26.09.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
নিজৰ সঁচা খতিয়ান ৰাখা তেতিয়া অৱস্থা ভালে থাকিব, খতিয়ান ৰাখিলে কল্যাণ হৈ থাকিব”
প্ৰশ্ন:
কোনটো স্মৃতিয়ে
পুৰণি সৃষ্টিৰ পৰা সহজেই একাষৰীয়া কৰি দিয়ে?
উত্তৰ:
যদি এইটো স্মৃতি থাকে যে আমি কল্পই কল্পই পিতাৰ পৰা বেহদৰ উত্তৰাধিকাৰ লওঁ। এতিয়া
আকৌ আমি উত্তৰাধিকাৰ ল’বলৈ শিৱবাবাৰ কোলাত আহিছোঁ। বাবাই আমাক তুলি লৈছে, আমি সঁচা
ব্ৰাহ্মণ হৈছোঁ। শিৱবাবাই আমাক গীতা শুনাই আছে। এইটো স্মৃতিয়েই পুৰণি সৃষ্টিৰ পৰা
একাষৰীয়া কৰি দিব।
ওঁম্শান্তি।
তোমালোক
সন্তানসকল ইয়াত শিৱবাবাৰ স্মৃতিত বহি আছা, গতিকে তোমালোকে জানা তেওঁ আমাক পুনৰাই
সুখধামৰ মালিক কৰি আছে। সন্তানসকলৰ বুদ্ধিত ভিতৰি কিমান আনন্দ থাকিব লাগে, ইয়াত বহি
সন্তানসকলে সম্পদ লাভ কৰে, নহয় জানো। অনেক প্ৰকাৰৰ মহাবিদ্যালয়ত, বিশ্ববিদ্যালয়ত
কাৰো বুদ্ধিত এই কথাবোৰ নাথাকে। তোমালোকেহে জানা যে বাবাই আমাক স্বৰ্গৰ মালিক কৰি
আছে। এইটো আনন্দ থাকিব লাগে নহয় জানো। এই সময়ত অন্য সকলো খেয়াল আঁতৰাই এজন পিতাকেই
স্মৰণ কৰিব লাগে। ইয়াত যেতিয়া বহা তেতিয়া বুদ্ধিত নিচা থাকিব লাগে যে আমি এতিয়া
সুখধামৰ মালিক হৈ আছোঁ। সুখ আৰু শান্তিৰ উত্তৰাধিকাৰ আমি কল্পই কল্পই লওঁ। মনুষ্যইতো
একো নাজানে। কল্প পূৰ্বেও বহুত মনুষ্য অজ্ঞান অন্ধকাৰত কুম্ভকৰ্ণৰ নিদ্ৰাত শুই শেষ
হৈ গৈছিল। আকৌ তেনেকুৱাই হ’ব। সন্তানসকলে বুজি পায় যে পিতাই আমাক তুলি লৈছে বা আমি
শিৱবাবাৰ ধৰ্ম সন্তান হৈছোঁ। যিয়ে আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ প্ৰতিষ্ঠা কৰি আছে।
এতিয়া আমি ব্ৰাহ্মণ। আমি সঁচা গীতাৰ পাঠ শুনি আছোঁ। আমি বাবাৰ পৰা পুনৰ ৰাজযোগ আৰু
জ্ঞান বলেৰে উত্তৰাধিকাৰ লওঁ। এনেকুৱা খেয়াল ভিতৰত উদয় হ’ব লাগে নহয় জানো। পিতাও আহি
আনন্দৰ কথাবোৰ শুনায়। পিতাই জানে সন্তানসকল কাম চিতাত বহি ক’লা ভস্মীভূত হৈ গৈছে
সেইকাৰণে অমৰলোকৰ পৰা মৃত্যুলোকলৈ আহোঁ। তোমালোকে আকৌ কোৱা আমি মৃত্যুলোকৰ পৰা
