26.07.26    Avyakt Bapdada     Assame Murli     02.02.2011     Om Shanti     Madhuban


“*“নিজৰ ভাগ্য আৰু প্ৰাপ্তিসমূহ স্মৃতিত ৰাখি সদায় হৰ্ষিত তথা সন্তুষ্ট হৈ থাকা, দৃষ্টি, বৃত্তি আৰু প্ৰবৃত্তিৰ দ্বাৰা সন্তুষ্টতাৰ অনুভৱ কৰোৱা”*”


আজি বাপদাদাই সকলো সন্তানক দেখি আনন্দিত হৈ আছে। প্ৰতিগৰাকী সন্তান পৰমাত্ম প্ৰেমৰ দ্বাৰা আহি উপস্থিত হৈছে। গতিকে আজি বাপদাদাই প্ৰতিগৰাকী সন্তানৰ মস্তকত ভাগ্যৰ ৰেখাবোৰ প্ৰত্যক্ষ কৰিছে। এনেকুৱা ভাগ্য আৰু ইমান শ্ৰেষ্ঠ ভাগ্য গোটেই কল্পত কোনেও লাভ কৰা নাই, কাৰণ তোমালোকক ভাগ্য প্ৰদান কৰোঁতাজন হৈছে স্বয়ং ভাগ্যবিধাতা। প্ৰত্যেকৰে মস্তকত প্ৰথমতে তিৰবিৰাই থকা তৰাৰ ভাগ্য জিলিকি উঠিছে। মুখমণ্ডলত মধুৰ বাণীৰ ৰেখা জিলিকিছে। ওঁঠত মধুৰ হাঁহিৰ ৰেখা জিলিকিছে। অন্তৰত ‘দিলাৰাম’ (অন্তৰক আৰাম দিওঁতা) পিতাৰ প্ৰেমত লীন হৈ থকাৰ ৰেখা জিলিকিছে। হাতত সৰ্ব সম্পদৰ শ্ৰেষ্ঠতাৰ ৰেখা জিলিকিছে। ভৰিত প্ৰতিটো খোজত পদমৰ (কোটি কোটি গুণ প্ৰাপ্তিৰ) ৰেখা জিলিকিছে। এতিয়া ভাবা এনে ভাগ্য আৰু কাৰ আছে! সেইবাবেই তোমালোকৰ স্মাৰক চিত্ৰবোৰতো ভাগ্যৰ বৰ্ণনা কৰা হয়। আৰু এই ভাগ্য স্বয়ং ভাগ্যবিধাতাই প্ৰতিগৰাকী সন্তানৰ বাবে গঢ়ি তুলিছে।

