26.10.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – সৰ্বশক্তিমান পিতা তোমালোকক শক্তি দিবলৈ আহিছে, যিমানে স্মৃতিত থাকিবা সিমানে শক্তি পাই থাকিবা"

প্ৰশ্ন:
এই ড্ৰামাখনত সকলো ভাল ভূমিকা তোমালোক সন্তানসকলৰ – কেনেকৈ?

উত্তৰ:
তোমালোক সন্তানসকলহে বেহদৰ পিতাৰ হোৱা। ভগৱানে শিক্ষক হৈ তোমালোককহে পঢ়ায় সেয়েহে ভাগ্যৱান হ'লা নহয়। বিশ্বৰ মালিক তোমালোকৰ অতিথি হৈ আহিছে, তেওঁ তোমালোকৰ সহযোগেৰে বিশ্বৰ কল্যাণ কৰে। তোমালোক সন্তানসকলে মাতিছা আৰু পিতা আহিছে, এয়াই হৈছে দুহাতৰ তালি। এতিয়া তোমালোক সন্তানসকলে পিতাৰ পৰা গোটেই বিশ্বত ৰাজত্ব কৰাৰ শক্তি পোৱা।

ওঁম্শান্তি।
মৰমৰ আত্মিক সন্তানসকল আত্মিক পিতাৰ সন্মুখত বহি আছে। শিক্ষকৰ সমুখতো বহি আছে আৰু এয়াও জানে এই বাবা গুৰুৰ ৰূপত আমাক সন্তানসকলক লৈ যাবলৈ আহিছে। পিতায়ো কয় - হে আত্মিক সন্তানসকল, মই আহিছোঁ তোমালোকক ইয়াৰ পৰা লৈ যাবলৈ। এইখন সৃষ্টি পুৰণি হৈ গৈছে আৰু এয়াও জানা যে এইখন ছিঃ ছিঃ সৃষ্টি। তোমালোক সন্তানসকলো ছিঃ ছিঃ হৈ গৈছা। নিজেই নিজক কোৱা পতিত-পাৱন পিতা আহি আমাক পতিতসকলক এই দুখধামৰ পৰা শান্তিধামলৈ লৈ যাওঁক। এতিয়া তোমালোক ইয়াত বহি থাকোঁতে এয়া অন্তৰত উদয় হ’ব লাগে। পিতায়ো কয় - মই তোমালোকে আহ্বান জনোৱা বাবে, নিমন্ত্ৰণ দিয়া বাবে আহিছোঁ। পিতাই স্মৃতি সোঁৱৰাই দিয়ে যথাযথ তোমালোকে মাতিছিলা নহয় যে আহক। এতিয়া তোমালোকৰ স্মৃতি উদয় হৈছে যে আমি মাতিছিলোঁ। এতিয়া ড্ৰামা অনুসৰি কল্প পূৰ্বৰ দৰে বাবা আহিছে। তেওঁলোকে পৰিকল্পনা কৰে নহয়। এয়াও শিৱবাবাৰ পৰিকল্পনা। এতিয়া সকলোৰে নিজা নিজা পৰিকল্পনা আছে নহয়। পঞ্চবাৰ্ষিক পৰিকল্পনা কৰে, এইটো এইটো কৰিম, চোৱা কেনেকৈ কথাবোৰ মিলি যায়। আগেয়ে এনেকুৱা পৰিকল্পনা আদি কৰা নাছিল, এতিয়া পৰিকল্পনা কৰি থাকে। তোমালোক সন্তানসকলে জানা এয়া আমাৰ বাবাৰ পৰিকল্পনা। ড্ৰামাৰ পৰিকল্পনা অনুসৰি 5 হাজাৰ বছৰ পূৰ্বে মই এই পৰিকল্পনা কৰিছিলোঁ। তোমালোক মৰমৰ সন্তানসকল যিসকল ইয়াত