অমৰলোকলৈ যাওঁ। পিতাই কয় – মই মৃত্যুলোকলৈ যাওঁ, য’ত সকলোৰে মৃত্যু হৈ গৈছে,
তেওঁলোকক পুনৰ অমৰলোকলৈ লৈ যাওঁ। শাস্ত্ৰবিলাকতো কি কি লিখি দিছে। তেওঁ
সৰ্বশক্তিমান হয়, যি বিচাৰে তাকে কৰিব পাৰে। কিন্তু সন্তানসকলে জানে, তেওঁক
আহ্বানেই কৰা হয় – হে পতিত-পাৱন পিতা আহক, আহি আমাক পতিতৰ পৰা পাৱন কৰি তোলক। দুখ
হৰণ কৰি সুখ দিয়ক, ইয়াত যাদুৰ কোনো কথা নাই। পিতা আহেই কাঁইটৰ পৰা ফুল কৰি তুলিবলৈ।
তোমালোকে জানা যে
আমিয়েই সুখধামৰ দেৱতা আছিলোঁ, সতোপ্ৰধান আছিলোঁ। প্ৰত্যেকেই সতোপ্ৰধানৰ পৰা
তমোপ্ৰধানত আহিবই লাগে। সন্তানসকলৰ ইয়াত বহাৰ সময়ততো আৰুহে মজা লাগিব লাগে। স্মৃতি
উদয় হ’ব লাগে। পিতাকেই সমগ্ৰ জগতে স্মৰণ কৰে। হে মুক্তিদাতা, মাৰ্গ-দৰ্শক, হে
পতিত-পাৱন আহক। আহ্বান তেতিয়া কৰে যেতিয়া ৰাৱণ ৰাজ্যত থাকে। সত্যযুগত জানো আহ্বান
কৰিব, এইবোৰ অতি সহজ বুজিবলগীয়া কথা। এয়া কোনে শুনাইছে? পিতাৰো মহিমা কৰিব, শিক্ষক,
সৎগুৰুৰো মহিমা কৰিব – তিনিও একেজনেই। এয়া তোমালোকৰ বুদ্ধিত আছে। এওঁ পিতা, শিক্ষক,
সৎগুৰুও হয়। শিৱবাবাৰ কামেই হ’ল পতিতক পাৱন কৰি তোলা। পতিত নিশ্চয় দুখী হ’ব।
সতোপ্ৰধান সুখী, তমোপ্ৰধান দুখী হয়। এই দেৱতাসকলৰ কিমান সতোগুণী স্বভাৱ আছে। ইয়াত
মনুষ্যৰ কলিযুগী তমোগুণী স্বভাৱ। অৱশ্যে হয়, মনুষ্য ক্ৰমানুসৰি ভাল বা বেয়া হয়।
সত্যযুগত এনেকৈ কেতিয়াও নকয় যে এওঁ বেয়া। এওঁ এনেকুৱা। তাত কোনো বেয়া লক্ষণ নাথাকে।
সেয়া হয়েই দৈৱী সম্প্ৰদায়। অৱশ্যে হয়, চহকী আৰু গৰিব হ’ব পাৰে। বাকী ভাল বা বেয়া
গুণৰ পাৰ্থক্য তাত নাথাকে, সকলো সুখী হৈ থাকে। দুখৰ কথাই নাই, নামেই হ’ল সুখধাম।
গতিকে সন্তানসকলে পিতাৰ পৰা পূৰা উত্তৰাধিকাৰ ল’বলৈ পুৰুষাৰ্থ কৰিব লাগে। নিজৰ
চিত্ৰ আৰু লক্ষ্মী-নাৰায়ণৰ চিত্ৰও ৰাখিব পাৰা। ক’ব - কোনোবাতো এওঁলোকক শিকাওঁতা আছে।
এয়াতো ভগৱানুবাচ নহয় জানো। ভগৱানৰ নিজৰ শৰীৰ নাই। তেওঁ আহি লোণত লয়। ভাগীৰথ বুলি