বাপদাদাই প্ৰতিগৰাকী সন্তানৰ ভাগ্য দেখি সকলোকে অভিনন্দন জনাইছে — বাঃ! সন্তান বাঃ! আৰু এই ভাগ্য কেৱল এই সংগমতেই পোৱা যায় আৰু চলি থাকে। সংগমযুগৰ সুখ সকলো যুগতকৈ শ্ৰেষ্ঠ। সত্যযুগৰ ভাগ্যও সংগমৰ পুৰুষাৰ্থৰহে প্ৰাৰব্ধ, সেইবাবে সংগমযুগৰ প্ৰাপ্তি সত্যযুগৰ প্ৰাব্ধতকৈও অধিক। নিজৰ ভাগ্যত মগন হৈ যোৱা। যিয়েই নহওক কিয়, নিজৰ ভাগ্য স্মৃতিলৈ আনা, তেতিয়া কি ওলায়? বাঃ! মোৰ ভাগ্য! কিয়নো স্বয়ং ভাগ্যদাতা তোমালোকৰ পিতা। গতিকে ভাগ্যদাতাৰ দ্বাৰা প্ৰত্যেকে নিজৰ ভাগ্য প্ৰাপ্ত কৰিছে। এইটো জানানে যে আমি ইমান ভাগ্যৱান, নে কেতিয়াবা কেতিয়াবা জানা, সদায় নিচা থাকেনে? জগতৰ লোকেতো তোমালোকক দেখি সোধে — আপোনালোকে কি পাইছে? আৰু তোমালোকে কি উত্তৰ দিয়া? "যি পাবলগীয়া আছিল, সেয়া পাই গ’লোঁ"। পাই গ’লানে, হাত দাঙা। পাই গ’লা, বাৰু। পাই গ’লা? নিচাৰে কোৱা যে কোনো অপ্ৰাপ্ত বস্তুৱেই নাই, গৌৰব কৰা নহয়? আৰু পালা কেনেকৈ? কেৱল পিতাক জানিলা, মানিলা আৰু নিজৰ কৰি ল’লা, গতিকে ভাগ্য প্ৰাপ্ত হৈ গ’ল। এই ভাগ্য যিমানে স্মৃতিলৈ আনি থাকিবা, সিমানে হৰ্ষিত হৈ থাকিবা। ভাগ্যৱান আত্মাৰ চেহেৰা সদায় হৰ্ষিত হৈ থাকিব। থাকিব নহয়, থাকেই। তেওঁলোকৰ দৃষ্টি, তেওঁলোকৰ বৃত্তি আৰু তেওঁলোকৰ প্ৰবৃত্তি সদায় সন্তুষ্ট আত্মা হৈ নিজেও সন্তুষ্ট হৈ থকিব লগতে আনকো সন্তুষ্ট কৰিব। গতিকে তোমালোক সকলোৰে সন্তুষ্টতাৰ নিচা থাকেনে? কাৰণ সন্তুষ্টতাৰ আধাৰ হৈছে সৰ্ব প্ৰাপ্তি। অপ্ৰাপ্তি অসন্তুষ্টতাৰ আধাৰ। তেন্তে তোমালোকে কি অনুভৱ কৰা? অপ্ৰাপ্ত কোনো বস্তু আছেনে নে সৰ্ব প্ৰাপ্তি হৈছে? প্ৰাপ্তিৰ নিচা আছেনে? আছে, সদায় থাকে নে কেতিয়াবা কেতিয়াবা থাকে? সাধাৰণতে এইটোৱেই কোৱা যে যি পাবলগীয়া আছিল সেয়া পাই গ’লোঁ। গতিকে য’ত সৰ্ব প্ৰাপ্তি আছে, ত’ত অসন্তুষ্টতাৰ নাই।

গতিকে বাপদাদাই আজি দেশ-বিদেশৰ, কিমান দেশৰ পৰা সকলো সন্তান আহি একত্ৰিত হৈছে, কিন্তু আটাইতকৈ দূৰৈৰ পৰা আহোঁতা কোন? আমেৰিকাৰসকল দূৰৈৰ পৰা আহিছা নেকি? আমেৰিকাৰসকল দূৰৈৰ পৰা আহিছে নহয়! আৰু পিতা ক’ৰ পৰা আহিছে? আমেৰিকাতো এইখন লোকত্ৰ আছে, কিন্তু বাপদাদা ক’ৰ পৰা আহিছে? পৰমধামৰ পৰা, পিতা ব্ৰহ্মাও সূক্ষ্মলোকৰ পৰা আহিছে। তেন্তে কোন দূৰৈৰ পৰা আহিল? আটাইতকৈ দূৰৈৰ কোন? এয়া হৈছে পিতা আৰু সন্তানসকলৰ প্ৰেমৰ দৃশ্য। তোমালোকে ক’লা ‘মোৰ বাবা’ আৰু পিতাই ক’লে ‘মোৰ সন্তান’। কেৱল এজনক জনাৰ বাবেই ইমান উত্তৰাধিকাৰ প্ৰাপ্ত হৈ গ’ল। জগতৰ লোকে সুখ, শান্তি বিচাৰি ফুৰিছে — ক’ত শান্তি পোৱা যাব, ক’ত সুখ পোৱা যাব, আৰু তোমালোকৰ জীৱনেই সুখ-শান্তিৰে সম্পন্ন হৈ গ’ল। বাপদাদাক সোধে নহয় যে বাপদাদাই কি বিচাৰে? বাপদাদাই প্ৰতিগৰাকী সন্তানৰ পৰা এইটোৱেই বিচাৰে যে প্ৰতিগৰাকী সন্তান সদায় ‘স্বৰাজ্য অধিকাৰী’ হৈ থাকক। কেতিয়াবা কেতিয়াবা নহয়, কাৰণ বৰ্তমানৰ স্বৰাজ্য অধিকাৰৰ বৰদান বাবাই এই সংগমযুগৰ বাবে সম্পূৰ্ণৰূপে দিছে, অলপ নহয়, কেতিয়াবা কেতিয়াবা হোৱাটো নহয়, সদায়। গতিকে ভাবি চোৱা, সদায় স্বৰাজ্য অধিকাৰী হৈ থাকানে? কাৰণ বাপদাদাই শুনাইছে যে এই সকলোবোৰ কৰ্মেন্দ্ৰিয়, মন-বুদ্ধি-সংস্কাৰৰো তোমালোক মালিক। এই সকলোবোৰৰ বাবে ‘মোৰ’ শব্দটি কয়, ‘মই’ বুলি নকয়, ‘মোৰ’ বুলি কয়। গতিকে মন-বুদ্ধি-সংস্কাৰ যদি মোৰ হয়, তেন্তে মোৰ বস্তুৰ ওপৰত সদায় অধিকাৰ থাকে। এনেদৰে মন-বুদ্ধি-সংস্কাৰৰ ওপৰত সম্পূৰ্ণ অধিকাৰ থকাটোকে ‘স্বৰাজ্যধাৰী’ বুলি কোৱা হয়। যি আদেশ দিবা, সেই অনুসৰিয়েই ইহঁতে কাম কৰিবলৈ নিমিত্ত হয়। কিন্তু ইয়াৰ বাবে চলোঁতে-ফুৰোঁতে, কাৰ্য কৰোঁতে মালিকবোধৰ নিচা থাকিব লাগে। নিশ্চয় আৰু নিচা।

এতিয়াতো আত্মাসকলক মনৰ দ্বাৰা সেৱা কৰাৰ সময়। চিঞৰি থাকে— হে পূৰ্বজ, আমাক অলপ সুখ-শান্তিৰ কিৰণ দিয়ক। তেন্তে হে পূৰ্বজসকল, দুখীসকলৰ কাতৰোক্তি শুনিবলৈ পোৱা নহয়! বাপদাদাই ইংগিত দিছে যে যিকোনো আপদ অকস্মাতে আহিব, তাৰ বাবে চেকেণ্ডতে পূৰ্ণ বিৰাম লগাব লাগিব। সেইটো অভ্যাসো কৰি আছা, কাৰণ সেই সময়ত পুৰুষাৰ্থ কৰাৰ সময় নাথাকিব যে এতিয়া অভ্যাস কৰোঁ, পূৰ্ণ বিৰাম লগাওঁ আৰু লাগি যাব আশ্চৰ্যৰ মাত্ৰা, সেইবাবে পুৰুষাৰ্থৰ সময় এতিয়াহে আছে। সেই সময়ত বাস্তৱত কৰাৰ সময় হ’ব, গতিকে এতিয়াৰে পৰা এইটো অভ্যাস কৰিও আছা, বাপদাদাই ফলাফল চায়, মনোযোগ দিছে, কৰিও আছে কিন্তু আৰু অধিক মনোযোগ দিয়া। চোৱা পুৰুষাৰ্থ কিমান সহজ — ময়ো বিন্দু, লগাবও লাগে বিন্দু (পূৰ্ণ বিৰাম), কেৱল মনোযোগ দিব লাগে।