বহুত দুখী হৈ গৈছা, বেশ্যালয়ত পৰি আছা, এতিয়া মই আহিছোঁ তোমালোকক শিৱালয়লৈ লৈ যাবলৈ। সেই শান্তিধাম হৈছে নিৰাকাৰী শিৱালয় আৰু সুখধাম হ'ল সাকাৰী শিৱালয়। এই সময়ত পিতাই তোমালোক সন্তানসকলক পুনৰুজ্জীৱিত কৰি আছে। তোমালোক পিতাৰ সমুখত বহি আছা নহয়। বুদ্ধিত নিশ্চয়তাতো আছে যে বাবা আহিছে। 'বাবা' শব্দটি অতি মিঠা। এইটোও জানা যে আমি আত্মাসকল সেইজন পিতাৰ সন্তান আকৌ ভূমিকা পলন কৰিবলৈ এইজন বাবাৰ হৈছোঁ। কিমান সময় তোমালোকে লৌকিক বাবাসকলক পাইছা? সত্যযুগৰ পৰা সুখ আৰু দুখৰ ভূমিকা পালন কৰি আহিছা। এতিয়া তোমালোকে জানা যে আমাৰ দুখৰ ভূমিকা অন্ত হয়, সুখৰ ভূমিকাও পূৰা 21 জন্ম পালন কৰিছা। পুনৰ আধাকল্প দুখৰ ভূমিকা পালন কৰিলা। বাবাই তোমালোকক স্মৃতি সোঁৱৰাই দিছে, বাবাই সোধে ঠিক এনেকুৱাই নহয় জানো। এতিয়া পুনৰাই তোমালোকে আধাকল্প সুখৰ ভূমিকা পালন কৰিব লাগে। এই জ্ঞানেৰে তোমালোক আত্মা ভৰপূৰ হৈ থাকা আকৌ খালী হৈ যোৱা। আকৌ পিতাই ভৰপূৰ কৰে, তোমালোকৰ ডিঙিত বিজয় মালা ওলমি আছে। ডিঙিত জ্ঞানৰ মালা আছে। নিৰন্তৰ আমি পৰিক্ৰমা লগাই থাকোঁ। সত্যযুগ, ত্ৰেতা, দ্বাপৰ, কলিযুগ তাৰপাছত এই মিঠা সংগমত আহোঁ। ইয়াক মিঠা বুলি কোৱা হ’ব। শান্তিধাম কোনো মিঠা নহয়। সকলোতকৈ মিঠা হৈছে পুৰুষোত্তম কল্যাণকাৰী সংগমযুগ। ড্ৰামাত তোমালোকৰ সৰ্বশ্ৰেষ্ঠ ভুমিকা আছে। তোমালোক কিমান ভাগ্যৱান। বেহদৰ পিতাৰ তোমালোক সন্তান। তেওঁ আহি তোমালোক সন্তানসকলক পঢ়ায়। কিমান উচ্চ, কিমান সহজ পঢ়া। তোমালোক কিমান ধনৱান হোৱা, ইয়াত কোনো পৰিশ্ৰম কৰিবলগীয়া নহয়। ডাক্তৰ, ইঞ্জিনিয়াৰ আদিয়ে কিমান পৰিশ্ৰম কৰে, তোমালোকেতো উত্তৰাধিকাৰ পোৱা, পিতাকৰ উপাৰ্জনত সন্তানৰ অধিকাৰ থাকে নহয়। তোমালোকে এই পাঠ পঢ়ি 21 জন্মৰ বাবে সঁচা উপাৰ্জন কৰা। তাত (সত্যযুগত) তোমালোকৰ একো লোকচান নহয় যে পিতাক স্মৰণ কৰিবলগীয়া হ'ব, ইয়াকে ‘অজপাজপ’ বুলি কোৱা হয়।