গায়নো কৰা হৈছে গতিকে নিশ্চয় ৰথত বিৰাজমান হৈ আছে। ষাঁড় গৰুত আহিব জানো। শিৱ আৰু
শঙ্কৰক একে কৰি দিছে, সেয়ে ষাঁড় গৰু দি দিছে। গতিকে পিতাই কয় – তোমালোক কিমান
আনন্দিত হ’ব লাগে, আমি পিতাৰ হৈছোঁ। পিতায়ো কয় – তোমালোক মোৰ হোৱা। পিতাৰ পদ পোৱাৰ
আনন্দ নাই। শিক্ষকতো শিক্ষকেই, তেওঁ পঢ়াব লাগে। পিতাই কয় – সন্তানসকল, মই সুখৰ সাগৰ।
এতিয়া তোমালোকৰ অতীন্দ্ৰিয় সুখৰ অনুভৱ হয়, যেতিয়া মই তোমালোকক তুলি লৈছোঁ। তুলি
লোৱাও অনেক প্ৰকাৰৰ থাকে। পুৰুষেও কন্যাক তুলি লয় (এড’প্ট কৰে)। তেওঁ বুজে এওঁ মোৰ
স্বামী, এতিয়া তোমালোকে বুজি পোৱা – শিৱবাবাই আমাক তুলি লৈছে। জগতত এই কথাবোৰ বুজি
নাপায়। তেওঁলোকৰ সেই তুলি লোৱাতো হ’ল - এজনে আনজনৰ ওপৰত কাম-কটাৰী চলোৱাৰ। ধৰি লোৱা
কোনোবা ৰজাই সন্তানক তুলি লয়, তুলি লয় সুখৰ কাৰণে, কিন্তু সেয়া হ’ল অল্পকালৰ সুখ।
সন্ন্যাসীয়েও তুলি লয় নহয় জানো। শিষ্যই ক’ব এওঁ মোৰ গুৰু, গুৰুৱে ক’ব এওঁ মোৰ শিষ্য
(অনুগামী)। তুলি লোৱাও কিমান প্ৰকাৰৰ আছে। পিতাই সন্তানক তুলি লয়। তেওঁলোকক সুখতো
দিয়ে আকৌ বিয়া কৰাই দিলে যেন দুখৰ উত্তৰাধিকাৰ দি দিয়ে। গুৰুৰ তুলি লোৱাতো কিমান
উত্তম। এয়া আকৌ হ’ল ঈশ্বৰে তুলি লোৱাৰ কথা, আত্মাসকলক নিজৰ কৰি ল’বলৈ। এতিয়া
তোমালোক সন্তানসকলে সকলোৰে তুলি লোৱাতো দেখিলা। সন্ন্যাসীসকল থকা সত্ত্বেও আকৌ গাই
থাকে – হে পতিত-পাৱন আহক, আহি আমাক তুলি লৈ পাৱন কৰি তোলক। সকলো ভাই ভাই হয়। কিন্তু
যেতিয়া আহি নিজৰ কৰি ল’ব তেতিয়াহে। কয় - বাবা আমি দুখী হৈ পৰিছোঁ। ৰাৱণ ৰাজ্যৰো
অৰ্থ বুজি নাপায়। প্ৰতিকৃতি সাজি জ্বলাই থাকে। যেতিয়া কোনোবাই দুখ দিয়ে তেতিয়া ভাবে
এওঁৰ ওপৰত মোকৰ্দমা হ’ব লাগে। কিন্তু এওঁ কেতিয়াৰ পৰা শত্ৰু হ’ল? অৱশেষত এই শত্ৰু
মৰিব নে নমৰে? এই শত্ৰুৰ বিষয়ে তোমালোকেহে গম পোৱা, তাৰ ওপৰত বিজয়ী হ’বলৈ তোমালোকক
তুলি লোৱা হয়। এয়াও তোমালোক সন্তানসকলে জানা, বিনাশ হ’ব, পাৰমাণৱিক বোমাও তৈয়াৰ হৈ