বাপদাদাই বিশেষকৈ সন্তানসকলক উপহাৰ দিয়ে —

সন্তানসকল, মই সদায় তোমালোকৰ লগত আছোঁ। ‘বাবা’ বুলি ক’লা আৰু সন্তানসকলৰ বাবে বাবা সদায় হাজিৰ। যিটো কোৱা হৈছে ‘হজুৰ হাজিৰ’, সৰ্বব্যাপী নহয় কিন্তু সন্তানৰ আগত হজুৰ হাজিৰ। গতিকে সদায় বিজয়ী হ’বা, য’ত ভগৱান লগত আছে, ত’ত বিজয়ী হোৱাটো কি টান কথা? বিজয় তোমালোকৰ জন্মসিদ্ধ অধিকাৰ। কেৱল ‘মোৰ বাবা’ বুলি ক’লেই বিজয় নিশ্চিত, গতিকে সদায় বিজয়ী হ’বা, যি স্মৃতিত থাকে তেওঁৰ বাবে এয়া অতি সহজ। টান নহয়। য’ত ভগৱান আছে, ত’ত বিজয় আছেই। গতিকে আজি বাপদাদাই সকলো সন্তানক দেখি আনন্দিত হৈছে যে কিমান মৰমেৰে, কোনটো সাধনেৰে আহিছা? ট্ৰেইনত নে প্লেইনত, সেয়াতো শৰীৰৰ দ্বাৰা আহি পাইছা কিন্তু অন্তৰৰ প্ৰেমেহে তোমালোকক ইয়ালৈ আনিছে। তোমালোকৰ সাহস আছে, গতিকে পিতাৰ সহায় আছেই। এতিয়া বাপদাদাই এইটোৱে বিচাৰে যে

প্ৰতিগৰাকী সন্তানেই প্ৰতিটো কৰ্মত নিজৰ স্বৰাজ্যৰ আসনত স্থিৰ হৈ থাকক। বাৰু।

আজি প্ৰথমবাৰৰ বাবে কোন কোন আহিছে, তেওঁলোকে হাত দাঙা। থিয় হোৱা। বহুত আছে। বাৰু, যেনেকৈ প্ৰথমবাৰ আহিছা, তেনেকৈ প্ৰথম নম্বৰত যাব লাগে নহয়। যাব লাগেনে? বাবাৰ বৰদান আছে যে যিয়ে সাহস কৰিব তেওঁ পিতাৰ সহায়ো পাব আৰু সাহসেৰে যিমানেই আগবাঢ়িব বিচাৰে তাৰ সুযোগ আছে, কাৰণ অতি পলম হোৱাৰ ফলক এতিয়াও লগা নাই। স্মৃতিত থাকা আৰু যি প্ৰাপ্ত হৈছে তাৰ দ্বাৰা আনৰ সেৱা কৰা। যিমানে সেৱা কৰিবা সিমানে আশীৰ্বাদ পাবা আৰু সেই আশীৰ্বাদে তোমালোকক আগুৱাই লৈ যাব। বাৰ্তা দি গৈ থাকা, বাকী প্ৰত্যেকৰে ভাগ্য। কিন্তু তোমালোকে বাৰ্তা দি দিয়া। নিজৰ পুণ্য জমা কৰি থাকা। তেতিয়া পুণ্যই তোমালোকক আগুৱাই লৈ যাব। বাৰু।