তোমালোকে জানা বাবা আহিছে। বাবায়ো কয় - মই আহিছোঁ, দুয়ো হাতৰ তালি বাজিব নহয়। পিতাই কয় মোক স্মৰণ কৰিলে জন্ম-জন্মান্তৰৰ পাপ ভস্ম হৈ যায়। পাঁচ বিকাৰৰূপী ৰাৱণে তোমালোকক পাপ আত্মা কৰি দিছে, আকৌ পুণ্য আত্মাও হ'ব লাগে, এয়া বুদ্ধিত উদয় হ’ব লাগে। আমি পিতাৰ স্মৃতিৰে পৱিত্ৰ হৈ আকৌ পিতাৰ লগত ঘৰলৈ যাম। এই পঢ়াৰ দ্বাৰা আমি আকৌ শক্তি পাওঁ। দেৱী-দেৱতা ধৰ্মৰ বাবে কোৱা হয় - ধৰ্মই শক্তি। পিতাতো হৈছে সৰ্বশক্তিমান। সেয়েহে বাবাৰ পৰা আমি বিশ্বত শান্তি স্থাপনা কৰিবলৈ শক্তি পাওঁ। সেই বাদশ্বাহী আমাৰ পৰা কোনেও কাঢ়ি নিব নোৱাৰে। ইমান শক্তি পাওঁ। ৰজাসকলৰ হাতত চোৱা কিমান শক্তি আহি যায়। তেওঁলোকক কিমান ভয় কৰে। এজন ৰজাৰ কিমান প্ৰজা, সৈন্য আদি থাকে কিন্তু সেয়া হ’ল খন্তেকীয়া শক্তি। এয়া আকৌ হৈছে 21 জন্মৰ শক্তি। এতিয়া তোমালোকে জানা আমি সৰ্বশক্তিমান পিতাৰ পৰা বিশ্বত ৰাজত্ব কৰাৰ শক্তি পাওঁ। স্নেহতো থাকে নহয়। দেৱতাসকল বাস্তৱ ৰূপত নাই তথাপি কিমান স্নেহ থাকে। যেতিয়া সমুখত আহিব তেতিয়া প্ৰজাৰ কিমান স্নেহ জাগিব। স্মৃতিৰ যাত্ৰাৰ দ্বাৰা এই সকলো শক্তি তোমালোকে আহৰণ কৰি আছা। এইটো কথা পাহৰি নাযাবা। স্মৰণ কৰোঁতে কৰোঁতে তোমালোক বহুত শক্তিশালী হৈ যোৱা। সৰ্বশক্তিমান বুলি আন কাকো কোৱা নহয়। সকলোৱে শক্তি প্ৰাপ্ত কৰে, এতিয়া কৰো শক্তি নাই সকলো তমোপ্ৰধান হৈ গৈছে। আকৌ সকলো আত্মাই এজনৰ পৰাই শক্তি প্ৰাপ্ত কৰিব আৰু নিজ ৰাজধানীত আহি নিজৰ ভূমিকা পালন কৰিব। নিজৰ হিচাপ-নিকাচ নিষ্পত্তি কৰি পুনৰ এনেকৈয়েই ক্ৰমানুসৰি শক্তিমান হয়। প্ৰথম নম্বৰত হৈছে এই দেৱতাসকলৰ শক্তি। এই লক্ষ্মী-নাৰায়ণ যথাযথ গোটেই সৃষ্টিৰ মালিক আছিল নহয়। তোমালোকৰ বুদ্ধিত গোটেই সৃষ্টিৰ চক্ৰ আছে। যেনেকৈ তোমালোক আত্মাত এই জ্ঞান আছে, তেনেকৈ বাবাৰো সমস্ত জ্ঞান আছে। এতিয়া তোমালোকক জ্ঞান দি আছে। ড্ৰামাত ভূমিকা নিৰ্ধাৰিত হৈ আছে যি পুনৰাবৃত্তি হৈ থাকে। পুনৰ সেই ভূমিকা 5 হাজাৰ বছৰৰ পাছত পুনৰাবৃত্তি হ'ব। এয়াও তোমালোক সকলো সন্তানে জানা। তোমালোকে সত্যযুগত ৰাজত্ব কৰা তেতিয়া পিতা অৱসৰকালীন জীৱনত থাকে পুনৰ কেতিয়া মঞ্চলৈ আহে? যেতিয়া তোমালোক দুখী হোৱা। তোমালোকে জানা তেওঁৰ মাজত সকলো তথ্য মজুত আছে। কিমান সূক্ষ্ম আত্মা, তাত কিমান বোধশক্তি থাকে। পিতা আহি কিমান বোধশক্তি দিয়ে। পুনৰ সত্যযুগত এয়া সকলো পাহৰি যোৱা। সত্যযুগত তোমালোকৰ এই জ্ঞান নাথাকে। তাত তোমালোকে সুখ ভোগ কৰি থাকা। এইটোও এতিয়া তোমালোকে বুজিছা, সত্যযুগত আমিয়েই দেৱতা হৈ সুখ ভোগ কৰোঁ। এতিয়া আমিয়েই ব্ৰাহ্মণ। আকৌ আমিয়েই দেৱতা হওঁ। এই জ্ঞান বুদ্ধিত ভালদৰে ধাৰণ কৰিব লাগে। কৰোবাক বুজালে আনন্দ লাগে নহয়। যেন তোমালোকে প্ৰাণদানহে দিয়া। কোৱা হয় কালে আহি সকলোকে লৈ যায়। কাল আদি একো নাই। এইখনতো পূৰ্ব নিৰ্ধাৰিত ড্ৰামা। আত্মাই কয় মই এটা শৰীৰ এৰি গৈ পুনৰ অন্য এটা লওঁ। মোক কোনো কালে নাখায়। আত্মাৰ অনুভৱ হয়। আত্মা যেতিয়া গৰ্ভত থাকে তেতিয়া সাক্ষাৎকাৰ কৰি দুখ ভোগ কৰে। ভিতৰত শাস্তি ভোগে সেয়েহে তাক গৰ্ভ কাৰাগাৰ বুলি কোৱা হয়। এইখন কিমান আচৰিত ড্ৰামা। গৰ্ভ কাৰাগাৰত শাস্তি খাই সাক্ষাৎকাৰ কৰি থাকে। শাস্তি কিয় পালে? সাক্ষাৎকাৰতো কৰাই নহয় - এইটো এইটো অনিয়মৰ কাম কৰিছিলা, এওঁক দুখ দিছিলা। তাত (গৰ্ভ কাৰাগাৰত) সকলো সাক্ষাৎকাৰ হয় পুনৰ বাহিৰ ওলাই পাপ আত্মা হৈ যায়। সকলো পাপ কেনেকৈ ভস্ম হ'ব? সেয়েহে সন্তানসকলক বুজোৱা হৈছে - এই স্মৃতিৰ যাত্ৰাৰ দ্বাৰা আৰু স্বদৰ্শন চক্ৰ ঘূৰালে তোমালোকৰ পাপ নাইকিয়া হয়। পিতাই কয়ো - মৰমৰ স্বদৰ্শন চক্ৰধাৰী সন্তানসকল, তোমালোকে 84ৰ এই স্বদৰ্শন চক্ৰ ঘূৰালে তোমালোকৰ জন্ম-জন্মান্তৰৰ পাপ নাইকিয়া হ'ব। চক্ৰকো স্মৰণ কৰিব লাগে, কোনে এই জ্ঞান দিলে, তেওঁকো স্মৰণ কৰিব লাগে। বাবাই আমাক স্বদৰ্শন চক্ৰধাৰী কৰি আছে। গঢ়িতো আছে কিন্তু সদায় নতুন (সন্তান) আহে সেয়েহে তেওঁলোকক পুনৰুজ্জীৱিত কৰিবলগীয়া হয়। তোমালোকে সকলো জ্ঞান পালা, এতিয়া তোমালোকে জানা আমি ইয়ালৈ ভূমিকা পালন কৰিবলৈ আহিছোঁ। 