আছে। এই জ্ঞান যজ্ঞৰ পৰাই বিনাশৰ জুই ওলাইছে। এতিয়া তোমালোকে জানা ৰাৱণৰ ওপৰত বিজয়ী
হৈ আকৌ নতুন সৃষ্টিত ৰাজত্ব কৰিম। বাকীতো সকলো পুতলাৰ খেল। ৰাৱণৰ পুতলাইতো বহুত খৰচ
কৰায়। মনুষ্যই বহুত পইচা এনেয়ে নষ্ট কৰে। কিমান ৰাতি-দিনৰ পাৰ্থক্য। তেওঁলোকে
হাবাথুৰি খাই দুখী হয়, ঠেলা-হেঁচা খাই থাকে। আৰু আমি এতিয়া শ্ৰীমতত শ্ৰেষ্ঠাচাৰী,
সত্যযুগী স্বৰাজ্য পাই আছোঁ। শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ সত্যযুগ স্থাপন কৰোঁতা শিৱবাবাই
আমাক শ্ৰেষ্ঠ দেৱতা বিশ্বৰ মালিক কৰি তোলে। শ্ৰী শ্ৰী শিৱবাবাই আমাক শ্ৰী কৰি তোলে।
শ্ৰী শ্ৰী বুলি কেৱল এজনকহে কোৱা হয়। দেৱতাসকলক শ্ৰী বুলি কোৱা হয় কিয়নো তেওঁলোক
পুনৰ্জন্মত আহে নহয় জানো। বাস্তৱত শ্ৰী বুলি বিকাৰী ৰজাসকলকো ক’ব নোৱাৰি।
এতিয়া তোমালোকৰ কিমান
বিশাল বুদ্ধি হ’ব লাগে। তোমালোকে জানা যে আমি এই পঢ়াৰ দ্বাৰা দ্বৈত মুকুটধাৰী হওঁ।
আমিয়েই দ্বৈত মুকুটধাৰী আছিলোঁ, এতিয়াতো একক মুকুটো নাই। পতিত নহয় জানো। ইয়াত লাইটৰ
মুকুট কাকো দিব নোৱাৰে। এই চিত্ৰবোৰত য’ত তোমালোক তপস্যাত বহি আছা তাত লাইটৰ মুকুট
দিব নালাগে। তোমালোক দ্বৈত মুকুটধাৰী ভৱিষ্যতলৈ হ'বা। তোমালোক সন্তানসকলে জানা যে
আমি বাবাৰ দ্বাৰা দ্বৈত মুকুটধাৰী মহাৰজা-মহাৰাণী হ’বৰ কাৰণে আহিছোঁ। এইটো আনন্দ
থাকিব লাগে। শিৱবাবাক স্মৰণ কৰিব লাগে তেতিয়া পতিতৰ পৰা পাৱন হৈ স্বৰ্গৰ মালিক হৈ
যাবা, ইয়াত কোনো কষ্টৰ কথা নাই। ইয়াত তোমালোক বিদ্যাৰ্থীসকল বহি আছা। তাত বাহিৰত
মিত্ৰ-সম্বন্ধীয় আদিৰ ওচৰলৈ গ’লে বিদ্যাৰ্থী জীৱন পাহৰি যায়। তেতিয়া
মিত্ৰ-সম্বন্ধীয় স্মৃতিত আহি যায়। মায়াৰ জোৰ আছে নহয় জানো। হোষ্টেলত থাকিলে ভালকৈ
পঢ়ে। বাহিৰলৈ অহা-যোৱা কৰিলে সংগদোষত বেয়া হয়। ইয়াৰ পৰা বাহিৰলৈ গ’লে তেতিয়া আকৌ
বিদ্যাৰ্থী জীৱনৰ নিচা নাইকিয়া হৈ যায়। পঢ়াওঁতা ব্ৰাহ্মণীসকলৰো তাত বাহিৰত ইমান নিচা
নাথাকিব, যিমান ইয়াত থাকিব। এয়া হৈছে মুখ্য কাৰ্যালয় মধুবন। বিদ্যাৰ্থী শিক্ষকৰ