বাপদাদাই অমৃতবেলা সকলো ফালে পৰিক্ৰমা লগায়, তেওঁৰ বাবে পৰিক্ৰমা লগোৱাটো কি ডাঙৰ কথা। আৰু বাপদাদাই এইটোও কৈ দিছে যে চাৰি বজাৰ মিলনৰ এইটোও বিশেষত্ব আছে যে 4 বজাত বাপদাদাই সকলো সন্তানক সহজেই বৰদান দিয়ে। বৰদান দাতাৰ বিশেষ ভূমিকা অমৃতবেলা চলে। যিয়েই বৰদান লাগে বাপদাদাই দি দিয়ে। পৰীক্ষা কৰি চাবা। কিন্তু তোমালোকো বৰদান ল’বলৈ সজাগ হৈ থাকিবা। যদি সজাগ হৈ নাথাকা, বাপদাদাই পৰিক্ৰমা লগাই গুচি যাব আৰু তোমালোকে ভাবিয়েই থাকি যাবা, সেইবাবে অমৃতবেলাক মহত্ত্বতো দিয়া আৰু অধিক মনোযোগ দিবা। বাপদাদাই দেখিছে যে সময় অনুসৰি সেৱাও বৃদ্ধি পাইছে আৰু সেৱাৰ বাবে বাবাৰ পৰা বৰদান লোৱাৰ পৰা আঁতৰি থাকিব নোৱাৰে। বাকী ডবল বিদেশীসকলৰ বেছিভাগেই পুৰুষাৰ্থ কৰেও অধিক মনোযোগ দিবা। বাকী মধুৰনত যেনেকৈয়ে নহওক আহি যোৱা বাপদাদাই তাৰ বাবে সকলো সন্তানক বিশেষ অভিনন্দন জনাই আছে। বাপদাদাই শুনিলে যে বাপদাদাই সংস্কাৰৰ ওপৰত যি ইংগিত দিছে, সেই ক্ষেত্ৰত ভাবে যে — আমি কৰিবই লাগিব আৰু কৰাৰ বাবে নিতৌ অমৃতবেলা যেনেকৈ স্বমান ৰাখা, তাৰ লগতে ভিন্ন ভিন্ন প্ৰকাৰেৰে যিকোনো এটা সংস্কাৰৰ ওপৰত মনোযোগ দিয়া, আজি দিনটো এইটো সংস্কাৰৰ ওপৰত বিশেষ মনোযোগ দিব লাগিব আৰু নিশা যেতিয়া বাপদাদাক গোটেই দিনটোৰ খতিয়ান দিয়া সেই সময়ত সেই সংস্কাৰৰ ফলাফলো বিশেষভাৱে শুনাবা, তেতিয়া বিশেষ মনোযোগ থাকিব। কিবা নহয় কিবা এটা সংস্কাৰৰ ওপৰত মনোযোগ দিব লাগে। গাতিকে যেনেকৈ স্মৃতিৰ ওপৰত মনোযোগ দিয়া, তাৰ লগতে সেই সময়তে এইটো ফলাফলো