকিক বেহদৰ পিতাৰ পৰা বেহদ অৰ্থাৎ নতুন সৃষ্টিৰ উত্তৰাধিকাৰ পোৱা যায়। নতুন সৃষ্টি হৈছে স্বৰ্গ, সেয়াও যেতিয়া পিতা আহিব তেতিয়াহে দিব। সেইজন পিতা হয়েই নতুন সৃষ্টি ৰচনা কৰোঁতা। বাকী তোমালোকে যদি কেৱল কোৱা যে ভগৱান আহিছে তেতিয়া কেতিয়াও নামানিব, আৰু বিৰূপ মন্তব্য কৰিব। নুশুনিবই। সত্যযুগততো একো বুজোৱা নহয়। বুজাব তেতিয়া লাগে যেতিয়া পিতা আহি শিক্ষা দিয়ে। সুখত কোনেও স্মৰণ নকৰে, দুখত সকলোৱে কৰে। সেয়েহে সেই পাৰলৌকিক পিতাকে দুখহৰ্তা-সুখকৰ্তা বুলি কোৱা হয়। দুখৰ পৰা মুক্ত কৰি মাৰ্গ-দৰ্শক হৈ নিজৰ মৰমৰ ঘৰলৈ লৈ যায়। সেইখনক কোৱা হয় মৰমৰ শান্তিৰ ঘৰ। তালৈ আমি কেনেকৈ যাম – এয়া কোনেও নাজানে। ৰচয়িতাকো নাজানে, ৰচনাৰ আদি-মধ্য-অন্তকো নাজানে। তোমালোকে জানা যে আমাক পিতাই নিৰ্বাণধামলৈ লৈ যাব আহিছে। সকলো আত্মাকে লৈ যাব। এজনকো এৰি থৈ নাযায়। সেয়া হৈছে আত্মাসকলৰ ঘৰ, এয়া হৈছে শৰীৰৰ ঘৰ। তেন্তে পোন-প্ৰথমে পিতাৰ পৰিচয় দিব লাগে। তেওঁ হৈছে নিৰাকাৰ পিতা, তেওঁক পৰমপিতা বুলিও কোৱা হয়। ‘পৰমপিতা’ শব্দটি শুদ্ধ আৰু মৰমৰ। কেৱল ভগৱান, ঈশ্বৰ বুলি ক'লে উত্তৰাধিকাৰৰ সুবাস নাহে। তোমালোকে পৰমপিতাক স্মৰণ কৰা সেয়েহে উত্তৰাধিকাৰ পোৱা। পিতা আছে নহয় জানো। এইটোও সন্তানসকলক বুজোৱা হৈছে যে সত্যযুগ হৈছে সুখধাম। স্বৰ্গক শান্তিধাম বুলি কোৱা নহয়। য’ত আত্মাসকল থাকে সেইখন শান্তিধাম। এইটো একেবাৰে দৃঢ় কৰি লোৱা।