84ৰ চক্ৰ পৰিক্ৰমা লগোৱা হ'ল এতিয়া পুনৰ উভতি যাব লাগে। এনেকৈ চক্ৰ ঘূৰাই থাকানে? পিতাই জানে সন্তানসকলে বহুত পাহৰি যায়। চক্ৰ ঘূৰোৱাত কোনো কষ্ট নাই, সময় বহুত পোৱা যায়। পাছলৈ তোমালোকৰ এই স্বদৰ্শন চক্ৰধাৰী অৱস্থা হৈ থাকিব। তোমালোক এনেকুৱা হ'ব লাগে। সন্ন্যাসীসকলেতো এই শিক্ষা দিব নোৱাৰে। স্বদৰ্শন চক্ৰক গুৰুসকলে নিজেও নাজানে। তেওঁলোকেতো কেৱল ক'ব - ব'লক গংগালৈ যাওঁ। কিমান স্নান কৰে। বহুতে স্নান কৰিলে গুৰুসকলৰ উপাৰ্জন হয়। বাৰে বাৰে যাত্ৰা কৰে। এতিয়া সেই যাত্ৰা আৰু এই যাত্ৰাৰ মাজত চোৱা কিমান পাৰ্থক্য আছে। এই যাত্ৰাই সেই সকলো যাত্ৰা এৰুৱাই দিয়ে। এই যাত্ৰা কিমান সহজ। চক্ৰও ঘূৰোৱা। গীতো আছে নহয় – চাৰিওফালে পৰিক্ৰমা লগালোঁ তথাপি নিৰন্তৰ দূৰৈতে থাকিলোঁ। বেহদৰ পিতাৰ পৰা দূৰৈতে থাকিলা। এয়া তোমালোকৰ অনুভৱ হয়। তেওঁলোকে ইয়াৰ অৰ্থ বুজি নাপায়। এতিয়া তোমালোকে জানা যে বহুত পৰিক্ৰমা লগাই থাকিলোঁ। এতিয়া এই চক্ৰৰ পৰা তোমালোক মুক্ত হৈ গ'লা। পৰিক্ৰমা লগাই কোনো ওচৰলৈ নাহিল আৰু দূৰৈলৈহে গৈ থাকিল।

এতিয়া ড্ৰামাৰ পৰিকল্পনা অনুসৰি সকলোকে লগত লৈ যাবলৈ পিতাহে আহিবলগীয়া হয়। পিতাই কয় - মোৰ মতত তোমালোক চলিবই লাগে, পৱিত্ৰ হ'ব লাগে। এই সৃষ্টিখনক দেখিও চাব নালাগে। যেতিয়ালৈকে নতুন ঘৰ নিৰ্মাণ হৈ তৈয়াৰ নহয় তেতিয়ালৈকে পুৰণা ঘৰতে থাকিবলগীয়া হয়। পিতা সংগমতহে উত্তৰাধিকাৰ দিবলৈ আহে। বেহদৰ পিতাৰ হৈছে বেহদৰ উত্তৰাধিকাৰ। সন্তানসকলে জানে পিতাৰ উত্তৰাধিকাৰ আমাৰ। সেইটো আনন্দত থাকে। নিজৰ উপাৰ্জনো কৰে আৰু পিতাৰ উত্তৰাধিকাৰো পায়। তোমালোকেতো উত্তৰাধিকাৰহে পাবা। তাত তোমালোকে গম নোপোৱা যে স্বৰ্গৰ উত্তৰাধিকাৰ আমি কেনেকৈ পালোঁ। তাততো তোমালোকৰ জীৱন বহুত সুখী হৈ থাকে কিয়নো তোমালোকে পিতাক স্মৰণ কৰি শক্তি লোৱা। পাপ খণ্ডন কৰোঁতা পতিত-পাৱন এজনেই পিতা। পিতাক স্মৰণ কৰিলে আৰু স্বদৰ্শন চক্ৰ ঘূৰালেহে তোমালোকৰ পাপ খণ্ডন হয়। এইটো ভালকৈ লিখি লোৱা। এইখিনি বুজোৱাই যথেষ্ট। আগলৈ তোমালোকে টিক্‌ টিক্‌ কৰিবলগীয়া নহ’ব। এটা ইংগিতেই যথেষ্ট হ’ব। বেহদৰ পিতাক স্মৰণ কৰা তেতিয়া তোমালোকৰ পাপ খণ্ডন হ’ব। তোমালোকে নৰৰ পৰা নাৰায়ণ, নাৰীৰ পৰা লক্ষ্মী হ’বলৈ আহিছা। এইটো স্মৃতিত আছে নহয়। অন্য কাৰো বুদ্ধিত এই কথাবোৰ উদয় নহয়। ইয়ালৈ তোমালোক আহা, বুদ্ধিত আছে আমি বাপদাদাৰ ওচৰলৈ তেওঁৰ পৰা নতুন সৃষ্টি স্বৰ্গৰ উত্তৰাধিকাৰ ল’বলৈ আহিছোঁ।