বাপদাদাক দিবা। ধৰি লোৱা তোমালোকে বিচৰা কিন্তু সেইদিনা তোমালোকৰ সন্মুখত কোনো সংস্কাৰ দূৰ কৰাৰ কাৰ্য নহ’ল, তেন্তে নিজে নিজক বাবাৰ অভিনন্দন জনাবা আৰু নিতৌ এনেদৰে পিতাৰ অভিনন্দন বিশেষভাৱে এই সংস্কাৰৰ প্ৰতি লৈ থাকিবা, তেতিয়া সংস্কাৰ কাৰ্যত অহাটো কম হৈ যাব। গতিকে যেনেকৈ যোগৰ ক্ষেত্ৰত পৰীক্ষা কৰা তেনেকৈ সংস্কাৰৰ বাবেও পৰীক্ষা কৰিবা। সংস্কাৰ নিতৌ জাগ্ৰত নহয়, কেতিয়াবা কেতিয়াবা জাগ্ৰত হয়, যিসকল পুৰুষাৰ্থী তেওঁলোকৰ আকস্মিকভাৱে পৰীক্ষা আহে, বাকী নিতৌ নাহে। কিন্তু পৰীক্ষা নিতৌ হ’লে তেতিয়া এই মনোযোগে চিন্তা দূৰ কৰি গৈ থাকিব, কাৰণ বাপদাদাই দেখিছে যে বিদেশী সন্তানসকলৰ ভিতৰত কোনো কোনো সন্তানে কোনো কাম আৰম্ভ কৰিলে মনোযোগ দিয়ে। গতিকে মনোযোগ দিওঁতাসকলেহে মুক্তি লাভ কৰিব পাৰে। বাবাৰো বৰদান আছে। বুজিলা? এতিয়া ইয়াৰ পিছত লাগি যাবা নহয়, নিতৌ ফলাফল পৰীক্ষা কৰিবা নহয়, তেতিয়া সংস্কাৰ নিজেই ঢিলা হৈ যাব। আৰু বাপদাদাই যি বিচাৰে যে সংস্কাৰৰ বিষয়টিতো এক নম্বৰ হোৱা, যি সংস্কাৰ বিচৰা সেয়াই কাৰ্যত প্ৰয়োগ হওক। হৈ যাব। মনোযোগত আহিছে নহয়, তেন্তে হৈ যাব। কিন্তু এনেয়ে হৈ নাযায়, মনোযোগ দিব লাগিব। সংগঠনতেই এই সংস্কাৰ জাগ্ৰত হয়, কিয়? তোমালোকৰ চিত্ৰবোৰত যিসকলে পূজা কৰে, তেওঁলোকে তোমালোকৰ সংস্কাৰ কিমান ভাল বুলি বৰ্ণনা কৰে। গতিকে তোমালোক তেনেকুৱা হৈছা বাবেইতো তেওঁলোকে বৰ্ণনা কৰে। নিজৰ দেৱতা চিত্ৰ প্ৰকট কৰা, তেওঁলোকে কি গায়? এনেকুৱা দেৱতাতো হ’বই লাগিব নহয়। বাৰু।