পিতাই কয় – সন্তানসকল, তোমালোকৰ এই বেদ-শাস্ত্ৰ আদি পঢ়িলে একোৱে প্ৰাপ্তি নহয়। শাস্ত্ৰ পঢ়েই ভগৱানক পাবৰ বাবে আৰু ভগৱানে কয় মোক কোনেও শাস্ত্ৰ পঢ়ি নাপায়। মোক ইয়ালৈ আহ্বানেই জনায় যে আহি এই পতিত সৃষ্টিক পাৱন কৰি তোলা। এই কথাবোৰ কোনেও বুজি নাপায়, পাথৰ-বুদ্ধিৰ। বিদ্যালয়ত সন্তানসকলে নপঢ়িলে পাথৰবুদ্ধিৰ বুলি কয় নহয়। সত্যযুগত এনেকৈ নকয়। পাৰসবুদ্ধিৰ কৰি তোলোঁতাজন হ’ল পৰমপিতা বেহদৰ পিতা। এই সময়ত তোমালোকৰ বুদ্ধি হৈছে পাৰস (পৱিত্ৰ) কাৰণ তোমালোক পিতাৰ লগত আছা। আকৌ সত্যযুগত এটা জন্মত অলপ পাৰ্থক্য আহে। 1250 বছৰত 2টা কলা কম হৈ যায়। চেকেণ্ডে চেকেণ্ডে 1250 বছৰত কলা কম হৈ গৈ থাকে। তোমালোকৰ জীৱন এই সময়ত একেবাৰে নিখুঁত যেতিয়া তোমালোক পিতাৰ দৰে জ্ঞানৰ সাগৰ, সুখ-শান্তিৰ সাগৰ হৈ যোৱা। সকলো উত্তৰাধিকাৰ লৈ লোৱা। পিতা আহেই উত্তৰাধিকাৰ দিবলৈ। পোন-প্ৰথমে তোমালোক শান্তিধামলৈ যোৱা, তাৰপাছত সুখধামলৈ যোৱা। শান্তিধামততো শান্তিয়ে আছে। তাৰপাছত সুখধামলৈ যোৱা, তাত অশান্তিৰ কোনো কথা নাই। তাৰপাছত অৱনমিত হ’ব লাগে। মিনিটে মিনিটে তোমালোক অৱনমিত হৈ যোৱা। নতুন সৃষ্টিৰ পৰা পুৰণি সৃষ্টি হৈ যায়। সেয়েহে পিতাই কৈছিল - হিচাপ উলিওৱা, 5 হাজাৰ বছৰত ইমান মাহ, ইমান ঘণ্টা….. তেতিয়া মনুষ্য আচম্বিত হ’ব। এওঁতো পূৰা হিচাপ শুনাইছে। সঠিক হিচাপ লিখিব লাগে, ইয়াত অলপো হীনডেঢ়ি হ’ব নোৱাৰে। মিনিটৰ পাছত মিনিট টিক্‌ টিক্‌ হৈ থাকে। গোটেই ‘ফ্লিম’ৰ নুৰাটো পুনৰাবৃত্তি হয়, ঘুৰি ঘুৰি আকৌ নুৰা হৈ গৈ থাকে, আকৌ সেয়াই পুনৰাবৃত্তি হ'ব। এই বিশাল ‘ফ্লিম’ৰ নুৰাটো অতি আশ্চৰ্যকৰ। ইয়াৰ জোখ-মাপ কৰিব নোৱাৰে। গোটেই জগতৰ যি ভূমিকা চলে, টিক্‌ টিক্‌ হৈ থাকে। এটা চেকেণ্ডো আনটোৰ লগত নিমিলে। এই চক্ৰ ঘূৰিয়েই থাকে। সেয়া হৈছে হদৰ ড্ৰামা, এয়া হৈছে বেহদৰ ড্ৰামা। আগতে তোমালোকে একো নাজানিছিলা যে এয়া হৈছে অবিনাশী ড্ৰামা। পূৰ্ব নিৰ্ধাৰিত….. যি হ'বলগীয়া আছে সেয়াই হয়। নতুন কথা নহয়। অনেক বাৰ চেকেণ্ডৰ পাছত চেকেণ্ড এই ড্ৰামা পুনৰাবৃত্তি হৈ আহিছে। অন্য কোনেও এই কথাবোৰ বুজাব নোৱাৰে। পোন-প্ৰথমে পিতাৰ পৰিচয় দিব লাগে, বেহদৰ পিতাই বেহদৰ উত্তৰাধিকাৰ দিয়ে। তেওঁৰ এটাই নাম - শিৱ। পিতাই কয় - মই তেতিয়াহে আহোঁ, যেতিয়া অতি ধৰ্ম গ্লানি হয়, ইয়াক ঘোৰ কলিযুগ বুলি কোৱা হয়। ইয়াত বহুত দুখ আছে। কিছুমান আছে, যিয়ে কয় এনেকুৱা ঘোৰ কলিযুগত পৱিত্ৰ হৈ কেনেকৈ থাকিব পাৰি! কিন্তু তেওঁলোকে এইটো নাজানে যে পাৱন কৰি তোলোঁতাজন কোন? পিতাহে সংগমযুগত আহি পৱিত্ৰ সৃষ্টি স্থাপনা কৰে। তাত স্ত্ৰী-পুৰুষ দুয়োগৰাকীয়েই পৱিত্ৰ হৈ থাকে। ইয়াত দুয়োগৰাকীয়েই অপৱিত্ৰ। এইখন হয়েই অপৱিত্ৰ সৃষ্টি। সেইখন হৈছে পৱিত্ৰ সৃষ্টি – স্বৰ্গ, ‘হেভেন’। এইখন হৈছে ৰৌৰৱ নৰক, ‘হেল’। তোমালোক সন্তানসকলে পুৰুষাৰ্থৰ ক্ৰম অনুসৰি বুজি পাইছা। বুজাবলৈও বহুত যত্ন কৰিবলগীয়া হয়। গৰিবসকলে অতি সোনকালে বুজি পায়। দিনে-প্ৰতিদিনে বৃদ্ধি হৈ যায়, আকৌ ঘৰো সিমানেই ডাঙৰ লাগে। ইমানবোৰ সন্তান আহিব কাৰণ পিতাতো এতিয়া ক'লৈকো নাযায়। আগতেতো কোনেও নক’লেও বাবা নিজেই গুচি গৈছিল। এতিয়াতো সন্তানসকল ইয়ালৈ আহি থাকিব। ঠাণ্ডাতো আহিব লাগে। কাৰ্যসূচী হাতত হ’ব লাগিব। অমুক অমুক সময়ত আহিবা, তেতিয়া ভিৰ নহ’ব। সকলোৱে একেলগে একে সময়তেতো আহিব নোৱাৰে। সন্তান বৃদ্ধি হৈ থাকিব। ইয়াত সন্তানসকলে সৰু সৰু ঘৰ নিৰ্মাণ কৰে, তাততো বহুত মহল পাবা। এয়াতো তোমালোক সন্তানসকলে জানা - টকা-পইচা সকলো মাটিত মিলি যাব। বহুতে এনেকুৱা কৰে যে গাঁত খান্দি ধন ৰাখি থৈ দিয়ে। পাছত সেয়া হয় চোৰে লৈ যায় নতুবা গাঁতৰ ভিতৰতে থাকি যায়, আকৌ খেতিৰ বাবে মাটি চহোৱাৰ সময়ত ধন ওলাই আহে। এতিয়া বিনাশ হ'ব, সকলো ডুবি যাব। পাছলৈ তাত সকলো নতুন পাবা। ৰজাসকলৰ এনেকুৱা বহুত কিল্লা আছে য’ত বহুত বস্তু পোত খাই আছে। ডাঙৰ ডাঙৰ হীৰাৰ টুকুৰাও ওলাই আহে তেতিয়া হাজাৰ হজাৰ লাখ লাখ টকাৰ আমদানি হৈ যায়। এনেকুৱা নহয় যে তোমালোকে স্বৰ্গত খান্দি এনেকৈ হীৰা উলিয়াবা। নহয়, তাততো সকলো বস্তুৰ খনি আদি সকলো নতুনকৈ ভৰপূৰ হৈ যাব। ইয়াৰ মাটি অনুৰ্বৰ সেয়েহে শক্তি নাই। যি বীজ ৰোপণ কৰে সেই বীজৰ শক্তি নাই। আৱৰ্জনা অশুদ্ধ বস্তু আদি দি দিয়ে। তাততো কোনো অশুদ্ধ বস্তুৰ নাম নাথাকে। সকলো নতুন। স্বৰ্গৰ সাক্ষাৎকাৰো কন্যাসকলে কৰি আহে। তাৰ সৌন্দৰ্যই হৈছে প্ৰাকৃতিক। এতিয়া তোমালোক সন্তানসকলে সেইখন সৃষ্টিলৈ যাবৰ কাৰণে পুৰুষাৰ্থ কৰি আছা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এই সময়তে পিতাৰ সমান নিখুঁত হৈ পূৰা উত্তৰাধিকাৰ ল’ব লাগে। পিতাৰ সকলো শিক্ষা নিজৰ মাজত ধাৰণ কৰি তেওঁৰ সমান জ্ঞানৰ সাগৰ, শান্তি-সুখৰ সাগৰ হ'ব লাগে।