সন্মুখত থাকে। সাংসাৰিক কাম-কাজ একো নাই। ৰাতি-দিনৰ পাৰ্থক্য আছে। কোনোৱেতো গোটেই
দিনটো শিৱবাবাক স্মৰণেই নকৰে। শিৱবাবাৰ সহায়কাৰী নহয়। শিৱবাবাৰ সন্তান হৈছা যেতিয়া
সেৱা কৰা। যদি সেৱা নকৰে তেন্তে জানিবা তেওঁ কুসন্তান। বাবাইতো বুজি পায় নহয় জানো।
এওঁৰ দ্বায়িত্ব হ’ল কোৱা – মোক স্মৰণ কৰা। অনুসৰণ কৰিলে বহুত কল্যাণ আছে। বিকাৰী
সম্বন্ধতো ভ্ৰষ্টাচাৰী হয়। সেয়া এৰি গৈ থাকা, তেওঁলোকৰ সংগ নল’বা। পিতাইতো বুজায়
কিন্তু কাৰোবাৰ ভাগ্যত থাকিলেহে। বাবাই কয় – খতিয়ান ৰাখিব লাগে, ইয়াৰ দ্বাৰাও বহুত
কল্যাণ হ’ব। কোনোবা এঘণ্টাও কাচিৎহে স্মৃতিত থাকে চাগৈ। 8 (আঠ) ঘণ্টাতো অন্তত হ’বগৈ।
কৰ্মযোগীতো হোৱা নহয়। কিছুমানৰ উৎসাহ কেতিয়াবা কেতিয়াবা আহে তেতিয়া খতিয়ান ৰাখে।
এইটো ভালেই। যিমানে পিতাক স্মৰণ কৰিবা লাভেই হয়। গায়ন কৰা হৈছে – অন্তকালত যিয়ে
হৰিক স্মৰণ কৰে… ‘বাৰে বাৰে’ৰ অৰ্থ কি? যিয়ে ভালদৰে স্মৰণ নকৰে, তেন্তে
জন্ম-জন্মান্তৰৰ যি বোজা আছে, সেই বোজাই বাৰে বাৰে জন্ম দি সাক্ষাৎকাৰ কৰাই শাস্তি
দিয়ে। যেনেকৈ কাশীত আত্মঘাতী হয় তেতিয়া তৎক্ষণাৎ পাপৰ সাক্ষাৎকাৰ হয়। অনুভৱ কৰে মই
পাপৰ শাস্তি ভোগ কৰিছোঁ। শাস্তি ভোগ কৰোঁতা বহুত আছে। বাবাৰ সেৱাত যিয়ে বিঘিনি আনে,
তেওঁ শাস্তিৰ যোগ্য। পিতাৰ সেৱাত বাধা দিয়ে, যাৰ সোঁহাত হৈছে ধৰ্ম ৰজা। পিতাই কয় –
নিজৰ সৈতে প্ৰতিজ্ঞা কৰা কিয়নো পিতাৰ স্মৃতিৰেহে তোমালোক পাৱন হ’বা। নহ’লে নোহোৱা।
পিতাই প্ৰতিজ্ঞা কৰায়, কৰা বা নকৰা, তোমালোকৰ ইচ্ছা। যিয়ে কৰিব তেওঁ পাব। বহুত আছে
যিসকলে প্ৰতিজ্ঞা কৰে, তথাপিও বেয়া কাম কৰি থাকে। ভক্তিমাৰ্গত গায়ন কৰি থাকে – মোৰতো
এজনেই দ্বিতীয় কোনো নাই। কিন্তু সেইষাৰ কথা এতিয়া বুদ্ধিত উদয় হয় যে আত্মাই কিয়
এনেকৈ গাই আহিছে। গোটেই দিন গাই থাকে মোৰতো এজনেই গিৰিধৰ গোপাল… এয়াতো সংগমত যেতিয়া
পিতা আহিব তেতিয়াহে নিজৰ ঘৰলৈ লৈ যাব, কৃষ্ণপুৰীলৈ যাবলৈ তোমালোকে পঢ়া নহয় জানো।