বাকী সকলো ডবল বিদেশীয়ে পুৰুষাৰ্থত সফলতাৰ অনুভৱ কৰি থাকা নহয়! কৰানে? যিসকলে সফলতা অনুভৱ কৰা তেওঁলোকে হাত দাঙা। বাঃ! হাততো খুব ভালকৈ দাঙি আছা। তেন্তে লক্ষ্য ৰাখিবা যে এতিয়া এই ক্ষেত্ৰত মনোযোগ দিবই লাগিব। ইয়াতো নম্বৰ ল’বই লাগিব। তেতিয়া তোমালোকক দেখি আনৰো উৎসাহ জাগিব কিয়নো তোমালোক নিমিত্ত হোৱা নহয়। আৰু নিমিত্তসকলে বাপদাদাৰ বিশেষ সহায় পায়। বাকী বাবা আনন্দিত হৈছে যে সেৱাকেন্দ্ৰ বৃদ্ধি হৈ গৈ থাকে। পুৰুষাৰ্থৰ প্ৰতি মনোযোগ আছে কিন্তু এতিয়া পৰিৱৰ্তনৰ নিমিত্ত হোৱা, তেতিয়া তোমালোকক দেখি আনৰো পৰিৱৰ্তন শক্তিৰ উৎসাহ জাগিব। বাকী বাপদাদা আনন্দিত হৈছে যে পুৰুষাৰ্থত ক্ৰম অনুসৰিতো হয়েই, সেয়াতো বুজি পোৱাই যায়, কিন্তু পুৰুষাৰ্থৰ প্ৰতি মনোযোগ আছে, আৰু বঢ়াব লাগে। বাকী বাপদাদাই নিতৌ স্নেহসহিত স্মৰণতো কৰেই। চোৱা, ঘৰত বহিও বাপদাদাৰ স্নেহপূৰ্ণ স্মৃতি এদিনো বাদ পৰি নাযায়, যদিহে নিতৌ বিধিপূৰ্বক মুৰুলী পঢ়ে। এদিনো স্নেহপূৰ্ণ স্মৃতি বাদ পৰি নাযায়। পোৱা যায় নহয়! পোৱা যায়নে? নিতৌ স্নেহপূৰ্ণ স্মৃতি পোৱা যায়। সকলোৱে পোৱা নহয়? এয়াই হৈছে বাপদাদাৰ মৰমৰ চিন। মুৰুলী বাদ পৰা মানে স্নেহপূৰ্ণ স্মৃতিও বাদ পৰিল। কেৱল মুৰুলী বাদ নপৰিল, বাপদাদাৰ স্নেহপূৰ্ণ স্মৃতি, বৰদান সকলো হেৰুৱালা। মুৰুলীতো পাছত পঢ়িও ল’বা কিন্তু বাপদাদাৰ স্নেহপূৰ্ণ স্মৃতি প্ৰাপ্ত কৰাৰ যি সময় নিৰ্ধাৰিত আছে, সেয়াতো বাদ পৰিল নহয়। গতিকে উৎসাহ আছে, ইয়াৰ বাবে বাপদাদা আনন্দিতও হৈছে। বাৰু, মুৰুলী খতি কৰা কোনোবা আছেনে? ডবল বিদেশীৰ মাজত কোনোবা আছে নেকি যিয়ে মুৰুলী খতি কৰে? কোনো কাৰণত? নাই। খতি নকৰে। এজনে হাত দাঙিছে। এতিয়া খতি নকৰিবা, মুৰুলী খতি নকৰিবা। লাগিলে ফোনৰ দ্বাৰা শুনা। যদি পঢ়িব নোৱাৰা এতেন্তে যেনেকৈ নহওক কিয় নিশ্চয় শুনিবা। হাজিৰা অৱশ্যে দিবা। বাৰু। বাকী যিসকল সভালৈ আহিছা, নতুনো আছে পুৰণিও আছে, এইটো একেবাৰে দৃঢ়তাৰে টুকি ৰাখা যে মুৰুলী খতি কৰিব নালাগে, কাৰণ পিতা নিতৌ পৰমধামৰ পৰা আহে, কিমান দূৰৈৰ পৰা আহে, সন্তানসকলৰ বাবে আহে নহয়! যেনেকৈ পিতাই মুৰুলী খতি নকৰে, তেনেকৈ সন্তানসকলেও মুৰুলী খতি কৰিব নালাগে। বাৰু।