পিতাই কয় - স্বদৰ্শন চক্ৰধাৰী হ’লে তোমালোকৰ বিকৰ্ম বিনাশ হৈ যাব। এতিয়া যিজনে তোমালোকৰ জীৱন হীৰাতুল্য কৰি তোলে তেওঁক চোৱা। এয়াও তোমালোকে বুজিছা, ইয়াত একো চোৱাৰ কথা নাই। এয়া তোমালোকে দিব্য দৃষ্টিৰ দ্বাৰা জানিছা। আত্মাইয়ে এই শৰীৰৰ দ্বাৰা পঢ়ে। এই জ্ঞান এতিয়া পাইছা। আমি যি কৰ্ম কৰোঁ, আত্মাইহে শৰীৰ ধাৰণ কৰি কৰ্ম কৰে। বাবায়ো পঢ়াব লাগে, তেওঁৰ নামতো সদায় শিৱ। শৰীৰৰ নাম সলনি হয়। এই শৰীৰতো আমাৰ নহয়। এয়া তেওঁৰ সম্পত্তি। শৰীৰ আত্মাৰ সম্পত্তি যাৰ দ্বাৰা ভূমিকা পালন কৰা হয়। এয়াতো বহুত সহজ বোধশক্তিৰ কথা। আত্মাতো সকলোৰে আছে, সকলোৰে শৰীৰৰ নাম ভিন্ন ভিন্ন। এয়া আকৌ হ’ল পৰম আত্মা, সৰ্বশ্ৰেষ্ঠ আত্মা। উচ্চতকৈও উচ্চ। এতিয়া তোমালোকে বুজি পোৱা ভগৱানতো এজনেই ৰচয়িতা। বাকী সকলো হৈছে ৰচনা ভূমিকা পালন কৰোঁতা। এইটোও জানি গৈছা কেনেকৈ আত্মাবোৰ আহে, আৰম্ভণিতে অতি কমসংখ্যক আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ আত্মাসকল থাকে। আকৌ অন্তিমত প্ৰথমে আহিবৰ বাবে লায়ক হয়। এই সৃষ্টি চক্ৰ যেন এধাৰি মালা যি ঘূৰি থাকে। মালা তোমালোকে ঘূৰাই থাকা সেয়েহে সকলো দানাৰ চক্ৰ ঘূৰি থাকে নহয়। সত্যযুগত ভক্তি অলপো নাথাকে। পিতাই বুজাইছে - হে আত্মাসকল মামেকম্‌ (কেৱল মোক) স্মৰণ কৰা। তোমালোক ঘৰলৈ নিশ্চয় উভতি যাব লাগে, বিনাশ সমাগত। স্মৃতিৰ দ্বাৰাহে পাপ খণ্ডন হ’ব তেতিয়া শাস্তি খোৱাৰ পৰাও পৰিত্ৰাণ পাবা। পদমৰ্যাদাও ভাল হ’ব। নহ’লে শাস্তি বহুত খাব লাগিব। মই তোমালোক সন্তানসকলৰ কাষত কিমান ভাল অতিথি। মই গোটেই বিশ্বৰ পৰিৱৰ্তন কৰোঁ, পুৰণি বিশ্বক নতুন কৰি তোলোঁ। তোমালোকেও জানা বাবা কল্পই কল্পই আহি বিশ্ব পৰিৱৰ্তন কৰি পুৰণি বিশ্বক নতুনকৈ গঢ়ি