ৰাজকুমাৰ-ৰাজকুমাৰীৰ কলেজ (মহাবিদ্যালয়) থাকে, য’ত ৰাজকুমাৰ-ৰাজকুমাৰীসকলে পঢ়ে।
সেয়াতো হ’ল হদৰ (সীমিত) কথা। কেতিয়াবা বেমাৰ হয়, কেতিয়াবা মৰিও যায়। এয়াতো হ’ল
ৰাজকুমাৰ-ৰাজকুমাৰী হোৱাৰ ঈশ্বৰ পিতাৰ বিশ্ব বিদ্যালয়। ৰাজযোগ নহয় জানো। তোমালোক
নৰৰ পৰা নাৰায়ণ হোৱা। তোমালোকে পিতাৰ পৰা উত্তৰাধিকাৰ লৈ সত্যযুগৰ
ৰাজকুমাৰ-ৰাজকুমাৰী হোৱা। পিতাই কিমান মজাৰ কথা বহি শুনায়। স্মৃতিত থাকিব লাগে নহয়
জানো। কিছুমানতো ইয়াৰ পৰা বাহিৰলৈ গ’লেই আৱদ্ধ হৈ যায়। পিতাক স্মৰণো ক্ৰমানুসৰি কৰে।
যিসকলে বেছিকৈ স্মৰণ কৰে তেওঁলোকে আনকো পিতাৰ স্মৃতি সোঁৱৰাই দিব। বুদ্ধিত এয়াই
থাকিব লাগে যে কেনেকৈ বহুতৰে কল্যাণ কৰোঁ। বাহিৰৰ সকল প্ৰজাৰ শ্ৰেণীত দাস-দাসী,
ইয়াত থকাসকল আকৌ ৰজাসকলৰ দাস-দাসী হ’বগৈ। আগলৈ সকলো সাক্ষাৎকাৰ হৈ থাকিব। তোমালোকেও
অনুভৱ কৰিবা সঁচাকৈয়ে মই পূৰা পুৰুষাৰ্থ কৰা নাই, বহুত চমৎকাৰ দেখিবা। যিসকলে ভালদৰে
পঢ়িব তেওঁলোকেই নবাব হ’ব। পিতাই কিমান কৈ থাকে – সেৱাকেন্দ্ৰত প্ৰদৰ্শনীৰ আহিলা (চিত্ৰ
আদি) দিয়া হৈছে গতিকে সন্তানসকলক শিকাই বুদ্ধিমান কৰি তুলিব লাগে। তেতিয়া বাবাই
বুজিব বি.কে.সকলে সেৱা কৰিব জানে। সেৱা কৰিলে উচ্চ পদ পাব, সেইকাৰণে বাবাই প্ৰদৰ্শনী
সাজু কৰাৰ ওপৰত জোৰ দি আছে। এই চিত্ৰ তৈয়াৰ কৰাতো বহুত সাধাৰণ বস্তু। সাহস ৰাখি
প্ৰদৰ্শনীৰ চিত্ৰ তৈয়াৰ কৰাত সহায় কৰিব লাগে তেতিয়া সন্তানসকলৰ বুজাবলৈ সহজ হ’ব।
বাবাই বুজি পায় – শিক্ষক, পৰিচালক ঠাণ্ডা হৈ আছে। কিছুমান ব্ৰাহ্মণী পৰিচালিকা (মেনেজাৰ)
হ’লে তেতিয়া দেহ-অভিমান আহি যায়। নিজে বহুত জানো বুলি ভাবে। মই বহুত ভালকৈ চলোঁ।
আনক সোধা তেতিয়া 10 টা কথা শুনাব। মায়াই বৰ পাকচক্ৰত পেলাই দিয়ে। সন্তানসকলতো কেৱল
সেৱা আৰু সেৱাতে থাকিব লাগে। পিতা দয়াশীল, দুখহৰ্তা সুখকৰ্তা গতিকে সন্তানসকলো
তেনেকুৱা হ’ব লাগে, কেৱল পিতাৰ পৰিচয় দিব লাগে। পিতাই কয় – মামেকম্ (কেৱল মোক;
পৰমপিতাক) স্মৰণ কৰা তেতিয়া নৰকবাসীৰ পৰা স্বৰ্গবাসী হৈ যাবা। কিমান সহজ। পিতাই কয়