এতিয়া যিয়েই মধুবনলৈ আহে, যি প্ৰ-পত্ৰ পূৰণ কৰে, তাত এইটোও লিখা যে মুৰুলী সদায় শুনিছেনে নে কেইদিন খতি কৰিছে? মঞ্জুৰনে? যাৰ যাৰ মঞ্জুৰ তেওঁলোকে হাত দাঙা। মধুবন নিবাসীসকলেও হাত দাঙা। কোনো কাৰণতে মুৰুলী খতি কৰিব নালাগে। যেনেকৈ ভোজন খতি নকৰা, তেনেকৈ এয়াও ভোজন হয় নহয়। সেয়া শৰীৰৰ ভোজন, এয়া আত্মাৰ ভোজন। ভাল লাগিলনে। যিসকল নতুনকৈ আহিছা, আহিবলৈতো পালা নহয়। তেওঁলোকেও এইটো নিয়ম পালন কৰিব লাগে। যেনেকৈ আন নিয়ম আছে, তেনেকৈ এইটোও এটা নিয়ম। ব্ৰাহ্মণ মানেই মুৰুলী শুনোতা, সেৱা কৰোতা। বাৰু।

এতিয়া সকলো ফালৰ সন্তানসকলক বাপদাদাই স্নেহপূৰ্ণ স্মৰণৰ লগতে অভিনন্দনো জনাই আছে। সদায় উৎসাহ-উদ্দীপনাৰে আগবাঢ়ি গৈও আছা আৰু আগবাঢ়ি গৈ থাকিবা। কেতিয়াও নিজৰ উৎসাহ-উদ্দীপনা কোনো কাৰণতে, কোনো পৰিস্থিতিতে কম হ’বলৈ নিদিবা। পৰিস্থিতি, পৰিস্থিতি আহে আৰু যায় কিন্তু পুৰুষাৰ্থ আৰু পিতাৰ স্নেহ সেয়া নিজৰ, সেইবাবে কেতিয়াও নিজৰ বুদ্ধি পিতাৰ বাহিৰে আন কথাত ব্যস্ত নাৰাখিবা। পিতা আৰু পিতাৰ মুৰুলী আৰু পিতাৰ দ্বাৰা যি সেৱা পোৱা গৈছে, সেই সেৱা কৰি থাকিবা। বাৰু। এতিয়া কি ক’ম, লগততো থাকিব লাগে নহয়। গতিকে বিদায় লৈছোঁ বুলিও ক’ব নোৱাৰোঁ। একেলগে থাকিম, একেলগে আগবাঢ়িম আৰু একেলগে আহিম। বাৰু। এতিয়া সমাপ্ত।

বৰদান:
শক্তি ৰূপৰ স্মৃতিৰে পতিত সংস্কাৰসমূহ নাশ কৰোঁতা কালী ৰূপ হোৱা

সদায় যাতে নিজৰ এইটো স্বৰূপ স্মৃতিত থাকে যে — মই সৰ্ব শস্ত্ৰধাৰী শক্তি, মোৰ দৰে পতিত-পাৱনীৰ ওপৰত কোনো পতিত আত্মাৰ দৃষ্টিৰ ছাঁটোও পৰিব নোৱাৰে। পতিত আত্মাৰ পতিত সংকল্পও চলিব নোৱাৰে - এনেকুৱা নিজৰ ব্ৰেক শক্তিশালী হ’ব লাগে। যদি কোনো পতিত আত্মাৰ প্ৰভাৱ পৰে, তেন্তে ইয়াৰ অৰ্থ হ’ল প্ৰভাৱশালী হোৱা নাই। যিসকল স্বয়ং সংহাৰকাৰী, তেওঁলোক কেতিয়াও কাৰো চিকাৰ হ’ব নোৱাৰে। গতিকে এনেকুৱা কালী ৰূপ হোৱা যাতে কোনোবাই তোমালোকৰ সন্মুখত এনেকুৱা সংকল্পও যদি কৰে তেন্তে তেওঁলোকৰ সংকল্প মূৰ্ছিত হৈ যায়।

স্লোগান:
মাৰ্জিত ৰূপৰ ইচ্ছাৰ স্বৰূপ হৈছে নাম, মান আৰু সম্ভ্ৰম।

অব্যক্ত ইংগিত: জ্বালাস্বৰূপ স্থিতিত থাকি শক্তিশালী স্মৃতিৰ অনুভৱ কৰা

সাৰথি অৰ্থাৎ আত্মা-অভিমানী কাৰণ আত্মাহে সাৰথি। পিতা ব্ৰহ্মাই এইটো বিধিৰ দ্বাৰাই এক নম্বৰ সিদ্ধি লাভ কৰিলে। গতিকে পিতাক অনুসৰণ কৰা। যেনেকৈ পিতাই দেহক অধীন কৰি প্ৰৱেশ কৰে অৰ্থাৎ সাৰথি হয়, দেহৰ অধীন নহয়, সেইবাবেই তেওঁ অনাসক্ত আৰু স্নেহী। তেনেকৈ তোমালোক সকলো ব্ৰাহ্মণ আত্মাও পিতাৰ দৰে সাৰথিৰ স্থিতিত থাকা। সাৰথি স্বতঃ সাক্ষী হৈ যিয়েই কৰিব, চাব, শুনিব আৰু সকলো কৰিও মায়া লেপ-চেপৰ (প্ৰভাৱৰ) পৰা নিৰ্লেপ (মুক্ত) হৈ থাকিব।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]