তোলে। এই বিশ্ব নতুনৰ পৰা পুৰণি, পুৰণিৰ পৰা নতুন হয় নহয়। তোমালোকে এই সময়ত চক্ৰ ঘূৰাই থাকা। পিতাৰ বুদ্ধিত জ্ঞান আছে, বৰ্ণনা কৰে, তোমালোকৰ বুদ্ধিতো আছে চক্ৰ কেনেকৈ ঘূৰে। তোমালোকে জানা বাবা আহিছে, তেওঁৰ শ্ৰীমতত আমি পাৱন হওঁ। স্মৃতিৰ দ্বাৰাহে পাৱন হৈ গৈ থাকিবা আকৌ উচ্চ পদ পাবা। পুৰুষাৰ্থ কৰোৱাটোও জৰুৰী। পুৰুষাৰ্থ কৰাবলৈ কিমান চিত্ৰ আদি তৈয়াৰ কৰে। যিয়েই আহে তেওঁলোকক তোমালোকে 84 চক্ৰৰ বিষয়ে বুজোৱা। পিতাক স্মৰণ কৰিলে তোমালোক পতিতৰ পৰা পাৱন হৈ যাবা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) জ্ঞান বুদ্ধিত ভালদৰে ধাৰণ কৰি অনেক আত্মাক প্ৰাণ দান দিব লাগে, স্বদৰ্শন চক্ৰধাৰী হ’ব লাগে।

(2) এই সুন্দৰ সংগমত নিজৰ উপাৰ্জনৰ লগতে পিতাৰ শ্ৰীমতত চলি পূৰা উত্তৰাধিকাৰ ল’ব লাগে। নিজৰ জীৱন সদায় আনন্দিত কৰি তুলিব লাগে।

বৰদান:
সকলো বৰদান সময়ত ব্যৱহাৰ কৰি ফলপ্ৰসূ কৰোঁতা ফল স্বৰূপ হোৱা

বাপদাদাৰ দ্বাৰা সময় অনুসৰি যিয়েই বৰদান প্ৰাপ্ত হৈছে, তাক সময়ত কাৰ্যত ব্যৱহাৰ কৰা। কেৱল বৰদান শুনি আনন্দিত নহ’বা যে আজি বহুত ভাল বৰদান প্ৰাপ্ত হ’ল। বৰদানক কামত লগালে বৰদান স্থায়ী হৈ থাকে। বৰদানতো অবিনাশী পিতাৰ কিন্তু তাক ফলপ্ৰসূ কৰা। ইয়াৰ বাবে বৰদানত বাৰে বাৰে প্ৰতি স্মৃতি ৰূপী জল দিয়া, বৰদানৰ স্বৰূপত স্থিত হোৱাৰ তাপ দিয়া তেতিয়া বৰদানৰ ফল স্বৰূপ হৈ যাবা।

স্লোগান:
বিশেষত্বসমূহ প্ৰভু প্ৰসাদ, সেয়া সেৱাত প্ৰয়োগ কৰা, বিলোৱা আৰু বঢ়োৱা।


পুৰণা সংস্কাৰ পৰিৱৰ্তন কৰি সংস্কাৰ মিলনৰ ৰাস কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

যদি কেতিয়াবা তোমালোকৰ কাৰোবাৰ বিচাৰধাৰা স্পষ্ট যেন নালাগে তেতিয়াও নেতিবাচক কথা ক’ব নালাগে। সদায় ইতিবাচক সঁহাৰি জনাব লাগে। সময়ক চাই ইংগিত দিব পাৰা, যদি সেই সময়তে নেতিবাচক সঁহাৰি জনাই বিদূৰ কৰা তেন্তে সংস্কাৰৰ সংঘৰ্ষ হ’ব সেয়েহে ইতিবাচক সঁহাৰি জনাই ধৰণী তৈয়াৰ কৰা, তাৰপাছত সময় চাই ইংগিত দিয়া, এয়াই সংস্কাৰ মিলনৰ বিধি।