– মোক স্মৰণ কৰিলে পতিতৰ পৰা পাৱন হৈ তোমালোক শান্তিধাম, সুখধামলৈ আহি যাবা। নিশ্চয়
হ’লে তেতিয়া একেবাৰে লিখাই ল’ব লাগে। লিখেও যে যথাযথ ব্ৰহ্মাকুমাৰ-কুমাৰীসকলে
শিৱবাবাৰ পৰা উত্তৰাধিকাৰ লয়, গতিকে বুজিব এনেকুৱা পিতাৰতো নিশ্চয় হৈ যাব লাগে। শৰণ
ল’ব লাগে। তোমালোকে পিতাৰ শৰণ লৈছা নহয় জানো অৰ্থাৎ কোলালৈ আহিছা। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাৰ
সমান দয়াশীল, দুখহৰ্তা সুখকৰ্তা হ’ব লাগে।
(2) সংগদোষৰ পৰা নিজক
বহুত সাৱধানে ৰাখিব লাগে। এজন পিতাকেই অনুসৰণ কৰিব লাগে। বহুতৰে কল্যাণ কৰাৰ সেৱা
কৰিব লাগে। কেতিয়াও অহংকাৰত আহি নিজে বহুত জানোঁ বুলি ভাবিব নালাগে।
বৰদান:
অন্তৰ্মুখী হৈ
নিজৰ সময় আৰু সংকল্প ৰাহি কৰোঁতা বিঘ্নজিৎ হোৱা
যেতিয়া কোনো নতুন আৰু
শক্তিশালী উদ্ভাৱন কৰে তেতিয়া সেয়া আত্মগোপন কৰি বা এক নিৰ্জন স্থানত কৰা হয়।
তোমালোকো যিমানেই অন্তৰ্মুখী অৰ্থাৎ আত্মগোপন কৰি থাকিবা, সিমানেই বায়ুমণ্ডলৰ
প্ৰভাৱৰ পৰা সুৰক্ষিত হৈ যাবা, মনন শক্তি বৃদ্ধি হ’ব আৰু মায়াৰ বিঘ্নৰ পৰাও নিৰাপদ
হৈ যাবা। বহিৰ্মুখিতাত আহিও অন্তৰ্মুখী, হৰ্ষিতমুখী আৰু আকৰ্ষণমূৰ্ত হৈ থাকা, কৰ্ম
কৰিও এইটো অভ্যাস কৰা তেতিয়া সময় ৰাহি হ'ব আৰু সফলতাও অধিক অনুভৱ কৰিবা।
স্লোগান:
বেমাৰলৈ ভয় নকৰিবা, তাক ঔষধৰূপী ফল খুৱাই বিদায় দি দিয়া।
অব্যক্ত ইংগিত: এতিয়া
নিজৰ দাতা স্বৰূপ প্ৰত্যক্ষ কৰা
তোমালোক সন্তানসকলে
কোনো আত্মাৰ পৰা একো ল'ব নালাগে। কেৱল এক পিতাৰ পৰাহে ল’ব লাগে আৰু যি ল’লা সেয়া
সকলোকে দিব লাগে। য'ত দিব লাগে ত’ত লোৱাৰ ইচ্ছা ৰাখিব নালাগে। যদি আত্মাই আত্মাৰ পৰা
কিবা পাবলৈ ইচ্ছা ৰাখে, তেন্তে তেওঁলোকৰ অল্পজ্ঞ আত্মাসকলৰ পৰা অল্পকালীন প্ৰাপ্তিহে
পাব। কেৱল এক সৰ্বজ্ঞ পিতাৰ পৰাহে সদাকালৰ প্ৰাপ্তি হ’ব। কোনো ধৰণৰ লোৱাৰ ইচ্ছাই
নিজৰ স্বমানৰ পৰা অপসাৰিত কৰি দিয়ে।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]