(2) বুদ্ধি পাৰস (পৱিত্ৰ) কৰি তুলিবলৈ পঢ়াৰ প্ৰতি পূৰা পূৰা ধ্যান দিব লাগে। নিশ্চয়বুদ্ধিৰ হৈ মনুষ্যৰ পৰা দেৱতা হোৱাৰ পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগে।

বৰদান:
নিশ্চিত বিজয়ৰ নিচাত থাকি পিতাৰ পদম গুণ সহায় প্ৰাপ্ত কৰোঁতা মায়াজিৎ হোৱা

পিতাৰ পদমগুণ সহায়ৰ পাত্ৰ সন্তানসকলে মায়াৰ প্ৰহাৰক প্ৰত্যাহ্বান জনায় যে তোমাৰ কাম হৈছে অহা আৰু আমাৰ কাম হৈছে বিজয় প্ৰাপ্ত কৰা। তেওঁলোকে মায়াৰ সিংহৰ ৰূপক পৰুৱা বুলি ভাবে কিয়নো জানে যে এই মায়াৰ ৰাজ্য এতিয়া সমাপ্ত হ'ব, আমি অনেকবাৰৰ বিজয়ী আত্মাসকলৰ বিজয় 100 শতাংশই নিশ্চিত। এই নিশ্চিত হৈ থকাৰ নিচাই পিতাৰ পদমগুণ সহায়ৰ অধিকাৰ প্ৰাপ্ত কৰায়। এইটো নিচাৰে সহজেই মায়াজিৎ হৈ যোৱা।

স্লোগান:
সংকল্প শক্তি জমা কৰি নিজৰ প্ৰতি বা বিশ্বৰ প্ৰতি ইয়াৰ প্ৰয়োগ কৰা।


পৰোপকাৰৰ ভাৱনাৰে সম্পন্ন হৈ অপকাৰীৰো উপকাৰ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

যি নিজৰ প্ৰতি ইচ্ছা মাত্ৰম অবিদ্যা, অখণ্ড দানী তেৱেঁই পৰোপকাৰী। যেনেকৈ পিতাই নিজৰ সময়ো সেৱাত দিলে। নিজে নম্ৰ হৈ সন্তানসকলক মান দিলে। প্ৰথমে সন্তান – নাম সন্তানৰ কাম নিজৰ – কামৰ নামৰ প্ৰাপ্তিও ত্যাগ কৰিলে। নামতো পৰোপকাৰী হ’ল। এনেকৈ পিতাক অনুসৰণ কৰা।